ড: অৰ্পণা মহন্তৰ গ্ৰন্থ “নাৰীবাদ”ৰ এক পৰ্যালোচনা ।। ড: কস্তুৰী নাথ
মুক্ত চিন্তা, ১০ম বছৰ, ৬ষ্ঠ সংখ্যা
অসমৰ নাৰীবাদী আন্দোলন বা নাৰীবাদী চিন্তা চৰ্চা প্ৰসাৰৰ কথা আহিলে যিসকল ব্যক্তিৰ নাম প্ৰথমেই মনলৈ আহে, সেইসকল ব্যক্তিৰ ভিতৰত এটা উল্লেখযোগ্য নাম হৈছে ড: অৰ্পণা মহন্ত। প্ৰধানকৈ বিদ্যায়তনিক বাতাৱৰণত নাৰীবাদী চিন্তা ধাৰা আৰু চৰ্চাৰ প্ৰসাৰত গৱেষণা আৰু লিখা মেলাৰ জৰিয়তে অগ্ৰণী ভূমিকা লোৱাৰ ক্ষেত্ৰত ড: অৰ্পণা মহন্তক অসমত নাৰীবাদৰ অন্যতম পথ প্ৰদৰ্শক বুলি ক’লেও ভুল কোৱা নহ’ব। কেৱল তাত্ত্বিক দিশতেই নহয় নাৰীবাদী চিন্তা-চৰ্চাৰ প্ৰায়োগিক দিশৰ লগতো তেখেত জড়িত আছিল। নাৰীবাদক বিষয় হিচাপে লৈ তেখেতে লিখি উলিওৱা বিভিন্ন গ্ৰন্থৰাজীৰ ভিতৰত এখন উল্লেখযোগ্য গ্ৰন্থ হৈছে “নাৰীবাদ”। ডিব্ৰুগড় বিশ্ববিদ্যালয়ে প্ৰকাশ কৰি উলিওৱা গ্ৰন্থখন প্ৰধানকৈ দুটা খণ্ডত বিভক্ত কৰা হৈছে। প্ৰথম খণ্ডত নাৰীবাদৰ ইতিহাস আৰু দ্বিতীয় খণ্ডত নাৰীবাদী চিন্তাধাৰা আৰু নাৰীবাদী তত্ত্বৰ বিষয়ে আলোচনা কৰা হৈছে। প্ৰথম ভাগত লেখকে নাৰীবাদী আন্দোলনৰ ইতিহাসৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতে ইউৰোপ, মাৰ্কিন যুক্তৰাষ্ট্ৰ, ভাৰতবৰ্ষ আৰু অসমকে ধৰি বিশ্বৰ বিভিন্ন ঠাইত আৰম্ভ হোৱা নাৰীবাদী আন্দোলনৰ ইতিহাসৰ বিষয়ে বৰ্ণনা কৰিছে। দ্বিতীয় ভাগত নাৰীবাদী তত্ত্বৰ উদ্ভাৱনৰ আভাস দিয়া হৈছে, য’ত নাৰীবাদী আন্দোলনৰ গতি বা প্ৰভাৱ আৰু নাৰীবাদী তত্ত্বৰ উদ্ভাৱনৰ মাজত সংযোগৰ কথা উল্লেখ কৰা হৈছে। লেখকৰ মতে, “নাৰীবাদী আন্দোলনৰ উদ্দেশ্য কেৱল সামাজিক বন্ধন আৰু নিৰ্যাতন, নিষ্পেষণৰ পৰা মুক্তিয়েই নহয়, নিজৰ অৱস্থাৰ বিষয়ে অজ্ঞতা আৰু ভ্ৰান্ত ধাৰণাৰ জালৰ পৰা মুক্ত হৈ নাৰীবাদী চিন্তাৰ উদ্ভাৱন আৰু বিকাশৰ জৰিয়তে আত্মজ্ঞান লাভ আৰু মুক্তি— এই দুটা প্ৰক্ৰিয়া আৰম্ভণিৰ পৰা প্ৰায় সমান্তৰালভাৱেই চলি আহিছে আৰু এটাৰ অবিহনে আনটো সম্ভৱ নহয়।”
গ্ৰন্থখনৰ প্ৰথম খণ্ডৰ প্ৰথম অধ্যায়টোৰ শিৰোনাম হৈছে “ইউৰোপত নাৰীবাদী আন্দোলনৰ প্ৰথম প্ৰকাশ”। এই অধ্যায়ত ইউৰোপত কিদৰে নাৰীবাদী আন্দোলনৰ সূত্ৰপাত হৈছিল সেই বিষয়ে আভাস দিয়া হৈছে। ওঠৰ শতিকাত ফ্ৰান্সত উন্মেষ ঘটা আলোকপ্ৰাপ্তি (Enlightenment) ৰ যুগৰ সময়ছোৱাত এহাতেদি বিজ্ঞান যুক্তিবাদৰ আধাৰত অন্ধবিশ্বাস বিলুপ্তিকৰণৰ জৰিয়তে আলোকৰ সন্ধান কৰা হৈছে আনহাতেদি সেই আলোকেই এচাম শিক্ষিত মহিলাক অতীতৰে পৰা চলি অহা পৰম্পৰাগত ৰক্ষণশীল নীতি নিয়মসমূহক যুক্তিপূৰ্ণভাৱে ফহিয়াই চোৱাৰ অৱকাশ দিছিল। সেই সময়তে ফৰাচী বিপ্লৱৰ বীজ মন্ত্ৰ— স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধৰ তত্ত্ববোৰ সমাজৰ অন্যান্য শ্ৰেণীৰ সমান্তৰালকৈ মহিলাসকলৰ মাজলৈও বিয়পি পৰিছিল। ওঠৰ শতিকাৰ শেষৰ ফালে মাডাম ৰোলাঁ, আলাম্প ডা গোগে আদিৰ দৰে ফৰাচী মহিলাই সামাজিক ৰাজনৈতিক বিপ্লৱৰ নেতৃত্ব ল’বলৈ ওলাই অহা কথাটোৱে ঐতিহাসিকভাৱে নাৰীবাদী আন্দোলনৰ বীজ ৰোপণ কৰাতো অৰিহণা যোগাইছিল। ডা গোগেৰ মন্তব্য এই ক্ষেত্ৰত উল্লেখযোগ্য। তেখেতে কৈছিল, “মহিলাৰ অধিকাৰৰ ভিতৰত নিজৰ বিশ্বাসৰ হকে পুৰুষৰ দৰে সমানে ফাঁচিকাঠত উঠাৰ অধিকাৰো থাকে।” তেওঁৰ নিজৰ ক্ষেত্ৰতো সেয়া ঘটিছিল। ফৰাচী বিপ্লৱৰ সময়তে ১৭৯১ চনত মহিলাৰ অধিকাৰ বিষয়ক প্ৰথমখন ইস্তাহাৰ “Declaration of the Rights of Women and the French Citizen” প্ৰকাশ হৈ ওলাইছিল।
ফৰাচী বিপ্লৱৰ জৰিয়তে পোখা মেলা নাৰী আৰু মানুহৰ অধিকাৰ প্ৰতিষ্ঠাৰ আৰ্দশই আকৃষ্ট কৰিছিল কাষৰীয়া ইংলেণ্ডৰ এচাম বুদ্ধিজীৱীক। এইসকলৰ মাজৰে এগৰাকী উল্লেখযোগ্য আৰু নাৰী অধিকাৰ সংগ্ৰামৰ গুৰি ধৰোঁতা ব্যক্তি আছিল মেৰী ৱলষ্টনক্ৰাফট যিয়ে নাৰীবাদী চিন্তাৰ বাটকটীয়া গ্ৰন্থ “A Vindication of the Rights of Women” লিখি উলিয়াইছিল। এইদৰেই ফ্ৰান্সৰ পাছত ইউৰোপত, ঊনৈশ শতিকাত ছুইডেন আৰু জাৰ্মানীত নাৰীবাদী চিন্তাৰ উত্থান হৈছিল। একেসময়তে ছুইডেনৰ কেইবাগৰাকীও নাৰীবাদী লেখিকাৰ উপন্যাস সমগ্ৰ ইউৰোপতে চৰ্চাৰ বিষয় হৈ পৰিছিল। নাৰীবাদী চিন্তা চৰ্চাৰ সমান্তৰালভাৱে ইউৰোপত নাৰীবাদী সংগঠনো ক্ৰমান্বয়ে সক্ৰিয় হৈ উঠিছিল।
প্ৰথম খণ্ডৰ দ্বিতীয় অধ্যায়ত লেখিকাই নাৰীবাদী আন্দোলনৰ গতি আৰু স্বৰূপৰ বিষয়ে আলোচনা কৰিছে। এইক্ষেত্ৰত প্ৰথমেই নাম আহে মেৰী ৱলষ্টনক্ৰাফটৰ যিয়ে এহাতেদি নাৰীবাদৰ দলিল স্বৰূপ গ্ৰন্থ”Vindication of the Rights of Women” লিখি খলকনিৰ সৃষ্টি কৰিছিল অন্যহাতেদি মধ্যবিত্তীয় ঘৰৰ সন্তান হৈও সমসাময়িক ৰক্ষণশীল ইউৰোপীয়ান সমাজত বিয়া নকৰাৰ দৰে সিদ্ধান্ত লৈ এগৰাকী স্বাধীন, একক মহিলাৰ জীৱন নিৰ্বাহ কৰিবলৈ সাহস কৰিছিল। মেৰী ৱলষ্টনক্ৰাফটৰ বাহিৰেও আন কেইবাগৰাকীও মহিলা বুদ্ধিজীৱী, লেখিকা এই প্ৰগতিশীল আন্দোলনত চামিল হৈছিল। ৱলষ্টনক্ৰাফটে সেই সময়তেই নাৰীৰ পুৰুষৰ দৰেই নাৰীৰো বিয়াৰ ভিতৰত বা বাহিৰত যৌন স্বাধীনতা থকা উচিত বুলি বিশ্বাস কৰিছিল। বিয়াৰ গণ্ডীৰ বাহিৰত পুৰুষ আৰু মহিলাৰ মাজত প্ৰেমজনিত যৌন সম্বন্ধ থকা কথাটোতো তেখেতে সমৰ্থন কৰিছিল। পুৰুষতান্ত্ৰিক সমাজে ৱলষ্টনক্ৰাফটৰ নাৰীবাদী চিন্তা ধাৰাত বাৰে বাৰে আঘাত সানিবলৈ চেষ্টাৰ ক্ৰটি কৰা নাছিল। ৱলষ্টনক্ৰাফটৰ দৰে নাৰীবাদী চিন্তাৰ অন্য এজন পুৰোধা ব্যক্তিসকল হৈছে জৰ্জ এলিয়ট, যাৰ প্ৰকৃত নাম হৈছে মেৰিয়ান এভন্স। যিহেতু সেই সময়ৰ ৰক্ষণশীল সমাজখনত মহিলাৰ লেখাৰ গুৰুত্ব নাছিল, সেয়েহে তেওঁ পুৰুষৰ ছদ্মনামেৰে লিখা মেলা কৰিছিল। ৱলষ্টনক্ৰাফটৰ পাছতেই উনৈশ শতিকাৰ মাজভাগত আৰম্ভ হোৱানাৰীবাদী আন্দোলনে অতদিনে নাৰীয়ে বঞ্চিত হৈ থকা সকলো ধৰণৰ অধিকাৰৰ বিষয়েই নাৰী সমাজক সজাগ কৰি তুলিছিল আৰু পৰৱৰ্তী পৰ্যায়ত তাৰেই ফলশ্ৰুতিতে নাৰীয়ে অৰ্থনৈতিক অধিকাৰ, ভোটদানৰ অধিকাৰ, ৰাজনীতিত অংশগ্ৰহণৰ অধিকাৰ আদি বিষয়ৰ দৰে কিছু কিছু ক্ষেত্ৰত অধিকাৰ লাভ কৰিবলৈ সক্ষম হয়।
গ্ৰন্থখনৰ তৃতীয় অধ্যয়ত লেখকে মাৰ্কিন যুক্তৰাজ্যত নাৰী অধিকাৰ আন্দোলনৰ আৰম্ভণি আৰু গতিপথ সম্পৰ্কে আলোকপাত কৰিছে। মাৰ্কিন যুক্তৰাজ্য আৰু ইংলেণ্ডৰ নাৰী অধিকাৰ আন্দোলনৰ মাজত কিছু সামঞ্জস্য আছিল। মাৰ্কিন যুক্তৰাজ্যত নাৰী অধিকাৰ আন্দোলনৰ উৎপত্তিৰ লগত মদ নিবাৰণী আন্দোলন আৰু দাসপ্ৰথা বিলোপকৰণ আন্দোলনৰ ওতপ্ৰোতসম্পৰ্ক আছে। মাৰ্কিন যুক্তৰাজ্যত নাৰী অধিকাৰ আন্দোলনৰ দুগৰাকী অগ্ৰণী নেত্ৰী আছিল কেডি ষ্টেণ্টন আৰু চুজাৰ বি এণ্টনী যিয়ে আন্দোলনৰ উৎপত্তি সম্পৰ্কে বিৱৰণী দি থৈ গৈছে। দুয়ো লগলাগি নাৰীৰ ভোটাধিকাৰ দাবীৰ বাবে “American Suffrage Association” নামৰ সংগঠন গঢ়ি তুলিছিল আৰু নেতৃত্ব দিছিল। এইদৰে ইংলেণ্ডৰ দৰে মাৰ্কিন যুক্তৰাজ্যতো নাৰী অধিকাৰ আন্দোলনৰ হেঁচাত মহিলাসকলৰ অধিকাৰৰ দাবীসমূহ এটা এটাকৈ পূৰণ হ’বলৈ ধৰিছিল। শিল্প বিপ্লৱে ইউৰোপৰ মহিলাৰ জীৱনলৈ অনাৰ দৰে ঊনৈশ শতিকাত দুটা যন্ত্ৰ চিলাই কল আৰু টাইপৰাইটাৰে মাৰ্কিন যুক্তৰাজ্যৰ নাৰীৰ সন্মুখতো কৰ্ম সংস্থাপনৰ নতুন বাট মুকলি কৰিলে। যিহেতু সেই সময়ত মহিলা শ্ৰমিকক কম পাৰিশ্ৰমিকত অধিক সময় কামত খটুওৱা হৈছিল সেয়েহে চিকাগো চহৰত ১৮৬০ চনত নিৰ্যাতিত শ্ৰমিক মহিলাই কৰা ধৰ্মঘটটোৱেই নাৰী আন্দোলনৰ লগতে শ্ৰমিক আন্দোলনৰ ইতিহাসত বিশেষভাৱে উল্লেখযোগ্য। কুৰি শতিকাত চাইকেল, মটৰগাড়ী প্ৰযুক্তিৰ আৰ্ৱিভাবে আৰু মহিলাই তাক চলাবলৈ শিকাৰে পৰা মাৰ্কিন মহিলাৰ পৰম্পৰাগত পোছাকলৈও যথেষ্ট পৰিৱৰ্তন আহে। উল্লেখযোগ্য যে মাৰ্কিন যুক্তৰাজ্যৰ মহিলাৰ মাজত চাইকেল চলোৱাটো জনপ্ৰিয় হোৱাৰ সময়তে ১৮৯৭ চনত অসমৰ নগাঁও চহৰৰ মিছন স্কুলৰ মিছনেৰীৰ পত্নী শ্ৰীমতী জেছী মূৰেও জীৱন সংগীৰ পৰা ৰেবিজ চাইকেল এখন উপহাৰ পাই চলাবলৈ শিকে। সেই সময়ত নাৰী আন্দোলনৰ লক্ষ্য নাগৰিক হিচাপে পুৰুষৰ সৈতে সমতা স্থাপন কৰাহে আছিল— যৌন স্বাধীনতা, প্ৰজনন ক্ষমতাৰ ওপৰত নিয়ন্ত্ৰণ, ঘৰুৱা আৰু হিংসা, নিৰ্যাতনৰ পৰা মুক্তি আদি বিষয়বোৰ তেতিয়া নাৰী অধিকাৰ আন্দোলনত অন্তৰ্ভুক্ত হোৱা নাছিল।
চতুৰ্থ অধ্যায়ত লেখকে ভাৰতত নাৰীবাদী আন্দোলনৰ সূত্ৰপাত সম্পৰ্কে আলোচনা কৰিছে। উল্লেখযোগ্য যে ভাৰতত নাৰী অধিকাৰৰ বিষয়টো পোনপ্ৰথমে পুৰুষৰ মুখতহে উচ্চাৰিত হৈছিল।বাল্য বিবাহ, সতীদাহ প্ৰথা, পৰ্দা প্ৰথা আদিৰ দৰে কুসংস্কাৰে ভাৰতীয় নাৰীৰ জীৱন বিষময় কৰি তুলিছিল। ইংৰাজ শাসক লৰ্ড ৱিলিয়াম বেণ্টিংকে ১৮২৯ চনত সতীদাহ প্ৰথা নিষেধ আইন প্ৰণয়নৰ পৰা আৰম্ভ কৰি বিভিন্নজন সমাজ সংস্কাৰক যেনে ৰাজা ৰামমোহন ৰায়, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ, এম. জি. ৰানাডে, জ্যোতিৰাও ফুলে, দয়ানন্দ সৰস্বতী আদিয়ে ভাৰতীয় নাৰীৰ অৱস্থা উন্নীত কৰাৰ বাবে অহৰহ চেষ্টা চলাইছিল। ভাৰতত নাৰীবাদী আন্দোলনৰ প্ৰাৰম্ভিক অৱস্থাত পুৰুষ সংস্কাৰকসকলৰ মাজত মাত্ৰ এগৰাকী নাৰী ব্যতিক্ৰমী হৈ জিলিকি উঠিছিল, তেওঁ হৈছে ৰামাবাই সৰস্বতী। ৰামাবায়ে “The High Caste Hindu Women” নামৰ গ্ৰন্থৰ জৰিয়তে ভাৰতীয় নাৰীৰ অৱস্থা,বাল্য বিবাহ, বিধৱা নিগ্ৰহ আদি বিষয় বিশ্ববাসীৰ আগত দাঙি ধৰে। এই অধ্যায়ত লেখকে ভাৰতীয় নাৰীৰ ৰাজনীতিত অংশগ্ৰহণ, মহিলা আলোচনী আৰু মহিলা লেখক, মহিলা সংগঠন, ভাৰতৰ স্বাধীনতা আন্দোলনত নাৰীৰ ভূমিকা আৰু নাৰী অধিকাৰ আন্দোলনৰ প্ৰাৰম্ভিক পৰ্য্যায়ৰ ছবি এখন তুলি ধৰাৰ চেষ্টা কৰিছে।
পঞ্চম অধ্যায়ত লেখকে অসমৰ নাৰী আন্দোলনৰ প্ৰথম পৰ্যায় সম্পৰ্কে আলোচনা কৰিছে। ১৯২৬ চনত গঠিত হোৱা অসমৰ প্ৰথমটো আঞ্চলিক নাৰী সংগঠন আছিল “অসম মহিলা সমিতি”। অসমত নাৰীবাদী আন্দোলনৰ মূল প্ৰবক্তা আছিল চন্দ্ৰপ্ৰভা শইকীয়ানী যি কংগ্ৰেছৰ সক্ৰিয় কৰ্মী হোৱাৰ লগতে স্বাধীনতা আন্দোলনতো মহিলা নেত্ৰী হিচাপে কৃতিত্ব আৰ্জিছিল। এই অধ্যায়ত লেখকে অসমত স্ত্ৰী শিক্ষাৰ প্ৰবৰ্তনৰ ইতিহাস, প্ৰথম অসমৰ মহিলা আলোচনীৰ জন্ম কাহিনী, অসমত মহিলা সমিতিৰ কাম কাজ, চন্দ্ৰপ্ৰভা শইকীয়ানীৰ ভূমিকা ইত্যাদি সৰ্ম্পকে আলোকপাত কৰিছে।
ষষ্ঠ অধ্যায়ত লেখকে নাৰীবাদী আন্দোলনৰ দ্বিতীয় পৰ্যায়ৰ বিষয়ে আলোকপাত কৰিছে। নাৰীবাদী আন্দোলনৰ প্ৰথম পৰ্যায়ৰ সামৰণি ঘটে কুৰি শতিকাৰ আগভাগতে। ফৰাচী নাৰীবাদী লেখক ছিমুন ডা বোভোৱাই লিখি উলিওৱা যুগান্তকাৰী গ্ৰন্থ “The Second Sex” য়ে ইউৰোপীয় সমাজত সমসাময়িক নাৰীৰ প্ৰকৃত অৱস্থাৰ এখন হতাশাজনক চিত্ৰহে দাঙি ধৰে, যি কথা গ্ৰন্থখনৰ শিৰোনামতে পৰিস্ফূট হয়। দুই লিংগৰ ভিতৰত পুৰুষক সদায় প্ৰথম আৰু নাৰীক দ্বিতীয় লিংগ হিচাপেই বিবেচনা কৰা হয়। এই “দ্বিতীয় লিংগ” শব্দই প্ৰতীকাত্মকভাৱে অনেক কথাই বুজাইছে। এই অধ্যায়ত লেখকে এই গ্ৰন্থ বিভিন্ন ভাষালৈ অনুবাদ হোৱাৰ পাছত কি ধৰণৰ জোৱাৰ আনিছিল সেই সম্পৰ্কে আলোচনা কৰিছে। ১৯৬০ ৰ দশকত ইংলেণ্ড আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰত নাৰীবাদী দৃষ্টিভংগীৰে ৰচনা কৰা কেইবাখনো গ্ৰন্থৰ কথাও লেখকে উনুকিয়াইছে যিয়ে নাৰী মুক্তিৰ বৌদ্ধিক চৰ্চাত অৰিহণা যোগাইছিল। দ্বিতীয় পৰ্যায়ৰ নাৰীবাদী আন্দোলনৰ বিশেষত্ব আছিল প্ৰথমবাৰৰ বাবে এটা নাৰীকেন্দ্ৰিক দৃষ্টিভংগীৰ উদ্ভাৱন। এই সময়ছোৱাতেই ইমান দিনে উপেক্ষিত নাৰী অধ্যয়নৰ বিষয়টোক উচ্চ শিক্ষাৰ ক্ষেত্ৰত অন্য পৰম্পৰাগত বিদ্যায়তনিক শৃংখলাৰ লগত সমান মৰ্যদা দিয়া হয়।
গ্ৰন্থখনৰ সপ্তম আৰু অষ্টম অধ্যায়ত লেখকে ভাৰত আৰু অসমৰ নাৰীবাদী আন্দোলনৰ দ্বিতীয় পৰ্যায়ৰ সম্পৰ্কে আলোচনা কৰিছে। ১৯৭৫ চনত ভাৰতৰ নাৰীৰ সামাজিক অৱস্থাৰ বিষয়ে ৰাষ্ট্ৰসংঘত দাখিল কৰা “Report On the Status of Women in India” নামৰ প্ৰতিবেদনখন ভাৰতৰ দ্বিতীয় পৰ্যায়ৰ নাৰীবাদী আন্দোলনৰ এক ঐতিহাসিক দলিল। এই প্ৰতিবেদনত ভাৰতীয় নাৰীৰ শোচনীয় অৱস্থা স্পষ্ট ছবি এখন দেখা পোৱা গৈছিল। দ্বিতীয় পৰ্যায়ৰ নাৰীবাদী আন্দোলনৰ কাৰ্যসূচীয়ে মহিলাৰ ওপৰত হোৱা ধৰ্ষণ, নিৰ্যাতন, লিংগ ভিত্তিক হিংসা ইত্যাদি বিৰোধ আৰু তাৰ লগত জড়িত আইনী অধিনিয়মসমূহ সামৰি লৈছে। দ্বিতীয় পৰ্যায়ৰ নাৰীবাদী আন্দোলনৰ কাৰ্যসূচীৰ কেন্দ্ৰ আছিল প্ৰধানকৈ মুম্বাই, দিল্লী, কলকাতা আৰু হায়দৰাবাদৰ দৰে ডাঙৰ চহৰ যদিও এই নাৰীবাদী আন্দোলন কেৱল চহৰতে আবদ্ধ বুলি ক’ব পৰা নাযায়। এই সময়তে “পৰিৱেশ নাৰীবাদ” নামৰ অৱধাৰণাৰো আৰম্ভণি ঘটিছিল। এই অধ্যায়ত লেখকে আন্তৰ্জাতিক নাৰী দিৱসৰ তাৎপৰ্য আৰু ইতিহাস সম্পৰ্কেও আলোচনা কৰিছে।
ভাৰতৰ অন্যান্য ৰাজ্যৰ দৰেই অসমতো নাৰীবাদী চিন্তা চৰ্চাৰ দ্বিতীয় পৰ্যায় আৰম্ভ হৈছিল। অসমতো বিভিন্ন উচ্চ শিক্ষানুষ্ঠানৰ লগতে কৰ্মস্থানতো মহিলাৰ অংশগ্ৰহণৰ সংখ্যা বৃদ্ধি পাইছিল। অসমত লেখিকা সমাৰোহৰ ইতিহাস, অসমৰ ৰাজনীতিত নাৰীৰ অংশগ্ৰহণ, নাৰীবাদী গৱেষণা ইত্যাদি বিষয়ৰ আলোচনা এই অধ্যায়ত সামৰি লোৱা হৈছে।
গ্ৰন্থখনৰ দ্বিতীয় খণ্ডত লেখকে প্ৰধানকৈ চাৰিটা অধ্যায় সামৰি লৈছে। সেই অধ্যায় কেইটা হৈছে নাৰীবাদৰ তাত্ত্বিক চিন্তাৰ অংকুৰণ, আধুনিক নাৰীবাদী চিন্তাধাৰা: তত্ত্ব আৰু প্ৰাথমিক ধাৰণা, নাৰীবাদী চিন্তাৰ উত্তৰণ: লিঙ্গ ধাৰণাৰ উৎপত্তি আৰু প্ৰভাৱ আৰু ভাৰতীয় নাৰীবাদী চিন্তাৰ বিকাশ আৰু বৰ্তমান স্থিতি সম্পৰ্কে আলোকপাত কৰিছে। দ্বিতীয় পৰ্যায়ৰ প্ৰথম খণ্ডত লেখকে নাৰীবাদী তত্ত্বৰ বিকাশত ভাৰ্জিনিয়া উল্ফৰ গ্ৰন্থ “A Room of One’s Own” আৰু ছিমোন ডা বোভোৱাৰ “The Second Sex” গ্ৰন্থৰ ভূমিকা সম্পৰ্কে আলোচনা কৰিছে। এই প্ৰসংগতে উল্ফ আৰু বোভোৱাৰ দৃষ্টিভংগীৰ মাজত থকা পাৰ্থক্যৰ সম্পৰ্কেও লেখকে আলোচনা কৰিছে। দ্বিতীয় খণ্ডত লেখকে আধুনিক নাৰীবাদী চিন্তাধাৰা সম্পৰ্কে আলোচনা কৰিবলৈ যাওঁতে বেটি ফ্ৰায়ডেনেৰ “The Feminine Mystique” ৰ প্ৰসংগ টানি আনিছে। নাৰীবাদৰ দুই তত্ত্ব উদাৰবাদী নাৰীবাদ আৰু চৰমপন্থী নাৰীবাদৰ বিষয়েও এই অধ্যায়ত লেখকে আলোচনা কৰিছে। উল্লেখযোগ্য যে সত্তৰৰ দশকৰ পৰা নাৰীবাদী চিন্তাৰ গতি আন্দোলনৰ পৰা গৱেষণা কেন্দ্ৰলৈ স্থানান্তৰিত হয়। এনেধৰণৰ গৱেষণাত প্ৰধানকৈ পুৰুষতন্ত্ৰৰ দমন, বিবাহ ব্যৱস্থা, নাৰীৰ অৰ্থনৈতিক পৰনিৰ্ভৰশীলতা আদি বিষয়বোৰে স্থান লাভ কৰে। তৃতীয় অধ্যয়ত লেখকে নাৰীবাদী চিন্তাৰ উত্তৰণ: লিংগ ধাৰণাৰ উৎপত্তি আৰু প্ৰভাৱৰ বিষয়ে আলোচনা কৰিছে। উল্লেখযোগ্য যে সত্তৰৰ দশকৰ পাছৰপৰা নাৰীবাদী অধ্যয়ন ক্ষেত্ৰখনৰ অভূতপূৰ্ব সালসলনি ঘটে। একে সময়তে নাৰী অধ্যয়ন বিষয়টোত আধুনিকতাবাদী আৰু উত্তৰ আধুনিকতাবাদী ধ্যান ধাৰণা আৰু গৱেষণা পদ্ধতিৰ সংযোজন ঘটে। এই অধ্যায়ত লেখকে গঠনবাদী ভাষাতত্ত্বৰ লগত জড়িত এটা বিষয় লিংগ বৈপৰীত্যৰ সম্পৰ্কে আলোচনা কৰিছে। এই ক্ষেত্ৰত লেখকে ভাষাবিদ ফাৰ্ডিনাণ্ড ড ছছ্যুৰ, সমাজবিজ্ঞানী লেভি ষ্ট্ৰছ, ছিগমাণ্ড ফ্ৰয়েড, এঙ্গেলছ ইত্যাদি চিন্তাবিদে আগবঢ়োৱা বিভিন্ন তত্ত্বৰ বিষয়ে আলোচনা কৰাৰ সমান্তৰালভাৱে সমাজতাত্ত্বিক, মনস্তাত্বিক দৃষ্টিভংগীৰো আশ্ৰয় লৈছে।
একেসময়তে লেখকে কৃষ্ণাঙ্গ নাৰীবাদ আৰু শ্বেতাংগ নাৰীবাদৰ প্ৰসংগও উপস্থাপন কৰিছে। গ্ৰন্থখনৰ শেষৰ অধ্যায়ত লেখকে ভাৰতীয় নাৰীবাদী চিন্তাৰ বিকাশ আৰু বৰ্তমান স্থিতি সম্পৰ্কে আলোচনা কৰিছে। এই অধ্যায়ত লেখকে স্বাধীনতাৰ আগৰ পৰা স্বাধীনতাৰ পৰবৰ্তী কালত ভাৰতত নাৰীবাদী চিন্তাৰ গতি প্ৰকৃতি সম্পৰ্কে আলোকপাত কৰিছে।
গ্ৰন্থখনৰ উপসংহাৰত লেখকে নাৰীবাদী চিন্তাধাৰা কিদৰে বৌদ্ধিক জগতৰ স্বীকৃত চিন্তাধাৰালৈ গতি কৰিলে সেই সম্পৰ্কে আলোচনা আগবঢ়াইছে। সৰ্বোপৰি ক’ব পাৰি যে নাৰীবাদৰ দৰে বিষয় এটাৰ ইতিহাসৰ পৰা আৰম্ভ কৰি বৰ্তমান পৰ্যায়লৈকে, ইউৰোপ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰা আৰম্ভ কৰি ভাৰত আৰু অসমলৈকে, নাৰী আন্দোলনৰ পৰা আৰম্ভ কৰি তাত্ত্বিক দিশলৈকে সমগ্ৰ দিশ সামৰি অসমীয়া ভাষাত দীৰ্ঘদিনে প্ৰয়োজন হৈ থকা নাৰীবাদৰ এখন হাত পুথিৰ অভাৱ এই গ্ৰন্থই দূৰ কৰিলে।

