ভৌতিক পদাৰ্থ বিজ্ঞানৰ কেইটামান উত্তৰ উলিয়াব নোৱৰা ৰহস্য – (পংকজ বৰুৱা)
১৯০০ চনত ব্ৰিটিছ বিজ্ঞানী লৰ্ড কেলভিনে কৈছিল এতিয়া ভৌতিক পদাৰ্থবিজ্ঞানত নতুনকৈ আৱিষ্কাৰ কৰিবলৈ আৰু একো নাই৷ কিন্তু ইয়াৰ তিনিদশকৰ ভিতৰত কোৱান্টাম আৰু আপেক্ষিকতাবাদৰ আৱিষ্কাৰে এই ধাৰণা সলনি কৰে আৰু আজিৰ সময়ত কোনেও ক’বলৈ সাহস নকৰে যে ভৌতিক পদাৰ্থ বিজ্ঞানত নাইবা মহাকাশ সমন্ধে আমি সকলো জানি শেষ কৰিছোঁ৷ ইয়াৰ পৰিৱৰ্তে নতুন নতুন আৱিষ্কাৰসমূহে নতুন তথ্য উদ্ধাৰৰ লগতে অধ্যয়নৰ বাবে নতুন নতুন পথহে মুকলি কৰি গৈ আছে আৰু ওলাই গৈ আছে কিছুমান উত্তৰবিহীন ৰহস্য, যাৰ ব্যাখ্যা মানুহৰ বাবে দিয়াটো সম্ভৱ হোৱা নাই৷
অন্ধকাৰ পদাৰ্থ আৰু অন্ধকাৰ শক্তি— অন্ধকাৰ পদাৰ্থ আৰু অন্ধকাৰ শক্তি বা ডাৰ্ক মেটাৰ আৰু ডাৰ্ক এনাৰ্জি যি ভৌতিক পদাৰ্থ বিজ্ঞানৰ বাবে আজিও এক ৰহস্য যাৰ উপস্থিতিৰ উমান হে পাব পাৰি, প্ৰত্যক্ষৰূপত আজিলৈ বিজ্ঞানে ইয়াক ধৰা পেলাব পৰা নাই৷ বিশ্বব্ৰহ্মাণ্ডৰ ৮৪% বস্তুৱে পোহৰক উৎসৰ্গন আৰু অৱশোষণ নকৰে৷ আমাৰ বিশাল বিশ্বব্ৰহ্মাণ্ডক ভৰ আৰু শক্তি দিয়া প্ৰায় ৮৪ শতাংশ পদাৰ্থক বিজ্ঞানে আজিলৈকে বুজিব পৰা নাই৷ অন্ধকাৰ পদাৰ্থ (dark matter) বুলি নামকৰণ কৰা এই পদাৰ্থবোৰ দেখা পোৱাও নাযায় আৰু নিয়ন্ত্ৰণো কৰিব নোৱাৰি মাত্ৰ সেইবোৰৰ উপস্থিতি অনুভৱ কৰিব পৰা যায় মহাকাশৰ অন্যান্য গ্ৰহ নক্ষত্ৰৰ ওপৰত কৰা মহাকৰ্ষণিক ক্ৰিয়াৰ বাবেহে৷ ব্ৰহ্মাণ্ডখনিৰ মূল নিয়ন্ত্ৰক এই অন্ধকাৰ পদাৰ্থবোৰ আধুনিক বিজ্ঞানৰ বাবে এতিয়াও ৰহস্য হৈ আছে৷
জ্যোতিৰ্বিজ্ঞানীসকলে এনে এখন তাৰকাৰাজ্য আৱিষ্কাৰ কৰিছে যিখনৰ ৯৯.৯৯ শতাংশই অন্ধকাৰ পদাৰ্থৰে গঠিত৷ আমাৰ হাতীপটি তাৰকামণ্ডলৰ একে ব্যাসৰ ‘ড্ৰেগনফ্লাই-৪৪’ নামৰ এই বিস্ময়কৰ তাৰকাৰাজ্যখনৰ ১ শতাংশৰ এশ ভাগৰ এভাগ ভৰহে আমি চকুৰে দেখা পাব পৰা গ্ৰহ-নক্ষত্ৰৰে গঠিত৷ ২০১৫ চনত পোন-প্ৰথমবাৰৰ বাবে নিউ-মেক্সিকোৰ এক অতি শক্তিশালী বিশেষ টেলিস্কোপেৰে এই তাৰকা ৰাজ্যখনৰ উপস্থিতি ধৰা পেলোৱা হয় ৷
বিশ্বব্ৰহ্মাণ্ডখন যি দৰে অন্ধকাৰ পদাৰ্থৰে ভৰি আছে ঠিক তেনেকৈ এক অন্ধকাৰ শক্তিৰেও ভৰি আছে৷ অন্ধকাৰ শক্তি হৈছে মহাকাশৰ খালী ঠাইসমূহত থকা এটা অজ্ঞাত শক্তি, যি শক্তিয়ে বিশ্ব ব্ৰহ্মাণ্ডৰ পৰিসীমা ক্ৰমান্বয়ে বৃদ্ধি কৰি গৈ আছে। এটা সময়ত ভবা হৈছিল মধ্যাকৰ্ষণ শক্তিৰ ফলত বিশ্ব ব্ৰহ্মাণ্ডখন সংকুচিত হৈ পুনৰ এটা বিন্দুত পৰিণত হ’ব, কিন্তু ৯০ ৰ দশকত হবল টেলিস্ক’পৰ দ্বাৰা এক শিহৰণকাৰী তথ্য পোহৰলৈ আহিল, এখন তাৰকা ৰাজ্যক হব্বল টেলিস্ক’পৰ দ্বাৰা নিৰীক্ষণ কৰি থকা হৈছিল। লাহে লাহে তাৰকা ৰাজ্যখনৰ পৰা অহা পোহৰ অস্পষ্ট হৈ যোৱা দেখা গৈছিল। লাহে লাহে ৰঙা দেখা গৈছিল সেই তাৰকা ৰাজ্যখন। তেতিয়া তাৰ পৰা এটা কথা গম পোৱা গ’ল যে বিশ্ব ব্ৰহ্মাণ্ডখনৰ পৰিসৰ তীব্ৰ গতিত বৃদ্ধি পাই গৈ আছে। ইয়াৰ আঁৰত আছে এক অচিন শক্তিৰ প্ৰভাৱ। এই শক্তিকে “ডাৰ্ক এনাৰ্জী” বা অন্ধকাৰ শক্তি নাম দিয়া হয়। যি শক্তিয়ে মধ্যাকৰ্ষণ শক্তিৰ বিপৰীতে ক্ৰিয়া কৰিছে, আৰু দিনে দিনে এই “ডাৰ্ক এনাৰ্জী” ৰ তীব্ৰতা বৃদ্ধি পাইছে। এতিয়ালৈ পোৱা তথ্য মতে বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰায় ৬৯% শক্তি হ’ল অন্ধকাৰ শক্তি বা “ডাৰ্ক এনাৰ্জী”। ১৯৯৮ চনত হাবল মকাকাশ টেলিস্কোপে ধৰা পেলালে যে অতীতত আমাৰ বিশ্বখনিৰ সম্প্ৰসাৰণৰ গতি বৰ্তমানৰ তুলনাত কম আছিল৷ আন কথাত ব্ৰহ্মাণ্ডৰ সম্প্ৰসাৰণৰ গতি পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে৷ তাৰ অন্তৰালত কেনেধৰণৰ শক্তি জড়িত হৈ আছে সেই সম্পৰ্কে চিন্তা-চৰ্চা গৱেষণা চলিবলৈ ধৰিলে৷ সেই সম্পৰ্কে বিভিন্ন ধৰণৰ সাম্ভাব্য কাৰণ, উপস্থাপন আৰু ব্যখ্যা কৰা হ’ল৷ আইনষ্টাইনৰ মহাকৰ্ষণ তত্বৰ ওপৰতো বিশ্লেষণ হ’ল৷ মহাজাগতিক ধ্ৰুৱকৰ ধাৰণাটিয়ে জনপ্ৰিয়তা লাভ কৰিলে৷ আইনষ্টাইনৰ তত্বৰ সত্যতাৰ ওপৰতো প্ৰশ্ন উত্থাপিত হ’ল৷ বিজ্ঞানীসকলৰ হাতত আজিকোপতি তাৰ সঠিক উত্তৰ নাই আৰু এই ৰহস্য জনক শক্তি বিধকে বৈজ্ঞানিকসকলে নাম দিয়ে অন্ধকাৰ শক্তি বা ডাৰ্ক এনাৰ্জি ৷
বিজ্ঞানৰ বাবে আন এক জটিল ৰহস্যৰ বিষয় হ’ল সময়, সময়ৰ গতিশীলতা আৰু সময়ৰ শৰ৷ বিজ্ঞানীসকলৰ মতে “সময়” এবিধ মাত্ৰা বা dimension আৰু ই শক্তিৰ আন্দোলিত অৱস্থাৰ ওপৰত নির্ভৰশীল এক পৰিমাপ মাথোন। সেইবাবেই পোহৰৰ বেগ কোনো অতিশয় ভৰযুক্ত পদাৰ্থৰ দ্বাৰা বাধাপ্রাপ্ত বা আকৃষ্ট হ’লে, সময়ৰ সম্প্ৰসাৰণ হয়। তেনে ধৰণৰ ঘটনা কৃষ্ণগহ্বৰত সংঘটিত হয়। অৰ্থাৎ কৃষ্ণগহ্বৰত “ঋণাত্মক সময়” পোৱা সম্ভব বুুুুলি ক’ব খোজে বহু বৈজ্ঞানিকে, সহজ ভাষাত ক’বলৈ হ’লে কৃষ্ণগহ্বৰত বৰ্তমানৰ পৰা ভৱিষ্যতৰ সলনি বৰ্তমানৰ পৰা অতীতলৈ ঘূৰি যাব পাৰি তেওঁঁলোকৰ মতে৷
সময় এনট্ৰপিৰ মানে বিশৃংখলতাৰ ওপৰত নিৰ্ভৰশীল৷ বিজ্ঞানীসকলৰ মতে আমাৰ মহাবিশ্বৰ বিশৃংখলতা ক্রমাগতভাৱে বাঢ়ি গৈ আছে। বিশৃংখলতা হ’ল কোনো তন্ত্ৰ এটাত শক্তিৰ ৰূপান্তৰ বা আদান প্ৰদানৰ অসম্ভৱতা। মহাবিশ্বৰ আৰম্ভণিৰ সময়ত বিশৃংখলতাৰ মান আছিল ১০^৮৮ আৰু বর্তমান মহাবিশ্বৰ বিশৃংখলতাৰ মান হৈছে ১০^১০১। বিজ্ঞানৰ মতে মহাবিশ্বৰ বিশৃংখলতাৰ সৰ্বোচ্চ মান ১০^১২০ আৰু তাৰপিছত মহাবিশ্বৰ ক’তো কোনো শক্তিৰ ৰূপান্তৰ সম্ভৱ নহ’ব, অৰ্থাৎ শক্তিৰ ৰক্ষনশীলতা নীতিৰ বিৰুদ্ধাচৰণ কৰি শক্তিৰ মৃত্যু ঘটিব, যিহেতু শক্তি অবিহনে শক্তিৰ আন্দোলিত অৱস্থাৰ ওপৰত নির্ভৰশীল পৰিমাপটো যুক্তিহীন হৈ পৰিব, তেতিয়াই মৃত্যু ঘটিব সময়ৰ৷ সময়ৰ লগত সমন্ধ থকা এই বিশৃংখলতা যাৰ মান আদিতে ইমান কম আৰু ই ক্ৰমান্বয়ে বাঢ়ি ১০^১২০ হোৱাৰ পাছত সময়ৰ মৃত্যু এই সকলোবোৰ বিজ্ঞানৰ বাবে আজিও এক ৰহস্য মাথোঁ৷ বিশৃংখলতা সময়ৰ লগত বৃদ্ধি হোৱাটো এটা উদাহৰণ যাক কোৱা হয় সময়ৰ শৰ arrow of time যি সময়ৰ এটা দিশ নিৰ্ণয় কৰি অতীতক ভৱিষ্যতৰ পৰা পৃথক কৰে৷ সময়ৰ শৰৰ তিনিটা দিশ আছে। তাপগতি সময়- যিটো সময়ৰ দিশত বিশৃংখলতা বাঢ়ি যায়৷ মনস্তাত্ত্বিক সময়ৰ শৰ যাক আমি সময়ৰ দিশত অনুভৱ কৰোঁ। সময়বোৰ পাৰ হৈ গৈ আছে অতীতক সোঁৱৰো কিন্তু ভৱিষ্যতক নহয়৷ অন্তিমটো হ’ল ব্ৰহ্মাণ্ডতাত্বিক সময়ৰ শৰ- এই দিশত ব্ৰহ্মাণ্ডখন সংকুচিত হোৱাৰ সলনি প্ৰসাৰিত হৈ গৈ আছে৷
বিজ্ঞান জগতৰ বাবে আন এক ডাঙৰ প্ৰশ্ন হ’ল, আছে নেকি সমান্তৰাল বিশ্বব্ৰহ্মাণ্ড, আছে নেকি কৃষ্ণগহ্বৰৰ বিপৰীতে শ্বেতগহ্বৰ যিবোৰ আজিৰ সময়ত সকলোৰে বাবে এক ডাঙৰ সাথৰ৷ ষ্ট্ৰিং থিয়ৰি মানে তাঁৰ তত্ব অনুসৰি আমাৰ এই বিশ্বব্ৰহ্মাণ্ডখনেই একমাত্ৰ বিশ্বব্ৰহ্মাণ্ড নহয়, এই বিশ্বব্ৰহ্মাণ্ডখনৰ উপৰিও আছে অজস্ৰ সমান্তৰাল বিশ্বব্ৰহ্মাণ্ড৷ ১৩৭০ কোটি বছৰ আগতে এটা অতি ক্ষুদ্ৰ আদিম বিন্দুৰ পৰাই মহানাদ নামৰ প্রচণ্ড এক বিস্ফোৰণৰ ফলত জন্ম হৈছিল আমাৰ এই দৃশ্যমান মহাবিশ্বব্ৰহ্মাণ্ডখন, আনহাতে বিগ বেঙৰ আগত কি আছিল এই প্ৰশ্নৰ উত্তৰ বিগ বেং তত্বই দিব নোৱাৰে৷ এই দুৰ্বলতাৰ আলম লৈয়ে ষ্ট্ৰিং থিয়ৰিয়ে গা কৰি উঠে। বস্তু এটা যেতিয়া কোনো কৃষ্ণ গহ্বৰৰ মাজৰ মহাকৰ্ষণৰ একক বিন্দু নামৰ সেই বিশেষ স্থানৰ ভিতৰত গৈ পৰে তেতিয়া বস্তুটো অতি সংকুচিত হৈ এটা বিন্দুত হেৰাই যায়, কিন্তু বস্তুটো হেৰাই যায় ক’ত? বিজ্ঞানীসকলৰ মতে এই হেৰাই যোৱা বস্তুবোৰ প্ৰতিটো কৃষ্ণগহ্বৰৰ বিপৰীতে থকা শ্বেতগহ্বৰত প্ৰবেশ কৰে য’ত স্থান কাল সময় সকলো আমাৰ ইয়াত ঘটাৰ বিপৰীতে ঘূৰে য’ত অন্য এক বিশ্বব্ৰহ্মাণ্ডৰ সূচনা কৰে। এনেকৈ প্ৰতিটো কৃষ্ণগহ্বৰৰ মহাকৰ্ষণৰ একক বিন্দুত বিলীন হোৱা প্ৰতিখন ব্ৰহ্মাণ্ডৰ বিপৰীতে থাকিব পাৰে একোখনকৈ সমান্তৰাল ব্ৰহ্মাণ্ড৷
বিজ্ঞান জগতত আন এক ডাঙৰ প্ৰশ্ন হ’ল পদাৰ্থৰ তুলনাত প্ৰতিপদাৰ্থ এই ব্ৰহ্মাণ্ডত ইমান কম কিয়৷ মহানাদৰ সময়ত পদাৰ্থ সৃষ্টিৰ লগতে সমপৰিমাণৰ প্ৰতিপদাৰ্থও সৃষ্টি হ’ব লাগিছিল কিন্তু এনে নহ’ল ইয়াৰ কাৰণ হয়টো ভৌতিক নিয়মবোৰে বেলেগে কাম কৰিছিল৷ বিজ্ঞানীসকলৰ মতে বিগ বেঙৰ সময়ত পদাৰ্থ আৰু প্ৰতিপদাৰ্থ একেলগেই সৃষ্টি হৈছিল, কিন্তু বৰ্তমান বিশ্বব্ৰহ্মাণ্ডত প্ৰতিপদাৰ্থ বৰ তাকৰীয়া। ইয়াৰ সঠিক উত্তৰ বিজ্ঞানীসকলৰ হাতত আজিও নাই। ১৯২৮ চনৰ পৰা ১৯৩২ চনৰ ভিতৰৰ সময়ছোৱাত মহাজাগতিক ৰশ্মি সম্বন্ধে গৱেষণা কৰা পাউল ডিৰাক আৰু কাৰ্ল এণ্ডাৰচন আৰু তেওঁলোকৰ সহযোগী বিজ্ঞানীসকলে পোন প্ৰথমে প্ৰতিপদাৰ্থৰ সন্ধান পাইছিল৷ তেওঁলোকে আৱিষ্কাৰ কৰা প্ৰথম প্ৰতিপদাৰ্থটো আছিল পজিট্ৰন বা প্ৰতি ইলেক্ট্ৰন। প্ৰতি কণা বা অণুৰে প্ৰতি কণা বা অণু থাকে যাৰ সৈতে লগ লাগিলে ই ধ্বংস হ’ব পাৰে৷ প্ৰতিকণাৰে গঠিত এখন প্ৰতিবিশ্ব আৰু প্ৰতিমানৱো থাকিব পাৰে৷ আপোনাৰ প্ৰতিস্বয়ঙৰ লগত যদি দেখা দেখি হয় অৱশ্যেই হাত নিমিলাব৷ দুয়োজনেই এটা দুৰ্দান্ত পোহৰৰ পিণ্ড ৰূপে শেষ হৈ যাব৷ সকলোতে প্ৰতিকণাৰ সংখ্যাতকৈ কণাৰ সংখ্যা সদায় বেছি৷
বিজ্ঞান জগতৰ বাবে আন এক ডাঙৰ প্ৰশ্ন হ’ল বিশ্বব্ৰহ্মাণ্ডৰ ভাগ্য বা ভৱিষ্যত কি? এইটো ঠিক যে ব্ৰহ্মাণ্ডৰ ভাগ্য দৃঢ়তাপূৰ্ণভাৱে এক অজ্ঞাত কাৰকৰ ওপৰত নিৰ্ভৰ কৰে, এই অজ্ঞাত কাৰককে অন্ধকাৰ শক্তি বুলিছে৷ ব্ৰহ্মাণ্ডৰ ঘনত্ব পদাৰ্থ আৰু শক্তিৰ সমষ্টি৷ যদি অন্ধকাৰ পদাৰ্থ মহাকাশত নাই তেন্তে ব্ৰহ্মাণ্ডই এদিন বিস্তাৰিত হোৱা বন্ধ কৰি দিব আৰু এটা সময়ত সংকুচিত হ’বলৈ আৰম্ভ কৰিব আৰু মহাঘটন big crunch ৰূপে শেষ হ’ব৷ যদি অন্ধকাৰ শক্তি আছে তেন্তে ব্ৰহ্মাণ্ড বিস্তাৰিত হৈ থাকিব অনন্ত কাললৈ হয়তো৷ বিশ্বব্ৰহ্মাণ্ডখন যদি পৰিধিবিহীন আৰু পাৰ্শ্বহীনভাৱে নিজেই নিজক ধাৰণ কৰি আছে তেনেহ’লে ইয়াৰ কোনো আৰম্ভণিও নাছিল আৰু কোনো অন্তও নাই৷ এনে বহু প্ৰশ্ন আছে যাৰ উত্তৰ আজিও পৃথিৱীবাসীৰ হাতত নাই যিবোৰ এক গভীৰ ৰহস্যৰ আৱৰ্তত মাথোঁ৷