ভৰহীন পোহৰ কণিকাক কৃষ্ণগহ্বৰে কেনেকৈ প্ৰভাৱিত কৰে? ।। ভাৰ্গৱ বৰঠাকুৰ
মুক্ত চিন্তা, ১০ম বছৰ, ৬ষ্ঠ সংখ্যা
বিশ্ববিশ্ৰুত বিজ্ঞানী ছাৰ আইজাক নিউটনৰ বিশ্বজনীন মহাকৰ্ষণ বলৰ তত্ত্বই প্ৰকৃতিৰ পৰিঘটনাসমূহক গাণিতিক মাধ্যমেৰে অভিনৱ ৰূপত তুলি ধৰিছিল। নিউটনৰ মহাকৰ্ষণ তত্বৰ দ্বাৰাই আমি গম পালোঁ পৃথিৱীত কিয় প্ৰতিটো বস্তু ওপৰৰ পৰা তললৈ সৰি পৰে। মহাকৰ্ষণ বলৰ বাবেই যে চন্দ্ৰই পৃথিৱীক প্ৰদক্ষিণ কৰি থকাৰ দৰে আন গ্ৰহবোৰেও সূৰ্যক প্ৰদক্ষিণ কৰি থাকে সেই কথা বুজিলোঁ। এই মহাকৰ্ষণ বলৰ বাবেই ব্ৰহ্মাণ্ডৰ আন প্ৰতিটো বস্তুয়ে পাৰস্পৰিক আকৰ্ষণেৰে এক নিৰ্দিষ্ট কক্ষপথত গতি কৰি থাকে। নিউটনৰ তত্ত্ব কিছুপৰিমানে সহজ আৰু সৰল আছিল, তেওঁৰ মতে মহাকৰ্ষণ দুটা বস্তুৰ মাজত হোৱা ‘আকৰ্ষণ’ বল। যাৰ মান উলিয়াবলৈ আমাক বস্তু দুটাৰ ভৰ আৰু সিহঁতৰ মাজৰ দূৰত্ব আৰু এটা মহাকৰ্ষণিক ধ্ৰুৱকৰ প্ৰয়োজন হয়। এই তত্ত্বই আমাক মহাকৰ্ষণ সম্পৰ্কীয় প্ৰায় সকলোবোৰ সমস্যাৰ সমাধান দিছিল। কিমান বেগত বস্তু এটাক উলম্ব দিশত দলিয়ালে ই পৃথিৱীৰ মধ্যাকৰ্ষণিক শক্তিৰ পৰা মুক্তহৈ অসীম দূৰত্ব অতিক্ৰম কৰিব পাৰিব অৰ্থাৎ বস্তুটোৰ পলায়ন বেগ (escape velocity) কিমান হ’ব লাগিব সেই কথাও নিউটনৰ বিখ্যাত গাণিতিক সূত্ৰবোৰে সঠিক ৰূপত দেখুৱাইছিল৷ যাৰ ফলত আমি পৃথিৱীৰ মধ্যাকৰ্ষণ বলৰ পৰা মুক্ত কৰি মহাকাশত ৰকেট পঠাবলৈ সক্ষম হ’লো। চন্দ্ৰ, মংগল আদি গ্ৰহলৈ মহাকাশযান পঠাবলৈ নিউটনৰ তত্ত্বই ব্যৱহাৰ হৈ আছে। এতিয়াও আমি প্ৰায় সকলোতেই নিউটনীয় তত্ত্বৰে প্ৰয়োগ কৰি আছোঁ। তথাপিও নিউটনীয় তত্ত্বৰ বিশেষ কিছুমান সীমাবদ্ধতা আছে।
নিউটনীয় তত্ত্বত মহাকৰ্ষণক দূৰৈত ক্ৰিয়া কৰিব পৰা এবিধ ‘আকৰ্ষণ’ বল বুলি ধৰা হয়। কিন্তু মহাকৰ্ষণ বলে কিদৰে কাম কৰে সেই ব্যাখ্যা নিউটনৰ মহাকৰ্ষণ তত্ত্বই সঠিকভাৱে বুজাব পৰা নাছিল। অৰ্থাৎ কোনো মাধ্যমৰ সহায় নোহোৱাকৈ এটা চেতনাহীন নিৰ্জীৱ বস্তুৱে হাজাৰ হাজাৰ মাইল দূৰত্বত থকা চেতনাহীন নিৰ্জীৱ বস্তু এটাক আকৰ্ষণ কৰে কেনেকৈ? নিউটনৰ মহাকৰ্ষণ তত্ত্বৰ আন এটা সীমাবদ্ধতা হ’ল—চন্দ্ৰই পৃথিৱীৰ পৰা এটা নিৰ্দিষ্ট দূৰত্বত আৰু এটা নিৰ্দিষ্ট কক্ষপথত থাকিহে ‘কিয়নো’ প্ৰদক্ষিণ কৰি আছে ইয়াৰ ব্যাখ্যা আমি নাপাওঁ। তদুপৰি নিউটনীয় তত্ত্বক অতি জটিল মহাজাগতিক পৰিঘটনা যেনে: কৃষ্ণগহ্বৰ অথবা নিউট্ৰন তৰা আদিৰ ক্ষেত্ৰত প্ৰয়োগ কৰিবলৈ কিছুমান অসুবিধা আছে। একেটা তত্ত্বৰে ইমানবোৰ দুৰ্বলতা কোনো তত্ত্ববিদৰে সহনীয় নহয়। সেয়েহে পৰৱৰ্তী সময়ত আইনষ্টাইনে নিউটনীয় তত্ত্বৰ দুৰ্বলতাবোৰ আঁতৰাবলৈ চেষ্টা কৰিলে। আৰু উদ্ভাৱন হ’ল আপেক্ষিকতাবাদৰ বিখ্যাত সিদ্ধান্তটো। আইনষ্টাইনৰ আপেক্ষিকতাবাদে নিউটনৰ মহাকৰ্ষণ তত্ত্বত থকা সীমাবদ্ধতাৰ প্ৰাচীৰ ভাঙি মহাবিশ্বক নতুনকৈ চোৱাৰ এক সুকীয়া দৃষ্টিকোণৰ লগতে বিজ্ঞানৰ সৃষ্টিশীলতাৰ ধাৰাবাহিকতাক পুনৰুদ্ধাৰ কৰিলে। আচলতে এই সীমাবদ্ধতাৰ দেউল ভাঙি গতিশীলতাৰ ধ্বজা কঢ়িয়াই নিয়াই হৈছে বিজ্ঞানৰ সৌন্দৰ্য। এইখিনিতে উল্লেখ কৰা ভাল হ’ব যে—আইনষ্টাইনে নিউটনীয় পদাৰ্থবিজ্ঞানত থকা বহুতো ধাৰণা সলনি কৰিলেও, ই নিউটনীয় তত্ত্বক ভুল প্ৰমাণিত কৰা নাই। দেখা যায় বৈজ্ঞানিক তত্ত্বৰ এনে সীমাবদ্ধতাক অস্ত্ৰ হিচাপে লৈ তথাকথিত ধৰ্মগুৰু, আধ্যাত্মিক গুৰুৱে সহজেই বিজ্ঞানক সমালোচনা কৰিবলৈ চেষ্টা কৰে। কিন্তু সেইসকলে বুজা উচিত এটা তত্ত্বৰ ওপৰত নিৰ্ভৰ কৰি আন এটা তত্ত্বৰ সৃষ্টি হ’লে, নতুন তত্ত্বটোৱে পুৰণা তত্ত্বটোক ভুল প্ৰমাণিত নকৰে, ই মাথোঁ পুৰণি তত্ত্বটোৰ প্ৰয়োগ স্থান আগতকৈ বহলহে কৰে। বিজ্ঞানৰ সৌন্দৰ্য ইয়াতেই! যিটো ধৰ্ম বা আন পন্থাত নাই।
১৯১৫ চনত আইনষ্টাইনে সাধাৰণ আপেক্ষিকতাবাদৰ দ্বাৰা মহাকৰ্ষণ বল প্ৰকৃততে কি আৰু ই কেনেকৈ কাম কৰে তাৰ ব্যাখ্যা আগবঢ়াইছিল। সাধাৰণ আপেক্ষিকতাবাদত মহাকৰ্ষণ ব্যাখ্যা কৰা হয় চতুৰ্থপ্ৰস্থীয় স্থান-সময়ৰ বক্ৰতাৰ এক পৰিণাম হিচাপে। আইনষ্টাইনৰ মতে পদাৰ্থৰ উপস্থিতিয়ে স্থান-সময়ক (Space-time) ওখোৰা-মোখোৰা কৰি পেলায়। কোনো জলচৰ প্ৰাণীয়ে স্থিৰ জলভাগত বিচৰণ কৰিলে জলপৃষ্ট যেনেকৈ লৰচৰ হয়, ঠিক তেনেকৈ পদাৰ্থৰ উপস্থিতিয়েও স্থান-সময়ৰ গঠন ওখোৰা-মোখোৰা কৰি পেলায়। কথাটো ভালদৰে বুজিবলৈ এটা সাধাৰণ উদাহৰণ লোৱা যাওক। ফিটফিটিয়াকৈ বান্ধি থোৱা কাপোৰ এখনত, আমি যদি এটা গধুৰ বল ৰাখোঁ, সি নিজৰ ভৰৰ বাবে সেই স্থানত কাপোৰখন কিছু তললৈ নমাই দিব৷ সেই গধুৰ বলটোৰ কাষত যদি আন এটা তাতকৈ তুলনামূলকভাৱে পাতল বল ৰাখোঁ, দেখিম সিও নিজৰ ভৰ অনুসৰি কাপোৰখন তললৈ নমাই দিব৷ অৰ্থাৎ ফিটফিয়াকৈ বান্ধি ৰখা কাপোৰখনত বল দুটাৰ ভৰে দুটা গাঁতৰ দৰে সৃষ্টি কৰিব৷ যিহেতু গধুৰ বলটোৱে কাপোৰখন বেছি তললৈ হেঁচা দিব গতিকে তাৰ কাষত থকা পাতল বলটোৱে গধুৰ বলটোৰ চাৰিওফালে ঘূৰিবলৈ বাধ্য হ’ব৷ ঠিক এনেদৰেই আমাৰ পৃথিৱীখনো সূৰ্যৰ চাৰিওফালে ঘূৰি আছে। হয়তো বহুতেই ভাবিব পাৰে পৃথিৱীখনে এনেদৰে সূৰ্যৰ চাৰিওফালে ঘূৰি থাকোঁতে চোন সূৰ্যক খুন্দা মাৰিব লাগিছিল? আচলতে পৃথিৱীয়েও নিজৰ ভৰৰ বাবে স্থান-সময়ক কিছু বক্ৰ কৰি ৰাখিছে যাৰ বাবে সূৰ্য আৰু পৃথিৱীৰ মাজত এক সন্তুলনৰ সৃষ্টি হৈছে। আৰু এই সন্তুলন বজাই ৰাখিয়ে পৃথিৱীৰ দৰে গ্ৰহবোৰে তুলনামূলকভাৱে অত্যাধিক ভৰৰ ব্ৰহ্মাণ্ডীয় পদাৰ্থবোৰৰ চাৰিওফালে ঘূৰি আছে। এতিয়া মহাকৰ্ষণ সম্পৰ্কে নিউটন আৰু আইনষ্টাইনীয় ধাৰণাৰ পাৰ্থক্যটো এটা উদাহৰণেৰে বুজিবলৈ চেষ্টা কৰোঁ আহক। উদাহৰণস্বৰূপে — চহৰ এখনৰ ওখোৰা-মোখোৰা ৰাস্তা এটাত ল’ৰা এজনে মাৰ্বল খেলি আছে। ৰাস্তাৰ কাষৰ অট্টালিকা এটাৰ দহমহলাত থকা মানুহ এজনে ৰাস্তাটো যে ওখোৰা-মোখোৰা সেই কথা ধৰিব নোৱাৰিব। গতিকে ওপৰৰ পৰা চাই থকা মানুহজনে দেখিব যে মাৰ্বলটোৱে কেতিয়াবা ৰাস্তাটো স্পৰ্শ কৰিছে, কেতিয়াবা আকৌ স্পৰ্শ নকৰাকৈয়ে আঁতৰি গৈছে। মানুহজনে ৰাস্তাটোৰ ওখোৰা-মোখোৰা অৱস্থাটো ধৰিব নোৱৰা বাবে ভাবিব যে মাৰ্বলটোৰ ওপৰত কোনো অদৃশ্য বলে ক্ৰিয়া কৰিছে, যাৰ ফলত সি কিছু অংশলৈ আকৰ্ষিত হৈছে আৰু কিছু অংশৰ পৰা আঁতৰি আহিছে। কিন্তু অট্টালিকাটোৰ একেবাৰে তলৰ মহলাত থকা মানুহ এজনে মাৰ্বলটোৰ ওপৰত যে কোনো ‘অদৃশ্য বলে’ ক্ৰিয়া কৰাৰ বাবে এনে হোৱা নাই, বৰঞ্চ ৰাস্তাটো ওখোৰা-মোখোৰা হোৱা বাবেহে মাৰ্বলটোৰ ব্যৱহাৰ এনে হৈছে বুলি সহজে বুজিব পাৰিব। এই উদাহৰণটোত ওপৰৰ মহলাত থকা মানুহজনে নিউটনীয় যুক্তিত আৰু তলৰ মহলাত থকা মানুহজন আইনষ্টাইনীয় যুক্তিত বিশ্বাসী।
আপেক্ষিকতাবাদৰ বিকাশৰ আগতে বুধগ্ৰহৰ কক্ষপথটো বিজ্ঞানীসকলৰ বাবে এক সাঁথৰ আছিল। কাৰণ বুধগ্ৰহৰ কক্ষপথটোৰ ঘূৰ্ণনৰ ব্যাখ্যা নিউটনৰ মহাকৰ্ষণবাদেও দিব পৰা নাছিল। পৰ্যবেক্ষণৰ দ্বাৰা বিজ্ঞানীসকলে দেখিছিল যে বুধ গ্ৰহৰ উপবৃত্তাকাৰ কক্ষটো স্থিৰ হৈ নাথাকে। বুধগ্ৰহৰ কক্ষপথ যদিও সম্পূৰ্ণ উপবৃত্তাকাৰ, পেৰিহেলিয়ন (Perihelion) কিন্তু সালসলনি হৈ থাকে (পেৰিহেলিয়ন হৈছে উপবৃত্তাকাৰ কক্ষপথত থকা গ্ৰহ বা আন ব্ৰহ্মাণ্ডীয় বস্তুৰ সূৰ্যৰ পৰা নিকটতম দূৰত্ব)। তদুপৰি ইয়াৰ আগতো ইউৰেনাচ গ্ৰহৰ লগতো একেই সমস্যাৰ সৃষ্টি হৈছিল। ইউৰেনাচ গ্ৰহটোৰ কক্ষপথত দেখা দিয়া বিভিন্ন সালসলনিৰ ওপৰত ভিত্তি কৰিয়েই বিজ্ঞানীসকলে তাত নেপচুন গ্ৰহৰ উপস্থিতিৰ সম্পৰ্কে নিখুঁত ভৱিষ্যতবাণী দিছিল। সেই অনুসৰি বিজ্ঞানীসকলে অনুমান কৰিছিল বুধগ্ৰহৰ ক্ষেত্ৰতো হয়তো এনে এটা গ্ৰহ থাকিব লাগে যি নেপচুনৰ দৰে লুকাই আছে। যাক আমি দেখা নাই অথচ ইয়াৰ মহাকৰ্ষণ বলৰ প্ৰভাৱে বুধগ্ৰহৰ কক্ষপথত অস্বাভাৱিক সালসলনি কৰিছে! আৰম্ভ হ’ল নতুন গৱেষণাৰ। বিজ্ঞানীসকলে সেই অদৃশ্য গ্ৰহটো বিচৰাত লাগিল। আনকি এই অনুমানভিত্তিক (Hypothetical) গ্ৰহটোৰ নামো দিয়া হ’ল ‘ভলকান’ (Vulcan) নামেৰে। বিজ্ঞানীসকলে পদাৰ্থবিজ্ঞানৰ ধ্ৰুপদী তত্ত্বসমূহ খটুৱাই ব্যাখ্যা কৰিবলৈ চেষ্টা কৰা হৈছিল যদিও কোনেও এই কামত সাফল্য লাভ কৰিব পৰা নাছিল। পৰৱৰ্তীসময়ত আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ তত্বই এই ৰহস্যৰ ওৰ পেলালে। আপেক্ষিকতাবাদী বলবিজ্ঞান অনুসৰি সূৰ্যৰ দৰে বিশাল ভৰৰ পদাৰ্থবোৰে তাৰ কাষৰীয়া স্থান-সময়ক (Space-time) বক্ৰ কৰে। যিহেতু বুধগ্ৰহ সূৰ্যৰ নিকটতম দূৰত্বত অৱস্থিত গতিকে এই ‘বক্ৰ স্থান-সময়’ৰ প্ৰভাৱো বুধগ্ৰহৰ ওপৰত বেছিকৈ পৰিব। সেয়েহে বুধ গ্ৰহৰ কক্ষপথটো স্থিৰ উপবৃত্তাকাৰ নহয়, পেৰিহেলিয়নত ইয়াৰ মান সালসলনি হৈ থাকে। পৰৱৰ্তী সময়ত তাত্বিকভাৱে গণনা কৰি উলিওৱা মান আৰু পৰীক্ষামূলকভাৱে পোৱা মানৰ সৈতে একেই পোৱা গ’ল। অৰ্থাৎ আইনষ্টাইনৰ মহাকৰ্ষণবাদৰ যি তাত্ত্বিক অনুমান পৰৱৰ্তী সময়ত ই সঁচা প্ৰমাণিত হ’ল। এইদৰেই আপেক্ষিকতাবাদে জ্যোতিৰ্বিজ্ঞানৰ এটা পুৰণি সমস্যাক সন্তোষজনক সমাধান দি নিউটনীয় তত্ত্বৰ ওপৰত নিজৰ শ্ৰেষ্ঠতা প্ৰমাণ কৰিছিল। ইয়াৰোপৰি আইনষ্টাইনৰ সাধাৰণ আপেক্ষিকতাবাদে ভৱিষ্যতবাণী কৰা মহাকৰ্ষণিক লেন্সিং, মহাকৰ্ষণিক তৰংগৰ কথাও পৰৱৰ্তী সময়ত সঁচা প্ৰমাণিত হৈছিল। সেয়েহে আজি আমি মহাকৰ্ষণক ভালদৰে বুজিবলৈ নিউটনীয় তত্ত্বক নহয় আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ তত্ত্বক ব্যৱহাৰ কৰোঁ।
আশাকৰোঁ আপোনালোকে আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ স্থান-সময়ৰ ধাৰণাক কিছুপৰিমাণে হ’লেও বুজি পালে। এতিয়া আমি শিৰোনামৰ মূল বিষয়টোলৈ উভতি যাওঁ আহক। কৃষ্ণগহ্বৰৰ (Black Hole) কথা বুজাবলৈ যাওঁতে সকলোৱে কয় কৃষ্ণগহ্বৰৰ মাজেদি পোহৰো সাৰি যাব নোৱাৰে। কিন্তু কিয়? আমি জানো যে পোহৰ কণিকাবোৰ ফ’টনৰ দ্বাৰা গঠিত আৰু এই ফ’টন কণিকাৰ কোনো ভৰ নাই। তেন্তে ভৰহীন পোহৰ কণিকাবোৰক কৃষ্ণগহ্বৰে কিদৰে প্ৰভাৱিত কৰে? ওপৰত উল্লেখ কৰাৰ দৰে মহাকৰ্ষণক বুজিবলৈ আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ তত্ত্ব, নিউটনীয় তত্ত্বতকৈ অধিক সঠিক। সেয়েহে ভৰহীন পোহৰ কণিকাকনো কৃষ্ণগহ্বৰে কিদৰে প্ৰভাৱিত কৰে তাক জানিবলৈ আমি আইনষ্টাইনৰ তত্ত্বকে প্ৰয়োগ কৰিম।
আইনষ্টাইনৰ মতে মহাকৰ্ষণ কোনো বল নহয়, মহাকৰ্ষণ বক্ৰ স্থান-সময়ৰ প্ৰভাৱহে। আমি জানো যে সকলো ধৰণৰ ভৰে স্থান-সময়ক বক্ৰ কৰে। বা তললৈ হেঁচা দি স্থান-সময়ক গাঁতৰ সদৃশ ৰূপ দিয়ে। আচলতে সকলো ধৰণৰ শক্তিয়েই স্থান-সময়ক বক্ৰ কৰিব পাৰে। কাৰণ আইনষ্টাইনে সঠিক ৰূপত দেখাই দিছিল ভৰ শক্তিৰ আন এটা ৰূপহে মাথোন। ভৰ যিদৰে শক্তিলৈ ৰূপান্তৰিত হ’ব পাৰে ঠিক সেইদৰে শক্তিও ভৰলৈ ৰূপান্তৰিত হ’ব পাৰে। গতিকে যিকোনো ধৰণৰ শক্তি বা ভৰে স্থান-সময়ক বক্ৰ কৰিব পাৰে। আৰু যিকোনো বস্তুৱে এই বক্ৰ পথেদি গতি কৰিলে তাৰ প্ৰভাৱো সেই বস্তুটোৰ ওপৰত পৰিব। এই প্ৰভাৱকেই মহাকৰ্ষণ বোলে।

কোৱা হয় কৃষ্ণগহ্বৰৰ মাজেৰে পোহৰো সৰকি যাব নোৱাৰে। কথাটো কিন্তু সম্পূৰ্ণভাৱে শুদ্ধ নহয়। কৃষ্ণগহ্বৰে ফট’ন কণিকাবোৰক নিজৰ ফালে টানি নলয়, আচলতে ফ’টন কণিকাবোৰ যি পথেৰে স্থান-সময়ত গতি কৰে, কৃষ্ণগহ্বৰৰ ভৰৰ বাবে সেই পথটোৱেই বক্ৰহৈ থাকে। গতিকে ফ’টন কণিকাবোৰো সেই বক্ৰ পথেদিয়েই যাবলৈ বাধ্য। কথাটো অলপ সহজভাৱে বুজিবলৈ এটা উদাহৰণ লোৱা যাওক। এই উদাহৰণটো যদিও সম্পূৰ্ণ শুদ্ধ প্ৰতিচ্ছবি নহয় তথাপিও কৃষ্ণগহ্বৰ দৰে মহাজাগতিক পৰিঘটনা এটাক স্থান-সময়ত বুজিবলৈ কিছু পৰিমানে সহজ হ’ব বুলি আশা কৰিছোঁ। ধৰা হ’ল অসীম আৰু তাৰ লগৰীয়াবোৰে খুব বেগেৰে চাইকেল চলাই স্কুললৈ গৈ আছে। সেই বাটতে এটা ডাঙৰ প্ৰকাণ্ড গাঁত আছে। খুব বেগেৰে গৈ থকা অসীম আৰু লগৰীয়া কেইজনে গাঁতটো নেদেখি নিয়ন্ত্ৰণ হেৰুৱাই তাতে সোমাই পৰিল। আৰু তাৰে কেইজনমানে যেনে তেনে নিজক নিয়ন্ত্ৰণ কৰি গাঁতটোত নপৰাকৈ কাষেৰে পাৰ হৈ গ’ল। আমি এতিয়া এই পৰিঘটনা বা দুৰ্ঘটনাটোত গাঁতটোৱে অসীম আৰু লগৰকেইজনক টানি নিয়া বুলি কম জানো? নিশ্চয় নকওঁ। কৃষ্ণগহ্বৰৰ অস্তিত্বই স্থান-সময়ত অনা অস্বাভাৱিকতাই পোহৰ কণিকাৰ মাজতো এনেধৰণৰ খেলিমেলি লগায়। আচলতে কৃষ্ণগহ্বৰে স্থান-সময়ক ইমানেই বক্ৰ কৰে যে মহাকাশতো এটা প্ৰকাণ্ড গাঁতৰ দৰে সৃষ্টি হয়। ওপৰৰ উদাহৰণত দেখুওৱাৰ দৰে সেই গাঁতটো হ’ল কৃষ্ণগহ্বৰ আৰু চাইকেলেৰে বেগাই যোৱা অসীমহঁত হৈছে ফ’টন কণিকাবোৰ। আৰু গাঁতটোৰ কাষটো হ’ল Event Horizon, অৰ্থাৎ যিবোৰ ফ’টন কণিকা ব্ৰহ্মাণ্ডীয় গাঁতটোত নোসোমাই কাষেদি পাৰ হৈ যাবলৈ সক্ষম হ’ল অথবা মহাকৰ্ষণৰ প্ৰভাৱৰ পৰা মুক্ত হ’ব পাৰিলে। আৰু কাষেৰে সৰকি যাব নোৱৰা ফ’টন কণিকাবোৰ কৃষ্ণগহ্বৰ নামৰ গাঁতটোত সোমাই মহাজাগতিক জীৱনৰ অন্ত পেলালে। যেতিয়া আমাৰ ওচৰত যাবলৈ কেৱল মাত্ৰ এটাই ৰাস্তা থাকে তেনেক্ষেত্ৰত ৰাস্তা যেনেকুৱাই নহওক লাগিলে আমি সেই ৰাস্তাৰেই যাব লাগিব। এই কথা ব্ৰহ্মাণ্ডৰ প্ৰতিটো কণিকাৰ ক্ষেত্ৰতে প্ৰযোজ্য। ব্ৰহ্মাণ্ডীয় কণিকাবোৰ কেৱল স্থান-সময়তহে ইমূৰৰ পৰা সিমূৰলৈ গতি কৰি থাকে। গতিকে এই স্থান-সময়তেই যদি বক্ৰতাৰ সৃষ্টি হয় তেন্তে সেই বক্ৰ বাটেদিয়েই কণিকাবোৰ যাবলৈ বাধ্য। সেয়েহে ভৰহীন বা ভৰযুক্ত এই ধাৰণাবোৰ ইয়াত অপ্ৰয়োজনীয়।।

