ভেকুলীৰ যৌনতা আৰু নাদৰ ভেকুলী – (কৌশিক দাস)
(ক)
আমাৰ স্কুলীয়া জীৱনৰ কথা এটিৰে আলোচনা আৰম্ভ কৰিছোঁ।
“অসম আন্দোলন”-ত বিদ্যালয়সমূহ বন্ধ হৈ থকাৰ পাছৰ বছৰৰ কথা, আমি তেতিয়া অষ্টম শ্ৰেণীৰ ছাত্ৰ।বিজ্ঞানৰ পাঠ্যপুথিত “ভেকুলীৰ জীৱন বুৰঞ্জী” শীৰ্ষক এটি পাঠ আছিল। উক্ত পাঠটিত চমুকৈ আলোচনা কৰা হৈছিল ভেকুলীৰ প্ৰজননৰ বিষয়ে। পাঠ্যক্ৰমত প্ৰথমবাৰৰ বাবে ছাত্ৰসকলে পঢ়িবলৈ পাইছিল কোনো এটা প্ৰাণীৰ যৌন-জীৱনৰ বর্ণনা। অৱশ্যে জীৱৰ যৌনতাৰ বিষয়ে সেইটো প্ৰথম আনুষ্ঠানিক পাঠ নাছিল। তাৰ আগৰ বছৰটোত, সপ্তম শ্ৰেণীত “কৃত্ৰিম প্ৰজনন” শীৰ্ষক এটি পাঠ আছিল বিজ্ঞানৰ পুথিত। তাত মূলতঃ উদ্ভিদৰ কথা আলোচনা কৰা হৈছিল, ছাত্ৰ-ছাত্ৰীসকলে পাঠ্যপুথিত প্ৰথমবাৰৰ বাবে পঢ়িছিল গ্ৰেগৰ মেণ্ডেল নামৰ বিজ্ঞানীগৰাকীৰ মটৰ মাহৰ সেই বিখ্যাত পৰীক্ষাটিৰ কথা। সেইটো পাঠত কৃত্ৰিম প্ৰজননৰ জৰিয়তে জন্ম দিয়া দুবিধমান প্ৰাণীৰ—যেনে, টাইগন (Tigon)ৰ—নাম উদাহৰণ হিচাপে উল্লেখ কৰা হৈছিল মাত্ৰ।
“ভেকুলীৰ জীৱন বুৰঞ্জী” পাঠটি আলোচনা কৰাৰ দিনা শ্ৰেণীকোঠাৰ পৰিৱেশ অন্য দিনাতকৈ সলনি হৈ পৰিছিল। পাঠদানত সুনিপুণা নিয়মিত শিক্ষয়ত্ৰীগৰাকীৰ সলনি সেইদিনা শ্ৰেণীলৈ পঠাই দিয়া হৈছিল অন্য এগৰাকী শিক্ষকক। ছাত্ৰসকলৰ অনুচ্চ হাঁহি, ফিচিঙা-ফিচিঙি আদিৰ মাজেৰে বিব্ৰত শিক্ষকগৰাকীয়ে ওপৰে ওপৰে কথা কিছুমান কৈ শ্ৰেণীটো সামৰিছিল। যৌনতাৰ সংক্ৰান্তত সীমাহীন দ্বিধা, সংকোচ, লজ্জা আদিৰে ভাৰাক্ৰান্ত মানুহৰ ৰক্ষণশীল মনোভাব আছিল তাৰ প্ৰধান কাৰণ। তেনে পৰিৱেশত যৌনতাৰ বিষয়ে মুকলি আলোচনা আছিল অসম্ভৱ। দুদিনমানৰ পূৰ্বে (ছেপ্টেম্বৰ, ২০২০) একাংশ সচেতন লোকে উক্ত প্ৰসংগত সামাজিক মাধ্যমত প্ৰদান কৰা কিছুমান মত-মন্তব্য আদিৰ পৰা গম পোৱা গ’ল, সময়ৰ লগে লগে কিছু পৰিৱৰ্তন আহিলেও, যৌনতাৰ সংক্ৰান্তত আমাৰ মাজৰ পৰা সংকোচৰ ভাব আঁতৰি যোৱা নাই। যৌনতাৰ বিষয়ে মুকলিকৈ আলোচনা কৰিবলৈ সৰহভাগ মানুহে এতিয়াও অসহজ বোধ কৰে, বিষয়টোৰ ওপৰত যেন অলিখিত, স্বপ্ৰণোদিত আৰু অলংঘনীয় নিষেধাজ্ঞা আৰোপ কৰি থৈছে!
অথচ, যৌনতাৰ সংক্ৰান্তত বাস্তৱ সত্যটো কি? আহাৰ আৰু নিদ্ৰাৰ পাছতেই যৌনতা হৈছে মানৱ-জীৱনত অতিশয় সক্ৰিয় হৈ থকা, স্বাভাবিক জীৱনৰ বাবে অপৰিহাৰ্য এটা অমিত শক্তিশালী জৈৱিক প্ৰবৃত্তি। বয়স (তৰুণ-তৰুণী-বৃদ্ধ-বৃদ্ধা), লিংগ (নাৰী-পুৰুষ আদি), নৃজাতিগোষ্ঠী (মংগোলীয়-ককেচীয় আদি) নিৰ্বিশেষে এইটো এটা সাৰ্বজনীন জৈৱিক-মনস্তাত্বিক সত্য। এইখিনিতেই কৈ থোৱা ভাল, আলোচ্য প্ৰসংগত যৌনতাৰ কথাটোৱে বিবিধ আৰু বৈচিত্ৰ্যপূৰ্ণ যৌনক্ৰিয়াসম্ভূত তীব্ৰ অনুভূতিৰ আৰোহন-অৱৰোহনৰ (Ejaculation / Orgasm) শাৰীৰিক পৰিমণ্ডলতেই মাত্ৰ সীমাবদ্ধ হৈ নাথাকি, তাৰ বাহিৰৰ বিশাল জগত এখনৰ কথাকো সাঙুৰি লয়।
যৌনতাৰ বিশেষ দিশ এটিৰ গুৰুত্ব বুজিবলৈ প্ৰকৃতিত সহজতেই পৰিলক্ষিত হোৱা কথা এটিলৈ লক্ষ্য কৰা যাওক। প্ৰজাতি এটা পৃথিৱীত বৰ্তি থাকিবলৈ হ’লে প্ৰজাতিটোৰ সদস্য-সদস্যাসমূহ জীয়াই থাকিব লাগিব। তাৰ বাবে প্ৰজাতিটোৰ হাতত থাকিব দুটা সম্ভাব্য, প্ৰকল্পিত (Hypothetical) উপায়। প্ৰথম, প্ৰজাতিটোৰ সকলো সদস্য-সদস্যা অমৰ হৈ থাকিব লাগিব। বাস্তৱত বহুতো কাৰণতেই এইটো অসম্ভৱ। সম্ভৱ হ’ব বুলি ধৰি ল’লেও, কথাটো শেষ বিচাৰত বৰ এটা ফলপ্ৰসূ নহ’ব। কিয়নো অমৰ সদস্য-সদস্যাৰে গঠিত তেনে জনসমষ্টিৰ মাজত বংশগতিৰ মাধ্যমেৰে জৈৱিক-চৰিত্ৰৰ বৈচিত্ৰ্য-বৃদ্ধিৰ কোনো পথ উন্মুক্ত হৈ নাথাকিব। গতিকে, হঠাতে আঘাত হনা কোনো কাৰকে—যেনে জলবায়ুৰ আমূল পৰিৱৰ্তন, কোনো নতুন জীৱাণু-বিষাণুৰ আক্ৰমণ আদিয়ে— সমূহ সদস্য-সদস্যাৰ অমৰত্বৰ মৃত্যু ঘটাই, সমগ্ৰ প্ৰজাতিটোকেই নি:শ্চিন্ন কৰি পেলাব পাৰে। দ্বিতীয় উপায়টো হৈছে নতুন প্ৰজন্মৰ জন্ম দিয়া। এই দ্বিতীয় পন্থাটো প্ৰকল্পিত প্ৰথম উপায়টোতকৈ—প্ৰজাতি এটা বৰ্তি থকাৰ কথাটো বিবেচনা কৰিলে— বহু গুণে শ্ৰেয়, আৰু প্ৰকৃতিত সেয়াই দেখা যায়। ইয়াৰ বাবে প্ৰজনন নামৰ এটা জৈৱিক প্ৰক্ৰিয়াৰ প্ৰয়োজন হয়। প্ৰজননৰ ফলত সন্তানৰ জন্ম হয়, প্ৰজাতি এটাৰ বংশ বিস্তাৰ ঘটে। সকলোৱে জানে, জীৱৰ প্ৰজননৰ দুটা মূল প্ৰকাৰ বিদ্যমান; অযৌন প্ৰজনন আৰু যৌন প্ৰজনন। প্ৰথমবিধৰ কথা এই আলোচনাত অপ্ৰাসংগিক; যৌনতা দ্বিতীয় বিধৰ সৈতেহে সম্পৰ্কিত।
অনুন্নত জীৱসমূহৰ বাহিৰে যৌন-প্ৰজনন হৈছে প্ৰজাতি এটা পৃথিৱীত বৰ্তি থকাৰ প্ৰধান পন্থা। এই যৌন-প্ৰজননৰ প্ৰসংগত যৌন-প্ৰবৃত্তিৰ কথাটো অনিবাৰ্যভাৱে আলোচনাৰ মাজলৈ আহি পৰে। কথাটো সহজকৈ বুজিবলৈ প্ৰসংগান্তৰৰ উদাহৰণ এটি লোৱা যাওক। ভোক লাগিলে প্ৰাণী এটাই খাদ্য ভক্ষণ কৰে। দেখদেখকৈ খাদ্য ভক্ষণ কৰাটো এটা ক্ৰিয়া, কিন্তু সেই ক্ৰিয়া সম্পাদনৰ আঁৰৰ চালিকা শক্তি হৈছে ক্ষুধা নামৰ এটি কাৰক। তেনেদৰেই প্ৰজনন আকাংক্ষী যৌনক্ৰিয়াৰ আঁৰৰ নিৰ্ণায়ক চালিকা শক্তি হৈছে এবিধ জটিল জৈৱিক কাৰক, যাক আমি যৌন-প্ৰবৃত্তি বুলি ক’ব পাৰোঁ। যৌন-প্ৰবৃত্তি নিৰালম্ব উৎসসম্ভূত নহয়, জৈৱ-বিৱৰ্তনৰ ফলতহে সি বিকশিত হৈ আহিছে। অলপ গমি চালেই ধৰিব পাৰি, মৌমাখি আদিৰ দৰে কিছুমান ব্যতিক্ৰমৰ কথা বাদ দিলে, উন্নত জীৱৰ প্ৰজনন-প্ৰক্ৰিয়াটো অনুন্নত জীৱসমূহতকৈ বহুগুণে জটিল। বিৱৰ্তনীয় স্তৰত জীৱবোৰ জটিল হৈ অহাৰ লগে লগে জীৱটোৰ যৌনপ্ৰবৃত্তিও জটিলতৰ হৈ পৰে।
এই যৌন-প্ৰবৃত্তি প্ৰজাতি এটাৰ অস্তিত্বৰ সৈতে অংগাংগীভাৱে সম্পৰ্কিত। হ’ম’ চেপিয়ান্স, অৰ্থাৎ মানৱ-প্ৰজাতিটোও তাৰ ব্যতিক্ৰম নহয়। হ’লেও, মানুহৰ সৈতে অন্যান্য প্ৰাণীৰ যৌনজীৱনৰ এটা ডাঙৰ পাৰ্থক্য আছে। এই কথাটোলৈ সতৰ্কতাৰে লক্ষ্য কৰা যাওক। কোৱা বাহুল্য, প্ৰাণীৰ সফল যৌন-প্ৰজননৰ পৰিণতিত সন্তান বা নতুন প্ৰজন্মই দৈহিক অস্তিত্ব লাভ কৰে। লগে লগে মন কৰিবলগীয়া কথা, একমাত্ৰ দৈহিক অস্তিত্বই এই সন্তানটিৰ বাবে শেষ কথা নহয়। জন্মৰ লগে লগে সন্তানটিয়ে দৈহিক অস্তিত্বৰ বাহিৰেও লাভ কৰে এটা সামাজিক অস্তিত্ব। প্ৰাণীৰ সামাজিক অস্তিত্বৰ ৰেহৰূপ, স্পষ্টতা আৰু প্ৰবলতা প্ৰজাতিভেদে বেলেগ বেলেগ হয়। কোনো প্ৰাণীৰ ক্ষেত্ৰত হয়তো এইটো তেনেই অস্পষ্ট আৰু ক্ষীণ; কোনো প্ৰাণীৰ ক্ষেত্ৰত হয়তো তেনে সামাজিক অস্তিত্ব জল্জল্-পট্পট্, পৰিষ্কাৰ। পক্ষীজাতীয় অস্তন্যপায়ী আৰু বান্দৰজাতীয় স্তন্যপায়ী প্ৰাণীলৈ উদাহৰণ হিচাপে চালেই আমি তেনে সামাজিক অস্তিত্বৰ ভিন্নতাৰ কথাটো পৰিষ্কাৰকৈ অনুধাৱন কৰিবলৈ সক্ষম হ’ম। কোনো কোনো প্ৰাণীৰ ক্ষেত্ৰত সামাজিক অস্তিত্ব মূৰ্ত হৈ থাকে মাত্ৰ যৌনসম্পৰ্কৰ মাজতহে। সাপজাতীয় সৰীসৃপলৈ লক্ষ্য কৰিলেই কথাটো বুজা যাব। মৌমাখি, পৰুৱা আদিৰ মাজত এই ক্ষেত্ৰত বৰ চিত্তাকৰ্ষক কথা কিছুমান দেখিবলৈ পোৱা যায়। এই ক্ষেত্ৰত মানুহ অন্য প্ৰাণীতকৈ বেলেগ।
মানুহৰ যৌনতা যৌন-প্ৰবৃত্তি কিম্বা যৌন-প্ৰজননৰ পৰিসীমাতেই আবদ্ধ হৈ থকা নাই। মানুহৰ ক্ষেত্ৰত যৌনতাৰ প্ৰসংগটো হৈ পৰিছে অতিশয় জটিল আৰু বহুমাত্ৰিক। এই বহু স্তৰীয়া বহুমাত্ৰিকতা মানৱ-সমাজখনৰ জটিল স্তৰবিন্যাস আৰু মানুহৰ উন্নত মগজুৰ সৈতে সম্পৰ্কিত। মূলতঃ মানৱ-সমাজখনৰ সামাজিক বিৱৰ্তনৰ ফলতেই মানুহৰ ডি.এন.এ-ত খোদিত হৈ থকা জৈৱিক যৌন-প্ৰবৃত্তি কালক্ৰমত উন্নত মগজুৰ যৌন-চেতনালৈ উন্নীত হৈ পৰিছে। মানুহৰ যৌন-চেতনা বিস্তাৰিত হৈ পৰিছে মানৱীয় কৰ্মকাণ্ডৰ বহুধাবিভক্ত বৈচিত্ৰ্যময় বিভিন্ন ক্ষেত্ৰলৈ; মানুহৰ যৌন-চিন্তাৰ প্ৰৱেশ ঘটিছে সাহিত্য-সংস্কৃতি-শিল্পকলাৰ বিস্তীৰ্ণ প্ৰাংগণত। যৌনতাক কলালৈ উত্তৰণ কৰাটো সমাজবদ্ধ মানুহৰ বাহিৰে অন্য জীৱৰ বাবে সম্ভৱ হোৱা নাই।
মানুহৰ সমাজবদ্ধতাৰ সৈতে যৌনতাৰ তেনে সম্পৰ্ক জটিল আৰু বহু স্তৰবিশিষ্ট। দেখদেখ কথা, ব্যক্তি এগৰাকীৰ বাবে যৌনতাপ্ৰদত্ত তৃপ্তি-অতৃপ্তিৰ কথাটো ব্যক্তিগত। কিন্তু তাৰ এটা সুস্পষ্ট সামাজিক দিশ আছে। সুবিধাৰ বাবে এটা উদাহৰণ লোৱা যাওক। বিসংগতিহীন সুস্থ যৌনতা ব্যক্তিৰ মানসিক স্বাস্থ্যৰ বাবে অপৰিহাৰ্য। অন্যহাতেদি, সমাজ এখনৰ সামগ্ৰিক সুস্থতা ব্যক্তি এগৰাকীৰ মানসিক স্বাস্থ্যৰ সৈতেও সম্পৰ্কিত। উদাহৰণটি অধিক স্পষ্ট কৰা যাওক। ধৰা হওক, ব্যক্তিবিশেষৰ বিকৃত-বিপৰ্যস্ত যৌনতাই তেওঁক ধৰ্ষণৰ বাবে প্ৰৰোচিত কৰিছে। এইটোক জানো একান্ত ব্যক্তিগত বিষয় বুলি গণ্য কৰা যাব? এই কথাটোৰ পৰা আমি যৌনতা যে মাত্ৰ এটি ব্যক্তিগত বিষয় নহয়, সেইটোৰ উমান পাওঁ। উনুকিয়াই থোৱা ভাল, যৌনতাৰ ক্ষেত্ৰত ব্যক্তি আৰু সমাজৰ সম্পৰ্কটো দ্বিমুখী। যৌন-সম্পৰ্ক আৰু যৌনমিলন মূলতঃ জৈৱিক প্ৰক্ৰিয়া হ’লেও, সমাজখনত প্ৰচলিত নৈতিক প্ৰমূল্য, আইন ব্যৱস্থা, ধৰ্মীয় দৃষ্টিকোণ, লিংগভিত্তিক ধাৰণা আদিয়ে তাক নিয়ন্ত্ৰণ কৰে। অৰ্থাৎ, বিশেষ এক কালপৰ্বত মানুহৰ যৌনতাৰ ৰেহৰূপ কি হ’ব, সেইটো সমাজখনেহে মূলতঃ নিৰ্ধাৰণ কৰি দিয়ে। অসুস্থ আৰু ক্ষতিকাৰক সামাজিক প্ৰমূল্যই ব্যক্তিৰ যৌনতাক বিকৃত আৰু বিধ্বস্ত কৰি পেলাব পাৰে। মানুহৰ বাহিৰে অন্য প্ৰাণীৰ ক্ষেত্ৰত তেনে হোৱা দেখা নাযায়।
বিৱৰ্তনীয় দৃষ্টিকোণৰ পৰা লক্ষ্য কৰিলে যৌনতাৰ এটা বৰ চিত্তাকৰ্ষক সামাজিক দিশ দেখা যায়। প্ৰত্যেক ব্যক্তিয়ে কঢ়িয়াই লৈ ফুৰে বিশিষ্ট গুণাৱলীৰ জীনৰ ভাণ্ডাৰ এটা, তেনে জীন বংশগতিৰ মাধ্যমেৰে পৰৱৰ্তী প্ৰজন্মলৈ প্ৰৱাহিত হয়। সমষ্টিগত দৃষ্টিকোণৰ পৰা কথাটো অতিশয় গুৰুত্ত্বপূৰ্ণ। এগৰাকী ব্যক্তিৰ জীনৰ ভাণ্ডাৰটো “ব্যক্তিগত”, সেইটো সঁচা। কিন্তু তাৰ লগে লগে আমি মনত ৰাখিব লাগিব, সেই “ব্যক্তিগত” জীনসমূহৰ এক সুদীৰ্ঘ ইতিহাস বিদ্যমান, সেইসমূহ হৈছে বহু যুগৰ, বহু পূৰ্বপুৰুষৰ যৌন কাৰ্যকলাপৰ বংশানুক্ৰমিক ফচল, নিজৰ শৰীৰত তেনে জীনৰ উপস্থিতিৰ বাবে—একমাত্ৰ বহন কৰি থকাৰ বাদে—সেই ব্যক্তিগৰাকীৰ নিজস্ব কোনো অৱদানেই নাই। গতিকে তেনে জীন পৰৱৰ্তী প্ৰজন্মলৈ বিস্তাৰ কৰাৰ পৰা বিৰত থকাটো—বৃহত্তৰ সামূহিক “প্ৰজাতিক অৱস্থান”-ৰ পৰা, বিৱৰ্তনীয় দৃষ্টিকোণৰ পৰা চালে— অপচয় বুলিহে পৰিগণিত হ’ব। মন কৰিব, কথাটো উপস্থাপন কৰা হৈছে সামগ্ৰিক বিৱৰ্তনীয় প্ৰেক্ষাপটত, ব্যক্তিগত ৰুচি-অভিৰুচি-ইচ্ছা-অনিচ্ছা-ব্যক্তিস্বাধীনতা-বাধা-বিপত্তি আদি কাৰকৰ বাবে কোনো ব্যক্তিবিশেষ প্ৰজননৰ পৰা বিৰত থকাৰ কথাটোৰ আলোচনাৰ পৰিসৰ বেলেগ। চিত্তাকৰ্ষক কথা, এই কাৰকসমূহ একান্ত ব্যক্তিগত যেন লাগিলেও, তাৰ সামাজিক উৎস আৰু তাৎপৰ্যৰো সন্ধান পোৱা যাব। ব্যক্তিগত স্তৰত প্ৰজনন আকাংক্ষী যৌনক্ৰিয়া মৌলিক প্ৰয়োজন নহয়, তেনে কাৰ্যৰ অবিহনে ব্যক্তিগত জীৱন থমকি নৰয়। কিন্তু প্ৰজাতি এটাৰ কথা বিবেচনা কৰিলে কথাটো তাৰ বিপৰীত, বিশ্ব চৰাচৰত বৰ্তি থাকিবলৈ প্ৰজননক্ষম যৌনসমন্ধ অত্যাৱশ্যকীয়। বংশানুক্ৰমিক জীন-প্ৰৱাহৰ বাবে সফল যৌন-সম্পৰ্ক, যৌনমিলন আৰু তৎজনিত সন্তান উৎপাদন অপৰিহাৰ্য।
(খ)
যৌনতা এটা অতিশয় জটিল আৰু বহুমাত্ৰিক বিষয়। সেইবাবেই, যৌনতাৰ সংক্ৰান্তৰ আলোচনা-বিলোচনাসমূহো অবিতৰ্কিত আৰু সৰ্বজনগ্ৰাহ্য নহয়। যৌনতাৰ সংক্ৰান্তৰ তেনে বিৰোধ-দ্বন্দ্বক দুটা ডাঙৰ ভাগত ভাগ কৰা যায়। যৌনতাৰ জৈৱিক দিশটোৰ ক্ষেত্ৰত বিজ্ঞানৰ কিছুমান অমীমাংসিত বিষয় আছে। স্বাভাবিকতেই তেনে বিষয়ত বিজ্ঞানীসকলৰ মাজত মতভেদ আছে। এটা উদাহৰণ দিছোঁ। নাৰীৰ যৌনৰাগমোচনৰ (Orgasm) বিৱৰ্তনীয় তাৎপৰ্য আৰু উপযোগিতা কি? এই প্ৰশ্নত বিজ্ঞানীসকলৰ মাজত মতবিৰোধ আছে। তেনে মতভেদ নিৰসন হোৱাটো সম্ভৱ। বিজ্ঞানৰ নতুন নতুন উদ্ভাৱন-আৱিষ্কাৰে তেনে বিতৰ্কৰ অৱসান ঘটাব, লগতে হয়তো নতুন প্ৰশ্ন-বিতৰ্কৰো উদ্ভৱ ঘটাব। বিজ্ঞানৰ অন্যান্য ক্ষেত্ৰত পৰিলক্ষিত হোৱাৰ দৰেই, যৌনতাৰ সংক্ৰান্ততো জীৱ-বৈজ্ঞানিক অগ্ৰগতি তেনেদৰেই চলি থাকিব। কিন্তু যৌনতাৰ প্ৰসংগত পৰিলক্ষিত হোৱা দ্বিতীয়বিধ দ্বন্দ্ব-বিৰোধ মতাদৰ্শগত; তেনে দ্বন্দ্ব-বিৰোধ সতকাই নিৰ্বাপিত হোৱা সম্ভৱ নহয়। উদাহৰণস্বৰূপে, যৌনতাৰ প্ৰসংগত নাৰী-পুৰুষৰ সমতাৰ প্ৰশ্নটোৰ উত্তৰৰ সন্ধানত মতাদৰ্শগত অৱস্থানে মুখ্য ভূমিকা গ্ৰহণ কৰে। তেনে ক্ষেত্ৰত অৱধাৰিতভাবে আলোচকভেদে—মতাদৰ্শ অনুসৰি—সিদ্ধান্তসমূহ বেলেগ বেলেগ হৈ পৰে। সমকামিতা, বহুগামিতা আদিৰ ক্ষেত্ৰতো কথাটো একেই। যৌনতাৰ বহুৰূপী স্বৰূপটোৰ কথা আলোচনা কৰোঁতে আমি মতাদৰ্শগত দিশটোৰ কথাও মনত ৰখা উচিত। কিয়নো, যৌনতাৰ প্ৰসংগত মতাদৰ্শগত বিৰোধ সাধাৰণতেই বিষয়টোৰ বহুমাত্ৰিকতাৰ পৰাহে উদ্ভূত বুলি ভুলকৈ ধাৰণা কৰা হয়। তথাকথিত বিশ্বায়নৰ পৰৱৰ্তী সময়ত তেনে দ্বন্দ্ব অধিক প্ৰকট হৈ পৰিছে। যৌনতাৰ প্ৰসংগত মুক্তচিন্তকসকলে বহুতো নতুন প্ৰশ্নৰ উত্থাপন কৰিছে বিভিন্ন দৃষ্টিকোণৰ পৰা। পৰিয়াল, একক বিবাহ, লিভিং টুগেদাৰ, বহুগামিতা, মুক্ত যৌনতা, প্ৰজননবিমুখ যৌন মিলন আদিৰ প্ৰসংগত অনেক প্ৰশ্ন উত্থাপিত হৈছে। পূৰ্বতে চিৰায়ত বুলি ধাৰণা কৰা নানান যৌন-প্ৰমূল্যৰ মূল ভিত্তিয়েই ক্ৰমাৎ হৈ পৰিছে সংশয়াচ্ছন্ন। এনে এক পটভূমিত মতাদৰ্শগত প্ৰশ্নটোক অগ্ৰাহ্য নকৰি বহুতো কথা পুনৰ্বিবেচনা কৰাৰ প্ৰয়োজন হৈ পৰিছে। নক’লেও হ’ব, তেনে আলোচনা-বিলোচনাৰ বাবে যুক্তি-আশ্ৰয়ী মুক্ত-চিন্তা এটা অপৰিহাৰ্য পূৰ্বচৰ্ত। দুখৰ কথা, যৌনতাৰ সংক্ৰান্তত তেনে যৌক্তিক আৰু মুকলি আলোচনাৰ বাবে প্ৰয়োজনীয় মানসিক পৰিমণ্ডল এটা আমাৰ ইয়াত এতিয়াও ঠন ধৰি উঠিব পৰা নাই। ইমান জৰুৰী বিষয় এটাক যথোচিত গুৰুত্ব দিয়াটো বাদেই, যৌনতাক প্ৰাপ্তবয়স্কৰ গোপন আলোচনাৰ বিষয় বুলিহে গণ্য কৰি আহিছে বহুতেই।
তাৎপৰ্যপূৰ্ণ কথা, প্ৰাচীনযুগৰ পৃথিৱীৰ বিভিন্ন সভ্যতাৰ সাংস্কৃতিক জগতত যৌনতাৰ প্ৰসংগত বেছ খোলামেলা পৰিৱেশ আছিল। তাৰ ব্যতিক্ৰম নাছিল এই ভাৰতীয় উপমহাদেশখনো। নাৰী-পুৰুষৰ কথা বাদেই, সমকামী যৌন-সম্পৰ্কৰ ক্ষেত্ৰতো সমাজত মুক্ততা আছিল এটা সময়ত। কথাটোৰ অজস্ৰ নিৰ্ভৰযোগ্য সাক্ষ্য পোৱা যায় প্ৰাচীন ভাৰতৰ সাহিত্য, শিল্প, ভাস্কৰ্য আদিৰ মাজত। দুখৰ কথা, এটা সময়ত ভাৰতৰ সামাজিক পৰিমণ্ডলৰ পৰা যৌনতাৰ সংক্ৰান্তত তেনে মুক্ততা অন্তৰ্হিত হৈ পৰিল। নাৰী-পুৰুষৰ যৌনতাৰ মাত্ৰ এবিধ বিশেষ ৰূপ বা ধৰণক “আদৰ্শ যৌন-প্ৰেম” বুলি প্ৰক্ষেপ কৰা বাগ্ধাৰা এটিয়ে সমাজত কেন্দ্ৰীয় স্থান দখল কৰিলে। নাৰী-পুৰুষ বুলি কোৱা হৈছে, কিয়নো সমকামী যৌনতাৰ সম্পৰ্কে চিন্তা কৰিবলৈ তেতিয়া আৰু কোনো সুযোগেই নাছিল, সমকামিতাক গণ্য কৰা হৈছিল অস্বাভাবিক, ঘৃণনীয়, আনকি অপৰাধ বুলি। উক্ত বাগ্ধাৰাই যৌন-প্ৰেমৰ এটি মাত্ৰ ৰূপক—দাম্পত্য প্ৰেমক—, প্ৰশ্নাতীতভাৱে আদৰ্শ আৰু আদৰণীয় বুলি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ’ল। মন কৰিবলগীয়া কথা, প্ৰচলিত সমাজ-সংস্কৃতিয়ে অনুমোদন নজনোৱা নৰ-নাৰীৰ মাজৰ যৌন-প্ৰেমক “অবৈধ” আখ্যা দি, তেনে সম্পৰ্কৰ ওপৰত এটা প্ৰমূল্যভিত্তিক কৰ্তৃত্বসুলভ সামাজিক মোহৰ এটাও মাৰি দিয়া হ’ল। এইটো অৱশ্যে বিশ্বব্যাপী পৰিলক্ষিত হোৱা পৰিঘটনা আছিল। ক্ষেত্ৰবিশেষে আকৌ দেহাতীত প্ৰেমক মহিমামণ্ডিত কৰাৰ যোগেদি মানুহৰ স্বাভাবিক যৌন-প্ৰবৃত্তিকেই প্ৰকাৰান্তৰে নস্যাৎ কৰা হ’ল। তেনে পটভূমিত যৌনতাৰ ক্ষেত্ৰত মুক্তচিন্তাৰ বিকাশ সম্ভৱ নাছিল।
অসমত আজিও যৌনতাৰ বিষয়টো অস্বস্তিকৰ বুলি গণ্য কৰা দেখা যায়। “যৌন-বিজ্ঞান”-ৰ নামত দুই-এখন পুথি ৰচিত হ’লেও বিষয়টোৰ বহুমাত্ৰিক দিশক আলোচনালৈ আনি গ্ৰন্থ প্ৰণয়ন কৰাৰ প্ৰচেষ্টা তেনেই কম। যুক্তিবাদী চিন্তাবিদ প্ৰসেনজিৎ চৌধুৰীদেৱৰ “নিষিদ্ধ প্ৰসংগ” নামৰ গ্ৰন্থখনি এইটো দিশত এক উজ্জ্বল ব্যতিক্ৰম। ১৯৮৯ চনত প্ৰকাশ হোৱা গ্ৰন্থখনিত সাধাৰণতেই নিষিদ্ধ বুলি বিবেচিত বিভিন্ন বিষয়ৰ যুক্তি-আশ্ৰয়ী বিচাৰ-বিশ্লেষণ কৰা হৈছে। যৌনতাৰ সংক্ৰান্ততো বিস্তাৰিত আলোচনা কৰা হৈছে। সাম্প্ৰতিক সময়ত দুই-এগৰাকী মুক্তচিন্তকে যৌনতাৰ বিষয়টোত বিক্ষিপ্তভাৱে চিত্তাকৰ্ষক প্ৰবন্ধ-পাতি ৰচনা কৰি আহিছে যদিও গ্ৰন্থাকাৰে সেইসমূহ সংকলিত হোৱা চকুত পৰা নাই। এইটো দিশত বিষয়টোৰ একক গ্ৰন্থ হিচাপে টুনুজ্যোতি গগৈৰ “পিৰীতিৰ নিছিগা ধাৰ” নামৰ পুথিখন এক ব্যতিক্ৰম।
যৌনতা বিষয়টোৰ জৈৱিক, মনস্তাত্বিক, আৰ্থ-সামাজিক, ঐতিহাসিক আদি বহুতো দিশ আছে, এই দিশসমূহো আকৌ জটিল আন্তঃসম্পৰ্কৰ জোঁটপোট লগা গ্ৰন্থিৰে গ্ৰন্থিত। বিশ্বায়নৰ পৰৱৰ্তী সময়ত সামাজিক প্ৰমূল্যসমূহৰ পৰিৱৰ্তন চকুত লগাকৈ দ্ৰুততৰ হৈ আহিছে। এই পৰিৱৰ্তনৰ ঘূৰ্ণাৱৰ্তৰ মাজত যৌনতা সমন্ধীয় শৰীৰতাত্ত্বিক, জৈৱ-ৰাসায়নিক, সামাজিক আৰু মনস্তাত্ত্বিক দিশসমূহৰ বিজ্ঞানসন্মত আলোচনা—বিশেষকৈ কিশোৰ-কিশোৰীসকলৰ বাবে— বৰ জৰুৰী হৈ পৰিছে। বয়ঃসন্ধিৰ কালত যৌনতাৰ প্ৰতি তীব্ৰ কৌতুহল এটা স্বাভাবিক কথা। তেনে কৌতুহল আৰু জিজ্ঞাসা যাতে বিজ্ঞানসন্মত উত্তৰেৰে নিৰসন কৰা হয়, তালৈ লক্ষ্য ৰখা যুগুত। বয়ঃসন্ধিৰ কালৰ স্বাভাবিক যৌন-জিজ্ঞাসাক হেঁচা মাৰি ৰখাৰ প্ৰয়াস ক্ষতিকাৰক। তেনে সময়ত কিশোৰ-কিশোৰীসকলৰ বাবে এনে এটা পৰিৱেশ লাগে, য’ত তেওঁলোকে মুকলি মন এটাৰে নতুন জগতখনিত ভৰি দিবলৈ প্ৰস্তুত হ’ব পাৰে। মনত ৰখা ভাল, কিশোৰ-কিশোৰীসকলে বয়সে কঢ়িয়াই অনা তেনে তীব্ৰ যৌন-কৌতুহল নিৰসনৰ বাবে প্ৰয়াস কৰি যাবই। তেনে সময়ত যদি বিজ্ঞানসন্মত আলোচনাৰ পৰা তেওঁলোকক আঁতৰাই ৰখা হয়, তেনেহ’লে নানান বিসংগতিপূৰ্ণ উৎসৰ পৰা অহা ভ্ৰান্ত আৰু ক্ষতিকৰ ধাৰণা কিছুমান তেওঁলোকৰ মনত শিপাই যায়। এই কথাটোৱে তেওঁলোকৰ পৰৱৰ্তী যৌন-জীৱনত নেতিবাচক প্ৰভাৱ পেলোৱাৰো সম্ভাৱনা থাকে। গতিকে তেওঁলোকৰ মাজত মুকলি আৰু বিজ্ঞানসন্মত যৌন-শিক্ষাৰ প্ৰসাৰ বৰ জৰুৰী। এই ক্ষেত্ৰত যথেষ্ট সতৰ্কতাৰে—জীৱ-বিজ্ঞানী, মনস্তাত্ত্বিক, সমাজ-বিজ্ঞানী আদিৰ সন্মিলিত প্ৰচেষ্টাত— কাৰ্যপন্থা প্ৰণয়ন কৰা উচিত। অৱশ্যে তেনে কাৰ্যপন্থা স্থান-কাল-পাত্ৰ অনুসৰি নমনীয় হোৱা যুগুত হ’ব। কিন্তু এইক্ষেত্ৰত বাস্তৱৰ প্ৰত্যাহ্বান বৰ শক্তিশালী। কিয়নো, মানৱ-যৌনতাৰ কথা বাদেই, ভেকুলীৰ প্ৰজননৰ সাধাৰণ পাঠ এটাৰ পাঠদান কৰাৰো উপযুক্ত মুকলি পৰিৱেশ আৰু মন এতিয়াও আমাৰ মাজত গঢ় লৈ উঠা নাই। এনে মানসিক জাড্যৰ ওপৰত মুক্ত-চিন্তাৰ প্ৰচণ্ড অভিঘাত হানিব নোৱাৰিলে আমাৰ মনবোৰ নাদৰ ভেকুলী হৈয়েই থাকি যাব।
বৰ্তমানৰ কালৰূপী বহুজাতিক বিশ্ব পুঁজিবাদী আগ্ৰাসনৰ জটিল সন্ধিক্ষণত, সমাজত সৃষ্টি হোৱা বিকৃত যৌনাচাৰ , মানৱতাৰ প্ৰতি এক অভিশাপ ৰূপেই চিহ্নিত কৰিব পাৰি। সমাজৰ এই সংকটকালত যিকোনো আধুনিক মনৰ দায়িত্বশীল ব্যক্তিৰ বাবে এই গুৰুত্বপূৰ্ণ অথচ সংবেদনশীল বিষয়বোৰৰ বস্তুনিষ্ট , বৈজ্ঞানিক আলোচনা জৰুৰী বুলি ভাবো। সেই পৰিপ্ৰেক্ষিতত “মুক্ত চিন্তা”ৰ এই সম্পাদকীয় অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হব। যদিও এই লেখাটো আৰম্ভণিহে। লেখকে বিষয়টোৰ বহুমাত্ৰিক দিশৰ জটিলতা আৰু প্ৰত্যাহ্বানৰ কথা উল্লেখ কৰিছেই। আমি ভাবো, এই জটিলতাবোৰৰ মাজত আৰ্থ-ৰাজনৈতিক কুটিল ধান্দাবাজ তথা নব্য-সামন্তিয় আগ্ৰাসন অন্যতম। মানুহৰ এই মৌলিক অধিকাৰক লৈ কৰা নিকৃষ্ট ‘খেলখন’ৰ অন্ত পেলোৱাৰ লগত , স্বাভাৱিকতে ” নতুন সমাজ”ৰ স্বপ্ন দেখা মানুহবোৰে নিশ্চয় আগভাগ লব লাগিব।
কাৰ্ল মাৰ্ক্সে মানুহৰ যৌন সম্পৰ্কৰ সংক্ৰান্তত কৈছিল… “one can…judge man’s whole level of development…the relationship of man to woman is the most natural relation of human being to human being. It therefore reveals the extent to which man’s natural behavior has become human.”
Very important topic. Still most of we are not open enough to discuss on sex education . Now, it is high time to start it at least from our home.
গুৰুত্বপূৰ্ণ বিষয় এটাৰ বাস্তৱসন্মত আৰু অতি সূক্ষ্ম বিশ্লেষণ সহজভাৱে দাঙি ধৰিছে। যৌনতাৰ বিষয়টোক লৈ আমাৰ সমাজখনৰ গৰিষ্ঠ সংখ্যকে এতিয়াও নিলগত অৱস্থান গ্ৰহণ কৰাতো কোনো কাৰণতে শুভ লক্ষণ নহয়।
আজিৰ দিনত যৌনতা বিষয়টোৰ বিস্তাৰিত পৰ্যালোচনা অতিকৈ জৰুৰী। উঠি অহা প্ৰজন্মৰ মাজত বিজ্ঞানমনস্কতা বঢ়াবলৈ আৰু অনুসন্ধিৎসু মনৰ চাহিদা পূৰণ কৰাৰ লগতে, এখন সুস্থ সমাজ গা কৰি উঠিবলৈ যৌনতা বিষয়টোত খোলা মঞ্চ এখনৰ প্ৰয়োজন আহি পৰিছে। এই লেখাটো ইমান সুন্দৰকৈ উপস্থাপন কৰা হল, পঢ়ি বৰ ভাল পালোঁ।
ৰক্ষণশীল সমাজখনৰ এলান্ধুকলীয়া চিন্তাধাৰা আঁতৰাবলৈ আৰু লগতে মুক্তচিন্তাৰে পৰিচালিত এখন সুস্থ সমাজ গঢ়িবলৈ লেখাটোৱে অৱশ্যেই অৱদান আগবঢ়াব।
এই বিষয়টো ভাৰতীয় সমাজব্যৱস্হা আৰু উন্নত বিশ্বৰ সমাজ ব্যৱস্হা সাপেক্ষ্যে বিভাজিত ভাৱেও অধ্যয়ণৰ প্ৰয়োজন আছে বুলি ভাবোঁ ৷