কেন্দ্ৰীয় নিবন্ধ

বেংমৰাৰ বুৰঞ্জী (ছয়)  – (টুনুজ্যোতি গগৈ)

গদাধৰ সিংহই মৃত্যুৰ প্ৰাক্ মুহূৰ্তত পুত্ৰসকলক ৰজা হৈ কোনো ধৰ্মৰ প্ৰতি আসক্ত নহ’বলৈ, কোনো ধৰ্মগুৰুক ৰাজকাৰ্যত নিয়োগ নকৰিবলৈ আৰু ‘পঠালি ফোঁটা’সকলক বিশ্বাস নকৰবিলৈ সকীয়াই গ’লেও তেওঁৰ পুত্ৰসকলে সেই সকীয়নি শুনা নাছিল৷ গদাধৰ সিংহই চেউনি, বচা আদি ঠাইলৈ স্থানান্তৰ কৰা মহন্তসকলক তেওঁৰ বৰপুত্ৰ ৰুদ্ৰসিংহ (১৬৯৬-১৭১৪)ই পূৰ্বৰ নিজ স্থানলৈ ঘূৰাই আনিছিল৷ ধৰ্মান্ধ ৰুদ্ৰসিংহ প্ৰথম অৱস্থাত বৈষ্ণৱ ধৰ্মানুৰাগী আছিল আৰু তেওঁ পিতৃৰ সকীয়নিক আওকাণ কৰি আউনীআটি গোসাঁইৰ ওচৰত শৰণ লৈছিল৷ তেওঁ গোসাঁই-মহন্তসকলক মানি চলিবলৈ প্ৰজাসকলৰ প্ৰতি আহ্বান জনোৱাৰ লগতে গোসাঁই-মহন্তসকলৰ মৰ্যাদাৰ ক্ৰমো নিৰ্ণয় কৰিলে৷ সেই ৰুদ্ৰসিংহ পাছলৈ শাক্ত ধৰ্মানুৰাগী হৈ পৰিছিল আৰু শাক্ত ধৰ্মত শৰণ ল’বলৈ বুলি বংগদেশৰ কৃষ্ণানন্দ ন্যায়বাগীশ টেঙৰামৰা ভট্টাচাৰ্যক আমন্ত্ৰণ কৰি আনিছিল৷ কিন্তু, ভট্টাচাৰ্যৰ ব্যক্তিত্ব বা স্বাস্থ্যই ৰুদ্ৰসিংহক আকৰ্ষিত কৰিব নোৱৰাত তেওঁ শৰণ নলৈ ভট্টাচাৰ্যক খৰচ-পাতি দি ঘূৰাই পঠালে৷ সেই সময়তে অসমত এটা ভূমিকম্প হোৱাত দুটিমান পুৰণি মঠ-মন্দিৰৰ অলপ-অচৰপ ক্ষতি হৈছিল৷ এই প্ৰাকৃতিক দুৰ্যোগৰ সুযোগ লৈ এচাম ধৰ্মীয় প্ৰতিনিধিয়ে প্ৰচাৰ চলালে যে ৰুদ্ৰসিংহই কৃষ্ণৰাম ন্যায়বাগীশক অৱমাননা কৰা বাবেই অসমত ভূমিকম্প সংঘটিত হৈছে৷ ধৰ্মভীৰু ৰুদ্ৰসিংহই ন্যায়বাগীশক পুনৰ মতাই আনিলত ন্যায়বাগীশৰ গুৰুত্ব যেন বাঢ়ি গ’ল৷ তেওঁ ৰজাৰপৰা নিজৰ ইচ্ছা মতে সা-সুবিধা বিচাৰিবলৈ ধৰিলে৷ তেওঁ কামাখ্যা পাহাৰত বসবাস কৰিবলৈ বিচৰাত ৰজাই সেই সুবিধা কৰি দিলে আৰু তেতিয়াৰপৰা তেওঁ পৰ্বতীয়া গোসাঁইৰূপে পৰিচিত হ’ল৷

আহোমসকল হিন্দুধৰ্মযুক্ত কোনো জাতিৰ লোক নোহোৱা বাবে কৃষ্ণৰাম ভট্টাচাৰ্যই ৰুদ্ৰসিংহক নিজে শৰণ দিব নিবিচাৰিলে; তেওঁ এজন ব্ৰাহ্মণ পুৰোহিতৰ জৰিয়তে বেলপাতত বীজমন্ত্ৰ লিখি পঠাই দিলে৷ ৰুদ্ৰসিংহই তেনেদৰে শৰণ নল’লে যদিও ভট্টাচাৰ্যৰ অপমান-অৱজ্ঞা নীৰৱে সহ্য কৰি থকাই নহয়, পুত্ৰসকলকো ভট্টাচাৰ্যৰ ওচৰত শৰণ ল’বলৈ পৰামৰ্শ দিলে৷ ধৰ্মভীৰু ৰুদ্ৰসিংহই মাতৃ জয়মতীৰ স্মৃতি ৰক্ষাৰ্থে জেৰেঙা পথাৰত খন্দোৱা বৃহৎ পুখুৰীটোৰ পাৰত হিন্দু দেৱতা শিৱ আৰু বিষ্ণুৰ দৌল একোটাও স্থাপন কৰিছিল৷

ৰুদ্ৰসিংহই পৰম্পৰাগত ৰীতি-নীতি ত্যাগ কৰি হিন্দু ধৰ্মৰ প্ৰতি দেখুওৱা অত্যুৎসাহক আহোম সম্প্ৰদায়ৰ দেওধাই-মহন-বাইলুং পণ্ডিতসকলে পছন্দ কৰা নাছিল৷ তেওঁলোকে ৰজাৰ ওচৰত আপত্তি কৰিলেও ৰজাই সেই আপত্তিৰ প্ৰতি গুৰুত্ব নিদিলে৷ ৰজাৰ হিন্দু ধৰ্মাসক্তিৰ প্ৰতি লক্ষ্য ৰাখি একাংশ বৰ্ণহিন্দু পণ্ডিতে ৰজাৰ ওচৰত আপত্তি কৰিলে যে শংকৰদেৱে ব্ৰাহ্মণক শৰণ দিয়া কাৰ্য নিয়মবৰ্হিভূত৷ তেওঁলোকে ৰজাৰপৰা এক সুবিচাৰ বিচৰাত ৰজাই গড়গাঁৱত এখন মহাজনী সন্মিলন আয়োজন কৰিছিল৷ সন্মিলনত ৰজাই নিৰ্দেশ জাৰি কৰিলে যে শূদ্ৰই ব্ৰাহ্মণক শৰণ দিয়াৰ কোনো বিধান শাস্ত্ৰত নাই বাবে শূদ্ৰই ব্ৰাহ্মণক শৰণ দিব নোৱৰিব৷

ৰুদ্ৰসিংহই হিন্দু ধৰ্মৰ প্ৰতি উদাৰচিত্তে ৰাজ পৃষ্ঠপোষকতা আগ বঢ়োৱাৰ বাবেই ঊনবিংশ শতিকাৰ মনুবাদী বুৰঞ্জীবিদসকলে ৰুদ্ৰসিংহক আহোম ৰজাসকলৰ ভিতৰত শ্ৰেষ্ঠ ৰজা আৰু তেওঁৰ ৰাজত্বৰ সময়ছোৱা অসম বুৰঞ্জীৰ সোণালী অধ্যায় বুলি বৰ্ণনা কৰি থৈ গৈছে৷ কিন্তু, নিৰপেক্ষ বুৰঞ্জী চৰ্চাই প্ৰমাণ কৰে যে ধৰ্মান্ধ ৰুদ্ৰসিংহই ধৰ্ম আৰু প্ৰশাসনীয় নীতিক একাকাৰ কৰি আহোম ৰাজত্বৰ পতনৰো গুৰি ধৰিছিল৷ সেইপিনৰপৰা তেওঁ আহোমৰ শ্ৰেষ্ঠ ৰজা হোৱাৰ প্ৰশ্নই উঠিব নোৱাৰে৷

সি যি নহওক, ৰুদ্ৰসিংহৰ পুত্ৰসকলেও অৰ্থাৎ শিৱসিংহ, প্ৰমত্তসিংহ, মোহনমালা, ৰাজেশ্বৰ সিংহ আৰু লক্ষীসিংহয়ো হিন্দু ধৰ্মৰ প্ৰতি পৃষ্ঠপোষকতা আগ বঢ়োৱাৰ ক্ষেত্ৰত কৃপণালি কৰা নাছিল৷ শিৱসিংহ (১৭১৪-১৭৪৪)ই শাসনভাৰ লৈয়েই পৰ্বতীয়া গোসাঁইৰ ওচৰত শৰণ লোৱাৰ উপৰি তেওঁক অনেক মাটি-বাৰী দান দিলে৷ শিৱসিংহই ‘চিনাতলীৰ মেলা গায়নৰ জীয়েক’ নাচনী ফুলেশ্বৰীক বিয়া কৰাই ৰাণী পাতিছিল৷ (উৎসঃ পদ্মনাথ গোহাঞিবৰুৱা, অসম বুৰঞ্জী, অসম প্ৰকাশন পৰিষদ, ১৯৭৬, পৃঃ ৭৬) শিৱসিংহই নিজৰ ‘শিৱ’ নামটোৰ সৈতে মিলাই ‘ভগৱান’ শিৱৰ ভাৰ্যা প্ৰমথেশ্বৰীৰ নামেৰে ফুলেশ্বৰীৰ নতুন নাম ৰাখিছিল৷ তেৱোঁ পিতৃৰ পদাংক অনুসৰণ কৰি পূৰ্ব পৰম্পৰা, ধৰ্ম-কৰ্ম আদি বিসৰ্জন দি হিন্দুৰ শাক্ত পন্থাৰ ৰীতি-নীতি আদৰি লৈছিল৷ তেওঁ শাসনভাৰ লোৱাৰ ছমাহৰ পাছতে পৰ্বতীয়া গোসাঁইৰ উপৰি অন্যান্য পণ্ডিত-পুৰোহিতসকলে মত প্ৰকাশ কৰিলে যে তেওঁৰ ছত্ৰভংগ যুগ পৰিছে, তেওঁ ৰজা হৈ থাকিলে অসমত মহা দুৰ্যোগ সংঘটিত হ’ব৷ পণ্ডিত-পুৰোহিতসকলে দুৰ্যোগৰপৰা হাত সৰাৰ বিধানো দিলে৷ বিধানটো হ’ল, শিৱসিংহ বহি ৰজা হৈ থাকিব আৰু ৰাণী ফুলেশ্বৰীয়ে উঠি ৰজা হৈ শাসনভাৰ চলাব৷ ধৰ্মান্ধ শিৱসিংহৰ নিজৰ বিচাৰ-বুদ্ধি বুলিবলৈ একো নাছিল; তেওঁ বিনা বাক্যব্যয়ে পণ্ডিত-পুৰোহিতসকলৰ বিধান মানি লৈছিল৷

উঠি ৰজা ফুলেশ্বৰীয়ে পৰ্বতীয়া গোসাঁইৰ পৰামৰ্শ মতেই সকলো ৰাজকাৰ্য সম্পাদন কৰিছিল৷ গোসাঁইৰ পৰামৰ্শ অনুসৰি ফুলেশ্বৰী কুঁৱৰীয়ে ছত্ৰভংগৰ প্ৰতিকাৰ হিচাপে বহু ধন-সোণ, মাটি-বাৰী আদি উচ্চ বৰ্ণৰ হিন্দুসকলক দান দিছিল আৰু নিজেও শাক্ত ধৰ্মত শৰণ লৈছিল৷ ৰজা-প্ৰজাৰ ধৰ্ম একেই হোৱা উচিত বুলি প্ৰচাৰ চলাই বৈষ্ণৱপন্থী ঠাকুৰীয়া মহন্তসকলক বামুণীয়া পন্থাৰ আউনীআটি, গড়মূৰ আদি সত্ৰত সেৱা ল’বলৈ বাধ্য কৰাইছিল৷ বৈষ্ণৱপন্থী মহন্তসকলৰ থাপনাত ভাগৱত শাস্ত্ৰৰ উপৰি শালেগ্ৰাম মূৰ্তিও ৰাখিবলৈ আদেশ দিছিল৷ ফুলেশ্বৰীয়ে তাতেই ক্ষান্ত নহৈ ৰাজকাৰেঙত দুৰ্গা পূজা অনুষ্ঠিত কৰিছিল আৰু পূজালৈ বৈষ্ণৱ মহন্তসকলক মতাই আনি বলপূৰ্বকভাৱে দুৰ্গা মূৰ্তিত সেৱা কৰোৱাৰ লগতে কপালত সেন্দূৰ আৰু বলি-কটা ছাগলীৰ তেজৰে ফোঁট দিয়ালে৷

ফুলেশ্বৰীৰ তেনে কাৰ্যত বৈষ্ণৱপন্থী মহন্তসকল স্বাভাৱিকতে ক্ষুদ্ধ হৈছিল৷ সবাতোকৈ বেছি ক্ষুব্ধ হৈছিল কালসংহতিৰ মায়ামৰা সত্ৰাধিকাৰ আৰু তেওঁৰ শিষ্যসকল৷ মায়ামৰা সত্ৰৰ চতুৰ্ভুজ গোসাঁয়ে ৰাণীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ আৰম্ভ কৰাত ৰাণীয়ে তেওঁক প্ৰাণদণ্ড বিহিবলৈ উদ্যত হৈছিল৷ পৰ্বতীয়া ভট্টাচাৰ্য গোসাঁয়ে বাৰণ কৰাতহে চতুৰ্ভুজ গোসাঁইৰ প্ৰাণৰক্ষা পৰিছিল৷ মায়ামৰা শিষ্যসকলে ছু-ৰম-ফা বা ভগা ৰজাৰ দিনত নিত্যানন্দ গোসাঁইক বধ কৰাৰ কথা পাহৰিব পৰা নাছিল; ফুলেশ্বৰীৰ চৰম অপমানে তেওঁলোকৰ বুকুত উমি উমি জ্বলাই দিলে বিদ্ৰোহৰ অগ্নি৷ আহোম ৰজতন্ত্ৰক কঁপাই তোলা মোৱামৰীয়া বিদ্ৰোহৰ সূত্ৰপাত তেনেদৰেই ঘটিছিল৷

সি যি নহওক, ফুলেশ্বৰী কুঁৱৰীৰ অকালতে মৃত্যু হোৱাত তেওঁৰে বিবাহিতা ভগ্নী দ্ৰৌপদীক শিৱসিংহই পৰ্বতীয়া কুঁৱৰীৰ মৰ্যাদা দিলে আৰু দ্ৰৌপদী নাম সলাই অম্বিকা নাম ৰাখিলে৷ অম্বিকা কুঁৱৰীয়েই শিৱসাগৰ বৰপুখুৰীটো খন্দাই পুখুৰীৰ দক্ষিণ পাৰত বিষ্ণু দ’ল, শিৱ দ’ল আৰু দুৰ্গা দ’ল প্ৰতিষ্ঠা কৰিছিল৷ অম্বিকা কুঁৱৰীৰো অকাল মৃত্যু হোৱাত শিৱসিংহই শলাল বৰগোহাঞিৰ বিবাহিতা কন্যা অনাদৰী বা আঁকৰীক বিয়া কৰাই ৰাণী পাতিছিল৷ শিৱসিংহই অনাদৰীৰ নামো দুৰ্গাদেৱীৰ অন্য এক নাম সৰ্বেশ্বৰী বুলি ৰাখিছিল৷ সৰ্বেশ্বৰী কুঁৱৰীয়েই ঐতিহাসিক ৰাজমাও পুখুৰী খন্দাইছিল৷

ধৰ্মান্ধ, অন্ধবিশ্বাসী, সোৰোপা আৰু স্ত্ৰৈণ প্ৰকৃতিৰ শিৱসিংহৰ ৰাজত্বৰ সময়ছোৱা অসম বুৰঞ্জীৰে এক ক’লা অধ্যায় আছিল৷ তেওঁৰ দিনতে আহোম ৰাজতন্ত্ৰৰ ধৰ্ম-নিৰপেক্ষ নীতি মষিমূৰ হৈ পৰিছিল আৰু আহোমৰ পুৰোহিত শ্ৰেণী দেওধাই-মহন-বাইলুংসকলৰ বাদে সকলো আহোম প্ৰজাই হিন্দুধৰ্ম গ্ৰহণ কৰিছিল৷

(ক্ৰমশঃ)

 

Leave a Reply

Your email address will not be published. Required fields are marked *