বেখাপ্পা- (স্বপ্নম জ্যোতি কলিতা)
কাৰ মূৰত ফুলিলি মৰুৱা ফুল
মোলৈ মাৰি এপাট শূল
এনেও ফৰিং ছিটিকা চকু
হামখুৰি খাই বাৰুকৈ নপৰিল
এনেও গাভৰু ছোৱালীৰ বুকু
মুক্তিতো নিস্পৃহ যিটো
জীৱনত আছে কিটো
তৰা হাকুটিয়াই পাৰিবলৈ গৈ
চিত-ভোলোঙা খাই পৰি থকা হুদুমদেউ
দেখিছেনে পদূলিশুঙা
হাকুটি নাককাটি
চোৱা চোৱা সোণৰ চৰাই
কেনেকৈ উৰি যায়
সোণৰ চৰাই ৰূপৰ পাখি
ভলুকা বাঁহৰ আখি ফুটি
বতাহৰ পাভলুটি
নাৰিকল পাতৰ চকুত চোৰাং-চোৱা
বাগি দিব নোৱাৰি সজাতবন্দী শেনচোৱা
ৰʼদত শুকুৱাইছোঁ খৰি
আগলি পাতত শুৱাইছোঁ আত্মা
এইমাত্ৰ ধপধপাই যি গুচি গ’ল
এহালি কপৌ।
(টোকা : ‘বেখাপ্পা’ (বে+খাপ) অৰ্থাৎ যাৰ খাপ নাই। স্বনামধন্য গল্পকাৰ সৌৰভ কুমাৰ চলিহাৰ ‘এহাত ডাবা’ দ্ৰষ্টব্য)