অনুবাদকবিতা

বেয়া ছোৱালী-(মূল: তচলিমা নাচৰিন, অনুবাদ: শাশ্বতী বৰঠাকুৰ)

তাই কাৰো কথা নুশুনে,
যি ইচ্ছা তাকেই কৰে,
কাৰো আদেশ উপদেশক
কেৰেপ নকৰে,
উচ্চস্বৰত হাঁহে, চিঞৰে,
যাকে তাকে ধমক দিয়ে
ৰীতি-নীতি ভাল নহয়,
যদি সকলো একেদিশে যায়,
তাই যায় ওলোটা দিশে
একদম পাগল !

কাৰোবাক পচন্দ হৈছে
তেনেহ’লে চুম্বনেৰে আকোঁৱালি লৈছে,
পচন্দ হোৱা নাই, পাৰ হৈ গুচি আহিছে,
লোকে কি বুলিব তালৈ ভ্ৰূক্ষেপ নাই ৷

তাইৰ ফালে লোকে থুৱাই, প্ৰস্ৰাব কৰে
তাইৰ ছাঁটোও গছকি পাৰ নহয়,
ভদ্ৰলোকে দৌৰি পলায়৷

বেয়া ছোৱালীৰ মগজে
একো কোৱাৰ প্ৰয়োজনেই নাই,
সমুদ্ৰলৈ যায়,
অথচ বতাহ আহে বা ধুমুহা হয়
এবাৰলৈও আকাশলৈ নাচায়৷

তাই এনেকুৱাই, কাকোৱেই কেৰেপ নকৰে
গভীৰ অৰণ্যলৈ যায় ৰাতি,
দীপ্ত চন্দ্ৰৰ দিশে আগবাঢ়ে!

আস্,
মোৰো কিযে মন যায় বেয়া ছোৱালী হ’বলৈ ৷

Leave a Reply

Your email address will not be published. Required fields are marked *