বিজ্ঞান, ছদ্মবিজ্ঞান, গণতন্ত্ৰ ইত্যাদি— (কমল নয়ন মিশ্ৰ)
প্ৰসংগ: বৈদিক বিজ্ঞান
বিশ্বৰ প্ৰাচীনতম সৃষ্টি বেদসমূহ বহু পৰিমাণে বিমূৰ্ত অৰ্থৰে ভৰা গীতি কবিতাৰ সমষ্টি। দেৱতাৰ স্তুতিৰ পৰা আৰম্ভ কৰি সৃষ্টি আৰু প্ৰকৃতিৰ বিপুলায়তন ৰূপ আৰু ছন্দ, দৃষ্টি আৰু কল্পনাৰে ঢুকি পোৱা মহাজগতৰ প্ৰতিচ্ছবি আৰু তাৰ মাজেৰেই পৰম সৃষ্টিকৰ্তাৰ অন্বেষণ এই সকলোবোৰেৰে সমৃদ্ধ বেদসমূহ মানৱ সভ্যতাৰ ইতিহাসৰ এক অন্যতম বিষ্ময়।
ঋক্ বেদৰ সৰ্বপ্ৰথম সৃষ্টিকৰ্তাসকল কোনো ঐশ্বৰিক শক্তিসম্পন্ন দিব্য পুৰুষ নাছিল, তেওঁলোক আছিল সেই যুগৰেই কবি, দ্ৰষ্টা আৰু দাৰ্শনিক। বেদসমূহ মানুহৰ জীৱনক সৰ্বদিশৰে পৰা নিয়ন্ত্ৰণ কৰিব পৰা কোনো পৱিত্ৰ ধৰ্মগ্ৰন্থ নাছিল। বৈদিক যাগ-যজ্ঞ আদিৰ উত্থানৰ পিছতো বেদে এক প্ৰাতিষ্ঠানিক ধৰ্মৰ সৃষ্টি কৰা নাছিল। বেদৰ কেবাশ বছৰৰ পিছত বিকশিত মীমাংসা দৰ্শনত বেদক অপৌৰষেয় আখ্যাৰে ইয়াৰ সৈতে অনাদি সময়ৰ ধাৰণাক যুক্ত কৰা হ’ল, যাৰ দ্বাৰা বেদৰ লৌকিক সৃষ্টিৰ সম্ভাৱনাক নস্যাৎ কৰা হ’ল। বেদৰ পৰৱৰ্তী উপনিষদসমূহ বা বেদান্তৰ দ্বাৰা কোনো এক নিৰ্দিষ্ট দেৱ-দেৱীৰ পৰিৱৰ্তে পৰম চেতনা সম্পন্ন আধ্যাত্মিকতা অভিমুখে ভাৰতীয় দৰ্শনে গতি লাভ কৰে। ব্ৰাহ্মণ পণ্ডিতসকলৰ দ্বাৰা ৰচিত পুৰাণসমূহৰ দ্বাৰাহে ভাৰতবৰ্ষত বৈদিক ধৰ্মৰ ৰূপ লৈ ব্ৰাহ্মণ্য ধৰ্ম বা ব্ৰাহ্মণ্যবাদে প্ৰভাৱ বিস্তাৰ কৰিবলৈ আৰম্ভ কৰে। বুদ্ধ ধৰ্মৰ লগত সংঘাতৰ পিছত গুপ্ত যুগৰ সময়ৰে পৰা ব্ৰাহ্মণ্য ধৰ্মই প্ৰাতিষ্ঠানিক হিন্দু ধৰ্মীয় বিশ্বাসৰ ভেটি স্থাপন কৰে।
বৈদিক ব্ৰাহ্মণ্যবাদ পুনৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লগীয়া হৈছিল মধ্য যুগীয় ভক্তি আন্দোলনৰ কবি, সাহিত্যিক, ধৰ্ম প্ৰচাৰকসকলৰ দ্বাৰা, যিসকলে জাত পাত, বৰ্ণব্যৱস্থাৰ উৰ্ধলৈ গৈ সমাজৰ নিম্ন শ্ৰেণীৰ মাজত ভক্তিৰসৰ নিৰ্মল ফল্গুধাৰাৰে সমতাৰ বাণী প্ৰচাৰ কৰিছিল। ঊনবিংশ শতিকাত ধৰ্মীয় ৰীতি-নীতিৰ কঠোৰতা, কুসংস্কাৰ, নিৰ্মম আচাৰ পৰম্পৰা আদিৰ বিৰুদ্ধে আধুনিক ভাৰতত পশ্চিমীয়া শিক্ষাৰে শিক্ষিত নৱজাগৰণৰ প্ৰতিভূ সকলে সংস্কাৰ আন্দোলন আৰম্ভ কৰিছিল। অথচ, বৃটিছে অনা নতুন আইন কানুনবোৰৰ মাজেৰে যি পশ্চিমীয়া বিজ্ঞান আৰু আধুনিকতাই ভাৰতত প্ৰৱেশ কৰিছিল, তাক নিৰ্বিবাদে স্বীকাৰ কৰি ল’বলৈ নৱজাগৰণৰ কাণ্ডাৰীসকল নাৰাজ হৈছিল। ভাৰতীয় মননত দেখা দিয়া হীনমন্যতা আৰু দুৰ্বলতাক জয় কৰিবলৈ তেওঁলোকে ভাৰতৰ প্ৰাচীন পৰম্পৰা, সভ্যতা আৰু বৈদিক ঐতিহ্য তথা প্ৰাচীন হিন্দু স্বৰ্ণ যুগক ঘূৰাই আনিবলৈ সংকল্প গ্ৰহণ কৰিলে। দয়ানন্দ সৰস্বতীৰ আৰ্য সমাজ আদিয়ে মৃতকৰ শ্ৰাদ্ধ আদিৰ অযৌক্তিকতা, অবৈজ্ঞানিকতাৰ বিৰুদ্ধে মুকলি বিতৰ্কৰ সূচনা কৰিলেও বেদতেই সমগ্ৰ পশ্চিমীয়া বিজ্ঞানৰ সাৰবস্তু খিনি উপলব্ধ হৈ আছে বুলি ঘোষণা কৰে।
নতুনকৈ বিজ্ঞানৰ জ্ঞানেৰে সমৃদ্ধ আধুনিক ভাৰতীয় শিক্ষিত শ্ৰেণীয়ে বেদ আদিত থকা সৃষ্টি তত্ত্বৰ মাজতেই আধুনিক বিজ্ঞানক আৱিষ্কাৰ কৰিবলৈ আৰম্ভ কৰে। কিন্তু, আৰ্যভট্টৰ সময়ৰে পৰাই ভাৰতৰ এক নিজস্ব বৈজ্ঞানিক ইতিহাস আছিল। ভাৰতৰ পৰাই এই বৈজ্ঞানিক জ্ঞান চীন তথা আৰৱলৈও প্ৰসাৰিত হৈছিল। বিদেশী আক্ৰমণকাৰীসকল ভাৰতত প্ৰবেশ কৰাৰ আগতেই মূল সূঁতিৰ বিজ্ঞান চৰ্চা অন্য কেতবোৰ কাৰণত স্থবিৰ হৈ আহিছিল। বহু সময়ত জ্যোতিষ শাস্ত্ৰ চৰ্চা কৰাসকলে ৰাহু কেতু আদি গ্ৰহৰ অস্তিত্বক অস্বীকাৰ কৰা আৰ্যভট্টৰ দৰে বিজ্ঞানী তথা দাৰ্শনিকৰ বিৰুদ্ধে থিয় দিছিল।
পৰীক্ষালব্ধ বিজ্ঞানৰ শিক্ষা আৰু পোহৰৰ পৰা ভাৰতৰ বৃহত্তম জনগণক বৰ্ণ ব্যৱস্থাই বহু শতিকা জুৰি বঞ্চিত কৰি ৰাখিছিল। তাৰপিছতো ঔপনিৱেশিক যুগৰ মাজেৰে বহু প্ৰত্যাহ্বানক নেওচি গঢ় লৈ উঠা ভাৰতৰ বিজ্ঞানৰ ইতিহাসৰ যথাযথঃ মূল্যায়ন হোৱাটো দেশৰ ভৱিষ্যত প্ৰজন্মৰ বাবে অতি প্ৰয়োজনীয় আছিল। কিন্তু বিংশ শতিকাৰ আৰম্ভণিৰ পৰাই এই পথৰ পৰা আঁতৰি আহি বেদ আৰু পুৰাণৰ মাজত হিন্দু বিজ্ঞানক আৱিষ্কাৰৰ এক নতুন জোৱাৰ উঠা আৰম্ভ হয়। পশ্চিমৰ বিজ্ঞানে নৱজাগৰণৰ যুগলৈকে আহি এয়া উপলব্ধি কৰিছিল যে বিশ্বপ্ৰকৃতিৰ অটল ৰহস্য সম্পৰ্কে ধৰ্ম শাস্ত্ৰ সমূহৰ abstract আখ্যান নিৰ্ভৰ, মিথীকেল ৰূপক সমূহকেই বিজ্ঞান বুলি গ্ৰহণ কৰিব নোৱাৰি, ধৰ্মশাস্ত্ৰ সমূহে আগতীয়াকৈ সকলো জানিছিল বুলি ধৰি ললে বিজ্ঞানৰ পথত অগ্ৰসৰ হোৱাতোৱেই সম্ভৱ হৈ নুঠিলহেতেন, সেয়েহে আধুনিক বিজ্ঞানৰ দৰ্শনত এটা absolute পৰম সত্য বা supreme সত্তাৰ উপস্থিতিৰ বিষয়ে পূৰ্ব ধাৰণাক বৰ্জন কৰা হৈছিল। বিশ্বব্ৰহ্মাণ্ডৰ বিশালতাৰ তুলনাত ধূলিসম মানুহৰ পৰম অজ্ঞানতাক বিনম্ৰতাৰে স্বীকাৰ কৰি লৈ জ্ঞান পথৰ অন্বেষণ কৰাহে বিজ্ঞানৰ লক্ষ্য হৈ পৰিছিল। প্ৰাচীন শাস্ত্ৰীয় প্ৰমূল্য আৰু দৰ্শনৰ সৈতে আধুনিক বিজ্ঞান দৰ্শনৰ এই মৌলিক পাৰ্থক্য মনকৰিবলগীয়া।
কিন্তু ভাৰতবৰ্ষত বস্তুগত বিজ্ঞানৰ বিকাশৰ বাবে শিক্ষা আৰু সামাজিক গনতন্ত্ৰৰ প্ৰয়োজনীয়তাক প্ৰায়েই গুৰুত্বহীন বুলি গণ্য কৰা হ’ল, তাৰ পৰিৱৰ্তে প্ৰাচীন বৈদিক জ্ঞানেই আধুনিক বিজ্ঞানৰ আধাৰ হ’ব পাৰে বুলি গন্য কৰা এক অতি শক্তিশালী মতাদৰ্শই বিপুল সংখ্যক শিক্ষিত মধ্যবিত্তৰ মাজত জনপ্ৰিয় হৈ উঠিল। বিভিন্ন কল্পকাহিনী লিখক, আধ্যাত্মিক গুৰু আৰু তেওঁলোকৰ অজস্ৰ অনুগামীয়ে আধ্যাত্মিকতাৰ বিজ্ঞান, বিশুদ্ধ চেতনাৰ বিজ্ঞান আদিৰ অন্বেষণত নামি পৰিল।
এই অন্বেষণৰ সৈতে ৰাজনৈতিক ভাৱে সংগঠিত ধৰ্মীয় পুনৰুত্থানবাদৰো গভীৰ সম্পৰ্ক আছে। এই ধৰণৰ আধ্যাত্মিক বিজ্ঞান চৰ্চা কাৰী সকলে প্ৰাচীন ইতিহাসৰ বন্দনাৰ নামত সম্প্ৰতি উগ্ৰ ধৰ্মীয় ৰাষ্ট্ৰবাদৰ পোছাক পিন্ধি লৈ বিশ্বৰ আন সভ্যতা আৰু ধৰ্মৰ পৰিবেশত জ্ঞান অৰ্জন কৰা বিজ্ঞানী সকলৰ প্ৰতি জনমানসত এক অসন্মান আৰু বিদ্বেষৰ বীজ ৰোপন কৰিছে ।
বৈদিক যুগৰ জ্ঞান অন্বেষণক আমি আধুনিক বিজ্ঞান বুলি ব্যাখ্যা কৰিব পাৰো নে? এই প্ৰশ্নটিক লৈ ভাৰতীয় বিজ্ঞানী মহলৰ মাজত চিন্তা আৰু মতামতৰ ক্ষেত্ৰত বিস্তৰ পাৰ্থক্য পৰিলক্ষিত হয়, একাংশই প্ৰাচীন বৈদিক জ্ঞান চৰ্চাক বিজ্ঞান বুলি কোৱাৰ বিপৰীতে অন্য একাংশ বিজ্ঞানীয়ে জনপ্ৰিয় বৈদিক ব্ৰক্ষ্মাণ্ড তত্ত্ব আদিক আধুনিক বিজ্ঞান বুলি অভিহিত কৰাক লৈ আপত্তি দৰ্শায়। এই সম্পৰ্কে অধিক আলোচনালৈ নগৈ এটা বিশেষ কথা উল্লেখ কৰাটো প্ৰয়োজনীয়। ১৯৩১ চনত প্ৰকাশিত গ্ৰন্থ The Whig Interpretation of Historyত Herbert Butterfieldয়ে Whig অৰ্থাৎ অষ্টাদশ আৰু ঊনবিংশ শতিকাৰ ইংলেণ্ডত নতুনকৈ উদিত এক বিশেষ ধনবান, লিবাৰেল শ্ৰেণীৰ কথা সূচাইছে । এই শ্ৰেণীৰ যিসকলে ইতিহাস চৰ্চা কৰিছিল তেওঁলোকে সেই সময়ৰ উদাৰবাদী দৰ্শনক এক প্ৰাচীন ঐতিহ্যৰ ধাৰাবাহিকতা ৰূপে দেখুওৱাৰ ফলত এনে এক ব্যাখ্যা অৱধাৰিত হৈ উঠিছিল যে এক প্ৰাচীন ঐতিহ্যৰ গুণতহে বৃটেইনত সংসদীয় গণতন্ত্ৰৰ প্ৰতিষ্ঠা সম্ভৱ হৈ উঠিল। পিছে আধুনিক বিদ্যায়তনিক পৰম্পৰাই এই Whig History অৰ্থাৎ বৰ্তমানৰ সকলো মূল্যবোধ, চেতনা আৰু জ্ঞান অতীতৰ পৰাই উদ্ভুত হোৱা বুলি ভবা ইতিহাস বীক্ষাক সচেতন ভাৱে বৰ্জন কৰে। অথচ, তেনে ইতিহাস বীক্ষাকেই বিজ্ঞানৰ ক্ষেত্ৰত প্ৰয়োগেৰে ক’ব খোজা হয় যে এক বিশেষ সভ্যতা আৰু ধৰ্মৰ প্ৰাচীন বিজ্ঞানৰ জ্ঞান আৰু পৰম্পৰাৰ ওপৰতেই আজিৰ আধুনিক বিজ্ঞান থিয় দি আছে।
The Structure of Scientific Revolutions গ্ৰন্থৰ লিখক Thomas Kuhnৰ ভাষাত “they (প্ৰাচীন ‘বিজ্ঞানী’ সকল) were not talking of the same things we do today, even when they are investigating the ‘same’ object in the material world. সেই অৰ্থত তেওঁলোক সেই যুগৰ বিশ্ব প্ৰকৃতিৰ ৰহস্য অন্বেষণকাৰী দাৰ্শনিকহে (natural philosophers) আছিল,বিজ্ঞানী নাছিল। আনকি এই কথাও উল্লেখ কৰাতো যুগুত হ’ব যে ঋক্ বেদৰ প্ৰণেতা প্ৰাচীন দাৰ্শনিক সকলে সৃষ্টি সম্পৰ্কে কেৱল ঈশ্বৰ বা পৰম চেতনাৰ উপস্থিতিৰ কথাই কোৱা নাছিল, ঋক বেদৰ নাসাদিয়া সুক্তই বৰঞ্চ সৃষ্টি সম্পৰ্কে আন কেতবোৰ দাৰ্শনিক প্ৰশ্নৰো অৱতাৰণা কৰিছিল।
Who really knows? Who will here proclaim it?
Whence was it produced? Whence is this creation?
Gods came afterwards, with the creation of this universe.
Who then knows whence it has arisen?
Whether God’s will created it, or whether He was mute;
Perhaps it formed itself, or perhaps it did not;
The Supreme Brahman of the world, all pervasive and all knowing
He indeed knows, if not, no one knows
Rig Veda (10:129)
এনেদৰেই হয়তো চিৰন্তন কৌতূহ, কল্পনা আৰু অন্তহীন জিজ্ঞাসাই মহাসৃষ্টিৰ আৰত ঈশ্বৰৰ অস্তিত্ব সম্পৰ্কে মানুহক ঋক্ বেদৰ যুগতেই সন্দিহান কৰি তুলিছিল। তাৰ পিছতো কিন্তু ঋক্ বেদৰ সময়ক আজিৰ পৰা তিনিশ বছৰ পূৰ্বে আৰম্ভ হোৱা পাৰস্পৰিক জ্ঞানৰ আদান প্ৰদান আৰু কঠোৰ পৰীক্ষা নিৰীক্ষাৰ দ্বাৰা নিৰ্ণীত আধুনিক বিজ্ঞানৰ সময় বুলিব নোৱাৰি।
ঋক্ বেদৰ বিখ্যাত পুৰুষ সুক্তত যি বিশ্ব পুৰুষৰ ছৱি অংকন কৰা হৈছে সেই বিশ্ব পুৰুষে তেওঁৰ সহস্ৰ মূৰ, সহস্ৰ চকু আৰু সহস্ৰ ভৰিৰে সৃষ্টিৰ সকলো অংশকেই সামৰি লৈছে, আৰু সৃষ্টিৰ সিপাৰে তেওঁৰ দহটি আঙুলিয়ে দহটি দিশকো অতিক্ৰম কৰিছে। এই পুৰুষেই সকলো সৃষ্টিৰ মূল, যি অতীতত আছিল আৰু যি ভৱিষ্যতেও মূৰ্তমান হৈ উঠিব। পিছে ঋক্ বেদৰ এই বিশ্ব পুৰুষেই স্থান সময়ক ভেদি আজিৰ পদাৰ্থ বিজ্ঞানৰ দুই এক সিদ্ধান্তই ঠাৱৰ কৰা সকলো মাত্ৰাকেই (dimension) অতিক্ৰম কৰা বুলি দাবী কৰা হৈছে। ঋক্ বেদৰ এই ব্ৰক্ষ্মাণ্ডীয় পুৰুষৰ স্থানক পৰম স্থান বুলি ধৰি লৈ আধুনিক ৰজ্জু তত্ত্বই ঠাৱৰ কৰা ১১ টি মাত্ৰাৰ (বা ৬৪ মাত্ৰা) কথাও ঋক্ বেদতেই বৰ্ণিত হৈছে বুলি বহুলভাৱে প্ৰচাৰিত হৈছে। কিন্তু ৰজ্জু তত্ত্বৰ বিষয়ে সাধাৰণ পৰিচয় মূলক জ্ঞান থকা ব্যক্তি মাত্ৰেই জানিব যে এই তত্ত্ব কোৱান্টাম বলবিজ্ঞানে ব্যাখ্যা কৰা ক্ষুদ্ৰতম জগত খন আৰু সাধাৰণ আপেক্ষিকতাবাদে সাঙুৰি লোৱা বৃহৎ স্থান কালৰ মাজত সম্পৰ্ক স্থাপন কৰাৰ ক্ষেত্ৰতহে ব্যৱহৃত হয়। এই তত্ত্বই সকলোতকৈ ক্ষুদ্ৰ কোৱান্টাম stringৰ কথা কয়, যাৰ কম্পনে বেলেগ বেলেগ মাত্ৰাত সকলো পদাৰ্থ,শক্তি আৰু মহাকৰ্ষণৰো সৃষ্টি কৰিছে। কিন্তু এই তত্ত্বৰ গাণিতিক জটিলতা আৰু কোনো ধৰণৰ প্ৰামাণ্য দিশ নথকা বাবে ইয়াৰ গ্ৰহণযোগ্যতা শেহতীয়াকৈ হ্ৰাস পাইছে। অন্য যি নহওঁক ৰজ্জু তত্ত্বই ব্যাখ্যা কৰা বহু মাত্ৰা অথবা সমান্তৰাল বিশ্বব্ৰহ্মাণ্ডৰ ধাৰণাবোৰ সম্পূৰ্ণ ৰূপে গাণিতিক ধাৰণা, যাৰ ব্যাখ্যা কোৱান্টাম বলবিজ্ঞানৰ জটিল সমীকৰণৰ আধাৰতহে দিব পৰা যায়, ইয়াৰ সাম্ভাৱ্য বাস্তৱিক ৰূপ পোৱাটো একেবাৰেই অসম্ভৱ। সেইবাবেই আজিৰ পদাৰ্থ জ্ঞানী সকলৰ অনুসন্ধানৰ ক্ষেত্ৰও প্ৰায়েই সলনি হৈ পৰা পৰিলক্ষিত হয়। মহাকাশ বিজ্ঞান আৰু জ্যোতিষ শাস্ত্ৰক একেশাৰীতে ৰখা; কোৱান্টাম বলবিজ্ঞান, সাধাৰণ আপেক্ষিকতাবাদৰ অথবা কোৱান্টাম মহাকৰ্ষণ আদিৰ জটিল অন্বেষণত অনভ্যস্ত, অজ্ঞানী মানুহে প্ৰায়েই তথাকথিত উচ্চ মাত্ৰা, বহু ব্ৰক্ষ্মাণ্ড আদি চাঞ্চল্যকাৰী শব্দৰ বিষয়ে সামান্য প্ৰাথমিক ধাৰণা আয়ত্ত্ব কৰিব পাৰিলেই সেইবোৰৰ অনুৰূপ বিচাৰি উলিয়াই বেদ আৰু পুৰাণত। উদাহৰণস্বৰূপে ভাগৱত পুৰাণত উল্লেখ থকা ব্ৰক্ষ্মলোক, বিষ্ণুলোক, কৈলাশ আদি আচলতে ব্ৰক্ষ্মা, বিষ্ণু আৰু শিৱৰ উচ্চ মাত্ৰা বিশিষ্ট ব্ৰক্ষ্মাণ্ডীয় স্থান বুলি ব্যাখ্যা কৰা অজস্ৰ ৰচনা আৰু টোকা সম্প্ৰতি ইন্টাৰনেটত সুলভ হৈ পৰিছে। এই জ্ঞানদাতা সকলে ক’ব খোজে যে সকলো উচ্চ মাত্ৰাৰ স্থানৰ অনুভৱ কৰাটো সাধাৰণ নৰমনিচৰ পক্ষে সম্ভৱেই নহয়, কেৱল কঠোৰ যোগৰ দ্বাৰা সিদ্ধি লাভ কৰাৰ পিছতহে এই স্থানৰ বিষয়ে জ্ঞান লাভ কৰিব পৰা যায় আৰু তেতিয়া ঈশ্বৰৰ অস্তিত্বও চেতনাৰ এক বিশেষ ব্ৰক্ষ্মাণ্ডীয় স্তৰত সেই উচ্চ মাত্ৰাতেই অনুভূত হয়। কিন্তু এইখিনিতে প্ৰশ্নৰ উদয় হয়, বেদ পুৰাণ আদিত থকা বিজ্ঞানৰ জ্ঞান তথা যোগ আৰু চেতনাৰে ব্ৰক্ষ্মাণ্ডৰ অন্বেষণৰ পথ এৰি শাস্ত্ৰজ্ঞ ব্ৰাহ্মণ সকলে তেন্তে হাজাৰ বছৰ জুৰি যাগ যজ্ঞ আৰু পূজা পাতালৰ কৰ্মকাণ্ডী পথেৰেই কিয় মহাজাগতিক ঈশ্বৰক সন্ধান কৰাৰ বিধান উলিয়াইছিল? দাৰ্শনিক বিজ্ঞানৰ পথ এৰি কি কাৰণে ধৰ্মই মন্দিৰ মছজিদ আৰু সাম্প্ৰদায়িক দাংগাৰ ৰাজনীতিৰ ফালে ধাৱমান হয়?
বহু কাল জুৰি ইউৰোপত এৰিষ্ট’টলৰ দৰ্শনৰ প্ৰভাৱ ইমানেই গভীৰ আৰু আধিপত্যবাদী আছিল যে গতি বিষয়ক সূত্ৰ সমূহৰ বাবে নিউটনক যথাযথ স্বীকৃতি আৰু মৰ্য্যদা দিবলৈ ইউৰোপৰ বিদ্বৎ মহল সততে নাৰাজ আছিল, সেই স্বীকৃতি বিজ্ঞানৰ সলনি এৰিষ্ট’টলকহে দিয়া হৈছিল। একেজন নিউটনে তেওঁৰ মাধ্যাকৰ্ষণ আৰু গতি বিষয়ক সূত্ৰ সমূহ প্ৰাচীন ভাৰতীয় বিদ্বান কনাড মুনিৰ দ্বাৰা ৰচিত বৈশেষিকা শাস্ত্ৰৰ পৰা চুৰি কৰিছিল বুলি সুব্ৰনিয়াম স্বামীৰ দৰে হিন্দুত্ববাদী নেতাই অভিযোগ উত্থাপন কৰি আহিছে। প্ৰাচীন ভাৰতীয় বৈশেষিক ন্যায় শাস্ত্ৰই (খ্ৰীষ্টপূৰ্ব ৩০০) পদাৰ্থৰ এক অন্তৰ্নিহিত গুণ বা ধৰ্ম হিচাপে অভিহিত কৰিছিল ইয়াৰ গতিক। একেদৰে তললৈ সৰি পৰা পদাৰ্থৰ অন্তৰ্নিহিত গুণ ৰূপে চিহ্নিত কৰিছিল গুৰুত্বক (gurutva)। পশ্চিমীয়া প্ৰাচ্যতাত্ত্বিক সকলে এই gurutva শব্দৰেই ইংৰাজী gravity অৰ্থাৎ মাধ্যাকৰ্ষণ শব্দটি ব্যৱহাৰ কৰিবলৈ ল’লে। বৈশেষিক শাস্ত্ৰৰ পৰৱৰ্তী এক সংস্কৰণত ( প্ৰশস্তপদ, ৬০০ খ্ৰীষ্টাব্দ) গতিৰ ব্যাখ্যা আগবঢ়োৱা হৈছে বস্তু কণাৰ স্থানৰ পৰিৱৰ্তনশীল এক ধৰ্ম হিচাপে। The Cultural Heritage of India ৰ ষষ্ঠ খণ্ডত প্ৰকাশিত Physics and Mechanics in ancient and Medieval India (pp 102-103)শীৰ্ষক ৰচনাত অধ্যাপক ডঃ এচ ডি চেটাৰ্জীয়ে দেখুৱাইছিল যে বৈশেষিক শাস্ত্ৰই উল্লেখ কৰা গুৰুত্ব(gurutva) বস্তুৰ ওজন বা গধুৰ অৱস্থা বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল, গুৰুত্বৰ দ্বাৰা প্ৰত্যক্ষভাৱে মাধ্যাকৰ্ষণৰ সৈতে ভৰৰ সম্পৰ্ক দেখুওৱা হোৱা নাই, একেদৰেই বল আৰু ত্বৰণৰ সম্পৰ্কৰ কথাও উল্লেখিত হোৱা নাই। (The word gurutva (gravity) has also been used in the sense of heaviness or weight, but there seems to be no correlation between gravity and mass of the substance as there is no correlation between any type of force and acceleration.)
নি:সন্দেহে বৈশেষিক শাস্ত্ৰই প্ৰাচীন ভাৰতত অণু বিজ্ঞান আৰু গতি বিজ্ঞানৰ কেতবোৰ অতি মৌলিক ধাৰণাক প্ৰকাশ কৰিবলৈ সক্ষম হৈছিল, কিন্তু এই জ্ঞানৰ দৰ্শনে সেই যুগত নিউটনীয় গতি বিজ্ঞানৰ পৰ্যায়ত উপনীত হোৱাতো সম্ভৱ নাছিল। অথচ, মহৰ্ষি কনাডৰ ৰচনাত প্ৰত্যক্ষ ভাৱে নথকা সত্বেও কনাডৰ সূত্ৰৰ ৰূপত নিউটনৰ তিনিটি গতি সূত্ৰৰ সৰল সংস্কৃত ভাষান্তৰ বহু বছৰ ধৰি ইন্টাৰনেটত জনপ্ৰিয় হৈ আহিছে। এই ভাষান্তৰসমূহ আধুনিক সময়ত কোনোবাই সংস্কৃতত ৰচনা কৰি প্ৰচাৰ কৰাৰ সম্ভাৱনাই প্ৰৱল। দৰাচলতে গেলিলিঅ’ৰ পৰীক্ষালব্ধ সিদ্ধান্তৰ ওপৰত ভিত্তি কৰিয়েই নিউটনে পৰৱৰ্তী কালত তেওঁৰ গতি বিষয়ক প্ৰথম আৰু দ্বিতীয় সূত্ৰ দুটি আগবঢ়াইছিল। নিউটনে নিজেই স্বীকাৰ কৰি গৈছিল যে তেওঁৰ বৈজ্ঞানিক সিদ্ধান্ত সমূহ মহীৰূহৰ অৱদানৰ ওপৰত থিয় দি আছে। এই দুগৰাকী মহীৰূহ গেলিলিঅ’ আৰু কেপ্ লাৰেই আছিল, কিন্তু তাৰ পিছতো নিউটনৰ মৌলিক অৱদানক হয় নস্যাৎ কৰা হৈছে অথবা তেওঁৰ বিৰুদ্ধে চৌৰ্য বৃত্তিৰ অভিযোগেৰে কুৎসা ৰটনা কৰা হৈছে। এনে ৰাজনৈতিক শঠতা আৰু কুৰ্চুতীয়া মনোবৃত্তিয়ে দেশৰ স্বকীয় বৈজ্ঞানিক সাধনা আৰু অৱদানৰ ওপৰত কালিমা সানি নিদিবনে?
আধুনিক বিজ্ঞানৰ উৰ্ধত ধৰ্মশাস্ত্ৰ সমূহত অতীতৰ কোনো এক পৰম, আধ্যাত্মিক, ব্ৰক্ষ্মাণ্ডীয় দৈৱিক বিজ্ঞান নাছিল, তাৰ বিপৰীতে আছিল জ্ঞানৰ নিৰন্তৰ অন্বেষণ। কিন্তু এই অন্বেষণে বহু আধিভৌতিক কল্পনা, অতিকথা তথা সেই সময়ৰ প্ৰভাৱশালী সামাজিক, গোষ্ঠীগত প্ৰমূল্য সমূহকো সামৰি লৈছিল। তেনে অতীত বিজ্ঞানৰ সম্ভাৰ থকা হ’লে ভাৰতীয় মহাকাশ সংস্থাৰ বিজ্ঞানী সকলে সেই জ্ঞানৰ আধাৰতেই চন্দ্ৰ অভিযান অথবা সূৰ্য অভিমুখে অভিযানকো সম্পন্ন কৰিব পাৰিলেহেতেন।
আজিকালি মহাকাশ অভিযানত প্ৰায়েই শুনা যায় Lagrange বিন্দুৰ কথা, এই বিন্দু সমূহ মহাকৰ্ষণ বল যুক্ত দুই অতি বৃহৎ ব্ৰক্ষ্মাণ্ডীয় বস্তুৰ মাজৰ সেইবোৰ বিন্দু যʼত মহাকৰ্ষণ বলে পৰস্পৰক বাতিল কৰাৰ ফলত একোটা উপগ্ৰহক সেই বিন্দুত সুস্থিৰ ভাৱে স্থাপন কৰিব পৰা যায়। ১৭৭২ চনত জোছেফ লুইছ লেগৰেঞ্জে পৃথিৱী, চন্দ্ৰ আৰু সূৰ্যৰ মাজত থকা এই বিন্দুৰ অৱস্থিতিক গাণিতিকভাৱে প্ৰমাণ কৰিছিল। সোতৰ শতিকাত বিকশিত নিউটনীয় পদাৰ্থবিজ্ঞানে তিনিটা বস্তুৰ মাজৰ সমস্যাক(Three -Body Problem)ক বুজি উঠিবলৈ এনেদৰেই সহায় কৰিছিল, যাৰ ফলতেই আজি ভাৰত প্ৰমুখ্যে বিশ্বৰ অগ্ৰণী দেশসমূহে সহজেই নিৰ্দিষ্ট কক্ষপথত মহাকাশযান স্থাপন কৰিবলৈ সক্ষম হৈছে। এতেকে বুজা যায় যে আধুনিক বিজ্ঞানৰ বিকাশৰ ক্ষেত্ৰত প্ৰাচীন দৰ্শন বা বিজ্ঞানৰ পৰিৱৰ্তে যোৱা তিনিশ বছৰৰ বিজ্ঞানৰ বৈপ্লৱিক সিদ্ধান্তসমূহ তথা জ্ঞানৰ পাৰস্পৰিক আদান প্ৰদান আৰু সহযোগৰ ভূমিকাৰ মূল্যহে সৰ্বাধিক। আজিৰ সময়ত বিশ্বৰ কোনো দেশেই বিজ্ঞানৰ ক্ষেত্ৰত বিশ্বগুৰু বুলি দাবী কৰিব নোৱাৰে।
বগা বাওনা তৰাসমূহৰ জীৱন কালৰ এক অন্যতম অৱস্থাক প্ৰকাশ কৰা ‘চন্দ্ৰশেখৰ সীমা’ৰ পৰা আৰম্ভ কৰি আজিৰ বিশ্বত সৰ্বাধিক চৰ্চিত মহাকৰ্ষণীয় তৰংগ (Gravitational Wave ), আণৱিক জীৱবিজ্ঞান, জীৱন সঞ্জীৱনী ভেকচিনৰ গৱেষণালৈকে সকলো দিশতে ভাৰতীয় বিজ্ঞানী সকলৰ গৱেষণা আগবাঢ়ি গৈছে।এনে বিজ্ঞানৰ চৰ্চা নহৈ জ্যোতিষ শাস্ত্ৰৰ বিজ্ঞান, ধৰ্মীয় বিশ্বাসৰ আৰৰ বিজ্ঞান আদিৰ অধিক চৰ্চাই সমাজক মানসিক ভাৱে অসুস্থ কৰি তোলাৰ সম্ভাৱনা প্ৰবল। অসুস্থ সমাজ এখনে উগ্ৰ মৌলবাদ আৰু অন্ধ উন্মাদনাক শক্তিশালী কৰিব পাৰে, মৌলিক বিজ্ঞানক নহয়।
বিজ্ঞান আৰু গণতন্ত্ৰ
বিজ্ঞান আৰু বিজ্ঞানী সম্পৰ্কে মৌলবাদী তথা পৰম্পৰাবাদী সকলৰ কল্পনা আৰু বিশ্বদৃষ্টিৰ সৈতে গণতান্ত্ৰিক আৰু মুক্ত সমাজৰ পক্ষে থকা ব্যক্তি এজনৰ মানসিকতা আৰু সিদ্ধান্তৰ বিস্তৰ পাৰ্থক্য থাকিব। কিন্তু এই কথাটোতো সন্দেহ নাই যে বিজ্ঞানীসকল তেওঁলোকৰ নিজস্ব সমাজৰ ইতিহাস, প্ৰভাৱশালী ধৰ্মীয় পৰম্পৰা সমূহৰ দ্বাৰা পূৰামাত্ৰাই প্ৰভাৱিত হ’ব। বিজ্ঞানী সকলৰো নিজস্ব ধৰ্মীয় বিশ্বাস থাকিব। কিন্তু সেই বিশ্বাসৰ আনুষ্ঠানিকতাৰ প্ৰদৰ্শনে যদি সমাজত ধৰ্মক লৈ ৰাজনীতি কৰা শক্তি সমূহৰ যুক্তি আৰু অস্ত্ৰত নতুনকৈ শান দিবলৈ আৰম্ভ কৰিছে, তেন্তে বুজিব লাগিব যে নানা অসম্ভৱৰ সাধন আৰু কীৰ্তিমানক স্থাপন কৰাৰ পিছতো সেই সমাজ আৰু দেশৰ বিজ্ঞান আৰু বিজ্ঞানীসকলৰ কৃচ্ছ সাধনাই সুস্থ গণতন্ত্ৰৰ বিপৰীতে প্ৰতিক্ৰিয়াশীলতাৰ দিশেহে ধাৱমান হৈছে। অথবা এনেদৰেও ক’ব পৰা যায় যে যি গণতন্ত্ৰ বিৰোধী আদৰ্শ আৰু মৌলবাদৰ ৰাজনীতিয়ে দেশৰ এক বৃহৎ সংখ্যক মানুহকেই অশিক্ষা আৰু অন্ধকাৰ পোতাশালৰ মাজত বন্দী কৰি ৰাখে সেই অৱস্থাৰ অৱসান নঘটাকৈ, এখন দেশৰ বিজ্ঞানেইবা কিমান দূৰলৈ আগুৱান হ’ব পাৰে? বিজ্ঞানৰ সৈতে সামাজিক গণতন্ত্ৰৰ এই ঐতিহাসিক সম্পৰ্কৰ বাবেই ভাৰতৰ দৰে গণতান্ত্ৰিক ৰাষ্ট্ৰৰ সংবিধানত বৈজ্ঞানিক মানসিকতাৰ প্ৰশ্নটোক অতি গুৰুত্ব সহকাৰে বিবেচনা কৰা হৈছিল। এতিয়া প্ৰশ্ন হ’ব পাৰে যে বিষয়ী নিৰপেক্ষ, প্ৰমাণ নিৰ্ভৰ, একান্তই প্ৰত্যক্ষবাদী সমসাময়িক বিজ্ঞানৰ সৈতে একেলগে গণতান্ত্ৰিক প্ৰমূল্যৰ কথাটো আলোচিত হোৱাৰ প্ৰাসংগিকতা ক’ত? ইতিহাসলৈ লক্ষ্য কৰিলে দেখা যাব যে ইউৰোপত গীৰ্জাৰ সৈতে নৱ উদিত বুৰ্জোৱা শ্ৰেণী তথা স্বনামধন্য বিজ্ঞানী আৰু দাৰ্শনিক সকলৰ সংঘাত হৈছিল, কিন্তু তাৰ বিপৰীতে ভাৰতবৰ্ষত বিজ্ঞান আৰু বিভিন্ন ধৰ্মীয় পুনৰুত্থানবাদী আন্দোলন সমূহৰ মাজত সংঘাত সৃষ্টি হোৱাৰ পৰিৱৰ্তে এনে ভিন্ন ধাৰাই পৰস্পৰৰ পৰিপূৰক হিচাপেহে থিয় দি উঠিছিল।দাক্ষিণাত্য তথা মহাৰাষ্ট্ৰ আদিৰ যুক্তিবাদী আন্দোলনৰ গৰ্ভত দলিত, নিম্ন বৰ্গীয় সামাজিক ন্যায় প্ৰতিষ্ঠাৰ আন্দোলন সমূহৰ ভূমিকাই আছিল মুখ্য। এই আন্দোলনত ভাৰতীয় মূল সূতিৰ বিজ্ঞানী সকলৰ বিশেষ ভূমিকা নাছিল। ডাইনী হত্যা, সতীদাহ প্ৰথা, দেৱদাসী পৰম্পৰা আদিৰ বিৰুদ্ধে বৃটিছে আইন প্ৰণয়ন কৰাৰ লগে লগে এক বিশেষ উচ্চ বৰ্ণ সমাজে প্ৰতিবাদত গৰজি উঠিছিল।
পশ্চিমীয়া উদাৰবাদ আৰু ধৰ্মনিৰপেক্ষতাৰ পতন বিচৰা হিন্দু জাতীয়তাবাদে ঔপনিৱেশিক ঐতিহ্যৰ পৰা মুক্তিৰ নামত কেতিয়াবা যদি ‘পশ্চিমীয়া বিজ্ঞান’ৰ বিৰুদ্ধে থিয় দিছে, কেতিয়াবা আকৌ পশ্চিমৰ মৌলিক বিজ্ঞানৰ সিদ্ধান্ত সমূহ প্ৰাচীন ভাৰতীয় ধৰ্মশাস্ত্ৰ, বেদ পুৰাণ আদিত ইতিমধ্যেই উপলব্ধ বুলি দেশত এটা শক্তিশালী জনমতৰ ধাৰা তৈয়াৰ কৰিছে। এনে জনমতৰ সৈতে দেশৰ বিজ্ঞানী মহলৰ বিশেষ সম্পৰ্ক নাথাকিলেও, ই হিন্দু জাতীয়তাবাদী সকলক স্বতন্ত্ৰ চিন্তা আৰু বৈচিত্ৰ্যতাৰ প্ৰমূল্যক জীয়াই ৰখা ভাৰতবৰ্ষৰ অনুষ্ঠান প্ৰতিষ্ঠান সমূহৰ ওপৰত আদৰ্শগত দখল সম্পূৰ্ণ কৰাৰ সুযোগ আনি দিছে। বিশ্ববিদ্যালয়ৰ গৱেষণাগাৰৰ বাহিৰত সমগ্ৰ ভাৰততে এক নতুন বিজ্ঞানৰ জন্ম হৈছে। এই বিজ্ঞানৰ আঁৰত এনে এক ইতিহাসৰ কথা বৰ্ণনা কৰা হৈছে, যʼত বৈদিক ঋষি-মুনি সকল এফালে যদি আছিল বিজ্ঞানী তেন্তে আনফালে আছিল ত্ৰিকালজ্ঞ মহাযোগী, যিসকলে সনাতন ধৰ্মীয় জ্ঞানেৰে বিজ্ঞানৰ সূত্ৰ সমূহক হাজাৰ হাজাৰ বছৰ আগতেই আৱিষ্কাৰ কৰিছিল। পিছে এই সনাতনী বিজ্ঞান চৰ্চাকাৰী সকলে এই কথা অস্বীকাৰ কৰি আহিছে যে যি সামাজিক আৰু অৰ্থনৈতিক পৰিৱেশত প্ৰাচীন সনাতনী বিজ্ঞানৰ বিকাশ হোৱা বুলি দাবী কৰা হয় সেই পৰিৱেশ আৰু সেই যুগৰ ধ্ৰুপদী জ্ঞানৰ সৈতে সমাজৰ সংখ্যাগৰিষ্ঠ মানুহৰ ধৰ্ম, বিশ্বাস আৰু আচাৰৰ কোনো সম্পৰ্কই নাছিল। জ্ঞানৰ ওপৰত একচেটিয়া অধিকাৰ আছিল প্ৰাচীন ধ্ৰুপদী সংস্কৃত ভাষাত জ্ঞানৰ চৰ্চা কৰা শাস্ত্ৰজ্ঞ ব্ৰাহ্মণ তথা উচ্চ বৰ্ণৰ পণ্ডিত সকলৰ আনফালে বহল ভাৰতীয় সমাজৰ ওপৰত জাপি দিয়া হৈছিল বৰ্ণভেদ আৰু কৰ্মকাণ্ডী বৈদিক ধৰ্মক। হাজাৰ বছৰ জুৰি চলা জ্ঞান নিষেধ নীতিৰ এই ধাৰাৰ পৰিৱৰ্তন ঘটিবলৈ আৰম্ভ কৰিছিল বৃটিছৰ আগমনৰ পিছতহে আৰু বিশেষকৈ স্বাধীন ভাৰতৰ সংবিধান প্ৰণয়নৰ পিছত; যেতিয়া পিছপৰা, বহুজন সম্প্ৰদায় সমূহ তথা জনজাতীয় আদিবাসী, কৃষক শ্ৰমিক সকলোৱে বিজ্ঞান শিক্ষা লাভ কৰাৰ অধিকাৰৰ বাট মুকলি হৈছিল। নিঃসন্দেহে এই জ্ঞানৰ যাত্ৰা আৰম্ভ হৈছিল সনাতনী সকলে নস্যাৎ কৰা তথাকথিত পশ্চিমীয়া আৰ্হিৰ শিক্ষা ব্যৱস্থাৰ প্ৰৱৰ্ত্তনৰ পিছত। সেইবাবেই বিজ্ঞানৰ সৈতে সামাজিক গণতন্ত্ৰৰো ওতঃপ্ৰোত সম্পৰ্ক।
কিন্তু আজিৰ উত্তৰ আধুনিক, উত্তৰ সত্যৰ যুগত বিজ্ঞানৰ এক আচৰিত বিৱৰ্তনক আমি লক্ষ্য কৰিছোঁ। বিজ্ঞানে আজিৰ সময়ত মানুহৰ জীৱনৰ অৰ্থকেই সলনি কৰি দিছে সঁচা, কিন্তু একেই বিজ্ঞানে যদি ভোগৰ পাহাৰৰ সৃষ্টি কৰিছে তেন্তে আকৌ গণতন্ত্ৰ, ন্যায় আৰু মানৱাধিকাৰৰ দৰে সামাজিক বিৱৰ্তনৰ সৈতে যুক্ত বিষয়বোৰৰ পৰা আঁতৰি গৈ বিজ্ঞান, বিশ্বৰ আটাইতকৈ নৃশংস আৰু যুদ্ধবাজ শক্তিবোৰৰ তথা পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদ লুন্ঠনকাৰী বৃহৎ বহুজাতিক প্ৰতিষ্ঠান সমূহৰ হাতিয়াৰত পৰিণত হৈ পৰিছে। কট্টৰ ধৰ্মীয় আৰু গোষ্ঠীবাদী ৰাষ্ট্ৰসমূহে বিজ্ঞানৰ সাংস্কৃতিক আৰু দাৰ্শনিক প্ৰমূল্যক নাকচ কৰি যিদৰে নিজস্ব ‘ধৰ্মীয় বিজ্ঞান’ৰ সৃষ্টি কৰিছে, একেদৰে উদাৰবাদী গণতন্ত্ৰ আৰু বিজ্ঞানবাদৰ নামতো একেই জিঘাংসু, আদিম গোষ্ঠীবাদেৰে পলকতে নৰমেধ যজ্ঞ সৃষ্টি কৰিব পৰাকৈ অস্ত্ৰ প্ৰযুক্তিৰ ভাণ্ডাৰ সাজু কৰি ৰখা হৈছে অথবা এক বিপুল সংখ্যক জনতাক ত্ৰাসিত কৰি ৰাখিবলৈ মাৰাত্মক surveillance প্ৰযুক্তি সমূহৰ উদ্ভাৱন কৰা হৈছে। জাতি ৰাষ্ট্ৰবাদৰ নামত সংঘটিত দুই বিশ্বযুদ্ধৰ পৰৱৰ্তী সাম্ৰাজ্যবাদী যুদ্ধ বোৰত সন্ত্ৰাসবাদ অথবা মৌলবাদ ধ্বংসৰ নামত ব্যাপক নৰসংহাৰ চলোৱা হৈছে। এই কথা মনত ৰখা উচিত যে এনেবোৰ যুদ্ধৰ আঁৰৰ ঘোষিত মতাদৰ্শক সততে ধৰ্মীয় প্ৰভাৱ মুক্ত বুলি দাবী কৰা হয়, অথবা বৈজ্ঞানিক সভ্যতাবাদী আৰু উদাৰ গণতান্ত্ৰিক বুলিও দাবী কৰা হয়। এনে মতাদৰ্শৰেই আঁৰত থকা ৰাষ্ট্ৰ ক্ষমতাৰ নিষ্ঠুৰতম প্ৰদৰ্শন, প্ৰতিশোধপৰায়ণতা আৰু গণহত্যাৰ উন্মাদনাক মিডিয়া আৰু প্ৰচাৰতন্ত্ৰৰ সহায়ত লুকুৱাই ৰখা হয় আৰু এক শক্তিশালী, ক্ষমাহীন সামৰিক ৰাষ্ট্ৰবাদৰ পক্ষত বিজ্ঞান আৰু সভ্যতাবাদৰেই পাশৱিক উদযাপন কৰা হয়। এই বাস্তৱতাক মহান আইনষ্টাইন তথা পাৰমাণৱিক বোমাৰ পিতৃ স্বৰূপ অপেনহেইমাৰ আদিয়ে সঠিক ভাৱেই অনুধাৱন কৰি কৰিছিল। সেয়েহে বিজ্ঞানক যান্ত্ৰিক নাস্তিকতাৰ দৃষ্টিৰে চোৱা অথবা কেৱল নীৰস নৈৰ্ব্যক্তিক জটিল জ্ঞান ৰূপে বুজাৰ বিপৰীতে ইয়াক এক ঐতিহাসিক, সমাজ ৰূপান্তৰৰ আধাৰ ৰূপে প্ৰতিষ্ঠিত কৰিব খোজা সকলে স্বাধীনতা, সামাজিক ন্যায় আৰু প্ৰকৃত গণতন্ত্ৰ প্ৰতিষ্ঠাৰ প্ৰশ্নবোৰক একাষৰীয়াকৈ থ’ব নোৱাৰে।
সহায়ক গ্ৰন্থ আৰু তথ্যসূত্ৰ:
1. Meera Nanda; Science in Saffron— Skeptical Essays On History of Science.
2. Aravindan Neelakandan; Newton and the Problem Of ‘Cargo Cult’ Hindutva.