অতিথি সম্পাদকৰ চ'ৰাঅষ্টম বছৰ প্ৰথম সংখ্যা

“অসমত আকালো নাই ভঁ‌ৰালো নাই”: মিথ নে বাস্তৱ?- (সঞ্জীৱ পল ডেকা)

প্ৰায়ে এই বক্তব্য শুনা যায় যে “অসমত আকালো নাই ভঁ‌ৰালো নাই।” কিন্তু বঙ্গদেশৰ দৰে দুৰ্ভিক্ষ নাথাকিলেও ১৯৯০ ৰ দশকলৈকে অসমৰ খেতিয়ক পৰিয়ালৰ অনেকে তিনিসাঁ‌জ পূৰাকৈ খাবলৈ পোৱা নাছিল! ঔপনিৱেশিক সময়ছোৱাত এই ছবিখন আৰু সহজে কল্পনা কৰিব পাৰি। যদিও দুই-এক ঔপনিৱেশিক একাউণ্টে কৃষকৰ অৱস্থা ভাল বুলিয়েই ক’বলৈ বিচাৰে ( Outside the tea gardens the immense mass of the people are small peasant proprietors, who drive the plough themselves, and carry home the rice that has been cut by their wives and daughters. Such a community can never become rich, but it is well removed above the line of poverty, and it is seldom that any villager in Darrang goes hungry to his bed. 170, Darrang District Gazeeters) সেই কথা সম্পূৰ্ণ সত্য নহয়। সীমিত উৎপাদন, বৰ্ধিত খাজনা আদিৰ বাবে খেতিয়কৰ হৈছিল পানীত হাঁ‌হ নচৰা অৱস্থা। হৰিবিলাস আগৰৱালাৰ আত্মজীৱনীত ঔপনিৱেশিক সময়ছোৱাৰ খেতিয়কৰ অৱস্থাৰ আভাস এটা পাব পাৰিঃ

“ৰায়তবিলাক বৰ দুখীয়া আছিল। প্ৰতি ঘৰৰ খাজানা বাৰ্ষিক আঠ অনাৰ পৰা ১ টকা পৰ্যন্ত। তাকে দিব নোৱাৰাত দিনটো ৰ’দত বন্দিকৈ ৰাখে,গধূলি বেতেৰে কোবাই কাণমলাই জামিন লৈ এৰি দিয়ে।ৰায়তে ধান চাউল মাহ সৰিয়হ আদি উৎপন্ন বস্তু বেচি ধন ঘটাৰ সুবিধা একেবাৰেই নাছিল, বেপাৰি ৰাস্তা ঘাট নাও জাহাজ গাড়ি চলাচল একো নাছিল।২।৩ গাঁ‌ৱৰ মতা মানুহ গোটখাই চাউলৰ ভাৰ লৈ বামে বিশ্বনাথলৈ গৈ চাউল বেচি লোণ কাপোৰ কানি আদি অতি লাগতিয়াল বস্তু আনি ব্যৱহাৰ কৰিছিল। গাঁ‌ৱৰ অধিকাংশ লোকে বাহৰ চুঙ্গাত পানি কলাপাতত ভাত খাইছিল।”(১৪,হৰিবিলাস আগৰৱালাৰ আত্মজীৱনী) গুণাভিৰাম বৰুৱাই আসামবুৰঞ্জীত লিখিছেঃ” কৃষক বিলাকে আপোনাৰ উৎপন্নেৰে ব্যয় নিৰ্ব্বাহ কৰি অতি অল্প মাত্ৰ সঞ্চয় কৰিব পাৰে। অন্য লোকৰ পক্ষেও সেইৰূপেই। প্ৰয়োজন সাধিবলৈ যি ঋণ কৰা যায় তত বিস্তৰ বাঢ়ি দিব লাগে। এই নিমিত্তে দেশীয় লোকে সাধাৰণতঃ স্বচ্ছন্দৰূপে থাকিব নোৱাৰে।” (২৪৭–২৫০, আসাম বুৰঞ্জী, গুণাভিৰাম বৰুৱা) বৰুৱা সম্পাদিত আসাম-বন্ধুত প্ৰকাশিত “ক্ষেতি” শীৰ্ষক লেখাত “যদি আজিকালি অন্য কোনো বিষয়তে আসামৰ অলপ উন্নতি হইছে, ক্ষেতিৰ বিষয়ে একেবাৰেই নাই; বৰং অধোন্নতিহে।” (৫৮) বুলি খেতিৰ দুৰাৱস্থাৰ বিষয়ে উল্লেখ কৰিছে। জোনাকীতো “অসমীয়াৰ খেতি” নামৰ লেখাটোত আছেঃ “এইটি বড় দুখৰ কথা যে আমাৰ দেশত খেতি আৰু বেপাৰ দুইটিৰেই শেষ দুৰৱস্থা।…ধান খেতিৰো শেষ দুৰৱস্থা। আনকি আমাৰ দেশৰ ধানেৰে ছয় অনা মানুহেও বছৰ তাকি খাব নোৱাৰে। বাকী দহ অনা মানুহে বিদেশী চাউল কিনি খাব লাগে।…যদি কোনোৱে এলাহ নিহালি সামৰি থৈ কোবাকুবিকৈ লাগিল তেন্তে বেছি তিনি পূৰা মাটি ৰুলে। সেই মাটিৰ ধানেৰে লৰা-তিৰোতাৰে সৈতে বছৰেক খাবলৈ কোনোৰহে আঁ‌টে।” (১১৭-১১৮, জোনাকী)

ইয়াৰ এটা মুখ্য কাৰণ হিচাপে ক’ব পাৰি যে অসমত প্ৰাক-আধুনিক কালৰপৰা কৃষি-পদ্ধতি একেধৰণেই চলি আহিছিল। ঔপনিৱেশিক সময়ছোৱাত প্ৰকাশিত ভালেমান প্ৰামাণিক দলিলে এই কথা প্ৰতীয়মান কৰে।

ভূপেন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে লিখিছেঃ

To increase the revenue of Assam, Anandaram suggested in 1853 that agriculture methods should be changed by improving the implements of cultivation and by manuring and irrigatating the fields. But Mills while admitting that “the agriculture in Assam is in a very primitive state”, also observed that “the plough is suited to the strength of the cattle; any attempt to alter the  implement or the mode of husbandry would in my opinion, be of no advantage whatever.” (22, An Economic History of Assam, 1845-46. Bhupendra Narayan Choudhury)

গুণাভিৰাম বৰুৱায়ো তদ্ৰূপ কথাই কৈছেঃ “এই দেশত যিসকল লোক আছে তাৰ প্ৰায় সকলোৰেই ব্যৱসায় কৃষি।…কৃষি ব্যৱসায় ইয়াত সাধাৰণৰূপে চলিলেও ইয়াৰ লোক সকলে তাৰ উন্নতিলৈ বিশেষ দৃষ্টি নাৰাখে। শঙ্কৰদেৱৰ সময়ত কৃষিৰ যি প্ৰণালী আৰু আয়োজন আছিল সিয়েই এতিয়ালৈকে আছে। এতদ্দেশীয় কৃষকমাত্ৰেই কেবল স্বাভাৱিক উপায়হে আশ্ৰয় কৰে। অতি বৃষ্টি বা অনাবৃষ্টিত কোনো অশুভফল কেতিয়াও নিবাৰণ নকৰে।…

কৃষিৰ যি যি যন্ত্ৰ সি সকলো সামান্য।..বাৰ্ষিক সচৰাচৰ তিনটীৰ অধিক শস্যৰ কৃষি নকৰে।” (২৪৭, আসাম বুৰঞ্জী)

উল্লেখযোগ্য যে খেতি সম্পৰ্কত অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ লেখকসকলে আসাম-বন্ধু, জোনাকী আদি আলোচনীৰ পাতত বক্তব্য আগবঢ়াইছিল। আসাম-বন্ধুত প্ৰকাশিত ‘ক্ষেতি’ শীৰ্ষক লেখাটোত খেতিৰ অধোন্নতিৰ দুটা হেতু আঙুলিওৱা হৈছেঃ “প্ৰথম ক্ষেতিয়ক বিলাকৰ আখৰেৰে সইতে পৰিচয় নথকা। দ্বিতীয় ক্ষেতি কৰা সকলোৱে নীচ বুলি ভবা।” (৫৮) একেদৰে জোনাকীৰ পাততো ‘অসমীয়াৰ খেতি’ শীৰ্ষক লেখাত “জাতীয় উন্নতিৰ প্ৰধান উপকৰণ খেতি আৰু বেপাৰ” বুলি কৈ অসমত খেতিৰ দুৰাৱস্থাৰ দুটা কাৰণ নিৰ্দেশ কৰিছেঃ এটা, ‘অসমীয়া মানুহ বড় এলেহুৱা’ আৰু আনটো, ‘আমাৰ সৰহভাগ মানুহেই খেতিক নীচ কাম বুলি ঘিণ কৰে। সেই কাৰণেই আমাৰ খেতিৰ এনে দুৰাৱস্থা।’ (১১৮, জোনাকী) “আমাৰ কৃষি আৰু বেহা-বেপাৰ” শীৰ্ষক লেখাটোতো লিখিছে এনেদৰেঃ ” সৰু মানুহবিলাকে কোনোমতে বছেৰেকটী যোৰাই খাবৰ কাৰণে তিনি চাৰি মাহ অলপ দুখ কৰি এটি ধানৰ খেতি কৰিব। বাকী ৮ মাহ ধিটিঙালি কৰিব।” (৭১২, ঐ) খেতিৰ দুৰাৱস্থাৰ এটা অন্যতম কাৰণ যে ব্ৰিটিছ সাম্ৰাজ্যবাদৰ শোষণ-নীতি, তাক কোনো এগৰাকী মধ্যবিত্ত শ্ৰেণীৰ লোকে উল্লেখ কৰা নাছিল। লগতে স্ব-নিৰ্ভৰ কৃষি পৰম্পৰাৰ লগত বজাৰকেন্দ্ৰিক কৃষি অৰ্থনীতিক তুলনা কৰি সুদুত্তৰ নাপাই “অসমীয়া মানুহ এলেহুৱা” ধৰণৰ মিথ কিছুমানৰ সৃষ্টি কৰিছিল অসমীয়া অ-খেতিয়ক মধ্যবিত্ত লেখকে।

ভাৰত চন্দ্ৰ দাসৰ খেতি (১৯০৮) নামৰ পুথিৰ প্ৰথম অধ্যায়ৰ পাতনিতে ঊনবিংশ শতিকাৰ শেষভাগত অসমীয়া অ-খেতিয়ক মধ্যবিত্ত লেখকে কৰা অভিযোগ খণ্ডন কৰি লিখিছে এনেদৰেঃ ” আসামৰ মাটি অতিশয় উৰ্ব্বৰা আৰু ইয়াত খেতি কৰিবলৈ বৰ সুচল; তথাপি ইয়াত চহকী বা ধনী মানুহ নাই বুলিলেও হয়। অনেকে, “অসমীয়া মানুহ এলেহুৱা”, “কেৱল ফিতাহি মাৰি ফুৰে, অলপো পৰিশ্ৰম নকৰে” ইত্যাদি নানা দোষাৰোপ কৰে; কিন্তু দকৈ গমি চালে দেখা যায় যে, এই কথা সম্পূৰ্ণ অমূলক নহ’লেও বৰ সঁ‌চা নহয়। সোৰোপাৰ কথাকে নকওঁ‌, যিবিলাকে বিশেষ পৰিশ্ৰম কৰে, তেওঁলোকেও ৰজা আৰু গুৰুঘৰীয়া দায় মাৰি বছৰৰ কেৱল নমাহমানহে পেটে ভাতে খায়। ধাৰ ঋণ নকৰিলে বা নিকিনিলে বাকী তিনিমাহ সুকলমে চলাব নোৱাৰে।” (১) দাসে উল্লেখ কৰা “ৰজা আৰু গুৰুঘৰীয়া দায়” খণ্ডবাক্যটো মনকৰিবলগীয়া। মুঠতে অসমৰ খেতিয়ক পৰিয়ালৰ বেছিভাগেই আছিল দৰিদ্ৰ আৰু তেওঁলোকক বছৰৰ আটাইকেইমাহ ভালকৈ খাবলৈ নুজুৰিছিল। “হালোৱা আৰু ডাঙ্গৰীয়া” নামৰ আসাম-বন্ধুত প্ৰকাশিত লেখাটো ব্যংগাত্মক হ’লেও নৰনাথ মহন্তই সমসাময়িক হালোৱাৰ ছবিখন দাঙি ধৰিছেঃ “ডাঙ্গৰীয়াতকৈ হালোৱা, খোৱা-লোয়া, পিন্ধা-উড়া সকলো পিনে হীন। সি দুপৰীয়া হালবাই আহি কচু ঢেকিয়াৰ আঞ্জাৰে ৰম্বা আহু চাউলৰ ভাত খাই সন্তোষ পায়। তাৰ উচ্চ ভাৱ আৰু উচ্চ আশা নাই; সি অলপতে সন্তুষ্ট অলপতে চৰিতাৰ্থ। সি মুঠতে খেতি কৰা, শাকে-কচুএ পেট পুৰুয়া, লোকৰ তলপিয়া আৰু ধৰুৱা নোহোৱাকৈ নিজ পৰিয়াল আৰু ওচৰ-চুবুৰীয়াৰে ৰঙ্গ-ধেমালী কৰি কাল নিয়াব পাৰিলেই মহা সন্তুষ্ট।” (২১৩, আসাম-বন্ধু)

আটাইতকৈ ডাঙৰ কথা, ওপৰৰ আলোচনাত ‘খেতিয়ক’ বুলি যিসকলক কোৱা হৈছে, তেওঁলোক বেছিভাগ আচলতে আধিয়াৰহে আছিল। ঔপনিৱেশিক সময়ছোৱাত আধিয়াৰৰ স্ংখ্যা চকুত লগাকৈ আছিল বেছি। বেছিভাগ ক্ষেত্ৰতে মাটিৰ মালিক আছিল স্থানীয় ধনিক শ্ৰেণীৰ লোকসকল। সুৰভি আলোচনীৰ ৩-৪ সংখ্যাত প্ৰকাশিত মহেন্দ্ৰনাথ বৰাৰ “আমাৰ কৃষি সমস্যা” নামৰ প্ৰবন্ধটোত এই কথা প্ৰথমবাৰৰ বাবে কোনো অসমীয়া আলোচনীৰ পাতত আঙুলিয়াই দেখুওৱা হৈছেঃ “ধনী ব্যক্তি বিশেষে মাটিবাৰী কিনি বা বন্ধকত লৈ খেতি চলাই উৎপন্ন শস্যৰ ওপৰত প্ৰভুত্ব কৰা দেখা গৈছে। অসমত জমিদাৰী প্ৰথা, বঙ্গদেশ, মধ্যপ্ৰদেশৰ দৰে সৰ্ব্বতোভাৱে নাথাকিলেও ক্ৰমান্বয়ে “আধি” “খন্দুৱা” লোৱা এটা শ্ৰেণীৰ বৃদ্ধি হৈছে। এনে প্ৰণালীত খেতিয়কে মাত্ৰ পেট প্ৰৱৰ্ত্তায়; খেতিবাতিতো একো হাত নাথাকে।” (১৮৬)

 প্ৰাক-ঔপনিৱেশিক অসমত ক্ষুধাৰ প্ৰসংগ

ঔপনিৱেশিক অসমৰ দৰেই প্ৰাক-ঔপনিৱেশিক সময়ছোৱাতো আকাল আছিল। ৰাম সৰস্বতীৰ দ্বাৰা লিখিত ভীমচৰিত নামৰ জনপ্ৰিয় পুথিখনত মূল চৰিত্ৰ ভীমে আলু-কচু-ঢেকিয়া কোচাই লৈ আনে আৰু কেতিয়াবা খায়, কেতিয়াবা লঘোণে থাকে। খোৱা-লোৱাত কষ্ট পাই ককায়েক যুধিষ্ঠিৰক দুখেৰে কয় যে কৈলাসৰ মহাদেৱৰ ঘৰত গৰুৰখীয়া গৰখীয়া হিচাপে সি প্ৰাণ প্ৰৱৰ্ত্তাব বিচাৰেঃ

ভীমে আনে আলু কচু ঢেকিয়া কোঞ্চাই।

কতো দিন খাই কতো উপবাসে যাই।।

এক দিনা ভীমে বোলে ৰাজাৰ আগত।

শুকাই গৈলেক দেহা অন্নৰ দুখত।।

মেলানি দিয়োক দাদা কৈলাসক যাওঁ‌।

মহাদেউৰ গৰু ছাৰি প্ৰাণ প্ৰবৰ্ত্তাওঁ‌।।(২১, ভীমচৰিত্ৰ)

এই ভীম মহাভাৰতৰ ভীম হৈ থকা নাই, সি যেন অসমৰ দুখীয়া খেতিয়কৰে সদস্য এজন!

আনহাতে, পুথিখনৰ শিৱও এজন দুখীয়া খেতিয়ক মাত্ৰ, যাৰ স’তে দুখীয়া শ্ৰোতা-পঢ়ুৱৈ একাত্ম হ’ব পাৰিছিল অনায়াসেঃ

ভগা ঘৰ ভগা বেৰ ফটা জুলি খান।

ঘৰমাজে নাই দেখো গোটা চাৰি ধান।।

..

ঘৰমাজে দেখো তোমাসাৰ একো নাই।।

নাই বস্ত্ৰ ধন ৰত্ন মণি মুক্তাহাৰ। (২৪)

..

ভিক্ষাৰ চাউলে জানা পেট নুপুৰয়।

খাইবে নপাই গৰখীয়া আৰাৱ কৰয়।।

প্ৰাক-আধুনিক কালৰ আন এখন জনপ্ৰিয় সৰু পুথি কাণখোৱাতো শিশু কৃষ্ণই মাক যশোদাক কোৱা বক্তব্যৰ যোগেদি ক্ষুধা আৰু দাৰিদ্ৰ্যৰ প্ৰসংগ অহা দেখা যায়ঃ

গৰু ঝাক লাগি       অন্ন দি পঠাস
সিয়ো হোৱে এক মুষ্টি।
এক গ্ৰাস খাইলে    আউৰ গ্ৰাস নাটে
যাওঁ‌ আধাপেটী উঠি।।

গৰু আগুড়ন্তে        ধাতু যায় মোৰ
কণ্টক বনৰ সান্ধি।
চৌপৰ দিনতো      লবড়িয়া ফুৰো
নটুৱা টনাক পিন্ধি।।

কুটুকুৰা চুলি         পড়ে গৰু ধূলি
কুকুহা পড়িয়া যাই।
গোটাগুটি কৰি      জটা বান্ধে কেশে
তৈলে মাথা দেখা নাই।। (১৭-১৮)

 চৰিত পুথিসমূহতো সমসাময়িক সমাজ-ইতিহাসৰ ছবি অংকিত হোৱাৰ লগতে বৈষ্ণৱ গুৰু আৰু সাহিত্যিক মাধৱদেৱে ভোকতে লাও চুঁ‌ছি খোৱাৰ বৰ্ণনা পোৱা যায়ঃ

দুই পৰ বেলি ভৈল ক্ষুধা ধৰিলেক।
পিতৃয়ে বোলন্ত বাপু নপাৰো যাইবাক।।
মাধৱে বোলন্ত স্নান নদীত কৰিয়ো।
জলপান কৰি সুস্থ কলেৱৰ হুয়ো।।
এহি বুলি পিতৃক নদীতীৰে থই।
লাও এক আনিলন্ত ছন্ন গ্ৰামে গই।।
কাটিবে কটাৰি দাৱ নাহি জানিলন্ত।
বাঁ‌শৰ কৰ্ত্তনাখানি সাজি আনিলন্ত।।
কৰ্ত্তনে চুৰ্ছিলা লাও বাকলি গুছায়া।
চুঞ্জি চুঞ্জি লাও বুক থৈলা পাত ভৰি।
বুঢ়া আতা আসিলা নদীত স্নান কৰি।।

এহি বুলি মহাৰঙ্গে লাও ভুঞ্জিলন্ত।
ক্ষুধা তৃষা গুচি মহা সুস্থ যে ভৈলন্ত।। (৩১-৩২, শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত, দৈত্যাৰী ঠাকুৰ)

একেখন চৰিতপুথিতে দুজনৰ জোখাৰে দিয়া চাউলেৰে তিনিজনে খোৱাৰ বৰ্ণনা আছেঃ

চাউল অল্প ভৈল দুইজন আটে অন্ন।
প্ৰথমতে বুঢ়া আতা কৰিলা ভোজন।।
মাধৱে বোলন্ত অন্ন ভুঞ্জিয়োক আই।
উপবাসে থাকোঁ‌ আজি মোৰ ক্ষুধা নাই।।
তই খোৱা ভাত বুলিলন্ত বুঢ়ী আই।
কিবা হেতু বাপু আজি মোৰ ক্ষুধা নাই।।
সেহি অন্নগুটি দুয়ো কৰিলা ভোজন।

মাধৱে বোলন্ত পিতৃ কহিয়ো বুজাই।
আৰ আন কুটুম্ব তোমাৰ আছে নাই।।
আথেৰ সাদৰ যত মাগে মানে পাইলোঁ‌।
এজন ভাত দুই মাৱে পোৱে খাইলোঁ‌।। (৩৫-৩৬, ঐ)

অষ্টাদশ শতিকাত ৰচিত গুৰু-চৰিত-কথাতো আছে অসমত আকাল হোৱাৰ কথাঃ

আৰু কাতিমহা বৰ আকাল দেশতঃ আই আতা দুই তিনি সাজো উপাসে থাকেঃ এদিন সুনি বৰাক কাহিবেৰাতকৈ ভাত দিচেঃ (পৃষ্ঠা ১৯৪-১৯৫, গুৰু-চৰিত-কথা, চন্দ্ৰ প্ৰকাশ, ২০১১)

সেই সমএ বৰ আকাল পৰিছে দেশতঃ আতাৰ গাত জিকিৰি পিডাঃ নিতে গা সেকিবলৈ একভাৰ খৰি কিনেঃ কলৰ থিৱ মোকচ এটা লাগে কলথোকাৰ ধন লইঃ লোন তৈল অন বস্ত্ৰ এনেতে ডেৰ কুৰি টকা ভাগিলঃ তেহে পিতা পুত্ৰে দুয়ো ভিক্ষা ধৈলে দিনটে ভিক্ষা কৰে গধুলি খাই পুৱা নাটেঃ এদিন দিনটো ফুৰি কনটো নাপালেঃ (১৯৬, ঐ)

মুঠতে ঔপনিৱেশিকেই হওক প্ৰাক-ঔপনিৱেশিকেই হওক, অসমত যে আকাল নাছিল, সেই কথা সত্য আধাৰিত নহয়। কিন্তু এই কথা প্ৰায়েই আলোচনা কৰা নহয়। আনকি কুৰি শতিকাৰ চল্লিশৰ দশকত বঙ্গদেশৰ দৰে অসমতো দুৰ্ভিক্ষ হ’লহেঁ‌তেন। দৈনিক অসমীয়া কাকতৰ ৬-০২-১৯৪৬ সংখ্যাৰ সম্পাদকীয়ত এনে নোহোৱাৰ তাৎপৰ্যপূৰ্ণ কাৰণ দুটা উল্লেখ কৰিছেঃ “১৯৪৩ চনত আশাতীত সৰহ মূল্য পাই অসমীয়া খেতিয়কে ধান ভঁ‌ৰাল উদং কৰি বেচি দিয়া হ’লে বঙ্গদেশৰ দৰে অসমকো দুৰ্ভিক্ষই গ্ৰাস কৰিলেহেঁ‌তেন। কিন্তু অসমীয়া ৰাইজৰ ৰক্ষণশীল স্বভাৱৰ কাৰণে আৰু আগষ্ট আন্দোলনৰ পৰিচালক কংগ্ৰেছ নেতা আৰু কৰ্ম্মীসকলৰ প্ৰচাৰৰ ফলত অসমীয়া খেতিয়কৰ সৰহ ভাগেই ধনৰ লোভত ভঁ‌ৰাল উদং কৰাৰ পৰা বিৰত হ’ল আৰু অসমৰ পৰা আকালৰ আশংকা আঁ‌তৰ হ’ল। ” (১০৬, দেৱকান্ত বৰুৱা সম্পাদিত দৈনিক অসমীয়া, সম্পাদকীয়ৰ একত্ৰ সংকলন, প্ৰথম খণ্ড, সংকলন আৰু সম্পাদনাঃ নীলমণি সেন ডেকা,২০২০)

নিঃসন্দেহে ক্ষুধা কেবল উৎপাদনৰ লগতে  সম্পৰ্কিত নহয়। তেনেদৰে ক্ষুধাৰ সংজ্ঞাও কেবল তিনিসাঁ‌জ পেট পূৰাবলৈ পোৱা-নোপোৱাতেও সীমাৱদ্ধ নহয়। এই সংখ্যাত প্ৰকাশিত ক্ষুধা সম্পৰ্কীয় লেখাসমূহে এই বিষয়ত কিছু আলোকপাত কৰিছে। আশা কৰোঁ‌ এই বিষয়ত আৰু অধিক চৰ্চা হ’ব। শেষত “মুক্তচিন্তা” আলোচনীৰ সমূহ কৰ্মকৰ্তাক আমাক এই সুযোগকণ দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ‌।

 

One thought on ““অসমত আকালো নাই ভঁ‌ৰালো নাই”: মিথ নে বাস্তৱ?- (সঞ্জীৱ পল ডেকা)

  • কেশব চাংমা

    তথ্যভিত্তিক লিখনি।ভাল লাগিল পঢ়ি।
    ধন্যবাদ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *