অসমত ডাইনী হত্যা নিৰ্মূলকৰণৰ প্রসংগত ।। ড০ অৱনী কুমাৰ দাস
অন্ধবিশ্বাস আৰু কুসংস্কাৰ মানৱীয় প্ৰগতি আৰু উন্নয়নৰ প্ৰবল অন্তৰায়। শিক্ষাহীনতা, নিৰক্ষৰতা আৰু অনুন্নয়নৰ সার্বিক পটভূমিত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ প্রকোপ বৃদ্ধি পায়। অর্থনৈতিক উন্নয়ন সন্তোষজনক হ’লেও যিকোনো দেশতে অন্ধবিশ্বাস আৰু কুসংস্কাৰ থাকিব পাৰে। আচলতে সামাজিক বৈষম্য আৰু অৰ্থনৈতিক বৈষম্যৰ বাবে দেশ এখনৰ বুজনসংখ্যক মানুহে দাৰিদ্ৰ্যৰ জীৱন যাপন কৰিবলগীয়াত পৰে। ৰীতি-নীতি-পৰম্পৰাৰ দোহাই দি এখন সমাজত কিছুমান অন্ধবিশ্বাস আৰু কুসংস্কাৰ মানি চলা হয়। শিক্ষিত মানুহবোৰেও যুক্তি আৰু বিজ্ঞানমনস্কতাক আওকাণ কৰি অন্ধবিশ্বাস আৰু কুসংস্কাৰকে শুদ্ধ বুলি ভাবি আত্মসন্তুষ্টি লাভ কৰে। অপশাসন আৰু দুৰ্নীতিপূর্ণ চৰকাৰৰ জনবিৰোধী কামকাজৰ ফলত দেশৰ অৰ্থনৈতিক উন্নয়ন স্তব্ধ কিম্বা মন্থৰ হৈ পৰে। শিক্ষা, স্বাস্থ্য, পুষ্টিসন্মত জীৱন যাপনৰ সুযোগ-সুবিধা নোপোৱা আর্থিকভাৱে বলহীন জনসাধাৰণে অতি সহজে অন্ধবিশ্বাস আৰু কুসংস্কাৰকে দুঃখমুক্তিৰ উপায় বুলি ভাবে। যেনে আধুনিক ব্যয়বহুল চিকিৎসা সেৱা গ্ৰহণ কৰি ৰোগ নিৰাময় কৰিব নোৱাৰা দৰিদ্ৰ জনতাই গাঁৱলীয়া বেজ কবিৰাজৰ চিকিৎসা পদ্ধতিকে উত্তম পাথেয় বুলি বিবেচনা কৰে। যদিহে ৰোগৰ আধুনিক চিকিৎসা সকলোৰে বাবে সহজলভ্য হ’লহেতেন, কোনো দৰিদ্ৰ মানুহে চিকিৎসাৰ নিদান বিচাৰি অন্ধবিশ্বাসভিত্তিক জৰা-ফুকা চিকিৎসাৰ উপায় গ্ৰহণ নকৰিলেহেঁতেন। অসম তথা ভাৰতবৰ্ষৰ অজস্র পশ্চাদপদ গাঁও আৰু চহৰত এতিয়াৰ মানুহেও ভালেমান অন্ধবিশ্বাস আৰু কুসংস্কাৰকে পালন কৰি আহিছে। এইবোৰ অন্ধবিশ্বাস মানুহৰ মননশীলতা আৰু জীৱন বিৰোধী। এইবোৰেই মানুহক মৰ্যাদাহীন জীৱন যাপনলৈ ঠেলি নিয়ে। প্রচলিত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বাবেই সমাজভুক্ত বহু মানুহৰ জীৱন দুঃখেৰে ভৰি পৰে। তেওঁলোক অধিকাৰ আৰু স্বাধীনতাৰ পৰা বঞ্চিত হয়। এনে এটি বিষম সামজিক পটভূমিতেই আমি অসমত চলি থকা ডাইনী হত্যাৰ বিষয়ে আলোচনা কৰিব পাৰো।
ডাইনী হত্যা এটা অপৰাধমূলক কাৰ্য। ভাৰতীয় আইনৰ দৃষ্টিত ডাইনী হত্যাৰ সমর্থন বা পৃষ্ঠপোষকতা কৰা যিকোনো ব্যক্তিয়েই অপৰাধী। কিন্তু পৰিহাসৰ কথা যে আধুনিক ৰাষ্ট্ৰপ্ৰশাসনে ডাইনী হত্যাৰ আতংকৰ পৰা জনসাধাৰণক নিষ্কৃতি দিব পৰা নাই ।। মুক্ত চিন্তা, দশম বছৰ, প্রথম সংখ্যা, জুলাই, ২০২৪ ।।
আধুনিক জ্ঞান-বিজ্ঞানৰ জয়যাত্ৰাই মানৱ-সভ্যতা আৰু সংস্কৃতিক গৰিমামণ্ডিত কৰি তুলিছে। হতাশাজনক অজ্ঞানতা আৰু উদ্যমহীনতাৰ পৰা জ্ঞানৰ চৰম উৎকৰ্ষ সাধনৰ প্ৰচেষ্টা বিশ্বজনীন হৈ পৰিছে। আকাশ চুব খোজা আশা-আকাংক্ষাৰে সমগ্ৰ বিশ্বই এতিয়া জ্ঞানৰ আৰু প্ৰজ্ঞাৰে আলোড়িত হৈছে। মানুহৰ জীৱন আৰামদায়ক আৰু বিলাসবহুল কৰি তোলাৰ প্ৰচেষ্টাও চলি আছে দুৰ্বাৰ গতিত। চিকিৎসাবিজ্ঞানৰ আশীৰ্বাদত বিশ্বৰ মানুহক নানা চিন-অচিন ৰোগৰ পৰা পৰিত্ৰাণ কৰাই মৃত্যুক প্ৰত্যাহ্বান জনোৱা হৈছে। সমগ্ৰ বিশ্বতে মানুহৰ মৃত্যুৰ হাৰ কমিছে। আধুনিক সভ্যতাৰ পৰশত মানুহ যুক্তিবাদী হৈ পৰিছে, বৈজ্ঞানিক মানসিকতা অৰ্জন কৰিছে। সামাজিক প্ৰগতিৰ এনে এটি পৰিমণ্ডলতো কিন্তু মানৱ-সমাজৰ পৰা অন্ধবিশ্বাস আৰু কুসংস্কাৰ আঁতৰি যোৱা নাই। বিশ্বৰ প্ৰায় সকলো দেশতে মানুহৰ চিন্তাভাবনা আৰু কাৰ্যকলাপত এলান্ধুকলীয়া অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ পয়োভৰ পৰিলক্ষিত হয়। আমাৰ ৰাজ্য অসমতো এনে কিছুমান অন্ধবিশ্বাস আৰু কুসংস্কাৰ প্ৰচলিত হৈ আছে যিবোৰ লোক সংস্কৃতি, ৰীতি-নীতি আদিৰ সৈতে সংলগ্ন। সকলোবোৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰ হয়তো ৰাষ্ট্ৰৰ কল্যাণ আৰু মানৱীয় সুখ-সমৃদ্ধিৰ বাটত প্রত্যক্ষ প্ৰতিবন্ধক নহয়। কিন্তু কিছুমান অন্ধবিশ্বাস আৰু কুসংস্কাৰমূলক পৰিঘটনা অতি ভয়াবহ আৰু আতংকজনক। ডাইনী হত্যা তেনে এটি আতংকময় সামাজিক পৰিঘটনা। অসমৰ প্ৰায় সকলোবোৰ জিলাতেই সংঘটিত ডাইনী হত্যাই মানৱীয়তাৰ প্ৰতি প্ৰচণ্ড ভাবুকি কঢ়িয়াই আনিছে। আধুনিক জ্ঞানবিজ্ঞানৰ অগ্রগতিক যেন তুচ্ছ-তাচ্ছিল্য কৰি অসমৰ অনগ্ৰসৰ বিশেষকৈ জনজাতিপ্রধান অঞ্চলবোৰত সঘনাই ডাইনী হত্যাৰ ঘটনা সংঘটিত হৈ আছে। ডাইনী হত্যাৰ মৰ্মন্তুদ চিকাৰ হৈছে প্ৰধানতঃ নাৰীসকল। নাৰী স্বাধীনতা আৰু সবলীকৰণৰ আন্দোলন ব্যাপক আৰু বিস্তৃত হোৱাৰ সময়তেই আমাৰ সমাজৰ কিছুমান নাৰীক অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ ডাইনী সজাই হত্যা কৰা হৈছে, গাঁওৰ পৰা খেদি দিয়া হৈছে। কেতিয়াবা প্রাপ্তবয়স্ক পুৰুষ, বৃদ্ধ আৰু শিশুও ডাইনী হত্যাৰ লক্ষ্য হৈ পৰিছে। ডাইনী হত্যা অপৰাধমূলক কাৰ্য। ভাৰতীয় আইনৰ দৃষ্টিত ডাইনী হত্যাৰ সমর্থন বা পৃষ্ঠপোষকতা কৰা যিকোনো ব্যক্তিয়েই অপৰাধী। কিন্তু পৰিহাসৰ কথা যে আধুনিক ৰাষ্ট্ৰপ্ৰশাসনে ডাইনী হত্যাৰ আতংকৰ পৰা জনসাধাৰণক নিষ্কৃতি দিব পৰা নাই। আধুনিক সুসভ্য মানুহৰ সমাজতো ডাইনী হত্যা সম্পূৰ্ণৰূপে নির্মূল হোৱা নাই; মানৱ অধিকাৰৰ দৃষ্টিকোণৰ পৰাও ডাইনী হত্যা সামাজিক অন্যায় আৰু বিবেচনাহীন কাৰ্য। ডাইনী হত্যাৰ বাবে অর্থনৈতিকভাৱে দুৰ্বল, ৰুগীয়া আৰু অসহায় মানুহে অৰ্থপূৰ্ণ আৰু মান-মৰ্য্যাদা সহকাৰে জীয়াই থকাৰ বুনিয়াদী অধিকাৰ হেৰুৱাইছে।
ডাইনী হত্যাৰ বুৰঞ্জী কেবা শতিকা প্রাচীন। ১৪ শতিকাৰ পৰাই বিশ্বৰ নানা দেশত এই প্রথা চলি আহিছে বুলি তথ্য পোৱা যায়। দেশভেদে ইয়াৰ নাম ভিন ভিন। ভ’দ’ (Voodoo), কলা যাদু (Black Magic) আৰু ডাইনী-চৰ্যা (White Craft) ইত্যাদি ৰূপত ডাইনী হত্যাৰ উমান পোৱা যায় বিভিন্ন দেশত। যাদুকৰী শক্তিসম্পন্ন বুলি বিশ্বাস কৰিব পৰা এগৰাকী নাৰীক ডাইনী বুলি কোৱা হয়। বিশ্বাস কৰা হয় যে এনে নাৰী কুলক্ষণযুক্ত আৰু তেওঁ সমাজৰ অইন মানুহৰ অনিষ্ট সাধন কৰিব পাৰে। এনে নাৰী বাস কৰা এখন গাঁও বা অঞ্চলত মাৰি-মৰক, অপায়-অমংগল হ’ব পাৰে, খেতিপথাৰৰ ক্ষতি হ’ব পাৰে ইত্যাদি নানান অযুক্তিৰে আবৰা কথা ভবা হয়। কোনো এটি জনএলেকাই সম্মুখীন হোৱা যিকোনো দূৰ্যোগৰ বাবে ডাইনীজনীক জগৰীয়া কৰা হয় আৰু তেওঁক জনসমাজৰ পৰা খেদি পঠোৱা হয়, নাইবা হত্যা কৰা হয়। ভাৰতবৰ্ষৰ নানা ৰাজ্য যেনে অন্ধ্ৰপ্ৰদেশ, বিহাৰ, ছত্তিশগড়, গুজৰাট, ঝাৰখণ্ড, কৰ্ণাটক, মধ্যপ্রদেশ, মহাৰাষ্ট্ৰ, উৰিষ্যা, ৰাজস্থান আৰু পশ্চিমবংগত ডাইনী হত্যাৰ ঘটনা ঘটি থাকে। লক্ষণীয় যে জনজাতি অধ্যুষিত আওঁহতীয়া দুর্গম জনবসতিবোৰত ডাইনী হত্যাৰ ঘটনা সর্বাধিক। অসমত নানা নৃগোষ্ঠীয় লোকে বাস কৰে। প্ৰতি নৃগোষ্ঠীয়ে নিজৰ ৰীতি-নীতি, পৰম্পৰা, ধৰ্মীয় ৰীতি-নিষ্ঠাৰে পালন কৰে স্বপৰিচয় অক্ষুন্ন ৰখাৰ স্বাৰ্থত। অসমৰ বড়ো, ৰাভা, কাৰ্বি, ডিমাচা, হামাৰ, দেউৰী, মিছিং, হাজং আৰু আদিবাসীসকলৰ বসতি স্থানত ডাইনী হত্যাৰ ঘটনা সৰহ। কোকৰাঝাৰ, ওদালগুৰি, বাক্সা, চিৰাং, তিনিচুকীয়া, গোৱালপাৰা, শোণিতপুৰ, কামৰূপ (গ্ৰাম্য), কাছাৰ, মৰিগাঁও আৰু শিৱসাগৰত সংঘটিত ডাইনী হত্যাৰ ঘটনাই বেছিকৈ সংবাদ মাধ্যমৰ জৰিয়তে পোহৰলৈ আহে।
আওহতীয়া অঞ্চলত বাস কৰা নিৰক্ষৰ, অজ্ঞ মানুহৰ সমাজত ডাইনী হত্যাৰ ঘটনা অধিক, অর্থনৈতিকভাৱে দুর্দশাগ্রস্ত অঞ্চলৰ মানুহেই ডাইনী হত্যাৰ ঘটনাত জড়িত হয়। অর্থাৎ হত্যাকাৰীসকল আৰু হত্যাৰ বলি হোৱা দুয়ো শ্ৰেণীৰ মানুহেই অশিক্ষিত আৰু নিৰক্ষৰ। অন্ধবিশ্বাস আৰু কুসংস্কাৰেৰে তেওঁলোকৰ মনপ্রাণ আচ্ছন্ন। অযুক্তিকৰ আৰু অবৈজ্ঞানিক ধ্যানধাৰণাই তেওঁলোকৰ বিপৰ্যয় আৰু দুৰ্যোগ কঢ়িয়াই আনে। অজ্ঞতাৰ বাবেই ডাইনী হত্যাৰ নিচিনা অপৰাধ সংঘটিত হয়। গাঁও অঞ্চলত চিকিৎসা সেৱাৰ সুবন্দোবস্তি নথকা হেতুকে মানুহৰ বেমাৰ-আজাৰৰ চিকিৎসাত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ প্রভাব পৰে। অজ্ঞানতাৰ এন্ধাৰত ডুব গৈ থকা মানুহবোৰে ভাবে যে বেমাৰ-আজাৰ হৈছে ভূত-প্রেত বা অপশক্তিৰ লীলা-খেলা। তেওঁলোকৰ সৈতে বাস কৰা কোনো ব্যক্তিক—বিশেষকৈ মহিলাক—তেওঁলোকে কুলক্ষণীয়া বুলি গণ্য কৰে। তথাকথিত কুলক্ষণীয়া মানুহবোৰেই ডাইনী বুলি আখ্যা দিয়া হয়। সাধাৰণতে দৈহিকভাৱে অগঢ়ী মহিলাক পুৰুষশাসিত সমাজে ডাইনী আখ্যা দিয়ে। অমংগলীয়া বুলি কৈ তেনে মহিলাৰ ওপৰত সামাজিক নিৰ্যাতন আৰম্ভ কৰে। ডাইনী হত্যাৰ আৰু এটি ভয়াবহ দিশ উন্মোচিত হৈছে। বিধবা আৰু নিঃসংগ মহিলা সঘনাই ডাইনী হত্যাৰ চিকাৰ হয়। তেনে মহিলাৰ সাসম্পত্তি হস্তগত কৰিবলৈ সমাজৰ প্রভাৱশালী দুষ্টচক্রই ষড়যন্ত্রমূলকভাৱে ডাইনী হত্যাৰ পটভূমি সৃষ্টি কৰে। কেতিয়াবা সমাজৰ নেতাস্থানীয় ব্যক্তিৰ যৌন লালসা পূৰণ নকৰিলে বিধবা আৰু অকলশৰীয়াভাৱে জীৱন যাপন কৰা মহিলাই ডাইনী হত্যাৰ নিচিনা বিপৰ্যয়ৰ সম্মুখীন হোৱাও দেখা যায়। অর্থাৎ পুৰুষ অবদমিত সমাজৰ প্ৰতিশোধৰ বলি হয় তেনে অসহায় নাৰী। এনেকৈয়ে আমাৰ সমাজত প্ৰচলিত ডাইনী হত্যাৰ আঁৰত নাৰীৰ দেহ আৰু সম্পত্তিৰ প্ৰতি পুৰুষৰ পংকিলময় লালসাৰ কথাটোও নিহিত হৈ আছে।
ডাইনী হত্যাৰ সৈতে জড়িত আৰু এটা দিশলৈ মন কৰিব পাৰি। দুৰ্গম গাঁও তথা পাহাৰীয়া অঞ্চলত চিকিৎসকৰ অভাবৰ বাবে ৰোগগ্রস্ত মানুহে বেজ, কবিৰাজ, ওজা আৰু তান্ত্ৰিকৰ কাষ চাপে ৰোগৰ নিদান বিচাৰি। এইসকল প্রবঞ্চক চিকিৎসকৰ ব্যৱস্থা-পত্ৰই ৰোগীক সকাহ বা আৰোগ্য দিব নোৱাৰিলে, ডাইনী হত্যাৰ সূচনা হয়। অপশক্তি বা ডাইনী লম্ভা হেতুকে ৰোগীয়ে আৰোগ্য পোৱা নাই বুলি ওজা, কবিৰাজসকলে ঘোষণা কৰে। তেওঁলোকৰ কথাত গাঁওৰ অইন মানুহবোৰ পতিয়ন যায় আৰু গঞা ৰাইজে ডাইনী বিচাৰি চলাথ কৰে। ডাইনী বুলি ঠাৱৰ কৰা পুৰুষ, মহিলা বা শিশুক হানি-খুঁচি, শিল দলিয়াই হত্যা কৰা হয় আৰু তেনে হতভগীয়া ডাইনীৰ মৃতদেহ গাঁওৰ উপকণ্ঠ অঞ্চলত পুতি থয় বা নদীত উটুৱাই দিয়ে।
চৰকাৰী প্ৰশাসন যন্ত্ৰৰ উদাসীনতাৰ বাবেও অসমৰ বিভিন্ন প্ৰান্তত ডাইনী হত্যা হৈয়েই আছে। আৰক্ষী প্ৰশাসনৰ তৎপৰতা আৰু আইনৰ কটকটীয়া প্ৰয়োগৰ দিনতো ডাইনী হত্যাৰ ঘটনাৰ পুনৰাবৃত্তি হোৱাটো বৰ পৰিতাপৰ কথা। ৰাজনৈতিক কাৰণতো বিশেষকৈ দলীয় ৰাজনীতিৰ সংকীৰ্ণতাৰ বাবেও ডাইনী হত্যা অব্যাহত আছে। ৰাজনৈতিক দলবোৰে ভোটবেংক হেৰুওৱাৰ আশংকাত জনজাতি আৰু আদিবাসীসকলৰ পৰম্পৰা, ৰীতি নীতি, আচাৰ ব্যৱহাৰত হস্তক্ষেপ কৰিবলৈ দ্বিধাবোধ কৰে। ডাইনী হত্যাৰ পৰিক্ৰমাকো ক্ষমতাপ্ৰয়াসী ৰাজনৈতিক দলবোৰে জনজাতীয় পৰম্পৰা আৰু বিশ্বাসজনিত কাৰ্যকলাপ বুলি আত্মসন্তুষ্টিত ভোগে।
অর্থনৈতিকভাৱে দুখীয়া আৰু নিৰক্ষৰ, অশিক্ষিত মানুহে যি ডাইনী নিৰ্যাতনৰ লক্ষ্য হৈ পৰে, তেওঁলোকে নিৰাপত্তা বিচাৰি আৰক্ষী নাইবা আদালতৰ কাষ চপাৰ বাবে মানসিক প্রস্তুতি ল’ব নোৱাৰে। আইন আদালতৰ ধাৰণাই তেওঁলোকৰ নাই। আনহাতে সমাজৰ পৰা বৰ্জিত হোৱাৰ শংকাত তেওঁলোকে বিনাপ্রতিবাদে ডাইনী অপযশ মূৰ পাতি লয়। এটি পৰিয়ালত এজন সদস্য ডাইনী সাব্যস্ত হোৱাৰ লগে লগে অমানিশাৰ আন্ধাৰে গোটেই পৰিয়ালটোক আবৰি ধৰে। অঞ্চল বা জিলাভেদে ডাইনী নির্যাতন বা হত্যাৰ নমুনাও ভিন ভিন হয়। কিছুমান অঞ্চলত ডাইনী হত্যা কৰাৰ পিছত তেওঁৰ মৃতদেহটো কাটি টুকুৰা টুকুৰ কৰা হয় আৰু ছিন্ন ভিন্ন মঙহৰ টুকুৰাবোৰ বেলেগ বেলেগ ঠাইত গাঁত খান্দি পোতা হয় নাইবা পুৰি পেলোৱা হয়। তেনে অঞ্চলত প্ৰচলিত অন্ধবিশ্বাস এয়ে যে ডাইনীৰ মৃতদেহ একত্ৰ হৈ থাকিলে ডাইনীয়ে পুনৰ্জন্ম ল’ব আৰু সমাজৰ অপকাৰ সাধন কৰিয়েই থাকিব।
ডাইনী হত্যা মানৱ সভ্যতাৰ কলংক। এই বৰ্বৰোচিত হত্যাই মানৱ অধিকাৰ উলংঘন কৰে। ডাইনী হত্যাৰ ঘটনাক নিৰ্মূল কৰিবই লাগিব। এই অপৰাধৰ সৈতে জড়িত ব্যক্তি বা গোটৰ বিৰুদ্ধে কঠোৰতম শাস্তি প্ৰদান কৰাটো অত্যন্ত জৰুৰী। শাস্তিৰ ভয়ত আওঁহতীয়া, দুৰ্গম ঠাইৰ ব্যক্তি যিসকলে ডাইনী হত্যাৰ পোষকতা বা সমৰ্থন কৰে, তেওঁলোক এনে বৰ্বৰ, অপৰাধমূলক কাৰ্যৰ পৰা বিৰত হ’ব। ডাইনী হত্যাক প্ৰতিহত কৰিব পৰা আইন ভাৰতবৰ্ষত বহুতো আছে। কিন্তু শাস্তি প্রদানকাৰী আইনৰ সফল প্ৰয়োগ নিৰ্ভৰ কৰে আইন বলবৎকাৰী সংস্থাবোৰৰ সদিচ্ছাৰ ওপৰত। ডাইনী হত্যাৰ বিৰুদ্ধে আওঁহতীয়া স্পৰ্শকাতৰ অঞ্চলবোৰত প্ৰতিবাদী সভা-সমিতি আৰু সজাগতা শিবিৰ অনুষ্ঠিত কৰিব লাগে। ডাইনী হত্যাৰ নিৰৰ্থকতা, অপকাৰিতা আৰু ইয়াৰ বিষময় প্রভাৱ সম্পর্কে অশিক্ষিত, নিৰক্ষৰ ৰাইজৰ মাজত প্ৰচাৰ অভিযান গঢ়ি তুলিব লাগে। আইন সচেতনতা শিবিৰ অনুষ্ঠিত কৰিও ডাইনী হত্যাক অক্ষমনীয় অপৰাধ হিচাপে জনমানসত প্ৰতিপন্ন কৰিব পাৰি। স্কুল-কলেজৰ পাঠ্যক্ৰমত ডাইনী হত্যাৰ অনিষ্টকাৰী প্রভাৱ সম্পৰ্কীয় বিষয় সন্নিবিষ্ট কৰিব লাগে যাতে ছাত্র-ছাত্রীসকলে ডাইনী হত্যাৰ ঘটনাক কেতিয়াও প্রশ্রয় দিবলৈ নিশিকে।
ডাইনী হত্যা নিৰ্মূলৰ বাবে দীৰ্ঘম্যাদী ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তা অপৰিসীম। অন্ধবিশ্বাস আৰু কুসংস্কাৰজনিত ডাইনী হত্যাৰ মূলতেই হ’ল দাৰিদ্র্য, কর্মসংস্থাপনহীনতা, শিক্ষাহীনতা আৰু স্বাস্থ্যহীনতাৰ সমস্যা। যুগ যুগ ধৰি আমাৰ ৰাজনৈতিক, অর্থনৈতিক আৰু সামাজিক ব্যৱস্থাত চলি অহা অন্যায়, অবিচাৰ আৰু বিসংগতিৰ বাবে সমাজৰ এচাম মানুহ শোচনীয়ভাৱে দৰিদ্ৰ হৈ ৰ’ল, নিৰক্ষৰতা আৰু অজ্ঞতাই তেওঁলোকক বিপথগামী কৰিলে। সেয়েহে আর্থ-সামাজিক ন্যায় আৰু সততাপূৰ্ণ ৰাজনৈতিক ব্যৱস্থাৰ জৰিয়তে সমাজৰ সৰ্বস্তৰৰ জনসাধাৰণৰ মন আৰু হৃদয় জ্ঞানৰ আলোকেৰে, বৈজ্ঞানিক ধ্যান-ধাৰণাৰে সমৃদ্ধশালী কৰাৰ বিষয়ত সৰ্ব প্রচেষ্টা থূপীকৃত হ’ব লাগিব। সামৰ্থ্যশালী জনসাধাৰণৰ অফুৰন্ত যোগদান অবিহনে ডাইনী হত্যাৰ নিচিনা পুৰণিকলীয়া প্রথা নিঃশেষ কৰিব পৰা নাযাব।