কেন্দ্ৰীয় নিবন্ধনিবন্ধ

অপসংস্কৃতি আৰু কিশোৰ-মন (প্ৰসেনজিৎ চৌধুৰী)

[এই প্ৰবন্ধটি প্ৰথম প্ৰকাশ হৈছিল মননশীল বাংলা আলোচনী মানব মন-ত (জানুৱাৰী-মার্চ, ১৯৮৪); পাছলৈ প্রকাশ (ছেপ্টেম্বৰ, ১৯৮৪) আলোচনীত অসমীয়ালৈ অনুবাদ কৰিছিল সন্ধ্যা দেৱীয়ে। ইয়াত প্ৰবন্ধটো চৌধুৰীদেৱৰ নিষিদ্ধ প্ৰসংগ গ্ৰন্থৰ পৰা সংগ্ৰহ কৰা হৈছে ]

(১)

সাম্প্রতিক কালত ‘অপসংস্কৃতি’ এক বহুজন-ব্যৱহৃত শব্দ। প্রগতিশীল পত্রপত্রিকাত অপসংস্কৃতিৰ বিষয়ে বহুতো আলোচনা হৈছে। কিন্তু ইমান আলোচনা-বিলোচনা হোৱা সত্ত্বেও অপসংস্কৃতিৰ প্রকৃত স্বৰূপ সম্পর্কে আমাৰ পৰিষ্কাৰ বা সঠিক ধাৰণা আছে বুলি ধাৰণা নহয়। এই বিষয়ে এতিয়াও বন্ধুত্বমূলক বিতর্ক আৰু আলোচনাৰ প্রয়োজন আছে। কাৰণ, অপ-সংস্কৃতিৰ বিভৎস বন্যা ৰোধ কৰিবলৈ হ’লে তাৰ সংজ্ঞা সম্পর্কেও যথাসম্ভৱ স্পষ্ট ধাৰণা থকা প্রয়োজন। সেইটো নহ’লে শত্রু-মিত্র নির্ধাৰণৰ ক্ষেত্ৰত বিভ্রান্তি অনিবার্য।

প্রাথমিক আলোচনাৰ সুবিধাৰ কাৰণে আমি ক’ব পাৰোঁ যে ‘অপসংস্কৃতি’ শব্দটো প্রধানতঃ দুই ধৰণৰ অৰ্থত ব্যৱহাৰ কৰা হয়— এটা অর্থ ব্যাপক, আনটো সংকীর্ণ। ব্যাপকাৰ্থত যুক্তি আৰু জীৱন-বিমুখ, বিকৃত জীৱন-দর্শনোদ্ভূত, মানৱতা-বিবর্জিত, ব্যক্তি-সর্বস্ব আৰু সমাজ চেতনা-হননকাৰী সর্বপ্রকাৰ দেশী-বিদেশী শিল্প-সাহিত্য-দর্শনেই অপসংস্কৃতি। কোৱা বাহুল্য যে, এই অপসংস্কৃতি অৱক্ষয়ী, বন্ধ্যা আৰু স্থবিৰ সমাজত জন্ম লয়। সংকীর্ণাৰ্থত আকৌ সর্বপ্রকাৰ উগ্র যৌনতা আৰু হিংস্রতা অপসংস্কৃতিৰ প্রধান বৈশিষ্ট্য। বহু ক্ষেত্ৰত অৱশ্যে কেৱল বিদেশাগত অপসংস্কৃতিক বুজাবলৈ অপসংস্কৃতি শব্দটো সংকীর্ণাৰ্থত ব্যৱহাৰ কৰা হয়। এই দ্বিতীয় প্রকাৰ অপসংস্কৃতিৰ প্রকাশভংগী স্থূল আৰু শিল্প-সাহিত্যত ইয়াৰ অন্যতম প্রধান উদ্দেশ্য মুনাফা। ব্যাপকাৰ্থত আমি যাক অপসংস্কৃতি বুলি কওঁ তাৰ প্রকাশ কিন্তু কেতিয়াবা সূক্ষ্ম আৰু ক্ষেত্রবিশেষে বৈষয়িক স্বার্থৰ সৈতে তাৰ সম্পর্কও নাথাকে। সি যি কি নহওক, সর্বপ্রকাৰ অপসংস্কৃতিৰ অন্তিম সামাজিক পৰিণতি কিন্তু একে—, মানুহৰ সমাজ-চেতনাক অপসংস্কৃতিয়ে বিকৃত কিম্বা নিষ্ক্রিয় কৰি পেলায় আৰু জীৱনক উন্নততৰ তথা সুন্দৰতৰ কৰাৰ সংগ্ৰামী-সংগঠিত পথৰ পৰা মানুহক আঁতৰাই আনে।

অপসংস্কৃতিৰ উল্লিখিত দুই সংজ্ঞাৰ সৈতে তাৰ উৎসৰ প্রশ্নও বহুলাংশে সম্পৃক্ত। বহুতৰ মতে, অপসংস্কৃতি বিদেশৰ পৰা আমদানি কৰা বস্তু। অর্থাৎ, আধুনিক ভাৰতীয় অপসংস্কৃতি এক নকল অপসংস্কৃতি। ঔপনিবেশিক বা নয়া-ঔপনিবেশিক শাসন-শোষণৰ সৈতে ইয়াৰ আগমন আৰু ক্রমপ্রসাৰ যুক্ত। সুবিজ্ঞ সমালোচক নাৰায়ণ চৌধুৰীৰ লিখনিত এইধৰণৰ ইংগিত আছে। শিল্পৰ স্বাধীনতাৰ নামত পশ্চিমীয়া সমাজত অপসংস্কৃতিৰ যি ৰাজত্ব চলিছে তাৰ মনোগ্রাহী ব্যাখ্যা-বিশ্লেষণ কৰাৰ পাছত তেখেতে লিখিছে—, “আমাদেৰ দেশেও এই ঘোলা জলেৰ বন্যাৰ ঢেউ এসে আছড়ে পড়েছিল পাশ্চাত্য প্রভাবে অনিবার্য পৰিণামে” (১)। অপসংস্কৃতিৰ বহুব্যৱহৃত সংকীর্ণ সংজ্ঞাৰ সৈতে এই ব্যাখ্যা বহুলাংশে সংগতিপূর্ণ। কাৰণ, নাটক-চিনেমা-সাহিত্যত সাধাৰণতে যি হিংস্রতা-যৌনতা দেখা যায় তাৰ প্রেৰণা দেশজ নহয়, বিদেশাগত। অর্থাৎ, সংকীর্ণার্থত আধুনিক ভাৰতীয় অপসংস্কৃতি মূলতঃ পশ্চিমৰ ৰুগ্ন অৱক্ষয়ী অপসংস্কৃতিৰ নকল। কিন্তু প্রশ্ন হ’ল, আমাৰ দেশীয় সামন্ততান্ত্রিক ঐতিহ্যত কি অপসংস্কৃতিৰ উপাদান নাই? হৰিজন-বিদ্বেষৰ হিংস্র অভিব্যক্তি বা মধ্যযুগীয় সতীদাহ প্রথাক কোন যুক্তিত সংস্কৃতিৰ অংগ বোলা যায়? আকৌ যেতিয়া দেখোঁ যে মধ্যযুগৰ কাব্যৰ আধুনিক সংস্কৰণৰ বিজ্ঞাপনত “কঠোৰভাৱে প্রাপ্তবয়স্কসকলৰ কাৰণে” বুলি ঘোষণা কৰা হয়, তেতিয়া স্বাভাৱিকতে মনলৈ প্রশ্ন আহে—, উগ্র আদি-ৰসাশ্রয়ী সাহিত্য কি কেৱল পাশ্চাত্য প্রভাবৰেই পৰিণতি? ধাৰণা হয়, বিদেশী অপসংস্কৃতিৰ ওপৰত সমস্ত দোষ জাপি দিয়াৰ প্রৱণতাৰ নেপথ্যত হয়তো জাতীয় আত্মশ্রেষ্ঠতাৰ ভাব গোপনে সক্রিয় থাকিব পাৰে (২)। আকৌ, নির্ভেজাল সাম্রাজ্যবাদ-বিৰোধী মনোভাবৰ পৰাও এই ধৰণৰ একপক্ষীয় ব্যাখ্যা উদ্ভূত হ’ব পাৰে। এইবোৰ কাৰণে আমাৰ ধাৰণা যে অপসংস্কৃতিৰ সংজ্ঞাক লৈ এতিয়াও বিস্তৰ আলোচনাৰ থল আৰু প্রয়োজন আছে। প্রসংগতঃ উল্লেখ্য যে দেশীয় আৰু বিদেশাগত অপসংস্কৃতিৰ সম্পৰ্কটো কোনো কোনো ক্ষেত্ৰত বেছ চিত্তাকর্ষক। যিসকলে বিদেশাগত অপসংস্কৃতিৰ বিৰোধিতা কৰিবলৈ বিচাৰে তেওঁলোকৰ বহুতেই কিছু ক্ষেত্ৰত দেশীয় কুসংস্কাৰান্ধ ঐতিহ্যৰ পৰাোক্ষ সমর্থকলৈ পৰিণত হয়; আকৌ, দেশীয় অপসংস্কৃতিৰ অন্ধ বিৰোধিতা কৰিবলৈ গৈ বহুতেই সহজেই পশ্চিমীয়া অপসংস্কৃতিৰ কবলত পৰে।

(২)

এই কথা বোধহয় কোনেও অস্বীকাৰ নকৰিব যে কিশোৰ-মনৰ ওপৰত অপসংস্কৃতিৰ প্ৰভাৱ আটাইতকৈ ক্ষতিকাৰক আৰু তাৰ সামাজিক পৰিণতিও সুদূৰপ্ৰসাৰী। আৰু যিসকলে কিশোৰ-মনক ভালকৈ পর্যবেক্ষণ কৰিছে তেওঁলোকে এই কথাও নিশ্চয় অস্বীকাৰ নকৰিব যে অপসংস্কৃতিৰ দ্বাৰা আক্রান্ত হোৱাৰ সম্ভাৱনা কিশোৰ-মনৰ ক্ষেত্ৰত সর্বাধিক। চঞ্চল আৰু অনুসন্ধিৎসু কিশোৰ-মন সাধাৰণতে সকলো প্ৰকাৰৰ অভিজ্ঞতাৰ সোৱাদ ল’বলৈ সদাআগ্রহী। শৈশৱৰ পৰ-নিৰ্ভৰতাৰ পৰা সদ্যমুক্ত কিশোৰ-কিশোৰীয়ে দেখে তেওঁলোকৰ সমুখত উন্মোচিত এক অনাস্বাদিত অথচ চিৰাকাঙ্ক্ষিত পৃথিৱী। এই পৃথিৱীক তেওঁলোকে জানিব বিচাৰে, সেয়েহে জীৱনৰ বহুমুখী বর্ণাঢ্য অভিজ্ঞতাৰ কাৰণে তেওঁলোকৰ মনৰ ব্যগ্রতা প্রৱল, অপ্রতিৰোধ্য। স্বাভাৱিকতে এই অৱস্থাত বিশ্লেষণ-ক্ষমতাতকৈ আৱেগৰ প্রাধান্য কিশোৰ-মনত বেছি। সেই গতিকে বোধহয় আকর্ষণীয় বিজ্ঞাপনৰ অহৰহ পুনৰাবৃত্তিৰ সহায়ত অপসংস্কৃতিৰ ব্যৱসায়ীসকলে কিশোৰ-মনৰ ৰুচি আৰু ইচ্ছাক নিয়ন্ত্রণ কৰিবলৈ বহু ক্ষেত্ৰত সফল হয় (৩)। এই প্রসংগত কিশোৰ-মনৰ আৰু এটি বৈশিষ্ট্যৰ কথা উল্লেখ কৰা উচিত হ’ব। প্রাক্-কৈশোৰাৱস্থাৰ নিৰ্ভৰতাৰ বাবে কিশাোৰ-মনত বহু ক্ষেত্ৰত একপ্রকাৰৰ হীনমন্যতাবোধ দেখা যায়। এই হীনমন্যতাবোধ গোপন কৰাৰ উদ্দেশ্যে তেওঁলোকে বহু সময়ত নিজকে পৰিপক্ক, স্বাধীন আৰু প্রাপ্তবয়স্ক বুলি প্ৰমাণ কৰিবলৈ বিশেষভাৱে তৎপৰ হৈ পৰে। মনস্তাত্ত্বিক অ্যাডলাৰে এই মানসিকতাৰ বিষয়ে লিখিছে—

For almost every child, adolescence means one thing above all else : he must prove that he is no longer a child….very many of the expressions of adolescence are the outcome of the desire to show independence, equality with adults, and manhood or womanhood (৪)

কিশোৰ-মনৰ এই বৈশিষ্ট্যবোৰৰ কাৰণে আধুনিক কিশোৰ-সমাজ সহজেই অপসংস্কৃতিৰ চিকাৰ হৈ পৰে। আৰু যিহেতু কিশোৰ-সমাজত ব্যক্তিগত ৰুচি অভিৰুচিতকৈ গোষ্ঠীগত অনুকৰণ আৰু আনুগত্যৰ গুৰুত্ব বেছি সেইবাবে অপসংস্কৃতিৰ বিষাক্ত বীজাণু তেওঁলোকৰ মাজত দ্রুতগতিত বিয়পি পৰাৰ সম্ভাৱনাও বেছি। সি যি কি নহওক, এই কথা নিশ্চিতভাৱে কোৱা যায় যে অপসংস্কৃতিৰ ক্রমপ্রসাৰৰ লগে লগে কিশোৰ-মনত সুৰুচি, মানৱতা, সমাজ-সচেতনতা, সুস্থ সাংস্কৃতিক ঐতিহ্য ইত্যাদিৰ প্রতি অনীহা-অবজ্ঞা কিংবা বিদ্বেষ-বিতৃষ্ণাই দেখা দিবলৈ আৰম্ভ কৰে। বিকৃত আৰু স্থূল জীৱন-দৰ্শনৰ পুনৰাবৃত্তিৰ ফলত তেওঁলোকৰ মনত এই ধাৰণা ধীৰে ধীৰে বদ্ধমূল হৈ পৰে যে প্রেমৰ অৰ্থ যৌনতা, সুখৰ উৎস হিংস্রতা। সহজ কথাত, অপসংস্কৃতিৰ প্ৰভাৱত কিশোৰ-সমাজ dehumanized হৈ পৰে ক্রমে ক্রমে। ইয়াৰ ফলত কিশোৰ-মনত অপৰাধপ্ৰৱণতা আৰু আত্মসুখসর্বস্ব মানসিকতাৰ জন্ম হয়। প্রসংগত কৈ থাৱা সমীচীন হ’ব যে স্থূল অপসংস্কৃতিৰ মূল উদ্দেশ্য আৱেগক আলোড়িত কৰা, বুদ্ধিৰ লগত তাৰ কোনো সম্পর্ক নাই। মনক নিম্নগামী আৰু বিপথে চালিত কৰা এই আৱেগিক উত্তেজনা যে কিশোৰ-মনৰ পক্ষে ভীষণ ক্ষতিকাৰক সেই বিষয়ে কোনো সন্দেহ থাকিব নোৱাৰে। বিজ্ঞানী লৰেঞ্জৰ উক্তি এইক্ষেত্ৰত স্মর্তব্য—, “Emotional excitement inhibits rational function; the hypothalamus blocks the cortex” (৫)। লৰেঞ্জীয় ভাষাত কোৱা যায় যে স্থূল অপসংস্কৃতিয়ে গুৰুমস্তিষ্কক বিকল কৰি দিয়ে; কিশোৰ-মস্তিষ্কৰ যুক্তিবুদ্ধি সক্রিয় হোৱাৰ কোনো সম্ভাৱনা তাত নাই। আৰু গুৰু-মস্তিষ্কৰ এই বিকলাৱস্থাৰ সুযোগ লৈ স্থূল অপসংস্কৃতিৰ ব্যৱসায়ীসকলে নানা তৰহৰ অবাস্তৱ আৰু বিকৃত ধ্যান-ধাৰণা কিশোৰ-মনত সুমুৱাই দিয়ে।

সাম্প্রতিক কালত চলচ্চিত্র বোধহয় অপসংস্কৃতিৰ বাহক হিচাপে সর্বাধিক গুৰুত্বপূর্ণ গণমাধ্যম। গতিকে কি ধৰণৰ মনস্তাত্ত্বিক পদ্ধতিৰ দ্বাৰা চলচ্চিত্রই কিশোৰ-মনক প্ৰভাৱিত কিম্বা নিয়ন্ত্রিত কৰে সেই বিষয়ে ইয়াত কিঞ্চিৎ আলোচনা কৰা অপ্রাসংগিক নহ’ব। মনস্তাত্ত্বিকসকলে দেখুৱাইছে যে এখন উত্তেজনাপূর্ণ চলচ্চিত্র চোৱাৰ সময়ত বহুতো দর্শকৰ প্রতিক্রিয়াৰ লগত সপোন দেখি থকা নিদ্রিত ব্যক্তিৰ প্রতিক্রিয়া বহুলাংশে একে হয় (৬)। এই অৱস্থাত মানুহৰ চেতনা নিষ্ক্রিয় আৰু অসর্তক হৈ পৰে আৰু তাৰ ফলত চলচ্চিত্ৰত প্ৰচাৰিত বা অন্তর্নিহিত ধ্যান-ধাৰণা তথা দর্শনক বিশ্বাসৰ সৈতে গ্রহণ কৰাৰ পথত বিশেষ কোনো বাধা নাথাকে। অর্থাৎ, অন্ধকাৰ প্রেক্ষাগৃহৰ ভিতৰত অভিভাৱন-প্রক্রিয়া চলিবলৈ ধৰে। যিসকল চলচ্চিত্ৰৰ নিয়মিত দর্শক তেওঁলোক আচলতে অনিবার্যভাৱেই আৰু অজ্ঞাতেই এক প্ৰকাৰৰ conditioning-ৰ চিকাৰ হৈছে (৭)। আমি সহজেই অনুমান কৰিব পাৰোঁ যে এই conditioning কিশোৰ-মনৰ ক্ষেত্ৰত বিশেষভাৱে ফলপ্রসূ, কাৰণ অভিজ্ঞতাৰ স্বল্পতা আৰু বিচাৰ-ক্ষমতাৰ অপর্যাপ্ততা কিশোৰ-মনৰ দুটা স্বাভাৱিক বৈশিষ্ট্য।

(৩)

প্রশ্ন হ’ল, কিয় কিশোৰ-সমাজ অপসংস্কৃতিৰ দ্বাৰা আক্রান্ত হয়? বহুতেই ক’ব বিচাৰে যে অপসংস্কৃতিৰ ব্যৱসায়ীসকল ইয়াৰ বাবে দায়ী নহয়। কিশোৰ-সমাজত চাহিদা আছে বাবেই স্থূল অপসংস্কৃতিৰ প্ৰসাৰ আৰু প্ৰভাৱ ইমান ব্যাপক। আপাতদৃষ্টিত এই যুক্তি নির্ভুল। কিন্তু অলপ দকৈ ভাবি চালেই বুজা যাব, কিভাৱে বিজ্ঞাপন আৰু অন্যান্য চতুৰ কায়দাৰে অপসংস্কৃতিৰ ব্যৱসায়ীসকলে মানুহক প্রলোভিত আৰু প্ৰতাৰিত কৰি নিজৰ বজাৰ সম্প্ৰসাৰিত কৰিছে। এই প্রসংগত আমি ভ্যাজকোৱেজৰ সাৰগর্ভ মন্তব্য স্মৰণ কৰিব পাৰোঁ—,“If the public prefers a trivial, hollow art of low aesthetic and human quality, it is clear that the preference has been induced, fabricated, or produced from without” (৮)। কোৱা বাহুল্য যে কিশোৰ-মনত অনায়াসে কৃত্রিম চাহিদা সৃষ্টি কৰা যায়।

অপসংস্কৃতিৰ ব্যৱসায়ীসকলৰ বৈষয়িক উদ্দেশ্য সম্পর্কে সতর্ক হোৱাৰ লগতে অপসংস্কৃতিৰ সামাজিক আৰু শেষ বিচাৰত ৰাজনৈতিক লক্ষ্য আৰু পৰিণতি সম্পর্কেও আমি সতর্ক থকা উচিত বুলি ধাৰণা হয়। জনৈক ৰুছ লেখকে এই দুয়োটা দিশৰ কথা উল্লেখ কৰি লিখিছে—

“It is easier to sell commercialized culture than true culture, easier to collect bigger audience. And in the ideological sphere, commercialized culture in its present forms cultivates sentiments and norms of behaviour that militate against all efforts to perfect society and social morality, it augments delusions, perpetuates prejudices (৯)

মানুহৰ মন-ৰুচি-আচৰণক নিম্নগামী কৰিব পাৰিলে দুই ধৰণৰ লাভ—, এহাতেদি কম খৰচত অধিক সাংস্কৃতিক পণ্যৰ বিক্ৰী নিশ্চিত হয়; অন্যহাতেদি, মানুহৰ সমাজসচেতনতাক পংগু আৰু নিষ্ক্রিয় কৰি স্থিতাবস্থা অটুট ৰখা সহজ হয়। এই দুই ক্ষেত্ৰত কিশোৰ-সমাজ অপসংস্কৃতিৰ অন্যতম প্রধান চিকাৰ।

আমাৰ সমাজত কিছুমান গভীৰ মনস্তাত্ত্বিক কাৰণে বহু কিশোৰ-কিশোৰী স্থূল অপসংস্কৃতিৰ প্রতি আকৃষ্ট হয় বুলি ধাৰণা কৰিবৰ থল আছে। এই মনস্তাত্ত্বিক কাৰণবোৰৰ সৈতে অৱশ্যে তথাকথিত নিৰ্জ্ঞান-নিবাসী প্রবৃত্তিৰ কোনো সম্পর্ক নাই। আচলতে সমাজৰ পিতৃতান্ত্রিক ব্যৱস্থাই এই মনস্তাত্ত্বিক কাৰণবোৰৰ জনক। আমি জানো, পিতৃতান্ত্রিক ব্যৱস্থাই সমাজত দুই ধৰণৰ ব্যৱধান সৃষ্টি কৰে—, জ্যেষ্ঠ-কনিষ্ঠ ব্যৱধান আৰু নাৰী-পুৰুষ ব্যৱধান। আৰু এই ব্যৱধানৰ পৰাই জন্ম লয় দুই প্রকাৰৰ বিপৰীতধর্মী মানসিক প্রতিক্রিয়া— এফালে প্রতিবাদী প্রৱণতা, আনফালে অনুকৰণৰ স্পৃহা। আমাৰ ধাৰণা, অপসংস্কৃতিৰ প্রতি কিশোৰ-কিশোৰীৰ আকর্ষণ বহুক্ষেত্ৰত বিক্ষুব্ধ কনিষ্ঠ প্রজন্মৰ বিদ্রোহেচ্ছাৰ পৰোক্ষ প্রকাশ। কাৰণ, “One way to indicate emancipation from the parental yoke is to adopt parentally disapproved style of living” (১০)। অন্যহাতেদি, অনুকৰণৰ দ্বাৰা নিজকে প্রাপ্তবয়স্ক বুলি প্রমাণ কৰাৰ প্রৱণতাৰ পৰাও প্রাপ্তবয়স্ক-মার্কা শিল্প-সাহিত্যৰ প্রতি কিশোৰ-কিশোৰী বিশেষভাৱে আসক্ত হোৱাৰ সম্ভাৱনা থাকে। পিতৃতান্ত্রিক সমাজৰ নাৰী-পুৰুষ ব্যৱধানৰ পৰিণতিও প্রায় একে। এই সমাজৰ কিশোৰীসকলে পুৰুষানুকৰণৰ দ্বাৰা নিজকে মুক্ত কৰাৰ প্রৱণতাৰ ফলত অথবা অবদমনমূলক নৈতিক পৰম্পৰাৰ বিৰুদ্ধে প্রতিবাদ জনাবলৈ যাওঁতে অপসংস্কৃতিৰ প্রতি কিছু ক্ষেত্ৰত আকৃষ্ট হ’ব পাৰে। অন্যহাতেদি কিশোৰসকলে নিজৰ স্বকীয়তা অর্থাৎ পুৰুষত্ব প্রমাণ কৰাৰ উদ্দেশ্যেও যৌনতা আৰু হিংস্রতাৰ প্রতি প্রকাশ্য আসক্তি প্রকাশ কৰিব পাৰে (প্রসংগতঃ উল্লেখ্য, পুৰুষত্বৰ প্রধান আভিধানিক অর্থ যৌনক্ষমতা আৰু পৰাক্রম)। কথাবোৰ আমি যিমান সহজভাৱে লিখিছোঁ, মনস্তাত্ত্বিক ক্রিয়া-প্রতিক্রিয়াবোৰ আচলতে সিমান সহজভাৱে নঘটে। এই বিষয়ে যোগ্য ব্যক্তিয়ে বিস্তাৰিতভাৱে আলোচনা কৰিলে কিশোৰ-সমাজত অপসংস্কৃতিৰ ক্ৰমবিস্তাৰৰ মনস্তাত্ত্বিক ভিত্তি সম্পর্কে বোধহয় কিছু নতুন কথা জনা যাব।

আলোচনাৰ এই পৰ্যায়ত উল্লেখ কৰা উচিত হ’ব যে আধুনিক স্থূল অপসংস্কৃতিৰ জনপ্রিয়তাৰ কাৰণে ৰক্ষণশীল যৌন-নৈতিকতাও বহুক্ষেত্ৰত দায়ী। কাৰণ, যৌন-নৈতিকতাৰ চৰিত্ৰ যিমানেই অৱদমনমূলক হ’ব, মানুহৰ— বিশেষকৈ আধুনিক কিশোৰ-কিশোৰীৰ— মনৰ যৌন-অনুসন্ধিৎসা আৰু আগ্রহ সিমানেই বাঢ়ি যাব। বঞ্চিত বা অৱদমিত মনৰ এই আগ্রহ-অনুসন্ধিৎসাই যে ভুল অপসংস্কৃতিৰ ব্যাপক প্রসাৰৰ মনস্তাত্ত্বিক ভিত্তিভূমি গোপনে তৈয়াৰ কৰি দিয়ে সেই বিষয়ে নিশ্চয় সন্দেহৰ কোনো অৱকাশ নাই। ইয়াৰ উপৰিও ৰক্ষণশীল পৰিৱেশত লালিত-পালিত কিশোৰ-কিশোৰীয়ে নিজৰ সামন্ততান্ত্রিক প্ৰমূল্যসমূহ গোপন কৰিবলৈ আৰু ব্যাহিকভাৱে নিজকে আধুনিক হিচাপে প্রতিষ্ঠিত কৰাৰ উদ্দেশ্যেও অপসংস্কৃতিৰ প্রতি প্রকাশ্য আৰু অতিৰিক্ত আসক্তি দেখুৱাব পাৰে (অৱশ্যে ইয়াৰ ফলত নিশ্চয় তেওঁলোকৰ মনত অপৰাধবোধৰ জন্ম হয় আৰু এই অপৰাধবোধজনিত উদ্বেগ-অশান্তি কিশোৰ-মনৰ স্বচ্ছন্দ স্বাভাৱিক বিকাশৰ পক্ষে ক্ষতিকৰ)। এক কথাত আমি ক’ব পাৰোঁ যে আমাৰ ৰক্ষণশীল সমাজৰ অৱদমনমূলক নৈতিকতা আধুনিক অপসংস্কৃতিৰ গোপন, পৰোক্ষ আৰু অসচেতন বন্ধু।

(৪)

বহুতৰ ধাৰণা, সংকীর্ণাৰ্থত আমি যাক অপসংস্কৃতি বোলো তাৰ প্ৰভাৱ-প্রতিক্রিয়া চহৰকেন্দ্ৰিক আৰু উচ্চ শ্ৰেণীৰ মাজতেই সীমাৱদ্ধ। এই ধাৰণা কিন্তু সঠিক নহয়। উচ্চ শ্ৰেণীৰ ধ্যান-ধাৰণা আৰু আচাৰ-অভ্যাসক অনুকৰণ কৰাৰ প্রৱণতা আৰু অন্যান্য কাৰণে আধুনিক স্থূল অপসংস্কৃতি সমাজৰ সাধাৰণ মানুহৰ মাজতো দ্রুতগতিত বিয়পি পৰিছে। সমাজৰ ওপৰ অংশৰ পৰা তললৈ বিয়পি পৰা এই প্রক্রিয়াক আমি অপসংস্কৃতিৰ downward vertical diffusion বুলিব পাৰোঁ। অন্যহাতেদি, গণমাধ্যমৰ প্ৰসাৰ, পৰিবহণ ব্যৱস্থাৰ অগ্রগতি আৰু অন্যান্য কাৰণে চহৰীয়া অপসংস্কৃতি গাঁৱৰ ফালে বিয়পি পৰিছে। এই প্রক্রিয়াক অপসংস্কৃতিৰ horizontal diffusion বুলিব পাৰোঁ। সম্প্ৰসাৰণৰ এই দুই প্রক্রিয়াৰ ফলত গাঁও আৰু চহৰাঞ্চলৰ সাধাৰণ শ্ৰেণীৰ কিশোৰসমাজ অপসংস্কৃতিৰ দ্বাৰা অহৰহ আক্রান্ত হৈছে। ইয়াৰ উপৰিও, মূলতঃ আর্থ-সামাজিক কাৰণে, চহৰ আৰু গ্রামাঞ্চলৰ সমাজৰ ওপৰত অধুনা-জনপ্রিয় স্থূল অপসংস্কৃতিৰ বাহিৰেও দেশীয় অপসংস্কৃতিৰ গভীৰ আৰু ব্যাপক প্রভাৱ এতিয়াও আছে। ঘাইকৈ এইবোৰ সামাজিক কাৰণে আমাৰ সমাজত কিশোৰ-মনে সুস্থ, স্বচ্ছন্দ আৰু সঠিকভাৱে বিকশিত হোৱাৰ নির্বিঘ্ন পৰিৱেশ পোৱা নাই।

কিশোৰ-সমাজৰ এটা বুজন অংশ আজি আংশিক বা সম্পূর্ণভাৱে অপসংস্কৃতিৰ দ্বাৰা আক্রান্ত। এইটো নিশ্চয় এটা বাস্তৱ সামাজিক সমস্যা। কোনো শুভবুদ্ধিসম্পন্ন মানুহে এই সমস্যাক অস্বীকাৰ বা উপেক্ষা কৰিব নোৱাৰে আৰু সমাজত শুভবুদ্ধিসম্পন্ন মানুহ আছে বাবে এই সমস্যা মোকাবিলা কৰাৰ প্ৰতিৰোধ-প্রচেষ্টাও চলিছে। তথাপি আমি মনত ৰখা উচিত হ’ব যে কেৱল ধিক্কাৰ-ধ্বনি বা শ্লোগানেৰে অপসংস্কৃতিৰ বিষাক্ত গ্রাসৰ পৰা কিশোৰ-মনক মুক্ত কিংবা ৰক্ষা কৰা সম্ভৱ নহয়। কিশোৰ-মনৰ সুস্থ সমাজমুখী বিকাশৰ কাৰণে প্রয়োজন জীৱনৰ বিচিত্র অভিজ্ঞতাভিত্তিক, “একঘেয়েমি”-মুক্ত উচ্চমানৰ সৰস প্রগতিশীল সংস্কৃতি। সুখৰ বিষয়, এই শুভ প্রচেষ্টা ইতিমধ্যে আৰম্ভ হৈছে। কোৱা বাহুল্য যে বাস্তৱ সমাজ-সংগ্ৰামৰ পৰা বিচ্ছিন্ন হলে এই শুভ প্রচেষ্টাৰ পৰিণতি ব্যাপক আৰু স্থায়ী হোৱাৰ সম্ভাৱনা কম। কাৰণ, অপসংস্কৃতি ৰোগ নহয়, ৰোগৰ লক্ষণহে।

সূত্র নির্দেশ আৰু প্রাসঙ্গিক টোকা

১. নাৰায়ণ চৌধুৰী, সম্পাদকীয় ভূমিকা, সংস্কৃতি ও অপসংস্কৃতি, কলিকতা, ১৩৮৪, পৃঃ ঙ। স্কুল অপসংস্কৃতিৰ উপাদান ভাৰতীয় ঐতিহ্যত নাই বুলি বহুতেই গর্ববোধ কৰে। এজন লেখকে তেওঁৰ প্রবন্ধ আৰম্ভ কৰিছে এই বাক্যৰে : Frankly speaking, there is a very little tradition of either sex or violence in Indian literature, though the influence of the West has inspired some writers to do some erotic writing.’ (S. Kohil, ‘The Perspective’ in Sex and Violence in Indian Literature and Arts. (Ed, S. Kohil), New Delhi, 1973, p.9)। অলপ পাছতে কিন্তু লেখকে নিজেই তেওঁৰ এই বক্তব্য খণ্ডন কৰিছে। ভাৰতীয় সাহিত্যত sexual violence ৰ অনুপস্থিতিৰ কাৰণানুসন্ধানৰ প্ৰসংগত তেওঁ লিখিছে, “This is perhaps because violence has never been a part of Hindu life, though sex has been. Sex has been a prominent part of ancient Indian literature (Ibid, p. 19)। লেখকৰ ‘violence’ সম্পৰ্কীয় মন্তব্য সর্বজনসমর্থিত হোৱাৰ সম্ভাৱনা নাই।

২. বিভাজন-নীতিৰ দ্বাৰা শাসন কৰাৰ পদ্ধতিৰ ক্ষেত্ৰতো এই ধৰণৰ পক্ষপাতিত্ব দেখা যায়। প্রায় সকলোৱেই এই পদ্ধতিক ব্রিটিছ সম্রাজ্যবাদৰ আমদানি বুলি ভাবে। আমি পাহৰি যাওঁ যে আমাৰ জাতীয় ঐতিহ্যতো এই পদ্ধতি স্বীকৃত। কৌটিল্যই স্বয়ং ভেদ নীতিৰ কথা পৰিষ্কাৰভাৱে কৈ গৈছে (দ্রষ্টব্যঃ P. C. Chunder, Kautilya on Love and Morals, Calcutta, 1970. pp. 80-81)। আচলতে এই পদ্ধতিৰ লগত আমদানি-ৰপ্তানিৰ বিশেষ সম্পর্ক নাই। শাসক শ্ৰেণীৰ বাস্তৱ প্রয়োজনৰ সৈতে ইয়াৰ উদ্ভাৱন আৰু প্ৰয়োগ সম্পর্কিত। ব্রিটিছ-ভাৰতত অৱশ্যে এই পদ্ধতিৰ প্রয়োগ ব্যাপক আৰু সুচতুৰভাৱে কৰা হৈছিল।

৩. পুনৰাবৃত্তিৰ দ্বাৰা মন-নিয়ন্ত্রণ পদ্ধতি সম্পূর্ণভাৱে আধুনিক কালৰ উদ্ভাৱন বুলি মনত নহয়। প্রাচীন ভাৰতৰ কিছু শাসকে এক পদ্ধতিৰ কথা জানিছিল বুলি অনুমান কৰা যায়। অশোকৰ এটা শিলালিপিৰ বক্তব্য এই প্রসংগত স্মর্তব্য, “Some edicts have been inscribed again and again because… men may follow their precepts after hearing them repeatedly (The Edicts of Ashoka, Edited and translated by N. A. Nikam & R. Mckeon, Bombay, 1962, p. 24)।

৪. A. Adler, What Life Should Mean to You, London, 1971, p.134.

৫. K. Lorenz, Civilized Man’s Eight Deadly Sins, London, 1974, p. 57।

৬. অমিতাভ চট্টোপাধ্যায়, “চলচ্চিত্রে অপসংস্কৃতি”, নাৰায়ণ চৌধুৰী সম্পাদিত পূর্বোক্ত গ্রন্থ, পৃঃ ১৫৭।

৭. বীৰেন্দ্র দাস শর্মা, “বাণিজ্যিক চলচ্চিত্রেৰ মনস্তত্ত্ব”, ৰজত ৰায় আৰু সৌমেশ্বৰ ভৌমিক সম্পাদিত, সমাজ ও চলচ্চিত্র, কলিকাতা, ১৯৮০, পৃঃ ১২।

৮. A. S. Vazquez, Art and Society: Essays in Marxist Aesthetics, London, 1973, p. 247।

৯. A. Karaganov, Cinema Ideology Box-office, Moscow, 1974, p.9

১০. W. Kvaraceus and W. B. Miller, “Norm-Violating Behaviour in Middle-class Culture”, in E. W. Vaz (Ed), Middle-class Juvenile Delinquency, New York, 1967, p. 239।

Leave a Reply

Your email address will not be published. Required fields are marked *