অতিথি সম্পাদকৰ চ'ৰাচতুৰ্থ বছৰচতুৰ্থ বছৰ (চতুৰ্থ সংখ্যা)

বিপ্লৱী ভগৎ সিং (কাশ্যপ চৌধুৰী)

“জীৱিত ভগৎ সিঙতকৈ মৃত ভগৎ সিং ব্ৰিটিছ শোষকসকলৰ বাবে আৰু বেছি বিপজ্জনক হ’ব। মোৰ ফাঁচিৰ পিছত বিপ্লৱী আদৰ্শৰ সৌৰভ আমাৰ এই সুন্দৰ দেশত সৰ্বত্রে বিয়পি পৰিব। এই আদৰ্শই যুৱসমাজক উদ্দীপিত কৰিব আৰু দেশৰ স্বাধীনতা আৰু মুক্তিৰ বাবে উদ্বাউল কৰি তুলিব আৰু ফলত ব্ৰিটিছ সাম্ৰাজ্যবাদৰ পতন আৰু অধিক ত্বৰান্বিত কৰিব। এয়া মোৰ দৃঢ় বিশ্বাস।” – ভগৎ সিং


ভগৎ সিং : বিপ্লৱৰ অম্লান বহ্নিশিখা

পৃথিৱীত এনে কিছু মানুহ আছিল বা আছে যিবোৰে নিজৰ অসাধাৰণ কৰ্মৰ দ্বাৰা ইতিহাস ৰচনা কৰে। নিজৰ নিজৰ কৰ্মক্ষেত্ৰত তেওঁলোক একোগৰাকী পুৰোধা ব্যক্তি হোৱাৰ উপৰিও মানুহ হিচাপেও তেওঁলোকৰ ব্যক্তিত্বৰ এনে কিছুমান বৈশিষ্ট্য আৰু বৈচিত্ৰ্য আছে,যাৰ বাবে তেওঁলোক অনন্য হৈ পৰে। এনে এজন ব্যক্তি হৈছে ভগৎ সিং। পঞ্জাবৰ লায়ালপুৰ জিলাৰ বাংগা গাঁৱত ১৯০৭ চনৰ ২৮ ছেপ্টেম্বৰত ভগৎ সিঙৰ জন্ম হৈছিল। তেওঁৰ মাতৃৰ নাম বিদ্যাৱতী। পিতা কিষণ সিং আছিল এজন বিপ্লৱী। ‘বড়ি দোয়াব’অঞ্চলৰ খাল সংক্ৰান্ত আইন পৰিৱৰ্তন আৰু খালৰ পানীৰ ওপৰত শুল্ক বৃদ্ধিৰ বিৰুদ্ধে সেই সময়ত যি আন্দোলন চলিছিল,কিষণ সিঙে তাত সক্ৰিয় ভূমিকা লোৱাৰ বাবে কাৰাৰুদ্ধ হ’ব লগীয়া হৈছিল। পুত্ৰৰ জন্মৰ দিনাও পিতৃ কাৰাগাৰত। ভগৎ সিঙৰ ককাক অজিত সিঙো সেই সময়ত সুদূৰ বাৰ্মাৰ (ম্যানমাৰ) মান্দালয় জেলত আবদ্ধ। কিষণ সিং,অজিত সিং আৰু তেওঁৰ এজন ভাই স্বৰ্ণ সিঙে তেওঁলোক কৰ্মৰত মিলত ‘ভাৰত মাতা ছোচাইটি’নামৰ এক গুপ্ত সংগঠন গঢ়ি তুলিছিল। এনে এটি বিপ্লৱী পৰিয়ালত জন্মগ্ৰহণ কৰা ভগৎ সিঙে বাল্যকালৰ পৰাই দেউতাক, ককাক আৰু অন্যান্য বিপ্লৱীসকলৰ কীৰ্তি কাহিনী শুনি উৎসাহিত হৈছিল। গদৰ বিপ্লৱীসকলৰ আন্দোলনে তেওঁৰ মনত ৰেখাপাত কৰিছিল।ভগৎ সিঙৰ জন্মৰ পিছৰ পৰা পঞ্জাবত ব্ৰিটিছৰ বিৰুদ্ধে বিপ্লৱী আন্দোলনৰ যি জোৱাৰ আহিছিল,তাক ৰুধিবলৈ ব্ৰিটিছ শাসকে কেইবাটাও বিশেষ ট্ৰিবিউনেল  গঠন কৰিছিল। সাধাৰণভাৱে, ‘লাহোৰ ষড়যন্ত্ৰ মামলা’নামে পৰিচিত কেইটামান পৃথক পৃথক গোচৰ আছিল এই ট্ৰিবিউনেলৰ বিচৰাধীন। লাহোৰ ষড়যন্ত্ৰ মামলাৰ গোচৰত কৰ্তাৰ সিং নামৰ এগৰাকী ঊনৈশ বছৰীয়া বিপ্লৱীক দোষী সাব্যস্ত কৰি প্ৰাণদণ্ড বিহা হয়। এই যুৱকজনেই হৈ পৰে ভগৎ সিঙৰ আদৰ্শ। ১৯১৯ চনৰ ১৩ এপ্ৰিলত জেনেৰেল ডায়াৰৰ নিৰ্দেশত সংঘটিত জালিয়ানৱালাবাগৰ গণহত্যাই ১১ বছৰীয়া কিশোৰ ভগৎ সিঙৰ মনত বৃটিছৰ বিৰুদ্ধে তীব্ৰ ক্ষোভৰ জন্ম দিছিল। অমৃতসৰলৈ গৈ কিশোৰ ভগৎ সিঙে বাগৰ পৰা শ্বহীদৰ ৰক্তসিক্ত মাটি লৈ আনিছিল তেওঁলোকৰ আত্মবলিদানৰ চিনস্বৰূপে।

১৯২১ চনত যেতিয়া গান্ধীজীৰ নেতৃত্বত বৃটিছৰ বিৰুদ্ধে অসহযোগ আন্দোলনত সমগ্ৰ দেশ উত্তাল,ভগৎ সিং তেতিয়া লাহোৰৰ ডি এ ভি বিদ্যালয়ৰ ছাত্ৰ। অনতিপলমেই তেওঁ এই বিদ্যালয় বাদ দি লালা ৰাজপত ৰায়,ভাই পৰমানন্দ আৰু চুফি অম্বাপৰাদৰ চেষ্টাত স্থাপিত ন্যাশনাল কলেজত ভৰ্তি হয়। এই দেশপ্ৰেমিকসকলৰ উদ্দেশ্য আছিল ইংৰাজ শাসকৰ কৰ্তৃত্বত পৰিচালিত বা অনুমোদিত বিদ্যায়তনসমূহৰ (যাক গান্ধীজীয়ে ‘গোলামখানা’বুলিছিল) পৰিৱৰ্তে স্বদেশ চিন্তাৰে উদ্বুদ্ধ জাতীয় বিদ্যালয় আৰম্ভ কৰা আৰু ইয়াৰ জৰিয়তে ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ মনত স্বাধীনতাৰ সপোন অংকুৰিত কৰা। এই কলেজতেই ভগৎ সিঙৰ যোগাযোগ হয় ভৱিষ্যতৰ সহযোদ্ধা সুখদেৱ,ভাগৱতীচৰণ ভোৰা আৰু যশপালৰ সৈতে।

            কলেজত থকা সময়ছোৱাতে ঘৰত যেতিয়া বিয়াৰ কথা ওলায়,ভগৎ সিঙে তাক সজোৰে প্ৰত্যাখ্যান কৰে। স্পষ্টভাৱে তেওঁ জনাই দিয়ে যে তেওঁৰ জীৱন দেশৰ বাবে উৎসৰ্গিত। ইয়াৰ পিছতো দেউতাকে বিয়াৰ বাবে চাপ দি থকাত তেওঁ গৃহত্যাগ কৰে আৰু কানপুৰত উপস্থিত হয়। কানপুৰত গণেশশংকৰ বিদ্যাৰ্থী নামৰ ব্যক্তি এজনৰ ছপাখানাত কাম কৰিবলৈ লয় আৰু ইয়াৰ পৰাই আৰম্ভ হয় ভগৎ সিঙৰ জীৱনৰ এক নতুন অধ্যায়। গণেশশংকৰ বিদ্যাৰ্থী কংগ্ৰেছী আছিল। তেওঁৰ ঘৰ আছিল স্বাধীনতা সংগ্ৰামী তথা ৰাজনৈতিক কৰ্মীসকলৰ নিয়মীয়া আড্ডাস্থলী। ইয়াতেই ভগৎ সিঙৰ চিনা-পৰিচয় হয় হিন্দুস্তান ৰিপ্লাবিক এছোচিয়েছন (HRA)ৰ কেবাজনো নেতাৰ লগত আৰু ১৯২৪ চনত তেওঁ এই সংগঠনৰ সদস্য হয় যাৰ উদ্দেশ্য আছিল সশস্ত্ৰ বিপ্লৱৰ জৰিয়তে দেশৰ মুক্তি সাধন কৰা তথা ভাৰতীয় যুক্তৰাষ্ট্ৰত এক ফেডাৰেটেড প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠা কৰা। কিন্তু ‘কাকোৰি ষড়যন্ত্ৰ মামলা’নামৰ এক গোচৰত এই সংগঠনৰ প্ৰায় সকলোবোৰ নেতাক চৰকাৰে গ্ৰেপ্তাৰ কৰে আৰু কেইবাজনকো ফাঁচি আৰু যাবজ্জীৱন কাৰাদণ্ড বিহে। এইদৰে সংগঠনৰ প্ৰায়বোৰ প্ৰথম শাৰীৰ নেতাই শ্বহীদ বা কাৰাবাস খাটিব লগা হোৱাত ভগৎ সিঙকে ধৰি অন্যান্য তৰুণ সদস্যসকলে সংগঠনৰ দায়িত্ব কান্ধ পাতি লয়। এইচ আৰ এৰ অসমাপ্ত কাম-কাজ  চলাই নিবলৈ ১৯২৬ চনৰ মাৰ্চ মাহত লাহোৰত ‘নৱজোৱান ভাৰত সংঘ’নামৰ এক জংগী সংগঠন গঢ়ি তোলা হয়। এই সংগঠনৰ সম্পাদক হয় ভগৎ সিং। সৃজনীশীল কাম-কাজৰ যোগেদি ভগৎ সিঙৰ নেতৃত্বত দ্ৰুতগতিত এই সংগঠনে দিল্লী আৰু অন্যান্য ৰাজ্যত প্ৰসাৰ লাভ কৰে। এই সময়তে ভগৎ সিঙে “ইনকিলাব জিন্দাবাদ” (বিপ্লৱ দীৰ্ঘজীৱী হওক) এই শ্ল’গান দিয়ে।

১৯২৫-১৯২৮ চনৰ এই সময়ছোৱাত ভগৎ সিং ইশ্বৰ বিশ্বাসীৰ পৰা নিৰীশ্বৰবাদী,হিংসাশ্ৰয়ী সাম্ৰাজ্যবাদবিৰোধিতাৰে স্বাধীনতা সংগ্ৰাম আৰু সমাজতান্ত্ৰিক বিপ্লৱ সম্পৰ্কে চিন্তা-চৰ্চা কৰিছিল। তেওঁ নিজকে পৰিৱৰ্তন কৰিছিল,তাৰ লগে লগেই পৰিৱৰ্তন হৈছিল তেওঁৰ ৰাজনৈতিক কৰ্মসূচী। স্বাধীনতা আৰু সমাজতন্ত্ৰৰ যুগ্ম লক্ষ্য একেলগে সাধন কৰাৰ উদ্দেশ্যে দেশৰ সকলো বিপ্লৱী দল-সংগঠনক একেখন মঞ্চত অনাৰ প্ৰচেষ্টাত তেওঁ ব্ৰতী হৈছিল। এই লক্ষ্য আগত ৰাখিয়েই ১৯২৮ চনৰ ৮ আৰু ৯ ছেপ্টেম্বৰত দিল্লীৰ ফিৰোজ শ্বাহ কোটলাত তেওঁৰ নেতৃত্বত এখন গোপন সভা অনুষ্ঠিত হয়। এই ঐতিহাসিক সভাতেই এইচ আৰ এৰ নাম পৰিৱৰ্তন কৰি ‘হিন্দুস্তান ছোচিয়েলিষ্ট ৰিপাব্লিকান এছোচিয়েচন’কৰা হয়। তদুপৰি এই সন্মিলনত ছাইমন কমিছনক বয়কট কৰা আন্দোলনত চামিল হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

ছাইমন কমিছন তেতিয়া ভাৰতত। কমিছনে সাংবিধানিক সংস্কাৰৰ পৰৱৰ্তী ঢাপ সম্পৰ্কে চুপাৰিচ কৰিবলৈ আহিছিল যদিও তাত কোনো ভাৰতীয়ক অন্তৰ্ভুক্ত কৰা হোৱা নাছিল। এই সিদ্ধান্তৰ বিৰুদ্ধে দল,মত নিৰ্বিশেষে সমগ্ৰ ভাৰতবৰ্ষতে ঐক্যবদ্ধ প্ৰতিবাদ সাব্যস্ত হৈছিল। লাহোৰতো একাধিক সভা-সমাৱেশ হৈছিল। ইয়াৰ ভিতৰত উল্লেখযোগ্য সভাখন হয় ১৯২৮ চনৰ ৩০ অক্টোবৰৰ দিনা,যিদিনা ছাইমন কমিছন লাহোৰত উপস্থিত হয়। সভাৰ শেষত প্ৰতিবাদী মিছিল হয়। মিছিল আছিল শান্তিপূৰ্ণ আৰু সুশৃংখল। লাহোৰ ষ্টেচনৰ সমীপত কাটাতাঁৰৰ বেৰৰ বাহিৰত প্ৰতিবাদকাৰীসকলে কমিছনক উদ্দেশ্যি শ্ল’গান দি আছিলে। কিন্তু,পুলিচ ছুপাৰিন্টেন্ডেন্ট স্কটৰ নেতৃত্বত চৰকাৰী পুলিচ বাহিনীয়ে শান্তিপূৰ্ণ এই মিছিলৰ ওপৰত লাঠীচালনা কৰে যাৰ ফলত বহুসংখ্যক প্ৰতিবাদকাৰী অাহত হয় আৰু লালা ৰাজপত ৰায়ৰ মৃত্যু হয়।

              লালা ৰাজপত ৰায়ৰ ৰাজনৈতিক আদৰ্শৰ সৈতে স্পষ্ট মত পাৰ্থক্য থকাৰ পিছতো ভগৎ সিং আৰু তেওঁৰ সহযোগীসকলে ঠিক কৰিলে যে শ্বহীদ ৰাজপত ৰায়ৰ সন্মান ৰক্ষা কৰিব লাগিব আৰু এই হত্যাৰ প্ৰতিশোধ ল’ব লাগিব। সিদ্ধান্ত মৰ্মেই তেওঁৰ মৃত্যুৰ প্ৰায় এমাহ পিছত ১৯২৮ চনৰ ১৭ ডিচেম্বৰ তাৰিখে পুলিচ ছুপাৰিন্টেন্ডেন্ট স্কট বুলি ভাবি বেলেগ এজন পুলিচ বিষয়াক ভগৎ সিং,চন্দ্ৰশেখৰ আজাদ আৰু ৰাজগুৰুৱে মিলি গুলী কৰি হত্যা কৰে।

              হিন্দুস্তান ছোচিয়েলিষ্ট ৰিপাব্লিকান এছোচিয়েছনৰ দৰে অন্যান্য সংগঠনৰ সদস্যসকলো ছোভিয়েট বিপ্লৱৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল। সেই উদ্দেশ্যৰে তেওঁলোকে সমাজতন্ত্রক লক্ষ্য হিচাপে বাছি লৈ শ্ৰমিকশ্ৰেণীক সংগঠিত কৰিছিল। এই প্ৰচেষ্টাক কলিতে বিনাশ কৰিবলৈ বৃটিছ প্ৰশাসন সচেষ্ট হৈ পৰিছিল। বৃটিছে এফালেদি সংগঠনবিৰোধী আইন প্ৰণয়ন কৰিছিল আৰু আনফালেদি সংগঠকসকলক কাৰাৰুদ্ধ কৰিছিল। সেইসময়তে কেইবাজনো কমিউনিষ্ট নেতাক কাৰাৰুদ্ধ কৰি তেওঁলোকৰ ওপৰত মিৰাট ষড়যন্ত্র মামলাৰ গোচৰ  জাপি দিছিল। অন্যফালেদি,কেন্দ্ৰীয় আইন সভাত ‘ট্ৰেডছ ডিছপিউটছ বিল’আৰু ‘পাব্লিক ছেফটি বিল’নামৰ দুখন শ্ৰমিকবিৰোধী আৰু জনগণবিৰোধী বিল আনিছিল।

৮ এপ্ৰিল,১৯২৯ তাৰিখে কেন্দ্ৰীয় আইন সভাত উত্থাপন হ’ল ‘ট্ৰেডছ ডিছপিউটছ বিল’আৰু ৫৬-৩৮ ভোটৰ ব্যৱধানত সেয়া গৃহীত হ’ল। ইয়াৰ পিছতেই অৰ্থাৎ ‘পাব্লিক ছেফটি বিল’উত্থাপনৰ পূৰ্বে দৰ্শকৰ গ্যালাৰিৰ পৰা দুটি বোমা আইনসভা কক্ষত পৰিল আৰু লগে লগে বিতৰণ কৰা হ’ল প্ৰচাৰপত্র। দৰ্শকৰ গ্যালাৰিৰ পৰা ভগৎ সিং আৰু বটুকেশ্বৰ দত্তই এই কাম কৰিছিল। নৰহত্যা তেওঁলোকৰ অভিপ্ৰায় নাছিল। এই ঘটনাত কোনো নিহত হোৱা নাছিল,কেৱল কেইজনমান আঘাতপ্ৰাপ্তহে হৈছিল। এই দুই বিপ্লৱীৰ উদ্দেশ্য আছিল শ্ৰমিকবিৰোধী ট্ৰেডছ ডিছপিউটছ আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা। বোমা নিক্ষেপ আৰু প্ৰচাৰপত্ৰ বিলি কৰাৰ পিছত সেয়ে তেওঁলোক পলোৱা নাছিল যাৰ ফলত সহজেই তেওঁলোকক পুলিচে গ্ৰেপ্তাৰ কৰে। বিচাৰত ভগৎ সিং আৰু বটুকেশ্বৰ দত্ত দুয়োজনৰে যাবজ্জীৱন কাৰাদণ্ডৰ আদেশ হৈছিল।

         এই বিচাৰপৰ্ব চলি থকা সময়তে পুলিচৰ হাতত এনে কিছু তথ্য আহি পৰিল যাৰ ভিত্তিত ভগৎ সিঙক ছাউণ্ডাৰ্চ হত্যাৰ লগত জড়িত বুলি প্ৰমাণ কৰাৰ সুযোগ চৰকাৰে পায়। লগতে সুখদেৱ,ৰাজগুৰু সহিতে হিন্দুস্তান এছোচিয়েছনৰ বহু সদস্যক গ্ৰেপ্তাৰ কৰে।

‘দ্যা ট্ৰায়াল অৱ ভগৎ সিং’গ্ৰন্থৰ প্ৰণেতা এ জি নুৰানিয়ে লিখিছে- “প্ৰকৃত অৰ্থত ভগৎ সিঙৰ মনন-জীৱন ঠিকমতে আৰম্ভ হয় কাৰাগাৰত প্ৰৱেশৰ পিছত”। অৱশ্যে,তাৰ আগতেও তেওঁৰ গ্ৰন্থ অধ্যয়নৰ স্পৃহা আছিল প্ৰবল। কিন্তু সাংগঠনিক কামত সক্ৰিয়ভাৱে জড়িত হৈ থকা বাবে সময়ৰ অভাৱ হৈছিল।

      ভগৎ সিঙৰ ‘জেইল নোট বুক’পঢ়িলে আচৰিত লাগে। কেনে বিপুল আৰু বিস্তৃত আছিল তেওঁৰ অধ্যয়নৰ পৰিধি। সমগ্ৰ বিশ্ব সাহিত্যৰ বিখ্যাত লেখকসকলৰ গ্ৰন্থৰাজি তেওঁ অধ্যয়ন কৰিছিল আৰু আত্মস্থ কৰিছিল। তেওঁ লিখা প্ৰবন্ধ আৰু চিঠি-পত্র আজিকালি সহজলভ্য। আগ্ৰহী পাঠকে সেয়া সংগ্ৰহ কৰি পঢ়িব পাৰে। সকলোতকৈ ডাঙৰ কথা এয়াই যে ফাঁচি নিশ্চিত বুলি জনাৰ পিছতো অলপো বিচলিত নহৈ তেওঁ নিৰৱচ্ছিন্নভাৱে পঢ়া-শুনা চলাই গৈছিল,স্বদেশ চিন্তাত সময় পাৰ কৰিছিল। কোনোধৰণৰ ভীতি বা হতাশাই তেওঁৰ মনত ঠাই পোৱা নাছিল।বৰঞ্চ সহযোদ্ধা সুখদেৱক যুক্তিসহকাৰে বিচাৰ কৰি দেখুৱাই তেওঁৰ মনৰ পৰা আত্মহত্যাৰ চিন্তা দূৰ কৰিছিল। ‘আত্মহত্যা সম্পৰ্কে’চিঠিৰ শেষৰ অনুচ্ছেদত তেওঁ কিদৰে নিজৰ আত্মবলিদানৰ পৰাও সৰ্বোচ্চ মূল্য আদায় কৰা যায় তাক বিশ্লেষণ কৰি এনেদৰে কৈছে-“ফাঁচিতো হ’বই,কিন্তু মুক্তিৰ দাবী জোৰদাৰ হওক,এই দাবী যেন বিশ্বজোৰা হওক”। এই দাবী যেতিয়া তুংগত উঠিব তেতিয়াহে তেওঁলোকৰ ফাঁচি হওক। তেতিয়াহে তেওঁলোকৰ আত্মবলিদানে দেশৰ মানুহৰ মনত ৰেখাপাত কৰি দেশৰ মুক্তিৰ পথ প্ৰশস্ত কৰিব।

         ফাঁচি নিশ্চিত বুলি জানিও ভগৎ সিং আৰু সহযোগীসকলে জেইলৰ পৰাই জনজাগৰণৰ চেষ্টা কৰিছিল। আনকি ভৱিষ্যতৰ সংগ্ৰামৰ স্বাৰ্থত বিপ্লৱী কাৰ্যসূচীৰ খচৰাও প্ৰস্তুত কৰি থৈ গৈছিলয’ত প্ৰকাশ পাইছিল সংগ্ৰামৰ কাৰ্যপন্থা সম্পৰ্কে ভগৎ সিঙৰ সুনিশ্চিত মত। শোষণমুক্ত সমাজ গঢ়াৰ সপোন বাস্তৱায়িত কৰাৰ স্বাৰ্থত ৰচনা কৰা খচৰা কৰ্মসূচীৰ এঠাইত তেওঁ লিখিছে,”উপৰোক্ত কৰ্মসূচীৰ পৰা এয়া স্পষ্ট যে বিপ্লৱ অথবা স্বাধীনতাৰ বাবে কোনো সহজ পথ নাই। বুনিয়াদী কাম অবিহনে,সংগ্ৰামী জনগণ অবিহনে আৰু বিপ্লৱৰ বাবে সকলোপ্ৰকাৰৰ প্ৰস্তুতিসম্পন্ন পাৰ্টি অবিহনে এয়া অসফল হ’ব। তাৰ বাবে আমি প্ৰস্তুত হ’ব লাগিব।”

        খচৰা কৰ্মসূচী লিখি শেষ কৰাৰ এমাহমানৰ ভিতৰতে ১৯৩১ চনৰ  ২৩ মাৰ্চ তাৰিখে ভগৎ সিঙক সুখদেৱ আৰু ৰাজগুৰু সহিতে ফাঁচি হয়।

              আজি ভগৎ সিং নাই,দেশেও স্বাধীনতা পোৱা বহু বছৰ হ’ল। কিন্তু শোষণৰ মাত্ৰা কমা নাই,বাঢ়িহে গৈছে। শোষকৰ চৰিত্ৰ একেই আছে। সেয়ে,ভগৎ সিঙে অামাৰ বাবে এৰি থৈ যোৱা আদৰ্শ সাৰোগত কৰি শোষণমুক্ত এখন সমাজ গঢ়াৰ সপোন বাস্তৱায়িত কৰাৰ সংগ্ৰামত অংশীদাৰ হওঁ আহক- আপুনি,মই, সকলোৱে।

Leave a Reply

Your email address will not be published. Required fields are marked *