সাম্প্ৰদায়িক সংঘৰ্ষৰ ভিত্তিত ভাৰতীয় চিনেমা— (প্ৰিয়ম হাজৰিকা)
ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে চিহ্নিত হৈ আহিছে। হিন্দু, মুছলিম, শিখ, বৌদ্ধ, খ্ৰীষ্টান ইত্যাদি বিবিধ ধৰ্মী লোকে বসবাস কৰা বৈচিত্ৰ্যময় ভাৰত ভূমিত ধৰ্মীয় বৈচিত্ৰ্যৰ লগতে ধৰ্মৰ বিভিন্ন শাখা প্ৰশাখাই জন্ম দিয়া ভিন ভিন জাত কুল বৰ্ণই সৃষ্টি কৰা জাতীয় বৈচিত্ৰ্যও বিৰাজমান। মানুহে নিজে বান্ধি লোৱা নীতি-নিয়মৰ ভিন্নতা, খাদ্যাভ্যাসৰ ভিন্নতা সাজ-পোছাকৰ বিবিধতাই এই লোকসকলক কম বেছি পৰিমাণে পৃথক কৰি ৰাখে। সকলো ভিন্নতা ভেদি সকলোৱে মিলি জুলি ‘আমি এক ভাৰতীয়’ হিচাপে বসবাস কৰে বুলি বিদ্যালয়ৰ পাঠ্যপুথিত সন্নিৱিষ্ট কৰা দেখিবলৈ পোৱা যায়। কাষতে ভিন ভিন সাজত ভিন্ন ধৰ্মী লোকৰ গাত সাৱটি সম্ভাষণ কৰা চিত্ৰ। পাঠ্যক্ৰমত বৰ্ণিত সম্প্ৰীতিৰ ছবিখনৰ বিপৰীতে বাস্তৱিক ৰূপ ইমান ভয়াৱহ বুলি পোন্ধৰ-ষোল্ল বছৰীয়া এজন শিক্ষাৰ্থীয়ে কাহানিও অনুধাৱন কৰিব নোৱাৰে।
ভিন ভিন ধৰ্ম, শ শ জাতি, জনগোষ্ঠীক আশ্ৰয় দিয়া ভাৰতভূমিয়ে অতীজৰে পৰা সাম্প্ৰদায়িক সংঘৰ্ষৰ বলি হৈ আহিছে। প্ৰাকস্বাধীন কালৰ তথা দেশ বিভাজনৰ সময়ৰ সৰু-বৰ সংঘাতসমূহ ইতিহাসৰ পাতে পাতে সন্নিৱিষ্ট হৈ আছে। স্বাধীনতাৰ পাছতো কিন্তু সাম্প্ৰদায়িক সংঘৰ্ষৰ পৰা ভাৰতবৰ্ষই হাত সাৰিব নোৱাৰিলে। সাম্প্ৰদায়িক সংঘৰ্ষবোৰৰ মূল কাৰণ কি? ধৰ্ম, ধৰ্মান্ধতা নে অজ্ঞানতা? এই সংঘাতবোৰৰ গুৰি বিচাৰিবলৈ গ’লে ধৰ্মৰ আৱিৰ্ভাব, জাতি বৰ্ণৰ সৃষ্টিৰ বকলা মেলিব লাগিব। মুঠতে ধৰ্ম-বৰ্ণ-জাতিৰ বৈষম্যৰ মূলোচ্ছেদ নকৰালৈকে পৰস্পৰৰ মাজত ঘৃণাৰ বীজ লুকাই থাকিবই আৰু তেনে পৰিস্থিতিত সংঘৰ্ষৰ উত্থানো স্বাভাবিক।
স্বৰাজোত্তৰ কালৰ কেইটামান উল্লেখনীয় সাম্প্ৰদায়িক সংঘৰ্ষ হ’ল —১৯৬৯-ৰ গুজৰাট সংঘৰ্ষ, ১৯৮৪-ৰ শিখ বিৰোধী সংঘৰ্ষ, ১৯৮৯-ৰ ভাগলপুৰ সংঘৰ্ষ, ১৯৮৬-ৰ কাশ্মীৰ সংঘৰ্ষ, ১৯৯২-ৰ বাবৰি মচজিদ/ৰাম মন্দিৰ সংঘাত, ২০০২ -ৰ গুজৰাট সংঘৰ্ষ, ২০১৩-ৰ মুজাফৰনগৰ সংঘৰ্ষ, ২০২০-ৰ দিল্লী সংঘাত আৰু অলপতে সংঘটিত হোৱা মণিপুৰৰ সংঘৰ্ষ। এই বিলাকৰ উপৰিও ভাৰতত সৰু সৰু সংঘাতে প্ৰায় প্ৰতিদিনে বাতৰি কাকতত এটা পৃষ্ঠা দখল কৰে।
এই সংঘৰ্ষবিলাকৰ সম্পৰ্কে আজিৰ প্ৰজন্মক জ্ঞাত কৰাৰ ক্ষেত্ৰত চিনেমাৰ ভূমিকা নুই কৰিব নোৱাৰি। পাহৰনিৰ গৰ্ভত হেৰাই যোৱা নিৰ্মম গণহত্যাৰ বলি হোৱা হাজাৰ হাজাৰ লোকৰ আবেগৰ দলিল হ’ল এই চিনেমাসমূহ। সেই সংঘৰ্ষত হেৰাই যোৱা মানুহৰ অস্তিত্ব, ন্যায়ৰ বাবে বাট চাই নিথৰ হোৱা আত্মীয়ৰ বেদনাহত চকুলোক জীৱন্ত ৰূপত দাঙি ধৰাত এই চিনেমাবোৰৰ ভূমিকা আছে। একেবাৰে প্ৰকৃত ঘটনা বা পীড়িত হোৱা লোকসকলৰ একেবাৰে সত্য জীৱনকাহিনী নহ’লেও কাহিনীবিলাকৰ আৱেগ কিন্তু একেখিনিয়েই। ‘ফীৰাক’ ছবিৰ নিৰ্মাতা নন্দিতা দাসে উল্লেখ কৰাৰ দৰে, “a work of fiction based on thousands of true stories”। স্বৰাজোত্তৰ কালৰ সৰু বৰ সাম্প্ৰদায়িক সংঘাত সম্পৰ্কীয় কেইখনমান উল্লেখযোগ্য ভাৰতীয় চিনেমা হ’ল —
অমু (২০০৫), ফীৰাক (২০০৮), কাই পো ছে (২০১৩), বম্বে (১৯৯৫), জখম (১৯৯৮), মিষ্টাৰ এণ্ড মিছেছ আইয়াৰ (২০০২), য়েহ মেৰা ইণ্ডিয়া (২০০৮), ৩১ অক্টোবৰ (২০১৫) ইত্যাদি।
ইয়াৰে ‘কাই পো ছে’ নামৰ চলচিত্ৰখন চেতন ভগতৰ ‘থ্ৰি মিষ্টেক্স অব মাই লাইফ’ উপন্যাসৰ ওপৰত আধাৰিত। জীৱনক লৈ সপোন দেখা তিনিজন নলে গলে লগা বন্ধুৰ ওপৰত আধাৰিত গ্ৰন্থখনত ২০০২-ত সংঘটিত গুজৰাট বিদ্ৰোহে কেনেদৰে তেওঁলোকৰ সপোনবোৰক ভাঙি চুৰমাৰ কৰিছিল তাক সুন্দৰকৈ ব্যক্ত কৰিছে। ইয়াৰোপৰি ২০০১-ত গুজৰাটৰ ভূজ অঞ্চলত সংঘটিত ভূমিকম্পইও চৰিত্ৰ কেইটাৰ সপোনত আঁচোৰ মাৰি যোৱা কথাটো কাহিনীত সংলগ্ন কৰা হৈছে। ৰোমান্টিক চলচ্চিত্ৰৰ বাবে জনপ্ৰিয় দক্ষিণৰ চিত্ৰ নিৰ্মাতা মনিৰত্নমৰ ১৯৯৫ ত মুক্তি লাভ কৰা ‘বম্বে’ ছবিখনতো শেষৰ ফালে বাবৰি মচজিদ ধ্বংসৰ ফলস্বৰূপে সৃষ্টি হোৱা বম্বে বিদ্ৰোহক সাঙুৰি লোৱা পৰিলক্ষিত হয়। সংঘৰ্ষৰ লগত প্ৰত্যক্ষ ভাৱে জড়িত ‘অমু’ আৰু ‘ফীৰাক’-ত সংঘাতে কোঙা কৰা জনগণৰ কৰুণ চিত্ৰখন অধিক স্পষ্ট ৰূপত ফুটি উঠিছে। চিত্ৰনাট্য, অভিনয়, কাহিনী উপস্থাপন আদিৰ দিশৰ পৰা এইদুখন চিনেমা উচ্চ মানৰ বুলি অভিহিত কৰিব পাৰি। চিনেমা দুখন আৰু তাৰ লগত জড়িত দুটা সংঘাতৰ থুলমূল ধাৰণা তলত বৰ্ণনা কৰা হ’ল —
১) শিখ বিৰোধী সংঘৰ্ষ ১৯৮৪:
১৯৮৪ চনত দিল্লী-পঞ্জাৱত সংঘটিত হোৱা শিখ বিৰোধী সংঘৰ্ষ বা শিখ গণহত্যাৰ মূলতে আছিল দুজন শিখ দেহৰক্ষীৰ দ্বাৰা সেই কালৰ প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যা। সেই কাণ্ডত গোটেই ভাৰতবৰ্ষত মৃত্যু হৈছিল ২৮০০ জন লোকৰ (চৰকাৰী হিচাপ মতে)। লগতে বিচ্ছিন্ন হৈছিল হাজাৰ হাজাৰ পৰিয়াল। ইন্দিৰা গান্ধীৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ ৰাজীৱ গান্ধী প্ৰধান মন্ত্ৰীৰ পদত অধিষ্ঠিত হয় আৰু এই সংঘৰ্ষৰ বিষয়ে মন্তব্য কৰে এনেদৰে, “যেতিয়া এডাল ডাঙৰ গছ বাগৰি পৰে, তেতিয়া চৌপাশৰ মাটি কপিবই।”
ইন্দিৰা গান্ধীৰ হত্যাৰ বিভিন্ন কাৰকসমূহৰ ভিতৰত ‘অপাৰেশ্যন ব্লু ষ্টাৰ’ মুখ্য কাৰক বুলি বহুতে অভিহিত কৰে। অপাৰেশ্যন ব্লু ষ্টাৰ’ আছিল এক ভাৰতীয় সামৰিক অভিযান যাৰ দ্বাৰা অমৃতসৰৰ গ’ল্ডেন টেম্পলত বাহৰ পাতি থকা জাৰ্ণইল সিং ভিন্দ্ৰেনৱালে আৰু তেওঁৰ সহযোগীসকলক অপসাৰণ কৰা হৈছিল। উল্লেখ্য যে ভিন্দ্ৰেণৱালেৰ নেতৃত্বত এটা অভিযান (Righteous campaign) আৰম্ভ হৈছিল যাৰ দাবী আছিল শিখসকলৰ এখন সুকীয়া ৰাজ্য গঠন কৰা। অপাৰেশ্যন ব্লু ষ্টাৰৰ ফলশ্ৰুতিত শিখ ধৰ্মীয় স্থান ‘আকাল তখ্ত’ জৰাজীৰ্ণ হৈছিল লগতে মৃত্যু হৈছিল ভিন্দ্ৰেনৱালে আৰু তেওঁৰ সহযোগীসকলৰ। একাংশৰ মতে ইন্দিৰা গান্ধী নেতৃতাধীন চৰকাৰৰ এই কাণ্ডত একাংশ শিখৰ মনত বিদ্ৰোহৰ ফিৰিঙতি জ্বলিছিল আৰু এই ফিৰিঙতিয়েই শেষত দাৱানল হৈ গোটেই দেশৰ শাসন ব্যৱস্থাক জোকাৰি যায়।
ইন্দিৰা গান্ধীৰ হত্যাকাৰী দুজন শিখ হোৱা হেতুকে ক্ষুব্ধ হিন্দুসকলে দিল্লী – পঞ্জাৱত বসবাস কৰা গোটেই শিখসকলৰ প্ৰতি ঘৃণাৰ ভাৱ পোষণ কৰে আৰু এই ঘৃণাই হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰে। বিদ্ৰোহ সৃষ্টিত চৰকাৰী পক্ষৰ অৱদান আছে বুলিও জানিব পৰা গৈছে।
এই সংঘৰ্ষৰ ভিত্তিতে পৰিচালক সোণালী বসে ২০০৫ চনত নিৰ্মাণ কৰিছিল তেওঁৰ প্ৰথমখন চিনেমা ‘অমু’।
অমু (২০০৫):
আমেৰিকা নিবাসী যুৱতী কাজৰী ৰয়ৰ মাতৃভূমি ভাৰতত নিজৰ শিপাৰ সন্ধান, তেঁওৰ জীৱনত ১৯৮৪ ৰ বিদ্ৰোহৰ ভূমিকাই হ’ল ইয়াৰ মূল কাহিনীভাগ। মূল কাহিনীটোৰ পটভূমি ২০০২ ৰ ওচৰে পাজৰে বুলি অনুমান কৰিব পাৰি। অমুৰ এটি দৃশ্যাংশ আছিল এনেধৰণৰ—
সময় সন্ধ্যা। এখন ৰে’লত এটা ডবাত অন্যান্য যাত্ৰীসকলৰ লগতে কেইটামান শিখ পৰিয়ালে যাত্ৰা কৰে। তেনেতে এজন লোকে যাত্ৰী সকলক ভাবুকি দিয়ে, “ইন্দিৰা গান্ধী কো মাৰ দিয়া গায়া হেয়। বদি গৰ্ড নে মাৰা। দ’নো চৰ্দাৰ থে, ইন চৰ্দাৰোকো চবক চিখানা পৰেগা।” হঠাতে ৰে’লৰ ভিতৰত হুৱা দুৱা লাগে। অস্ত্ৰ সস্ত্ৰ সহিত এদল মানুহ ৰে’লৰ ভিতৰলৈ সোমাই আহে। হুলস্থুল ক্ৰমে বাঢ়ি আহে। ৰে’লৰ শিখ যাত্ৰী সকলৰ ওপৰত নিৰ্মম প্ৰহাৰ চলে। ডবাটোত যোৱা শিখজনৰ হিন্দু সহযাত্ৰীসকলে তেখেতৰ পাগুৰী খুলি চুলি কোছা কাটি অতি কৌশলেৰে তেখেতৰ জীৱন ৰক্ষা কৰে। আন এটা দৃশ্যত সংঘৰ্ষৰ মাজতে এজন চৰকাৰী বিষয়াই নিৰ্দেশ দিয়ে, “জালা দালো চবকো।” যাৰ দ্বাৰা হিংসা সৃষ্টিত চৰকাৰী পক্ষৰ অৱদানৰ কথাটো অনুমান কৰিব পাৰি। চিনেমাখনিত শেষৰ ফালে বাংলা ভাষাত ভূপেন হাজৰিকাৰ ‘বিস্তীৰ্ণ পাৰৰে’ গীতটি পৰিৱেশন কৰা দেখা যায়।
এখন সৰু দোকানৰ টিভিৰ নিউজ চেনেলত গুজৰাট সংঘাতৰ বাতৰিৰ সম্প্ৰচাৰেৰে চিনেমাখনৰ যবনিকা পৰে। শেষাংশৰ এই দৃশ্যটোৱে ভাৰতৰ এটা প্ৰান্তত এটা বিদ্ৰোহৰ সামৰণি আৰু আনটো প্ৰান্তত আন এটা বিদ্ৰোহৰ উত্থানৰ ইংগিত বহন কৰে। ১৯৮৪-ৰ সেই দুৰ্বিসহ সংঘাত, নিষ্পেষিত পৰিয়ালসমূহৰ ওপৰত ইয়াৰ প্ৰভাৱ চিনেমাখনিত সুন্দৰভাৱে চিত্ৰিত হৈছে।
২০০৫ চনত মুক্তি লাভ কৰা এই চিনেমাত মুখ্য চৰিত্ৰত অভিনয় কৰিছে কংকনা সেন শৰ্মাই।
২) গুজৰাট সংঘৰ্ষ ২০০২:
২০০২ চনৰ গুজৰাট সংঘৰ্ষ আছিল গুজৰাটত সংঘটিত হোৱা তিনি দিনীয়া এক সাম্প্ৰদায়িক সহিংসতা। ২০০২-ৰ ২৭ ফেব্ৰুৱাৰীত গোধৰা অঞ্চলত সবৰমতী এক্সপ্ৰেছ নামৰ ৰে’ল জ্বলাই দিয়া হৈছিল য’ত অযোধ্যাৰ পৰা উভতি অহা ৫৮ জন হিন্দু তীৰ্থ যাত্ৰীৰ মৃত্যু হয়। ইয়ে পিছলৈ হৈ পৰে সংঘাতৰ মূল কাৰণ। উল্লেখ্য যে তিনি দিনীয়া সংঘাতৰ পিছত, তিনি মাহ জুৰি আহমেদাবাদ চহৰত হিংসা চলি থাকে, তদুপৰি ৰাজ্য জুৰিও সংখ্যালঘু মুছলিম সম্প্ৰদায়ৰ ওপৰত এই হিংসা অব্যাহত থাকে। চৰকাৰী হিচাপ মতে সংঘৰ্ষত ৭৯০ জন মুছলিম আৰু ২৫৪ জন হিন্দু লোকৰ মৃত্যু, ২৫০০-ত কৈও অধিক লোক আহত হোৱাৰ লগতে ধৰ্ষণ, লুট পাতৰ আদিৰ দৰে নিকৃষ্ট ঘটনাও সংঘটিত হয়।
ফীৰাক (Firaaq):
২০০২-ৰ গুজৰাট কাণ্ডৰ ভিত্তিত নিৰ্মাণ কৰা নন্দিতা দাস পৰিচালিত ফীৰাক চিনেমাখনে ২০০৮-ত মুক্তি লাভ কৰে।
উৰ্দু ভাষাত ফীৰাক শব্দৰ অৰ্থ হ’ল বিভাজন (separation)। ফীৰাকৰ কাহিনীৰ মূল পটভূমি আছিল দিনতিয়া। মূল সংঘাতৰ প্ৰায় এক মাহ পিছৰ এটা নিৰ্দিষ্ট দিনত গুজৰাটত বসবাস কৰা সেই লোকসকলৰ দৈনন্দিন জীৱন কেনেধৰণে অতিবাহিত হৈছিল তাৰে ধাৰণা বিভিন্ন ঘটনাৱলীৰ যোগেদি উপস্থাপন কৰা হৈছে। শৱ ভৰ্ত্তি এখন ট্ৰাকে মৰিশালীত দ’মে দ’মে মৃতদেহ পেলোৱাৰ দৃশ্যৰে চিনেমাখনৰ পাতনি মেলে। পানীকেঁচুৱা এটিক কোলাত বান্ধি দুপইছাৰ তাড়নাত এগৰাকী দৰিদ্ৰ মুছলিম মহিলাই কপালত ফোঁট লৈ হিন্দু বৈবাহিক অনুষ্ঠানত গৈ কাম কৰিবলৈ যোৱা, সংঘৰ্ষত পিতৃ মাতৃক হেৰুৱাই নিঠৰুৱা হোৱা মহচিন নামৰ কণমানি শিশু এটিক মোহন নাম দি এগৰাকী হিন্দু মহিলাই (দীপ্তি নাভাল) নিজৰ ঘৰত আশ্ৰয় দিয়া, সমীৰ শেখ নামৰ ব্যক্তিজনে হিন্দু পত্নীৰ উপাধিৰে নিজকে সমীৰ দেচাই নামেৰে পৰিচিত কৰিবলৈ বাধ্য হোৱা আদি ঘটনাৱলীয়ে সেই সময়ৰ অপ্ৰীতিকৰ পৰিস্থিতিত জীৱন নিৰ্বাহৰ ভয়াৱহতা সম্পৰ্কে দৰ্শকক অনুধাৱন কৰিবলৈ শিকায়। চিনেমাখনত জাগীৰ খান (নাচিৰুদ্দিন শ্বাহ অভিনীত) হ’ল গুজৰাট নিবাসী এজন বয়োজেষ্ঠ সংগীতজ্ঞ। বৃদ্ধ অসুস্থ জাগীৰ খানে সংঘৰ্ষত হিন্দু ধৰ্মীয় দলৰদ্বাৰা নিঃচিন্ন হোৱা ছুফী সন্ত ‘ৱালী গুজৰাটী’-ৰ স্মৃতি সৌধটো বিচাৰি ঘূৰ্মুটিয়াই ফুৰা দৃশ্যাৱলী অতি হৃদয়স্পৰ্শী। যেতিয়া খান চাহাবক এই হিংসাক নিয়ন্ত্ৰণৰ প্ৰসংগত সোধা হৈছিল তেওঁ হতাশাগ্ৰস্ত হৈ উত্তৰ দিছিল, “চিৰ্ফ চাত চুৰো মেই ইটনি কাবিলিয়ত কাহা কি ইছ নফৰত কা চামনা কৰ চকে।”
চিনেমাখনত অভিনয়ত আছে, নাচিৰুদ্দিন শ্বাহ, পৰেশ ৰাৱাল, দীপ্তি নাভাল, নাৱাজুদ্দিন ছিদ্দিকী, সঞ্জয় সুৰী, তিস্কা চোপ্ৰা ইত্যাদি।
সংঘাতৰ কাৰক যিয়ে নহওঁক লাগিলে, মানৱীয় প্ৰমূল্যবোধ নথকা একাংশ উত্তেজিত জনগণে সাৰ পানী দি বিশালকায় ৰূপ দিয়া সহিংসতাই এটা প্ৰজন্মৰ আশা প্রত্যাশাক খন্তেকতে নস্যাৎ কৰে। গতিকে যেতিয়ালৈকে হিংসা ত্যাগ কৰি মানৱীয় প্ৰমূল্যবোধেৰে পুষ্ট হৈ যুক্তিবাদী চিন্তা ধাৰাৰে বিৰোধৰ কাৰকবোৰ বিশ্লেষণ কৰিবলৈ নিশিকে তেতিয়ালৈকে পাঠ্যপুথিত বৰ্ণিত ‘বৈচিত্ৰ্যৰ মাজত ঐক্য’, ‘আমি এক ভাৰতীয়’ জাতীয় সম্প্ৰীতিৰ ছবিখনৰ কোনো তাৎপৰ্য নাথাকে।
পঢ়ি ভাল লাগিলে l
বহুত ধুনীয়া লিখা তুমি প্ৰিয়ম।