অনু জেবিচ’ৰ সৈতে সাক্ষাৎকাৰ – (মমিন বৰা)
“অনু জেবিচ’ (Anu Jebisow) অৰুণাচলৰ ‘Hrusso aka’ সম্প্ৰদায়ৰ ভাষা-কৃষ্টি সংৰক্ষণৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখা এগৰাকী সক্ৰিয় কৰ্মী। ‘Hrusso aka’ অৰুণাচলৰ এক সংখ্যালঘু সম্প্ৰদায়, যি ভাষা কোৱা লোকৰ সংখ্যা বৰ্তমান প্ৰায় ৪০০০ মাত্ৰ। ‘Hrusso aka’ ভাষাক পৃথিৱীৰ লুপ্তপ্ৰায় ভাষা সমূহৰ মাজত এক বুলি গণ্য কৰা হৈছে। অনু জেবিচ’ আৰু তেখেতৰ দলে এই লুপ্তপ্ৰায় ভাষা আৰু সংস্কৃতিক ৰক্ষা কৰিবলৈ আপ্ৰাণ চেষ্টা চলাই আছে। তেখেতে ‘Hrusso aka’ ভাষাক জীয়াই ৰখাৰ বাবে যৎপৰোনাষ্টি চেষ্টা কৰাৰ লগতে নিজৰ ভাষা সংস্কৃতিৰ আলোচনা, প্ৰদৰ্শন তথা সংৰক্ষণৰ বাবে বিভিন্ন মাধ্যমৰ মাজেৰে মাত মাতি আহিছে। আমি ‘মুক্ত চিন্তা’ৰ ‘অতিথি সম্পাদকৰ শিতান’ৰ তৰফৰ পৰা তেখেতৰ কৰ্মৰাজিৰ বিষয়ে জানিবলৈ যোগাযোগ কৰিছিলোঁ আৰু এই সংখ্যাৰ বিষয় “বিষয়ঃ লোকসংগীত”ৰ ওপৰত ভিত্তি কৰি এক অনানুষ্ঠানিক কথোপকথন বাবে আগ্ৰহ প্ৰকাশ কৰিছিলোঁ। তেখেতে আমাৰ এই আগ্ৰহলৈ সাদৰেৰে সঁহাৰি জনাইছিল আৰু তাৰেই ফলশ্ৰুতিত আমাৰ মাজত হোৱা এক অনানুষ্ঠানিক বাৰ্তালাপ পাঠক সকললৈ আগবঢ়ালোঁ।”- অতিথি সম্পাদক, মুক্ত চিন্তা, ষষ্ঠ বছৰ, দ্বিতীয় সংখ্যা।
মু: চিঃ – লোক সংস্কৃতি আৰু ইয়াৰ সামাজিক আৱশ্যকতাৰ সম্পৰ্কে আপোনাৰ মতামত-
অ জেঃ মোৰ মতে লোক সংস্কৃতি হৈছে আমাৰ পৰিচয়। আমি আমাৰ পূৰ্বপুৰুষৰ পৰাই এই পৰিচয় পাই আহিছোঁ আৰু এই পৰিচয়ৰেই আমাক সকলোৱে চিনি পায়। পৃথিৱীত বহুধৰণৰ লোক আছে আৰু তেওঁলোকে নিজা ৰীতি-নীতিবোৰ পালন কৰি আহিছে। মানুহ যিমানেই আধুনিক নহওক কিয় তেওঁলোকৰ পৰিচয় এই ৰীতি-নীতিবোৰৰ মাজতে বিচাৰি পোৱা যায়। সেই বাবে মোৰ মতে লোক সংস্কৃতি হৈছে আমাৰ পৰিচয়। এই ৰীতি-নীতিবোৰ সালসলনি নকৰাকৈ পূৰ্ব পুৰুষসকলৰ সন্মানাৰ্থে অবিকল পালন কৰি যোৱাটো জৰুৰী বুলি মই ভাবোঁ।
মু চিঃ এই যাত্ৰাত আপোনাৰ প্ৰেৰণাৰ উৎস?
অ জেঃ এই যাত্ৰা আৰম্ভ কৰাৰ আগতে লোকসংস্কৃতিৰ মূল্য মই বুজি পোৱা নাছিলো। যেতিয়াৰ পৰা নিজৰ ভাষাটো শিকিছো আৰু লিখিছোঁ এনে লাগিছে যেন মই নিজকে ইয়াৰ মাজত বিচাৰি পাইছো। জন্মৰ পৰা এতিয়ালৈ জীৱনৰ সৈতে মোৰ যি দৌৰ তাৰ মাজত মই মোক বিচাৰি পোৱা নাছিলো। এই কামৰ দ্বাৰা মই অতীত এৰি থৈ অহা মোৰ নিজৰ পৰিচয়ৰ সৈতে সাক্ষাৎ হওঁ আৰু লাহে লাহে সেই পৰিচয়টো ভাল পোৱা হ’লো। এয়াই মোৰ এই যাত্ৰাৰ প্ৰেৰণা। বাহিৰৰ পৃথিৱীখনৰ সৈতে সংযোগ স্থাপন কৰোঁতে আমি নিজৰ ভাষাটোৰ সৈতে পৰিচয় হেৰুৱাই পেলাইছিলো। কোনো কোনো ঠাইত এই ভাষাটো ক’বলৈও লাজ অনুভৱ কৰিছিলো। এতিয়া আকৌ মাতৃভাষাৰ সৈতে পৰিচয় হোৱাৰ সুবিধা পাইছোঁ।
মু চিঃ লোক সংগীতক লৈ আপোনাৰ অনুভৱ, লগতে আপোনাৰ প্ৰিয় লোক সংগীত?
অ জেঃ লোকসংগীতৰ মাজত এক গভীৰতা লুকাই থাকে। গীতবোৰ একোটা বিশেষ বিষয়ক লৈ গোৱা হয়। বাকী ঠাইৰ বিষয়ে ক’ব নোৱাৰিম কিন্তু ইয়াত যি হয় উদাহৰণ স্বৰূপে কব বিচাৰিম প্ৰত্যেকটো গীতৰ বিষয়বস্তু, অৰ্থ ভিন্ন ভাবৰ বাহক। বিয়াৰ সংগীত, অতিথি আহিলে, গৃহ প্ৰবেশৰ গীত, প্ৰত্যেক ক্ষেত্ৰতে বেলেগ বেলেগ গীত। এই গীতসমূহৰ মাজত বহু গভীৰ অৰ্থ থাকে। এই গীতসমূহ কি সময়ত কাৰ বাবে গাইছে সেইয়া গুৰুত্বপূৰ্ণ। আমি যিবিলাক কথা সেই বিশেষ সময়ত বিশেষ ব্যক্তিক পোনপতীয়াকৈ ক’ব নোৱাৰোঁ, গীতৰ মাজেৰে আমাৰ মনৰ কথা ক’ব পাৰোঁ। এইয়াই লোকসংগীত। ইয়াত এনে বহু গীত মাত আছে । ইয়াৰ এটা গীত মোৰ খুব ভাল লাগে। ছোৱালীৰ বিয়াৰ পিছত ঘৰলৈ আহোঁতে মাক দেউতাকৰ জী জোঁৱাইৰ বাবে যি সংগীত গোৱা হয় মোৰ খুব ভাল লাগে। এইবিলাক লোকসংগীত বাণীবদ্ধ ৰূপত পোৱা নাযায়। সেই বিশেষ অনুষ্ঠানত হে পৰিবেশন কৰা হয়।
মু চিঃ এই যাত্ৰাত অতিক্ৰম কৰিব লগা হোৱ বাধা সমূহ?
অ জেঃ সমস্যা বুলিলে বহু কথাই আহি পৰে। ক’বলৈ বহু সময় লাগিব। তথাপি বিশেষ প্ৰত্যাহ্বান আছিল সময়ৰ নাটনি, যিটো কাহিনী বিচাৰোঁ সেয়া নোপোৱা, যি বিষয়ে আমি জানিব বিচাৰোঁ সেই বিষয়ে জনা, কোৱা মানুহৰ অভাৱ। সেই সকলৰ সন্ধান কৰোতে যথেষ্ট সময় খৰচ হয়। আৰু কেতিয়াবা এনকুৱাও হয় যে সৰু সৰু গাঁৱৰ মানুহবোৰ বহুত সহজ সৰল, মৰমিয়াল প্ৰকৃতিৰ। তেওঁলোকৰ কেমেৰাৰ, ৰেকৰ্ডাৰৰ সন্মুখত কথা ক’বলৈ অস্বস্তিত পৰে, কথা ক’ব নোৱাৰে। তেওঁলোকক এই বিষয়ে বুজাবলৈ অসুবিধাৰ সন্মুখীন হওঁ। কেনেকৈ বা কিদৰে বুজালে কেমেৰা বা ৰেকৰ্ডাৰৰ সন্মুখত সহজ হ’ব পাৰিব তাৰ বাবে যথেষ্ট কষ্ট কৰিব লগীয়া হয়। কেমেৰা বা ৰেকৰ্ডাৰলৈ আহিলে তেওঁলোকে ভাবে টিভিৰ মানুহ আহিছ, কিবাকিবি বনাই টকা ঘটিব নেকি! তেওঁলোকৰ মনত এনে ধৰণৰ বিচাৰো আহে। টিভি ম’বাইল অহাৰ পৰা ইউটিউব আদিৰ জৰিয়তে তেওঁ লোকে যি দেখিবলৈ পায়, তাৰ ওপৰত ভিত্তি কৰিয়েই এনে ধাৰণা পোষণ কৰি লয়। কোনো কোনোৱে প্ৰশ্নও কৰে “চিনেমা বনাব নেকি?” চিনেমাত ওলোৱাৰ হেঁপাহত বহুতে ভাল পায় আৰু বহুলোকে এনদৰেও কয় যে “আপোনালোকে চিনেমা কৰি বহু পইছা পায় নিশ্চয়”। তেওঁলোকক বহু মৰম আৰু সততাৰে বুজাব লগীয়া হয় যে আমি ৰেকৰ্ডৰ মাজেৰে ধন ঘটিবলৈ অহা নাই। আমাৰ নিজৰ লুপ্তপ্ৰায় ভাষা , সংস্কৃতি, ৰীতি-নীতি যিবিলাক লৈ আমি জীৱন নিৰ্বাহ কৰি আহিছোঁ, সেইখিনি সংৰক্ষণৰ বাবেহে ৰেকৰ্ড কৰা হৈছে। কোনোৱে মানি লয়, কোনোৱে কেতিয়াবা মানি লব নিবিচাৰে। কিয়নো পৃথিৱীত ইতিবাচক নেতিবাচক দুইধৰণৰ মানুহ পোৱা যায় , সেয়ে বুজাই বুজে আৰু কোনোৱে বুজি নাপায়। আৰু কেতিয়াবা এনকুৱাও হয় কোনো ব্যক্তিৰ সৈতে সাক্ষাতৰ সময় ঠিক কৰোঁ আৰু সময়ত নাথাকে তেওঁ, লগ পোৱা নহয়গৈ। ফলত বহু কষ্ট, তাতোকৈ সময় অথলে যায়। ইয়াৰোপৰি এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ যোৱা বৰ দীঘলীয়া আৰু অতি কষ্টকৰ যাত্ৰা হয়। যাতায়ত ব্যৱস্থা বিশেষ সুচল নহয় বাবে এইবিলাক ব্যৱস্থা কৰাত বহুত সমস্যা হয়। তথাপি আমি সেই তথ্য সংগ্ৰহ কৰিবই লাগিব, সেয়ে বহু চিন্তা চৰ্চাৰ প্ৰয়োজন হয়।
মু চিঃ এই কামবোৰত কোনো চৰকাৰী সমৰ্থন লাভ কৰিছে নে? আপোনাৰ মতে এই ক্ষেত্ৰত চৰকাৰী সহায়ৰ প্ৰয়োজনীয়তা আছে নে?
অ জেঃ হয়, গুৰুত্বপূৰ্ণ প্ৰশ্নৰ অৱতাৰণা কৰিলে। চৰকাৰৰ বিষয়েনো কি ক’ম! চৰকাৰে নিজৰ কৰনীয় খিনিৰ পৰা আঁতৰি ক্ষমতা বাহাল ৰখাৰ ব্যৱস্থা কৰাতহে গুৰুত্ব দিছে। ভাৰতৰ ইতিহাস ভাৰতৰ সংস্কৃতি ইমান সমৃদ্ধিশালী আৰু বিখ্যাত। চৰকাৰে ভৰতীয় সংস্কৃতিৰ ঐতিহ্য ৰক্ষাৰ ক্ষেত্ৰত চকু দিয়া প্ৰয়োজন। উত্তৰ-পূবৰ আমাৰ ঠাইৰ কথাকে ক’ব বিচাৰিছোঁ। ইয়াত কিমান ক্ষুদ্ৰ ক্ষুদ্ৰ ট্ৰাইব আছে প্ৰত্যেকৰে সুকীয়া ভাষা, আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি আছে। চৰকাৰে এই বিলাকৰ সুৰক্ষাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা দৰকাৰ। হয়তো কৰিছেও কিন্তু আমি এতিয়ালৈকে ক’ব নোৱাৰো যে চৰকাৰী ভাৱে থলুৱা ভাষা সংস্কৃতি সুৰক্ষাৰ বাবে সহায় পাইছো। সকলোৱে নিজৰ ভাষা সংস্কৃতিৰ ওপৰত গুৰুত্ব দিব লাগে। কৰাৰ ভিতৰত দেখাক দেখি দুই এটা ডাঙৰ ফেষ্টিভেল পাতিছে। ইয়াত কি কৰিছে, ফেষ্টিভেলত আধুনিকতাৰ ৰহন দি কিছু কিছু ক্ষেত্ৰত সংস্কৃতিৰ নিৰ্মলতা ম্লান কৰিছে। ৰাইজক গালি পৰা নাই। আচলতে এইবোৰ সংস্কৃতিৰ নামত বহুৱালি হে হৈ আছে। আমি আমাৰ ৰীতি-নীতিৰ সন্ধান কৰিব লাগে, আমাৰ ভাষা সংস্কৃতি ৰক্ষা কৰি আগুৱাই যাব লাগে, শিপাৰ সন্ধান কৰিব লাগে। আপোনালোকৰ তাত কেনেকুৱা নাজানো আমাৰ ইয়াত শুনিবলৈ পাইছোঁ সাংস্কৃতিক অনুষ্ঠান কৰিবলৈ প্ৰত্যেক বছৰে ভাৰতৰ বিভিন্ন প্ৰান্তলৈ ভ্ৰমণৰ ব্যৱস্থা কৰে। আমাৰ জিলাৰ পৰাও ডাঙৰ বিষয়া সহিতে যায় এই ভ্ৰমণত। পিছে তেওঁলোকে ভাবে নাচ-গানেই সংস্কৃতি। ইয়াত আমাৰ প্ৰকৃত পৰিচয় দৰ্শোৱা নহয়। মই ভাবো নাচ-গানতে সংস্কৃতি শেষ নহয়, ই অতি বিশাল। চৰকাৰে এই সংস্কৃতিৰ সুৰক্ষাৰ বাবে কিয় গুৰুত্ব সহকাৰে বিনিয়োগ কৰা নাই, বুজিব নোৱাৰোঁ। চৰকাৰে এই ক্ষেত্ৰত এনে এটা বিভাগৰ ব্যৱস্থা কৰিব লাগে, আৰু তাত যিসকল লোকে অন্তঃকৰণেৰে নিজৰ পৰিচয় বুলি কাম কৰি যাব বিচাৰে সেই সকল লোককহে নিয়োগ কৰিব লাগে, ডাক্টৰ, ইঞ্জিনিয়াৰ, উচ্চ ডিগ্ৰী থাকিলেই হ’ব, তেনে নহয়।
মু চিঃ এই বিষয়ত আপোনাৰ কল্পনা আৰু পৰিকল্পনাৰ বিষয়ে অলপ জনাব নে?
অ জেঃ এই বিষয়ে কি কব পাৰোঁ? কল্পনা কৰিবলগীয়া বহু কথা থাকে। যিহেতু প্ৰত্যেক সপোন লৈয়ে জীয়াই থাকে। আমি আমাৰ সংস্কৃতিৰ বাবে , আমাৰ পৰিচয়ৰ বাবে ৰীতি-নীতি বিলাক আগত ৰাখিবৰ বাবে কেতিয়াবা কেতিয়াবা কল্পনা কৰোঁ। আমাৰ ইয়াত যি মুখ্য উৎসৱ হয় সেয়া পাঁচ দিনৰ, প্ৰত্যেক দিনাই বেলেগ বেলেগ লোকনৃত্য প্ৰদৰ্শন কৰা হয়। মই ভাবোঁ হস্ত নিৰ্মিত সামগ্ৰী, বাঁহ বেতৰ সামগ্ৰী, আমাৰ ইয়াত যিসকল কাৰিকৰ আছে তেওঁলোকৰ দ্বাৰা লোৰে , বাঁহেৰে, মাতিৰে নিৰ্মাণ কৰা থলুৱা সমগ্ৰীক সমুহৰ ওপৰতো আলোকপাত হ’ব লাগে, যাতে তাক দেখি আধুনিকতাৰ মাজতো পুৰণি আমাৰ মনত লোককলা সমূহ সজিৱ হৈ পৰে, মনবোৰ পুৰণা দিনলৈ উভতি যাব পাৰে। আমাৰ প্ৰকৃত লোকসংস্কৃতিৰ সমৃদ্ধ এই ৰূপ আমাৰ মুখ্য উৎসৱৰ জৰিয়তে বাহিৰৰ মানুহে জানিব পাৰে। এনে হ’লে কিমান ভাল হ’ব। এয়া বাস্তৱিত হৈ উঠিব নে কল্পনা হৈয়ে ৰ’ব নাজানো। তথাপি চেষ্টা কৰি যাম।
মু চিঃ আপোনাৰ কাম আৰু কামৰ ক্ষেত্ৰ আৰু পদ্ধতিৰ বিষয়ে দুআষাৰ ক’ব নে?
অ জেঃ এই ক্ষেত্ৰখনত কাম কৰি যাওঁতে সময় দিবলৈ যথেষ্ট সমস্যা আছে। আমি এই ক্ষেত্ৰত কাম কৰি আছো। আমি অন্তঃকৰণেৰে নিজৰ পৰিচয় হিচাপে কাম কৰি আহিছো। আৰু ইয়াৰ পৰা যি পৰিচয় পাইছো ই সমস্যাৰ মাজতো কাম কৰি যাবলৈ প্ৰেৰণা যোগায়। জীয়াই থকা দিন কেইটা ভাল কাম কৰি যম সেই ভাবিয়ে এই ক্ষেত্ৰত কাম কৰিবলৈ লৈছিলোঁ আৰু কৰি থাকিম। এই ক্ষেত্ৰখনত বহু কম সংখ্যক লোকে কাম কৰি আছে। এই পথাৰত কাম কৰিবলৈ দিনটোত কি কি কাহিনী সংগ্ৰহ কৰিব, কি কি বিষয় ল’ব সেয়া বুজি পোৱা বা উপলব্ধি কৰা জৰুৰী। সেই লোকসকলে ইমান স্পষ্ট (বিশুদ্ধ) ভাষা কয় যেনেকৈ পুজাৰীৰ ভাষাটো, পুজাৰীৰ ভাষাটো আপুনি বুজি পায় নে? মই একেবাৰে বুজি নাপাওঁ। শব্দবোৰ সম্পূৰ্ণ ৰূপে বুজি পালে ভাল। প্ৰত্যেকটো শব্দৰ মাজত বহু অৰ্থ নিহিত থাকে। এইবিলাক কাম খুব ৰোমাঞ্চকৰ হয়। এনেয়ে মোৰ ইমান অভিজ্ঞতা নাই। মই যাৰ লগত কাম কৰোঁ তেওঁ শিকাই, কেনেকৈ ৰেকৰ্ড কৰা হয় , File transfer, Transcription, translation কৰিব লগীয়া হয়। আমাৰ কামৰ গ্ৰুপ আছে। এতিয়া মোৰ কামৰ কথা কবলৈ লৈছো, –
আমি এটা গোটহৈ কাম কৰোঁ । আমাৰ গ্ৰুপত বেলেগ বেলেগ গাৱঁৰ বয়োজেষ্ঠ, আমাত কৈ কম বয়সৰ, মহিলা পুৰুষ, ছাত্ৰ-ছাত্ৰীও আছে। আমি বিভিন্ন অভিজ্ঞতাৰে পুষ্ট লোক সকল বিচাৰি যাওঁ আৰু তেওঁলোকৰ পৰা বিভিন্ন লোক-কথা, কাহিনী, নৃত্য, গীতসমূহ শুনোঁ আৰু লগতে অডিঅ’-ভিডিঅ ৰেকৰ্ডিঙৰ মাজেৰে সংগ্ৰহ কৰোঁ। তাক আনি নিদিষ্ট ঠাইত ডিজিটেল ৰূপত সংৰক্ষণ কৰা হয়। লাহে লাহে এই বিলাক সকলোৰে বাবে উপলব্ধ হ’ব। আপোনালোকেও দেখিবলৈ পাব। আমি আমাৰ ‘Hrusso aka’ ভাষাৰ ম’বাইল কিপেডও উপলব্ধ কৰাইছোঁ, যাতে আমাৰ জনগোষ্ঠীৰ বাহিৰত পঢ়িবলৈ যোৱা ছাত্ৰ-ছাত্ৰীসকল বা অন্য নাগৰিকেও মাতৃভাষাৰ সৈতে একাত্ম হৈ থাকিব পাৰে।
মু চিঃ আমাৰ এই প্ৰয়াসৰ বিষয়ে আপোনাৰ অনুভৱ-
অ জেঃ আপোনালোকৰ মুক্ত চিন্তাৰ বিষয়ে মই বৰ একো নাজানো। যদিও এই প্ৰয়াস প্ৰশংসনীয়। আপোনালোকে মোলৈ যি প্ৰশ্ন আগবঢ়াইছে সেইয়া খুব গুৰুত্বপূৰ্ণ। এনেবোৰ প্ৰশ্নোত্তৰ বা আলোচনাই ভৱিষ্যত প্ৰজন্মক এই বিষয়বোৰ জনাত সহায় কৰিব আৰু আগ্ৰহী কৰি তুলিব। সেইবাবে মই ভাবো এনে ধৰণৰ আলোচনা বোৰ আমি সদায় আগবঢ়াই নিব লাগে। আমাৰ সমাজৰ পূৰ্ব-পুৰুষ সকলে প্ৰচলন কৰি যোৱা এটি ফকৰাৰ কথা ক’ব বিচাৰো- Putu dru yagu- yaguĜotupyu kunu yaĝü – yaĝü. ইয়াৰ অৰ্থ এয়েই যে পাহাৰৰ ওপৰৰ বেলিটো যিদৰে যিকোনো মুহূৰ্তত সিপাৰে নোহোৱা হৈ যাব পাৰে সেইদৰে পাহাৰৰ ওপৰৰ শিলাখণ্ড এটাও হঠাতে খহি খালত পৰিব পাৰে। এই ফকৰাটোৱে আমাৰ জীৱনকে বুজাবলৈ চেষ্টা কৰিছে যে যিমান উচ্চতাতেই আমি নাথাকো লাগে মৃত্যুৱে আমাক প্ৰতিটো মুহূৰ্তত খহাই নোহোৱা কৰিব পাৰে। গতিকে সময় থাকোতেই প্ৰয়োজনীয় কামবোৰ কৰা উচিত। শেষত আপোনালোকৰ সমুহ পৰিয়াললৈ মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল। ধন্যবাদ।
(অতিথি সম্পাদকৰ টোকা: এই কথোপকথনৰ বাবে আমি কেইবাবাৰো চেষ্টা কৰিও সফল হ’ব পৰা নাছিলোঁ। তেখেতৰ অতি ব্যস্ত কৰ্মৰাজি তথা এই প্ৰজেক্টৰ সংক্ৰান্তত অৰুণাচলৰ অতি দূৰ্গম আৰু ভিতৰুৱা ঠাইবোৰত ঘুৰি ফুৰিব লগা হোৱাৰ বাবে, যোগাযোগ কৰাটো সুবিধাজনক নাছিল। এনে ব্যস্ততাৰ মাজতো আমাৰ বাবে সময় উলিয়াই বিষয়টো আলোচনা কৰাৰ বাবে তেখেতলৈ মুক্ত চিন্তাৰ ফালৰ অশেষ কৃতজ্ঞতা আৰু ধন্যবাদ জনালো, লগতে তেখেত সকলৰ এই মহান প্ৰচেষ্টা সফল হোৱাৰ কামনা কৰিলোঁ। এইখিনিতে Northeast Students’ Forum, Tata Institute of Social Science, Mumbai লৈকো অনু জেবিচ’ মহোদয়াৰ লগত যোগাযোগৰ সুবিধা কৰি দিয়াৰ বাবে আমাৰ ফালৰ পৰা কৃতজ্ঞতা জনালোঁ। সাক্ষাৎ গ্ৰহণঃ মমিন বৰা। (ফোনৰ মাধ্যমেৰে) সহায়কঃ হেমন্ত কুমাৰ শইকীয়া, মাধুৰ্য্য ফুকন, লিপিকা বৰুৱা।)