বিবিধ চিন্তা

বাটে-ঘাটে পুৰুতন্ত্ৰৰ স্বৰূপ – (বীথিকা হাজৰিকা)

সৰু চহৰ এখনৰ পৰা বহু শিক্ষক- কৰ্মচাৰী আৰু নিৰ্মাণ শ্ৰমিক কৰ্মস্থলীলৈ লাইন বাছেৰে অহা-যোৱা কৰে।তাৰ মাজতে বহুকেইগৰাকী শিক্ষয়িত্ৰীৰ লগতে আন বিভাগত কৰ্মৰত নাৰী আছে।  বেছিখিনিৰেই কৰ্মস্থলীলৈ দূৰত্ব বিছ -পঁচিছ কিলোমিটাৰমানকৈ । তেওঁলোক পোন্ধৰ-বিছ মিনিটৰ ব্যৱধানত চলা বাছকেইখনতে যায়। চিটটো পালে বহিয়েই যায়। আপুনি চাগে ভাবিছে চিট পালেতো বহিয়েই যাব। হয় বহিয়েই যায়। চিট এটা পালে বহি যাবলৈ বিচৰাটোত অস্বাভাৱিকতা কোনেও বিচাৰি নাপাব। কিন্তু গাড়ীখন আহি ৰোৱাৰ পাছৰ পৰা পোন্ধৰ বিছ মিনিট আপুনি ৰৈ থাকিব লাগিব অনিয়মীয়া দূৰণিবটিয়া পেচেঞ্জাৰবোৰ আহি বাছত বহালৈকে। নাই, কোনো বাছষ্টেণ্ডত নৰয় বাছ । ৰ’দে-বৰষুণে ৰৈ থাকিব লাগিব দোকানবোৰৰ সন্মুখত ঠিয়দঙা দি দি।  পাছৰখন বাছ আহি এইখনৰ পাছত লগাৰ লগে লগে গাড়ীখন যেতিয়া চলিবলৈ আৰম্ভ কৰিব তেতিয়া হুৰমূৰকৈ আপোনাক উঠিবলৈ দিয়া হ’ব।চাদৰ- মেখেলা বা শাৰীৰে জঁপিয়াই উঠাত সামান্য দেৰী হ’লে আপোনাক এৰি থৈ যাবলৈ অকণো কুণ্ঠাবোধ নকৰে আপোনাৰ চিনাকি গাড়ীখনৰ কৰ্মচাৰী সকলে। সেইখন গাড়ীয়ে এৰি থৈ গ’লে আনখন গাড়ীত উঠিবলৈ  আপুনি আৰু পোন্ধৰৰ পৰা বিছ মিনিট ৰ’ব লাগিব। দেখদেখকৈ আপুনিৰ আধাঘণ্টা ঠিয় হৈ থাকিব লগা হ’ল। হয় এইবোৰ ব্যৱস্থাগত খেলিমেলি। ঘৰৰ পৰা নাতিদূৰৈত থকা কৰ্মস্থলীত সময়মতে উপস্থিত হ’ব পৰাকৈ কৰ্মচাৰী সকলৰ বাবে বিশেষ কোনো চৰকাৰী ব্যৱস্থা  নাই। দুচকীয়া ব্যক্তিগত বাহনেৰে দৈনিক অহা-যোৱা কৰাত পুৰুষ- নাৰী নিৰ্বিশেষে বহুতৰে কিছুমান অসুবিধা আছে। এতিয়া হয়তো আপুনি ভাবিব পাৰে দৰমহাত যিহেতু  ঘৰভাড়াৰ ধনো যুক্ত হৈ আছে, ভাড়াঘৰ নোলোৱাৰ কাৰণ কি! পিছে কৰ্মস্থলীৰ তেনেই ওচৰতে ভাড়াঘৰ এটা পোৱাটো ইমান সহজ কথা নহয়। নিজে সুৰক্ষিত ভাবে থাকিব পৰাকৈ চাকৰিয়াল সকলে, বিশেষকৈ নাৰীসকলে অলপ দূৰৈতো ঘৰ ল’ব লগা হ’ব পাৰে। ঘৰৰ পৰা  নাতিদূৰৈত কৰ্মস্থলী থকা কৰ্মচাৰী সকলে ঘৰভাড়া লোৱাৰ প্ৰয়োজনো নাই। আৰু ইয়াতনো কেনেকৈ পুৰুষতন্ত্ৰৰ কথাটো আহিল? বাটে ঘাটে মানুহে পতা কথাবোৰৰ ৰেহৰূপখিনিত এবাৰ চকু ফুৰাই লোৱা যাওক।

মধ্যবিত্ত বা নিম্ন মধ্যবিত্ত পৰিয়ালৰ আপুনি যদি চাকৰিজীৱী নাৰী আপুনি অৱশ্যেই অৰ্থনৈতিক ভাবে স্বাৱলম্বী। লগতে স্বাধীনো।সেয়ে ঘৰৰ কামবন সামৰি অহিব লাগিব বুলি কথা নাই। সময়তকৈ আগত ওলাই আহি বাছৰ চিট এটা পাবলৈ আপুনি খাপপিতি ৰৈ থাকিব পাৰে। যদি চাকৰিলৈ ওলাই আহোঁতে ঘৰত মানুহজনে ভাত কেইটা ৰান্ধি দিয়ে তেনেহ’লেতো কথাই নাই! আপুনি স্বৰ্গসুখত জীৱন যাপন কৰে।আৰু যিসকল নিজে ঘৰৰ পৰা দূৰৈত থাকে তেওঁলোকো ভীষণ সুখী। কাৰণ ঘৰৰ সমস্যাবোৰৰ পৰা আঁতৰত থাকিব পাৰে, নিজৰ মতে থাকিব পাৰে, যি মন যায় ৰান্ধে, খায়, ক’বলৈ কোনো নাই।  আপোনাৰ দৰে মাইকী মানুহবোৰ গপতে গংগাটোপ। পিছে কাৰ কি আহে যায়, নিজৰ পইচা নিজেহে খায়। সেইবুলি বাছ ভাড়াটোতো দহটকাৰ ঠাইত বিছ টকা নিদিয়ে। ঘৰত মানুহজনে ৰান্ধি দিয়া খানাটো খাই সোনকালে আহি চিট এটা ল’য়। আপোনাক মাইকী মানুহ বুলি উঠাই দিবলৈও অৱশ্যে বেয়া পায় গাড়ীৰ মানুহে।

কিছুমান মাইকী মানুহ আকৌ উধাতু খাই ওলায়হি শেষ মূহুৰ্তত। দহটকীয়া। আহিয়েই চাবহি চিট খালী আছেনে নাই। থাকিলে কথা নাই বতৰা নাই বহি যাবহি আৰামত। টোপনিয়াই টোপনিয়াই যাব।চাকৰি কৰাৰ ধুন ওলাই যায় তেওঁলোকৰ।ইমানেই যদি ভাগৰ, চাকৰি কিয় কৰিব লাগে! ঘৰতে ৰান্ধি-বাঢ়ি খাই আৰামত থাকিলেই হ’ল। বহুত নিবনুৱা এনেই পৰি আছে। সমানাধিকাৰৰ কথা কয়, ঠিয় হৈ যাবলৈ কিয় টান পায়? মাইকী মানুহ বুলিয়েই ইমান সুবিধা ল’ব নাপায়।

আপুনি বহি আছে চিট এটা লৈ। গাড়ী এৰেই আৰু! এনেতে এগৰাকী বৃদ্ধ উঠি আহি ইফালে সিফালে চাই নামি গৈ গাড়ীৰ  কণ্ডাক্টৰক ক’লে, “কি হে বাপু চিট আছে বুলি এনেয়ে উঠালা। নাপায় দেই।” কণ্ডাক্টৰজনে হন্ত-দন্ত হৈ আপুনি বহি থকা চিটটো দেখুৱাই ক’লে, “এইটোনো কি,এইটো চিটত বহক!” আপুনিও বৃদ্ধক উদ্দেশ্যি ক’লে ,” বহক আপুনি,মই ওচৰতে নামিম।” বৃদ্ধই ক’লে,” হৰা আইজনী মোৰ এনে দূৰৱস্থা হোৱা নাই যে, মাইকী মানুহ এজনীক উঠাই মই বহিম!” “নহয় খুৰা, আমাৰ অভ্যাস আছে, বহক আপুনি।” আপুনি উঠি দিয়ে, বৃদ্ধই আপোনাৰ বাউসীত ধৰি বহাই দিয়ে।থৰক-বৰককৈ বৃদ্ধই ৰড এডালত ধৰি থিয় হৈ থাকে। আপোনাৰ পুতৌ ওপজে, কিন্তু আকৌ এবাৰ বহক বুলি সংকোচতে নকয়। কি বুলি বা কয়!  মাইকী মানুহ হ’ল বুলিয়েই সুবিধা ল’ব নালাগে বুলি ভোৰভোৰাই কণ্ডাক্টৰজন আঁতৰি যায়।আপুনি শুনিবও লাগিব। প্ৰতিবাদ কৰিলে সকলোৱে আপোনালৈ ঘূৰি চাব। তেতিয়া লাজ নালাগিব জানো? ‘চৰ্ট-পেচেঞ্জাৰ’ নিজে জানিব লাগে। দূৰণিলৈ যোৱা মানুহবোৰে যেতিয়া বাছখন এৰাৰ মূহুৰ্তত দৌৰি দৌৰি আহি  চিট এটা বিচাৰে আৰু দিব নোৱাৰিলে নামি গুচি যায় তেতিয়া তেখেতৰ ভাড়াটো আপুনি জানো দিয়ে?’চৰ্ট পেচেঞ্জাৰ’ যদি মতা মানুহ হয় আপুনি দেখিব তেখেতকো উঠাই দিয়ে দূৰণিবটীয়াক বহিবলৈ দিব লাগে বুলি। মতা মানুহ হৈ কিয় ঠিয় হৈ যাব নোৱাৰে বুলি অৱশ্যে তেওঁক কোৱা নহয়।

আপোনাক বহু বছৰ ধৰি একেখন বাছতে অহা যোৱা কৰা দেখা যায়। শিৰত সেন্দূৰ নাই, আঙুলিত আঙুঠি নাই! কিবা জাত আপোনাৰ কোনে জানে! খুচৰি-শুঙি যেনেতেনে বহুদিনৰ পাছত গম পোৱা গ’ল আপুনি অবিবাহিত। ভুল কৰিছে বুজিছে। বিয়া হ’ব লাগে আৰু। জীৱনটো আধৰুৱাকৈয়ে থ’ব নে! মাতলৈ-বোললৈকে লগ এটা লাগে দিয়কচোন আৰু হাড়কেইডাল শুচি হোৱাৰো কথা আছে।

আপুনি মানুহজনী দেখাই- শুনাই চাকৰিয়ে বাকৰিয়ে তমস্কাৰ।  আপোনাক দেখিলে কোনেও ভাবিবই নোৱাৰে যে  ইমান স্বাস্থ্যৱতী মানুহ এজনীৰো কোলা উদং হ’ব পাৰে। বিধাতাই নিদিলেনো কি কৰিব হয়নে? বিধাতাই সকলো সুখ সকলোকে নিদিয়ে। দেখিছেনে সৌ বাটৰ ভীক্ষাৰীজনীৰো পিলৌ পিলৌকৈ কিমান গাল ল’চালি।

কেতিয়াবা খৰখেদাকৈ আহোঁতে সৰু পানী চুই আহিবলৈ সময়ে নহয় আপোনাৰ। বাছ ৰোৱা ঠাইখনতে থকা হোটেলখনলৈ  সোমাই যায়। পৰিস্কাৰ ৰাজহুৱা টয়লেট থকাৰ কথা নাভাবিবই। মেট্ৰোপলিটান চিটি বুলি ভাবিলে নহ’ব নহয়। লেডিজ বুলি লিখি থোৱা এটাত সোমাবলৈ গৈ দেখিব মতা মানুহ এজনে দুৱাৰ খুলি মুত্ৰত্যাগ কৰি আছে। আপুনি লাজ পাই খৰধৰকৈ উলটি আহোঁতে দেখিব তেওঁ ওলাই আহিছে নিৰ্বিকাৰ হৈ, ৰাণিং ৱাটাৰ আছে যদিও পানী এটুপী নঢলাকৈ। লাজ কিয় পাব? মতা মানুহে ইমান লাজ কৰিলে চলে নেকি? আপোনাৰ আগেৰেই পাৰ হৈ গৈছে। লাজ পাব লাগিব আপুনি। লাজ নাৰীৰ আভূষণ। লাজতে তেওঁক নোসোধে  কিয় লেডিজ টয়লেটত সোমাল বুলি, পানী কিয় নামাৰিলে বুলি। শুধিলে আপোনাক মুখেশ্বৰী বুলিব। নিজৰ সন্মান নিজে ৰাখিব লাগিব আপুনি। নিজে পানী দুমগমান মাৰি আপুনিও সৰু পানী চুবই লাগিব। ঘিণতে ঘূৰি আহিলে আপোনাৰে বিপদ। আৰু চাফচিকুণ কৰি ৰখাটোতো মাইকী মানুহৰে কাম। ঘৰখন কিমান চিকুণকৈ ৰাখিছে তাতেতো চিন! মতা মানুহৰ জানো সেইবোৰ অভ্যাস আছে! কৰিলে বেয়াও দেখি দিয়কচোন। মুত্ৰবাসত নাকত সোপাদি খৰধৰকৈ কামফেৰা কৰোঁতে আপুনি গমেই নাপাব দুদিনমানৰ পিছত কেনেকৈ মুত্ৰনলীৰ ইনফেকশ্বন হ’ল।

আপুনি তৃতীয় লিঙ্গৰ লোক। উঠি আহিল বাছখন চলাৰ আগমূহুৰ্তত। নিজস্ব ভংগীমাৰে বৰঙণি তুলিলে। সকলোৱে ফিচিঙা-ফিচিঙ কৰিলে। “ইহঁতৰে ভাল, হাত তালি দিয়েই পইচা পায়” বুলি কোনো যাত্ৰীয়ে শুনালে। নাই আপোনাৰ খং উঠিলে নচলিব। হাঁহি এটা মাৰি মন ভুলোৱা কথা এষাৰ কৈ আপুনি পইচাটো লৈহে এৰিব লাগিব। অভিশাপৰ ভয়ত পইচা এখিলা উলিয়াই দিয়ে যদিও মুখত ঘৃণাভাব স্পষ্ট। আপোনাৰ খং নুঠে। খং উঠিলে আপোনাৰ পেট কেনেকৈ চলিব! কেতিয়াবা খং উঠি কাৰোবাক থলামুৰি এটা শোধাই দিলে হিজৰাৰ অতপালি বাঢ়িছে বুলি শেহতীয়া আইন কানুনৰ কথা উলিয়াব।  আপুনি নামি যোৱাৰ পাছত কোনো এজন যাত্ৰীয়ে স্বাতি বিধান বৰুৱা আৰু গৌৰী সাৱন্তৰ  উদাহৰণ দিয়ে কেনেকৈ সংগ্ৰাম কৰি সেই পজিশ্যন পাইছে। তেওঁ নতুনকৈ শিকিছে তৃতীয়লিঙ্গৰ সমানাধিকাৰৰ কথা। পিছে আপোনাৰ আৰু স্বাতী- গৌৰীৰ মাজত  মাজত আকাশ পাতাল পাৰ্থক্য আছে। আপুনি হাততালি বজোৱাৰ বাদে আন সংগ্ৰাম কৰা নাই।

 মাইকী মানুহবোৰৰ পৰা উপায় নাই। হ’ল বুলি গাড়ীখন উৰাই দিব নালাগে আৰু কথা পাতি পাতি! আন মানুহ আছে বুলি খবৰেই নাই, ভাতখোৱা, মাছখোৱা , কাপোৰ-কানি, আ-অলংকাৰৰ  কথা পাতি পাতি যাব। মাইকী মানুহ বা ছোৱালী মানুহ থাকিলেই সমস্যা, কথাৰ অন্ত নাই।

আপুনি আকৌ অন্যধৰণৰ মাইকী মানুহ। কাৰো পৰা একো সুবিধা নিবিচাৰে। বাছত বাকী মানুহবোৰ উঠাৰ পাছতহে উঠে। বুজি পায়। কিছুমান মাইকী মানুহে সঁচাই সুবিধা লয়। চেৰিটি কৰিবলৈতো আৰু গাড়ীখন চলোৱা নাই! দুটামান পইচা ঘটিবলৈহে চলায়। সেই কথা আপুনি বুজি পায়। আপোনাৰ এই গুণখিনিৰ কথা  আপুনি বাছত উচ্চস্বৰে কয় কৰ্মচাৰীজনৰ কথাক সমৰ্থন কৰি। আপুনি গাড়ীৰ কৰ্মচাৰীৰ বাদেও আন বহুতৰে সমৰ্থন পাবলৈ চেষ্টা কৰে।

বাটে ঘাটে এয়াই পুৰুষতন্ত্ৰৰ স্বৰূপ। পুৰুষতান্ত্ৰিক সমাজত বৈষম্যৰ স্বৰূপবোৰ  তৰপে তৰপে থাকে। লিঙ্গ ,শ্ৰেণী, জাতি আৰু ভাষাৰ ভিত্তিত বৈষম্যৰ স্বৰূপবোৰ নিৰূপিত হয়।  সেই ভিত্তিত শ্ৰমশোষণো হয়। পুৰুষতন্ত্ৰত পুৰুষসকলো কিছুক্ষেত্ৰত শোষিত। । অৱশ্যে শোষিত যদিও  সামাজিক মৰ্যাদাৰ পৰা পুৰুষসকল বঞ্চিত নহয়। বৃদ্ধ যাত্ৰীজনৰ কথাকে ধৰক। পুৰুষসকল নাৰীতকৈ শ্ৰেষ্ঠ বুলি  ভবাৰ ফলতেই তেখেতে ঠিয় হৈ যাবলৈ বাধ্য হ’ল।  নাৰীগৰাকীক হীন প্ৰতিপন্ন কৰি তেখেত সন্মান সহকাৰে ঠিয় হৈ গ’ল।নাৰীৰ হৰ্তা-কৰ্তা-বিধাতা আৰু পালক বুলি নিজকে ভবাৰ ফলত বহু পুৰুষৰ কৰ্তব্য পালন কৰোঁতে কৰোঁতে নাজেহাল অৱস্থা হোৱা সকলোৱে দেখিছে।পুৰুষৰ তেনে স্থিতিৰ ফলত বেছিভাগ পৰিয়ালৰে নাৰীসকল পৰমুখাপেক্ষী, দুৰ্বল আৰু সুবিধাবাদী হৈ পৰা দেখা যায়। পুৰুষতান্ত্ৰিক সমাজত পুৰুষৰ ভুমিকাও  নিৰূপন কৰা থাকে। সেই ভুমিকা পালন কৰি কৰি শ্ৰেণীবিভক্ত সমাজত পুৰুষৰ কেনে অৱস্থা হয় সেয়াও দীঘলীয়া আলোচনাৰ বিষয় হ’ব পাৰে। লিঙ্গ নিৰ্বিশেষে শোষণৰ অৱসান ঘটাবলৈ সেয়ে পুৰুষতন্ত্ৰৰ ভেটিত নিৰন্তৰ আঘাত হানিব লাগিব। কিন্তু য’ত ধৰ্ষিতাৰ জাতি, ধৰ্ম,বৰ্ণৰ বিচাৰ কৰি প্ৰতিবাদ কৰা হয়, ধৰ্ষকৰ সমৰ্থনত শোভাযাত্ৰা হয়, ধৰ্ষণকাৰীক ফুলৰ মালাৰে আদৰা হয়, আশাৰাম বাপু, ৰামৰহিমৰ দৰে যৌন শোষণকাৰী পূজিত হয় তাত পুৰুষতন্ত্ৰ কিমানলৈকে শিপাই আছে সেয়া নতুনকৈ কাকো বুজাবৰ প্ৰয়োজন নাই।

তাৰ মাজতে হঠাৎ এদিন দেখা গ’ল, বিশেষ বাছ কেইখনত আপোনাক চিট এটা দেখুৱাই দি কোৱা হৈছে, “বাইদেউ ইয়াতে বহক।” দূৰৈৰ যাত্ৰীক আপুনি বহি থকা চিটটো দেখুৱাই আপুনি নামিলে বহিব পাৰিব বুলি বাছত উঠিবলৈ দিয়া হৈছে। হঠাৎ এই পট পৰিৱৰ্তন দেখি আপুনি হতবাক। কাৰণটো কি বুজি পাইছে চাগে। কোনো এগৰাকী যাত্ৰীয়ে সাহসেৰে উচিত ঠাইত ন্যায় বিচাৰিছে  আৰু একেখিনি মানুহে নিজ আচৰণ সলাবলৈ বাধ্য হৈছে। এয়া এটা বিচ্ছিন্ন ঘটনা। কিন্তু এনেকৈয়ে ভেটিটোত আঘাতবোৰ কৰি গৈ থাকিব লাগিব আমূল পৰিৱৰ্তনৰ বাবে সংগ্ৰাম কৰি যোৱাৰ বাটত।

Leave a Reply

Your email address will not be published. Required fields are marked *