ভয়ৰ বিষয়ে।। মূল: খলিল জিব্ৰাণ, অনুবাদ: তৰালী শৰ্মা
মুক্ত চিন্তা, ১০ম বছৰ, ৬ষ্ঠ সংখ্যা
কোৱা হয় যে সাগৰত প্ৰৱেশ কৰাৰ আগমুহূৰ্তত
ভয়ত কঁপি উঠে এখন নদী।
অতিক্ৰমি অহা বাটটোলৈ তাই উভতি চায়,
পৰ্বতৰ শিখৰৰ পৰা,
বনাঞ্চল আৰু গাঁওবোৰ পাৰ হৈ দীঘলীয়া অকোৱা-পকোৱা পথটো।
আৰু তাইৰ সন্মুখত,
তাই দেখিছে পাৰাপাৰহীন এখন মহাসাগৰ,
তাত প্ৰৱেশ কৰিলেই
চিৰদিনৰ বাবে নিশ্চিহ্ন হৈ যোৱাৰ বাহিৰে যেন একোৱেই নাই।
কিন্তু নাই কোনো অন্য উপায়
নৈখনে যাবও নোৱাৰে উজাই।
কোনেও উভতি যাব নোৱাৰে।
অসম্ভৱ অস্তিত্বৰ পৰা ওভতনি যাত্ৰা।
মহাসাগৰত প্ৰৱেশ কৰাৰ
এই ক্ষতিভয় নৈখনে মোকাবিলা কৰা আৱশ্যক
তেতিয়াহে নাইকিয়া হ’ব এই ভয়,
তেতিয়াই নৈখনে বুজিব
সাগৰত বিলীন হোৱাৰ কথা নহয় এয়া,
কিন্তু এয়া সাগৰ হোৱাৰ কথা।

