অনুবাদপ্ৰবন্ধ

ভাৰতীয় মানসত শ্রেণী চেতনাৰ অভাৱ -(মূলঃ মনীশ ৰায়চৌধুৰী,অনুবাদঃ গৌতম গোস্বামী)

বৰ্তমান ভাৰতৰ অধঃপতনৰ অন্যতম কাৰণ হৈছে শ্ৰেণী চেতনাৰ অভাৱ। এই দৈন্যৰ ফলতেই জনগণে বাৰে বাৰে নিজৰ শত্ৰুৰ-মিত্ৰ চিনাক্ত কৰাত ভুল কৰে। ভোটদানৰ সময়তো তেওঁলোকে জাতি, ধৰ্ম, বৰ্ণৰ ওপৰত ভিত্তি কৰি প্ৰতিনিধি নিৰ্বাচন কৰি আহিছে। ফল ভোগ কৰিছে, কিন্তু মই উল্লেখ কৰা শ্ৰেণী চেতনাৰ অভাৱৰ ফলত একেটা ভুলৰে পুনৰাবৃত্তি হৈ আছে।
মানুহৰ শ্ৰেণী চেতনাৰ বিশ্লেষণৰ ক্ষেত্ৰত তেওঁলোকৰ শিক্ষা-সংস্কৃতি, সামাজিক আৰু অৰ্থনৈতিক দিশবোৰ অৱশ্যেই বিবেচনা কৰিব লাগিব। প্ৰাতিষ্ঠানিক শিক্ষা মানৱ বিকাশৰ একমাত্ৰ পৰিমাপ নহয় ঠিকেই, কিন্ত অন্যতম এটা জৰুৰী মাপকাঠি। অন্ততঃ এটা স্তৰলৈকে আনুষ্ঠানিক শিক্ষা অবিহনে এজন ব্যক্তিয়ে যিমানেই সৎভাৱে নিপীড়িত, বঞ্চিত লোকৰ বাবে আন্দোলনৰ চেষ্টা নকৰক কিয়, এটা সময়ত বাধাপ্ৰাপ্ত হবই। আধুনিক শিক্ষাৰ অভাৱত পৃথিৱীত ঘটি যোৱা পূৰ্বৰ বিপ্লৱৰ সফলতা বা বিফলতাৰ পৰা শিক্ষা লোৱা সম্ভৱ নহ’ব। প্ৰয়োজন অনুসৰি নতুন ৰণকৌশল অৱলম্বনৰ ক্ষেত্ৰতো সীমাবদ্ধতা দেখা যাব। আধুনিক শিক্ষাৰ অভাৱত সংগ্ৰামী জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ আৰু তেওঁলোকৰ মাজত বিভাজন সৃষ্টিৰ দৃষ্টান্ত বিৰল নহয়। ইংৰাজৰ বিৰুদ্ধে গঢ়ি উঠা চাঁওতাল বিদ্ৰোহ, কোল, ভিল, মুণ্ডা বা চুয়াড় বিদ্ৰোহে সেই সময়ত এক প্ৰৱল আলোড়নৰ সৃষ্টি কৰিছিল। কিন্তু বিদ্ৰোহী জনসাধাৰণৰ মাজত আধুনিক অস্ত্ৰ-শস্ত্ৰৰ অভাৱত ব্ৰিটিছে বিদ্ৰোহ দমন কৰাত সফল হৈছিল।

ভাৰত বহু ভাষা, ধৰ্ম, জাতিৰ দেশ। গতিকে ইউৰোপীয় দেশৰ দৰে ইয়াত মানুহৰ শ্ৰেণী চৰিত্ৰ বুজা ইমান সহজ নহয়। প্ৰাৰ্থীৰ ভাষা, জাতি, ধৰ্মই লোকসভা বা বিধানসভাৰ প্ৰতিটো নিৰ্বাচনতে ডাঙৰ ভূমিকা পালন কৰে।
মহাৰাষ্ট্ৰ ভাৰতৰ প্ৰাণকেন্দ্ৰ বুলি ক’ব পাৰি। স্বাধীনতাৰ পিছত বহুদিন ইয়াত কংগ্ৰেছে শাসন কৰিছিল। তাৰ পিছত আৰম্ভ হ’ল মাৰাঠী পৰিচয়ৰ ওপৰত ভিত্তি কৰি বালাছাহেব থাকৰেৰ উত্থান। ‘মাৰাঠী মানুহ’ৰ আৱেগ সৃষ্টি কৰা হ’ল। নিজৰ ভাষা-সংস্কৃতিৰ প্ৰতি গৌৰৱ নিশ্চয় ভাল। কিন্তু এই গৌৰৱে যেতিয়াই আনৰ ভাষা-সংস্কৃতিৰ প্ৰতি ঘৃণাৰ সৃষ্টি কৰে তেতিয়াই ই ক্ষতিকাৰক হৈ পৰে। বালাচাহেবেও চতুৰতাৰে মাৰাঠী আৱেগৰ নামত বিদ্বেষৰ ৰাজনীতি আৰম্ভ কৰিছিল। মহাৰাষ্টৰ পৰা অ-মাৰাঠী, বিশেষকৈ বিহাৰীসকলক হত্যা কৰি মহাৰাষ্ট্ৰৰ পৰা বিতাৰিত কৰিবলৈ ধৰিলে। ১৯৮৯ চনত তেওঁৰ দল শিৱসেনাই বিজেপিৰ সৈতে মিত্ৰতা কৰে। মাৰাঠা মানেই শিৱাজী, শিৱাজী মানে ঔৰংজেৱৰ লগত সংঘাত, মানে হিন্দু-মুছলমান সংঘাত, অৰ্থাৎ হিন্দু সাম্ৰাজ্যৰ আৰম্ভণি। এনে এটা সৰল সমীকৰণেই এই দল দুটাক ওচৰ চপাই নিছিল। ১৯৯৫ চনত প্ৰথমবাৰৰ বাবে মহাৰাষ্ট্ৰত শিৱসেনা ক্ষমতালৈ আহে। চাওঁতে চাওঁতেই মহাৰাষ্ট্ৰত তেওঁ জাতীয় নায়কৰ মৰ্যাদা পাবলৈ আৰম্ভ কৰিলে। তেওঁৰ ইচ্ছা মাৰাঠাসকলৰ বাবে ঈশ্বৰৰ আদেশ হৈ পৰিল। শিৱসেনা বা বালাছাহেবৰ বিৰুদ্ধে উত্থাপিত প্ৰতিটো বিৰোধী কণ্ঠ মাৰাঠীৰ ভাৱমূৰ্তিত আঘাত দিয়াৰ অজুহাতত নিস্তব্ধ কৰি দিয়া হৈ থাকিল। ২০১৬ চনত শিৱসেনাৰ ঘোষিত সম্পত্তিৰ পৰিমাণ আছিল ৩৯৫.৬৮ মিলিয়ন টকা। এই বিপুল ধন-সম্পত্তি যে সৎ পথেৰে উপাৰ্জন কৰা হোৱা নাই, সেই কথা বুজিবলৈ অৰ্থনীতিবিদ হোৱাৰ প্ৰয়োজন নাই।

কিন্তু সৰ্বসাধাৰণ মাৰাঠী ৰাইজৰ দৈনন্দিন জীৱনযাত্ৰা কিমান উন্নত হৈছে? শ্বাহৰুখ, শচীন, অমিতাভৰ বিলাসী ঘৰ বা জুহুবিচ বা মেৰিন ড্ৰাইভেইটো মহাৰাষ্ট্ৰ নহয়। গাওঁ অঞ্চলতে অগণন মাৰাঠী মানুহৰ জন্ম, ডাঙৰ-দীঘল হৈছে, মৃত্যুমুখত পৰিছে, তেওঁলোকৰ কিমান উন্নতি ঘটিল? কিন্তু, মানুহে এই প্ৰশ্নবোৰ উত্থাপন কৰিবলৈ পাহৰি গৈছে কাৰণ শিৱসেনা তেওঁলোকৰ বাবে মাৰাঠী আৱেগৰ প্ৰতীক। বছৰৰ পিছত বছৰ ধৰি তেওঁলোকে সেই আৱেগিক ললিপপটো চুহি আছে।

আনকি বিহাৰ আৰু গো-বলয়ৰ ৰাজ্যবোৰতো নিৰ্বাচনত জাতপাত চৰ্চালৈ আহে। যাদৱসকলে কেৱল যাদৱ প্ৰাৰ্থীকহে ভোট দিয়ে। ব্ৰাহ্মণৰ ভোট ঠাকুৰে পাব। দলিতৰ ভোট দলিত বা ‘পিছপৰা শ্ৰেণী’ লোকলৈ যায়। এইবাৰ উত্তৰ প্ৰদেশৰ নিৰ্বাচনত জয়ী হৈ পুনৰ চৰকাৰ গঠন কৰিলে বিজেপিৰ যোগী আদিত্যনাথে। প্ৰায় কোনো ধৰণৰ জনকল্যাণমূলক কাম নকৰাকৈ পুনৰ ক্ষমতালৈ উভতি অহাৰ নজিৰ হৈয়েই থাকিল উত্তৰপ্ৰদেশ।এই জয়ৰ অন্যতম কাৰণ হৈছে ভোট কটাকটি। ব্ৰাহ্মণ আৰু উচ্চ বৰ্ণৰ দুখীয়া মানুহবোৰ আৰু অধিক দৰিদ্ৰ হৈছে, বহুতে চাকৰি হেৰুৱাইছে। তেওঁলোকৰ বহুতেই উপলব্ধি কৰিছে যে এই অপশাসনত তেওঁলোকৰ বাবে কোনো উন্নতি নাই। কিন্তু তেওঁলোকে বিজেপিকেই ভোট দিব। কাৰণ তেওঁলোকক বুজুৱা হৈছে যে বিজেপি হিন্দু ধৰ্মৰ ৰক্ষক আৰু তেওঁলোক নাথাকিলে মুছলমানে সকলো দখল কৰিব। অৰ্থাৎ প্ৰাৰ্থীৰ যোগ্যতাৰ তুলনাত তেওঁৰ ধৰ্মীয় পৰিচয়ে অগ্ৰাধিকাৰ পায়। বিভিন্ন বাতৰি কাকত, আলোচনীত বহু ঠাকুৰ, ব্ৰাহ্মণে কোৱা শুনা যাই যে মুছলমান সকলৰ দল হল কংগ্ৰেছ, যাদৱ সকলৰ সমাজবাদী দল, দলিতৰ দল বিএছপি‌। মানি লওঁ যে যোগী চৰকাৰে বিশেষ উন্নতি কৰা নাই, কিন্তু আমাৰ দৃষ্টিত আন কোনো দল নাই।
কিন্তু কেৱল এই ধৰ্মীয় বা জাতপাতৰ গোড়ামীহে আছে বুলি ভাবিলে ভুল হব। স্বাধীনতাৰ পিছৰে পৰা ভাৰতৰ মুছলমান সম্প্ৰদায়ে সকলোকে নিজৰ মানুহ বুলি ভবাৰ পৰিবৰ্তে চিন্তাধাৰা সলনি কৰি নিজকে সংখ্যালঘু হিচাপে প্ৰমাণ কৰিবলৈহে সদায় সচেষ্ট। অত্যন্ত লজ্জাজনক হলেও সত্যটো হ’ল যে এতিয়াও মুছলমান প্ৰধান অঞ্চলত ৰাজনৈতিক দলসমূহে ভোট লাভৰ বাবে মুছলমান প্ৰাৰ্থী থিয় কৰাব লগীয়া হয় । ইয়াতো প্ৰাৰ্থীৰ যোগ্যতাতকৈ ধৰ্মীয় পৰিচয়ে অগ্ৰাধিকাৰ পায়। ধৰ্মীয় গোড়ামীৰ ওপৰলৈ উঠাৰ পিৰবৰ্তে, কোন দলে ইমামৰ ভাট্টা, হজ যাত্ৰাৰ ব্যৱস্থা কৰিব দিব সেই বিষয়েহে অধিক আগ্ৰহী। তেওঁলোকৰ বেছিভাগ ইমাম আৰু ধৰ্মগুৰুৱেও ঠিক বুজি পাইছে যে এই ভেড়াৰ জাকটোক ধৰ্মৰ আফিঙত দুবাই ৰাখিব পাৰিলেহে তেওঁলোকৰ ইচ্ছা অনুসৰি ব্যৱহাৰ কৰি নিজৰ মৌজ-মস্তি সুৰক্ষিত কৰিব পাৰিব।
দলিত,SC, ST, OBC প্ৰভৃতিৰ তথাকথিত নীচ জাতিৰ লোকেও কিন্ত এই মূৰ্খামিটো কৰি আছে। ১৯৬৪ চনত দলিত নেতা মান্যবৰ কানচিৰামজীয়ে পিছপৰা জনগোষ্ঠীৰ বাবে আন্দোলন আৰম্ভ কৰে। তেখেতৰ এই সংগ্ৰামক অভিবাদন জনাবই লাগিব। ১৯৮৪ চনত তেওঁ ‘বহুজন সমাজ পাৰ্টী’ নামৰ এটা ৰাজনৈতিক দল গঠন কৰে। ইয়াৰ পিছত মায়াৱতীৰ হাত ধৰি দলে দ্ৰুতগতিত ক্ষমতা বৃদ্ধি কৰিবলৈ সক্ষম হয়। উত্তৰ প্ৰদেশত বিএছপি ক্ষমতালৈ আহিল, মায়াৱতী মুখ্যমন্ত্ৰী হ’ল। স্বাভাৱিকতেই দলিতসকলে তেওঁলোকৰ প্ৰিয় ‘বেহেঞ্জী’ত মুক্তিদাতাৰ প্ৰতিচ্ছবি দেখিছিল।
কিন্তু মায়াৱতীয়ে শাসনত বহিয়েই চুড়ান্ত বিলাসী জীৱন যাপন কৰিবলৈ আৰম্ভ কৰিলে। জনতাৰ উন্নয়নৰ ধনেৰে সমগ্ৰ উত্তৰ প্ৰদেশতে মায়াৱতী, কানচিৰাম আৰু দলৰ ৰাজনৈতিক প্ৰতীক হাতীৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছিল।মায়াৱতী চৰকাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ এখন PIL -ৰ পৰা প্ৰকাশ পাইছে যে ৫২.২০ কোটি টকা ব্যয় কৰি বিভিন্ন উদ্যানত প্ৰায় ৬০টা হাতীৰ মূৰ্তি নিৰ্মাণ কৰা হৈছিল। তেওঁ ২০০৮-০৯ আৰু ২০০৯-১০’ৰ বাজেটত আবণ্টিত ২০০০ কোটি টকাৰ প্ৰায় ৯০% ব্যক্তিগত আৰু দলীয় প্ৰচাৰত অপচয় কৰিছিল।
অথচ, এই সকলোবোৰৰ পাছতো দলিতসকলৰ বাবে তেওঁলোকৰ ‘বেহেঞ্জী‘ এগৰাকী ‘মচীহা‘। তেওঁলোকে বি.এছ.পিকেই ভোট দিব। দলিতসকলৰ শ্রেণীচেতনাৰ অভাৱৰ বাবেই তেওঁলোকে বুজিব নোৱাৰে যে, অর্থনৈতিক ব্যাপক পৰিবৰ্তনে মানুহৰ শ্ৰেণী চৰিত্ৰ সলনি কৰি দিয়ে। সেইবাবেই কানচিৰামৰ হাত ধৰি যি গৰাকী যুৱ নেত্ৰীয়ে তেওঁলোকৰ মুক্তিৰ সপোন দিখিছিল আৰু শাসনৰ গাদীত বহিয়েই ব্যক্তিগত প্ৰচাৰ আৰু দুৰ্নীতিৰ সোঁতত ডুব যোৱা মায়াৱতী দুয়োজন ব্যক্তি একে হলেও, কিন্তু বৰ্তমান তেওঁৰ মতাদৰ্শ একে হৈ থকা নাই।
এই প্ৰেক্ষাপটত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা ব্যানাৰ্জীৰ ক্ষেত্ৰতো একেই কথা ক’ব পাৰি। এই গৰাকী জননেত্ৰী, বিৰোধী হৈ থকাৰ সময়ত কিছু হ’লেও ৰাইজৰ কাষত আছিল। চিপিএম চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে আন্দোলন কৰিছিলে। কিন্তু ক্ষমতাত বহাৰ মাত্ৰ ১১ বছৰতে তেওঁ চিপিএমৰ ৩৪ বছৰৰ অভিলেখ বহুত পিছ পেলাই দিছে।
শ্রেণীচেতনাৰ অভাৱত ৰাজনৈতিক নেতাক দেৱতা জ্ঞান কৰা দক্ষিণ ভাৰতৰ ৰাজনৈতিক নেতাসকলৰ উদাহৰণৰ অবিহনে, এই লেখাটো সম্পূর্ণ হ’বই নোৱাৰে। ফিল্মষ্টাৰেই হওক বা ৰাজনৈতিক নেতাই হওক, সেইসকলক দেৱতা ৰূপে পূজিবলৈ দক্ষিণ ভাৰতত বিশেষকৈ তামিলনাডুত-বিশাল জনস্ৰোত বয়‌। এম.জি. ৰামচন্দ্ৰন, কৰুণানিধি বা জয়াললিতা, এই সকল চিনেমাৰ নায়ক-নায়িকাই ৰাজনীতিত প্ৰৱেশ কৰিয়েই চূড়ান্ত সফলতা লাভ কৰিছিল। সাধাৰণ জনতাই যেতিয়া ক্ষুধাৰ্ত হৈ থাকে তেতিয়া জয়ললিতাই টকাৰ গাদীত আৰাম কৰে। সাধাৰণ মানুহৰ থাকিবলৈ ঠাই নাথাকিব পাৰে, কিন্তু দেশী-বিদেশী অজস্ৰ জোতাৰ বাবে ঘৰ থকা বুলি জয়ললিতাৰ ভক্তসকলে গৌৰৱ অনুভৱ কৰে। আনকি ‘আম্মা’ৰ মৃত্যুৰ পিছতো বহু লোকে শোকত আত্মহত্যা কৰিছিল।

সঠিক শ্রেণীচেতনাৰ অভাৱেই হৈছে দুৰ্নীতিগ্ৰস্ত ৰাজনীতিবিদসকলক জনসাধাৰণে চিনাক্ত কৰিব নোপোৱাৰৰ একমাত্ৰ কাৰণ। যদিহে সঠিক চেতনা গঢ় লৈ নুঠে, জনগণই একেই ভুলকে কৰি থাকিব। বৰ্তমান সময়ৰ উঠি অহা নেতা অভিষেক ব্যানাৰ্জী, কানহাইয়াকুমাৰ, কেজৰিৱালেই হওক বা আদিত্যনাথৰ বিৰুদ্ধে ভোটৰ যুদ্ধত সংগ্ৰাম কৰা বাৰণ, সেই নেতাসকলৰ ত্রুটিবিচ্যুতি সঠিক ভাৱে বুজিবলৈ হ’লে সঠিক ৰাজনৈতিক চেতনা গঢ়ি তুলিব লাগিব, তেতিয়াহে নতুন ভাৰত গঢ় লৈ উঠিব।

Leave a Reply

Your email address will not be published. Required fields are marked *