বিবিধ চিন্তা

সংগ্ৰামী সতীৰ্থ অঞ্জু বৰকটকীৰ সোঁৱৰণত-(জুনু বৰা)

গণতান্ত্ৰিক সংগ্ৰামৰ অপূৰণীয় ক্ষতি

আমাৰ অতি শ্ৰদ্ধাৰ, ঘনিষ্ঠ সংগ্ৰামী সতীৰ্থ অঞ্জু বৰকটকীৰ বিয়োগ কেৱল অসমৰ প্ৰগতিশীল নাৰী আন্দোলনৰে নহয়, বহল গণতান্ত্ৰিক সংগ্ৰামৰো অপূৰণীয় ক্ষতি৷ অঞ্জু বৰকটকী আছিল অসমৰ নাৰী আন্দোলনৰ এটি প্ৰোজ্জ্বল প্ৰতিবাদী কণ্ঠ, এক বৰ্ণিল ব্যক্তিত্বৰ অধিকাৰী। প্ৰায় চাৰি দশকজোৰা সুদীৰ্ঘ কালছোৱাত তেওঁক ঘনিষ্ঠভাৱে পাই আহিছোঁ–নাৰী সমাজক সংগঠিত কৰিছোঁ, ৰাজ্যৰ বাহিৰে-ভিতৰে একেলগে সংগ্ৰাম কৰিছোঁ, বিভিন্ন সময়ত সন্মুখীন হোৱা প্ৰত্যাহবানবোৰ গ্ৰহণ কৰিছোঁ। তেনে এগৰাকী সুদক্ষ, অগ্ৰজ সতীৰ্থক হেৰুৱাই আমি কিমান মৰ্মাহত হৈছোঁ–তাক ভাষাৰে বৰ্ণনা কৰা সম্ভৱ নহয়।

তেওঁ কেৱল নাৰী সমাজৰ মুক্তিৰ সংগ্ৰামতে ক্ষান্ত নাছিল,  সমগ্ৰ সমাজখনৰে ৰূপান্তৰৰ স্বপ্ন দেখিছিল। তেওঁ নাৰী-মুক্তিক সামগ্ৰিকভাৱে সমাজ মুক্তিৰ অংশ হিচাপেহে চাইছিল। য’তেই নাৰীৰ মৰ্যাদা আৰু অধিকাৰ খৰ্ব হৈছে তাতেই জপিয়াই পৰিছে। যেতিয়াই নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰৰ ওপৰত আক্ৰমণ আহিছে, মানুহৰ মৌলিক অধিকাৰ খৰ্ব হৈছে, তেতিয়াই তেওঁ সৰৱ হৈ উঠিছে; সামাজিক ন্যায় প্ৰতিষ্ঠাৰ বাবে মাত মাতিছে।

অৰ্দ্ধাকাশৰ সংগ্ৰামী নেত্ৰী হৈও তেওঁৰ কৰ্মক্ষেত্ৰখন নাৰী সংগ্ৰামৰ পৰা ৰাজনৈতিক সংগ্ৰামলৈ, সাংস্কৃতিক সংগ্ৰামৰ পৰা যুক্তিবাদ-বিজ্ঞানমনস্কতালৈ, প্ৰগতিশীল সাহিত্য চৰ্চাৰ পৰা বিদ্যায়তনিক ক্ষেত্ৰখনলৈ সম্প্ৰসাৰিত আছিল। কলেজীয়া জীৱনত তেওঁ আঁকোৱালি লোৱা মাৰ্ক্সবাদী-লেনিনবাদী মতাদৰ্শ আছিল এই বৰ্ণিল যাত্ৰাৰ দিক-নিৰ্দেশক। নাৰী মুক্তি আন্দোলনৰ এগৰাকী সাহসী যোদ্ধা হোৱাৰ উপৰিও তেওঁ আছিল বুদ্ধিদীপ্ত আৰু চিন্তাশীল নেত্ৰী, যি সমাজৰ সকলো বিষয়তে তাৎক্ষণিকভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব পাৰিছিল আৰু মাথোঁ তৃণমূল স্তৰত সংগঠনক নেতৃত্ব দিয়াই নহয়, বৌদ্ধিক স্তৰত নেতৃত্ব প্ৰদানতো দক্ষতাৰ পৰিচয় দিছিল।

জিলা নাৰী সন্থা গঠন

এইগৰাকী নেত্ৰীক মই পোন প্ৰথমে লগ পাইছিলোঁ যোৰহাট জিলা নাৰী সন্থাৰ প্ৰথম সন্মিলনত, ১৯৮৫ চনত জিলা পুথিভঁৰালত, য’ত তেওঁ বিশেষ বক্তা হিচাপে অংশ গ্ৰহণ কৰিছিল। তেওঁৰ যুক্তিনিষ্ঠ কথা-বতৰাই আমাক আকৰ্ষিত কৰিছিল। সেই সন্মিলনত যোৰহাট জিলা নাৰী সন্থা গঠনৰ উপৰিও অসমভিত্তিক এক গণতান্ত্ৰিক, সংগ্ৰামী, স্বতন্ত্ৰ নাৰী সংগঠন গঢ়ি তোলাৰ লক্ষ্যত উপনীত কৰিবলৈ এখন আহবায়িকা সমিতি গঠন কৰা হয়,  য’ত অঞ্জু বৰকটকী আৰু আমিও অন্তৰ্ভুক্ত হওঁ৷ তেতিয়াৰ পৰা সুদীৰ্ঘ দিন ধৰি এখন শ্ৰেণীহীন, লিঙ্গ-বৈষম্যহীন সমাজ প্ৰতিষ্ঠাৰ লক্ষ্যৰে একেলগে কাম কৰি আহিছোঁ।

যোৰহাট সন্মিলনৰ পিছত ১৯৮৬ চনত ডিব্ৰুগড়-শিৱসাগৰ দুখন জিলাক সামৰি নাৰী সন্থা গঠন হয়, যিখন সমিতিৰ সম্পাদিকাৰ দায়িত্ব বহন কৰিছিল অঞ্জু বৰকটকীয়ে। আনহাতে, দ্বিতীয়টো কাৰ্যকালত আমি যোৰহাট জিলা নাৰী সন্থাৰ সম্পাদিকাৰ [১৯৮৮–৯৩] দায়িত্ব ল’ব লগা হয়। দুয়োখন সমিতিয়ে সমন্বিতভাৱে কাম-কাজ চলাই যাওঁ।

ৰাজ্যিক আৰু সৰ্বভাৰতীয় স্তৰত নাৰী সংগঠন

এই সময়ছোৱাতে সৰ্বভাৰতীয় স্তৰত বিপ্লৱী-গণতান্ত্ৰিক আদৰ্শৰে নাৰী সংগঠন গঢ়াৰ প্ৰক্ৰিয়া আৰম্ভ হয়। ১৯৮৬ চনৰ ৫–৭ এপ্ৰিলত কলকাতাৰ ত্যাগৰাজ হলত আই পি এফৰ উদ্যোগত অনুষ্ঠিত মহিলা অভিবৰ্তনত অসমৰ পৰা আমি ১৬ গৰাকী মহিলা-যুৱতীয়ে অংশ গ্ৰহণ কৰোঁ, য’ত অঞ্জু বৰকটকীয়ে পাঁচ বছৰীয়া কেচুৱা বুকুত বান্ধি যোগ দিছিল।

অভিবৰ্তনত আই পি এফৰ ড॰ অৰ্পণা মহন্ত, কুমুদিনী পটি, সীমা সাখাৰে আদিকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ শিক্ষাবিদ, ৰাজনৈতিক কৰ্মী, মহিলা সংগঠনৰ নেত্ৰী, সাংবাদিক আদিয়ে নাৰী আৰু হিংসা, মাৰ্ক্সবাদ আৰু নাৰীবাদকে ধৰি কেবাটাও গুৰুত্বপূৰ্ণ বিষয়ত হোৱা আলোচনাত ভাগ লৈছিল৷ অসমৰ পৰা অঞ্জু বৰকটকীয়ে ‘Gender Relation and Gender Conflict in the Society and Family in Indian Context’ বিষয়ক আলোচনা পত্ৰ পাঠ কৰি অসমৰ মহিলাৰ লিংগ বৈষম্যৰ এখন ছবি দাঙি ধৰিছিল। পৰৱৰ্তী সময়ত দিল্লীত ১৯৯৪ চনত সদৌ ভাৰত প্ৰগতিশীল নাৰী সন্থা গঠন হৈছিল, য’ত অঞ্জু বৰকটকী আৰু আমি সৰ্বভাৰতীয় সমিতিত অন্তৰ্ভুক্ত হৈ সমগ্ৰ অসমত কাম-কাজ আগুৱাই নিছিলোঁ।

স্বাধীন নাৰী সংগঠন গঢ়াৰ ক্ষেত্ৰত ৰাজনৈতিক মৰ্চা আই পি এফে উদ্যোগ লোৱাত আমাৰ কেইগৰাকীমানৰ আপত্তি আছিল বাবে আই পি এফ নেত্ৰী অৰ্পণা মহন্তই আমাক পতিয়ন নিয়াবৰ বাবে বহু চেষ্টা কৰিছিল যদিও আমি পতিয়ন যোৱা নাছিলোঁ। তেতিয়া অঞ্জু বৰকটকীয়ে আমাৰ লগত কথা পাতে আৰু বহু ৰাতিলৈকে যুক্তি-তৰ্ক চলে৷ অঞ্জু বৰকটকীৰ লগত হোৱা আলোচনাৰ ফলত বহুকেইটা প্ৰশ্নত আমি সন্মতি প্ৰকাশ কৰোঁ। সেইদিনাই আমি অঞ্জু বৰকটকীৰ আত্মবিশ্বাস, যুক্তিবাদী চিন্তা আৰু নেতৃত্বদায়ী দক্ষতাৰ উমান পাইছিলোঁ।

১৯৯০ চনত গুৱাহাটীত সদৌ অসম নাৰী সন্থা [পিছলৈ প্ৰগতিশীল] গঠন হয়। প্ৰতিষ্ঠাকালৰ সমিতিখনত সভানেত্ৰী আৰু সম্পাদিকা আছিল যথাক্ৰমে লাৱণ্য দত্ত গোস্বামী আৰু ৰাজু বৰুৱা, অঞ্জু বৰকটকী আছিল ৰাজ্যিক প্ৰচাৰ সম্পাদিকা আৰু আমি আছিলোঁঁ ৰাজ্যিক সদস্যা। ১৯৯৩ চনৰ জানুৱাৰীত ডিব্ৰুগড়ত অনুষ্ঠিত দ্বিতীয় ৰাজ্যিক সন্মিলনত আমাৰ ওপৰত সন্থাৰ সাধাৰণ সম্পাদিকা আৰু তেওঁক সহকাৰী সম্পাদিকাৰ দায়িত্ব অৰ্পণ কৰে। তাৰ পিছত তৃতীয় ৰাজ্যিক সন্মিলনত [নগাঁও, ১৯৯৫] অঞ্জু বৰকটকী সভানেত্ৰী আৰু আমি পুনৰ সাধাৰণ সম্পাদিকা নিৰ্বাচিত হওঁ। আমি দুয়ো নাৰী সন্থাৰ সভানেত্ৰী-সম্পাদিকা হৈ থকা সময়তে ১৯৯৮ চনৰ ১১ ফেব্ৰুৱাৰীত নাহৰকটীয়াৰ নাহৰণিত হোৱা এখন মহিলাৰ সভাত ডিব্ৰুগড় লোকসভাৰ প্ৰাৰ্থী, সংগ্ৰামী নেতা অনিল কুমাৰ বৰুৱাক আলফাই গুলীয়াই হত্যা কৰে আৰু কনকলতা দত্তক গুলীৰে থকা-সৰকা কৰে। অঞ্জু বৰকটকীসহ মহিলাসকলক অশ্ৰাব্য গালি-গালাজ কৰি গুৰিয়াই, লঠিয়াই, মাৰপিট কৰি বৰ্বৰতাৰ পৰিচয় দিয়ে। তাৰ পিছতো অঞ্জু বৰকটকীক আলফাই ভাবুকি প্ৰদান কৰি গৈছিল যদিও তেওঁ সাহসেৰে সেই প্ৰত্যাহ্বান গ্ৰহণ কৰিছিল।

ৰাষ্ট্ৰ সন্ত্ৰাস বিৰোধী সংগ্ৰাম

অপাৰেচন বজৰং, অপাৰেচন ৰাইনোৰ মাজেৰে অসমত নমোৱা ৰাষ্ট্ৰ সন্ত্ৰাসৰ বিৰুদ্ধে আৰম্ভণিৰে পৰা ধাৰাবাহিকভাৱে লৈ অহা দৃঢ় স্থিতিৰ বাবে সদৌ অসম নাৰীসন্থাই বিশেষ পৰিচয় অৰ্জন কৰিছিল। নাৰীৰ সম অধিকাৰ, সম মৰ্যাদা আৰু নিৰাপত্তাৰ দাবীত আৰু বাঘমৰা-ভূমকাত হোৱা ধৰ্ষণ-হত্যা; যৌতুক, যৌন নিৰ্যাতন, লিংগবৈষম্য আদি সামাজিক নিৰ্যাতন আৰু পিতৃতান্ত্ৰিক অবদমন, অন্ধ-বিশ্বাস, কুসংস্কাৰ, ডাইনী হত্যাৰ বিৰুদ্ধে ধাৰাবাহিক সংগ্ৰাম চলাইছিল৷ ১৯৯০ চনত অসমত জাপি দিয়া ৰাষ্টপতি শাসন, জঘন্য ক’লা আইন, সেনাৰ দলবদ্ধ ধৰ্ষণ-হত্যা আৰু ৰাষ্ট-নিপীড়নৰ বিৰুদ্ধে ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ নাৰী সমাজক সংগঠিত কৰি ঐক্যবদ্ধ নাৰী আন্দোলন গঢ়ি তোলা হয়। থানা ঘেৰাও, সেনা শিৱিৰ ঘেৰাও কৰি গ্ৰেপ্তাৰ কৰা নিৰীহ লোক, যুৱকক উলিয়াই আনিবলৈ সক্ষম হৈছিল৷ আলফাই লক্ষ্মীপথাৰত নিৰীহ ব্যক্তিক গণ-কবৰ দিয়া বৰ্বৰ ঘটনাৰ অনুসন্ধান কৰিবলৈ যোৱা দলটিত আই পি এফ, কাৰ্বি আংলঙৰ এ এচ ডি চি, কাৰ্বি কালচাৰেল ছচাইটিৰ নেতৃবৃন্দৰ সৈতে অঞ্জু বৰকটকীও গৈছিল। প্ৰচাৰ সম্পাদিকাৰ দায়িত্বত থাকি অঞ্জু বৰকটকীয়ে সক্ৰিয় আৰু অগ্ৰণী ভূমিকা পালন কৰে৷ ৰাজু বৰুৱা, ভনীমাই দত্তক সেনা বাহিনীয়ে ধৰ্ষণ কৰি হত্যা কৰা ঘটনা অনুসন্ধানৰ বাবে ১৯৯২ চনত সৰ্বভাৰতীয় নেত্ৰী কুমুদিনী পটি, মীনা পালক লৈ¸ অঞ্জু বৰকটকী আৰু আমি একেলগে গোগামুখ, নাওবৈচা, ঢকুৱাখনা, বিশ্বনাথ চাৰিআলি আদিলৈ গৈছিলোঁ। আলফা দমনৰ নামত অসমৰ নিৰীহ ৰাইজৰ ওপৰত জাপি দিয়া অপাৰেচন বজৰং আৰু অপাৰেচন ৰাইন’ৰ বিৰুদ্ধে তিনিচুকীয়া, ডিব্ৰুগড়, মৰাণ, যোৰহাট, তিতাবৰ, নগাঁও, হাতীচোং, বিহালী, জিঞ্জিয়া, গোলাঘাট, বোকাখাত, ডিফু, হাওৰাঘাট, বোকাজান, ডবকা, ডেনগাঁও, ওদালগুৰি, বৰপেটা, ভৱানীপুৰ, পাঠশালা আদি ঠাইলৈ গৈ মহিলাসকলৰ সহযোগত প্ৰতিবাদ সভা, ধৰ্ণা, সমাবেশ, বিক্ষোভ, সমদল, গ্ৰেপ্তাৰবৰণ আদিৰে আন্দোলন তীব্ৰ কৰি তোলা হৈছিল।সন্থাই নাৰী ইছ্যুসমূহৰ লগতে জনবিৰোধী অৰ্থনৈতিক নীতি আৰু শিল্প নীতিৰ বিৰুদ্ধে জনোৱা প্ৰতিবাদৰ লগতে শ্ৰমিক-কৃষকৰ সমস্যা, বানপানী-গৰাখহনীয়া, ভূমিসমস্যা সমাধানৰ দাবী তুলিছে। গ্ৰামীণ দৰিদ্ৰ, চাহ বাগিচাৰ মহিলাৰ লগতে কৰ্মচাৰী, মধ্যবিত্ত মহিলাসকলো সন্থাৰ প্ৰতি আকৃষ্ট হৈছিল। ১৯৯১ চনৰ ২৫ ফেব্ৰুৱাৰীত গুৱাহাটীৰ জৰ্জ খেলপথাৰত আই পি এফৰ উদ্যোগত আহুত হাজাৰ হাজাৰ লোকৰ ৰাষ্ট-সন্ত্ৰাস বিৰোধী জঙ্গী সমাবেশত বৰ্বৰ পুলিচী অত্যাচাৰত অনিল কুমাৰ বৰুৱাকে ধৰি বহু সংখ্যক নেতা-কৰ্মী আহত হোৱা ঘটনাৰ সময়ত সাহস আৰু দৃঢ়তাৰে পৰিস্থিতি চম্ভলাৰ ক্ষেত্ৰত অঞ্জু বৰকটকীয়ে লোৱা ভূমিকা আজিও আমাৰ স্মৃতিত সজীৱ হৈ আছে।

নিৰ্যাতন বিৰোধী যৌথ নাৰী সংগ্ৰাম সমিতি

১৯৯৩ চনৰ ২৭ এপ্ৰিলত বড়ো অ’মেন জাষ্টিচ ফ’ৰামৰ সভানেত্ৰী অঞ্জলি দৈমাৰীকে ধৰি গুৱাহাটীৰ পৰা চাৰিজনক পুলিচে অপহৰণ কৰাৰ পিছতেই সদৌ অসম নাৰী সন্থা, মিছিং, কাৰ্বি, ডিমাচা, তিৱা, দেউৰী মহিলা সংগঠনে ১০ মে’ৰ দিনা ৰাজভৱন আৰু দিছপুৰৰ জনতা ভৱনৰ সন্মুখত শ শ মহিলাই ৰাষ্ট-সন্ত্ৰাস, ধৰ্ষণ-হত্যাৰ বিৰুদ্ধে, অঞ্জলি দৈমাৰীৰ মুক্তিৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল। ৮ আগষ্ট, ১৯৯৩-ত গুৱাহাটীত ‘ৰাষ্ট সন্ত্ৰাস বিৰোধী ৰাজ্যিক মহিলা অভিবৰ্তন’ অনুষ্ঠিত হয় চেনিকুঠি নিম্ন বুনিয়াদী বিদ্যালয়ত, য’ত জনগোষ্ঠীয় মহিলা সংগঠনৰ বাদেও অন্যান্য গণতান্ত্ৰিক আৰু বিপ্লৱী সংগঠনে ভাগ লৈছিল। তাতেই নিৰ্যাতনবিৰোধী যৌথ নাৰী সংগ্ৰাম সমিতি গঠন হয় আৰু প্ৰতিষ্ঠাকালত আমি মুখ্য আহ্বায়িকাৰ দায়িত্ব ল’বলগা হৈছিল যদিও পৰৱৰ্তী সময়ত অঞ্জু বৰকটকীয়ে সেই দায়িত্ব গ্ৰহণ কৰি যৌথ সংগ্ৰাম আগুৱাই নিয়ে।

নিযাৰ্তন বিৰোধী যৌথ নাৰী সংগ্ৰাম সমিতিৰ নেতৃত্বত ক্ৰমান্বয়ে সবল আৰু জঙ্গী হৈ উঠা এই আন্দোলনে ডিব্ৰুগড় আৰু ওদালগুৰিত পুলিচৰ বেৰিকেড ভাঙিবলৈ চেষ্টা কৰাৰ অপৰাধত পুলিচে আমাক গ্ৰেপ্তাৰ কৰিছিল, যি দৃশ্য আজিও মানসপটত ভাহি উঠে। পৰৱৰ্তী সময়ত ডিফু, ডকমকা, ৰহাত অনুষ্ঠিত মহিলা সমাবেশত সেনা-পুলিচে দমন নমায়৷ ১৯৯৩ চনৰ ১৪ মাৰ্চ আৰু ১৯৯৪ চনৰ ৬ অক্টোবৰত নাৰীৰ সুৰক্ষা আৰু নিৰাপত্তাৰ দাবীত ক্ৰমে বৰপেটাৰ এম চি কলেজ ফিল্ড আৰু গুৱাহাটীৰ চানমাৰী ফিল্ডত জনগোষ্ঠীয় আৰু অন্যান্য মহিলাসকলক লৈ দুখন বিশাল নাৰী সমাবেশ সফলভাৱে অনুষ্ঠিত হোৱাৰ মূলতে আছিল অঞ্জু বৰকটকীৰ গতিশীল আৰু পৰিপক্ব নেতৃত্ব। ১৯৯৬ চনত বাম কলাখোৱাত সেনাৰ দলবদ্ধ ধৰ্ষণৰ প্ৰতিবাদত নাৰী সন্থাৰ সভানেত্ৰী অঞ্জু বৰকটকীৰ নেতৃত্বত শ শ নাৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি গাড়ী-মটৰ বন্ধ কৰি দিয়াৰ দৰে কাৰ্যসূচী নাৰী আন্দোলনৰ ইতিহাসত এক উল্লেখযোগ্য ঘটনা।

জোনাকী বাটৰ ভূমিকা

সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ দ্বাৰা প্ৰকাশিত জোনাকী বাটৰ (আইদেউৰ জোনাকী বাট) লগত প্ৰায় জন্মলগ্নৰ পৰা জড়িত হৈ অঞ্জু বৰকটকীয়ে কেবাটিও সংখ্যা সম্পাদনা কৰিছে। ১৯৮৬ চনৰে পৰা আমি জোনাকী বাটৰ লগত জড়িত হৈ ক্ৰমে সম্পাদনা সমিতিৰ সদস্যা আৰু ২০০২ চনৰ পৰা সম্পাদিকা হিচাপে দায়িত্বত থাকোঁ আৰু অঞ্জু বৰকটকীক সম্পাদনা সহযোগী হিচাপে পাইছোঁ। অঞ্জু বৰকটকীয়ে পৰামৰ্শ, মতামত আৰু মূল্যবান লিখনিৰে জোনাকী বাটক সমৃদ্ধ কৰিছে আৰু তেওঁ সৰ্বসাধাৰণ মহিলা তথা বৌদ্ধিক স্তৰত আলোচনীখন জনপ্ৰিয় কৰি তোলাত সদায় সচেষ্ট আছিল, যাৰ বাবে জোনাকী বাটে বহল নাৰী আন্দোলনৰ মুখপত্ৰ হিচাপে পৰিচয় লাভ কৰে। আজিও মনত পৰে ১৯৮৯ চনৰ ২৫ ফেব্ৰুৱাৰীত ‘আইদেউ জোনাকী বাট’ আলোচনীৰ অৰ্থ সাহায্যৰ বাবে যোৰহাট জিলা নাৰী সন্থাৰ উদ্যোগত জিলা পুথিভঁৰালত অনুষ্ঠিত হোৱা সাংস্কৃতিক সন্ধিয়াত অংশ গ্ৰহণ কৰিবলৈ এবছৰীয়া কেচুৱা বুকুত বান্ধি তেওঁ মৰাণৰ পৰা যোৰহাট পাইছিলহি। জোনাকী বাটৰ দ্বাৰা পৰিৱেশিত গীত-মাত, আলেখ্য, কোৰাচ আদিত ৰাতি ১২ বজালৈকে অংশ গ্ৰহণ কৰি কৰ্মীসকলক উৎসাহিত কৰাৰ কথা কোনো দিনে নাপাহৰোঁ।

বন্যহস্তিৰ পথ অৱৰোধ আদি

অঞ্জু বাইদেউৰ লগত সংগঠনৰ কামত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰোঁতে আমাৰ বহু দুঃসাহসিক, বিচিত্ৰ আৰু ৰোমাঞ্চকৰ অভিজ্ঞতা হৈছিল৷ এবাৰ ডিফুলৈ যাওঁতে নামবৰ হাবিৰ মাজত বন্য হস্তীয়ে আমাক বাট আগচি ধৰাৰ পিছত কেনেকৈ কল-নাৰিকল, ফল-মূল দি চালকজনে হাতীক সন্তুষ্ট কৰিছিল, সেই কথা মনত পৰিলে আজিও গাৰ নোম শিয়ৰি উঠে৷ নহ’লে হাতীৰ গচকত আমাৰ চিন-মোকাম নাথাকিলহেঁতেন।

দূৰগামী ৰাতিৰ বাছত আমি সাংগঠনিক কামত সঘন অহা-যোৱা কৰিবলগা হৈছিল। বাছ আমাৰ বাবে নিৰাপদ নাছিল৷ যাত্ৰাপথত প্ৰায়েই একাংশ পুৰুষ যাত্ৰীৰ অশালীন আচৰণৰ বলি হ’বলগা হৈছিল আৰু কেতিয়াবা বিৰক্ত হৈ তেনে যাত্ৰীক ৰাস্তাতে নমাই থৈ আহিবলৈ বাছৰ পৰিচালকক বাধ্য কৰিছিলোঁ। মহিলা যাত্ৰীয়ে সন্মুখীন হোৱা এনেবোৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আমি তেতিয়াই দূৰগামী চৰকাৰী-বেচৰকাৰী সকলো বাছতে মহিলাৰ বাবে এজনীয়া আসনৰ ব্যৱস্থা কৰিবলৈ পৰিবহন কৰ্তৃপক্ষৰ ওচৰত আৰু মহিলা ৰে’ল যাত্ৰীৰ বাবে সুকীয়া, সুৰক্ষিত ব্যৱস্থা কৰা, সুকীয়া টিকেট কাউণ্টাৰৰ দাবী জনাইছিলোঁ।

আন এটা কথা, এবাৰ কাৰ্বি নিমছৌ চিনথৰ আছং [কে এন চি এ]-ৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী শেষ কৰি ৰাতিয়েই ডিফুৰ পৰা যোৰহাটলৈ উভতিছোঁ। অঞ্জু বাইদেৱে কণমানি ল’ৰা-ছোৱালী দুটা মাক নে¸ ভনীয়েকৰ হাতত এৰি থৈ আহিছে৷ মিটিং কৰি লগে লগে উভতি যাব লাগিব৷ সেয়ে ৰাতি প্ৰায় ১০ বজাত ডিফুৰ পৰা যোৰহাট অভিমুখে যাত্ৰা কৰিলোঁ৷ বাটত নীলবাগান আৰু নামবৰ হাবি। নীলবাগান দুধৰ্ষ চোৰ-ডকাইতৰ ঠাই আৰু নামবৰ বনৰীয়া জন্তুৰ বাবে ভয়াৱহ৷ ইফালে তহলদাৰী সেনাৰ পৰা বিপদ৷ আনফালে আলফাই কেতিয়া কি কৰে ঠিক নাই৷ মনে মনে আমি হাতত ছুৰিকেইখন খামুচি ধৰি আছোঁ৷ শ্বাসৰুদ্ধ অৱস্থা। বিপদসংকুল ঠাইখিনি পাৰ হোৱাৰ পিছতহে আমাৰ মুখৰ মাত ওলাল৷ যেনেতেনে ৰাতি ৩ বজাত মোৰ থকা ঠাই বৰভেটা পালোঁগৈ৷ ক্ষন্তেক জিৰণি লৈ পুৱা সাত মান বজাত যোৰহাট বাছ আস্থানত অঞ্জু বাইদেউক ডিব্ৰুগড়ৰ বাছত উঠাই দিলোঁ। তাৰ পিছতহে জানিব পাৰিলোঁ সেই ৰাতি বৰভেটা পুলিচ চাউনিৰ পৰা আলফাই অস্ত্ৰ লুট কৰিলে আৰু এজন কনিষ্টবলকো অপহৰণ কৰিলে আৰু গুলীয়াগুলীও হৈছিল। এয়া কেইটামান উদাহৰণহে।

মহিলা আয়োগৰ সদস্যা হিচাপে

নাৰী সন্থাই ১৯৯৪-৯৫ চনত ‘ক্ৰমবৰ্দ্ধিত নাৰী ধৰ্ষণ আৰু মহিলা আয়োগৰ ভূমিকা’ বিষয়ত আলোচনা চক্ৰ, ধৰ্ণা, সমাজকল্যাণ মন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদানৰ জৰিয়তে সমগ্ৰ ৰাজ্যখনতে ধাৰাবাহিক আন্দোলন আৰু প্ৰচাৰ অভিযান চলাইছিল আৰু গণতান্ত্ৰিকভাৱে আয়োগৰ পুনৰ গঠনৰ দাবী জনাইছিল৷ এই দাবীৰ প্ৰতি সঁহাৰি জনাই ১৯৯৬-ত নাৰী সন্থাৰ পৰা অঞ্জু বৰকটকীক আয়োগৰ সদস্যা হিচাপে অন্তৰ্ভুক্ত কৰে৷ আয়োগৰ মঞ্চত থাকি অঞ্জু বৰকটকীয়ে আয়োগক স্বতন্ত্ৰ আৰু শক্তিশালী প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলাৰ দাবী জনাইছিল। শেষত আয়োগৰ কাম-কাজত মত-পাৰ্থক্য বাঢ়ি যোৱাত আয়োগৰ পৰা তেওঁক আঁতৰাই দিয়া হ’ল।

নাৰী সন্থাৰ মাণ্ডলিক সম্পাদিকা হিচাপে

সদৌ ভাৰত প্ৰগতিশীল নাৰী সন্থাৰ মাণ্ডলিক সম্পাদিকা হিচাপে অঞ্জু বৰকটকীয়ে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ মহিলাসকলক লৈ বহলভিত্তিক নাৰী আন্দোলন গঢ়ি তোলাৰ স্বপ্ন দেখিছিল। উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতি প্ৰধান আৰু মেঘালয়ৰ দৰে ৰাজ্য মাতৃবংশীয় হ’লেও নীতি নিৰ্দ্ধাৰণ আৰু সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত মহিলাৰ স্থান অতি দুৰ্বল। এই বিষয়ে আমি দুয়ো ২০০৭ চনত শ্বিলঙৰ উত্তৰ পূব পাৰ্বত্য বিশ্ববিদ্যালয়[নেহু]ত অনুষ্ঠিত আলোচনা চক্ৰত নাৰী সন্থাৰ তৰফৰ পৰা অংশ গ্ৰহণ কৰিছিলোঁ। আমাৰ বিষয় আছিল ‘Women and Decision Making in North East India’। আমাৰ পত্ৰখনত খাচী-গাৰোসকল মাতৃবংশীয় হোৱা সত্ত্বেও দৰবাৰ, বিধানসভা আদিতো সেই ৰাজ্যৰ মহিলাৰ অংশ গ্ৰহণ কিয় পুতৌলগা সেই প্ৰশ্ন উত্থাপন কৰিছিলোঁ৷ তাত দাঙি ধৰা হৈছিল যে জনগোষ্ঠীয় মহিলাসকল স্বাধীন হোৱা সত্ত্বেও নাৰী নিৰ্যাতন, যৌন নিপীড়ন, ডাইনী হত্যা, অন্ধবিশ্বাস, কুসংস্কাৰ আদিৰ পৰা মুক্ত নহয়৷ তদুপৰি অঞ্জু বৰকটকীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়, কেবাখনো মহাবিদ্যালয় আৰু স্বেচ্ছাসেৱী সংগঠনে আয়োজন কৰা নাৰী বিষয়ক আলোচনা চক্ৰ, কৰ্মশালা আদিত অংশ গ্ৰহণ কৰি লিংগ বৈষম্য, ঘৰুৱা হিংসা, কৰ্মস্থানত যৌন নিৰ্যাতন, নাৰী সম্পৰ্কীয় আইনৰ দুৰ্বলতা, অৰ্থনৈতিক স্বাধীনতা, নীতি নিৰ্দ্ধাৰণ আৰু সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত নাৰীৰ অংশ গ্ৰহণ আদি বিষয়বোৰ স-জোৰে তুলি ধৰিছিল।

অঞ্জু বৰকটকীৰ নেতৃত্বদায়ী ভূমিকা

অসমত নাৰী সন্থাক সংগ্ৰামী সংগঠন হিচাপে প্ৰতিষ্ঠা কৰাত অঞ্জু বৰকটকীৰ ভূমিকা কম নহয়৷  যি দায়িত্বতে নাথাকক কিয় তেওঁ সমূহীয়া নেতৃত্ব আৰু কামৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল; সংগঠনৰ ভিতৰত সদায়েই গণতান্ত্ৰিক চিন্তাধাৰাক উৰ্দ্ধত তুলি ধৰিছিল৷ এক নেতৃত্বদায়ী সুদৃঢ় নাৰী কৰ্মী বাহিনী গঢ়ি তোলাৰ চেষ্টা চলাইছিল৷ নিৰ্যাতন বিৰোধী যৌথ নাৰী সংগ্ৰাম সমিতিৰ মুখ্য আহ্বায়িকাৰ দায়িত্বত থাকি তেওঁ জনজাতীয়, অজনজাতীয় সকলো মহিলা সংগঠনক গণতান্ত্ৰিকভাৱে ঐক্যবদ্ধ কৰি বহল নাৰী আন্দোলনৰ পৰিকল্পনা কৰিছিল আৰু সঠিকভাৱে নেতৃত্ব দিয়াৰ চেষ্টা চলাইছিল৷ ডিমাচা, সোণোৱাল কছাৰী মহিলা সংগঠনৰ লগতো যৌথ কাৰ্যসূচী লৈছিল৷ মুঠতে তেওঁ নাৰী সন্থাৰেই নহয়, সমগ্ৰ সমাজৰ নেত্ৰী হৈ উঠিছিল৷ অঞ্জু বৰকটকীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়, কেবাখনো মহাবিদ্যালয়, বেংক প্ৰতিষ্ঠান আদিৰ যৌন নিযাৰ্তন প্ৰতিৰোধ সমিতিৰ সদস্যা আৰু জিলা মহিলা কোষৰ সদস্যা হিচাপে নিৰ্যাতিতাৰ পক্ষত বলিষ্ঠ ভূমিকা লৈছিল৷

এগৰাকী দূৰদৰ্শী নেত্ৰী

সৰ্বভাৰতীয় মঞ্চতো তেওঁ অসমৰ নাৰী সমাজৰ দাবী আৰু সমস্যাসমূহ স-জোৰে তুলি ধৰিছিল৷ সৰ্বভাৰতীয় সভা, সন্মিলন, শিৱিৰ, কৰ্মশালাৰ বিষয়বস্তু তেওঁ সহজ ভাষাত অসমৰ কৰ্মীসকলক বুজাই দিছিল যাৰ বাবে আমাৰ চাহ বাগিচা, গাঁও অঞ্চলৰ পৰা যোৱা মহিলাসকলে সেই মঞ্চসমূহত নিজৰ মতামত প্ৰকাশ কৰিবলৈ সাহস আৰু প্ৰেৰণা পাইছিল৷

তেওঁ চিপিআই[এম-এল]ৰ আদৰ্শ গ্ৰহণ কৰি দলৰ ৰাজ্যিক সমিতিৰ সদস্যা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ এই সংবেদনশীল নেত্ৰী গৰাকীয়ে নাৰীৰ ৰাজনৈতিক সচেতনতাৰ ওপৰত জোৰ দিছিল৷ সংগঠনৰ ভিতৰতো কৰ্মীসকলক ৰাজনৈতিক শিক্ষাৰে শিক্ষিত কৰাৰ ওপৰত গুৰুত্ব দিছিল৷ ইয়াৰ বাবে দেশৰ নীতি নিদ্ধাৰ্ৰণ আৰু সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত নাৰীৰ অংশ গ্ৰহণ নিশ্চিত কৰাৰ অৰ্থে সংসদ আৰু বিধানসভাত ৩৩ শতাংশ আসন সংৰক্ষণৰ দাবীত প্ৰগতিশীল নাৰী সন্থাই দীঘলীয়া ঐক্যবদ্ধ আন্দোলন চলাই গৈছিল৷

আদৰ্শগত অৱস্থানত দৃঢ় যদিও তেওঁ মতান্ধ নহয়৷ মতানৈক্য থাকিলেও গণতান্ত্ৰিক সিদ্ধান্ত গ্ৰহণেৰে সংগঠন পৰিচালনা কৰিছিল৷ তেওঁ আদৰ্শৰ পৰিপন্থী কথাৰ ঘোৰ প্ৰতিবাদ কৰে; অতি আপোনজনৰ লগতো মতপাৰ্থক্য থাকিলে বিৰোধিতা কৰিবলৈ কোনো দ্বিধাবোধ নকৰে৷ পিছে মতানৈক্য থাকিলেও তেওঁৰ লগত ব্যক্তিগত সম্পৰ্কসমূহ বৈৰীমূলক হৈ পৰা দেখা নাযায়৷ সংগঠনৰ সহকৰ্মী-নেত্ৰীসকলৰ ব্যক্তিগত সমস্যা, অসুবিধাৰ প্ৰতি সদায় সজাগ আছিল আৰু সমস্যাসমূহ সমাধানত আগভাগ লৈছিল৷ এই সকলোবোৰ গুণে তেওঁক সংগঠনৰ অভিভাৱকত পৰিণত কৰিছিল আৰু নিজেই এক অনুষ্ঠানত পৰিণত হৈছিল৷ সংগঠনৰ ভিতৰত মুক্ত মনে কাম কৰা, কথা কোৱাৰ পৰিৱেশ বৰ্তাই ৰাখিব পাৰিছিল আৰু সকলোকে উৎসাহিত কৰি আহিছিল৷ নেত্ৰী-কৰ্মীসকলৰ লগত তেওঁৰ যোগাযোগ আছিল ঘনিষ্ঠ আৰু জীৱন্ত৷

নাৰী আন্দোলনক বৌদ্ধিকভাৱে নেতৃত্ব দিয়াৰ জোখাৰে তেওঁ নিজকে প্ৰস্তুত কৰিব পাৰিছিল৷ তেওঁৰ লগত কথা পাতিলে, তেওঁৰ বক্তৃতা শুনিলে তাৰ মাজত চিন্তা-উদ্ৰেককাৰী অনন্য উপাদান বা নতুন ভাৱৰ উমান পোৱা যায়৷ এই ভাৱধাৰাই সংগঠনৰ বিকাশ আৰু প্ৰচাৰত সন্থাৰ কৰ্মী-সাধাৰণক উপকৃত কৰাই নহয়, সৰ্বসাধাৰণ মানুহকো উৎসাহিত কৰি আহিছে৷ এগৰাকী সুবক্তা হিচাপে তেওঁৰ চিন্তা-উদ্ৰেককাৰী ভাষণে শ্ৰোতা ৰাইজক সদায়েই আপ্লুত কৰি অহা দেখিছিলোঁ৷ জীৱিকাত শিক্ষয়িত্ৰী অঞ্জু বৰকটকী কেৱল শ্ৰেণীকোঠাৰ শিক্ষয়িত্ৰী নাছিল, তেওঁ বহল সমাজখনৰ শিক্ষয়িত্ৰী হৈ পৰিছিল৷ তেওঁ মুকলি মনেৰে লুক-ঢাক নোহোৱাকৈ সকলো কথা ক’ব পাৰিছিল আৰু মুকলি বাতাবৰণ গঢ়ি তোলাৰ বাবে আনকো উৎসাহিত কৰিছিল৷

সুস্থ-সংস্কৃতি, যুক্তিবাদ আৰু বিজ্ঞানমনস্কতাৰ সপক্ষে

সদৌ অসম জনসাংস্কৃতিক পৰিষদৰ সৈতে জন্মলগ্নত জড়িত হৈ থকা অঞ্জু বৰকটকী ২০০০ চনৰ পৰা ডিব্ৰুগড় জনসাংস্কৃতিক সমাজ গঠনৰ যোগেদি পুনৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ পৰে৷ সংগীত আছিল তেওঁৰ জীৱনৰ অবিচ্ছেদ্য অংগ৷ নাৰী সংগঠনৰ লেঠাৰি নিছিগা কামৰ মাজতো তেওঁ মিটিঙৰ শেষত বা দূৰগামী ৰেলেৰে সংগ্ৰামী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ যাওঁতে প্ৰায়েই কৰ্মীসকলৰ সৈতে গীত-মাত গাই গৈছিল৷ তেওঁ অপসংস্কৃতিৰ বিৰুদ্ধে জ্যোতি-বিষ্ণুৰ আদৰ্শেৰে লোক সংগীত আৰু গণমুখী সংস্কৃতিৰ চৰ্চা কৰিছিল৷ জ্যোতি, বিষ্ণু, হেমাংগ বিশ্বাস, ভূপেন হাজৰিকা, পাৰ্বতীপ্ৰসাদ, তফজ্জুল আলিকে ধৰি সংগীত জগতৰ পুৰোধাসকলৰ গীত-মাতৰ কৰ্মশালা পাতি ছাত্ৰ-ছাত্ৰীসকলক তাৰ স্বাদ দিছিল৷ আমিও সেই কৰ্মশালাৰ অতিথি হোৱাৰ সুযোগ পাইছিলোঁ৷ নাৰীক পণ্য সজোৱা গীত-মাতৰ বিৰোধিতা কৰিবলৈ তেওঁ ভয় কৰা নাছিল৷ নাৰীসকলৰ সহযোগত তেনে গীতৰ কেছেট ৰাজহুৱাভাৱে দাহ কৰিছিল৷

তেওঁ সুস্থ সংস্কৃতি আৰু যুক্তিবাদী চিন্তাৰ পক্ষত আৰু ডাইনী হত্যা, বেজ-বেজালি, অন্ধবিশ্বাস, কুসংস্কাৰ, ধৰ্মীয় সাম্প্ৰদায়িকতা, জাত-পাত, বিভাজনবাদৰ বিৰুদ্ধে সোচ্ছাৰ আছিল৷ মিছন বীৰুবালা আৰু আলোক অভিযানৰ সক্ৰিয় অংশীদাৰ হৈ ৰাইজক সজাগ কৰি যুক্তিবাদী আন্দোলনক সবল কৰাৰ চেষ্টা চলাই গৈছিল৷ তেওঁ মৰণোত্তৰ দেহদান কৰি চিকিৎসা বিজ্ঞানলৈ বৰঙনি আগবঢ়াই গৈছে৷

ইমান ব্যস্ততাৰ মাজতো ঘড়ীৰ কাটাৰ দৰে দুৰন্ত গতিশীল অঞ্জু বৰকটকীয়ে বঞ্চিত-নিৰ্যাতিত নাৰীসমাজ আৰু নিষ্পেষিত মানুহৰ বাবে হাতত কলম তুলি লৈছিল৷ উদ্ভাসিত অৰ্দ্ধাকাশ আৰু উৎস মানুহ নামৰ দুখনকৈ নাৰী আৰু সমাজ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ নিবন্ধ সংকলন, প্ৰয়াত লেখিকা ৰত্না দত্তৰ সৈতে যুটীয়াভাৱে ডাইনীৰ বিষয়ে এখন পুস্তিকা, গীত-কবিতা, আলেখ্য, ৰেডিঅ’ৰ বাবে কথিকা, সাক্ষাৎকাৰ আদিৰে তেওঁ সৃষ্টিশীল কৰ্মৰাজিৰ স্বাক্ষৰ ৰাখি গৈছে৷

তেওঁ মগজুৰ জটিল ৰোগত আক্ৰান্ত হোৱাৰ পিছত মনোবল আৰু ধৈৰ্য অটুট ৰাখি সাহসেৰে ৰোগৰ বিৰুদ্ধে যুঁজ দিছিল৷ চিকিৎসকে মাথোঁ কেইমাহমান জীয়াই থাকিব বুলি কৈছিল যদিও ৰোগ ধৰা পৰাৰ পিছত প্ৰায় পাঁচটা বছৰ টিকি থাকিল৷ ২০১৭ চনত জটিল ৰোগৰ খবৰটো পোৱাৰ সময়তে আমি দুখত ভাগি পৰিছিলোঁ৷ চিকিৎসাৰ বাবে কেবাবাৰো গুৱাহাটীলৈ আহিবলগা হৈছিল, আমি যিমানখিনি পাৰোঁ সাহচৰ্য দিবলৈ চেষ্টা কৰিছিলোঁ৷ বিভিন্ন সময়ত ৰোগৰ বিষয়ে আমাৰ লগত কথা পতাৰ সলনি সামাজিক জীৱনৰ কথাই বেছিকৈ পাতিছিল৷ ২০১৯ চনত চিকিৎসাৰ বাবে গুৱাহাটীলৈ আহি আন্তৰ্জাতিক নাৰী দিৱসৰ কাৰ্যসূচীত মোৰ সৈতে তেৱোঁ অংশগ্ৰহণ কৰিছিল আৰু উৎসাহিত হৈছিল৷ তেনে এগৰাকী সংবেদনশীল, দুৰন্ত সংগ্ৰামী নাৰীৰ নিকট সান্নিধ্যই আমাক সকলো দিশতে উপকৃত কৰিছিল৷ ন-সমাজৰ সপোন ৰচা অঞ্জু বৰকটকীয়ে এক পৰিশীলিত ৰুচিশীল, বৈচিত্ৰ্যপূৰ্ণ জীৱনৰ পোষকতা কৰিছিল৷

একেই মতাদৰ্শৰ জীৱনসংগী লক্ষ্যধৰ কলিতাই কাষত থাকি অঞ্জু বাইদেউৰ সুখ-দুখৰ সমভাগী হৈছিল, যি নিঃসন্দেহে তেওঁৰ সংগ্ৰামী যাত্ৰাপথত অধিক সাহস আৰু প্ৰেৰণা যোগাইছিল৷ এইগৰাকী অপৰাজিতা, জীৱন সংগ্ৰামীৰ প্ৰতি জ্ঞাপন কৰিছোঁ গভীৰ শ্ৰদ্ধাঞ্জলি৷

Leave a Reply

Your email address will not be published. Required fields are marked *