অসমীয়া চলচ্চিত্ৰৰ গীত – (মনজিৎ ৰাজকোঁৱৰ)
অসমীয়া চলচ্চিত্ৰৰ আৰম্ভণিয়েই সাংগীতিক। প্ৰথমখন অসমীয়া চলচ্চিত্ৰ ‘জয়মতী’তেই সৰু-ডাঙৰ মিলি প্ৰায় এক ডজন গীত। আজিও সকলোৰে মুখে মুখে সেই গীতবোৰ – ‘লুইতৰে পানী যাবি অ’ বৈ’, ‘মোৰে ভাৰতৰে মোৰে সপোনৰে’, ‘সোণৰে পালেঙত অ’ মনেতৰা’, ‘আগবাৰীত ফুলিলে সোণে মোৰ চম্পা’, ‘খোপাতে পিন্ধিম মই বিজুলীৰে ফুল’….। জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই চিৰসেউজ গীতকেইটাত কন্ঠ নিগৰালে দিলীপ শৰ্মা আৰু তেওঁৰ দুই ভগ্নী মিনতি শৰ্মা আৰু আৰতি শৰ্মাই। তাতোকৈ ডাঙৰ কথা ‘জয়মতী’ত সন্নিৱিষ্ট হ’ল ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ দুটি গীত – ‘ল’ৰা বুঢ়া কাক কয় ডালিমী নুবুজে তাক’ আৰু ‘পৰ্বতৰ ঢেকীয়া লিহিৰিপতীয়া’, লগতে চন্দ্ৰকুমাৰ আগৰৱালাৰ এটি গীত – ‘অসমা সুষমা নিৰুপমা’। ১৯৩৫ চনৰ ১০ মাৰ্চত কলকাতাৰ ৰৌনাক চিত্ৰগৃহত মুক্তি লাভ কৰা ‘জয়মতী’য়ে অসমীয়া চলচ্চিত্ৰৰ লগতে চলচ্চিত্ৰৰ সংগীতৰো দুৱাৰ মুকলি কৰিলে। তেতিয়াৰপৰা এতিয়ালৈ অসমীয়া সংগীতে চলচ্চিত্ৰৰ জৰিয়তে লাভ কৰিলে প্ৰায় ৩০০০ গীত।
১৯৩৯ চনৰ ৩০ জুলাইত গুৱাহাটীৰ সতী টকিজত মুকলি হ’ল দ্বিতীয়খন অসমীয়া চলচ্চিত্ৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘ইন্দ্ৰমালতী’। ‘ইন্দ্ৰমালতী’ৰ পৰ্দাত দেখা গ’ল এটা সাংগীতিক যুগ সূচনা কৰিবলৈ ওলাই অহা শিশু ভূপেন হাজৰিকাক। জ্যোতিপ্ৰসাদৰ ফ্ৰেমত বন্দী হৈ ৰ’ল ‘বিশ্ববিজয়ী নৱজোৱান’ গীতটোত ভূপেন হাজৰিকাৰ কন্ঠ আৰু অভিনয়। ‘ইন্দ্ৰমালতী’ৰ আৰু এটা গীত ‘মোৰে মন বনতে তই কি বাঁহী বজালি’ আজিও শ্ৰোতাৰ মুখে মুখে। ভাৰতীয় চলচ্চিত্ৰৰ ইতিহাসতেই এইটো অতি বিৰল যে একোটা ভাষাত মুক্তি লাভ কৰা প্ৰথম দুখন চলচ্চিত্ৰৰ গীত ৮০ বছৰৰ পিছতো সমানেই জনপ্ৰিয়।
জ্যোতিপ্ৰসাদ ৰচনাৱলীত জ্যোতিপ্ৰসাদৰ গীত সন্দৰ্ভত ড০ সত্যেন্দ্ৰনাথ শৰ্মাই লিখিছে – ‘… ভাব আৰু অনুভূতিৰ বিচিত্ৰতা, ভাষাৰ মধুৰ মৃদু গুণ আৰু ব্যঞ্জনা, ভাবানুসৰি সুৰ আৰু কল্পনাৰ সৌষ্ঠৱ জ্যোতিপ্ৰসাদৰ সৰহভাগ গীতত অনুভৱ কৰা যায়। জ্যোতিপ্ৰসাদ একাধাৰে কবি আৰু সংগীতজ্ঞ হোৱাৰ কাৰণে এইটো সম্ভৱ হৈছিল। ভাৰতীয় ধ্ৰুপদী সঙ্গীত আৰু পাশ্চাত্য সঙ্গীতৰ লগত জ্যোতিপ্ৰসাদৰ বৰ গভীৰ পৰিচয় হয়তো নাছিল; কিন্তু মোটামুটিভাৱে দুয়োটা সঙ্গীতধাৰা তেওঁ জানিছিল। তদুপৰি অসমীয়া লোকসঙ্গীতৰ লগত তেওঁৰ আছিল আজন্ম সম্পৰ্ক। অসমীয়া লোকসঙ্গীতৰ সুৰ-মাধুৰ্য আৰু বৈচিত্ৰ্যত প্ৰচুৰ সাঙ্গীতিক সম্ভাৱনাকে কেনেকৈ আধুনিক গীতত ৰূপায়ণ কৰিব পাৰি, সেই বিষয়ে তেওঁৰ সৃষ্টিকামী প্ৰতিভাই বাট বিচাৰি লয়। দৰাচলতে অসমীয়া সঙ্গীতৰ মৌলিক ৰূপ অব্যাহত ৰাখি পাশ্চাত্য সঙ্গীতৰ দুই-এটা বৈশিষ্ট্য আমাৰ সঙ্গীতৰ লগত সমন্বিত কৰি পথ প্ৰদৰ্শকৰূপে জ্যোতিপ্ৰসাদে আমাৰ সঙ্গীতক গতিদান কৰি গৈছে।’ অসমীয়া সঙ্গীতলৈ জ্যোতিপ্ৰসাদৰ অৱদান এটা বিশাল অধ্যায়। মাথোঁ দুখন চলচ্চিত্ৰৰ যোগেদিও তেওঁ শ্ৰোতাক দি গ’ল বহুকেইটা সোণসেৰীয়া গীত।
পিছে, তৃতীয়খন চলচ্চিত্ৰ ‘মনোমতী’ৰ গীতে শ্ৰোতাক আপ্লুত কৰিব নোৱাৰিলে। ‘মনোমতী’য়ে মুক্তিলাভ কৰে ১৯৪১ চনৰ ৩ এপ্ৰিলত। ৰোহিণী বৰুৱাৰ চলচ্চিত্ৰ ‘মনোমতী’ৰ সঙ্গীত কমল নাৰায়ণ চৌধুৰীৰ আৰু গীতৰ ৰচনা প্ৰভাত শৰ্মাৰ। চলচ্চিত্ৰখনৰ ‘হিয়া নাওখনি বাই যা তই’ আৰু ‘খোলা দেউল দুৱাৰ খোলা’ গীত দুটাত কন্ঠদান কৰিছিল কমল নাৰায়ণ চৌধুৰীয়ে। ড০ দিলীপ কুমাৰ দত্তই বিষ্ণুপ্ৰসাদৰ প্ৰসাদত ‘মনোমতী’ৰ গীত সন্দৰ্ভত লিখিছে – ‘সেই গীতকেইটাৰ সুৰৰ আধাৰ অসমৰ থলুৱা সুৰ নহৈ উত্তৰ ভাৰতীয় হিন্দুস্থানী গীতৰ সুৰ। পৰিৱেশনৰ পিনৰপৰাও তাত সেই সময়ৰ প্ৰখ্যাত গায়ক ছাইগলৰ প্ৰভাৱ দেখা যায়। তথাপি সেয়া উচ্চাংগ বা শাস্ত্ৰীয় সংগীতৰ দৰে নহয়। সেইকেইটা আছিল উত্তৰ ভাৰতীয় সুৰৰ সমন্বয়ত ৰূপ দিয়া আধুনিক অসমীয়া গীত।’ ‘মনোমতী’ৰ সঙ্গীত পৰিচালক কমল নাৰায়ণ চৌধুৰীয়ে নিৰ্মাণ কৰা পৰৱৰ্তীখন অসমীয়া চলচ্চিত্ৰ ‘বদন বৰফুকন’। চলচ্চিত্ৰখন ছবিগৃহলৈ আহে ১৯৮৭ চনৰ ১৫ এপ্ৰিলত। ‘বদন বৰফুকন’ৰ সঙ্গীত পৰিচালনা গৌৰ গোস্বামীৰ। পিছলৈ ১৯৭২ চনত চৌধুৰীয়ে নিৰ্মাণ কৰে প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন চলচ্চিত্ৰ ‘ভাইটি’, যিখনৰ সঙ্গীত আছিল অজিত সিংহৰ।
ইয়াৰ পিছতেই দেশে স্বাধীনতা লাভৰ ধামখুমীয়াৰ মাজতেই ১৯৪৭ চনৰ ৬ ছেপ্টেম্বৰত গীতিকবি পাৰ্বতিপ্ৰসাদ বৰুৱাৰ পৰিচালনা আৰু সঙ্গীতেৰে মুক্তিলাভ কৰে ‘ৰূপহী’য়ে। ‘ৰূপহী’ত অভিনয়ো কৰিছিল পাৰ্বতিপ্ৰসাদে। ‘ৰূপহী’ৰ ‘নোবোলো তোক সোণৰ অসম’, ‘জোনাক জোনাক শীতল জোনাক’, ‘বজালে আহিনে বাঁহী নে বীণ’, ‘অকলশৰীয়া বাটৰুৱা’, ‘তোৰ নাই যে বন্ধোৱা বাট’ আদি গীতবোৰত কন্ঠদান কৰিছিল চাৰু বৰদলৈ, তৰুণ হাজৰিকা, পুণ্য কোঁৱৰ, দুৰ্গা ফুকন আদি শিল্পীয়ে। পৰৱৰ্তী সময়ত এই গীতবোৰ ভূপেন হাজৰিকাৰ কন্ঠত বাণীবদ্ধ হোৱাত জনপ্ৰিয় হোৱাৰ লগতে চিৰকাললৈ ৰৈ গ’ল।
ইয়াৰ পিছতেই ছবিগৃহলৈ আহিল অসমীয়া চলচ্চিত্ৰৰ আৰম্ভণিৰ সময়ছোৱাৰ আটাইতকৈ জনপ্ৰিয় চলচ্চিত্ৰ ‘চিৰাজ’। লক্ষ্মীধৰ শৰ্মাৰ গল্পৰ আধাৰত বিষ্ণুপ্ৰসাদ ৰাভা আৰু ফণী শৰ্মাই পৰিচালনা কৰা ‘চিৰাজ’ ছবিঘৰলৈ আহে ২৯৪৮ চনৰ ১৬ জানুৱাৰিত। ‘চিৰাজ’ৰ সঙ্গীত পৰিচালক বিষ্ণুপ্ৰসাদ ৰাভা, সহকাৰী সঙ্গীত পৰিচালক ভূপেন হাজৰিকা আৰু শিৱপ্ৰসাদ ভট্টাচাৰ্য। ‘চিৰাজ’ৰ ভূপেন হাজৰিকাৰ ৰচনা আৰু কন্ঠৰে ‘অগ্নিযুগৰ ফিৰিঙতি মই’, ‘কঁপি উঠে কিয় তাজমহল’ আৰু শিৱপ্ৰসাদ ভট্টাচাৰ্যৰ ৰচনা আৰু কন্ঠৰে ‘আৰু নবজাবি বীণ বাটৰুৱা’ কুৰি শতিকাৰ এমুঠিমান শ্ৰেষ্ঠতম গীতৰ ভিতৰতে লেখত পৰা গীত।
‘চিৰাজ’ৰ এবছৰ পিছতেই মুক্তি লাভ কৰে প্ৰবীণ ফুকন পৰিচালিত ছবি ‘পাৰঘাট’। ‘গন্ধৰ্ব’ নামেৰে চলচ্চিত্ৰখনৰ সঙ্গীত পৰিচালনা কৰে পুৰুষোত্তম দাসে। ছবিখনৰ কমল নাৰায়ণ চৌধুৰী আৰু মলয়া দাসৰ কন্ঠত ‘পুৱাৰে মলয়া মন জুৰণীয়া’, ভূপেন হাজৰিকাৰ কন্ঠৰ ‘কাৰ আকাশৰ ৰামধেনুখনি’ আদি গীতে সেই সময়ত খলকনি তুলিছিল।
১৯৫০ চনৰ ছবি ‘বিপ্লৱী’। ‘মমতা’, ‘সফৰ’, ‘খামোচী’, ‘অন্নদাতা’ আদি সফল হিন্দী ছবি আৰু ‘পঞ্চতপা’, ‘জীবনতৃষ্ণা’, ‘দীপ জ্বেলে খাই’, ‘উত্তব়ফাগুণী’ৰ দৰে জনপ্ৰিয় বাংলা ছবিৰ নিৰ্মাতা অসিত সেনে আত্মজীৱনী স্মৃতিব় সোণালী ব়েখাত উল্লেখ কৰা অনুসৰি ‘বিপ্লৱী’য়ে চিত্ৰগৃহত মুক্তি লাভ নকৰিলে। অৱশ্যে ‘বিপ্লৱী’ৰ প্ৰিমিয়াৰ অনুষ্ঠিত হৈছিল শ্বিলঙত। ভূপেন হাজৰিকা আৰু সঙ্গীবৃন্দৰ কণ্ঠত বাণীবদ্ধ হোৱা ছবিখনৰ ‘অ’ পৃথিৱীৰ অ’ ভাৰতীৰে স্বাধীনচিতীয়া দল’, শিৱপ্ৰসাদ ভট্টাচাৰ্যৰ কন্ঠত ‘ধূলিৰ ধৰাত আপোন পাহৰি’কে ধৰি দুটিমান গীত এতিয়াও শুনিবলৈ পোৱা যায়। চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছিল শিৱপ্ৰসাদ ভট্টাচাৰ্যই। অসমীয়া চলচ্চিত্ৰৰ জন্মলগ্নৰপৰা এই সময়ছোৱালৈ নিৰ্মিত হোৱা চলচ্চিত্ৰসমূহৰ সংগীতে কাটি দিয়া বাটেৰে পৰৱৰ্তী দশকটোত চিৰসেউজ গীতেৰে মুক্তি লাভ কৰিলে বহুকেইখন সংগীতমধুৰ চলচ্চিত্ৰই। ১৯৫০ৰপৰা ১৯৬০ চনৰ ভিতৰত নিৰ্মিত প্ৰায় কুৰিখন চলচ্চিত্ৰৰ অধিকাংশৰে সংগীতেই আদিও মুহি ৰাখিছে শ্ৰোতাক। চলচ্চিত্ৰৰ সংগীত পৰিচালকৰূপে এই দশকটোত ভূমুকি মাৰিলে ভূপেন হাজৰিকা, ব্ৰজেন বৰুৱা আৰু মুকুল বৰুৱাই। জনপ্ৰিয় হ’ল ‘ৰুণুমী’, ‘পিয়লি ফুকন’, ‘সৰাপাত’, ‘স্মৃতিৰ পৰস’, ‘এৰাবাটৰ সুৰ’, ‘মাক আৰু মৰম’, ‘ধুমুহা’, ‘চাকনৈয়া’, ‘আমাৰ ঘৰ’, ‘পুৱতি নিশাৰ সপোন’কে ধৰি বহুকেইখন চলচ্চিত্ৰৰ সংগীত।
‘ৰুণুমী’ (১৯৫৩)ৰ সংগীত পৰিচালক আছিল দৰ্পনাথ শৰ্মা। নাটশিল্পী সুৰেশ গোস্বামীয়ে পৰিচালনা কৰা ‘ৰুণুমী’ৰ প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল এটি বৰগীত। ‘তেজৰে কমলাপতি’ বৰগীতটো গাইছিল শেৱালী দেৱীয়ে। ‘ৰুণুমী’ৰ আটাইতকৈ জনপ্ৰিয় গীতটো হ’ল – ‘ফাগুনৰে পছোৱাই আঁচলকে উৰুৱায়’। আইভি বৰুৱাই কন্ঠদান কৰা গীতটোৰ গীতিকাৰ নৱ বৰুৱা। ‘ৰুণুমী’ৰ পিছতেই সংগীতমধুৰ চলচ্চিত্ৰ হিচাপে নাম ল’ব লাগিব ‘পিয়লি ফুকন’ (১৯৫৫)ৰ। ‘পিয়লি ফুকন’ ভূপেন হাজৰিকাৰ সংগীত পৰিচালিত দ্বিতীয়খন চলচ্চিত্ৰ। প্ৰথমখন আছিল ‘সতী বেউলা’। জনপ্ৰিয় হ’ল চলচ্চিত্ৰখনৰ ‘ৰমকে জমকে আছিল মোৰ অসমী’, ‘উজাই বুৰে দিলে শিহু কি ঘঁৰিয়াল’, ‘দুখৰো উপৰি দুখ’, ‘অ হো হো মহহো’, ‘গাঁৱৰে জীয়ৰী সপোন সুন্দৰী’ গীতকেইটা। ভূপেন হাজৰিকাৰ সৈতে গীতকেইটাত কন্ঠ নিগৰালে গুণদা দাসে। সুকন্ঠী গায়িকা গুণদা দাসে পৰৱৰ্তী সময়ত ‘সৰাপাত’ বোলছবিত গোৱা ‘অনুৰাগে ৰঞ্জিত মন’, ‘ভক্তপ্ৰহ্লাদ’ চলচ্চিত্ৰৰ ‘কিনো শুৱনি তোমাৰ মুখখনি’, ‘মাটিৰ স্বৰ্গ’ চলচ্চিত্ৰত গোৱা ‘দিগন্তৰ পাৰে পাৰে বগাকৈ বগলী উৰে’ আদি গীতবোৰে আজিও শ্ৰোতাক নষ্টালজিক কৰি তোলে।
১৯৫৬ চনৰ ৬৫ মাৰ্চৰ মুক্তি লাভ কৰে আনোৱাৰ হুছেইনৰ চলচ্চিত্ৰ ‘সৰাপাত’। ‘সৰাপাত’ৰ সংগীত পৰিচালক মুকুল বৰুৱা। পৰৱৰ্তী সময়ত বৰুৱাই ‘তেজীমলা’, ‘চাকনৈয়া’, ‘কোলাহল’কে ধৰি কেইখনমান চলচ্চিত্ৰৰ সংগীত পৰিচালনা কৰে। অসমীয়া আধুনিক গীতক গীতিকাৰ আৰু সুৰকাৰৰূপে এক নতুন মাত্ৰা প্ৰদান কৰা মুকুল বৰুৱাৰ সুৰত ‘সৰাপাত’ত কন্ঠ নিগৰায় লক্ষ্যহীৰা দাসে কেইবাটাও গীতত। তাৰে ভিতৰত ‘এৰি দিয়া প্ৰিয় মই যাওঁ’, ‘তোমাৰ সুৰে সুৰে গীত গাই যাওঁ’ – এই গীতকেইটাই জনপ্ৰিয়তাৰ অভিলেখ গঢ়ে। ‘সৰাপাত’ৰ মুক্তিৰ পিছৰ সপ্তাহতে চিত্ৰগৃহলৈ আহে ‘স্মৃতিৰ পৰশ’। ব্ৰজেন বৰুৱাৰ সংগীত পৰিচালিত প্ৰথমখন ছবি ‘স্মৃতিৰ পৰশ’। এই ছবিখনতে প্ৰথম নেপথ্য গায়কৰূপে কন্ঠ নিগৰালে ৰমেন বৰুৱাই। ৰমেন বৰুৱাই গোৱা ‘অজান বেথাৰ লাগি শিহৰণ ঘনে ঘনে কঁপে হিয়া’ অসমীয়া চলচ্চিত্ৰৰ গীতৰ ভিতৰতে এটা ভাবগধুৰ সমধুৰ গীত। অসমীয়া লোকসংগীত অতি সূক্ষ্ম আৰু নিখুঁতভাৱে ব্যৱহাৰ কৰে ব্ৰজেন বৰুৱাই ‘অ’ আই আমাৰ কপালতে ৰঙা সেন্দূৰেৰে তিলক আঁকি দিয়া’ গীতটোত। কেৱল সেয়াই নহয়, ‘স্মৃতিৰ পৰশ’ত পোনপ্ৰথমবাৰৰ বাবে অসমীয়া চলচ্চিত্ৰত ব্যৱহাৰ কৰা হয় বিহু আৰু হিন্দী গীত। কেশৱ মহন্তই লিখিছিল এটি বিহু ‘অ’ মোৰে দেহিটি ঐ’, আনহাতে বীৰেন্দ্ৰ নাথ দত্তই লিখিছিল এটি হিন্দী গীত – ‘হেই ছলক পৰি চান্দিনী’। পৰৱৰ্তী সময়ত ব্ৰজেন বৰুৱাই অসমৰ প্ৰথমখন ভক্তিমূলক ছবি ‘ভক্ত প্ৰহ্লাদ’ (১৯৬৮), প্ৰথমখন অসমীয়া হাস্যৰসৰ ছবি ‘ইটো সিটো বহুতো’ (১৯৬৩), সামাজিক পাৰিবাৰিক ছবি ‘আমাৰ ঘৰ’ (১৯৫৯), ‘মাক আৰু মৰম’ (১৯৫৭)ৰ সংগীত পৰিচালনা কৰে। পিছলৈ চলচ্চিত্ৰ পৰিচালনাত অধিক মনোনিবেশ কৰা ব্ৰজেন বৰুৱাৰ চলচ্চিত্ৰ ‘ডাঃ বেজবৰুৱা’ (১৯৬৯) , ‘মুকুতা’ (১৯৭০), ‘ললিতা’ (১৯৭২), আৰু ‘ওপজা সোণৰ মাটি’ (১৯৭২)ৰ সংগীত পৰিচালনা কৰে ৰমেন বৰুৱাই।
১৯৫৬ৰ ৩০ নৱেম্বৰ মুক্তিলাভ কৰে ভূপেন হাজৰিকা পৰিচালিত প্ৰথমখন ছবি ‘এৰাবাটৰ সুৰ’। কথা, সুৰ, গায়কীৰে চলচ্চিত্ৰখনৰ গীতবোৰ ইটোতকৈ সিটো চৰা। লতা মঙ্গেশকাৰে গোৱা ‘জোনাকৰে ৰাতি’ শ্ৰেষ্ঠ অসমীয়া গীতৰ অন্যতম। ‘সাগৰ সঙ্গম’ত গীতটো ভূপেন হাজৰিকাৰ অন্যতম শ্ৰেষ্ঠ গীত। হেমন্ত মুখোপাধ্যায়ৰ সৈতে ভূপেন হাজৰিকাৰ ‘গুম গুম গুম গুম মেঘে গৰজিলে’, সন্ধ্যা মুখাৰ্জীৰ সৈতে ভূপেন হাজৰিকাৰ ‘জনকপুৰৰ জানকী’, লতা আৰু হেমন্তৰ সৈতে ভূপেন হাজৰিকাৰ ‘ৰ’দ পুৱাবৰ কাৰণে’ প্ৰতিটো গীতেই আজিও সকলোৰে মুখে মুখে।
১৯৫৭ চনৰ চলচ্চিত্ৰ ‘মাক আৰু মৰম’ৰ বাবে গীত লিখিছিল হীৰেন ভট্টাচাৰ্যই। ব্ৰজেন বৰুৱাই সংগীত পৰিচালনা কৰা এইখন চলচ্চিত্ৰতে আছিল দুটা হিন্দী গীত। গীত দুটা লিখিছিল নুৰুল হকে। পৰৱৰ্তী সময়ত নুৰুল হকে ‘মানৱ আৰু দানৱ’, ‘আদালত’, ‘অভিযান’, ‘উপগ্ৰহ’, ‘ৰজনীগন্ধা’, ‘অনুতাপ’কে ধৰি বহুকেইখন অসমীয়া চলচ্চিত্ৰৰ গীত ৰচনা কৰে। জনপ্ৰিয় হৈছিল ‘মাক আৰু মৰম’ৰ কেশৱ মহন্তই ৰচনা কৰা হিৰন্ময় বৰাই গোৱা ‘জোশহাই এ চুমা এটি দে’ গীতটো। সেই বছৰেই মুক্তি লাভ কৰে ফণী শৰ্মাৰ চলচ্চিত্ৰ ‘ধুমুহা’। গীতৰ ৰচনা আৰু সুৰ আছিল ভূপেন হাজৰিকাৰ। ছবিখনৰ বহুকেইটা গীতৰ ভিতৰত ‘পৰহি পুৱাতে টুলুঙা নাৱতে’ গীতটো অসমীয়া শ্ৰোতাৰ চিনাকী। পিছে মন্টু ঘোষ আৰু গায়ত্ৰী দেৱীয়ে গোৱা ‘ধুমাষ্টাৰ ৰঙৰ নতুন পাহিৰ’ গীতটো যিয়েই এবাৰ শুনিছে পাহৰিব নোৱাৰে। ভূপেন হাজৰিকাৰ ৰোমান্টিক গীতসমূহৰ ভিতৰতে এক অনবদ্য সৃষ্টি এই গীতটো।
১৯৫৮ চনৰ ‘ৰঙা পুলিচ’ৰ মহিবুদ্দিন আহমেদ ‘তগৰ’-এ গোৱা ‘ৰঙা পুলিচ আমি ৰঙা পুলিচ’, ‘ভক্ত প্ৰহ্লাদ’ত ব্ৰজেন বৰুৱাৰ কন্ঠৰ ‘হৰি চৰণ দিয়া হে’ সেই বৰ্ষৰ উল্লেখযোগ্য গীত। ১৯৫৯ত মুক্তি লাভ কৰা ‘কেঁচাসোণ’ৰ সংগীত পৰিচালনা কৰিছিল ভূপেন হাজৰিকাই। চাহ বাগানৰ পটভূমিত নিৰ্মিত চলচ্চিত্ৰখনত ব্যৱহাৰ কৰা হৈছিল ঝুমুৰ। জনপ্ৰিয় হৈছিল ‘ৰিমঝিম ৰিমঝিম ৰিমঝিম বৰষুণে নেপুৰ বজাই ক’ত’, ‘নতুন নতুন সাহ’ গীত দুটাও। বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱা প্ৰথমখন অসমীয়া চলচ্চিত্ৰ ‘পূবেৰুণ’ (১৯৫৯)ৰ সংগীত পৰিচালনা কৰিছিল তাৰিকুদ্দিন আহমেদে। ইউচুফ হাজৰিকা, মলিন বৰা, আলিমুন্নিচা পিয়াৰে কৰা চলচ্চিত্ৰখনত কন্ঠ নিগৰাইছিল পশ্চিমবঙ্গৰ জনপ্ৰিয় কন্ঠশিল্পী প্ৰতিমা বন্দোপাধ্যায় আৰু নিৰ্মলা মিশ্ৰই। সেই বছৰেই মুক্তি লাভ কৰা ‘চাকনৈয়া’ৰ সঙ্গীত পৰিচালক আছিল মুকুল বৰুৱা। ছবিখনৰ গীত ৰচনা কৰিছিল চৈয়দ আব্দুল মালিক, লক্ষহীৰা দাস, দুৰ্গেশ্বৰ বৰঠাকুৰ, অনিল ৰায়চৌধুৰী আৰু কেশৱ মহন্তই। ছবিখনৰ মিহিৰ বৰদলৈৰ কন্ঠৰ ‘দহে দহে বিশ টকা হ’ল’ আৰু লবংগ বৰাৰ কন্ঠৰ ‘সুৰৰে পানচৈ চলে ধীৰে ধীৰে’ গীত দুটা আজিও শুনা যায়। ১৯৫৯ চনতে মুক্তি লাভ কৰা নিপ বৰুৱাৰ চলচ্চিত্ৰ ‘আমাৰ ঘৰ’ৰ বাবে গীত লিখিছিল পদ্ম বৰকটকী, লক্ষ্যধৰ চৌধুৰী, তফজ্জুল আলি আৰু কেশৱ মহন্তই। পূৰৱী দেৱীয়ে গোৱা ‘এই জোন জোনালী’, পূৰবী আৰু পাৰুল দেৱীয়ে গোৱা ‘আমাৰ ঘৰলৈ যাওঁ’, সমবেত কন্ঠৰ ‘শুনা মোৰ জীৱন চাকি’ চলচ্চিত্ৰখনৰ উল্লেখযোগ্য গীত। বছৰটোৰ শেষলৈ ছবিগৃহলৈ আহিছিল ফণী শৰ্মাৰ ‘পুৱতি নিশাৰ সপোন’। ভূপেন হাজৰিকাৰ সৈতে গীত গাইছিল পশ্চিমবঙ্গৰ জনপ্ৰিয় কন্ঠশিল্পী ইলা বসুৱে। ‘কঁহুৱা বন মোৰ অশান্ত মন’ আৰু ‘সোঁৱৰণী মোৰ ৰাঙলী জীৱনৰ’ চলচ্চিত্ৰখনৰ দুটি জনপ্ৰিয় গীত।
পৰৱৰ্তী দশকত ছবিগৃহলৈ আহিল প্ৰথমখন আংশিক ৰঙীন ছবি ‘শকুন্তলা’। ভূপেন হাজৰিকাই পৰিচালনা কৰা ‘শকুন্তলা’ৰ ‘প্ৰথম প্ৰহৰ ৰাত্ৰি’ গীতটো চিত্ৰগ্ৰহণ কৰা হৈছিল ৰঙীন ৰূপত। বাকী চলচ্চিত্ৰখন ক’লা-বগা। ইলা বসুৰ কন্ঠৰ ‘নৱমল্লিকাৰ হেঁপাহ জানো পলাব’, ‘বনৰে পখীটি’, ভূপেন হাজৰিকাৰ কন্ঠৰ ‘বিৰাজে কি সাজে’, ‘পিতৃগৃহ ত্যাগি আই মোৰ’ চলচ্চিত্ৰখনৰ উল্লেখযোগ্য গীত। ১৯৬১ চনৰে আৰু এখন চলচ্চিত্ৰ ‘লাচিত বৰফুকন’। চলচ্চিত্ৰখনত প্ৰখমবাৰৰ বাবে কন্ঠদান কৰে দীপালী বৰঠাকুৰে। দীপালী বৰঠাকুৰৰ কন্ঠত জনপ্ৰিয় হৈ পৰে ‘যৌৱনে আমনি কৰে’ গীতটো। চলচ্চিত্ৰখনৰ আৰু এটা জনপ্ৰিয় গীত ‘এই মাটিতে মৰোঁ যদি দেশৰ হকে যুঁজোতে’ গাইছিল লক্ষহীৰা দাস, ৰমেন বৰুৱা, দীপালী বৰঠাকুৰ আৰু ৰেণু বৰঠাকুৰে।
১৯৬৩ চনৰ চলচ্চিত্ৰ ‘মাটিৰ স্বৰ্গ’ৰ সংগীত পৰিচালনা কৰিছিল জিতেন দেৱ আৰু বীৰেন্দ্ৰ ফুকনে। কবি নৱকান্ত বৰুৱাই ৰচনা ‘জীৱনৰ এই সংকেত কিয়নো সাজিব খুজিলি ৰং মহল’ আৰু মুক্তিনাথ বৰদলৈয়ে ৰচনা কৰা ‘কান্দে ৰাধা ৰাণী’ চলচ্চিত্ৰখনৰ দুটা জনপ্ৰিয় গীত। দুটা গীতত কন্ঠ নিগৰাইছিল গুণদা দাসেও। সেই বৰ্ষৰে ‘ইটো সিটো বহুতো’ত ফণী শৰ্মাৰ অভিনয় এতিয়াও বহুতেই পাহৰা নাই। নৱকান্ত বৰুৱাই ৰচনা কৰা, ব্ৰজেন বৰুৱা আৰু শৰদিন্দু দাশগুপ্তই কন্ঠদান কৰা ‘য’ক উৰি পখিলাটি বগা ক’লা পাখি মেলি’ গীতটো অত্যন্ত জনপ্ৰিয় হৈছিল। ৰাজেশ্বৰ বৰদলৈয়ে পৰিচালনা কৰা সেই বছৰৰে চলচ্চিত্ৰ ‘তেজীমলা’ত ব্যৱহাৰ কৰা হৈছিল গীতিকাৰ পাৰ্বতিপ্ৰসাদ বৰুৱাৰ এটা গীত – ‘ক’ৰে বেজাৰত এজাৰ বিজাৰ পৰিছোঁ’।
১৯৬৪, ১৯৬৫, ১৯৬৬ – এই তিনি বছৰত মুক্তি লাভ কৰে ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা তিনিখনকৈ সংগীতমধুৰ চলচ্চিত্ৰ ‘মণিৰাম দেৱান’, ‘প্ৰতিধ্বনি’ আৰু ‘লটিঘটি’। ‘মণিৰাম দেৱান’ৰ ‘বুক হম হম কৰে’, ‘হে মাই যশোৱা এ’, ‘তপ্ত তীখাৰে অগ্নিশক্তি’ আদি গীতে শ্ৰোতাৰ হৃদয়ত গভীৰ সাঁচ বহুৱালে। এইখন চলচ্চিত্ৰতে প্ৰথমবাৰৰ বাবে কন্ঠ নিগৰালে জয়ন্ত হাজৰিকাই। শ্যামল মিত্ৰৰ সৈতে তেওঁ গালে এটি গোৱালপৰীয়া গীত ‘সোণৰ বৰণ পাখি’। সুদক্ষিণা শৰ্মাৰ কন্ঠত বাণীবদ্ধ হোৱা ‘সংগ্ৰাম লগ্নে আজি’ গীতটোও এটা বৰ শক্তিশালী ভাবগধুৰ দেশপ্ৰেমৰ গীত। ১৯৬৫ চনত মুক্তিলাভ কৰা ‘প্ৰতিধ্বনি’ চলচ্চিত্ৰখন ‘কা শ্বৰাতি’ নামেৰে খাচী ভাষালৈ ডাব কৰিও মুক্তি দিয়া হৈছিল। চলচ্চিত্ৰখনৰ উল্লেখযোগ্য গীত ‘লিয়েং মাকাও’ তালাত মেহমুদৰ লগত ভূপেন হাজৰিকা আৰু বন্দনা বৰুৱাৰ কন্ঠত সুকীয়া সুকীয়াকৈ আছিল ‘হে হে হে ঢোলে দগৰে’ গীতটো। ‘অসমৰ কৰিলে মোক’, ‘সহস্ৰজনে মোক প্ৰশ্ন কৰে’, ‘টিৰাপ সীমান্ত’, ‘মই আৰু মোৰ ছাঁ’, ‘ৰমজানৰ ৰোজা গ’ল’ ‘লটিঘটি’ৰে গীত। চলচ্চিত্ৰখনৰ ‘জীৱন যদি অভিনয় হয়’ গীতটো গাইছিল জয়ন্ত হাজৰিকা আৰু ইলা বসুৱে। অভিনয় কৰিছিল গীতটোত জয়ন্ত হাজৰিকা আৰু মনীষা হাজৰিকাই (তেতিয়া সেনগুপ্ত)।
আব্দুল মজিদৰ প্ৰথমখন চলচ্চিত্ৰখন ‘মৰম তৃষ্ণা’ মুক্তি লাভ কৰে ১৯৬৮ চনত। চলচ্চিত্ৰখনৰ সংগীত পৰিচালক বিবেকানন্দ ভট্টাচাৰ্য। পাৰবিন চুলতানা আৰু খগেন মহন্তই প্ৰথম নেপথ্য কন্ঠশিল্পীৰূপে গীত বাণীবদ্ধ কৰে ‘মৰম তৃষ্ণা’ৰ। চলচ্চিত্ৰখনত পাৰবিন চুলতানাই কন্ঠদান কৰা “নীলিম গগন ঢৌৱাই ঢৌৱাই” আৰু শ্যামল মিত্ৰই কন্ঠদান কৰা ‘অৰুন্ধতী অপৰূপা এপলক লৈ যোৱা তুমি’ দুটা সুন্দৰ গীত। সেই বৰ্ষৰে আৰু এখন চলচ্চিত্ৰ ‘সংগ্ৰাম’। বহুকেইটা গীতৰ ভিতৰত বংগৰ কন্ঠশিল্পী পিন্টু ভট্টাচাৰ্যই কন্ঠ নিগৰোৱা ‘আজি এই মোৰ শেষ গান’ আৰু ‘মধুৰ মূৰুতি মুৰাৰী’ শীৰ্ষক বৰগীতটি বিশেষভাৱে উল্লেখযোগ্য। ৰাজশ্ৰী প্ৰভাকৰৰ হিন্দীৰপৰা অসমীয়ালা ডাবিং কৰা ছবি ‘ভাগ্য’ই মুক্তি লাভ কৰে ১৯৬৮ চনতে। ছবিৰ সংগীত আছিল লক্ষ্মীকান্ত প্যাৰেলালৰ। আনন্দ বক্সীয়ে লিখা গীতকেইটা অসমীয়ালৈ ভাঙনি কৰে ভূপেন হাজৰিকাই। জনপ্ৰিয় হয় ইলা বসুৰ কন্ঠত ‘নৱ নৱ ব’হাগ আহে’ আৰু শ্যামল মিশ্ৰৰ কন্ঠত ‘কোনে জানে তোমাৰ সপোন’ গীত দুটা।
১৯৬৯ চনৰ দুয়োখন চলচ্চিত্ৰ ‘চিকমিক বিজুলী’ আৰু ‘ডাঃ বেজবৰুৱা’ৰ সংগীত আছিল ছুপাৰহিট। ভূপেন হাজৰিকাৰ ‘চিকমিক বিজুলী’ৰ কন্ঠশিল্পীসকল আছিল কিশোৰ কুমাৰ, আশা ভোসলে, মুকেশ, সুমন কল্যাণপুৰ। প্ৰথমখনৰ বাবে অসমীয়া চলচ্চিত্ৰৰ গীতৰ লং প্লেয়িং (LP) ৰেকৰ্ড ওলাইছিল ‘চিকমিক বিজুলী’ৰ। জনপ্ৰিয় হৈছিল ‘পক্ষীৰাজ ঘোঁৰা’, ‘ঘৰ আমাৰ মাটি হয়’, ‘মিলনৰে এই শুভক্ষণ’, ‘বিজুলীৰ পোহৰ মোৰ নাই’, ‘শম্মা থাকিলে’ গীতকেইটা। ‘ডাঃ বেজবৰুৱা’ ৰমেন বৰুৱাৰ সংগীত পৰিচালিত প্ৰথমখন চলচ্চিত্ৰ। ছবিখনৰ দুটি গীত ‘জিলিকা জিলিকা তৰা আকাশৰে’ আৰু ‘মইনা কোন বিধাতাই সাজিলে’ৰ কথা ব্ৰজেন বৰুৱাৰ। ইফালে, ‘কি নাম দি মাতিম’ গীতটোৰ কথা নিৰ্মলপ্ৰভা বৰদলৈৰ, গীতটো এলি আহমেদৰ ৰচনা।
১৯৭০ চনৰ ‘অপৰাজেয়’ত অভিনয় কৰিছিল বলিউডত খোজ পেলাবলগীয়া অভিনেত্ৰী ৰাখীয়ে। মলিন চৌধুৰীৰ সংগীত পৰিচালনাত মান্না দে, লতা মঙ্গেশকাৰ, খগেন মহন্ত, ৰামেশ্বৰ পাঠককে ধৰি বহুকেইগৰাকী শিল্পীয়ে কন্ঠদান কৰিছিল ‘অপৰাজেয়’ত। ফণী তালুকদাৰে ৰচনা কৰা ‘আকাশ অ’ আকাশ মোক জোনাক এমুঠি দিয়া’ গীতটো গাইছিল লতা মঙ্গেশকাৰে। ১৯৭০ চনত মুক্তি লাভ কৰে ৰমেন বৰুৱাই সঙ্গীত পৰিচালনা কৰা দুখনকৈ চলচ্চিত্ৰ ‘বৰুৱাৰ সংসাৰ’ আৰু ‘মুকুতা’ই। দ্বীপেন বৰুৱা, নিৰ্মলা মিশ্ৰ আৰু ৰুণুমী ভট্টাচাৰ্যই কন্ঠদান কৰিছিল ‘বৰুৱাৰ সংসাৰ’ত। এলি আহমেদৰ ৰচনাৰে দ্বীপেন বৰুৱাই “গা গা আজি গাই যা” গীতটি খুবেই জনপ্ৰিয় হৈছিল। আনহাতে, ‘মুকুতা’ত প্ৰথম কন্ঠদান কৰে অনিমা চৌধুৰীয়ে। চলচ্চিত্ৰখনিৰ “এখন নেদেখা নদীৰ সিপাৰে” গীতটিৰ গীতিকাৰ নৱকান্ত বৰুৱা। অনিমা চৌধুৰীৰ কন্ঠৰ ”এ প্ৰাণ গোপাল”, দ্বীপেন বৰুৱাৰ কন্ঠৰ ”ইমান মৰম কিয় লাগে” – চলচ্চিত্ৰখনৰ আন দুটি উল্লেখযোগ্য গীত।
১৯৭১ চনত মুক্তি লাভ কৰে ‘মানৱ আৰু দানৱ’এ। ইয়াৰ জৰিয়তে সঙ্গীত পৰিচালক ৰূপে আমি পালো জিতু-তপনক। পৰৱৰ্তী সময়ত এই যুটিয়ে ‘উপগ্ৰহ’ (১৯৭২), ‘অভিযান’ (১৯৭৩), ‘অনুতাপ’ (১৯৭৩), ‘কাঁচঘ” (১৯৭৫), ‘আদালত’ ( ১৯৭৬), ‘মেঘ’ (১৯৭৭), ‘নয়নমণি (১৯৮৪)কে ধৰি কেইবাখনো চলচ্চিত্ৰৰ সঙ্গীতেৰে সমৃদ্ধ কৰে অসমীয়া সঙ্গীত। ‘মানৱ আৰু দানৱ’ৰ গীত ৰচনা কৰে নুৰুল হক আৰু নিৰ্মলপ্ৰভা বৰদলৈয়ে। জনপ্ৰিয় হয় অপূৰ্ব দাসৰ কন্ঠৰ ‘ঘৰ ভাঙিলেও মন নাভাঙিবি’, দ্বীপেন বৰুৱাৰ কন্ঠৰ ‘এই চহৰৰ মস্তানা মই’, আৰতি মুখাৰ্জী আৰু দ্বীপেন বৰুৱাৰ কন্ঠৰ ‘কি মোক নালাগে’, বনশ্ৰী সেনগুপ্তৰ সৈতে দ্বীপেন বৰুৱাৰ ‘মনে মনে আজি কাক মন যাচিবা’ আৰু শ্যামল মিত্ৰৰ কন্ঠৰ ‘পূৰ্ব ভাৰতীৰ দৃপ্ত কন্ঠত’ গীতকেইটা। সেই বছৰৰে ছবি সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ ‘অৰণ্য’। কেশৱ মহন্তৰ কথা আৰু সুধীন দাশগুপ্তৰ সুৰেৰে জনপ্ৰিয়তা লাভ কৰে ছবিখনৰ আটাইবোৰ গীতে। গীতকেইটা হ’ল – আৰতী মুখাৰ্জীৰ কন্ঠৰ ‘শিলে শিলে ঠেকা খালে’, মান্না দেৰ কন্ঠৰ ‘দিনৰ পোহৰ ৰংচঙীয়া’, দ্বীপেন বৰুৱাৰ কন্ঠৰ ‘গুৰ গুৰ গুৰ গুৰ ডম্বৰু বজাওঁ’, জটিলেশ্বৰ মুখাৰ্জীৰ কন্ঠত ‘এই পূৰ্ণিমাৰ ৰাতি’। বছৰটোৰ শেষ ছবিখন আছিল ‘যোগ বিয়োগ’। গীতিকাৰ কেশৱ মহন্ত, সংগীত পৰিচালক ৰমেন বৰুৱা। নেপথ্য কন্ঠশিল্পীৰূপে পোন প্ৰথমবাৰৰ বাবে পাহাৰী শইকীয়াই বাণীবদ্ধ কৰে ‘পোহৰে কি জানে ৰাতিৰ বেদনা’। জনপ্ৰিয়তা লাভ কৰে দ্বীপেন বৰুৱাৰ স’তে কন্ঠদান কৰা দুটা ডুয়েট – ‘ৰিঙা ৰিঙা অ” আৰু ‘ইমান ধুনীয়াকৈ কোনে সৰজিলে’।
১৯৭২ চনত মুক্তি লাভ কৰে ন-খন অসমীয়া চলচ্চিত্ৰ। তাৰে ভিতৰত ‘ললিতা’, ‘ওপৰ মহল’, ‘উপগ্ৰহ’, ‘বিভ্ৰাট’ আৰু ‘ভাইটি’ৰ সংগীত বিশেষভাৱে উল্লেখযোগ্য। পূৰ্বৰ দৰে ৰমেন বৰুৱাৰ জনপ্ৰিয়তাৰ ধাৰা অব্যাহত থাকে ‘ললিতা’তো। দ্বীপেন বৰুৱাই গোৱা ‘টুপ টুপ টুপলি’, ‘এইখন সমাজ আমাৰ সমাজ’, ‘আঁকিলা মোৰ পদূলিত’ আৰু অৰ্চনা মহন্তই গোৱা ‘আৰুনো কিমান মনৰ সপোন’ গীতকেইটা জনপ্ৰিয় হয়। ‘ওপৰ মহল’ৰ সংগীত পৰিচালনা কৰিছিল শ্যামল মিত্ৰই। ছবিখনত শ্যামল মিত্ৰ আৰু শিপ্ৰা বসুৱে গোৱা ‘আজি যেন মন আমাৰ চঞ্চল হৈ উৰে’ অসমীয়া চলচ্চিত্ৰৰ দ্বৈত গীতবোৰৰ ভিতৰতে এটা অন্যতম সুমধুৰ গীত। ফণী তালুকদাৰৰ কমেডি ছবি ‘বিভ্ৰাট’ৰ সংগীত পৰিচালনা কৰে সংগীত গোষ্ঠী মেলডিকাৰ হৈ ৰমেন চৌধুৰীয়ে। ছবিখনৰ গীতকেইটাৰ ভিতৰত মিহিৰ বৰদলৈয়ে গোৱা ‘এয়া ফাগুনৰে দিন’, খগেন মহন্তই গোৱা ‘দুনিয়া আমাৰ আস্তানা’ উল্লেখযোগ্য। ৰমেন বৰুৱা সংগীত পৰিচালিত ‘হৃদয়ৰ প্ৰয়োজন’ত ‘মৰীচিকা এই প্ৰেম, এই কল্পনা’ গীতটো গাই জনপ্ৰিয়তা লাভ কৰে। ছবিখনত ব্যৱহাৰ কৰা হেছিল ‘পাৱে পৰি হৰি’ বৰগীতটো। গাইছিল কৃষ্ণা বৰ্মনে। জিতু-তপন সংগীত পৰিচালিত ‘উপগ্ৰহ’ই মুক্তি লাভ কৰে সেই বছৰতে। জনপ্ৰিয় হয় ‘উপগ্ৰহ’ৰ খগেন মহন্তই গোৱা ‘নিজানৰ সংগী তোৰ কোনে কাঢ়ি নিলে’ আৰু অৰ্চনা মহন্ত, দ্বীপেন বৰুৱাই গোৱা ‘চিনাকী চিনাকী কোনে ৰিং মাৰে’ গীত দুটা। প্ৰথম অসমীয়া ৰঙীন ছবি ‘ভাইটি’। ‘ভাইটি’ৰ সঙ্গীত পৰিচালক অজিত সিংহ। ছবিখনৰ খগেন মহন্তৰ কন্ঠত ‘অ’ মায়াভৰা এই ধৰা’, আৰতি মুখাৰ্জীৰ ‘মা অ’ মা কৰা মোক ক্ষমা’ আৰু ‘প্ৰভু মোৰ তুমিয়ে স্ৰজিলা’ গীতকেইটা আজিও জনপ্ৰিয়।
১৯৭৩ চনটো অসমীয়া চলচ্চিত্ৰ সংগীতৰ বাবে বিশেষভাৱে উল্লেখযোগ্য। এই বছৰটোতে অসমীয়া চলচ্চিত্ৰই লাভ কৰে দুজনকৈ প্ৰতিভাশালী সঙ্গীত পৰিচালক – জয়ন্ত হাজৰিকা আৰু ডঃ উপেন কাকতি। ‘বনৰীয়া ফুল’ৰ সঙ্গীত পৰিচালক জয়ন্ত হাজৰিকাই নিজেই গাইছিল দুটা গীত – ‘তোমাৰ মৰমে মোৰ’ আৰু ‘দেখা নাই’। নিৰ্মলা মিশ্ৰৰ কন্ঠত আছিল দুটা গীত – ‘ফুল ফুলিবৰ বতৰ আহিলে’ আৰু ‘কি কৰোঁ কি কৰোঁ নিৰুপায় হায়’। আনহাতে ভূপেন হাজৰিকাই ইয়াত গাইছিল ‘ঐ নিলাজ পাহাৰ’ গীতটো। উপেন কাকতিৰ ‘ৰশ্মিৰেখা’ত সমাহাৰ ঘটিছিল থলুৱা অসমীয়া লোকসংগীতৰ। জনপ্ৰিয় হৈছিল খগেন মহন্ত-অৰ্চনা মহন্তৰ কন্ঠত ‘পাহাৰৰ জুৰিটি পিৰিটি সাবটি’ আৰু সান্ত্বনা বৰুৱাৰ কন্ঠত ‘ছন্দ হেৰাই গ’ল’। মুক্তি লাভ কৰে জিতু-তপন যুটীয়া সংগীত পৰিচালনা কৰা দুখনকৈ চলচ্চিত্ৰ ‘অভিমান’ আৰু ‘অনুতাপ’। ‘অভিমান’ৰ জয়ন্ত বৰুৱাৰ কথাৰে ‘এইখনি গাঁও বুকুৰ আপোন’ গীতটো বাণীবদ্ধ হয় দ্বীপেন বৰুৱাৰ কন্ঠত, আনহাতে অনিমা ভট্টাচাৰ্যই কন্ঠ নিগৰায় নুৰুল হকে ৰচনা কৰা ‘লাজ লাগে নাচাবা মুখলৈ’ গীতটোত। ইফালে ‘অনুতাপ’ত অসমীয়া সংগীতে পালে অতি কম বয়সতে অবিস্মৰণীয় প্ৰতিভাৰ সাক্ষৰ বহন কৰা কন্ঠশিল্পী মিতালী চৌধুৰীক। মিতালী চৌধুৰীয়ে ‘অনুতাপ’ত এককভাৱে কন্ঠদান কৰে ‘ৰাতি মায়াৱিনী মই’ আৰু ‘কেতিয়াবা মোৰ নিজকে ইমান’ গীত দুটাত। খগেন মহন্তৰ স’তে কন্ঠদান কৰে ‘প্ৰথম দেখাৰ মধুবেলা’ গীতটো। কান্ত-মণিক সংগীত পৰিচালনাত ‘মততা’ত ৰেহনা আখতাৰে হান্নানে গোৱা ‘আঁউসীৰ পিছতে আকাশৰ বুকুতে’ আৰু অজিত সিংহৰ সংগীত পৰিচালনাত ‘গণেশ’ত হাচিনা হাজৰিকাই গোৱা ‘ফুল ফুলে আলফুলে’ সেই বৰ্ষৰ দুটা জনপ্ৰিয় গীত।
১৯৭৪ চনৰ ছবি ‘সন্তান’। প্ৰভাত শৰ্মাই সংগীত পৰিচালনা কৰা ছবিখনত পৰিৱেশন কৰা হৈছিল থিয়নামৰ লগতে বৰগীতো। জনপ্ৰিয় লাভ কৰিছিল ইন্দ্ৰাণী গাঙ্গুলী আৰু ৰিদীপ দত্তই গোৱা ‘আহাচোঁ আহা, কাষতে বহা’ গীতটোৱে। সেই বৰ্ষতে মুক্তি লাভ কৰা ৰমেন বৰুৱা সংগীত পৰিচালিত ‘পৰিণাম’ৰ বাবে দুটি গীত ৰচনা কৰে নৱকান্ত বৰুৱাই। ১৯৭৫ চনত মুক্তি লাভ কৰে ভূপেন হাজৰিকা সংগীত পৰিচালিত ‘খোজ’ আৰু ‘চামেলি মেমচাব’ৰ, জিতু-তপন সংগীত পৰিচালিত ‘কাঁচঘৰ’, জয়ন্ত হাজৰিকা সংগীত পৰিচালিত ‘বৃষ্টি’য়ে। ‘বৃষ্টি’ত আছিল চাৰিটা গীত – জয়ন্ত হাজৰিকাৰ ‘সুৰাত মগন ভয়াল ৰাতি’, কুল বৰুৱাৰ ‘কাৰোবাৰ দুনয়ন সৰগৰ তৰা যেন লাগে’, নিৰ্মল মিশ্ৰৰ ‘তুলসীৰ তলে তলে কত চাকি জ্বলালো’ আৰু জয়ন্ত হাজৰিকা, কুল বৰুৱাৰ কন্ঠত ‘ৰম্ভা মেনকা’। আটাইকেইটা গীতৰ ৰচনা ভূপেন হাজৰিকাৰ। ‘খোজ’ পুলক গগৈৰ প্ৰথমখন চলচ্চিত্ৰ। ‘চিনাকী মোৰ মনৰ মানুহ’ আৰু ‘জিলমিলীয়া কোমল বালি’, ছবিখনৰ দুয়োটা গীতেই এতিয়াও জনপ্ৰিয়। ‘খোজ’ৰ ‘চামেলি মেমচাব’তো গীত পৰিৱেশন কৰে উষা মঙ্গেশকাৰে। ভূপেন হাজৰিকাৰ ‘অ’ বিদেশী বন্ধু’ৰ লগতে জনপ্ৰিয় হয় উষা মঙ্গেশকাৰৰ ‘অসম দেশৰ বাগিচাৰে’, ‘ছোট ঘৰেৰ বহুত বেটী’, ‘হাৱা নাই বাটাস নাই’, ‘ ক খ গ ঘ’, ‘হাইৰে প্ৰাণেৰ বাচা’ গীতকেইটা। জিতু-তপন সংগীত পৰিচালিত ‘কাঁচঘৰ’ৰ বাবে গীত ৰচনা কৰে ভূপেন হাজৰিকাই। সুমন কল্যানপুৰৰ কন্ঠত ‘জীৱন ঘড়ীৰ প্ৰতিটো পল’, ভূপেন হাজৰিকাৰ কন্ঠত ‘অ’ ঠুনুকা কাঁচঘৰ’ ছবিখনৰ উল্লেখযোগ্য গীত। সেই বছৰেই মুক্তি লাভ কৰা ‘ৰতনলাল’ৰ অৰ্চনা মহন্ত আৰু সান্ত্বনা বৰুৱাই গোৱা ‘সেউজী কানন জিলিকে ৰমক জমক কাচোন’ খুৱেই জনপ্ৰিয় হৈছিল। ছবিখনৰ সংগীত আছিল নিৰ্মল চক্ৰৱৰ্তীৰ।
১৯৭৬ মুক্তি লাভ কৰা সংগীতমধুৰ চলচ্চিত্ৰকেইখন হ’ল – ‘তৰামাই’, ‘আদালত’, ‘প্ৰাণগংগা’, ‘পুতলা ঘৰ’ আৰু ‘পলাশৰ ৰং’। সেই বছৰতে মুক্তি লাভ কৰা ‘গঙা চিলনীৰ পাখি’ আছিল প্ৰখ্যাত চলচ্চিত্ৰ। সমালোচক চিদানন্দ দাসগুপ্তৰ মত অনুসৰি প্ৰথমখন অসমীয়া বাস্তৱধৰ্মী ছবি। ছবিখনৰ সংগীতো আছিল পৰিচালক পদুম বৰুৱাৰ। আৱহ সঙ্গীতৰ যথোপযুক্ত ব্যৱহাৰ আৰু ম’হ গোৱালৰ গীত, দেহবিচাৰৰ গীত আদিয়ে ছবিখনক এক সুকীয়া স্তৰলৈ লৈ গৈছিল। ‘তৰামাই’ৰ সংগীত পৰিচালনা কৰা ৰমেন বৰুৱাৰ। খুবেই জনপ্ৰিয় হৈছিল গীতকেইটা। বিশেষকৈ ‘আলি ঢাকি পৰ শালিকী’, ‘মাটি ফুটি ওলালে’, ‘হাঁহে হৈ পৰিমগৈ’, ‘হাললৈ লিখিলে মোক ঐ’ গীতকেইটা। জিতু-তপনৰ সংগীতেৰে জনপ্ৰিয় হয় ‘আদালত’ ছবিৰ গীতকেইটাও। আৰতি মুখাৰ্জীয়ে গোৱা ‘দেৱতা কোৱা মোৰ মন মন্দিৰৰ’, বনশ্ৰী সেনগুপ্তাই গোৱা ‘ৰূপ জ্বলে জলমল মন চগা চঞ্চল’, দ্বীপেন বৰুৱাই গোৱা ‘মন কিয় সপোন ৰঙীন’ আদালত ছবিৰ জনপ্ৰিয় গীত। সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ ‘পুতলা ঘৰ’ৰ সংগীত পৰিচালনা কৰে তফজ্জুল আলিয়ে। ‘মুকুতা’ৰ ‘এ প্ৰাণ গোপাল’ৰ পিছত অনিমা চৌধুৰীয়ে ‘পুতলা ঘৰ’ৰ বাবে কন্ঠদান কৰে ‘বৃন্দাবন মাজে মাজে কৃষ্ণ’ শীৰ্ষক অসমীয়া লোকসংগীতৰ সুৰৰে আৰু এটা গীত। ডঃ ভূপেন হাজৰিকাৰ কন্ঠৰ সংগীতেৰে জনপ্ৰিয় হয় ‘প্ৰাণগংগা’ৰ ‘অথাই জলধিতে যশোৱা মাই’, খগেন মহন্ত আৰু অৰ্চনা মহন্তৰ কন্ঠৰ ‘ৰাতিৰ সমাজিকতে দেখিলো ধনকে’ আৰু অৰ্চনা মহন্তৰ ‘প্ৰভু নুবুজো তোমাৰে মায়া’ গীত। ‘পলাশৰ ৰং’অৰ সংগীত পৰিচালক আছিল ভূপেন হাজৰিকা। ছবিখনৰ বহুকেইটা গীতৰ ভিতৰত ‘পলাশৰে ৰং’ আৰু ‘পথাৰ ধুমুহাই’ গীত দুটা বিশেষভাৱে জনপ্ৰিয়।
১৯৭৭ চনত মুক্তি পোৱা চলচ্চিত্ৰৰ ভিতৰত ‘ধৰ্মকাই’, ‘নতুন আশা’ ‘বনহংস’ৰ সংগীতে শ্ৰোতাক আকৃষ্ট কৰে। ‘ধৰ্মকাই’ৰ সংগীত পৰিচালনা কৰে জয়ন্ত হাজৰিকাই। ছবিখনৰ বাবে নিৰ্মলপ্ৰভা বৰদলৈয়ে লিখিছিল এটা ৰোমাণ্টিক ডুয়েট – ‘সঁচাকে কোৱা, কথাটি কোৱা’, জয়ন্ত হাজৰিকাৰ সৈতে গীতটো গাইছিল নিৰ্মল মিশ্ৰই। জনপ্ৰিয় হৈছিল ভূপেন হাজৰিকাৰ কথাৰে জয়ন্ত হাজৰিকাৰ কন্ঠত ‘ভৰিৰ তলুৱাৰপৰা’ গীতটো। সেই বছৰেই মুক্তি লাভ কৰে জয়ন্ত হাজৰিকাৰ সংগীত পৰিচালিত আৰু এখন চলচ্চিত্ৰ ‘নতুন আশা’। ‘নতুন আশা’ৰ বাবে গীত ৰচনা কৰে হেমন্ত দত্তই। জনপ্ৰিয়তা লাভ কৰে জয়ন্ত হাজৰিকাৰ একক কন্ঠত ‘এই আকাশ বৰ বিশাল’ আৰু নিৰ্মলা মিশ্ৰৰ সৈতে দ্বৈত কন্ঠত ‘যদি মিলো মই আকাশতে গৈ’ গীত দুটাই। এইখন ছবিৰ আৱহ সংগীতৰ কাম কৰিবলৈ যাওঁতেই কলিকতাত জয়ন্তৰ মৃত্যু হয়। আব্দুল মজিদৰ চলচ্চিত্ৰ ‘বনহংস’ৰ সংগীত পৰিচালক আছিল ভূপেন হাজৰিকা। ছবিখনৰ ছ-টা গীতৰ ভিতৰত অঞ্জু দেৱীয়ে গোৱা ‘নিজকে দেখি আজিকালি’ আৰু ভূপেন হাজৰিকাই গোৱা ‘ভাবিছিলা এবুকু ভৰাই ঘৰৰ মায়া পাবা’ গীতদুটা বিশেষভাৱে উল্লেখযোগ্য। ৰমেন বৰুৱাই সংগীত পৰিচালনা কৰা ‘সোণমাই’ৰ গীতকেইটা আছিল শাস্ত্ৰীয় ৰাগৰ ওপৰত আধাৰিত। পাৰবীন চুলতানাৰ কন্ঠৰ ‘নতুন তোমাৰ চৰণধ্বনি’ আৰু দ্বীপেন বৰুৱাই কন্ঠদান কৰা ‘সোণালী সপোন ভাঙিলা দেখোন’ গীতদুটা ‘সোণমাই’ বোলছবিৰে।
১৯৭৮ চনত নিৰ্মিত হোৱা চলচ্চিত্ৰকেইখনৰ ভিতৰত ‘মৰম’ আৰু ‘মৰমী’ৰ সংগীত আছিল ৰমেন বৰুৱাৰ। ‘মৰম’ৰ ‘হালে জালে অ’ লাহী বিৰণা’ আৰু ‘ৰুণুজুনু ৰুণুজুনু ঘুংগুৰা বজায়’। আনহাতে ‘মৰমী’ৰ ‘আলফুলীয়া কপৌফুল’ আৰু ‘এই সোণবৰণীয়া’ গীতকেইটাই বিশেষভাৱে শ্ৰোতাৰ মনত সাঁচ বহুৱায়। উপেন কাকতিয়ে সংগীত পৰিচালনা কৰা ‘ফাগুনী’ আছিল এখন সংগীতমধুৰ ছবি। ছবিখনৰ আটাইকেইটা গীতেই জনপ্ৰিয় হৈছিল। জয়ন্ত হাজৰিকাৰ কন্ঠত ‘মৰ আঁউসীৰ ৰাতি’, ‘আগলতি কলাপাত লৰে কি চৰে’, মালবিকা বৰুৱাৰ কন্ঠত ‘বিচাৰিলোঁ সোণৰ খনি’, নিৰ্মলা মিশ্ৰৰ সৈতে মালবিকা বৰুৱাই গোৱা ‘মইনা চৰাইটি মাত মাত মাত, মিঠা মাতটি’ ছবিখনৰ উল্লেখযোগ্য গীত। জয়ন্ত হাজৰিকাৰ সংগীত পৰিচালিত আন এখন চলচ্চিত্ৰ ‘নিয়তি’। জয়ন্ত হাজৰিকা আৰু নিৰ্মলা মিশ্ৰৰ এটা অতি জনপ্ৰিয় ডুয়েট ‘এই লগনত ক’লো প্ৰতিশ্ৰুতি দিলোঁ’ গীতটো আছিল ‘নিয়তি’ ছবিৰ। গীতটো লিখিছিল নিৰ্মলপ্ৰভা বৰদলৈয়ে। আনহাতে, ভূপেন হাজৰিকায়ো লিখিছিল ‘নিয়তি’ৰ বাবে গীত। ‘ধম ধমা ধম ধম ধমা ধম জীৱন মাদল বাজে’, ‘মহিলা মহিলা ক’লৈনো আহিলা’, ‘সুন্দৰী চাওঁ কিনো কল্পনা’ উল্লেখযোগ্য। আব্দুল মজিদৰ আন এখন চলচ্চিত্ৰ ‘বনজুই’ৰো সংগীত পৰিচালক আছিল ভূপেন হাজৰিকা। ‘বনজুই’ৰ সাতোটা গীতৰ ভিতৰত ‘বনজুই বনতেই জ্বলে’, ‘ঘুমটি যাওৰে মোৰে সোণ জীউটি’, ‘কি বিচাৰি ওৰে জীৱন’, ‘কিনো কপাল সাধি’ অন্যতম।
১৯৭৯ চনত মুক্তি লাভ কৰা প্ৰথমখন চলচ্চিত্ৰ আছিল পুলক গগৈৰ হাস্যৰসাত্মক ছবি ‘শ্ৰীমতী মহিমাময়ী’। কুল বৰুৱা, অতুল মেধিয়ে পৰিচালনা কৰে চলচ্চিত্ৰখনৰ সংগীত। জনপ্ৰিয় হয় ডলি ঘোষৰ কন্ঠত ‘নীলা আকাশৰে ৰূপোৱালী পৰী’, আৰু কুল বৰুৱাৰ কন্ঠত ‘মুখখনি গৈ মুখা হ’ল’ গীতকেইটা। তাৰ পিছৰ সপ্তাহতে ছবিঘৰলৈ আহে ভূপেন হাজৰিকাৰ চলচ্চিত্ৰ ‘মন প্ৰজাপতি’। আশা ভোসলেৰ কন্ঠত বাণীবদ্ধ হোৱা ‘মন প্ৰজাপতি’ৰ ‘এই ধুনীয়া গধূলি লগন’ আৰু ‘অ’ অভিমানী বন্ধু’ গীতদুটা চিৰযুগমীয়া হৈ ৰ’ল। ‘বিশেষ এৰাতি’ৰ সংগীতৰ লগতে পৰিচালনাও আছিল ডাঃ উপেন কাকতিৰ। ছবিখনৰ উল্লেখযোগ্য গীতকেইটা হ’ল ভূপেন হাজৰিকাৰ কন্ঠৰ ‘দেহাই আমনি কৰিছে’ আৰু অনিমা ভট্টাচাৰ্যৰ কন্ঠৰ ‘কেতেকী নহওঁ মই মালতী নহওঁ মই’। ‘পুতলা ঘৰ’ৰ পিছত তফজুল আলিয়ে সংগীত পৰিচালনা কৰা ‘সোণৰ হৰিণ’এ মুক্তি লাভ কৰে ১৯৭১ চনতে। জনপ্ৰিয় হয় ‘সোণৰ হৰিণ’ৰ গীত ‘অ’ মইনাজান পানীতে মু’খনি চাই’ আৰু ‘এই নদীখনি কেনি বৈ যায়’। এই বৰ্ষতে সংগীত পৰিচালকৰূপে চলচ্চিত্ৰৰ পথাৰলৈ আহে খগেন মহন্ত। মুক্তি লাভ কৰে ‘মেঘমুক্তি’। জনপ্ৰিয় হয় ‘মেঘমুক্তি’ৰ বিশেষভাৱে দুটি গীত। খগেন মহন্তৰ কন্ঠত ‘যায় অ’ কানু বাই বেণু’ আৰু অৰ্চনা মহন্তৰ কন্ঠত ‘অ’ ফুলপাহ হালিছ জালিছ’। হেমেন হাজৰিকাৰ সংগীত পৰিচালনা কৰা ‘ৰাংঢালী’ৰ ‘মৰম মৰহি ৰয়’, ‘আকাশে নামিল বেলা’, ‘ইপাৰে পিতাইৰ ঘৰ’ আদি গীতে শ্ৰোতাক আকৃষ্ট কৰে। ৰমেন বৰুৱাৰ সংগীত পৰিচালিত দ্বিতীয়খন ছবি ‘আশ্ৰয়’ৰ ‘কিনো মৰমৰ জৰী’, ‘সৌ মেঘৰ ছাঁ দেখিলেই’, ‘সুধিছা তোমালৈ কিমাননো মৰম’ আদি গীতবোৰ গুণগ্ৰাহী শ্ৰোতাই আজিও গুণগুণায়। জিতু-তপনে সংগীত পৰিচালনা কৰা ‘মেঘ’ত উষা মঙ্গেশকাৰে গোৱা ‘অ’ মধুমিতা’ গীতটোৱে শ্ৰোতাৰ মাজত খলকনি তোলে সেই বৰ্ষতে। ‘প্ৰতিধ্বনি’ৰ পিছত তালাত মাহমুদে পৰিৱেশন কৰে আৰু এটা অসমীয়া গীত ‘মেঘ’ত। গীতটো আছিল –’নীৰৱ কাৰেং তোমাৰ হৃদয়’। জনচ মহলীয়াৰ চলচ্চিত্ৰ ‘দূৰণিৰ ৰং’অৰ সংগীত পৰিচালনা কৰে অজিত সিংহই। ‘দূৰণিৰ ৰং’অত পুলক বেনাৰ্জীয়ে কন্ঠদান কৰে ‘মই আজি সংগীবিহীন’, আৰতি মুখাৰ্জীয়ে কন্ঠদান কৰে ‘জিলমিল জিলমিল আশাৰ তৰা জ্বলে’, হেমন্তী শুক্লা আৰু পুলক বেনাৰ্জীয়ে কন্ঠদান কৰে ‘মন আজি যেন’ গীতকেইটাত।
১৯৮০ চনত মুক্তি পোৱা চলচ্চিত্ৰৰ ভিতৰত সংগীতমধুৰ আছিল ‘আজলী’, ‘মইনাজান’, ‘অকণ’, ‘ৰজা হৰিশ্চন্দ্ৰ’, ‘মন আৰু মৰম’ আৰু ‘উপপথ’। ‘মেঘমুক্তি’ৰ পিছত ‘মইনাজান’ খগেন মহন্ত সংগীত পৰিচালিত দ্বিতীয়খন ছবি। ছিবিখনৰ ‘তুমি হেনো কৰুণা সাগৰ’, ‘এই বৰষাৰে মোৰ সপোনতে’, ‘জোনটি ওলালে তৰাটি ওলাব’, ‘বাঁহৰ মূঢ়া বগৰীৰ গুৰা’, ‘কোমলকৈ বাঁহৰে ঐ’কে ধৰি আটাইকেইটা গীতেই জনপ্ৰিয়। জয়ন্ত হাজৰিকাৰ অকাল মৃত্যুৰ পিছত তেওঁৰ সুৰৰ ভিত্তিত মনীষা হাজৰিকাই সংগীত পৰিচালনা কৰে ‘উপপথ’ ছবিৰ। ছবিখনৰ ‘নদী তোৰেই বুকুতে’, ‘শুন হেৰ’ ৰূপহী বিজুলী’, ‘জ্বলালো নিতে মই আশাভৰা সাদৰ চাকি’, ‘ফাকুৰে দিন আহা আহা’ গীতকেইটা আদৰি লয় শ্ৰোতাই। ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা ‘অকণ’ত আছিল – ‘ৰং ৰং নানা ৰং’, ‘আমি ভাইটি ভন্টী’, ‘কাজিৰঙা কাজিৰঙা’কে ধৰি বহুকেইটা গীত। ৰমেন বৰুৱাই সংগীত পৰিচালনা কৰা ‘আজলী নবৌ’ৰ গীতে শ্ৰোতাক মতলীয়া কৰে তুলিলে। ‘আজলী নবৌ’ৰ গীতসমূহ গাইছিল ৰুণজুন ফুকন আৰু দ্বীপেন বৰুৱাই। ছবিখনৰ দুটিমান জনপ্ৰিয় গীত হ’ল, ‘চকু মেলি নাচাবা’, ‘কাক বুলিলো কোনে নিজে’, ‘ঢৌ তুলি নাচিলে বুকু’, ‘আন্ধাৰ ৰাতি কোন বাৰু তই’। ঐতিহাসিক ছবি ‘ৰজা হৰিশ্চন্দ্ৰ’তো আছিল বহুকেইটা গীত। ৰমেন বৰুৱা সংগীত পৰিচালিত ছবিখনৰ দুটিমান গীত হ’ল, ‘যায় এৰি যায় আ’ কাৰেং সোণালী’, ‘আৰুনো কিমান বাকী’, ‘থমকি চমকি আহা সুনয়না’। সেই বছৰতে মুক্তি লাভ কৰা আন এখন চলচ্চিত্ৰ হ’ল দ্বিবন বৰুৱাৰ ‘মন আৰু মৰম’। ছবিখনত ব্যৱহাৰ কৰা হয় কবি অজিত বৰুৱাৰ দুটি অপূৰ্ব ৰচনা – ‘আকাশৰ পাৰ ভাঙি আহে জোনাকৰ ধল’, ‘ৰূপালী পৰশ লাগি তাৰ জ্বলি উঠে নিশাৰ কাজল’ আৰু ‘সোণালী মেঘৰ ৰথে দিন মোৰ লৈ যায়, নামি আহে এই সন্ধিয়া’।
১৯৮১ চনৰ ছবি ‘মানসী’ ওড়িয়া ভাষাতো নিৰ্মাণ কৰা হৈছিল ‘অগ্নিপৰীক্ষা’ নামেৰে। ৰমেন বৰুৱাই সংগীত পৰিচালনা কৰিছিল ‘মানসী’ৰ। ছবিখনত আছিল দহোটামান গীত। তাৰে ভিতৰত ‘চোৱাহি চোৱাহি শিলে কথা কয়’, ‘মন মোৰ উৰি যায়’, ‘শুনা শুনা এই গান শুনা’, ‘চিনাকী তুমি নে মোৰ’, এই গীতকেইটা গাইছিল নমিতা ভট্টাচাৰ্যই। প্ৰফুল্ল কুমাৰ শৰ্মা আৰু প্ৰণৱ ৰঞ্জন বৰঠাকুৰে যুটি বান্ধে কুমাৰ-ৰঞ্জন নামেৰে। আৰু এই সাংগীতিক যুটিয়ে ১৯৮১ চনত শ্ৰোতালৈ আগ বঢ়ায় ‘ৰজনীগন্ধা’ আৰু ‘পোনাকণ’ ছবিৰ জৰিয়তে কেইটিমান সুমধুৰ গীত। সুমন কল্যাণপুৰে ‘ৰজনীগন্ধা’ৰ বাবে গাইছিল দুটা গীত, ‘বাই যাওঁ বাই যাওঁ’ আৰু ‘সেইদিনা আবেলিৰ ক্ষীণ পোহৰৰ’। ইফালে দ্বীপেন বৰুৱাৰ আৰু মিতালী চৌধুৰীৰ কণ্ঠত আছিল দুটা গীত – ‘ঝিৰ ঝিৰ মলয়াৰ’ আৰু ‘ৰং ৰং ৰং ভৰা’। ‘পোনাকণ’ৰ কেইবাটাও গীতৰ ভিতৰত সুমন কল্যাণপুৰে গোৱা ‘অ’ কিনো মায়া সংসাৰতে অ”, গীত দুটা এতিয়াও শ্ৰোতাৰ মুখে মুখে।
১৯৮২ চনত মুক্তি লাভ কৰা চাৰিখন ছবিৰ সংগীত অতি জনপ্ৰিয় হয়। ছবিকেইখন হ’ল – ‘বোৱাৰী’, ‘সাদৰী’, ‘অপৰূপা’ আৰু ‘কাজিৰঙাৰ কাহিনী’। শিৱ প্ৰসাদ ঠাকুৰৰ ব্যৱসায়-সফল ছবি ‘বোৱাৰী’। ‘বোৱাৰী’ৰ সংগীত ডাঃ উপেন কাকতিৰ। মহানন্দ মজিন্দাৰ বৰুৱাৰ কণ্ঠত ‘মন হীৰা দৈ’, সমৰ হাজৰিকাৰ কণ্ঠত ‘ই যে ৰণাংগনৰ কাহিনী’, মালবিকা বৰাৰ কণ্ঠত ‘কীৰ্তন দশমৰ শংকৰ গুৰু’, মালবিকা বৰা আৰু মহানন্দ মজিন্দাৰ বৰুৱাৰ ডুৱেট ‘দেহেই যৌৱনমতীৰ লাজ লাজ’ আদি আটাইবোৰ গীতেই জনপ্ৰিয় হৈছিল। গীতৰ ৰচনা আছিল উপেন কাকতিৰ। ‘বোৱাৰী’ উপেন কাকতিৰ সংগীত পৰিচালিত অন্তিমখন ছবি। জাহ্নু বৰুৱাৰ প্ৰথমখন চলচ্চিত্ৰ ‘অপৰূপা’। সংগীত পৰিচালনা কৰে ভূপেন হাজৰিকাই। ছবিখনৰ গীতসমূহৰ ভিতৰত মান্না দে আৰু ভূপেন হাজৰিকাৰ কণ্ঠত ‘অ’ সিপাৰৰ বান্ধ, শুনা’, উষা মংগেশকাৰৰ কণ্ঠত ‘অপৰূপা অপৰূপা’, ৰীতা বৰুৱা আৰু সত্য বৰুৱাৰ কণ্ঠত সুকীয়া সুকীয়াকৈ ‘সেন্দূৰ সেন্দূৰ প্ৰভাতী সূৰুয’ উল্লেখযোগ্য। অনুপম চৌধুৰীৰ সংগীত পৰিচালিত প্ৰথমখন ছবি ‘কাজিৰঙাৰ কাহিনী’। পৰৱৰ্তী সময়ত চৌধুৰীয়ে ‘কনকলতা’ আৰু ‘আই মোৰ জনমে জনমে’ৰ সংগীত পৰিচালনা কৰে। ছবিখনত ব্যৱহাৰ কৰা হৈছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘সেউজী সেউজী সেউজী অ’ গীতটি। কণ্ঠ নিগৰাইছিল মিহিৰ বৰদলৈয়ে। মিহিৰ বৰদলৈৰ কণ্ঠত ছবিখনৰ আৰু এটা গীত জনপ্ৰিয় হৈছিল। গীতটি হ’ল, ‘মায়াৱী নিশাৰে ৰূপালী চন্দ্ৰমা, তুমি দূৰণিৰে আকাশী কল্পনা’। ছবিখনৰ দুটি গীত গাইছিল আৰতি মুখাৰ্জীয়ে। গীত দুটা হ’ল ‘আজি কিনো পুলকতে মনময়ূৰীয়ে নাচে’ আৰু ‘অ’ আজি মোৰ মন পখীটি’। সেই বছৰতে মুক্তি পোৱা ‘সাদৰী’ৰ সংগীত পৰিচালক আছিল কুল বৰুৱা আৰু অতুল মেধি। গীত ৰচনা কৰিছিল হেমন্ত দত্তই।
১৯৮৩ চনত মুক্তি লাভ কৰা প্ৰথমখন চলচ্চিত্ৰ আছিল আনোৱাৰ হুচেইনৰ ‘শ্ৰীশ্ৰী মা কামাখ্যা’। সংগীত পৰিচালনা কৰে ৰাজেশ্বৰ বৰদলৈয়ে। ‘মই অতি মূঢ়মতি’, ‘পুৱতি কিয়নো আহিলি’, ‘দয়াময়ী হে মা’, ‘কোনজনী ভনীটি’, ছবিখনৰ এই চাৰিওটা গীতেই গাইছিল মিতালী চৌধুৰীয়ে। সেই বছৰতে মুক্তিলাভ কৰে আৰু দুখন সংগীত মধুৰ ছবি ‘ঘৰ-সংসাৰ’ আৰু ‘ককা দেউতা নাতি আৰু হাতী’। ‘ফাগুনী’ আৰু ‘বোৱাৰী’ৰ পাছত শিৱপ্ৰসাদ ঠাকুৰে নিৰ্মাণ কৰে ‘ঘৰ-সংসাৰ’। ছবিখনৰ সংগীত পৰিচালনা কৰে বসন্ত বৰদলৈ আৰু মাণিক বৰাই। ছবিখনৰ জনপ্ৰিয় গীতকেইটি হ’ল, সমৰ হাজৰিকা আৰু নমিতা ভট্টাচাৰ্যৰ কণ্ঠত ‘নাহৰ ফুলে যুতি ফুলে’, সমৰ হাজৰিকা আৰু মালবিকা বৰাৰ কণ্ঠত ‘জীৱনৰ ৰংবোৰ’ আৰু ‘তোমাৰ কপালতে দিলো মৰমেৰে’, সমৰ হাজৰিকা আৰু অৰুণ দাসৰ কণ্ঠত ‘ঘৰলৈ তই আহিলি’। আনহাতে ‘ককাদেউতা নাতি আৰু হাতী’ৰ সংগীত পৰিচালনা ৰমেন বৰুৱাৰ। কোকিলা গোস্বামীৰ কণ্ঠত আছিল ছবিখনৰ কেইবাটাও গীত। জনপ্ৰিয়তা অৰ্জন কৰিছিল ‘পোহনীয়া চৰাইটি উৰিলে’, ‘এক দুই তিনি চাৰি’, ‘কলিৰ কৃষ্ণ বুলি হাঁহিলি’, ‘এই ৰ’দালি জিলমিলি’। গীতকেইটাৰ সংগীত পৰিচালনা কৰা ভূপেন উজীৰ চলচ্চিত্ৰৰ জগতলৈ আহে ১৯৮৪ চনত। সেই বছৰতেই ভূপেন উজীৰৰ সংগীত পৰিচালনা কৰে দুখনকৈ চলচ্চিত্ৰৰ। ২৪ জুলাইত মুক্তি লাভ কৰে ‘দেৱী’ আৰু ৩১ জুলাইত মুক্তিলাভ কৰে ‘জীৱন সুৰভি’য়ে। ছবিখনৰ গীতকেইটাৰ ভিতৰত বিশেষভাৱে জনপ্ৰিয় হয় মালবিকা বৰাৰ কণ্ঠত ‘জোনাক ভৰা নিশা’ আৰু সমৰ হাজৰিকাৰ সৈতে ডুয়েট ‘লিহিৰি বনৰে উতলা লহৰে’। ‘জীৱন সুৰভি’ৰ গীতসমূহৰ ভিতৰত জনপ্ৰিয় হৈছিল অৰুণ দাসৰ কণ্ঠত ‘মই এটি মুকলি পখী’ আৰু ভূপেন হাজৰিকাৰ কণ্ঠত ‘কিনো অভাগা কপাল’ গীত দুটা। মহিলা পৰিচালকৰ প্ৰথমখন অসমীয়া চলচ্চিত্ৰ হ’ল ‘নয়নমণি’। সুপ্ৰভা দেৱীয়ে পৰিচালনা কৰা ছবিখনে মুক্তি লাভ কৰে ১৯৮৪ চনত। জিতু-তপনে সংগীত পৰিচালনা কৰা চলচ্চিত্ৰখনৰ গীতসমূহ গাইছিল ভূপিন্দৰ আৰু সুমন কল্যাণপুৰে। জনপ্ৰিয় হৈছিল ‘অ’ নয়নমণি’, ‘ঘিটমিট আন্ধাৰৰ নিমাত ৰাতি’, ‘আৰু কত দুখ দিয়া,’ ‘মা তুমি খেলিবানে’ গীতকেইটা। এই বছৰটোতে ছবিঘৰলৈ আহে ৰমেন বৰুৱা সংগীত পৰিচালিত ‘শকুন্তলা আৰু শংকৰ যোচেফ আলি’। দ্বীপেন বৰুৱাৰ সৈতে ছবিখনত গীত পৰিৱেশন কৰে কবিতা বৰঠাকুৰে। কবিতাৰ কণ্ঠত ‘অ’ ঘুমটি আহ অ’ আহ’ আৰু ‘হাবি ভাঙি আহিছে’ ছবিখনৰ দুটা উল্লেখযোগ্য গীত। সেই বছৰেই মুক্তি লাভ কৰে বসন্ত-মাণিক যুটিৰ সংগীত পৰিচালিত ছবি ‘সোণমইনা’। পৰৱৰ্তী সময়ত তেওঁলোকে পৰিচালনা কৰে ‘মন মন্দিৰ’ আৰু ‘এই দেশ মোৰ দেশ’ নামৰ দুখন চলচ্চিত্ৰৰ সংগীতো।
১৯৮৫ চনত নিৰ্মিত চলচ্চিত্ৰৰ ভিতৰত সলিল চৌধুৰী সংগীত পৰিচালিত ‘মানসকন্যা’, ভূপেন হাজৰিকা সংগীত পৰিচালিত ‘অংগীকাৰ’, বসন্ত-মাণিক সংগীত পৰিচালিত ‘মন মন্দিৰ’, ভূপেন উজীৰ সংগীত পৰিচালিত ‘পূজা’ অন্যতম। ভূপেন হাজৰিকা সংগীত পৰিচালিত ‘অংগীকাৰ’ত দ্বৈত কণ্ঠৰ গীতত কণ্ঠ নিগৰাইছিল অঞ্জু দেৱীয়ে। জনপ্ৰিয় হৈছিল ‘কপালতে পিন্ধিলোঁ জিলমিল সোণপৰুৱা’, ‘জীৱন সুন্দৰ মৰম সুন্দৰ’, ‘আঢ়ৈ ধান লেচিয়া’ – এই গীতকেইটা।
বসন্ত-মাণিক সংগীত পৰিচালিত ‘মন মন্দিৰ’ত ব্যৱহাৰ কৰা হৈছিল বিয়ানামৰপৰা ঝুমুৰলৈ অসমীয়া থলুৱা সুৰ সম্ভাৰ। ৰিদীপ দত্ত আৰু ইনা মুখাৰ্জীয়ে গোৱা ‘হিয়াৰ মৰম মুকুতা হৈ’ অসমীয়া চলচ্চিত্ৰৰ দ্বৈত কন্ঠৰ গীতৰ ভিতৰতে অন্যতম জনপ্ৰিয় গীত। ছবিখনৰ আনকেইটামান জনপ্ৰিয় গীত – মধুমতী গোস্বামীৰ কন্ঠত ‘দুৰু দুৰু কঁপে হিয়া অজান পুলক লাগি’, ৰিদীপ দত্তৰ কন্ঠত ‘জীৱনটো হ’ল অসাৰ’, মহানন্দ মজিন্দাৰ বৰুৱা আৰু মধুমতী গোস্বামীৰ কন্ঠত ‘বসন্ত বহিল সখী’। সেই বছৰেই মুক্তি লাভ কৰা ‘ব’হাগৰ দুপৰীয়া’ৰ সংগীতেও জনপ্ৰিয়তা লাভ কৰে। ভূপেন উজীৰে সঙ্গীত পৰিচালনা কৰা ছবিখনত কন্ঠদান কৰে ভূপেন হাজৰিকা, সমৰ হাজৰিকা, মনীষা হাজৰিকা, দিলীপ চৌধুৰী, শান্তা শৰ্মা, ৰেজৱানা চুলতানা, মহানন্দ মজিন্দাৰ বৰুৱা সাবনাজ বেগম আদি বহুকেইগৰাকী শিল্পীয়ে। ছবিখনৰ উল্লেখযোগ্য কেইটিমান গীত হ’ল – ‘ক’তেনো আছা মোৰ কলিজাৰ আই’, ‘মন মোৰ উৰিছে উলাহৰ বা লাগি’, ‘যতনে সজোৱা হেঁপাহৰ ফুলনি’, ‘কৰযোৰে মাগোঁ প্ৰভু কৰুণা তোমাৰ’।
১৯৮৬ৰপৰা ১৯৯০ চনলৈ প্ৰায় দুকুৰি অসমীয়া চলচ্চিত্ৰই মুক্তি লাভ কৰে। পিছে তাৰ ভিতৰত আঙুলিৰ মূৰত গণিব পৰা কেইখনমান চলচ্চিত্ৰৰ গীতেহে শ্ৰোতাৰ হৃদয় চুবলৈ সক্ষম হয়। ৰমেন বৰুৱা সঙ্গীত পৰিচালিত ‘দীপজ্যোতি’ (১৯৮৬), ভূপেন হাজৰিকা সঙ্গীত পৰিচালিত ‘চিৰাজ’ (১৯৮৮), ‘মা’ (১৯৮৬), ‘প্ৰতিশোধ’ (১৯৮৭), অৰুণ দাস সংগীত পৰিচালিত ‘প্ৰতিমা’ (১৯৮৭), সত্য বৰুৱা সঙ্গীত পৰিচালিত ‘হালধীয়া চৰায়ে বাওধান খায়’ (১৯৮৭), শ্বেৰ চৌধুৰীৰ সংগীত পৰিচালিত ‘প্ৰথম ৰাগিণী’ৰ নাম বিশেষভাৱে উল্লেখযোগ্য। ‘ডাঃ বেজবৰুৱা’ৰপৰা ‘অজলা ককাই’লৈ পঁচিশখন অসমীয়া চলচ্চিত্ৰৰ সফল সঙ্গীত পৰিচালক ৰমেন বৰুৱাই ‘দীপজ্যোতি’ ছবিৰ জৰিয়তেই শ্ৰোতালৈ আগ বঢ়ায় দুটিমান সুমধুৰ গীত। জনপ্ৰিয় হয় মনজোৎস্না মহন্তৰ কন্ঠত ‘নদী মাথোঁ বয় কালৈকো নৰয়’, দ্বীপেন বৰুৱাৰ কন্ঠত ‘এই জীৱনত একো নেহেৰায়’, লগতে এটি বিহু ‘যোৰ পাতি উৰিলে কৰচন-কনুৱা’। সেই বছৰেই অৰ্থাৎ ১৯৮৬ চনত মুক্তি লাভ কৰে ভূপেন হাজৰিকা সঙ্গীত পৰিচালিত ছবি ‘মা’। ছবিখনত গীত পৰিৱেশন কৰে শান্তা উজীৰ, মালবিকা বৰা আৰু পুলক বেনাৰ্জীয়ে। ছবিখনৰ দুটামান উল্লেখযোগ্য গীত হ’ল, ‘আমাৰে মইনা শুইছে’, ‘নিশাৰ এন্ধাৰ পোহৰালে কোনে’, ‘কহুঁৱা কোমল উশাহ মোৰ’।
১৯৮৭ চনত মুক্তি লাভ কৰে আন্তৰ্জাতিক খ্যাতি অৰ্জন কৰা জাহ্নু বৰুৱাৰ চলচ্চিত্ৰ ‘হালধীয়া চৰায়ে বাওধান খায়’এ। সত্য বৰুৱাৰ সংগীত পৰিচালনাত ৰীতা বৰুৱাই কণ্ঠদান কৰে এটি বৰ সুৰীয়া গীত ‘ৰূপ নগৰৰ সাউদে আহি পাতিছে ৰূপৰ বেহা’। ছবিখনৰ গ্ৰামোফোন ৰেকৰ্ডত থকা আৰু এটি গীতৰ কথা উল্লেখ কৰিব লাগিব। ‘যদি পেৰা ভৰি ধন-ধান থাকিলেহেঁতেন’ শীৰ্ষক এই গীতটো গাইছিল জাহ্নু বৰুৱাই। গীতৰ ৰচনা ৰত্ন ওজাৰ। ‘ৱশ্ববিপোৰ’ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰা শ্বেৰ চৌধুৰীৰ সংগীত পৰিচালিত ‘প্ৰথম ৰাগিণী’ৰ ‘পাহাৰৰ ভাঁজে ভাঁজে’ গীতটোৱে জনপ্ৰিয়তা লাভ কৰিছিল। গীতটো গাইছিল মালবিকা বৰাই। ১৯৮৮ চনত ভূপেন হাজৰিকাই চল্লিশ বছৰ পূৰ্বে জনপ্ৰিয়তাৰ অভিলেখ গঢ়া ‘চিৰাজ’ৰ পুনৰ্নিৰ্মাণ কৰে। পূৰ্বে ভূপেন হাজৰিকাই একক কণ্ঠেৰে গোৱা ‘কঁপি উঠে কিয় তাজমহল’ গীতটো ভূপেন হাজৰিকাৰ সৈতে গালে লতা মংগেশকাৰে। ‘আৰু নবজাবি বীণ’ গীতটো নতুন সংস্কৰণটোত পৰিৱেশন কৰে ঊষা মংগেশকাৰে। এই সময়ছোৱাত ভূপেন হাজৰিকাই কৰা আন এখন চলচ্চিত্ৰ ‘প্ৰতিশোধ’। ছবিখনত ‘অ’ মোৰ ধৰিত্ৰী আই’ গীতটোত কণ্ঠদান কৰে ভূপেন হাজৰিকা আৰু পম্পা গগৈয়ে। ছবিখনত ‘যৌৱনে অংগ পোৰে’ শীৰ্ষক এটি গীত গাইছিল মালবিকা বৰাই।
এইবাৰ আহোঁ ১৯৯০ চনৰপৰা ২০০০ চনলৈ নিৰ্মিত হোৱা অসমীয়া চলচ্চিত্ৰৰ সংগীতলৈ। এই সময়ছোৱাত সংগীত পৰিচালনা কৰে ভূপেন হাজৰিকাৰপৰা অজিত সিংহ, ৰিদীপ দত্ত, জে পি দাস, প্ৰশান্ত বৰদলৈ, ভূপেন উজীৰ, শ্বেৰ চৌধুৰী, সুমন চট্টোপধ্যায়, মানস হাজৰিকা, জয়ন্ত দাস (জোনটি), মনোজ শৰ্মা, জুবিন গাৰ্গকে ধৰি বহুকেইগৰাকীয়ে। ১৯৯১ চনত মুক্তিলাভ কৰা ‘প্ৰেম জনমে জনমে’ৰ সংগীত পৰিচালনা কৰে ৰিদীপ দত্তই। তাৰ কেইবছৰমান পিছত ৰিদীপ দত্তই ‘দেৱতা’ নামৰ আন এখন অসমীয়া ছবিৰো সংগীত পৰিচালনা কৰে। ‘প্ৰেম জনমে জনমে’ত কণ্ঠদান কৰে – অনিমা চৌধুৰী, মহানন্দ মজিন্দাৰ বৰুৱা, মিতালী চৌধুৰী, সন্ধ্যা মেননকে ধৰি বহুকেইগৰাকী কণ্ঠশিল্পীয়ে। ১৯৯২ চনৰ ছবি ‘বংশধৰ’ৰ ৰুবী সিংহ আৰু দিলীপ চৌধুৰীৰ কণ্ঠৰ ‘এই মোহনীয়া মধুক্ষণে’ আৰু অজিত সিংহৰ কণ্ঠৰ ‘মায়াৰে আৱৰা মাটিৰে জীৱন’ গীত দুটাত খুবেই জনপ্ৰিয় হৈছিল। সেই বছৰৰে ছবি ‘প্ৰভাতী পখীৰ গান’। মুনিন বৰুৱাৰ ছবি ‘প্ৰভাতী পখীৰ গান’ৰ সংগীত পৰিচালক জে পি দাস। ছবিখনত ব্যৱহাৰ কৰা হৈছিল গীতিকবি পাৰ্বতিপ্ৰসাদ বৰুৱাৰ এটি গীত ‘ওৰে ৰাতি অন্ধকাৰত আছিলে মোৰ দুৱাৰ বন্ধ’; গীতটো গাইছিল সমৰ হাজৰিকাই। ছবিখনৰ বাকীকেইটা গীতৰ ৰচনা হেমন্ত দত্তৰ।
১৯৯৩ চনত মুক্তি লাভ কৰা ‘প্ৰিয়জন’ৰ দুটা গীত জনপ্ৰিয় হয়। গীত দুটা হ’ল – ‘এটি মনৰ দুটি মানুহ মৰমী সৰগ ৰচে’ আৰু ‘আহুধান দাবলৈ লাগে কতবেলি’। ছবিখনৰ সংগীত ভূপেন হাজৰিকাৰ। ডঃ হাজৰিকাৰ সংগীত পৰিচালনাতেই পৰৱৰ্তী বছৰ মুক্তি লাভ কৰে ‘অশান্ত প্ৰহৰ’ নামৰ চলচ্চিত্ৰখনে। কাঞ্চন বৰুৱাৰ উপন্যাসৰ আধাৰত নিৰ্মিত ছবিখনত ‘স্নেহেই আমাৰ শত শ্ৰাৱণৰ’ গীতটোত কণ্ঠ নিগৰায় সমৰ হাজৰিকাই।
১৯৯৪ চনত মুক্তি লাভ কৰা প্ৰথমখন অসমীয়া ফেণ্টাছি চলচ্চিত্ৰ ‘একত্ৰিশ জুন’ৰ সংগীত প্ৰশান্ত বৰদলৈৰ। অভিজিৎ আৰু সাধনা সৰগমৰ কণ্ঠৰ ‘হৃদয়ৰ দিয়া নিয়া’ আৰু কুমাৰ চানুৰ কণ্ঠৰ ‘জীৱনৰে এই ভুল’ ছবিখনৰ দুটি জনপ্ৰিয় গীত। সেই বছৰেই মুক্তি লাভ কৰা আৰু এখন সংগীতমধুৰ ছবি ‘হৃদয়ৰ আঁৰে আঁৰে’। এইখন ছবিৰো আটাইকেইটা গীতত কণ্ঠদান কৰে মুম্বাইৰ প্ৰতিষ্ঠিত কণ্ঠশিল্পীসকলে। ছবিখনৰ জনপ্ৰিয় গীত কেইটামান হ’ল, উদিত নাৰায়ণৰ কণ্ঠত ‘মৰমী মৰমী প্ৰিয়া’, উষা মংগেশকাৰৰ কণ্ঠত ‘অ’ মই বাগিচাৰে ছোৱালী’, কুমাৰ চানু আৰু সাধনা সৰগমৰ কণ্ঠত ‘ফুলে ফুলে পৰি ভোমোৰাজাকে’।
১৯৯৮ চনৰ চলচ্চিত্ৰ ‘কৃষ্ণচূড়া’, ছবিখনৰ সংগীত পৰিচালনা পশ্চিমবংগৰ প্ৰখ্যাত শিল্পী সুমন চট্টোপাধ্যায়ৰ। সুমনৰ কণ্ঠৰ ‘হয়তো নিজান অলপ মাটি, হয়তো নিজান আকাশ’ আৰু হৈমন্তী শুক্লাৰ কণ্ঠৰ ‘কোনে মাতে ৰিণি ৰিণি’ ছবিখনৰ দুটা উল্লেখযোগ্য গীত। সেই বছৰেই মুক্তিলাভ কৰা ‘যৌৱনে আমনি কৰে’ ছবিখনে অসমীয়া চলচ্চিত্ৰলৈ ব্যৱসায়িক দিশত এক পৰিৱৰ্তন আনে। ছবিখনত দীপালী বৰঠাকুৰে ‘লাচিত বৰফুকন’ ছবিত গোৱা ‘যৌৱনে আমনি কৰে’ গীত পুনৰ বাণীবদ্ধ কৰে সংগীতা বৰঠাকুৰে। জুবিন গাৰ্গে প্ৰথমবাৰৰ বাবে নেপথ্য কণ্ঠশিল্পীৰূপে পৰিবেশন কৰে ছবিখনৰ ‘বুকু দুৰু দুৰু’ গীতটো। জনপ্ৰিয় হয় শান্তা উজীৰৰ কণ্ঠত ‘উমলি থাকোতে কলিজা হেৰালে’, উদিত নাৰায়ণৰ কণ্ঠত ‘আগলি বাঁহৰে গগনা বজায়’ গীতকেইটা। ‘যৌৱনে আমনি কৰে’ৰ অভাবনীয় সাফল্যৰ পিছত অশোক কুমাৰ বিষয়াই পিছৰ বছৰতে নিৰ্মাণ কৰে ‘বুকুৰ মাজত জ্বলে’ ছবিখন। ছবিখনৰ সংগীত পৰিচালকৰূপে আছিল চাৰু গোহাঁই, ভূপেন উজীৰ, জয়ন্ত দাস, জিতুল সোণোৱাল আৰু অশোক কুমাৰ বিষয়া। জনপ্ৰিয়তা লাভ কৰে কবিতা কৃষ্ণমূৰ্তিয়ে গোৱা ‘বুকুৰ মাজত জ্বলে’, শান্তা উজীৰৰ কণ্ঠত ‘বা ৰিব ৰিব মলয়াই কিনো কথা কৈ যায়’, উদিত নাৰায়ণৰ কণ্ঠত ‘ষোল্ল বছৰীয়া তোমাৰ দেহা’ গীতকেইটাই। ছবি পৰিচালক আৰু সংগীত পৰিচালকৰূপে জুবিন গাৰ্গ চলচ্চিত্ৰৰ পথাৰলৈ আহে ২০০০ চনত। জনপ্ৰিয়তা লাভ কৰে জুবিন গাৰ্গে সংগীত পৰিচালনা কৰা মুনিন বৰুৱাৰ চলচ্চিত্ৰ ‘হিয়া দিয়া নিয়া’ৰ সংগীতে। ছবিখনৰ ‘মলয়াৰ দুপাখিত’, ‘নহ’লে পৰিচয় হিয়াৰে’, ‘বুকুভৰা আজি মৰমেৰে’ আদি গীতবোৰে বিপুল জনপ্ৰিয়তা লাভ কৰে। জনপ্ৰিয় হয় ‘তুমি মোৰ মাথোঁ মোৰ’ৰ গীতসমূহো। ‘পোহৰৰে চাকিগছি’ আৰু ‘এতিয়া হিয়া মোৰ বৰষে তোমালৈ’ ছবিখনৰ দুটা উল্লেখযোগ্য গীত। ২০০০ চনত মুক্তি লাভ কৰা অন্তিমখন ছবি ‘জোন জ্বলে কপালত’। ছবিখনৰ সংগীত পৰিচালক জয়ন্ত দাস (জোনটি)। ছবিখনৰ বহুকেইটা গীতৰ ভিতৰত দুটা বিশেষভাৱে জনপ্ৰিয় গীত হ’ল, জুবিন গাৰ্গ আৰু তৰালী শৰ্মাৰ কণ্ঠত ‘ৰূপহী ৰঙেদৈ ক’তেনো আছা ৰৈ’, আৰু ‘মাটিৰে সৰগ ৰচোঁ এই সোণালী ধৰাত’।
১৯৩৫ চনৰপৰা ২০০০ চনলৈ মুক্তিলাভ কৰা অসমীয়া চলচ্চিত্ৰৰ গীতৰ এয়া এক চমু অৱলোকন। বিষয়টো ইমানেই ব্যাপক যে বহু কথা কোৱাৰ পাছতো আৰু বহু ক’বলৈ ৰৈ যায়। চলচ্চিত্ৰত আৱহ সংগীত সম্পূৰ্ণ এক সুকীয়া বিষয়। গতিকে চলচ্চিত্ৰৰ গীতৰ আলোচনা কৰিবলৈ যোৱাৰ বাবেই কলাত্মক বহুকেইখন ছবিৰ সংগীতৰপৰা আঁতৰি এই লেখা প্ৰস্তুত কৰা হৈছে। আৰম্ভণিৰপৰা ২০০০ চনলৈ নিৰ্মিত প্ৰায় আঢ়ৈশ অসমীয়া চলচ্চিত্ৰৰ সংগীতে অসমৰ সাংগীতিক পৰিক্ৰমাক এক নতুন গতি প্ৰদান কৰিলে। বহু চলচ্চিত্ৰত নেপথ্য গীতৰ উচিত আৰু ব্যঞ্জনাময় প্ৰয়োগৰ বিপৰীতে আন বহু ছবিত আছিল সেই প্ৰয়োগ অযথা। সি যি নহওক, আধুনিক অসমীয়া সংগীতৰ সৃষ্টি আৰু প্ৰসাৰত অনাতাঁৰ আৰু চলচ্চিত্ৰৰ অৱদান অনস্বীকাৰ্য।
সহায়ক গ্ৰন্থ
১. পবিত্ৰ কুমাৰ ডেকা, সাতোটা দশকৰ অসমৰ চলচ্চিত্ৰ, ৰূপকাৰ, ২০০৬
২. পবিত্ৰ কুমাৰ ডেকা, অসমীয়া চলচ্চিত্ৰৰ গীত, জাৰ্ণাল এম্পৰিয়াম, ২০০৬
৩. অৰুণলোচন দাস, ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত, ২০১৩
৪. দিলীপ কুমাৰ দত্ত, ভূপেন হাজৰিকাৰ গীত আৰু জীৱনৰথ, শ্ৰী ভূমি, ১৯৯০
৫. দিলীপ কুমাৰ দত্ত, নিৰ্মলপ্ৰভাৰ গীত আৰু নাৰীৰ জীৱন নদী, শ্ৰী ভূমি, ১৯৮৫
৬. প্ৰণৱ কুমাৰ ভাগৱতী, আকৌ নতুন প্ৰভাত হ’ব, কিতাপঘৰ, ২০০২
৭. তফজ্জুল আলি, আধুনিক অসমীয়া গীতৰ সংগীতকাৰসকল, অসম সাহিত্য সভা, ২০০৫
৮. HMV saregamaৰ বিভিন্ন গীতিসংকলন
(সঙ্গীত আৰু সাহিত্যত বিশেষ ৰুচি ৰখা মনজিৎ ৰাজকোঁৱৰ প্ৰায় এটা দশক জুৰি বৈদ্যুতিন প্ৰচাৰ মাধ্যমৰ স’তে জড়িত জ্যেষ্ঠ সংবাদকৰ্মী। তেওঁ বৰ্তমান ‘নিউজ লাইভ’ চেনেলত বাতৰি পৰিবেশক হিচাপে কৰ্মৰত।)
It’s a great job done. Congratulations and thanks.