আচোঁৰ (মূল ইংৰাজী : উপাসনা বৰদলৈ; অনুবাদ : কৌশিক দাস)
দৈত্য আৰু ৰাক্ষসৰ সাধু শুনি শুনি ডাঙৰ হৈছিলোঁ মই।
সেউজীয়া টেলেকা টেলেকা চকুৰ সেই প্ৰাণীবোৰ,
নাইবা দীঘল নখৰ ডাইনী এজনী লুকাই আছিল
মোৰ বিচনাৰ তলৰ অন্ধকাৰ চুকত
মোক কিন্তু কোনেও সাৱধান কৰি দিয়া নাছিল
আন কিছুমানৰ প্ৰতি—
যিবোৰৰ সেউজীয়া টেলেকা চকু নাছিল,
অথবা নাছিল দীঘল নখ,
মোক সাৱধান কৰা নাছিল কিছুমানৰ প্ৰতি—
যিবোৰে অলিয়ে-গলিয়ে তহল দি থাকিছিল
দিনৰ উজ্জ্বল আলোকত
অথবা সন্ধিয়াৰ মুনিচুনি পোহৰত
মই শুব পৰা নাছিলোঁ বহু দিন বহু নিশা,
যেন কোনোবাই মোৰ ছালখন
আলুৰ বাকলিৰ নিছিনাকৈ কটাৰি এখনেৰে এৰুৱাই নিয়ে—
কাণত পৰে মামৰে ধৰা পুৰণি চাইকেল এখনৰ
কৰ্কৰ্ কৰ্কৰ্ কৰ্কশ শব্দ
বতাহে কোবোৱা সেই আবেলিটোৱে
মোক অজগৰ এডালৰ দৰে মেৰিয়াই ধৰে,
চেপি ধৰে বাৰে বাৰে,
দিনে নিশাই
সেই বতাহজাকে কঢ়িয়াই আনে
মামৰে ধৰা ঘেগেলা চাইকেলখনৰ
অজান-অদ্ভুত কৰ্কৰ্ শব্দ,
হঠাতে মোৰ কাণত পৰে
ভয়াবহ অস্ফুট চেঁপা গোঁজৰণি এটা—
বগা ৰুমালেৰে ঢকা এখন মুখ,
আৰু মোৰ বুকুত ক’লা আচোঁৰৰ দাগ…
তাতেই মই স্থাণু হৈ ৰৈ গৈছিলোঁ।
নিসাৰ উদ্ভ্ৰান্ত হৈ…..