অনুবাদকবিতা

যিহেতু মই ছোৱালী, মই পঢ়িব খোজোঁ (মূল-কমলা ভাচিন; অনুবাদ – লক্ষীপ্ৰিয়া গগৈ)

এজন দেউতাকে নিজৰ ছোৱালীজনীক সোধে –
পঢ়িব খোজা? পঢ়িব খোজা? তুমিনো কিয় পঢ়িব খোজা?
পঢ়িবৰ বাবে ল’ৰাবোৰ আছে নহয়, তুমি কিয় পঢ়িব লাগে?
ছোৱালীজনীয়ে দেউতাকক কয়-
সুধিলাই যেতিয়া, শুনা, মই কিয় পঢ়িব খোজোঁ।
যিহেতু মই ছোৱালী, মই পঢ়িব খোজোঁ ।

যিহেতু মোক পঢ়িবলৈ মানা কৰা হৈছে, সেইবাবে পঢ়িব খোজোঁ,
তৰুণত্ব মোৰো আছে, সেইবাবে পঢ়িব খোজোঁ
সপোনবোৰে মোৰ বাগৰ সলাইছে, সেইবাবে পঢ়িব খোজোঁ
কিবা এটা কৰাৰ মই পণ লৈছোঁ, সেইবাবে পঢ়িব খোজোঁ
যিহেতু মই ছোৱালী, মই পঢ়িব খোজোঁ

মই বাট হেৰুৱাই পেলাব নোখোজোঁ, সেইবাবে পঢ়িব খোজোঁ
মই নিজৰ পথেৰে আগুৱাব খোজোঁ, সেইবাবে পঢ়িব খোজোঁ
মই নিজৰ ভয়ৰ সৈতে যুঁজিব খোজোঁ, সেইবাবে পঢ়িব খোজোঁ
মই নিজক নিজেই গঢ়িব খোজোঁ, সেইবাবে পঢ়িব খোজোঁ
যিহেতু মই ছোৱালী, মই পঢ়িব খোজোঁ

বহুতো জোৰ-জুলুমৰ পৰা বাচিব খোজোঁ, সেইবাবে পঢ়িব খোজোঁ
বহুতো আইন চালিজাৰি চাব খোজোঁ, সেইবাবে পঢ়িব খোজোঁ
মই নতুন নিয়ম ৰচিব খোজোঁ, সেইবাবে পঢ়িব খোজোঁ
মই সকলো কথাই সলাই পেলাব খোজোঁ, সেইবাবে পঢ়িব খোজোঁ
যিহেতু মই ছোৱালী, মই পঢ়িব খোজোঁ

প্ৰত্যেকজন জ্ঞানীলোকৰ সৈতে কথা পাতিব খোজোঁ, সেইবাবে পঢ়িব খোজোঁ
মীৰাৰ গীত গাব খোজোঁ, সেইবাবে পঢ়িব খোজোঁ
মই নিজৰ এটি ৰাগ ৰচিব খোজোঁ, সেইবাবে পঢ়িব খোজোঁ
অশিক্ষিতৰ আৰু এতিয়া দিন নাই, সেইবাবে পঢ়িব খোজোঁ
যিহেতু মই ছোৱালী, মই পঢ়িব খোজোঁ ।

Print Friendly, PDF & Email

One thought on “যিহেতু মই ছোৱালী, মই পঢ়িব খোজোঁ (মূল-কমলা ভাচিন; অনুবাদ – লক্ষীপ্ৰিয়া গগৈ)

  • Anirban dutta

    ভাল পালোঁ ৷ অগতানুগতিক কবিতা কিন্তু বিষয়বস্তু একেবাৰে পৰিচিত ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *