ভাৰততীর্থ : সহমত, সহিষ্ণুতা আৰু ধৰ্মনিৰপেক্ষতাৰ এটি ঐতিহাসিক আলোকপাত (প্ৰথম অংশ) ।। মূল : আমিনুল ইছলাম; অনুবাদ : প্রত্যুষ ৰঞ্জন ভাগৱতী
[আমিনুল ইছলাম (জন্ম ১৯৭০ চনত, পশ্চিমবংগৰ পূৰ্ব মেদিনীপুৰ জিলাৰ ঢেকুৱা গাঁৱত)। সমসাময়িক বাংলা সাহিত্যৰ অন্যতম গৱেষক প্রাবন্ধিক। হলদিয়া ডিগ্রী ইঞ্জিনিয়াৰিং কলেজৰ বিশিষ্ট আধিকাৰিক। মৌলিক আৰু চিন্তাশীল লেখকৰূপে জনাজাত। পাঁচশৰো অধিক গৱেষণামূলক প্রবন্ধ আৰু কেবাখনো উল্লেখযোগ্য গ্ৰন্থৰ লেখক। সমাজলৈ আগ বঢ়োৱা বৌদ্ধিক অৱদানৰ বাবে তেওঁ বহুতো পুৰস্কাৰ আৰু সন্মানেৰে ভূষিত। লেখকৰ অনুমতিক্রমে প্ৰবন্ধটো ‘পূৰ্ব’ নামৰ বাংলা ক্ষুদ্ৰ আলোচনীখনৰ ‘ভারতচিন্তা’ সংখ্যাৰ (অক্টোবৰ, ২০২১) পৰা সংগৃহীত আৰু অনুদিত। —অনুবাদক।]
(১)
ভাৰতবৰ্ষ সুপ্রাচীন দেশ। উত্তৰে হিমালয় পর্বতমালা আৰু দক্ষিণে সমুদ্ৰৰ মাজত আৱদ্ধ দেশক বিষ্ণুপুৰাণত ভাৰতবৰ্ষ বোলা হয়। সিন্ধু নদীৰ তীৰত এই প্রাচীন সভ্যতাৰ সূত্ৰপাত হৈছিল, যাৰ প্ৰসাৰ ঘটিছিল ক্রমশঃ গংগা, যমুনা, ব্রহ্মপুত্ৰ, নর্মদা, গোদাবৰী, কৃষ্ণা কাবেৰী প্ৰভৃতি নদীৰ তীৰ পৰ্যন্ত— সেই সভ্যতা আজিও চলমান। প্রাচীন কালৰ পৰাই এই দেশৰ প্ৰচেষ্টা আছিল বিভেদৰ মাজত ঐক্য স্থাপন। ভাৰতে সমগ্র বসুধাকেই আত্মীয় জ্ঞান কৰি আহিছে। যুগে যুগে বিভিন্ন জাতি, ধৰ্ম, বৰ্ণৰ মানুহৰ স্রোত এই দেশলৈ বৈছে। ১৯১১ চনত ৰচিত ‘ভাৰততীর্থ’ কবিতাত ৰবীন্দ্ৰনাথেও কৈছে— “কেহ নাহি জানে, কার আহ্বানে কত মানুষের ধারা/ দুর্বার শ্রোতে এল কোথা হতে, সমুদ্রে হল হারা।” ভাৰতৰ প্রধান ধর্মসমূহ হৈছে— হিন্দুধৰ্ম, জৈনধর্ম, বৌদ্ধধর্ম, ইছলামধর্ম, শিখধৰ্ম আৰু খ্ৰীষ্টানধর্ম। এই ধর্মসমূহ তথা ধৰ্মাৱলম্বী লোকে শতাব্দীৰ পিছত শতাব্দী ধৰি পাৰস্পৰিক সহমর্মিতা বজাই ৰাখি এই ভাৰততীৰ্থত সহাৱস্থান কৰি আহিছে। মাজে মাজে সম্প্রদায়গত সহাৱস্থানত ব্যাঘাত ঘটিছে; কেতিয়াবা বিৰোধিতাৰো সমাহাৰ ঘটিছে; ফলত অপ্রত্যাশিতভাৱে দেশ বিভাজনো মানি ল’ব লগা হৈছে। তথাপিও এইটো ঠিক যে ভাৰতবৰ্ষৰ ইতিহাসত বিৰোধ দ্বন্দ্ব-সংঘৰ্ষৰ কথা যিমান ক’ব পাৰি তাতোকৈ বেছি সম্প্ৰীতিৰ কথা, সংহতিৰ কথা, পাৰস্পৰিক আদান-প্ৰদানৰ কথা ক’ব পাৰি। প্রাচীন কালৰ পৰা ভাৰতৰ ইতিহাস চাবলৈ গ’লে দেখা যায় যে বৈষয়িক জীৱনৰ প্ৰতিটো স্তৰতে সম্প্ৰীতি আৰু বুজা-পৰাৰ উজ্জ্বল দিশসমুহেই উপস্থিত। ৰবীন্দ্ৰনাথে তেওঁৰ ‘ভাৰতবৰ্ষত প্ৰবন্ধত কৈছে— “চিৰদিন ভাৰতবৰ্ষত একমাত্র প্রচেষ্টা দেখা পোৱা যায় প্রভেদৰ মাজত ঐক্য স্থাপন কৰা, বিভিন্ন পথক এটি লক্ষ্যৰ অভিমুখী কৰি আগবঢ়া আৰু বহুতৰ মাজত এক হৈ নিঃসংশয়ৰূপে অন্তৰতৰ ৰূপে উপলব্ধি কৰাৰ বাহিৰেও যিবোৰ পাৰ্থক্য প্রতীয়মান হয়, তাক নষ্ট নকৰাকৈ তাৰ অন্তৰ্ভাগৰ গূঢ় যোগসূত্ৰক অধিকাৰ কৰা।” ভাৰতীয় জীৱনত দ্বন্দ্বৰ মাজত ছন্দৰ সন্ধান কৰিবলৈ গৈ ৰবীন্দ্ৰনাথে ‘ভাৰত-ইতিহাস চর্চা’ প্ৰবন্ধত কৈছে— “কি কৰিলে পৰস্পৰে মিলি এক বৃহৎ সমাজ গঢ়ি উঠিব, অথচ পৰস্পৰৰ স্বাতন্ত্র্য একেবাৰে বিলুপ্ত নহয়, এই দুঃসাধ্য সাধনৰ প্ৰয়াস বহুকালৰ পৰা ভাৰতত চলি আহিছে, আজিও তাৰ সমাধান হোৱা নাই।”
ভাৰতবৰ্ষত ইছলামধৰ্ম আৰু হিন্দুধৰ্মৰ মাজত যি বিৰোধ— ইতিহাসগতভাৱে সেয়া নগণ্য। কাৰণ এই ক্ষেত্ৰত সংঘাতৰ তুলনাত সম্প্রীতিমূলক সহাৱস্থানৰ ইতিহাস বেছি। অধ্যাপক ৰঞ্জিত সেনে অনুমান কৰা মতে—যেতিয়া ইউৰোপৰ চালৰ্ছ মেটেলৰ সময়ৰ পৰা খ্ৰীষ্টধর্মই ইছলাম ধৰ্মক ব্যতিব্যস্ত কৰিবলৈ গৈ ধর্মযুদ্ধ বা ক্ৰুছেডত অৱতীৰ্ণ হৈছে, তাৰ বিপৰীতে আকৌ ভাৰতবৰ্ষত ইছলামে কোনোদিনেই হিন্দুধৰ্মৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা নাই। অথবা হিন্দুধৰ্মই কোনো ধৰ্মক্ষেত্ৰত বা কুৰুক্ষেত্ৰত ইছলাম ধৰ্মক সমুখসমৰলৈ আহ্বান জনোৱা নাই। এই দুই ধৰ্মৰ বুজাবুজি ইয়াতেই। অধ্যাপক সেনৰ মতে, “হিন্দু ধৰ্মৰ লগত ইছলামৰ আপোচৰ এটি ডাঙৰ কাৰণ বোধহয় এই যে, এই ধর্মই কোনোদিন ৰাষ্ট্ৰীয় মতবাদৰূপে গঢ়ি উঠাৰ চেষ্টা কৰা নাছিল।” এই দেশত প্রথম অৱস্থাত হিন্দু-মুছলমানৰ সম্পৰ্কই জটিলতাৰ ৰূপ ধাৰণ কৰিলেও দীর্ঘ ১৪০০ বছৰ ধৰি সহাৱস্থানৰ ফলত পৰস্পৰৰ মাজত আদান-প্ৰদানৰ সম্পৰ্ক আৰম্ভ হয়। লাহে লাহে দুয়োটা সম্প্রদায় ওচৰ চাপি আহি পৰস্পৰৰ মাজত বন্ধুত্বৰ ভাব গঢ়ি উঠে। দুয়োটা সম্প্রদায়ে পৰস্পৰক বুজিবলৈ আৰু জানিবলৈ চেষ্টা কৰে। উভয়ৰ মাজত এক মানৱিক সম্পর্কও স্থাপিত হয়। স্থাপিত হয় সহিষ্ণুতাৰ বাতাবৰণ।
হিন্দুধৰ্মত বৈচিত্র্য অপৰিসীম, ইয়াৰ প্ৰাচীনত্ব আৰু ব্যাপকতা আজিও প্রমাণিত সত্য। এই বৈচিত্ৰ্য আৰু ব্যাপকতাৰ ফলতেই ধাৰণা কৰিব পাৰি যে হিন্দু ধৰ্মৰ মাজতো ধৰ্মনিৰপেক্ষতাৰ বীজ নিহিত হৈ আছে। ইয়াৰ পৰিপ্ৰেক্ষিততে আমাৰ ভাৰতত প্ৰাক্-মুছলমান শাসনৰ পৰাই সমন্বয় আৰু পৰমতসহিষ্ণুতাৰ যি উজ্জ্বল দৃষ্টান্ত প্রতিষ্ঠা হৈছিল তাৰ সংক্ষিপ্ত ইতিহাস তুলি ধৰিব পাৰি। অগ্রগণ্য ঐতিহাসিক দিলীপকুমাৰ বিশ্বাসে তেওঁৰ ইতিহাস ও সংস্কৃতি গ্ৰন্থত লিখিছে, “… ইতিহাসৰ দৃষ্টিত দেখা যায় ভাৰতবৰ্ষত ধর্মসমন্বয়ৰ প্ৰচেষ্টা বৈদিক আর্যসভ্যতাৰ যুগৰ পৰাই আৰম্ভ হৈছিল। বেদপূর্ব যুগৰ ইতিহাস আমাৰ সমুখত অস্পষ্ট, তাৰ লিখিত দলিল-দস্তাবেজ নাই। প্রত্নতত্ত্ব, ভাষাতত্ত্ব, নৃতত্ত্ব প্রভৃতি বিজ্ঞানৰ সহায়ত তাৰ যি চিত্র মোটামুটি উদ্ধাৰ কৰা গৈছে, বৈদিক সাহিত্যৰ লিপিৱদ্ধ প্ৰমাণৰ দৰে তাৰ ধাৰাবাহিক আৰু পৰস্পৰ নিৰ্দেশক নহয়। কিন্তু বৈদিক ধর্ম যে বহুল পৰিমাণে অনাৰ্য আৰু অবৈদিক উপাদানক আত্মসাৎ কৰি গঢ়ি উঠিছে এই বিষয়ে ঐতিহাসিকসকল নিঃসন্দেহ। সমন্বয়ৰ ধাৰা যেনেকৈ বৈদিক গোষ্ঠীৰ অভ্যন্তৰত ক্রিয়াশীল, তেনেকৈ বাহ্য যোগাযোগৰ মাধ্যমেও সভ্যতাক নিৰন্তৰ প্ৰভাৱিত কৰি চলিছে। অনাৰ্যসকলৰ লগত ব্যাপক সংমিশ্ৰণৰ ফলত ভাৰতত যি মিশ্র সভ্যতা আৰু মিশ্ৰ ধৰ্মৰ উদ্ভৱ হয় সেয়াই কালক্রমে ইতিহাসত হিন্দু সভ্যতা আৰু হিন্দুধৰ্ম নামে পৰিচিত হৈছে। ‘হিন্দুজাতি’ বুলি কিবা এটাৰ অস্তিত্ব স্বীকাৰ কৰিবলগীয়া হয়, তেতিয়াহ’লে তাৰ দ্বাৰা মুছলমান আক্ৰমণ আৰু ৰাজত্ব স্থাপনৰ পূৰ্বৰ এই সৰ্বভাৰতীয় মিশ্র জনসমষ্টিক বুজিব লাগিব— বিদেশীসকলেও এই সংজ্ঞালৈকে নির্দেশ কৰিছে। হিন্দুধৰ্মৰ মাজত আর্য উপাদানৰ লগতে বহু অনার্য বিশ্বাস, সংস্কাৰ আৰু আচাৰৰ সমাৱেশ ঘটিছে। যাগ-যজ্ঞ নিৰ্ভৰ নিৰাকাৰবাদী মূল আর্যধর্ম কালক্ৰমত শিৱশক্তিৰ উপাসনা, ভক্তিমার্গ, যোগ সাধনাৰ মূলতত্ত্ব, মূর্তিপূজা প্রভৃতি বর্তমান হিন্দুধৰ্মৰ অতি গুৰুত্বপূৰ্ণ বিশিষ্ট অংগসমূহ সগংতভাৱেই বহিৰাগত বুলি অনুমান কৰা যায়। যেনে ধৰ্মচিন্তাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ সমাজদেহলৈ যুগে যুগে অগণিত বহিৰাগত ধাৰা আহি মিলি গৈছে। এই বিপুল সামাজিক বৈচিত্ৰ্যৰ কাৰণে ভাৰতবৰ্ষই ভৌগোলিক ঐক্য সত্ত্বেও যেন প্রায় সমগ্র বিশ্বৰ এক প্ৰতিচ্ছবি। ইয়াত ভাষা বহুত, ধর্ম বহুত, সামাজিক ৰীতি-নীতি, আচাৰ-অনুষ্ঠানৰ ক্ষেত্ৰতো পাৰ্থক্যৰ অন্ত নাই। ধৰ্মৰ ক্ষেত্ৰত যেনে সমন্বয় দৃষ্টি আৰু পৰমতসহিষ্ণুতা ভাৰতীয় চিন্তাৰ অন্যতম বৈশিষ্ট্য, গোড়ামিৰ পৰা মুক্ত; তেনেকৈ ভাৰতবাসীৰ সমাজচেতনাও জাতীয় জীৱনৰ এই বৈচিত্ৰ্যৰ পূৰ্ণ স্বীকৃতিৰ ওপৰত প্ৰতিষ্ঠিত। ভাৰত-ইতিহাসত সাধাৰণতে বিভিন্ন সম্প্রদায়, সমাজব্যৱস্থা, ভাষা, ধৰ্ম আৰু সাধনাৰ সহাৱস্থানে পৰস্পৰক প্ৰভাৱিত কৰিছে। এইসমূহক ভাঙি-ছিঙি এক ঠাচত গঢ়িবৰ প্ৰয়াস ক’তো লক্ষ্য কৰা নাযায়। হিন্দুযুগ সম্পর্কেতো বাদেই, আনকি সাত শতাব্দী ব্যাপী মুছলমান শাসনকাল সম্পর্কেও এই উক্তি প্রযোজ্য (১ .ক)। আচলতে বৈচিত্ৰ্যক স্বীকাৰ কৰি ভাৰতীয় ঐক্যসূত্ৰ যুগে যুগে সংবর্ধিত হৈ আহিছে। ভাৰতীয় সভ্যতাৰ স্তম্ভ বুদ্ধদেৱ, সম্রাট অশোক, মইনুদ্দিন চিস্তি, নানক, কবীৰ, শ্রীচৈতন্যদেৱ, ৰজব, দাদু, সম্রাট আকবৰ, সম্রাট ঔৰংগজেৱ, ৰামমোহন, ৰামকৃষ্ণ, বিবেকানন্দ, গান্ধী, আজাদ সকলোৱেই ধৰ্ম-বর্ণ-শ্ৰেণীৰ শাসন সম্পূর্ণ অস্বীকাৰ কৰি মানুহ যে বিধাতাৰ শ্ৰেষ্ঠ সৃষ্টি, অর্থাৎ সেই মানুহেই যে সকলো সময়তে প্ৰৰ্ণম্য এই বাণী প্ৰচাৰ কৰিছিল। এই জীৱনদৰ্শনেই স্বাধীন ভাৰতৰ ধৰ্মনিৰপেক্ষ ধ্যান-ধাৰণাৰ উৎস, এই কথা বোধহয় আমি বিস্মৃত হৈছোঁ।
এই উপমহাদেশত মৌর্য সম্রাট অশোকে (খ্রীঃপূঃ ২৭৩-২৩২) বুদ্ধদেৱৰ নীতিক ৰাজ্যশাসনৰ ক্ষেত্ৰত প্ৰয়োগ কৰি তৎকালীন ভাৰতবৰ্ষত উন্নয়নৰ নমুনা স্থাপন কৰিছিল। তেওঁৱেই প্ৰথম ৰজা যি পৰমতসহিষ্ণু আছিল। সন্দেহাতীত কথা যে তেওঁ বৌদ্ধধর্ম গ্ৰহণ কৰিছিল, কিন্তু শিলালিপিত ক’তো বৌদ্ধধৰ্মৰ মূলকথা— নির্বাণ, চাৰিটা মহৎ সত্য অথবা অষ্টাংগিক মাৰ্গৰ বিষয়ে কোনো উল্লেখ কৰা নাছিল। পিতামহৰ দৰে তেওঁ সাম্রাজ্য ত্যাগো কৰা নাছিল। বৰং বিপৰীতটোৱেই সত্য। কাৰণ অশোকে ভালকৈয়ে বুজিছিল যে তাত বিৰাজিত ধর্মবিৰোধে আৰু মাৰাত্মক আকাৰ ল’ব, যিটো হৈছিল তেওঁৰ ৰাজত্বৰ শেষৰফালে। ১৪ নম্বৰ শিলালিপিয়ে প্রমাণ কৰে যে তেওঁ সকলো ধৰ্মৰে সমন্বয় কামনা কৰিছিল। তেওঁৰ কথাত— “সমন্বয় ভাবেই সাধু। যাৰ ফলত মানুহে বিভিন্ন ধৰ্মৰ কথা শুনিব আৰু পৰস্পৰৰ ধৰ্মক সন্মান জনাব।” ধৰ্মৰ বিষয়ে অসহনশীলতা আৰু ধৰ্ম-সম্প্ৰদায়ৰ মাজত পার্থক্য বিচাৰৰ প্ৰতিকূলত ৭ নম্বৰ প্ৰস্তলিপিত ৰজা প্রিয়দর্শীয়ে বাঞ্ছা কৰে— “তেওঁৰ ৰাজ্যৰ সকলোতে যেন সকলো ধৰ্ম-সম্প্ৰদায়ৰ লোকে বাস কৰে। কাৰণ তেওঁলোক সকলোৱে সংযম আৰু চিত্তশুদ্ধিৰ আকাংক্ষা কৰে।” যিসকল নিজ নিজ সম্প্ৰদায়ৰ প্ৰতি অনুৰক্ত, তেওঁলোকৰ প্ৰতি নিৰ্দেশ দিবলৈ কোৱা হৈছে (১২ নম্বৰ প্ৰস্তলিপি) যে “ৰজা প্রিয়দর্শীয়ে দান বা পূজাক সিমান মূল্যৱান বুলি নাভাবে যিমান মূল্যৱান বুলি ভাবে সকলো সম্প্ৰদায়ৰ মাজত ধৰ্মৰ সাৰ বৃদ্ধি কৰা।” বৌদ্ধধৰ্ম আৰু বৌদ্ধ ধৰ্মাৱলম্বীসকলৰ প্ৰতি তেওঁ অধিক পক্ষপাত প্ৰদৰ্শন কৰা বুলি যাতে কোনেও ক’ব নোৱাৰে তাৰ বাবেই ব্ৰাহ্মণ আজীৱক আৰু অনাসক্ত ধৰ্মাৱলম্বীসকলৰ সুখ-সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বেলেগ ৰাজকৰ্মচাৰী নিয়োগ কৰিছিল (স্তম্ভলিপি ৭)। ব্ৰাহ্মণ্যধর্মৰ বিৰোধ প্ৰতিক্ৰিয়াৰ ফলত বৌদ্ধধৰ্মৰ আৱিৰ্ভাৱ হ’লেও অশোকে বহু অনুশাসনত ‘ব্ৰাহ্মণ-শ্ৰমণ’ক মানি চলিবলৈ উপদেশ দিয়ে। তেওঁৰ ৰাজ-অভিষেকৰ ঊনৈছ বছৰৰ পিছত বৌদ্ধধৰ্মৰ প্রবল প্রতিপক্ষ আজীৱকসকলক তেওঁ ‘খলতিক’ গুহাটি দান কৰে। পৰৰাষ্ট্ৰ আক্ৰমণ আৰু ৰাষ্ট্ৰদ্বন্দ্বৰ প্ৰতিকূলত ৰচিত ২ নম্বৰ কলিংগ লিপিয়ে প্রমাণ কৰে যে অশোকৰ সাম্ৰাজ্যৰ প্ৰান্তীয় এলেকাত তেতিয়াও স্বাধীন জাতি-উপজাতি বা গোষ্ঠীৰ অস্তিত্ব আছিল। তেওঁলোকে মাজে-সময়ে সাম্ৰাজ্যৰ কেন্দ্ৰত আক্ৰমণ কৰি সমস্যাৰ সৃষ্টি কৰিছিল। বাহুবল প্রয়োগ নকৰাকৈ অশোকে নৈতিকভাৱে তেওঁলোকক জয় কৰিবলৈ চেষ্টা কৰিছিল। সাম্ৰাজ্যৰ অভ্যন্তৰৰ শাসনকার্য পৰিচালনাত মানৱিকতা আৰু সাম্রাজ্য বিস্তাৰৰ লক্ষেৰে যুদ্ধ জয়ৰ নীতি তেওঁ পৰিত্যাগ কৰে। তেওঁ কৈছিল— “সকলো মানুহ তেওঁৰ সন্তানৰ দৰে প্ৰজা। ইহলোক আৰু পৰলোকত তেওঁ নিজৰ সন্তানসকলৰ বাবে যেনেকৈ সুখ আৰু হিত আশা কৰে, তেনেকৈ সকলো মানুহৰ ক্ষেত্ৰতো তেওঁ একেটাকে আশা কৰে।
অশোকৰ বিভিন্ন ধর্মসম্প্ৰদায়ৰ লগত যে ব্যৱহাৰ সম্পূৰ্ণৰূপে পক্ষপাতশূন্য আছিল, তাত কোনো সন্দেহ নাই। তেওঁ নিজে কোনো ধৰ্মসম্প্ৰদায়ৰ মনত আঘাত দিবলৈ চেষ্টা কৰা নাছিল। কিন্তু তেওঁ জীৱৰ প্ৰাণহানিৰ বিৰুদ্ধে আছিল আৰু ধৰ্মৰ কাৰণে কোনো প্ৰাণীৰ হত্যা সমর্থন কৰা নাছিল বুলি জনা যায়। যিসমূহ ধর্মমতত পশু-পক্ষী বলিৰ সমৰ্থন আছে— সেইসমূহ ধর্মালম্বীয়ে সম্রাট অশোকে পশু-পক্ষীৰ বলি নিষিদ্ধ কৰাত অৱশ্যে ক্ষুণ্ণ হৈছিল। জনৈক ঐতিহাসিকে কৈছে— মুণ্ডক উপনিষদত (১। ২।৭) যাগযজ্ঞ মূল্যহীন। এতেকে যজ্ঞত পশুবলি নিষিদ্ধ কৰি অশোক হিন্দুসকলৰ বিৰাগভাজন কিয় হ’ব? এইটো ভ্ৰান্ত যুক্তি। পুৰাণত কেতিয়াবা কেতিয়াবা মূর্তিপূজাক মুল্যহীন বুলি কোৱা হৈছে (যেনে, ভাগৱত পুৰাণ ৩। ২৯। ২২)। সেইবুলি আইন প্রণয়ন কৰি মুর্তিপূজা নিষিদ্ধ কৰিলে কোনো যুগতেই হিন্দুসমাজ অবিক্ষুব্ধ নোহোৱাকৈ নাথাকে।
অৱশ্যে আমি কোৱা নাই যে অশোকৰ শান্তিবাদী নীতি সম্পূর্ণ বিফল হৈছে। তেতিয়া হ’লে বুদ্ধদেৱ, যীশুখ্ৰীষ্ট, হজৰত মহম্মদ (সঃ) প্রমুখ্যে সকলো শান্তিবাদী ধৰ্মপ্ৰচাৰকৰ অনুসৃত নীতিক নিষ্ফল বুলি ক’ব লাগিব। জগতৰ দুখ-দুর্দশা দূৰ কৰাৰ বাবে এওঁলোকৰ প্ৰচেষ্টাৰ মূল কথাটোক স্বীকাৰ কৰিব লাগিব। বিগত শতাব্দীৰ পৃথিৱীব্যাপী দুই মহাযুদ্ধৰ পৰা আমাৰ ৰাজনীতিবিদসকলে যুদ্ধ-বিগ্ৰহৰ জৰিয়তে দেশ জয়ৰ নীতিৰ অসাৰতা উপলব্ধি কৰিছে। সেইবাবে প্ৰথম মহাযুদ্ধৰ পিছত ‘লিগ অব্ নেশান’ আৰু দ্বিতীয় মহাযুদ্ধৰ পিছত ‘ইউনাইটেড নেশ্যন অর্গানাইজেশ্যন গঢ়ি উঠে। অশোকৰ কৃতিত্ব এয়াই যে— প্ৰায় দুই হাজাৰ বছৰৰ আগতেই তেওঁ বুজিছিল, যুদ্ধৰ দ্বাৰা কোনো ৰাজনৈতিক সমস্যাৰ সমাধান নহয়, কিন্তু প্ৰেমৰ দ্বাৰা দেশবাসীৰ হৃদয় জয়ৰ প্ৰয়াস সাৰ্থক হ’ব পাৰে। সেয়ে তেওঁ সপোন দেখিছিল এনে এখন জগত— য’ত নানা দেশৰ, নানা জাতিৰ জাগৰণত ভ্রাতৃত্বৰে এক পৰিয়ালৰ লোকৰ দৰে বাস কৰা। তেওঁৰ সপোন সফল হোৱাৰ দিন এতিয়াও অহা নাই— সেয়া ‘লীগ অব্ নেশ্যন’ৰ পতন আৰু ‘ইউনাইটেড নেশ্যন অর্গেনাইজেশ্যন’ৰ দুৰৱস্থাৰ পৰাই বুজা যায়। কিন্তু সেই অনাগত দিনৰ অভিমুখে আমি অগ্ৰসৰ হ’ব লাগিব। কাৰণ বৰ্তি থাকিবলৈ পৃথিৱীৰ জাতিসমূহে পৰস্পৰ বন্ধুভাৱে বাস নকৰিলে উপায় নাই। সমস্যা এয়ে যে এতিয়াও বিভিন্ন দেশবাসীৰ মনত জাতীয়তাবোধেই প্রবল, তাৰ তুলনাত আন্তর্জাতিকতাবোধ অত্যন্ত ক্ষীণ।
ভাৰতৰ মিশ্র সংস্কৃতিত কুষাণসকলৰ অৱদান গুৰুত্বপূৰ্ণ আৰু প্ৰাচীন ভাৰতৰ ইতিহাসত কুষাণ সাম্ৰাজ্যৰ উত্থান-পতনৰ কাহিনী বিশেষ আকর্ষণীয়। কুষাণ আছিল ‘ইউচি’ উপজাতিৰ অন্যতম শাখা। বর্তমান চীনৰ কান-সুৰ অঞ্চলৰ চুন-হুয়াং আৰু নানলান পাহাৰৰ মধ্যৱৰ্তী অঞ্চলত ইউচিসকলৰ আদি বাসস্থান আছিল। খ্রীষ্টপূর্ব ১৭৪-১৬০ শকৰ মাজৰ কোনো এক সময়ত হুন উপজাতিৰ পৰা বিতাৰিত আৰু পৰাজিত হৈ ইউচিসকলে তিব্বত সীমান্তত বসতি স্থাপন কৰে। ১৩০-১২৯ খ্রীষ্টপূর্বত ইউচিসকলে শক-পার্থিয়সকলক পৰাজিত কৰি উত্তৰ ভাৰতত প্ৰৱেশ কৰে। এইসকলকেই কুষাণ বুলি কোৱা হয়। শকাব্দৰ প্ৰৱৰ্তক প্রথম কনিষ্ক (১২০-১৬২) আছিল কুষাণসকলৰ শ্ৰেষ্ঠ ৰজা। কুষাণ সাম্ৰাজ্যৰ সময়ত ভাৰত-ৰোমৰ মাজত ব্যাপক বাণিজ্য সম্পন্ন হয় আৰু নিম্ন সিন্ধু উপত্যকাৰ অৰ্থনৈতিক গুৰুত্ব অপৰিসীম আছিল। কনিষ্কই বৌদ্ধধৰ্ম গ্ৰহণ কৰিছিল। কনিষ্কৰ খ্যাতি আছিল বৌদ্ধধৰ্মৰ পৃষ্ঠপোষকতাৰ বাবে। পাটলিপুত্ৰ জয়ৰ পাছত অশ্বঘোষৰ প্ৰভাৱত কনিষ্ক বৌদ্ধধৰ্মত দীক্ষিত হয়। কনিষ্কই উত্তৰ আৰু উত্তৰ-পশ্চিম ভাৰতত এক বিস্তৃত সাম্রাজ্য স্থাপন কৰিছিল। তেওঁ বহুসংখ্যক শক আৰু গ্ৰীকক ৰাজকীয় উচ্চপদত নিযুক্ত কৰে। এইসকলৰ সৰহভাগেই ভাৰতীয় বৌদ্ধধৰ্ম গ্ৰহণ কৰিছিল আৰু আচাৰ-আচাৰণত ভাৰতীয় হৈ পৰিছিল।
কনিষ্কৰ সময়কালত অন্য ধৰ্মাৱলম্বীসকলে পূজা-পার্বনত কোনো বাধা পোৱা নাছিল। কনিষ্কৰ মুদ্ৰাত অনেক হিন্দু দেৱ-দেৱীৰ মূৰ্তি পোৱা যায়। তেওঁৰ ৰাজত্বকালত বহুসংখ্যক হিন্দু আৰু জৈন মন্দিৰ নিৰ্মাণৰ কথা জনা যায়। কুষাণ সম্ৰাটসকলে ভাৰত আৰু চীনৰ মাজত যোগসূত্ৰ ৰচনা কৰিছিল। উত্তৰ ভাৰতৰ সংস্কৃতিত উল্লেখযোগ্য স্থান অধিকাৰ কৰি আছে কুষাণ যুগে। এই সংস্কৃতিৰ মূলকথা হ’ল স্বাংগীকৰণ। স্বাংগীকৰণ মানে হ’ল বিভিন্ন জাতি আৰু উপজাতিৰ মাজত সমন্বয়সাধন। এই সময়ত যেনেকৈ বৌদ্ধ আৰু জৈন ধৰ্মৰ প্ৰসাৰ হৈছিল, তেনেকৈ উপজাতি অধ্যুষিত অঞ্চলসমূহত স্বাংগীকৰণো যথেষ্ট হৈছিল। বিভিন্নধৰণৰ মানুহক কুষাণসকলৰ কল্যাণৰ অৰ্থে সাম্ৰাজ্যৰ কাঠামোৰ মাজলৈ অনা হৈছিল। ইয়াৰ ফলত একে ঐতিহ্য আৰু বন্ধন কেৱল সাম্রাজ্যৰ বিভিন্ন অংশৰ মাজতেই নহয়, ৰোম, দক্ষিণ-পূব এছিয়া তথা দূৰ প্ৰাচ্যৰ লগতো গঢ়ি উঠিছিল। স্থানীয় প্ৰৱণতা ৰক্ষিত হ’লেও কুষাণ সংস্কৃতি প্রধানতঃ বিভিন্ন ঐতিহ্যৰ সমন্বয়ৰ ওপৰতেই ৰচিত হৈছিল।
কুষাণ সাম্ৰাজ্যৰ শেষৰ ফালে বিভিন্ন ভাৰতীয় আৰু অভাৰতীয় গোষ্ঠীৰ লগত মিশ্ৰণৰ ফলত ইয়াৰ চৰিত্ৰৰ আমূল পৰিৱৰ্তন ঘটিছিল। সাধাৰণভাৱে ইউচি জাতি আৰু তেওঁলোকৰ প্ৰধান শাখা কুষাণসকলৰ মাজত উচ্চ সংস্কৃতিৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ স্বাভাৱিক প্ৰৱণতা আছিল। সেইবাবে তেওঁলোক অতি সহজতে গ্ৰীক আৰু ভাৰতীয় সংস্কৃতিৰ দ্বাৰা প্ৰভাৱিত হৈছিল। তৎকালীন মুদ্রা, লিপি, ধৰ্ম আৰু শিল্পৰ ক্ষেত্ৰত এই প্ৰভাৱৰ পৰিচয় পোৱা যায়। সংস্কৃতি আদান-প্ৰদানৰ ক্ষেত্ৰত কুষাণসকলে কেৱল গ্রহণ কৰা নাছিল, দানো কৰিছিল। পাৰস্পৰিক এই আদান-প্ৰদানৰ মাজেদিয়েই সেই যুগৰ ভাৰতীয় মিশ্র সংস্কৃতিয়ে নতুন ঐশ্চর্য লাভ কৰিছিল। কুষাণ যুগৰ অৱসান হ’লেও ভৱিষ্যতে এই সংস্কৃতিৰ ধাৰা অব্যাহত আছিল। এই যুগতেই মহাযান বৌদ্ধধর্মই জন্মলাভ কৰিছিল। অন্যফালে ব্ৰাহ্মণ্য সম্প্ৰদায়ৰ মাজতো অনেক পৰিৱৰ্তন আহিছিল। শৈৱধৰ্মৰ অগ্ৰগতিৰ লগে লগে শিৱৰ লগত ঘনিষ্ঠভাৱে যুক্ত কাৰ্তিকৰ পূজাই প্রসাৰ লাভ কৰিছিল। সূৰ্য আৰু বসুদেৱ কৃষ্ণ উপাস্য দেৱতাত পৰিণত হৈছিল। কুষাণ যুগত ভাস্কৰ্য বুলিলে প্ৰধানত উত্তৰ-পশ্চিমৰ গান্ধাৰ শিল্পৰীতিকে বুজায়। ইয়াৰ ওচৰে-পাজৰে গাংগেয় উপত্যকা, মথুৰা, অন্ধ্ৰৰ অমৰাৱতী আৰু মধ্য এছিয়াৰ ব্র্যাকট্রিয়াত বিভিন্ন শিল্পৰীতি গঢ়ি উঠিছিল। নাট্যকাৰ অশ্বঘোষ, দার্শনিক নাগার্জুন, চৰক আৰু শুশ্ৰুত চিকিৎসকদ্বয় খ্রীষ্টপূর্ব দ্বিতীয় শতাব্দীৰ মানুহ আছিল। প্রাচীন যুগত কুষাণসকলে নিজস্ব ক্ষুদ্র জগৎ সৃষ্টি কৰিছিল। তাৰে এক বিস্তীর্ণ ভূভাগত মানুহৰ যাতায়তৰ স্বাধীনতা আৰু পৰিণতিত বাণিজ্যৰ আদান-প্রদান বাঢ়িছিল। চিন্তাৰ ক্ষেত্ৰতো বাধা দূৰ হৈছিল। ভৌগোলিক আৰু জাতিগত দিশৰ পৰা সম্পর্কহীন মানুহে পৰস্পৰক প্ৰভাৱিত কৰিব পাৰিছিল। এফালে এই সাংস্কৃতিক যোগাযোগ আৰু আনফালে কুষাণ সম্ৰাটসকলৰ সৎ কাৰ্য তথা শ্ৰীবৃদ্ধিৰ মাজত বিৰোধ নাইকিয়া কৰাৰ ক্ষেত্ৰত সক্ৰিয় প্ৰয়াসেৰে কুষাণ যুগ প্ৰাচ্যৰ ইতিহাসত ফলদায়ক হ’ব পাৰিছিল।
প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে বৌদ্ধধৰ্ম গ্ৰহণৰ মাধ্যমেৰে ভাৰতীয় সমাজলৈ বিদেশীসকলৰ আগমন ঘটিছিল। কাৰণ এই ধৰ্মত জাতিভেদ প্রথাৰ সমস্যা নাছিল। এই কাৰণেই ভালেকেইজন বিদেশী শাসকে বৌদ্ধধৰ্মৰ পৃষ্ঠপোষকতা কৰিছিল। ইন্দো-গ্ৰীক ৰজা আগাথোক্লেছে তেওঁৰ দ্বাৰা প্ৰচলিত মুদ্ৰাত বৌদ্ধ প্রতীক ব্যৱহাৰ কৰিছিল। মেগান্দাৰো একেই আছিল। গ্রীক বংশোদ্ভৱ সাধাৰণ ব্যক্তি তথা বৌদ্ধ সন্ন্যাসীক বৌদ্ধ সংঘত দান কৰিছিল। ইৰিল নামৰ এগৰাকী ব্যক্তিয়ে জুনোৰৰ বৌদ্ধ সন্ন্যাসীসকলৰ বাবে দুটি জলধাৰা নিৰ্মাণ কৰিছিল। একেই স্থানতে তেওঁ চৈত্য (বৌদ্ধসকলৰ উপসনাৰ স্থান) নিৰ্মাণ কৰে। ইন্দ্ৰাগ্নি দত্তই নাচিকত গুহা খনন কৰিছিল। অন্ততঃ সাতজন গ্রীক কার্লেতে স্তম্ভ নিৰ্মাণ কৰে। কুষাণসকলে বিশেষকৈ কনিষ্কই বৌদ্ধ প্রতিষ্ঠানসমূহত উদাৰহস্তে দান কৰিছিল। তেওঁৰ সময়ত বিদেশলৈ কেইবাগৰাকীও ধৰ্ম প্ৰচাৰক প্ৰেৰণ কৰা হয় আৰু বৌদ্ধধৰ্ম বিদেশীসকলৰ সংস্পৰ্শলৈ আহে। প্ৰসাৰিত হোৱাৰ সময়ত বৌদ্ধধর্মই বহু নতুন ধ্যানধাৰণা গ্ৰহণ আৰু আত্মস্থ কৰে। ব্ৰাহ্মণ্য ধৰ্মৰ ক্ষেত্ৰত সেইটো হোৱা নাছিল। অভাৰতীয়ৰ দ্বাৰা ব্ৰাহ্মণ্য ধৰ্ম গ্ৰহণৰ একমাত্ৰ গুৰুত্বপূৰ্ণ সাক্ষ্য গ্ৰীকো ব্যাকট্রীয় ৰজা এণ্টিয়ালকিডাছৰ দূত হেলিঅ’ডোৰাছৰ বিদিশাৰ স্তম্ভলেখ (আনুমানিক খ্রীষ্টপূর্ব ১২০-১০০)।
গুপ্তবংশৰ শাসকসকল ব্রাহ্মণ্যধর্মৰ পৃষ্ঠপোষক আছিল বুলি অনুমান কৰা যায়, কিন্তু তেওঁলোকৰ বৌদ্ধধৰ্মৰ প্ৰতি অনাদৰ নাছিল। নালন্দা মহাবিহাৰৰ সূত্ৰপাত গুপ্তযুগত হৈছিল। পৰ্যটক ফা-হিয়েন ( ৩৩৭-৪২২) গুপ্তযুগৰেই খ্রীষ্টীয় পঞ্চম শতাব্দীত বৌদ্ধবিহাৰত বাইছখন তাম্রলিপি প্রত্যক্ষ কৰিছিল। খ্ৰীষ্টিয় ষষ্ঠ শতাব্দীত বৈন্যগুপ্তৰ ৰাজত্বকালত বংগসমতটত আশ্ৰম বিহাৰৰ উদ্দেশ্যে মুক্তহস্তে ভূমিদান কৰা হৈছিল। তদুপৰি ৰাজবিহাৰৰ অস্তিত্বত আছিলেই। খ্ৰীষ্টীয় সপ্তম শতাব্দীৰ প্ৰথমাৰ্ধত গৌড়াধিপতি শশাংক (৬১৯-৬৩২) শৈৱধৰ্মৰ অনুৰাগী হ’লেও তেওঁৰ বৌদ্ধধৰ্মৰ প্ৰতি অনাদৰ নাছিল। হিউৱেন ছাঙে (৬২৯-৬৪৫ ) তেওঁক বৌদ্ধধর্ম বিদ্বেষী (১ .খ) বুলি কৈছিল হয় কিন্তু শশাংকৰ মৃত্যুৰ পিছতেই কৰ্ণসুৱৰ্ণত দুই হাজাৰ ভিক্ষু অধ্যুষিত দহটাৰো বেছি বৌদ্ধবিহাৰ প্রত্যক্ষ কৰিছিল স্বয়ং চীনা পৰিব্ৰাজকগৰাকীয়ে। তদুপৰি হিউৱেন ছাঙে যি ৰক্তমৃত্তিকা মহাবিহাৰৰ উল্লেখ কৰিছে, তাৰ ধ্বংসাৱশেষ খননৰ দ্বাৰা আৱিষ্কৃত হৈছে শশাংকৰ তেতিয়াৰ ৰাজধানী কর্ণসুৱৰ্ণৰ কাষতে। খ্ৰীষ্টীয় সপ্ত শতিকাৰ দ্বিতীয়ার্ধত সমতট অঞ্চলৰ খড়বংশৰ ৰজা ৰাজভট বুদ্ধধৰ্ম আৰু সংঘৰ উপাসক আছিল। এই তথ্য জনা যায় ছৌচিৰ বিৱৰণৰ পৰা। পুনৰ হিউৱেন ছাঙে কৈছে যে নালন্দা মহাবিহাৰৰ অধ্যক্ষ শীলভদ্ৰ আছিল সমতট ভদ্ৰ ৰাজবংশোদ্ভৱ।
বংগৰ দীৰ্ঘ পাল শাসনৰ সকলোতকৈ গৌৰৱোজ্জ্বল দিশ আছিল তেওঁলোকৰ প্রজাবৎসল শাসনৰীতি। পাল সম্রাটসকল আছিল বৌদ্ধ, কিন্তু প্ৰজাসকলৰ অধিকাংশ আছিল হিন্দু। পাল সম্রাট ধর্মপাল (৭৭০-৮১০) ধৰ্মীয় সম্প্ৰীতিৰ নীতি গ্ৰহণ কৰিছিল ৰাষ্ট্ৰীয় নীতি হিচাপে। তেওঁ ঘোষণা কৰিছিল— তেওঁ সকলো শাস্ত্র সম্বন্ধে জ্ঞাত আৰু যাতে সকলো ধৰ্ম-বৰ্ণৰ লোকে তেওঁলোকৰ কার্যকলাপ বৰ্তাই ৰাখিব পাৰে তাৰ প্ৰতি তেওঁ তৎপৰ থাকিব। প্ৰজাৰ ধৰ্ম-কৰ্ম সম্পৰ্কত সচেতনভাৱে এই ঘোষণাই দীর্ঘ পাল শাসনকালত অনুসৃত হৈছিল বুলি অনুমান কৰিব পাৰি। এই বিষয়ে কোনো সন্দেহ নাই যে পাল সম্রাটসকল বৌদ্ধ হোৱাৰ সত্ত্বেও হিন্দু দেৱ-দেৱতা বা ব্রাহ্মণ সম্প্রদায়ে অকুণ্ঠ ৰাজপৃষ্ঠপোষকতা লাভ কৰিছিল। ৰাজকীয় উচ্চ পদতো অধিষ্ঠিত হোৱা দেখা যায় ব্ৰাহ্মণসকলক। ধৰ্মপালৰ প্ৰধানমন্ত্ৰী আছিল এজন ব্ৰাহ্মণ। তদুপৰি এই মন্ত্ৰী পৰিয়ালৰ তিনি পুৰুষ ধৰি পাল ৰজাৰ শাসনৰ লগত জড়িত আছিল। পাল ৰজাৰ ভূমিদান সংক্রান্ত যিমান তাম্রশাসন বৰ্তমানলৈকে পোৱা গৈছে তাৰে দুই-এখনক বাদ দি সকলোটিতে দান লাভ কৰিছিল হিন্দু দেৱ-দেৱতাৰ মন্দিৰ অথবা ব্রাহ্মণসকলে। পাল সম্রাট ধর্মপালে ভূমিদান কৰিছিল নাৰায়ণৰ উপাসনাৰ বাবে। নাৰায়ণপাল, প্রথম মহীপাল আৰু নয়পালৰ পৃষ্ঠপোষকতা দান কৰিছিল শৈৱ সন্ন্যাসীসকলৰ বাবে আৰু স্থাপন কৰিছিল শৈৱ মন্দিৰ। যিবোৰ ৰক্ষণা-বেক্ষণৰ বাবে তেওঁলোকে ভূমি দানো কৰিছিল। প্ৰথম মহীপাল (৯১৩-৯৪৪) বাৰানসীৰ পশুপতি গুৰু শ্ৰীৰামৰাহীৰ ভক্ত আছিল আৰু তেওঁক আৰাধনা কৰিবলৈ বাৰানসীলৈ গৈছিল। বাংলাৰ জনজীৱনত হিন্দু-বৌদ্ধৰ মাজত কোনো ভেদাভেদ আছিল বুলি প্ৰমাণ পোৱা হোৱা নাই। ধৰ্মীয় সম্প্ৰীতি আৰু সহাৱস্থান পাল যুগৰ সমাজ-জীৱনৰ বিশেষ বৈশিষ্ট্য হিচাপে চিহ্নিত কৰা যায়।
(২)
এই আলোচনাৰ নিৰিখত সজোৰে ক’ব পাৰি যে ভাৰতবৰ্ষলৈ মুছলমানসকলৰ আগমন তথা বিশেষকৈ তেওঁলোকৰ শাসনকালৰ পৰাই হিন্দু-মুছলমানৰ প্ৰতিৱেশীসুলভ সম্প্রীতি, সহযোগিতা, সৌহার্দ্য আৰু সহনশীলতা ক্ৰমাগত ঠন ধৰি উঠিছে আৰু ই দৃঢ় হৈছে। ইছলামৰ সৰ্বশ্ৰেষ্ঠ পয়গম্বৰ তথা মহানবি হজৰত মহম্মদৰ (সঃ) দ্বাৰা প্ৰচাৰিত আল্লাৰ বাণী আৰু ইছলাম ধর্ম প্ৰচাৰৰ (৬১০) বহু আগৰ পৰাই জল-অভিযানৰ জৰিয়তে আৰব সদাগৰসকল ভাৰতভূমিৰ চাৰিওফালে এৰা-ধৰাকৈ চলা-ফিৰা কৰিছে। অথচ মজুমদাৰ, ৰায়চৌধুৰী আৰু দত্ত ৰচিত এন এডভান্সড্ হিষ্ট্রি অব্ ইণ্ডিয়াত আৰবীসকলক বুজাবলৈ আৰম্ভ কৰিছে ‘অস্ত্ৰধাৰী’ আৰু ‘আক্ৰমণকাৰী’ ৰূপে আৰু তেনেকৈয়ে তেওঁলোকৰ ভাৰতীয় ইতিহাসলৈ প্ৰৱেশ। কিন্তু এয়া নিতান্তই অর্ধসত্য। এনে অর্ধসত্যৰ জৰিয়তেই ভাৰতীয় মহাকাব্য মহাভাৰতত গুৰু দ্রোণাচাৰ্যক হত্যাৰ নজিৰ পোৱা যায়। অর্থাৎ অর্ধসত্যক নিদাৰুণ অস্ত্ৰৰূপে প্রয়োগ কৰা হয়।
হজৰত মহম্মদ (সঃ) জীৱনকালতেই ভাৰতবৰ্ষলৈ আৰবী মুছলমানসকলৰ অহাযোৱা বাঢ়িছিল। শান্তিৰ বাণীৰ বাহকৰূপে তেওঁলোকেও ভাৰতত বসবাস আৰম্ভ কৰিছিল। তদুপৰি তাৰ প্ৰত্যক্ষ প্রমাণ কোচিনৰ পৰা ৩৮ মাইল দুৰৈত কোডোংগালোৰত (Kodungallur) ৬২৯ খ্ৰীষ্টাব্দত নির্মিত মছজিদটোৰ ধ্বংসাৱশেষ। যাৰ উদ্যোগত মছজিদটি নিৰ্মাণ হৈছিল— তেওঁৰ নাম মালিক ইবনে দিনাৰ। কোনো এজন ব্যক্তিৰ দ্বাৰা কোনো মছজিদ নির্মাণ সম্ভৱ নহয়, অথচ কেৱল এজন ব্যক্তিৰ ঈশ্বৰ সাধনাৰ বাবে মছজিদ প্রতিষ্ঠাও কোনো বাস্তৱ প্ৰস্তাৱ নহয়। এই মছজিদটিৰ ধ্বংসাৱশেষে নিশ্চিতভাৱে প্ৰমাণ কৰে যে সপ্তম শতিকাৰ মধ্যভাগত বন্দৰ নগৰ কোডোংগালোৰত বহু আৰবী মুছলমান বাস কৰিছিল আৰু তেওঁলোকৰ নামাজ পঢ়িবৰ বাবে এটি মছজিদ নিৰ্মাণৰ প্রয়োজন হৈছিল। তদুপৰি ৰাজ্যৰ হিন্দু অধিপতিসকলে তেওঁলোকক মছজিদ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় মাটি ব্যৱহাৰ কৰিবলৈ দিছিল। কিন্তু ভাৰতভূমিত আৰবী মুছলমানৰ প্ৰথম জমিদাৰি প্ৰথাৰ বৃত্তান্তৰ কোনো ইংগিত ইতিহাসৰ পাঠ্যপুথিত পোৱা যায় নে?
ইবন বতুতাৰ বৃত্তান্তৰ পৰা স্পষ্ট বুজা যায় যে চট্টগ্রামত মুছলিম আধিপত্য প্ৰতিষ্ঠাৰ আগতেই তাত মুছলমানসকলৰ (আৰবী বণিক আৰু চুফি) আগমন আৰু বসবাস আৰম্ভ হৈছিল। কিন্তু ৰমেশচন্দ্ৰ মজুমদাৰৰ বাংলাদেশৰ ইতিহাস (দ্বিতীয় খণ্ড) গ্রন্থত কেৱলমাত্ৰ মুছলমান শাসন বিস্তাৰৰ বৃত্তান্তই পোৱা যায়, মুছলমানসকলৰ বসবাস আৰম্ভৰ কাহিনী পোৱা নাযায়। পোৱা হ’লে জানিব পৰা গ’লহেঁতেন, অস্ত্ৰৰ প্ৰয়োগ নকৰাকৈ বংগতো সমুদ্র তীৰৱৰ্তী জনাঞ্চলত মুছলমান বসবাস আৰম্ভ হৈছিল মুছলিম বিজয়ৰ আগতেই। তদুপৰি শ্বেখ শুভোদয়া নামৰ যি প্রাচীন পুথি পোৱা গৈছে তাৰ সাক্ষ্য অনুসাৰে বক্তিয়াৰ খিলজিৰ দ্বাৰা নদিয়া তথা গৌড় বিজয়ৰ আগতে লক্ষ্মণ সেনৰ ৰাজসভালৈ এজন শ্বেখ আৰু আৰবী সদাগৰ আহিছিল। তেওঁ ‘ধর্মযুদ্ধ’ কৰিবৰ বাবে অহা নাছিল, আহিছিল সদাগৰৰ বাণিজ্য উপলব্ধিৰ বাবে। কিন্তু বাংলাদেশৰ ইতিহাস (দ্বিতীয় খণ্ড) গ্ৰন্থত সপ্তদশ অশ্বাৰোহীৰ নদীয়া জয়ৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ বাবে প্ৰচুৰ বাক্যব্যয় কৰিলেও শ্বেখ শুভোদয়া পুথিৰ উল্লেখ কৰা হোৱা নাই। পুনৰ এন এডভান্সড্ হিস্ট্রি অব্ ইণ্ডিয়াৰ দৃষ্টিভংগীৰ প্ৰসংগলৈ উভতি অহা যাওক। এই গ্ৰন্থত মহম্মদ বিন কাছিমৰ ৭১২ খ্ৰীষ্টাব্দত সিন্ধু জয়ৰ কাহিনীত ভাৰতত মুছলমানসকলৰ প্ৰৱেশৰ প্ৰথম ঘটনাৰূপে উল্লেখ কৰা হৈছে।
এইবাৰ দেখা যাওক, সিন্ধু জয়ৰ আচল সত্য কি? সত্য হৈছে জলদস্যুসকলৰ উৎপাতত বিৰক্ত ইৰাকৰ শাসক হাজ্জাজ বিন ইউছুফৰ (৬৯৪-৭১৪) নিৰ্দেশত তেওঁৰেই জোঁৱাই মহম্মদ বিন কাছিমে সিন্ধু প্রদেশ জয় কৰে। পাৰিপাৰ্শ্বিক আৰু স্বাভাৱিক কাৰণসমূহ বিচাৰ কৰি হাজ্জাজ বিন ইউছুফ এই সিদ্ধান্তত উপনীত হৈছিল যে আৰব-বাণিজ্য পণ্ড কৰাৰ বাবেই সিন্ধুৰ ৰজা দাহিৰৰ নির্দেশ বা প্রশ্ৰয়ত দেৱল বন্দৰত আৰব জাহাজৰ ওপৰত জলদস্যুৰ হামলা হয়। অর্থাৎ অষ্টম শতিকাৰ প্ৰাৰম্ভণিতে আৰবী মুছলমানসকল ভাৰতৰ মাটিত সিন্ধু প্রদেশৰ ওপৰত সামৰিক অভিযানৰ পৃষ্ঠভূমিৰ কাৰণ আছিল আৰব-বাণিজ্যৰ ওপৰত সিন্ধুৰাজৰ আক্ৰমণ। আনহাতে সাধাৰণ পাঠ্যপুথিসমূহত এই ইতিহাস এনেদৰে লিখা হয় যে ইছলাম ধৰ্ম বিস্তাৰৰ বাবেই সিন্ধু প্রদেশত সামৰিক অভিযান হৈছিল। ফলত ছাত্ৰ-ছাত্ৰীসকলৰ মনত ভুল ধাৰণা জন্ম হয় যে ইছলাম হ’ল আনুপূর্বিক আগ্রাসী ধৰ্মীয় চিন্তাধাৰাৰ দ্বাৰা লালিত।
ইছলামত এই ধর্মীয় সহনশীলতাৰ এক বিস্তৃত ৰূপ ধৰা পৰে ৬৩২ চনত হজৰত মহম্মদৰ (সঃ) প্ৰয়াণৰ মাত্ৰ এশ বছৰৰ ভিতৰত। যেতিয়া ৭১২ চনত মহম্মদ বিন কাছিম সেনাপতি হিচাপে আৰবৰ পৰা আহি ভাৰতৰ সিন্ধু প্রদেশ জয় কৰে। মুলতানত তেওঁ ঘোষণা কৰে— “খ্ৰীষ্টানসকলৰ গীর্জা, ইহুদিৰ ধৰ্মসভা আৰু ফাৰ্ছীৰ পুৰোহিতৰ পূজাবেদীৰ দৰে হিন্দুসকলৰো মন্দিৰ পৱিত্ৰ থাকিব (২)।” উইলিয়াম ম্যুৰৰ মতে— এই ধৰ্মীয় সহনশীলতা আছিল মুছলমানৰ শাসনীতিৰ এক উল্লেখযোগ্য বৈশিষ্ট্য। উইলিয়াম ম্যুৰৰ ধাৰণা, মহম্মদ বিন কাছিম প্রৱৰ্তিত বিধর্মী অথবা মূর্তিপূজা কৰাসকলৰ লগত হোৱা বুজাবুজিয়ে পৰৱৰ্তীকালত মুছলমান শাসকসকলক পথ দেখুৱাইছিল। তেওঁ হিন্দুসকলক ‘জিম্মি’ বা সুৰক্ষিত নাগৰিক হিচাপে স্বীকৃতি দিয়াৰ লগে লগে (মুছলমান আইনবিদসকল ‘জিম্মি’ অমুছলমানসকলক যিমান সুযোগ-সুবিধা দানৰ পক্ষপাতী আছিল, বিন কাছিমে সিন্ধুবাসীক তাতকৈও বেছি সুযোগ-সুবিধা প্ৰদান কৰে) হিন্দুসকলৰো এক বৃহৎ অংশৰ সক্ৰিয় সহযোগিতা লাভ কৰে (৩)। ইয়াৰ ফলত তেওঁ অতি সহজতে বাহমনাবাদ, অৰোৰ (সিন্ধুৰ ৰাজধানী) আৰু মুলতান দখল কৰিবলৈ সমৰ্থ হয়। মুলতানৰ জনগণ বিশেষকৈ বণিক সম্প্রদায়, জাঠ আৰু মেধ প্রভৃতি সিন্ধুৰ ব্ৰাহ্মণ ৰজা দাহিৰৰ অত্যাচাৰত ইমান বেছি ব্যতিব্যস্ত হৈছিল যে তেওঁলোকে খুচিমনে বিন কাছিমক অভ্যর্থনা জনাইছিল। অৱশ্যে পূর্বতে বৌদ্ধসকলে হিন্দু শাসনব্যৱস্থাক প্রসন্ন দৃষ্টিৰে চোৱা নাছিল। হিন্দু ৰজাই নিজ ৰাজত্ব বাহাল ৰখাৰ স্বাৰ্থত বৌদ্ধসকলৰ ওপৰত বিভিন্ন ধৰণেৰে অত্যাচাৰ কৰে। ফলত বৌদ্ধ অধিবাসীসকলে হিন্দু ৰাজত্ব ধ্বংসৰ সুযোগৰ অপেক্ষাত আছিল। ৰজা দাহিৰৰ ৰাজত্ব কালতো বৌদ্ধসকলৰ কোনো পৰিৱৰ্তন হোৱা নাছিল। এই অৱস্থাত বিন কাছিমৰ অভিযানত তেওঁলোকে কিছু পৰিমাণে হ’লেও স্বস্তি অনুভৱ কৰে। আনকি স্থানীয় অধিবাসীসকলৰ অনেকেই বিন কাছিমৰ সৈন্যদলত যোগদান কৰে। দাহিৰৰ অনেক উচ্চপদস্থ কৰ্মচাৰীয়ে তেওঁৰ বিৰুদ্ধে বিদ্রোহ ঘোষণা কৰে। ৰমেশচন্দ্ৰ মজুমদাৰ প্ৰমুখ্য ঐতিহাসিকসকলে স্বীকাৰ কৰে যে দাহিৰৰ সমনীতি আছিল ভুলেৰে ভৰা। অকল সেয়াই নহয়— প্ৰজাৰ এক বিশাল অংশই দাহিৰৰ বিৰুদ্ধে বিদ্রোহ কৰে আৰু বিন কাছিমক সহযোগিতা কৰে। তেওঁৰ দেশত এনে এক ধাৰণা বদ্ধমূল আছিল যে শীঘ্ৰেই দেশ মুছলমান শাসকৰ অধীন হ’ব। এতেকে যুদ্ধ বা প্ৰতিৰোধ গঢ়ি তোলা অৰ্থহীন। দাহিৰৰ প্ৰতি বিৰুদ্ধ মনোভাৱ— এই ধাৰণাৰ লগত যুক্ত হয়। ফলত বিন কাছিমে অনায়াসে সিন্ধু প্রদেশ দখল কৰিবলৈ সক্ষম হয় (৪)।
সিন্ধু বিজয়ৰ পিছত মহম্মদ বিন কাছিমে সিন্ধু শাসনব্যৱস্থাৰ প্ৰায় সকলো গুৰুত্বপূৰ্ণ পদ দেশীয় হিন্দু আৰু স্থানীয় জনগণৰ ওপৰতেই ন্যক্ত কৰে। সিন্ধুৰ চিৰাচৰিত প্রথা অনুসৰি তেওঁ ব্ৰাহ্মণসকলক অতিৰিক্ত সুযোগ-সুবিধা প্ৰদান কৰে। পূৰ্বৰ পৰা ব্রাহ্মণসকলে যিবোৰ পদত চাকৰি কৰিছিল, সেইবোৰ পদেই তেওঁলোকৰ বাবে বাহাল ৰাখে। আনকি যিসকল উচ্চপদস্থ কর্মচাৰীয়ে ভয়ত আত্মগোপন কৰিছিল, তেওঁ সেইসকলক মাতি আনি নিজ নিজ পদত পুনৰ মকৰল কৰে। ৰজা দাহিৰৰ সময়ত ব্ৰাহ্মণসকলৰ শতকৰা তিনি ভাগেই ৰাজহ সংগ্ৰহকাৰী হিচাপেও কৰ্মৰত আছিল। বিন কাছিমে তেওঁলোকৰ সেই সুবিধা ভোগ কৰাৰ অধিকাৰো প্ৰদান কৰে (৫)। ৰাজহ আদায়ৰ বাবে তেওঁ গাঁও আৰু চহৰৰ গণ্য-মান্য ব্যক্তিসকলক নিযুক্তি দিয়ে আৰু নিৰ্ধাৰিত হাৰত খাজানা আদায়ৰ ব্যৱস্থা কৰে। এই নীতি অনুসৰণৰ ফলত স্থানীয় জনসাধাৰণৰ মনত সাহস আৰু নিৰাপত্তাৰ ভাব বিৰাজ কৰে। যুদ্ধৰ সময়ত ক্ষতিগ্রস্তসকলক তেওঁ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থাও কৰে। ৰাজহ সংগ্ৰহকাৰী বিষয়াসকলৰ প্ৰতি বিন কাছিমৰ নিৰ্দেশ আছিল—“চুলতান আৰু জনগণৰ মাজত সততাৰ স’তে কাম কৰক। যদি কোনো বিতৰণ বা বণ্টনৰ আৱশ্যক হয়, তেতিয়া ন্যায়নীতিৰ ভিত্তিত কৰক আৰু পৰিশোধৰ সামৰ্থ্য অনুযায়ী ৰাজহ নিৰ্ধাৰণ কৰক। সকলোৱে নিজৰ মাজত সম্প্রীতি বজাই ৰাখক, এজনে আনজনৰ বিৰুদ্ধাচৰণ নকৰিব, দেশক দুর্দশাত নেপেলাব।” তেওঁ ৰজা দাহিৰৰ নিৰ্যাতনমূলক কৰ বিলোপ কৰে। ৰাজহ সংগ্ৰহৰ প্রধান উৎস আছিল ভূমিকৰ। ইয়াক খাৰাজ বুলি কোৱা হয়। তাৰ উপৰিও আছিল বাণিজ্য কৰ, মুছলমানসকলৰ বাবে দেশীয় জাকাত অথবা আল্লাৰ নামত দান আৰু অমুছলমানসকলৰ বাবে জিজিয়া কৰ। ৰাষ্ট্ৰীয়ভাৱে জলসিঞ্চন ব্যৱস্থা কৰা হ’লে উৎপন্ন ফচলৰ এক পঞ্চমাংশ আৰু জলসিঞ্চনৰ ব্যৱস্থা নাথাকিলে এক চতুর্থাংশ কৰ হিচাপে আদায় কৰা হৈছিল। অমুছলমানসকলৰ পৰা জিজিয়া কৰ আদায় কৰা হৈছিল। মুছলমানসকলে জাকাত অথবা আল্লাৰ নামত দান দিয়ে। জিজিয়া নির্ধাৰণৰ ক্ষেত্ৰত তিনিটা শ্ৰেণী আছিল— ধনীসকলৰ ৪৮ দিহাম (আৰবী মুদ্ৰা), মধ্যবিত্তৰ ২৪ দিহাম আৰু নিম্নবিত্তৰ ১২ দিহাম। অমুছলমান নাগৰিকসকলৰ মাজত নাৰী, শিশু বা ১৪ বছৰৰ তলৰ ল’ৰা-ছোৱালী, বৃদ্ধ-বৃদ্ধা, সাধু-সন্ত, ধর্মযাজক, ব্রাহ্মণ, অন্ধ, পংগু, ভিক্ষাৰী, তীর্থযাত্রী, নিঃস্ব, অসহায়, দিনমজুৰ, ক্রীতদাস, পাগল, সম্বলহীন, চৰকাৰী সকলো কৰ্মচাৰী, কৃষকসকলক জিজিয়া কৰৰ পৰা অব্যাহতি দিয়া হৈছিল।
ৰাজ্য জয়ৰ পিছত আৰবীসকলে ধৰ্ম প্ৰচাৰত মনোযোগ দিলেও সিন্ধুত তেওঁলোকে ধর্মীয় সহিষ্ণুতাৰ পৰিচয় দিছিল। চাচনামাৰ পৰা জনা যায়— মহম্মদ বিন কাছিম আৰু তেওঁৰ অনুগামীসকলে স্থানীয় জনতাক বলপূর্বক ইছলাম ধৰ্মত দীক্ষিত কৰা নাছিল। বৰং তেওঁ অমুছলমান জনতাক ধৰ্ম পালনৰ পূৰ্ণ স্বাধীনতা দান কৰিছিল। জিজিয়া কৰ প্ৰদানৰ প্ৰতিশ্ৰুতিত অমুছলমান হিন্দু, জৈন আৰু বৌদ্ধ সম্প্রদায়ে নির্বিঘ্নে তেওঁলোকৰ ধৰ্ম-কৰ্ম আৰু উৎসৱাদি পালন কৰিছিল। সমান্তৰালভাৱে মন্দিৰৰ পুৰোহিত আৰু দৰিদ্ৰ অমুছলমানসকলে জিজিয়া কৰ দিব নোৱাৰিলেও নিজ নিজ ধর্ম পালন কৰিব পাৰিছিল। ব্ৰাহ্মণসকলে আগৰ দৰেই নিজ ধর্মীয় উৎসৱ পালন কৰিছিল। তদুপৰি তেওঁলোকৰ মন্দিৰ আৰু উপাসনালয় যাতে কোনো কাৰণে আক্রান্ত হ’ব নোৱাৰে— সেই ব্যৱস্থা কৰে মহম্মদ বিন কাছিমে। লগতে যুদ্ধৰ সময়ত যিসমূহ মন্দিৰ লুণ্ঠন আৰু ধ্বংস কৰা হয়, তাক পুনৰ্নিৰ্মাণ কৰা হয়। উদাহৰণস্বৰূপে কোৱা যায়— মুলতানৰ ধ্বংসপ্রাপ্ত সূর্য মন্দিৰৰ কথা। ঈশ্বৰীপ্ৰসাদে কয়— “The Arab were not so fanatical as the Turks who followed them later. They granted toleration to the Hindus.” এই নীতিৰ ফলত প্ৰজাসকলক শাসকগোষ্ঠীৰ অত্যাচাৰ-উৎপীড়নৰ পৰা ৰক্ষা পাইছিল। যুদ্ধৰ সময়ত ক্ষতিগ্ৰস্তসকলৰ ক্ষতিপূৰ্ণৰ ব্যৱস্থাও মহম্মদ বিন কাছিমে কৰিছিল। এইবোৰ ব্যৱস্থাৰ অৱলম্বনৰ ফলত বিন কাছিমৰ শাসনবিধি স্থানীয় জনতাৰ বাবে বিশেষ জনপ্ৰিয় আৰু গ্ৰহণীয় হৈছিল (৬)।
স্থানীয় জনতাৰ ধৰ্মৰ ওপৰত মহম্মদ বিন কাছিমে হস্তক্ষেপ কৰা নাছিল। হাজ্জাজ বিন ইউছুফে সেনাপতি বিন কাছিমক এক পত্রযোগে জনাইছিল— “তেওঁলোকে (হিন্দু) যেতিয়া আনুগত্য স্বীকাৰ কৰিছে আৰু খলিফাক কৰ দিবলৈ ৰাজি হৈছে, তেতিয়া তেওঁলোকৰ পৰা যুক্তিগতভাৱে আৰু একো লোৱাৰ দৰকাৰ নাই। তেওঁলোকক অনা হৈছে আমাৰ নিৰাপত্তাত। আৰু আমি কোনোধৰণে তেওঁলোকৰ জঞ্জাল বঢ়াবৰ প্ৰয়োজন নাই। দেৱ-দেৱীৰ উপাসনাৰ বাবে তেওঁলোকক অনুমতি দিয়া হওক। স্বধর্ম পালনত কাকো নিষেধ কৰা বা বাধা দিয়া উচিত নহয়। তেওঁলোকে নিজৰ খুচিমতে নিজ নিজ ঘৰত বাস কৰিব পাৰিব (৭)। এনে ঘোষণা কার্যকৰী হোৱাত সিন্ধু অঞ্চলত সামাজিক আৰু মানসিক সৌহাৰ্দ্য-সম্প্ৰীতি আৰু মজবুত হয় (৮)। আৰবীসকলে গো-হত্যা নিষিদ্ধ কৰিছিল, হয়তো সংখ্যাগুৰু অমুছলমানসকলৰ কথা চিন্তা কৰিয়েই এই নিৰ্দেশ জাৰি কৰা হৈছিল। গো-সম্পদ সংৰক্ষণ কৰাৰ তাগিদাত গো-হত্যাৰ ওপৰত থকা নিষেধাজ্ঞাৰ সম্ভাৱনা উৰাই দিব পৰা নাযায়। সিন্ধুৰ অমুছলমানৰ দলপতি বা চৰ্দাৰসকলে ইছলাম বা ইছলাম ধৰ্মাৱলম্বীসকলৰ প্ৰতি উদাৰ মনোভাৱ পোষণ কৰিছিল। এক তথ্যৰ পৰা জানিব পাৰি যে পার্শ্বৱৰ্তী এগৰাকী হিন্দু ৰজাই কোনো আৰবীয় পণ্ডিতৰ দ্বাৰাই কোৰাণ শ্বৰীফ অনুবাদ কৰায় (৯)। সিন্ধুৰ অমুছলমানসকল আৰবীসকলৰ প্ৰতি ইমান অনুৰক্ত হৈ পৰে যে তেওঁলোকে আৰবীসকলৰ পক্ষে সুদুৰৰ ৰোম সাম্ৰাজ্যৰ বিৰুদ্ধেও যুদ্ধযাত্ৰা কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল (১০)।
সেয়া যি কি নহওক, বিন কাছিমৰ অনুসৃত উদাৰনীতিৰ বাবেই বিদেশী আৰব শাসনৰ বিৰুদ্ধে সাধাৰণ মানুহে বিদ্ৰোহ কৰা নাছিল। কেইবাখনো চহৰ, জনপূর্ণ অঞ্চলে স্বতঃস্ফূৰ্তভাৱে তেওঁলোকৰ আনুগত্য স্বীকাৰ কৰে। আৰব শাসনৰ এই উদাৰতাই তৎকালীন ভাৰতৰ ইতিহাসত এক যুগান্তকাৰী অধ্যায়ৰ সূচনা কৰিছিল। ইতিহাসবিদ আব্দুল কৰিমে লিখিছে— “বিজিত এলেকাত গুণী আৰু গুণৰ আদৰ কৰাই মহম্মদ বিন কাছিমৰ সকলোতকৈ ডাঙৰ কৃতিত্ব। তেওঁ যেনেকৈ গুণৰ আদৰ কৰিছিল আৰু বিজিতসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিছিল, তেনেকৈ বিজিতসকলেও তেওঁক নিখুঁতভাৱে ভালপোৱা আদান-প্রদানো কৰিছিল আৰু তেওঁৰ সাহায্যার্থে প্রাণপণে আগবাঢ়ি আহিছিল। ফলত কম আয়াসতে সিন্ধু বিজয় সম্পন্ন হৈছিল এনে নহয়, বৰং বিজিত এলাকাত আৰবসকলৰ সুনাম বাঢ়ি গৈছিল। অনুমান হয়, মহম্মদ বিন কাছিমৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ কৃতিত্ব আৰু ইয়াৰ বাবেই তেওঁ ইতিহাসত শ্ৰেষ্ঠ ৰাজনীতিক ৰূপে স্মৰণীয় হৈ থাকিব।” ঐতিহাসিক কলজুৰীয়ে ফুতুণ্ডল বুলদানত লিখিছিল— খলিফা সলনি হোৱাৰ পিছত মহম্মদ বিন কাছিমক যেতিয়া বন্দী কৰি ইৰাকলৈ প্ৰেৰণ কৰা হয়, তেতিয়া হিন্দু-মুছলমান নিৰ্বিশেষে তেওঁৰ বাবে স্বাভাৱিকভাৱে চকুলো টোকে। আনকি কৰাছী এলাকাৰ হিন্দু জনতাই ভক্তিভাৱেৰে তেওঁৰ মূৰ্তি তৈয়াৰ কৰিছিল। বিজয়ী সেনাপতিৰ বাবে ইয়াতকৈ ডাঙৰ কৃতিত্ব কি হ’ব পাৰে?
(৩)
ভাৰতীয়সকলৰ বৌদ্ধিক আৰু সাংস্কৃতিক অগ্রগতিয়ে আৰবীসকলক আকৃষ্ট কৰিছিল। অতি কম সময়ৰ ভিতৰতে আৰবীসকল ভাৰতীয় জীৱনৰ প্ৰায় প্ৰতিটো ক্ষেত্ৰৰ দ্বাৰাই বিশেষভাৱে প্রভাৱিত হয়। নতুন শাসনব্যৱস্থা আৰম্ভ কৰাৰ সময়ত তেওঁলোকে এনে কাৰণতে ব্ৰাহ্মণসকলক অগ্ৰাধিকাৰ দিয়ে। জ্ঞান-বিজ্ঞান প্ৰসাৰ আৰু আহৰণৰ বাবে তেওঁলোকে ক’বলৈ গ’লে প্ৰায় ব্রাহ্মণ পণ্ডিতসকলৰ শিষ্যত্ব গ্ৰহণ কৰি পেলাইছিল আৰু ভাৰতীয় দৰ্শন, জ্যোতিষ, চিকিৎসা, ৰসায়ন প্রভৃতি শাস্ত্ৰত তেওঁলোকে দক্ষতা অৰ্জন কৰে (১১)।” বি এন পাণ্ডেই যথাযথভাৱে কৈছে— “আৰবীসকলে ভাৰতীয়সকলৰ পৰা প্ৰশাসনৰ ব্যৱহাৰিক কূট-কৌশল প্ৰচুৰ পৰিমাণে শিকিছিল। ব্যাপক হাৰত ব্ৰাহ্মণ কৰ্মচাৰী নিয়োগৰ কাৰণ আছিল তেওঁলোকৰ জ্ঞান, অভিজ্ঞতা আৰু দক্ষতাৰ লগত প্রশাসনিক দায়-দায়িত্ব পালন কৰাৰ উপযুক্ততা। আৰবী-সংস্কৃতিৰ বহু বৈশিষ্ট্য যি পৰৱৰ্তীকালত ইউৰোপীয় সভ্যতাৰ ওপৰত চমৎকাৰ প্ৰভাৱ পেলায় তাক ধাৰ কৰা হয় ভাৰতৰ পৰা। আৰবৰ পণ্ডিতসকলে বৌদ্ধভিক্ষু আৰু ব্ৰাহ্মণ পণ্ডিতৰ পদতলত বহি দর্শন, জ্যোতির্বিদ্যা, গণিতশাস্ত্র, ভেষজবিদ্যা, ৰসায়ন আৰু অন্যান্য বিষয় অধ্যয়ন কৰিছিল। বাগদাদৰ শাহী দৰবাৰে ভাৰতীয় পাণ্ডিত্যৰ প্ৰতি পৃষ্ঠপোষকতা প্ৰদান কৰিছিল। খলিফা মনচুৰৰ শাসনকালত আৰবৰ পণ্ডিতে দুখন গ্ৰন্থ ব্ৰহ্মগুপ্তৰ ব্ৰাহ্মসিদ্ধান্ত আৰু খাদ্য লৈ ভাৰতৰ পৰা বাগদাদলৈ উভতি যায়। ভাৰতীয় পণ্ডিতৰ সহায়ত আল ফাজাৰীয়ে তাৰ আৰবী অনুবাদ কৰে। এই দুখন কিতাপৰ পৰাই আৰবীসকলে বিজ্ঞানমূলক জ্যোতিষৰ প্ৰাথমিক নীতিসমূহ আয়ত্ত কৰে (১২)।”
মুছলমান সংস্কৃতিৰ ওপৰত সিন্ধু বিজয়ৰ ফলাফল আছিল গভীৰ আৰু সুদুৰপ্ৰসাৰী। সিন্ধু বিজয়ৰ ফলত আৰব আৰু ভাৰতবৰ্ষ উভয়েই উপকৃত হয়। কাৰণ কৃষ্টিৰ গতি একমুখী নহয়, উভয়মুখী। আৰবী মুছলমানসকল মিছৰীয়, মেছোপটেমীয়, গ্ৰীক আৰু ফাৰ্ছী জাতিৰ সংস্কৃতিৰ লগত একত্রিত হয়। আৰবীসকলে তেওঁলোকৰ সংস্কৃতিৰ লগত নিজৰ সংস্কৃতিৰ সমন্বয়সাধন কৰে। নিজৰ আৰু বিভিন্ন জাতিৰ পৰা প্ৰাপ্ত সংস্কৃতি আৰবী মুছলমানসকলে ভাৰতীয় সংস্কৃতিৰ সংস্পৰ্শলৈ লৈ আনে। ফলত ভাৰতীয় সংস্কৃতি গ্ৰীক, মিছৰীয়, ফাৰ্ছী আৰু আৰবীয় সংস্কৃতিৰ লগত মিশ্ৰণৰ ফলত সমৃদ্ধ হয়। অনেকে কয় যে আৰবী ভাষাৰ প্ৰভাৱ ‘সিন্ধি’ (দক্ষিণ এছিয়াৰ সিন্ধু অঞ্চলত প্ৰচলিত ইন্দো-আর্য ভাষা) ভাষাৰ ওপৰত পৰিছিল। সিন্ধি ভাষাত প্ৰচুৰ আৰবী শব্দ পৰিলক্ষিত হয়। ৮৮৬ চনত কোৰাণ অনুদিত হৈছিল সিন্ধি ভাষাত আৰু এই কাৰ্য সম্পাদিত হৈছিল এক আৰব পণ্ডিতৰ দ্বাৰা, এগৰাকী হিন্দু সামন্ত ৰজাৰ অনুৰোধত। সিন্ধুৰ অমুছলমানসকল আৰবীসকলৰ প্ৰতি ইমান অনুৰক্ত হৈ পৰে যে তেওঁলোকে আৰবীসকলৰ পক্ষত সুদূৰ ৰোম সাম্ৰাজ্যৰ বিৰুদ্ধেও যুদ্ধযাত্ৰা কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল।
ঐতিহাসিক আব্দুল কৰিমে লিখিছে— “অনেক সিন্ধি পৰিয়ালে এতিয়াও তেওঁলোকৰ পূৰ্বপুৰুষ আৰবদেশৰ পৰা অহা বুলি দাবী কৰে। হয়তো অনেক পৰিয়ালৰ এই দাবী অলীক, কিন্তু বোধকৰোঁ সিন্ধুদেশত আৰবদেশীয় পৰিয়ালৰ অভাৱ নাই। সিন্ধুৰ সমাজব্যৱস্থাও বহুলাংশে আৰব দেশৰ অনুকৰণত উপজাতীয় ভিত্তিৰ ওপৰত প্ৰতিষ্ঠিত; আবসকলৰ উপজাতীয় চৰ্দাৰক যেনেকৈ ‘শায়খ’ বুলি কোৱা হয়, সিন্ধুদেশত তেওঁলোকক ‘ওৱাদেয়া” বুলি কোৱা হয়। আবসকলৰ দৰে সিন্ধিসকলো অতিথিপৰায়ণ আৰু সিন্ধুদেশত এতিয়াও আৰবী ভাষাৰ বিশেষ চর্চা হয়।”
দশম শতাব্দীত বহু আৰবী ঐতিহাসিকে এই অঞ্চল পৰিদৰ্শন কৰিবলৈ আহি লক্ষ্য কৰিছিল যে চহৰৰ লোকে কথা পাতে আৰবী আৰু সংস্কৃত— এই দুটা ভাষাত। এনেকৈ সাংস্কৃতিক লেন-দেনৰ ফল ভালেই হৈছিল। ভাৰতীয়সকলে আৰবীসকলৰ পৰা বিশুদ্ধ একেশ্বৰবাদ, শোষণ-শ্রেণীহীন সমাজব্যৱস্থা আৰু ভ্ৰাতৃত্ববোধৰ আদৰ্শ, লগতে ধৰ্মনিৰপেক্ষ শাসন ব্যৱস্থা, পার্থিৱ শিক্ষাপদ্ধতি, একেই শাসনব্যৱস্থা, আচাৰ-অনুষ্ঠান আৰু সাজ-পাৰৰ সম্পৰ্কে জ্ঞান লাভ কৰে। আৰবীসকলৰ প্ৰভাৱত ভাৰতীয় সমাজৰ পৰা কুসংস্কাৰ-অস্পৃতা বহুলাংশে দূৰ হয়। অকল সেয়াই নহয়, কুফাৰ (ইৰাকৰ এখন চহৰ) মুচিসকলৰ পৰা মাকচান আৰু সিন্ধুৰ মুচিসকলে খেজুৰৰ সাহায্যত কেঁচা চামৰা শুকুৱাৰ কৌশল আয়ত্ত কৰিছিল। ফলত দেশৰ চৰ্মশিল্পত আধুনিকতাৰ পৰশ পৰি লাভজনক ব্যৱসায়লৈ পৰিণত হয়। আৰবীসকলৰ পৰা উৎকৃষ্ট উট প্ৰজননৰ বিদ্যা শিকিছিল সিন্ধুবাসীয়ে। ফলত প্রতিবেশী দেশত সিন্ধুৰ পৰা আমদানি কৰা উটৰ চাহিদা ভালেখিনি বাঢ়িবলৈ ধৰে। বিপৰীতে আৰবসকল ভাৰতীয় দৰ্শন, জ্যোতির্বিদ্যা, গণিত, চিকিৎসাশাস্ত্র, সংগীত, শিল্পকলা ইত্যাদিৰ সংস্পৰ্শলৈ আহে আৰু স্পষ্ট অনুভৱ কৰিব পাৰে যে ভাৰতবৰ্ষৰ সভ্যতা আৰু সংস্কৃতি অতি উচ্চস্তৰৰ। আব্বাছীয় (বাগদাদৰ ৰাজধানীত) খলিফাসকলে ভাৰতীয় জ্ঞান-বিজ্ঞানৰ ভালেমান গ্ৰন্থ আৰবী ভাষালৈ অনুবাদ কৰে। কেইবাগৰাকী হিন্দু পণ্ডিতে ৭৭১ খ্ৰীষ্টাব্দত আর্যভট্টৰ সূৰ্য সিদ্ধান্ত নামৰ জ্যোতির্বিদ্যাৰ এখন গ্ৰন্থ লৈ খলিফা আল মনচুৰৰ (৭৫৩-৭৪) দৰবাৰত হাজিৰ হয়। খলিফাৰ পৃষ্ঠপোষকতাত গণিতবিদ আল ফাজাৰীৰ নেতৃত্বত হিন্দু পণ্ডিতৰ সহায়ত গ্ৰন্থখনৰ অনুবাদ কৰা হয় আৰু নাম দিয়া হয় সিদ্ধহিন্দ। গণিতশাস্ত্ৰতো আৰবীসকল ভাৰতীয়সকলৰ পৰা যথেষ্ট উপকৃত হয়। আৰবীয়সকলৰ বৰ্ণনা অনুসৰি তেওঁলোকৰ গাণিতিক সংখ্যাৰ লিখনবিদ্যা পদ্ধতি ভাৰতীয়সকলৰ পৰাই শিকিছিল। এই কাৰণেই তেওঁলোকৰ অংকশাস্ত্ৰ আৰু ইয়াৰ সংখ্যাসমূহক যথাক্ৰমে ‘হিন্দাসা’ আৰু ‘আবাকাছ-এ-হিন্দিয়া’ বুলি কোৱা হয়। ইউৰোপীয় জাতিসমূহে আৰবীসকলৰ পৰা অংকশআস্ত্ৰৰ শিক্ষা লাভ কৰে। এই কাৰণেই তেওঁলোকে ভাৰতীয় গাণিতিক সংখ্যাক ‘আৰাবিক নিউমেৰালছ্’ অথবা ‘আৰবি সংখ্যা’ বুলি কয়। তাৰ পূৰ্বতে আৰবীসকলে বৰ্ণৰ সহায়ত সংখ্যা লিপিবদ্ধ কৰিছিল। পৰৱৰ্তী পৰ্যায়ত গাণিতিক সংখ্যা লিখিবলৈ আৰম্ভ কৰে। পাশ্চাত্যবাসীয়ে পূৰ্বতে ৰোমান অংকৰ ক্ষেত্ৰত ৰোমান সংখ্যা ব্যৱহাৰ কৰিছিল— যি তুলনামূলকভাৱে বহু জটিল আছিল। অৱশ্যে ‘আবাকাছ-এ-হিন্দিয়া’ বা ভাৰতীয় গাণিতিক সংখ্যাৰ প্ৰচলন আৰব দেশত কেতিয়াৰ পৰা, কেনেকৈ হৈছিল, সেই তথ্য অজ্ঞাত হৈ ৰ’ল। অনুমান কৰা হয় যে পণ্ডিত সূর্য সিদ্ধান্ত গ্রন্থ বাগদাদ পাইছিলগৈ। তাৰ পৰাই আৰবীসকলে নতুন পদ্ধতিৰ অংকশাস্ত্ৰ শিকিছিল।
জ্যোতির্বিজ্ঞান আৰু অংকশাস্ত্ৰৰ উপৰিও ভাৰতীয় চিকিৎসাবিজ্ঞানৰ ওপৰতো আৰবীসকলৰ বিশেষ দৃষ্টি নিবন্ধ আছিল। ভাৰতীয় বেদগ্ৰন্থখন আৰব পণ্ডিতে পঢ়িছে। বাগদাদৰ দৰবাৰত হিন্দু চিকিৎসকসকলৰ বিশেষ কদৰ আছিল। খলিফাসকলে হিন্দু বিদ্বানসকলক বাগদাদলৈ আমন্ত্ৰণ কৰিছিল আৰু হাস্পতালসমূহত প্রধান চিকিৎসক হিচাপে নিয়োগ কৰিছিল আৰু তেওঁলোকক (হিন্দু বিদ্বান) জ্যোতির্বিদ্যা, দর্শন, চিকিৎসাশাস্ত্ৰৰ ওপৰত সংস্কৃত ভাষাত ৰচিত গ্ৰন্থ আৰবী ভাষাত অনুবাদ কৰিবলৈ কোৱা হৈছিল। এনেকৈ ভাৰতীয় ধৰ্ম, দর্শন, চিকিৎসাবিদ্যা, গণিত, জ্যোতির্বিদ্যা সম্পৰ্কীয় জ্ঞান আৰবীসকলে ভাৰতীয় হিন্দুসকলৰ পৰাই অৰ্জন কৰে। আৰবীসকলে তেওঁলোকৰ আৰ্জিত এই বিদ্যা আৰু উন্নত কৰি কেৱল নিজৰ দেশতেই নহয়, ইউৰোপতো বিলাই দিছিল। ইয়াত সন্দেহ নাই যে আবু মাছৰ নামৰ জনৈক পণ্ডিত বাৰানসীলৈ আহি হিন্দু পণ্ডিতসকলৰ সান্নিধ্যত দীর্ঘ দহ বছৰ জ্যোর্তিবিদ্যা শিক্ষালাভ কৰিছিল। ঐতিহাসিক সতীশ চন্দ্ৰই অনুমান কৰে—সিন্ধুদেশ জয়ৰ পিছত আৰবীসকলৰ লগত অৱশিষ্ট ভাৰতৰ কোনো নিকট সাংস্কৃতিক যোগাযোগ স্থাপিত হোৱা নাছিল। তেওঁৰ মতে এই যুগত ভাৰতৰ গণিতশাস্ত্র, জ্যোতির্বিদ্যা বিষয়ক কিতাপ-পত্ৰ আৰবীলৈ অনুদিত হৈছিল নে নাই সেয়াও জনা নাযায়। আর্যভট্টৰ সুৰ্য সিদ্ধান্তও এনে এখন গ্রন্থ।
আৰবীয় ঐতিহাসিক আল তাবাৰিৰ বৰ্ণনাৰ পৰা জনা যায় যে খলিফা হাৰুণ অল ৰছিদ (৭৮৬-৮০৮) এক কঠিন ৰোগত আক্ৰান্ত হোৱাত তেওঁৰ আমন্ত্ৰণত ‘মনাকা” নামৰ এগৰাকী ভাৰতীয় হিন্দু চিকিৎসক বাগদাদলৈ গৈ তেওঁক ৰোগমুক্ত কৰে। চিকিৎসাত খলিফাই সন্তুষ্ট হৈ তেওঁক বিপুল পৰিমাণৰ উপঢৌকন দিয়ে। অকল সেয়াই নহয়, সেই ভাৰতীয় চিকিৎসকক খলিফা হাৰুণ অল ৰছিদে অনুবাদ ভৱনত সংস্কৃত ভাষাত লিখিত গ্ৰন্থাৱলীৰ অনুবাদ কাৰ্যত নিয়োজিত কৰে। এনেকৈ অন্য এক সময়ত যেতিয়া খলিফা হাৰুণৰ খুৰা সম্বন্ধীয় ককায়েক ৰোগত আক্ৰান্ত হৈ পৰি থাকে আৰু ছাহী দৰবাৰৰ ইউনানী চিকিৎসকে তেওঁৰ মৃত্যু অতি আসন্ন বুলি ঘোষণা কৰে তেতিয়া অন্য এক ভাৰতীয় চিকিৎসকে তেওঁক চিকিৎসাৰ মাধ্যমেৰে আৰোগ্য কৰি তুলিছিল। আব্বাছীয় খলিফাসকলৰ বিখ্যাত বাৰ্মাকি উজিৰে স্থাপন কৰা হাস্পতালৰ উচ্চ কৰ্ম-কর্তাও আছিল এজন ভাৰতীয়। অন্য চিকিৎসকসকলৰ লগত মিলিত হৈ সংস্কৃতৰ পৰা আৰবী ভাষাত অনুবাদ গ্ৰন্থ নিৰ্মাণৰ বাবে তেওঁ পৰামৰ্শদাতা আছিল। চিকিৎসা শাস্ত্ৰৰ যিসমূহ গ্ৰন্থ সংস্কৃত ভাষাৰ পৰা আৰবীলৈ অনুদিত হৈছে তাৰ ভিতৰত সুশ্ৰুত আৰু চৰকৰ গ্ৰন্থাৱলী বিশেষভাৱে উল্লেখযোগ্য। এই দুখন গ্ৰন্থই আছিল বিশেষভাৱে প্রচলিত। গ্ৰন্থ দুখনত গছ-গছনিৰ গুণাৱলী বর্ণিত আছিল। এজন হিন্দু বিদুষী পণ্ডিতৰ এখন গ্ৰন্থও আৰবীলৈ অনুদিত হৈছিল। এই গ্ৰন্থত নাৰী ৰোগৰ চিকিৎসা পদ্ধতিৰ কথা লিপিবদ্ধ আছিল। বিষক্ৰিয়াৰ প্ৰভাৱ আৰু তাৰ লক্ষণসমূহৰ বিৱৰণ সম্বলিত গ্ৰন্থাৱলীও অনুদিত হৈছে। পশু চিকিৎসাৰ ক্ষেত্ৰত চাণক্যৰ গ্ৰন্থাৱলীও আৰবী ভাষালৈ ৰূপান্তৰ কৰা হয়। ভাৰতীয় সংগীতবিদ্যাইও আৰবীসকলক প্ৰভাৱিত কৰে। বিখ্যাত কবি জাহিদে হিন্দুসকলৰ সংগীতবিদ্যাৰ প্ৰশংসা কৰে, তদুপৰি তেওঁ আৰু জনায় যে ভাৰতীয় সংগীতশাস্ত্র বিষয়ক গ্রন্থও আৰবীসকলে অনুবাদ কৰে।
সংস্কৃত ভাষাত লিখিত আৰু বহুতো গ্ৰন্থ আৰবীলৈ অনুদিত হয়। বহুতে অনুমান কৰে যে আৰব্য উপন্যাসৰ কেইবাটাও গল্প প্রথমে ভাৰতত প্ৰচলিত আছিল আৰু পাছত আৰবদেশত জনপ্রিয়তা লাভ কৰে। যেনে কালীলা ওৱা দিমনা (ভাৰতীয় গ্ৰন্থকাৰ বিদপাই ইয়াৰ ৰচয়িতা) আৰু বুষাসিক আৰু বলুহৰ বিশ্বত খ্যাতিসম্পন্ন গ্ৰন্থাৱলী। কালীলা ওৱা দিমনা হৈছে পঞ্চতন্ত্ৰৰ অনুবাদ। সর্বপ্রথম এই গ্রন্থ চাচনীয় শাসকৰ আমোলত সংস্কৃতৰ পৰা ফাৰ্ছী ভাষালৈ অনুবাদ কৰা হয়। তাৰ পিছত হিজৰি দ্বিতীয় শতিকাত আব্দুলাহ ইবনে আল মুকাফ্ফৰে আৰবী অনুবাদ কৰে। ইয়াৰ ফাৰ্ছী অনুবাদটিৰ সন্ধান পোৱা নগ’লেও আৰবীত অনুদিত গ্ৰন্থৰ অস্তিত্ব আছে। এই গ্রন্থখন ইমানেই জনপ্ৰিয় হৈছিল যে পদ্য আৰু গদ্যত ইয়াৰ বহু সংস্কৰণ প্ৰকাশিত হৈছিল। এই আৰবী সংস্কৰণৰ পৰাই বিশ্বৰ অনেক ভাষাত ইয়াৰ অনুবাদ প্রকাশিত হৈছে। বযাছিক আৰু বহুহৰ গ্ৰন্থদ্বয়ে কালীলা ওৱা দিমনাতকৈ বেছি খ্যাতি লাভ কৰিব পাৰিছিল। অর্থাৎ ইয়াৰ গুৰুত্ব আৰু শ্ৰেষ্ঠত্ব কালীলা ওৱা দিমনাতকৈ অধিক আছিল। এই গ্ৰন্থত আছিল গৌতম বুদ্ধৰ জন্ম, প্ৰশিক্ষণ আৰু বিভিন্ন কাহিনী।
এই সময়ত দেৱল, সোমনাথ, ব্রোচ, কেম্বে, চিন্দন, চেউল, চাইমুৰ, থানে, ভাৰুচ, চান্দান, ছোপাৰা প্ৰভৃতি হিন্দুৰাজ্যসমূহত (১০ শতিকা) বহু মছজিদ নির্মিত হয় (১৩)। বেছিভাগ হিন্দু শাসকে তেওঁলোকৰ ৰাজ্যলৈ মুছলমানসকলক স্বাগতম জনায় আৰু তেওঁলোকৰ প্ৰতি উষ্ম আতিথ্য প্ৰদৰ্শন কৰে। মুছলমানসকলৰ প্রতি গুজৰাটৰ বলহাৰা ৰাজ্যৰ বলভী শাসকে যি সৌহার্দ্য প্রদর্শন কৰে, তাৰ বাবে চুলেইমান, মাচুদী, ইবনে হওকাল, আবু জায়েদ প্রমুখ্য ঐতিহাসিকে প্রশংসা কৰিছে (১৪)। মাচুদী আৰু তেওঁৰ সহকর্মীসকলে সকলোকে মুক্ত পৰিৱেশত তেওঁলোকৰ ধৰ্মপালন কৰা প্ৰত্যক্ষ কৰে। তেওঁ গুজৰাটৰ হিন্দু ৰজা সম্পৰ্কত কয়—“তেওঁৰ ৰাজ্যত ইছলামক শ্ৰদ্ধা আৰু ৰক্ষা কৰা হয়, ৰাজ্যৰ সকলোতে চমৎকাৰ উপাসনালয় আৰু মছজিদ নির্মিত হৈছে, তাত মুছলমানসকলে দৈনিক পাঁচবাৰ নামাজ পঢ়ে (১৫)। আল ইছতাখৰীয়ে কয়— মুছলমানসকলে হিন্দুৰাজ্য বলহাৰাৰ শাসন পৰিচালনা কৰে (১৬)। অকল সেয়াই নহয়— হিন্দু শাসকৰ আনুগত্য লাভ কৰি মুছলমানসকলে তেওঁলোকৰ ধৰ্ম প্ৰচাৰত উৎসাহিত হয়। কেম্বেৰ হিন্দুৱে মুছলমান বণিকক কৰা আক্ৰমণৰ ঘটনাৰ সিন্ধু ৰজাই (১০৯৪-১১৪৩) তদন্তৰ ব্যৱস্থা কৰে। আক্ৰমণকাৰীসকলক শাস্তি দিয়ে আৰু এটি নতুন মছজিদ নিৰ্মাণৰ বাবে মুছলমানসকলক অৰ্থ প্ৰদান কৰে। কোনো কোনো হিন্দু ৰজাই যেনে— সোমনাথৰ ৰজা, বেতনভোগী মুছলমান সৈন্য আৰু কিছু মুছলমান কৰ্ম-কর্তা নিয়োগ কৰে (১৭)।
হিন্দু শাসকসকলে হিন্দু ধৰ্মৰ প্ৰতি যিধৰণৰ তদাৰকিৰ ভূমিকা পালন কৰিছিল, অন্য ধৰ্মৰ প্ৰতিও অনুৰূপ ভূমিকা পালন কৰাৰ প্ৰৱণতা দেখুৱাইছিল। সহনশীলতাৰ এনে উদাহৰণ চালুক্য ৰজাসকলৰ মাজত দেখা পোৱা যায়। ব্রাহ্মণ্য ধৰ্মৰ পৃষ্ঠপোষক চালুক্য ৰজাসকল আছিল পৰম সহিষ্ণু। চালুক্য সাম্ৰাজ্যৰ অসংখ্য বৌদ্ধস্তূপ আৰু বৌদ্ধবিহাৰৰ অস্তিত্ব তেওঁলোকৰ সহনশীলতাৰ প্ৰমাণ।
চীনা পৰিব্ৰাজক হিউৱেন-চাঙে চালুক্য ৰাজ্য ভ্ৰমণকালত ১০০টি বৌদ্ধ বিহাৰ আৰু তাত প্ৰায় ৫০০০ বৌদ্ধ ভিক্ষুক বসবাস কৰা প্রত্যক্ষ কৰিছিল। তেতিয়া হ’লে চালুক্যসকলৰ সময়তেই বৌদ্ধধৰ্মই পতনমুখী অৱস্থাত উপস্থিত হৈছিল। এই সময়ত মহাৰাষ্ট্ৰত বৌদ্ধধৰ্মৰ প্ৰভাৱ ক্ৰমশ হ্রাস পাইছিল। পিছে এই সময়ত দক্ষিণ মহাৰাষ্ট্ৰত জৈনধর্মৰ বিস্তাৰ হৈছিল। দ্বিতীয় পুলকেশীৰ জীৱনীকাৰ আইহোল লেখ ৰচয়িতা কবি ৰবিকীৰ্তি আছিল জৈন। চালুক্য দ্বিতীয় বিক্রমাদিত্যই জৈন মন্দিৰ নিৰ্মাণ কৰিছিল আৰু জৈন সাধু জয় পণ্ডিতক ভূমিদান কৰিছিল। চালুক্য ৰজাসকল ইমানেই ধর্মসহিষ্ণু আছিল যে ৭৩৫ খ্ৰীষ্টাব্দত অগ্নি উপাসক ফাৰ্ছী সম্প্রদায়ে চালুক্য ৰাজ্যৰ প্ৰশাসনিক জিলাত বসবাস কৰাৰ আৰু মন্দিৰ নিৰ্মাণৰ অনুমতি লাভ কৰিছিল।
ভাৰতীয় হিন্দু ৰজা-মহাৰজা আৰু সাধাৰণ হিন্দুসকলৰ ইছলাম তথা মুছলমানসকলৰ প্ৰতি আস্থা আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ অৱস্থা এনে পৰ্যায়ত আছিল যে তেওঁলোকে প্রাচীন প্ৰথা আৰু ধৰ্মীয় ৰীতি অনুসৰি দেশৰ বিভিন্ন স্থানত মুছলমান বিজয়ী আৰু তেওঁলোকৰ মহান ব্যক্তিসকলৰ প্ৰতিকৃতি আৰু পাথৰৰ প্ৰতিমূৰ্তি স্থাপন কৰি তেওঁলোকৰ স্মৃতি স্থায়ী কৰিছিল। সিন্ধুত মহম্মদ বিন কাছিমৰ প্ৰতিমূৰ্তি স্থাপন কৰা হয়; ভাৰুচত ৰজা দাহিৰ আৰু তেওঁৰ হত্যাকাৰী (যি বনু কিবাৰৰ ব্যক্তি আছিল) দুয়োৰে মূৰ্তি স্থাপন কৰা হয়। আৰু এজন মুছলমান বিজয়ী হজৰত বুদায়েলৰ প্ৰতিমূৰ্তি ‘কন্দ’ নামৰ ঠাইত নিৰ্মাণ কৰা হয়। অনুৰূপ দশম শতিকাত এগৰাকী বিখ্যাত আৰু দক্ষ জাহাজ চালক মহম্মদ বিন বাইছাদৰ মূৰ্তি এজন ভাৰতীয়ই এই বাবেই নিৰ্মাণ কৰিছিল যে সেই সময়ত নৌবিদ্যাত তেওঁ এগৰাকী মহান ব্যক্তি আছিল। প্রকৃত বিষয় হ’ল যে আধ্যাত্মবাদ আৰু শক্তিৰ পূজাৰী জাতি তথা তেওঁলোকৰ নেতৃবৃন্দ শাসকবর্গই ইছলাম আৰু মুছলমানসকলক অতি শ্রদ্ধাভাৱেৰে অভিবাদন আৰু অভ্যর্থনা জনাইছিল।
বিখ্যাত ঐতিহাসিক পর্যটক ইবন বতুতা যেতিয়া ভাৰতলৈ আহিছিল— তেতিয়া তেওঁ ভাৰতৰ পশ্চিম উপকুলৰ মালাবাৰ অঞ্চল ভ্ৰমণ কৰে। তেওঁ লক্ষ্য কৰে যে সমসাময়িক হোনাভাৰ অঞ্চলৰ শাসনকর্তা আছিল এগৰাকী মুছলমান, জামালউদ্দিন মহম্মদ। কিন্তু তেওঁ এক হিন্দু ৰজাৰ (হয়ছালা ৰাজ্যৰ ৰজা) কেন্দ্ৰীয় শাসন আৰু অধীনতাক সানন্দে মানি চলিছিল। ইবন বতুতাই আৰু লক্ষ্য কৰে যে এই অঞ্চলত অতি কমেও বাৰখন হিন্দু ৰাজ্য আছিল আৰু তাত প্ৰচুৰ পৰিমাণে মুছলমান লোকে বসবাস কৰিছিল। যদিও তেওঁলোকে পৃথকে পৃথকে বসবাস কৰিছিল তথাপি তাৰ মাজত এক বন্ধুত্বপূর্ণ ভাব বজাই ৰাখিছিল। মুছলমানসকলে এইবোৰ অঞ্চলত হিন্দুসকলৰ পৰা সকলো সময়তে বন্ধুত্বপূৰ্ণ আৰু উদাৰ ব্যৱহাৰ লাভ কৰিছিল। তেওঁলোকৰ ধর্মীয় স্বাধীনতাও আছিল যথেষ্ট।
এইসমূহ বিৱৰণৰ পৰা এটা কথা খুব ভালকৈয়ে অনুমান কৰা যায় যে প্ৰথম অৱস্থাৰ ভাৰতীয় হিন্দু আৰু মুছলমানসকলৰ সম্পৰ্ক কিমান সুন্দৰ ভ্ৰাতৃত্ব আৰু সম্প্ৰীতিৰ ওপৰত প্ৰতিষ্ঠিত আছিল। এজনে আনৰ বাবে কিমান সহমর্মিতা প্ৰদৰ্শন কৰিছিল। য’ত মুছলমানৰ শাসন আছিল তাত অমুছলমান প্ৰজাৰ সৰ্বপ্ৰকাৰৰ ধৰ্মীয় স্বাধীনতা আছিল। অমুছলমানসকলে প্ৰশাসনত উচ্চপদ লাভ কৰিছিল। একেদৰে য’ত অমুছলমানৰ শাসন আছিল, তাতো মুছলমানসকলে সকলো প্ৰকাৰৰ স্বাধীনতা আৰু সাম্যৰ পৰিৱেশ লাভ কৰে। হিন্দু আৰু মুছলমানৰ মাজত সম্প্ৰীতিৰ অসংখ্য দৃষ্টান্ত ইতিহাসৰ পৃষ্ঠাত সংৰক্ষিত হৈ আছে।
(8)
মধ্যযুগত ভাৰত ধৰ্মৰ ভিত্তিত বিভক্ত আছিল। ধর্ম যিহেতু ইছলাম আছিল আৰু তেওঁলোকৰ অত্যাচাৰ শাসিত শ্ৰেণীৰ ওপৰত আছিল আৰু শাসিত আছিল অধিকাংশ হিন্দু, সেইবাবে সেই অত্যাচাৰ মুছলমানে হিন্দুসকলৰ ওপৰত কৰা অত্যাচাৰ ৰূপে চিহ্নিত হৈছে। মধ্যযুগৰ শাসকসকল আছিল স্বৈৰাচাৰী— স্বৈৰাচাৰী শাসনৰ মূলকথা হ’ল একনাকয়ত্ববাদ। ফলত শাসকে প্রজাকল্যাণৰ কথা পাহৰি অত্যাচাৰ কৰিছিল। তদুপৰি তৎকালীন সীমাৱদ্ধতা স্মৰণ কৰি মধ্যযুগক বিচাৰ কৰিব লাগিব আৰু মানি ল’ব লাগিব যে সেই সময়ত ৰাষ্ট্ৰ আৰু সমাজৰ দুৰ্বলতা আছিল। বিজ্ঞান আৰু প্ৰযুক্তিৰ বিশেষ উন্নতি হোৱা নাছিল। মধ্যযুগত শাসকসকলে নিজৰ মাজতে যুঁজ-বাগৰ কৰিছিল। চুলতানী আমোলত বহু চুলতান নিহত হৈছিল পাৰিবাৰিক কন্দল আৰু মুছলমান শাসকৰ হাতত এই কাৰণে মধ্যযুগক মুছলমানসকলৰ লগত নিৰৱচ্ছিন্ন সংঘৰ্ষৰ সময়কাল বুলি কোৱা মানে — ‘সচেতন মিথ্যাচাৰ’। সম্প্ৰতি মধ্যযুগৰ হিন্দু-মুছলমানৰ সম্পৰ্কক কেন্দ্ৰ কৰি ভাৰতৰ ৰাজনীতিত ধৰ্মৰ অনুপ্ৰৱেশ ঘটাই কি ভয়াবহ অৱস্থা সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে হিন্দু ফেচিষ্টসকলে তাৰ উৎকৃষ্ট উদাহৰণ ১৯৯২ চনৰ ৬ ডিচেম্বৰত বাবৰি মছজিদ ধ্বংস কৰা। মধ্যযুগত ইতিহাস চৰ্চাৰ ভয়াবহ বিপদৰ সূচনা কৰি গৈছে এক শ্ৰেণীৰ ঐতিহাসিকে—যিসকলে মধ্যযুগক বন্ধ্যা যুগ, বিদেশী শাসকৰ অত্যাচাৰৰ অন্ধকাৰ যুগ আৰু মুছলমানসকলৰ ধৰ্মীয় অসহিষ্ণুতা আৰু নিৰ্দয়তাৰ যুগ বুলি চিহ্নিত কৰিছে। ইয়াৰ ফলত সমগ্ৰ মুছলমান, আনকি গাঁও আৰু চহৰৰ দৰিদ্ৰ মুছলমানসকল (যি সকলকো মধ্যযুগৰ শাসকৰ শোষণত জৰ্জৰিত আছিল) শাসকশ্রেণী অত্যাচাৰী ৰূপে চিহ্নিত তথা সমস্ত হিন্দু, আনকি ৰজা, জমিদাৰ, অভিজাত, প্রশাসকসকল (যিসকল হিন্দু আৰু মুছলমানসকলৰ ওপৰত অত্যাচাৰ কৰিছিল) শাসিত আৰু অত্যাচাৰীত ৰূপে চিহ্নিত হৈছে।
অর্ধসত্য তথা আৰু বিশ্লেষণৰ জৰিয়তে উদ্দেশ্যপ্রণোদিতভাৱে ৰমেশচন্দ্ৰ মজুমদাৰে লিখিছিল যে ভাৰতত ইংৰাজ শাসনৰ তুলনাত মুছলমান শাসন দীৰ্ঘদিন ধৰি চলিলেও হিন্দুসকল পশ্চিমৰ সংস্কৃতিৰ দ্বাৰা মুছলমান সংস্কৃতিৰ তুলনাত বহু বেছি প্ৰভাৱিত হৈছে। অধ্যাপক হীৰেন মুখাৰ্জীয়ে অৱশ্যে তেওঁৰ বক্তব্য খণ্ডন কৰি দেখুৱাইছে কেনেকৈ সুদৃঢ়, সুন্দৰ আৰু দীৰ্ঘস্থায়ীভাৱে ইছলামে হিন্দুসকলক প্ৰভাৱিত কৰিছে। ইফান হাবিব, অধ্যাপক নুৰুল হাছান, সতীশচন্দ্ৰ, ৰমিলা থাপাৰ, বিপান চন্দ্ৰ, আতাহাৰ আলি প্ৰমুখ্যে তেওঁলোকৰ যুক্তিনির্ভৰ আৰু তথ্যৰ যথাযথ ব্যৱহাৰৰ মাধ্যমত প্রতিক্রিয়াশীল ইতিহাসৰ অৰ্ধসত্য বক্তব্যক খণ্ডন কৰিছে। তদুপৰি সমগ্ৰ ভাৰত আৰু পৃথিৱীত বেছিভাগ শিক্ষিত মানুহৰ ওচৰত তেওঁলোকে তেওঁলোকৰ মধ্যযুগৰ ইতিহাসৰ অবদানৰ বাবে পৰম শ্ৰদ্ধা আৰু সন্মানীয় আসনত প্রতিষ্ঠিত। ৰমেশচন্দ্ৰ মজুমদাৰৰ দৰে ঐতিহাসিকক অৱলম্বন কৰি হিন্দু ফেচিষ্টসকলে আজিও মধ্যযুগৰ ইতিহাসক বিকৃত কৰিছে।
ৰমেশচন্দ্ৰ মজুমদাৰে আৰু লিখিছে— মধ্যযুগত মুছলমান শাসিত ৰাষ্ট্ৰত হিন্দুৱে প্ৰশাসনৰ উচ্চপদ পোৱা নাছিল (১৮)। ৰমেশচন্দ্ৰ সৈতে তাল মিলাইছে এ এল শ্রীবাস্তৱেও। তেওঁ ঘোষণা কৰিছে— তুর্কি বিজয়ত বহু উচ্চ আৰু মধ্যবিত্ত হিন্দুক সামৰিক অসামৰিক উচ্চপদৰ পৰা বিচ্যুত কৰি ভাৰতৰ বহু পৰিয়ালত আৰ্থিক দুৰ্দশাৰ পৰিৱেশ তৈয়াৰ কৰা হয় (১৯)। কিন্তু যুক্তিৰে বিচাৰ কৰিলে বুজা যায় যে বিখ্যাত এই দুই ঐতিহাসিকৰ বক্তব্য সঠিক নহয়। তুর্কিয়ে তেওঁলোকৰ সামৰিক সংগঠন আৰু কৌশলৰ দ্বাৰা দ্বাদশৰ পৰা ত্ৰয়োদশ শতিকালৈ ভাৰতৰ বিভিন্ন অংশ জয় কৰে। তেওঁলোকে উপলব্ধি কৰিছিল যে যুদ্ধক্ষেত্ৰত শত্ৰুক অপেক্ষাকৃতভাৱে পৰাজিত কৰা সহজ, কিন্তু যদি তেওঁলোকৰ কেন্দ্ৰৰ পৰা গ্ৰাম্যাঞ্চললৈকে প্রচলিত প্রশাসন ব্যৱস্থাক সলনি কৰিবলৈ যোৱা হয় তেন্তে তাত ব্যাপক অসন্তোষ আৰু বাধাৰ সন্মুখীন হ’ব লগীয়া হ’ব – যাৰ মোকাবিলা কৰাটো কষ্টকৰ। সেয়ে তেওঁলোকে ডাঙৰ শাসকক পৰাজিত কৰি তলৰ হিন্দু প্রশাসকসকল, যথা— ৰজা, ৰাণী, জমিদাৰ, চৌধুৰীৰ লগত বুজাবুজি কৰি লয়। তেওঁলোকৰ এই বুজাবুজিৰ চৰ্ত আছিল চুলতানক নিৰ্দিষ্ট পৰিমাণৰ টেক্স নিয়মিতভাৱে দিলেই সমস্ত হিন্দু শাসকশ্রেণীয়ে তেওঁলোকৰ ভূমি, অৱস্থা, সুযোগ-সুবিধাৰ পৰা বঞ্চিত নহয়। তদুপৰি তুর্কি আমোলত মুছলমান প্ৰশাসনৰ নিম্ন পদসমূহ হিন্দুৰ হাতত আছিল। হিন্দুসকলে ভাৰতত তুর্কিৰ সাম্রাজ্য প্রতিষ্ঠাত সহায় কৰে (২০)।
দিল্লীৰ চুলতান সাম্ৰাজ্যৰ প্রতিষ্ঠাতা কুতুবুদ্দিন আইবাক (১২০৬-১২১০) যেতিয়া হিন্দুস্তানৰ পৰা যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে, তেতিয়া অসামৰিক প্ৰশাসনত অভিজ্ঞ হিন্দু কৰ্মচাৰীসকলক বাহাল ৰখাৰ বাদে তেওঁৰ অন্য কোনো উপায় নাছিল। কাৰণ ৰাজহ সংগ্রহসহ প্রশাসনৰ সকলোতেই বিশৃংখল পৰিৱেশৰ সৃষ্টি হয়। মুছলমানসকলে ভাৰতীয় সীমান্তৰ বাহিৰৰ পৰা কাৰিকৰ, হিচাপৰক্ষক বা কেৰাণী লৈ অনা নাছিল। হিন্দুৱেই তেওঁলোকৰ অট্টালিকাসমূহ নিৰ্মাণ কৰে— প্রাচীন নিয়মসমূহকে তেওঁলোকে নতুন পৰিস্থিতিৰ লগত বুজাবুজি কৰি লয়। হিন্দু স্বর্ণকাৰসকলে তেওঁলোকৰ মুদ্ৰা তৈয়াৰ কৰে, হিন্দু কৰ্মচাৰীয়ে তেওঁলোকৰ হিচাপ ৰক্ষা কৰে। হিন্দু আইন পৰিচালনাৰ কাৰ্যত ব্ৰাহ্মণ আইনবিদসকলে ৰজাক উপদেশ দিয়ে আৰু ব্ৰাহ্মণ জ্যোতির্বিজ্ঞানীসকলে তেওঁলোকৰ সাধাৰণ কাম-কাজ পৰিচালনাত সহায় কৰে। আনহাতে— ভাৰতলৈ আহি মুছলমানসকলে ভাৰতকেই তেওঁলোকৰ বাসস্থান হিচাপে গ্ৰহণ কৰে। তেওঁলোকে হিন্দু পৰিৱেষ্টিত এলেকাত বসবাস আৰম্ভ কৰে আৰু সেইবাবেই হিন্দুসকলৰ লগত স্থায়ী শত্ৰুতা অসম্ভৱ আছিল। পাৰস্পৰিক আদান-প্ৰদানত পাৰস্পৰিক বুজা-পৰাৰ সৃষ্টি হয়।
তাজ-উল-মাছিৰ গ্ৰন্থৰ ৰচয়িতা হাছান নিজামি চুলতানে কুতুবুদ্দিন সম্পৰ্কত কয়— “চুলতানে নিৰপেক্ষভাৱে প্ৰজাক শাসন কৰিছিল, ৰাজ্যৰ শান্তি-সমৃদ্ধিৰ বাবে তেওঁ নিজৰ সমস্ত ক্ষমতা নিয়োগ কৰিছিল।” তেওঁ আৰু কয়— তেওঁৰ শান্তিময় ৰাজত্বকালত ৰাজভঁৰালত কোনো প্ৰহৰী নাছিল। ভেৰা পালনত কোনো পৰিচালকৰ প্ৰয়োজন হোৱা নাছিল, একে পুষ্কৰিণীত ভেৰা আৰু বন্যকুকুৰে ওচৰা-ওচৰিকৈ পানী খাইছিল। চোৰ আৰু চৌর্যবৃত্তি সম্বন্ধে কোনো প্রশ্ন উঠিব পৰা নাছিল। কুতুবউদ্দিনৰ বদান্যতাত আছিল দ্বিতীয় হাতেম। তেওঁৰ বদান্যতা সম্বন্ধে প্রত্যেক ঐতিহাসিকে উচ্চকণ্ঠে প্ৰশংসা কৰে আৰু তেওঁক ‘লাখ বখশ’ উপাধি প্রদান কৰে। কাৰণ লাখ লাখ টকা তেওঁ দান কৰিছিল। তেওঁ ইছলাম ধৰ্মৰ এজন একনিষ্ঠ ভক্ত আছিল আৰু ধৰ্ম প্ৰচাৰত তেওঁৰ প্ৰবল উৎসাহ পোষণ কৰিছিল। কিন্তু হিন্দুসকলৰ প্ৰতি কোনো উৎপীড়নৰ দৃষ্টান্ত তেওঁ প্ৰতিষ্ঠা কৰা নাছিল।
পঞ্চদশ শতিকাত প্ৰথম ভাগত কাশ্মীৰৰ শাসনকর্তা শ্বাহী খান— যি পৰৱৰ্তী সময়ত জয়নুল আবেদিন (১৪২০-১৪৭০) নামেৰে পৰিচিত হৈছিল। তেওঁৰ অসাম্প্রদায়িক মনোভাৱ আৰু হিন্দুপ্ৰীতিৰ বাবে ইতিহাসত মোগল সম্রাট আকবৰৰ লগত তুলনীয়— “He is the greatest Sultana of Kashmir and some have even compared him to Akbar.” তেওঁৰ উদাৰ মানসিকতা ইমানেই প্রবল আছিল যে তেওঁ নিজে ফাৰ্ছী ভাষাৰ জ্ঞান আহৰণ কৰাৰ লগে লগে সংস্কৃত ভাষাত ব্যুৎপত্তি লাভ কৰিছিল। তেওঁ সকলো ধৰণৰ সংকীৰ্ণ মনোভাব পৰিত্যাগ কৰি ৰাজতৰংগিণী আৰু মহাভাৰত ফাৰ্ছী ভাষাত অনুবাদ কৰিছিল। তেওঁ হিন্দু উৎসৱত নিজেই যোগদান কৰে আৰু গো-হত্যাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰে (২১)। জয়নুল আবেদিনে প্ৰায়েই অমৰনাথ আৰু সাদাদেৱীৰ মন্দিৰ দৰ্শন কৰিবলৈ যায় আৰু তাৰ শেষ স্থানত তেওঁ এটি যাত্রীনিবাস নির্মাণ কৰে। সেই যাত্রীনিবাস বর্তমানেও আছে। তদুপৰি পূৰ্বৱৰ্তী মুছলমান শাসকসকলে হিন্দুসকলৰ প্ৰতি যি অন্যায় আচৰণ আৰু বৈষম্যমূলক ব্যৱহাৰ কৰিছিল জয়নুল আবেদিনে তাক নিৰ্মূল কৰিবলৈ বদ্ধপৰিকৰ হয়। সিংহাসনত বহিয়েই তেওঁ অনুভৱ কৰে— প্রত্যেকেই তেওঁৰ প্ৰজা। তাত হিন্দু- মুছলমানৰ ভেদা-ভেদ আনিলে নচলিব। প্রথমতেই তেওঁ হিন্দু ব্রাহ্মণসকলক পুনৰ আমন্ত্ৰণ জনালে তেওঁৰ ৰাজ্যলৈ (এইসকল ব্ৰাহ্মণ পূৰ্বৱৰ্তী শাসকৰ অত্যাচাৰত দেশ এৰি গুচি গৈছিল) আৰু পুনৰ তেওঁলোকক মন্দিৰ নিৰ্মাণৰ অনুমতি আৰু নিজ নিজ ধৰ্ম পালনত স্বাধীনতা প্ৰদান কৰে।
বাংলাৰ ইলিয়াছ শ্বাহী আৰু হুছেন শাহী বংশৰ প্ৰধান কৃতিত্বই হ’ল সম্প্রদায়িক সম্প্ৰীতি আৰু ধৰ্মনিৰপেক্ষতা (২২)। ইলিয়াছ শ্বাহী বংশৰ শাসকসকলে স্থানীয় ধৰ্মনিৰপেক্ষতাৰ পৰিচয় অব্যাহত ৰাখে। এই বিষয়ে হৰপ্ৰসাদ শাস্ত্রীয়ে কয় — “ইলিয়াছ শাহীয়ে দেশবাসীৰ প্ৰতি খুব ভাল ব্যৱহাৰ কৰে। আনকি হিন্দু আৰু বৌদ্ধৰ বিত্তৱানসকলৰ সাহায্য নল’লে নচলিছিল। তেওঁলোকৰ ৰাজত্বত বহু ঠাইত ডাঙৰ ডাঙৰ হিন্দু আৰু বৌদ্ধ জমিদাৰ আছিল (২৩)। ইয়াৰ ফলত হিন্দু-বৌদ্ধসকলৰ লগত মুছলমানৰ আপোনত্ব বৃদ্ধি পায়। ঐতিহাসিক জিয়াউদ্দিন বানিয়ে কৈছে যে ইলিয়াছ শ্বাহৰ সেনাপতি আছিল হিন্দু সহদেৱ। হিন্দু ৰজাসকলেও তেওঁক বিশেষভাৱে সাহায্য কৰিছিল। তেওঁৰ সামৰিক শক্তিৰ প্ৰধান উৎস আছিল পদাতিক সৈন্য। এই পদাতিক সৈন্যৰ সৰহভাগেই আছিল হিন্দু। কোৱা হয় যে হিন্দুসকলৰ সাহায্যত তেওঁ স্বাধীনতা ৰক্ষা কৰিছিল। অধ্যাপক সুখময় মুখপাধ্যায়ে বাংলাৰ ইতিহাসেৰ দুশো বছৰ গ্ৰন্থত কৈছে— “বাংলাৰ স্বাধীন চুলতানসকলে হিন্দুৰ সহায় লোৱাৰ প্ৰথম ঐতিহাসিক নিদর্শন ইয়াতেই পোৱা যায়।”
ইলিয়াছ শ্বাহীৰ আমোলৰ আন এক উল্লেখযোগ্য শাসক হ’ল ৰুদ্দীন বৰবক শ্বাহ। তেওঁ অত্যন্ত বুদ্ধিমান আৰু ন্যায়পৰায়ণ আছিল। শ্রীকৃষ্ণবিজয় গ্ৰন্থৰ ৰচয়িতা আৰু ভাগৱতৰ অনুবাদক বর্ধমানৰ কুলীন গ্ৰামনিবাসী মালাধৰ বসুৱে তেওঁৰ পৰাই ‘গুণৰাজ খাঁ’ উপাধি লাভ কৰিছিল। কবিয়ে তেওঁৰ নাম-প্ৰসংগত লিখিছিল— ‘গৌড়েশ্বৰ দিল নাম গুণৰাজ খান’। যদিও অন্য কোনোৰ মতে এই গৌড়েশ্বৰ হ’ল ইউচুফ শ্বাহ। বিশিষ্ট গৱেষক অধ্যাপক সুখময় মুখোপাধ্যায়ৰ প্ৰামাণিক সিদ্ধান্ত এয়ে যে গৌড়েশ্বৰ হ’ল বৰবক শ্বাহ। অধ্যাপক মুখোপাধ্যায়ে বাংলাৰ ইতিহাসৰ দুশ বছৰ গ্ৰন্থত মন্তব্য কৰে— “প্রকৃতপক্ষে তেওঁৰ দৰে অসাম্প্রদায়িক মনোভাবাপন্ন নৰপতি বাংলা ইতিহাসততো বাদেই ভাৰতবৰ্ষৰ ইতিহাসতো দুর্লভ। তেওঁ যেতিয়া প্ৰচলিত ৰীতি অনুযায়ী ফাৰ্ছী ভাষাত নিজৰ মুদ্ৰা প্ৰকাশ কৰিছিল, তেতিয়া ‘হিন্দুসকলৰ ভাষা’ সংস্কৃততো মুদ্ৰা প্ৰচলন কৰিছিল।” ইতিহাসেই সাক্ষ্য প্ৰদান কৰে যে তেওঁ হিন্দু-মুছলমানৰ প্ৰতি কোনো পক্ষপাত দেখুওৱা নাছিল। ৰামায়ণ ৰচয়িতা কৃত্তিবাসে যে গৌড়েশ্বৰ ৰাজসভাৰ পৰা সন্মান লাভ কৰিছিল তাক লৈ পণ্ডিত মহলত নানা মতভেদ আছে। কাৰোবাৰ মতে এই গৌড়েশ্বৰ হ’ল গণেশ, আকৌ অন্য পক্ষই এই মতৰ বিৰোধিতা কৰি বৰবক শ্বাহৰ নামোল্লেখ কৰে। অধ্যাপক সুখময় মুখোপাধ্যায়ে নানা যুক্তিৰ মাধ্যমেৰে বৰবক শ্বাহৰ নামকেই সমৰ্থন কৰে। এই প্রসংগত বিতৰ্কলৈ নগৈ ক’ব পাৰি — উদাৰ আৰু অসাম্প্রদায়িকতাৰ উল্লেখযোগ্য নজিৰ হিচাপে বৰবক শ্বাহৰ নাম স্মৰণীয়। বৰবক শ্বাহৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ চামছুদ্দিন ইউচুফ শ্বাহৰ নাম পোৱা যায়। ১৮৭৪-৮১ চন লৈকে মুঠ সাত বছৰ তেওঁ ৰাজত্ব কৰে। ইউচুফ শ্বাহ সম্বন্ধে বুকাননে লিখিছে— “A very Leamed Prince”। ৰছুল-বিজয় নামৰ কাব্যগ্ৰন্থৰ ভূমিকাত জৈনুদ্দিনে ইউচুফ খানৰ নামোল্লেখ কৰিছে। ফিৰিস্তাৰ বিৱৰণৰ পৰা জনা যায়— তেওঁ অত্যন্ত কঠোৰভাৱে আইন-শৃংখলা ৰক্ষা কৰিছিল।
ইলিয়াছ শাহী বংশৰ পিছত হুছেন শাহী বংশ বাংলাৰ শাসন ক্ষমতাত অধিষ্ঠিত হয়। চুলতান আলাউদ্দিন হুছেন শ্বাহৰ ছাব্বিছ বছৰীয়া ৰাজত্বকালত (১৪৯৪-১৫১৯) দেশত নিৰাপত্তা সুৰক্ষিত আছিল। নিঃসন্দেহে এয়া তেওঁৰ ব্যক্তিগত কর্মনৈপুণ্যতা আৰু তেওঁৰ চৰকাৰৰ দক্ষতাৰ ফলত সম্ভৱ হৈছিল। আনকি তেওঁৰ ৰাজত্বকালৰ প্ৰথম চোৱাত তেওঁ গভীৰভাৱে প্ৰজাৰ মনত ৰেখাপাত আৰু বহুলাংশে তেওঁলোকৰ কল্পনাকো জয় কৰিছিল। তেওঁৰ সমসাময়িক বিজয় গুপ্তই মনসামংগল (১৪৯৪-৯৫) নামৰ এখন কাব্য ৰচনা কৰিছিল। ইয়াত তেওঁ চুলতানৰ কৃতিত্বৰ উচ্চ প্ৰশংসা কৰিছিল। বিজয় গুপ্তই কৈছে— “চুলতান হুছেন শ্বাহ হৈছে ৰজাসকলৰ তিলক চিহ্ন। যুদ্ধত তেওঁক অৰ্জুনৰ লগত তুলনা কৰা হয় আৰু এই কাৰণে তেওঁ প্রভাতী-সূৰ্য সদৃশ। তেওঁৰ প্ৰদত্ত নিৰাপত্তাৰ ফলত তেওঁৰ প্ৰজাই নিয়মিতভাৱে সুখ ভোগ কৰিছিল।” কবি মৃত্যুঞ্জয় শৰ্মা ৰচিত এটি গানত হুছেন শ্বাহৰ ৰাজত্ব সম্পৰ্কত কোৱা হয়— “এমন রাজা আর হবে না প্রজার বহু ভাগ্য বল;/ ধনে-ধ্যানে জ্ঞানে-মানে ভাগ্যলক্ষ্মী সদা অটল।/ জাত ধরমের নাই ঠিকানা, হিন্দ-মোসলেম জানা যায় না;/ কোরান-পুরাণ সবই জানা, অলেপ ফুটে দেবজ্যোতি।” হুছেন শ্বাহৰ সামৰিক, প্রশাসনিক আৰু সাংস্কৃতিক সাফল্য বিবেচনা কৰিলে চুলতানৰ প্ৰতি কবিৰ এই প্ৰশংসনীয় বাণী যথাযথ যেন লাগে।
হুছেন শ্বাহৰ ধৰ্মীয় নীতি সংকীর্ণতা আৰু গোড়ামিমুক্ত আছিল। হিন্দুৰ প্ৰতি তেওঁ উদাৰ আৰু সহিষ্ণু আছিল। তেওঁ চৰকাৰত হিন্দুসকলে অত্যন্ত গুৰুত্বপূৰ্ণ পদ লাভ কৰিছিল। ৰাজ্যৰ প্ৰধান উপদেষ্টা আছিল পুৰন্দৰ খান। গৌড় অভিযানত সেনাপতি নিযুক্তি দিয়া হৈছিল তেওঁক। সুবুদ্ধি ৰায় আছিল গৌড়ৰ ভাৰপ্ৰাপ্ত প্ৰশাসক। গোপাল চক্ৰৱৰ্তী আছিল হুছেন শ্বাহৰ কৰ সংগ্ৰহকাৰী। ৰূপ গোস্বামী আৰু সনাতন গোস্বামী দুই ভাই তেওঁৰ অত্যন্ত প্ৰিয় কৰ্মচাৰী আছিল। ৰূপ আছিল সমন্বয়ক (মন্ত্ৰী বিশেষ) আৰু সনাতন আছিল চুলতানৰ দৰি-ই-খাছ (ব্যক্তিগত সহায়ক)। এওঁৰেই ডাঙৰ ককায়েক ৰঘুনন্দনো হুছেন শ্বাহৰ কৰ্মচাৰী আছিল। ৰামচন্দ্ৰ খানে দক্ষিণ-পূব বাংলাৰ এটি জমিদাৰী ভোগ কৰিছিল। হিৰণ্য দাস আৰু গোবর্ধন দাস মজুমদাৰৰ পৰিয়ালৰ অৱস্থাও একেই। নৱদ্বীপৰ দুৰ্গৰ নেতা আছিল জগাই আৰু মধাই। আকৌ তেওঁৰ মন্ত্রী গোপীনাথ বসু, ব্যক্তিগত চিকিৎসক মুকুন্দ দাস, দেহৰক্ষীসকলৰ প্ৰধান আছিল কেশৱ খান ছত্ৰী আৰু মুদ্ৰা তৈয়াৰ কৰাৰ কাৰখানাৰ অধ্যক্ষ অনুপ আছিল হিন্দু। ৰাজমালা অনুসৰি গৌড় মল্লিকক ত্ৰিপুৰা অভিযানৰ নেতা নিযুক্ত কৰা হয়। দামোদৰে হুছেন শ্বাহৰ চৰকাৰত গুৰুত্বপূৰ্ণ কৰ্ম কৰে। হুছেন শ্বাহৰ ঘোঁড়া সংগ্ৰহ কৰিছিল শ্রীকান্তই— এওঁ আছিল ৰূপ সনাতনৰ ভনীজোঁৱাই।
বাস্তৱিকতে হুছেন শ্বাহ, নছৰত শ্বাহ সকলোৱেই সাহিত্যানুৰাগী আছিল। সাবিৰিদ খান নামৰ আৰু এক মুছলমান কবিয়ে বিদ্যাসুন্দৰ লিখিছিল। সাহিত্যৰ ইতিহাসৰ বিস্তাৰিত আলোচনা আমাৰ আলোচ্য বিষয় নহয়, কেৱল এই কথা কোৱা দৰকাৰ যে বাংলা সাহিত্যৰ বিকাশত মধ্যযুগত হুছেন শ্বাহৰ ৰাজত্বৰ গুৰুত্ব কম নহয় আৰু সাহিত্যিক উপাদানত দুই সম্প্ৰদায়ৰ সম্প্ৰীতিৰ কথাও যথেষ্ট আছে। গাঁও আৰু নগৰতো সমানে। হিন্দু সামাজিক অনুষ্ঠানত বৰযাত্রী দলত, আনকি ক্ষুদ্র পৰিসৰতো মুছলমানসকলক দেখা পোৱা যায়। কেৱল বাংলা নহয়, ফাৰ্ছী সাহিত্যৰো বিকাশ ঘটে আৰু সেয়াও হৈছে দৰবাৰী সহায়ত। অথচ সুখময় বাবুৱে কৈছে— “আলাউদ্দিন হুছেন শ্বাহ যে বিদ্যা আৰু সাহিত্যৰ পৃষ্ঠপোষক আছিল সেই সম্বন্ধে আমি কোনো সূত্ৰৰ পৰাই সুনির্দিষ্ট প্রমাণ পোৱা নাই।”
চৈতন্যভাগৱত আৰু চৈতন্যচৰিতামৃতৰ পৰা জনা যায়, শ্রীচৈতন্যৰ প্ৰতি চুলতান আলাউদ্দিন হুছেন শ্বাহৰ কেনে মনোভাৱ আছিল। তেওঁ চৈতন্যদের সম্বন্ধে মন্তব্য কৰে— “যেখানে তাহার ইচ্ছা থাকুন সেখানে।/ আপনার শাস্ত্রমত করুণ বিধানে।।/ সর্বলোকে লই সুখে করুণ কীর্তন।/ বিরল থাকুন কিবা যেন লয় মন ।।/ কাজি বা কোটাল কিবা হউ কোন জন।/ কিছু বলিলেই তার লইব জীবন।।” তদুপৰি হুছেন শ্বাহৰ আমোলত যৱন হৰিদাসে মুছলমান ধর্ম ত্যাগ কৰি বৈষ্ণৱ ধৰ্ম অৱলম্বন কৰাৰ সময়ত হিন্দু-মুছলমানৰ পৰস্পৰৰ মনোভাৱৰ পৰিচয় বৃন্দাবন দাসৰ চৈতন্যভাগৱতত পোৱা যায়। ইয়াৰ পৰা নিঃসন্দেহে ক’ব পাৰি যে হুছেন শ্বাহে হিন্দুসকলৰ প্ৰতি উদাৰ মনোভাৱ পোষণ কৰিছিল।
(৫)
ৰাষ্ট্ৰ পৰিচালনাৰ ক্ষেত্ৰত সমন্বয়মূলক দৃষ্টিভংগীৰ প্ৰেক্ষাপট কি? ৰাজশক্তিৰ পক্ষৰ পৰা এই সমন্বয়মূলক তত্ত্ব সচেতনভাৱে প্রয়োগ কৰা হৈছিল নে নাই— সেয়া বিবেচনাৰ বিষয়। অধ্যাপক ইকতিদাৰ আলমৰ ‘Medieval Indian Nations of Statecraft in Retrospect’ প্রবন্ধত (২৪) এই বিষয়ে বিস্তাৰিত আলোচনা কৰিছে। যদিও ভাৰতত প্রাচীন ধৰ্মীয় ঐতিহ্যৰ মাজত সমন্বয় ভাবনাৰ অনেক উপাদান পোৱা যায়, কিন্তু আধুনিক ভাৰতীয় সংবিধানৰ ধৰ্মনিৰপেক্ষতাৰ প্ৰেক্ষাপট বেছি প্ৰাসংগিক। তথাপি মধ্যযুগৰ শাসকৰ, বিশেষকৈ চুলতানি আৰু মোগল শাসকৰ ৰাষ্ট্ৰ পৰিচালনাত ৰাজশক্তিৰ ধৰ্মনিৰপেক্ষ দৃষ্টিভংগী আৰু প্ৰৱণতাক ইকতিদাৰ আলমে গুৰুত্ব প্ৰদান কৰিছে।
অশান্তি সৃষ্টি কৰা, কোনো মন্দিৰ ভাঙি পেলোৱা, তাৰ ঠাইত মছজিদ নির্মাণ ইত্যাদি মধ্যযুগৰ হিন্দু-মুছলমান সম্পৰ্কৰ মূলধাৰা নাছিল; মূলধাৰা আছিল সমন্বয়ৰ। তদুপৰি এনেধৰণৰ ঘটনা আছিল বিক্ষিপ্ত-বিচ্ছিন্ন সুপৰিকল্পিত নাছিল; আৰু যদি সেয়াই হৈছিল— তেতিয়া হ’লে ভাৰতত ইমান বছৰে মোগল শাসন অব্যাহত থকাৰ প্ৰশ্নই নুঠে। তুর্কি-আফগান চুলতান আৰু মোগল বাদশাহ আৰু তেওঁলোকৰ সাংগোপাংগোশকল এই দেশলৈ আহিছিল বসবাস কৰিবলৈ। সম্পদ লুণ্ঠন কৰিবলৈ নহয়। সেই বাবে তেওঁলোকে এই দেশক ভাল পাইছিল। নানাভাৱে দেশক সমৃদ্ধ কৰিছিল। ইয়াৰ মানুহৰ লগত বন্ধুত্ব আৰু আত্মীয়তা গঢ়ি তুলিছিল, সভ্যতাৰ বাবে গর্ববোধ কৰিছিল, সংস্কৃতিৰ লগত নিজ নিজ সংস্কৃতিৰ সমন্বয় ঘটিছিল, সৰ্বোপৰি কাৰো ধৰ্ম-কৰ্ম, সমাজব্যৱস্থাত হস্তক্ষেপ কৰা নাছিল, নিজৰ ধৰ্ম জোৰ কৰি কাৰো ওপৰত (মনত ৰখা দৰকাৰ যে সাধাৰণ প্ৰৱণতাৰ কথাই কোৱা হৈছে) জাপি দিয়া নাছিল— “তোমাৰ বাবে তোমাৰ ধৰ্ম, আমাৰ বাবে আমাৰ ধৰ্ম”— এই নীতি অনুসৰণ কৰি ৰাজকাৰ্য পৰিচালনা কৰিছিল। এই দেশৰ ঐতিহ্য আৰু মন-মেজাজ, প্ৰয়োজনীয়তা আৰু উপযোগিতাৰ কথা মনত ৰাখি নিজাকৈ নিৰ্মাণ কৰা আইন-কানুন সাহায্যত— যাক একপ্ৰকাৰৰ ভাৰতীয় ধৰ্মনিৰপেক্ষতাৰ আদিৰূপ বুলি কোৱা যায়। ধৰ্মনেতাই অস্বীকাৰ কৰিলেও চুলতান, বাদশাহ আৰু প্ৰাদেশিক সামন্ত শাসকসকলে অন্য পথ লোৱা নাছিল। ব্যতিক্রম যে নাছিল, তেনে নহয়— বিশুদ্ধ ধর্মীয় শাসন বুলিলে যি বুজা যায়, তাৰ অস্তিত্ব নাছিল মুছলমান শাসিত মধ্যযুগৰ ভাৰতত। কিন্তু অতি পৰিতাপৰ বিষয় যে বেভাজি, ইলিয়ট, স্মিথ প্রভৃতি ব্ৰিটিছ ইতিহাসবিদে তথ্য-বিকৃতিৰ সাহায্যত মুছলমানৰ শাসনকালক হিন্দুসকলৰ বাবে দুঃস্বপ্নৰ নিশা হিচাপে দেখুৱাবলৈ আৰম্ভ কৰে। তদুপৰি মোগল-ৰাজপুত, মোগল-শিখ, মোগল-মাৰাঠা আদি সংঘাতক ধৰ্ম আৰু দুই সম্প্ৰদায়ৰ দ্বন্দ্ব ৰূপে প্ৰমাণ কৰাৰ বাবে মনে গঢ়া ইতিহাস লিখিবলৈ আৰম্ভ কৰে। আজি যি হাজাৰ হাজাৰ মন্দিৰ ভাঙি মছজিদ তৈয়াৰ কৰাৰ গল্পই সমগ্ৰ ভাৰতৰ সাম্প্রদায়িক সম্প্রীতিক উত্তপ্ত কৰি ৰাখিছে, তাৰ উৎস এনে ইতিহাস।
মধ্যযুগৰ ভাৰতৰ ৰাষ্ট্রপ্রধান মুছলমান হ’লেও ৰাষ্ট্ৰ কিন্তু ইছলামিক নাছিল। ৰাষ্ট্ৰই কেতিয়াও ধর্মশাস্ত্ৰ কোৰআন, হাদিছ বা চুন্নি ব্যৱহাৰিক শাস্ত্ৰৰ বিধিৱদ্ধ বিধান অনুসৰণ কৰা নাছিল। মধ্যযুগৰ ভাৰতৰাষ্ট্ৰক ধৰ্মীয় ৰাষ্ট্ৰ বুলি কোৱা অসংগত। কাৰণ মুছলমান ধর্মতত্ত্ববিদৰ নিৰ্দেশত সেই সময়ৰ ৰাজকাৰ্য পৰিচালিত হোৱা নাছিল। ভাৰতৰ প্ৰাক্-মোগল শাসকৰ মাজত ইলত্যুৎমিছ, গিয়াছউদ্দিন বলবন, আলাউদ্দিন খিলজি আৰু মহম্মদ বিন তোঘলক প্ৰমুখ্যে এই দেশত মুছলিম আইন প্রয়োগৰ প্ৰয়োজনীয়তাক লৈ প্রশ্ন তোলে। প্রখ্যাত ঐতিহাসিক মহম্মদ হাবিবে কয় – “বিদেশাগত হ’লেও মুছলমানৰ বাদশাহে যে ৬০০/৭০০ বছৰ হিন্দুস্তানৰ মচনদত অধিষ্ঠিত থাকিব পাৰিছিল, তাৰ কাৰণ তেওঁলোকৰ শাসন কাহানিও ইছলামিক নাছিল। থকা হ’লে এটা প্ৰজন্মও তেওঁলোক টিকিব নোৱাৰিলেহেঁতেন (২৫)।
প্রকৃতপক্ষে তথাকথিত মুছলমান যুগত ভাৰতত সকলো শাসক কেতিয়াও মুছলমান নাছিল। বাদছাহ বা চুলতান মুছলমান হ’লেও দেশৰ শাসকগোষ্ঠী আমিৰ-ওমৰাহ-ফৌজদাৰ-মনচবদাৰ আৰু অভিজাততন্ত্ৰৰ গৰিষ্ঠ অংশই আছিল হিন্দু, আনকি তাৰ বিকল্পও নাছিল। মুছলমান শাসকে দেশৰ প্ৰথা, পদ্ধতি, ব্যৱস্থা ক’তোৱেই জোৰ কৰি পৰিৱৰ্তন আনিবলৈ প্ৰয়াস কৰা নাছিল। হিন্দু ৰজা আৰু ভূস্বামীৰ লগত বুজা-পৰা কৰি তেওঁলোকৰ পক্ষে গাদীত অধিস্থিত থকাটো সম্ভৱ, সেয়া তেওঁলোকে ভালকৈয়ে অনুধাৱন কৰিছিল। মনচবদাৰী প্রথা (মোগলৰ বিশেষ পদমর্যাদা) আৰম্ভ হোৱাৰ লগে লগে মোগল প্রশাসক শ্ৰেণীৰ কাঠামোগত পৰিৱৰ্তনৰ সূচনা হয়। বিভিন্ন শ্রেণী আৰু জাতি, বিদেশী আৰু ভাৰতীয়সকলৰ মাজৰ পৰাই মনচবদাৰ নিযুক্ত হয়। আবুল ফজলৰ আইন- ই-আকবৰীত (২৬) ভাৰতৰ বিভিন্ন প্ৰদেশৰ মনচবদাৰীৰ যি তালিকা তুলি ধৰা হৈছে, তাত, যেনেকৈ আফগানী, চৈয়দ, ছেখ, ছেখজাদা, জমিদাৰসকল আছে, তেনেকৈ ব্ৰাহ্মণ আৰু ৰাজপুত জমিদাৰসকলো আছে। মোগল আমোলত সহকাৰী দেৱান বা অর্থমন্ত্রী পদৰ ক্ষেত্ৰত সাধাৰণ হিন্দুৱেই নিযুক্ত আছিল। সাধাৰণতে শাসকসকল ইছলাম ধৰ্মাৱলম্বী হোৱাৰ বাবেই তেওঁলোক অনিবার্যভাৱে হিন্দু বিৰোধী হ’ব লাগিব— এই ধৰণৰ ধাৰণা যে কিমান ভুল সেই কথা ৰমিলা থাপাৰ আৰু হৰবংশ মুখিয়াই আলোচনা কৰিছে তেওঁলোকৰ ৰচনাত (২৭)। এই ক্ষেত্ৰত তেওঁলোকে মুছলমান দৰবাৰৰ লিপিকাৰসকলৰ ৰচনাৰ সাক্ষ্য অনুসৰণ কৰিছে।
ত্রয়োদশ শতিকাৰ পৰাই এজনৰ পিছত এজন চুলতান বা সম্রাটকে ছৰিয়তৰ শিৰোধাৰ্য কৰাৰ অবাস্তৱতা স্বীকাৰ কৰি লয়। সমসাময়িক ঐতিহাসিক জিয়াউদ্দিন বাৰণিয়ে লিখিছে— “পয়গম্বৰৰ অনুশাসন মানি ৰাজ্য চলোৱা সম্ভৱ নাছিল।” মহম্মদ হাবিবে লিখিছে— “কোনো সংঘৰ্ষৰ ক্ষেত্ৰত ৰাষ্ট্ৰৰ আইন ছৰিয়ততকৈয়ো ডাঙৰ আছিল (২৮)।” তৰকৎ-ই-আকবৰি গ্ৰন্থত (২৯) নিজামউদ্দিনে লিখিছে— “চুলতান গিয়াছউদ্দিন বলবনে ৰাষ্ট্ৰ পৰিচালনাক ধৰ্মৰ ঊৰ্ধত স্থান দিছিল।” ফিৰোজ শ্বাহ তোঘলকৰ (১৩৫১-৮৮) সম্পর্কতো বাৰণিৰ ভাষ্যও একেই। তাৰিখ-ই-ফিৰোজশ্বাহী গ্ৰন্থত বাৰণিয়ে লিখিছে— “অপৰাধীসকলৰ শাস্তিবিধান কিংবা ৰাজকীয় কৰ্তৃত্ব প্ৰতিষ্ঠাৰ ক্ষেত্ৰত তোঘলক ঈশ্বৰভীতিৰ দ্বাৰা পৰিচালিত হোৱা নাছিল। ৰাজকাৰ্যৰ স্বাৰ্থত, ৰাষ্ট্ৰৰ স্বাৰ্থত তেওঁ যি ভাল বুলি ভাবে তাকে প্রয়োগ কৰিছিল।” অথচ তেওঁৰ প্ৰতি কিছু সংকীর্ণ মনোভাবাপন্ন ঐতিহাসিকে অসহিষ্ণুতাৰ অভিযোগ আৰোপ কৰে । অথচ মূল সত্য তাৰ বিপৰীত। সমসাময়িক আন এগৰাকী ঐতিহাসিক আফিফে কয় যে ফিৰোজ শ্বাহ তোঘলকে দেশৰ জনসাধাৰণৰ প্ৰতি তেনেকৈ দৃষ্টি ৰাখে, যেনেকৈ কোনো জননীয়ে নিজ সন্তানসকলক লক্ষ্য ৰাখে। তেওঁ সাধাৰণ জনতাৰ বহু অপৰাধ ক্ষমা কৰি দিছিল, কিন্তু চুৰি আৰু হত্যাৰ অপৰাধক ক্ষমা কৰা নাছিল— কাৰণ তেনে ক্ষেত্ৰত আনৰ অধিকাৰ হৰণ কৰা হয়। তেওঁ সিংহাসন আৰোহণ কৰাৰ লগে লগেই কৃষকৰ ওপৰত আৰোপিত কৰৰ বোজা মাফ কৰি দিয়ে, যাতে জনতাৰ মাজত অশান্তি আৰু দুশ্চিন্তাৰ পৰিৱৰ্তে স্বাচ্ছন্দ্যৰ ভাব সৃষ্টি হয়। তেওঁ ছৰিয়তবিৰোধী সকলো কৰ মাফ কৰি দিয়ে। যদি কোনো কৰ্মচাৰীয়ে নিৰ্ধাৰিত কৰতকৈ অধিক কৰ আদায় কৰে তেনেহ’লে তাক সংশোধন কৰা হৈছিল। তেওঁৰ আমোলত সকলো অমুছলমান প্ৰজাই সুখেৰে জীৱন যাপন কৰিছিল (৩০)।
ফিৰোজ শ্বাহ তোঘলকৰ শিক্ষা বিষয়ক সম্প্ৰীতিৰ কথা অধিকাংশ ইতিহাসবিদে স্বীকাৰ কৰিছে। এয়াও সত্য যে তেওঁ হিন্দুসকলৰ শিক্ষা বিষয়ক যিসমূহ কিতাপ পাইছিল সেই সম্পর্কে তথ্য আৰু জ্ঞান লাভ কৰি সন্তুষ্ট হৈছিল। ১৩৬২ চনত চুলতান ফিৰোজে নগৰকোট জয়ৰ পিছত জ্বালামুখী মন্দিৰৰ পৰা ১৩০০ সংস্কৃত কিতাপ লৈ আনে আৰু সংস্কৃত পণ্ডিতসকলক এই কিতাপসমূহ ফাৰ্ছী ভাষালৈ অনুবাদৰ কৰ্মত নিয়োগ কৰে। এখন গ্ৰন্থত হিন্দুৰ দৰ্শন, জ্যোতির্বিদ্যা আৰু আধ্যাত্মবিদ্যা বিষয়ক অতি মূল্যৱান জ্ঞানৰ কথা আছিল, ফিৰোজ শাহ তোঘলকে সেইখনক ফাৰ্ছী ভাষালৈ অনুবাদ কৰিবলৈ নিৰ্দেশ প্রদান কৰে (৩১)। তদুপৰি হিন্দু ধর্মবিষয়ক অনেক কিতাপ তেওঁ অনুবাদ কৰিছিল। হিন্দু ৰজা, মহাৰজা আৰু ধনৱানসকলৰ লগত তেওঁ সুসম্পর্ক বজাই ৰাখিছিল। বাৰণিয়ে বৰ্ণনা কৰে— এবাৰ ভ্ৰমণ কৰোঁতে ফিৰোজ শ্বাহ যেতিয়া গোৰখপুৰ আৰু কহছাহ পাইছিলগৈ, তেতিয়া তাৰ ৰায়তসকলে তাৰ গাঁৱৰ মুখিয়ালসকলক লগত লৈ দৰবাৰত হাজিৰ হয় আৰু তেওঁলোকক ফিৰোজ শ্বাহে ৰাজকীয় উপঢৌকনেৰে সম্মানিত কৰে (৩২)। ফিৰোজ শ্বাহে শাসনৰ ক্ষেত্ৰত অশোকৰ নীতিসমূহ গ্ৰহণ কৰিছিল, যাতে ৰাজনীতিৰ কুপ্ৰভাৱ আঁতৰ হয় আৰু সাধাৰণ লোকৰ মংগল আৰু কল্যাণৰ ক্ষেত্ৰত এক নতুন আর্থিক আৰু ৰাজনৈতিক ব্যৱস্থা প্ৰতিষ্ঠিত হয়।
চুতলান আলাউদ্দিন খিলজিৰ লগত ধর্মমন্ত্রী কাজি মুগিছউদ্দিনৰ কথোপকথন আজিও সুবিদিত। হৰবংশ মুখিয়াই তাৰিখ-ই-ফিৰোজ শাহীৰ পৰা দেখুৱাইছে যে মুগিছউদ্দিনে ছৰিয়তৰ দোহাই দি চুলতান আলাউদ্দিনক জিজিয়া কৰ আদায় কৰাৰ সময়ত হিন্দু মন্দিৰ ধ্বংস কৰিবলৈ কয়; তেতিয়া চুলতানে নির্ধিদ্বাই জনায়— “আমি নাজানো, ৰোজ কেয়াৰ মতৰ দিনত মহামহিম আল্লাই আমাৰ বাবে কি থৈ দিছে, পিছে চৰকাৰৰ স্বাৰ্থত মই যি সঠিক বুলি ভাবিছোঁ, তাকে কৰি গৈছোঁ (৩৩)। এনেকৈ আলাউদ্দিনে ধর্মমুক্ত স্বতন্ত্ৰ ধৰ্মনিৰপেক্ষ এক ৰাজতান্ত্রিক তত্ত্ব প্ৰচাৰ কৰে। তেওঁ অনুভৱ কৰে যে ধৰ্ম হ’ল মানুহৰ একান্ত ব্যক্তিগত বিষয়। ৰাষ্ট্ৰীয় প্ৰশাসনত তেওঁ উলেমাসকলৰ (মুছলমান পণ্ডিত) হস্তক্ষেপ মানি লোৱা নাছিল। এ এল শ্রীবাস্তৱৰ মতে, আলাউদ্দিন দিল্লীৰ প্ৰথম চুলতান যি ধর্মীয় সম্প্রদায়ক ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণলৈ আনে আৰু তাত্ত্বিক দিশৰ পৰা ৰাষ্ট্ৰক ধৰ্মনিৰপেক্ষ কৰাৰ ক্ষেত্ৰ হিচাপে প্ৰস্তুত কৰে । আচলতে ইছলামী অর্থাৎ ছৰিয়তী শাসন বলবৎ কৰাৰ কোনো অভিপ্ৰায় নাছিল কাৰণে মুছলমান শাসকসকলৰ জোৰ কৰি কোটি কোটি হিন্দুক গণ-ধৰ্মান্তৰিত কৰাৰ প্ৰয়োজন হোৱা নাছিল। তেনেকৈ তেওঁলোকে হিন্দু ধৰ্মৰ মূৰ্তিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা অথবা পাইকাৰী হাৰত হিন্দু মন্দিৰ ধ্বংস কৰাৰ কোনো তাগিদাও অনুভৱ কৰা নাছিল। বৰং ইটোৰ পিছত সিটোকৈ মুছলমান বাদশাহে হিন্দু বিষয়াসকলৰ আনুগত্যত পুৰস্কাৰ হিচাপে মাটি সম্পত্তি দান কৰিছিল।
বলপূর্বক ধর্মান্তকৰণৰ ঘটনা যে একেবাৰে নঘটাকৈ আছিল তেনে নহয়, কিন্তু চুলতানসকলে যে ব্যাপক ৰূপত হিন্দুৱে ইছলাম ধৰ্ম গ্ৰহণৰ সাৰ্বজনীন কোনো ৰাষ্ট্ৰীয় নীতি গ্ৰহণ কৰিছিল— সেই তথ্যও পোৱা নাযায়। তুর্কি বীৰ বখতিয়াৰ খিলজিৰ ওচৰত এজন ‘মেচ’ সামন্তই ইছলাম ধৰ্মত দীক্ষিত হৈ ‘আলি মেচ’ নাম গ্ৰহণ কৰিছিল বুলি সমসাময়িক ইতিহাসত পোৱা যায় (৩৪)। বখতিয়াৰে আৰু কোনো মুছলমানক ধৰ্মান্তৰিত কৰিছিল বুলি কোনো প্ৰমাণ পোৱা নাযায়। আৰু আলি মেচকো যে জোৰ কৰি মুছলমান কৰা হৈছিল, তাৰো নিৰ্ভৰযোগ্য প্রমাণ নাই (৩৫)। তিব্বত অভিযানত কামৰূপ বাহিনীৰ ওচৰত প্ৰায় সম্পূর্ণ বাহিনী হেৰুৱাই মাত্ৰ এশমান সৈন্যসহ মহম্মদ বখতিয়াৰে যেতিয়া আলি মেচৰ এলেকাত কোনো ৰকমে প্ৰাণ লৈ পাইছিলগৈ, তেতিয়া তেওঁৰ সেই চৰম দুর্দিনত আলি মেচৰ লোকেই সকলো ধৰণেৰে সাহায্য প্ৰদান কৰি নিৰাপদে দেৱকোট পৌচাই দিছিল। অথচ ইচ্ছা কৰিলে সহজতে তেওঁক হত্যা কৰিব পাৰিলে হয়। ইয়াৰ পৰাই ধাৰণা কৰিব পৰা যায় যে আলি মেচৰ ইছলাম গ্ৰহণৰ আঁৰত যিয়েই নাথাকক কিয়, অন্ততঃ কোনো জোজবৰদস্তি নাছিল (৩৬)। (পৰৱৰ্তী অংশ অহা সংখ্যাত)
(টোকা: তথ্য-সূত্ৰসমূহ ধাৰাবাহিক প্ৰবন্ধটোৰ অন্তিম অংশত সন্নিবিষ্ট কৰা হ’ব- মুখ্য সম্পাদক)