বাল্য-কালৰ মেদবহুলতা: কাৰণ আৰু প্ৰতিকাৰৰ উপায় — (ডাঃ পলাশ ৰঞ্জন গগৈ)
পৃথিৱীৰ বিভিন্ন দেশত কৰা পৰ্যবেক্ষণ আৰু পৰীক্ষা-নিৰীক্ষাৰ অন্তত দেখা গৈছে যে শিশুসকলৰ মাজত বৃদ্ধি পোৱা মেদবহুলতাৰ কাৰণ বহুত। দৰাচলতে আমি প্ৰতিদিনে খাদ্যৰ ৰূপত গ্ৰহণ কৰা কেল’ৰি আৰু সমান্তৰালভাৱে সেই শক্তিৰ খৰচৰ মাজত এটা পোনপটীয়া সম্পর্ক আছে। এই সম্পৰ্কটোৰ অলপমান ইফাল-সিফাল হ’লেই মেদবহুলতাৰ সৃষ্টি হ’ব পাৰে। শৰীৰৰ কাৰণে নিৰ্দ্ধাৰিত কৰি থোৱা দিনটোৰ প্রয়োজনীয় কেল’ৰি খিনিতকৈ অধিক শক্তি “গ্রহণ” আৰু ইয়াৰ সমান্তৰালভাৱে কম “খৰচ” হৈছে দুটা অত্যন্ত গুৰত্বুপূৰ্ণ কথা। (থায়ৰয়ড গ্ৰন্থি আৰু এড্ৰিনেল গ্ৰন্থিৰ বিসংগতি আৰু কেইবাটাও “ছিনড্ৰম”ৰ কাৰণেও মেদবহুলতাৰ সৃষ্টি হয়। কিন্তু ইয়াৰ শতকৰা হাৰ যিহেতু নিচেই সামান্য সেয়ে এই প্ৰবন্ধত এই জাতীয় মেদবহুলতাৰ কথা আলোচনা কৰাৰ পৰা বিৰত থাকিম)।মেদবহুলতা বংশগত হ’ব পাৰে:এটা কথা অনস্বীকাৰ্য যে মেদবহুলতা বহু পৰিমাণে বংশগত। জেনেটিক কাৰকৰ প্ৰত্যক্ষ প্ৰভাৱৰ লগতে আমাৰ চৌপাশৰ পৰিৱেশ, জীৱন-ধাৰণৰ নীতি-নিয়ম আৰু আৰ্থ-সামাজিক কাৰক কিছুমানেও অত্যন্ত সক্রিয় ভূমিকা লোৱাৰ ফলস্বৰূপে আমাৰ শৰীৰত মেদবহুলতাৰ সৃষ্টি হয়। সমীক্ষাৰ পৰা এটা কথা প্রমাণিত হৈছে যে পিতৃ-মাতৃৰ ভিতৰত কোনোবা এজন যদি মেদবহুল তেনেহ’লে তেওঁলোকৰ সন্তানো মেদবহুল হোৱাৰ আশংকা থাকে ৩ ৰ পৰা ৪ গুণ। কিন্তু পিতৃ-মাতৃ দুয়ো গৰাকী মেদবহুল হ’লে তেওঁলোকৰ সন্তানসকল মেদবহুল হোৱাৰ সম্ভাৱনীয়তা ১০ ৰ পৰা ১২ গুণ বৃদ্ধি পায়। জেনেটিক কাৰক সমূহৰ ওপৰত আমাৰ কোনো নিয়ন্ত্ৰণ নাই সঁচা; কিন্তু জীৱন-ধাৰণৰ নীতি-নিয়ম, আমাৰ খাদ্যাভ্যাস ইত্যাদি পাৰিপাৰ্শ্বিক আৰু বাহ্যিক কাৰক সমূহ নিশ্চিতভাৱে শৰীৰৰ অনুকূলে সলনি কৰিব পাৰোঁ।পৰিবেশৰ সামগ্ৰিক প্ৰভাৱ:
নক’লেও হয় যে জীৱন-ধাৰণৰ মানদণ্ড আৰু আমাৰ খাদ্যাভ্যাসৰ এক আমূল পৰিৱৰ্তন হৈছে। অত্যধিক শক্তি ঘনীভূত, জোখতকৈ বেছি তেল বা ফেট মজুত থকা, অত্যধিক শৰ্কৰা আৰু ৰঞ্জক পদাৰ্থ প্ৰয়োগ কৰা খাদ্য আজিকালি চহৰে-নগৰে, আনকি গাঁৱে-ভূঞেও সহজে উপলব্ধ হৈছে। ঘৰত ৰন্ধা আহাৰতকৈ বজাৰত সহজলভ্য এই আপদীয়া খাদ্যসমূহৰ পৰা অধিক কেল’ৰি উৎপন্ন হয়। অৱ্যৱহৃত আৰু প্ৰয়োজনতকৈ অধিক কেল’ৰিখিনি চৰ্বিৰ ৰূপত শৰীৰৰ বিভিন্ন অংশত লাহে লাহে জমা হ’বলৈ আৰম্ভ কৰে।
খাদ্যাভ্যাসৰ পৰিৱৰ্তন:
এটা কথা মন কৰিবলগীয়া যে আমাৰ সকলোৰে ক্ৰয়-ক্ষমতা নিশ্চয়কৈ বৃদ্ধি পাইছে। পৰম্পৰাগতভাৱে চলি অহা খাদ্য সম্ভাৰৰ পৰিৱৰ্তে আমাৰ চাৰিওফালে এতিয়া “ফাষ্ট ফুড”, “জাংক্ ফুড”, “ইনষ্টাণ্ট ফুড”, “ষ্ট্ৰিট্ ফুড”ৰ সমাহাৰ। উদাহৰণস্বৰূপে বাৰ্গাৰ, পিজ্জা, ফ্ৰেন্স ফ্ৰাইজ, পেটিজ্, নাগেটছ্, নুড’লছ্, ছুপ পাউদাৰ, পক’ৰা, ভেল-পুৰি, আলু-টিক্কি, ছাট, ছ’লে-ভটুৰে, ছাম’ছা, আইচ-ক্ৰীম, বিভিন্ন ব্ৰেণ্ডৰ শীতল পানীয় আদি আজিকালি সকলো ঠাইতে সহজে উপলব্ধ। এনে ধৰণৰ খাদ্য সুষম খাদ্য নহয় কিয়নো এইবোৰৰ কিছুমানত প্ৰয়োজনতকৈ অধিক তেল অৰ্থাৎ ফেট থাকে; কিছুমানত অত্যধিক নিমখ (ছ’ডিয়াম), আন কিছুমানত অত্যধিক চেনি (পৰিশোধিত শৰ্কৰা) মজুত থাকে। ইয়াৰে কিছুমান খাদ্যত শৰীৰৰ কাৰণে অপকাৰী কেতবোৰ ৰঞ্জক পদাৰ্থ ব্যৱহাৰ কৰা হয়। পুষ্টিৰ ফালৰ পৰা চালে দেখা যায় যে এই ফাষ্ট ফুড সমূহত মাত্ৰাধিক কাৰ্ব’হাইড্ৰেট আৰু অতিৰিক্ত ফেট মজুত থকাৰ বিপৰীতে অইন অত্যাৱশ্যকীয় উপাদান যেনে প্ৰ’টিন, ভিটামিন, খনিজ পদাৰ্থৰ পৰিমাণ নিচেই সামান্য। ফাষ্ট ফুডসমূহ নিয়মীয়াকৈ খোৱাটো স্বাস্থ্যৰ কাৰণে অপকাৰী। কিন্তু এনেধৰণৰ খাদ্য-বস্তুৰ প্ৰতি শিশুসকল সহজে আকৰ্ষিত হয় আৰু এবাৰ জুতি পোৱাৰ পাছত শিশুসকলে ঘৰত ৰন্ধা, শৰীৰৰ কাৰণে প্রয়োজনীয় উপাদানেৰে সংপৃক্ত পৌষ্টিক আৰু সন্তুলিত আহাৰ সমূলি গ্ৰহণ নকৰা হয়। দৰাচলতে এনে ফাষ্ট ফুডৰ প্ৰতি শিশুসকল সম্পূৰ্ণৰূপে আসক্ত হোৱাৰ নিচিনা অৱস্থা এটাৰ সৃষ্টি হয়গৈ। এইখিনিতে এটা কথা উল্লেখ কৰাৰ প্ৰয়োজন যে মাতৃদুগ্ধৰ উপকাৰিতা বহুত। মাতৃদুগ্ধৰ পৰা বঞ্চিত আৰু কেৱল পাউদাৰ গাখীৰ গ্ৰহণ কৰি ডাঙৰ হোৱা শিশুসকল পাছলৈ মেদবহুলতাত আক্ৰান্ত হোৱাটো প্ৰায় নিশ্চিত।
শাৰীৰিক সক্ৰিয়তা:
আজিকালি সকলোৰে শাৰীৰিক পৰিশ্ৰম কৰাৰ প্ৰয়োজন ক্ৰমান্বয়ে কমি আহিছে। শিশু সকলৰ ক্ষেত্ৰতো দেখা যায় যে স্কুলৰ সময়খিনিৰ বাহিৰে যিখিনি সময় ঘৰত থাকে সেইয়াও খৰচ হয় কম্পিউটাৰ নহ’লে টেলিভিছনৰ সন্মূখত। আজিকালি শিশু সকলৰ খেলা-ধূলা কৰাৰ সময়েই নাই নতুবা মন থাকিলেও মুকলিত খেলিব পৰাকৈ ঘৰৰ ওচৰতে সুবিধা জনক খেলপথাৰৰো অভাৱ। বহু অভিভাৱকেই তেওঁলোকৰ ল’ৰা-ছোৱালীক ঘৰতে সুমুৱাই ৰাখিবলৈহে ভাল পায় যেন লাগে। কিন্তু শৰীৰৰ স্বাভাৱিক বৃদ্ধি আৰু সামগ্ৰিক বিকাশৰ কাৰণে শাৰীৰিক পৰিশ্ৰম আৰু নিয়মীয়া খেলা-ধূলা অত্যন্ত প্ৰয়োজনীয়। শাৰীৰিক নিষ্ক্ৰিয়তাই শৰীৰত অতিৰিক্ত চৰ্বি জমা হোৱাত পোনপটীয়াকৈ সহায় কৰে।
দৈনিক স্ক্ৰীন-টাইম:
নক’লেও হয় যে-মোবাইল ফোন, টেলিভিছন, কম্পিউটাৰ, ইন্টাৰনেট আদিয়ে বহি:ক্ৰীড়াৰ পৰিমাণ কমাই আনিছে । এটা সমীক্ষাত প্ৰকাশ পাইছে যে প্রতি দিনে ৪ ঘন্টাতকৈ অধিক সময় স্ক্ৰীনৰ সন্মুখত খৰচ কৰা শিশু সকলৰ মাজত মেদবহুলতাৰ শতকৰা হাৰ বেছি। টেলিভিছনত সঘনাই প্ৰচাৰিত, খাদ্য সম্ভাৰৰ লগত জড়িত বিজ্ঞাপন সমূহে সাধাৰণতে শিশু সকলকে লক্ষ্য কৰি লয়। শিশু সকলৰ মাজত মেদবহুলতাৰ শতকৰা হাৰ বৃদ্ধিৰ ইও এটা গুৰুত্বপূৰ্ণ কাৰণ ।
মেদবহুলতাই সৃষ্টি কৰা জটিলতাসমূহ:
প্ৰতিৰোধেই হৈছে মেদবহুলতাৰ বিৰুদ্ধে সঠিক সমাধান। মেদবহুলতা প্ৰতিৰোধৰ কাৰণে স্কুলৰ ছাত্ৰ-ছাত্ৰী সকলকে প্রধান লক্ষ্য হিচাবে গণ্য কৰা হয়। বাল্যকালৰ মেদবহুলতা প্ৰতিৰোধৰ কাৰণে প্ৰধানকৈ তিনিটা কথাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ প্ৰয়োজন। সেয়া হৈছে— পুষ্টিৰ ওপৰত শিক্ষা প্ৰদান কৰা, শিশুসকলৰ শাৰীৰিক সক্ৰিয়তা বৃদ্ধি কৰা আৰু কিছু লাগতিয়াল স্বাস্থ্যকৰ অভ্যাস গঢ়ি তোলা। এই তিনিটা উপায় একেলগে একেসময়তে প্রয়োগ কৰিলেহে সঠিক সমাধান পোৱা সম্ভৱ।
০ ঘৰৰ সকলোৱে একেলগে বহি খোৱাৰ নিয়মটো বিশেষভাৱে গুৰুত্বপূৰ্ণ। ভোজনৰ সময়খিনি প্ৰতিটো পৰিয়ালৰ কাৰণে উপভোগ্য আৰু আনন্দ দায়ক হ’ব লাগে।
০ দৈনন্দিন আহাৰত বতৰৰ ফলমূল, সেউজীয়া শাক-পাচলি , মাহজাতীয় খাদ্য প্ৰচুৰ পৰিমাণে থাকিব লাগে । এনেধৰণৰ খাদ্য সম্ভাৰত শৰীৰৰ কাৰণে প্ৰয়োজনীয় আঁহ মজুত থাকে। আঁহ যুক্ত খাদ্য সমূহে শৌচ খোলোচা কৰে আৰু পৰোক্ষভাৱে খাদ্যবস্তুৰ প্ৰতি থকা ৰুচি-অৰুচি নিয়ন্ত্ৰণ কৰে।
০ খাদ্য গ্ৰহণ কৰাৰ সময়ত টেলিভিছন চোৱা উচিত নহয়। ঠিক তেনেদৰে খোৱাৰ সময়ত মোবাইল ফোন ব্যৱহাৰ কৰা অনুচিত। পিতৃ-মাতৃৰ কাম-কাজ সমূহ সন্তান সকলে চকু মুদি অনুসৰণ কৰে। গতিকে টেলিভিছন, লেপটপ, মোবাইল ফোন ব্যৱহাৰ কৰোঁতে সাৱধান হোৱা দৰকাৰ।
০ পুৱাৰ জলপান অৰ্থাৎ ব্ৰেকফাষ্ট খোৱাটো বহুত জৰুৰী। খালী পেটেৰে কেতিয়াও স্কুললৈ বা কৰ্ম-স্থলীলৈ যোৱা উচিত নহয়।
০ শৰীৰৰ কাৰণে পানী বৰ দৰকাৰী। পিয়াহ গুচাবৰ কাৰণে পৰিশোধিত শৰ্কৰা মজুত থকা নতুবা কেফেইন্ যুক্ত শীতল পানীয় গ্ৰহণ কৰা অনুচিত।
০ আহাৰৰ পৰা আমি শক্তি অৰ্থাৎ কেল’ৰি আহৰণ কৰোঁ। এই শক্তিৰ সৰহ অংশ আহে কাৰ্ব’হাইড্ৰেটৰ পৰা (৫৫-৭৫%); প্ৰ’টিনৰ পৰা ১০-১৫% আৰু ফেটৰ পৰা আহে ১৫-৩০ %। এই অনুপাতত ৰন্ধা আহাৰকে সুষম আৰু সন্তুলিত আহাৰ বুলি কোৱা হয়। ফাষ্ট ফুড সমূহ প্ৰস্তুত কৰোঁতে এই অনুপাতটো বিঘ্নিত হয় আৰু সেই কাৰণেই ফাষ্ট ফুডসমূহ নিয়মীয়াকৈ গ্ৰহণ কৰাটো স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক।
০ পাকঘৰত ঘৰুৱা খাদ্য ৰন্ধাৰ সময়ত নিমখ, চেনি আৰু তেলৰ ব্যৱহাৰ কৰোঁতে সাৱধান হোৱা দৰকাৰ।
০ শিশু সকলে প্রতিদিনে অতি কমেও ১ ঘণ্টা খেলা-ধূলা কৰিলে শৰীৰত চৰ্বি জমা হ’বলৈ সুযোগ নাপায়। সকলো ধৰণৰ বহি:ক্ৰীড়া ইয়াৰ কাৰণে উপযোগী। বেডমিন্টন, ক্রিকেট, ফুটবল, খোজকঢ়া, চাইকেল চলোৱা, দৌৰা, সাতোঁৰা আদি কেইটামান উদাহৰণ।
০ প্ৰতিটো শিশুৰ কাৰণে অনুমোদিত দৈনিক স্ক্ৰীন-টাইমৰ সময় সীমাও নিয়ন্ত্ৰণ কৰিব লাগে। এই সময়সীমা এটা দিনত ২ ঘন্টাতকৈ অধিক হ’ব নালাগে। মনত ৰখাৰ প্ৰয়োজন যে কোনো এটা কামেই অধিক মাত্ৰাত হোৱা অনুচিত।
০ প্ৰত্যেকটি শিশুৱে দিনটোৰ ২৪ ঘণ্টাৰ ভিতৰত নাই কমেও ৮ পৰা ৯ ঘণ্টা ভাল টোপনি যোৱাটো জৰুৰী।
০ মানুহৰ কিছুমান অভ্যাস, আচাৰ- ব্যৱহাৰ, খাদ্য-গ্ৰহণৰ লগত সততে জড়িত হৈ থকা এটা দৰকাৰী সম্পদ হৈছে ‘সংযম’। আহাৰ গ্ৰহণৰ ক্ষেত্ৰত সংযমী নহ’লে মেদবহুলতাত ভোগাৰ আশংকা থাকে।
০ সকলো দায়িত্বশীল পিতৃ-মাতৃয়েই নিজৰ সন্তানটিয়ে দিনটোত, ঘৰৰ বাহিৰত, স্কুলত কি কি আহাৰ গ্ৰহণ কৰে সেইবোৰৰ হিচাপ ৰখাটো নিতান্তই দৰকাৰী।