অতিথি সম্পাদকৰ চ'ৰাতৃতীয় বছৰতৃতীয় বছৰ (প্ৰথম সংখ্যা)

অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত চৰ-চাপৰিবাসীৰ ভূমিকা (ফজল আলী আহমেদ)

অসমৰ চৰ-চাপৰিত বসবাস কৰা সকলৰ পূৰ্বপুৰুষসকলে অবিভক্ত ভাৰতবর্ষৰ বংগৰ পৰা অসমলৈ আহিছিল, সেয়া সময় আছিল ১৯০০ চনৰ আশে-পাশে। এই ক্ষেত্ৰত ইংৰাজসকলে এওঁলোকক পাঁচটকীয়া ফেমিলি কাৰ্ড আৰু Grow more food  নীতিৰ জৰিয়তে আমদানি কৰি অসমৰ পতিত হৈ পৰি থকা ব্ৰহ্মপুত্ৰৰ চৰ-চাপৰিৰ দ অঞ্চলত সংস্থাপন কৰিছিল৷ উল্লেখযোগ্য যে চৰ-চাপৰিৰ উক্ত লোকসকলক অসমৰ পুৰণি বাসিন্দাসকলৰ লগত ইংৰাজ সকলে মুঠেই মিলিব দিয়া নাছিল। তাৰ বাবেই ১৯১৬ চনত নগাঁও জিলাত আৰু ১৯২০ চনত বৰপেটা মহকুমাত লাইন প্ৰথা প্ৰয়োগ কৰিছিল । আনপিনে ১৯০৫ চনৰ পৰা ১৯১২ চনলৈ পূৰ্ব-বংগৰ ঢাকাত ইংৰাজসকলে অসমৰ ৰাজধানী পাতিছিল।
১৮৯২ চনত অসমৰ লগত বংগৰ ৰেল সংযোগ কৰা হয় আৰু ১৮৪৭ চনৰ পৰা অসমত ব্ৰহ্মপুত্ৰৰে জাহাজ চলাচল আৰাম্ভ হয়৷ বংগৰ পৰা অনেক বাংলাভাষী শিক্ষিত লোক ইংৰাজ আমোলত অসমৰ অফিচ আদালতত কাম কৰিবলৈও আহে৷ ফলত ১৮৩৬ চনৰ পৰা ১৮৭২ চনলৈ অসমৰ অফিচ আদালতত বাংলা ভাষা প্ৰচলিত হৈছিল। অৱশ্যে ইয়াৰ উপৰিও বাংলা প্ৰচলন সম্পৰ্কে আন কিছু কাৰকৰ কথাও জনা যায়৷ ইংৰাজসকলে উক্ত ৰেল আৰু জাহাজেৰে পূৰ্ব-বংগৰ পৰা অতি গৰীৱ কৃষকসকলক আমদানি কৰিছিল। পূর্ব-বংগৰ পৰা আমদানিকৃত উক্ত কৃষকসকলে বাংলাভাষা ক্ৰমাৎ পৰিত্যাগ কৰি স্থানীয় অসমীয়া ভাষা সংস্কৃতি গ্ৰহণ কৰে। চৰ-চাপৰিত বাস কৰা বংগীয় মূলৰ উক্ত গৰীৱ মুছলমানসকলে কেতিয়াৰ পৰা অসমত অসমীয়া মাধ্যমৰ বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল তাৰ সঠিক তথ্য জনা নাযায় যদিও নগাঁও জিলাৰ আলী টাঙনিত ওচমান আলী সদাগৰে সৰ্বপ্ৰথম ১৯০২ চনত মোক্তৱ স্কুল খোলে। সেই খনেই ১৯১০ চনত ২৬৫ নং অসমীয়া মাধ্যমৰ এল পি স্কুল বুলি জনা যায়৷ ইয়াৰ পিছত ১৯১৩ চনত বৰপেটা জিলাৰ ৰাঙাপানীত অসমীয়া মাধ্যমৰ বিদ্যালয়, ১৯২১চনত চাকলাত আৰু হেলাপাকুুৰীত, ১৯২৬ চনত গুনিয়ালগুৰিত অসমীয়া মাধ্যমৰ বিদ্যালয় প্ৰতিষ্ঠা কৰা হয় ৷ তদুপৰি, ১৯২৫ চনত সোনতুলিৰ পূৰান গাঁৱত অসমীয়া মাধ্যমৰ প্ৰাথমিক বিদ্যালয়, ১৯২৯ চনত ঢকুৱাত অসমীয়া মাধ্যমৰ এম ই স্কুল, ১৯২৮ চনত কুজাৰপানীত অসমীয়া মাধ্যমৰ এল পি স্কুল ১৯৩৪ চনত আলোপতি চৰত, ১৯৩৭ চনত আণ্ডাভাংগা চৰ আদি কৰি অনেক ঠাইত অসমীয়া মাধ্যমৰ প্ৰাথমিক বিদ্যালয় প্ৰতিষ্ঠা জাতি গঠনত সহযোগ কৰে।
আনপিনে ১৯৪০ চনত আম্বিকাগিৰি ৰায় চৌধুৰীৰ লগত আলোচনা মৰ্মে চৰ-চাপৰিৰ ৯ জন মুখিয়াল ব্যক্তিয়ে ১৯৪১ চনৰ লোক গননাত (ছেনছাছত) চৰ-চাপৰিৰ জনসাধাৰণক অসমীয়া ভাষা-ভাষী বুলি লিখিবলৈ সেই সময়ৰ অসমৰ প্ৰধানমন্ত্ৰী (মুখ্যমন্ত্ৰী) লৈ আবেদন জনাইছিল। তেওঁলোকে লিখিছিল এইদৰে-
” শ্ৰীযুত অসমৰ প্ৰধানমন্ত্ৰী মান্যবৰেষু,
    মহোদয়,
            অধীন বৰপেটা মহকুমাৰ ইমিগ্ৰেন্ট প্ৰজাবৃন্দৰ সবিনয় নিবেদন এই যে, আমালোকে ২৫/৩০ বছৰ হ’ল অসমত স্থায়ী ভাবে বসতি কৰি আছো।  আমালোকৰ ল’ৰা ছোৱালী বিলাকক অসমীয়া ভাষাত শিক্ষা দিছো, আৰু আমালোকেও বহুতে অসমীয়া ভাষা শিকিছো, তদুপৰি যিবিলাকে অসমীয়া ভাষা নাজানে সিবিলাকেই নিশা স্কুল পাতি অসমীয়া ভাষা শিকিবলৈ ধৰিছে।
   গতিকে মহোদয়ে ১৯৪১ চনৰ চেন্সাচত আমাক অসমীয়া ভাষা-ভাষী আৰু অসমীয়া বুলি ধৰাৰ কাৰণে গোহাৰি জনালো ৷ ইতি…….
আবেদনকাৰী প্ৰজাবৃন্দৰ চহী…..
১:- ৰিয়াজুদ্দিন আহমেদ, সাং হাউলী বজাৰ,
২:- গাৰগালি সৰকাৰ, সাং ৰায়পুৰ, লোকেল বোৰ্ড মেম্বৰ,
৩:- পিয়াৰ উল্লা সৰকাৰ, ভূতপূৰ্ব লোকেল বোৰ্ড মেম্বৰ, সাং মাজগাঁও পল্লাৰপাৰ,
৪:- আব্দুল মজিদ খা, ছেক্ৰেটাৰী কুজাৰপিঠ মাইনৰ স্কুল,
৫:- আলী আমজাদ খা, সাং বেতবাৰী,
৬:- হাবিবুল্লা মুন্সী, সাং হাতিদানা দলগাও,
৭:- দায়মুল্লা সৰকাৰ, সাং কলাবাৰী,
৮:- আমিৰ আলী সৰকাৰ, সাং ৰায়পুৰ,
৯:- কালিমুদ্দিন সেখ, পণ্ডিত ৷
এওঁলোকে অধিক উৎসাহেৰে ৰিয়াজুদ্দিন আহমেদে হাউলী অঞ্চলত, পিয়াৰ উল্লা সৰকাৰে মাজগাঁওত, আব্দুল মজিদ খানে কুজাৰপীঠত, আলী আমজাদ খানে বেতবাৰীত, অসমীয়া মাধ্যমৰ হাইস্কুল প্ৰতিষ্ঠাত নেতৃত্ব বহন কৰে৷ লগতে হাউলীৰ নুৰ মহম্মদ খানে ১৯২১ চনত হেলাপাকুৰীত অসমীয়া মাধ্যমৰ মোক্তব স্কুল খোলে, ১৯৩১ চনত এম ই মাদ্ৰাছা আৰু ১৯২৭ চনত হাউলী মজলীয়া বিদ্যালয় খনো প্ৰতিষ্ঠা কৰে৷
“অসমৰ পটভূমি বৰ নগৰৰ ঐতিহ্য” নামৰ গ্ৰন্থত প্ৰয়াত যাদৱ চন্দ্ৰ দাসে চৰ-চাপৰিৰ জনসাধাৰণৰ বিষয়ে লিখিছে ‘১৯৩৯ চনত মজিদ খান চাহাবৰ প্ৰচেষ্টাতেই কুজাৰপীঠ মধ্য ইংৰাজী বিদ্যালয়খনো প্ৰতিষ্ঠা হয়। বৰ্তমানলৈ হাইস্কুললৈ উন্নতি হৈছে। নতুন পুৰণি তেতিয়াৰ অসমীয়া সমাজখনক সংহতিৰ সেতুৰে সন্মিলীত কৰি জাতীয়তাৰ এক সুঁতিলৈ আনিবলৈ গঠনমূলক কাৰ্যসূচীৰো উদ্যোগী আছিল মজিদ খান। এশ শতাংশ মূল সুঁতিৰ অসমীয়া হিন্দু অঞ্চলৰ ভৱানীপুৰী হাইস্কুলৰ প্ৰতিষ্ঠাপক সভাপতি আৰু সৰুপেটা হাইস্কুলৰ প্ৰতিষ্ঠাপক কাৰ্যকৰী সদস্যও আছিল তেওঁ ৷’ তদুপৰি মজিদ খান চাহাবে বি, এইচ, কলেজ, ভৱানীপুৰ আঞ্চলিক কলেজ আদি অনেক শিক্ষানুষ্ঠানৰ লগতো জড়িত থাকি অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ প্ৰতি অপৰিসীম অৱদান আগবঢ়াইছিল। আনহাতে ১৯৩৮ চনতেই নৱম বছৰ ষষ্ঠ সংখ্যা ‘আৱাহন’ আলোচনীৰ পাতত চৰ-চাপৰিৰ সন্তান মৌলবী বন্দে আলীয়ে অসমীয়া কবিতাৰ মাজেৰেও নিজকে অসমীয়া বুলি পৰিচয় দিছিল ৷
” নহও চৰুৱা মই নহও পমুৱা..
  আমিও যে হলো অসমীয়া….
  অসমৰ জলবায়ু অসমৰ ভাষা….
  সকলোৰে সমান ভগীয়া। ‘…….
  চেনেহী অসম মাতৃয়ে দিছে স্তন্য ধাৰা…
  আনন্দতে নাচে মোৰ হিয়া……
  গাও আহা সমস্বৰে আমি অসমীয়া….
  নোহো আৰু মৈমন সিঙীয়া….
এনেদৰেই চৰ-চাপৰিৰ মহান ব্যক্তিসকলৰ অসীম প্ৰচেষ্টাত ১৯৩১ চনত ৩৬ শতাংশ থকা অসমীয়া ভাষাই ১৯৫১ চনত ৬২ শতাংশলৈ বৃদ্ধি পায় আৰু দীঘলীয়া পৰাধীনতাৰ পৰা অসমীয়া ভাষাক উদ্ধাৰ কৰে। একেদৰেই বিহুকো ব্যপক ভাবে আদৰি লৈছে। ব’হাগৰ আগমনৰ লগে লগে অসমৰ অন্যান্য অঞ্চলৰ লগতে চৰ-চাপৰিৰ মাজতো বিহুৰ ব্যপক প্ৰস্তুতি চলে। এই ক্ষেত্ৰত পথ-প্ৰদৰ্শক হিচাপে সোনতলী অঞ্চলত ১৯৮৫ চনৰ পৰাই, আলোপতি চৰত ১৯৯০ চনৰ পৰাই, কুজাৰপীঠত আৰু ধুবুৰী জিলাৰ হাটছিঙিমাৰীত ১৯৯৪ চনৰ পৰাই অসমৰ জাতীয় উৎসৱ বিহু পালন কৰি অসম আৰু অসমীয়া জাতিৰ প্ৰতি একাত্মতা প্ৰকাশ কৰি আহিছে ৷ বৰ্তমান সময়ত কয়াকুছি, কলগাছিয়া মন্দিয়া আদি চৰ-চাপৰিৰ জনগোষ্ঠীৰ মাজত বিহুৰ কৰ্মশালাও অনুষ্ঠিত কৰি ব্যপক সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ অসমীয়া জাতি গঠন প্ৰক্ৰিয়া এনেদৰে ব্যপক সম্প্ৰসাৰণ হৈ থকা সময়তে অসমৰ একাংশ লোকে পূৰ্ব-পৰিকল্পিতভাৱে চৰ-চাপৰিবাসীক সন্দেহযুক্ত বাংলাদেশী, বিদেশী আদিৰে অত্যাচাৰ চলাই আহিছে ৷ অথচ এইসকল লোক শতাধিক বছৰ আগতেই অখণ্ড ভাৰতবর্ষৰ এখন ৰাজ্যৰ পৰা আনখন ৰাজ্যলৈ প্ৰব্ৰজন কৰিছিল, তেওঁলোক অহা নাছিল কোনো বিদেশী ৰাষ্ট্ৰৰ পৰা৷ সাম্প্ৰতিক কালত ডি ভোটাৰৰ নামতো চৰ-চাপৰিৰ লোকসকলৰ ওপৰত চৰকাৰীভাৱেই ব্যপক হাৰাশাস্তি কৰা হৈ আছে। আমি আশা কৰো অচিৰেই চৰ-চাপৰিৰ উক্ত সমস্যাবোৰ সমাধান কৰি অসমীয়া জাতি গঠন প্ৰক্ৰিয়া আগবঢ়াই নিয়াত চৰকাৰে আন্তৰিকতা প্ৰদৰ্শন কৰিব ৷
তথ্য সংগ্ৰহ :-
১‌। অসমৰ জাতীয় জীৱন আৰু অভিবাসী অসমীয়া মুছলমান…. ইছমাইল হোছেইন।
২‌। অভিবাসী অসমীয়া মুছলমানৰ সমাজ আৰু সংস্কৃতি…. ফজল আলী আহমেদ।
৩‌। অনুপ্রৱেশ অসম আন্দোলনৰ আদি কথা…. আব্দুল মান্নান।
৪‌।  চৰ – চাপৰি… সম্পাদনা… ইছমাইল হোছেইন।
৫‌।  চৰ – চাপৰি বাসী প্ৰকৃততে অসমীয়া…. ফজল আলী আহমেদ ৷
৬‌।  চৰ – চাপৰিৰ সমাজ আৰু অসমৰ মুছলমান… ৰেজাউল কৰিম।

Leave a Reply

Your email address will not be published. Required fields are marked *