গ্রন্থ পৰিচয়

বিজ্ঞানমনস্ক চিন্তাৰে পুষ্ট নাৰীমুক্তিৰ দলিল:”নাৰী- বন্ধন আৰু মুক্তি”-( ৰূপালীম দত্ত)

নাৰীমুক্তি প্ৰসংগ বা তেনে কোনো চিন্তাৰ আওতালৈ আহিলেই সততে কেতবোৰ প্রশ্নই জুমুৰি দি ধৰে। প্রশ্নটো হ’ল, মনুসংহিতাত নাৰীবিষয়ক যিবোৰ কথা বা বিধান উল্লেখ আছে সেইবোৰ নজনা শিক্ষিতা মহিলা বোধকৰো নোলাবই; কেৱল মনুসংহিতাই নহয়, সকলো ধর্মগ্রন্থই নাৰী-নিন্দাৰে ভৰা। কিন্তু তাৎপৰ্যপূর্ণভাৱে এই সকলোবোৰ জনাৰ পিছতো সংখ্যাগৰিষ্ঠ মহিলাই এইবোৰক আওকাণ কৰাৰ দৃষ্টান্ত নাই। এয়া সাহসৰ অভাৱ নে সংস্কাৰ? আধুনিকতাৰ ভুল ব্যাখ্যাৰে চালিত এওঁলোক আচলতে নিজৰ অজ্ঞাতে ধর্মশাস্ত্ৰ-নির্ণিত পুৰুষতান্ত্রিক মূল্যবোধত আচ্ছন্ন যেন নালাগেনে? এই ক্ষেত্ৰত শিক্ষিত পুৰুষসকলৰ কৰণীয় একা? নে শাস্ত্ৰৰ ব্যাখ্যাক পুৰুষতান্ত্রিক শক্তিৰ আধাৰ হিচাপে লৈ এওঁলোক সন্তুষ্ট? মনু যেতিয়া হৈ পৰে আৰাধ্য শাস্ত্ৰকাৰ, বেদবাক্য য’ত অলংঘনীয় সেয়াই বোধহয় ধৰ্মজাল। মৌলবাদ। মৌলবাদীৰ কোনো লিংগ নাথাকে; জাতি-ভাষা বা ধৰ্মৰ কোনো নির্দিষ্ট অৱধাৰণা নাথাকে।

নাৰীমুক্তি সম্পৰ্কীয় কথাৰ মাজতে মৌলবাদৰ কথা সোমালহি ড০ সন্ধ্যা দেৱীৰ গ্রন্থ নাৰী : বন্ধন আৰু মুক্তিৰ কথা ক’বলৈ গৈ। অন্যান্য প্রসংগলৈ যোৱাৰ আগতে গ্ৰন্থখনৰ মাজৰ প্ৰসংগ এটা উদ্ধৃত কৰিছোঁ।
“হিন্দুসকলৰ সত্যৰ আদর্শ সেৱক তথা ধৰ্মপুত্র যুধিষ্ঠিৰে প্ৰসংগক্ৰমে কৈছে : ‘গৰুৱে যেনেকৈ নতুন ঘাঁহ খাবলৈ আগ্রহ কৰে তেনেকৈ তেওঁলোকে (নাৰীয়ে) নতুন নতুন পুৰুষৰ সৈতে সংসর্গ কৰিবলৈ ইচ্ছা কৰে” (কল্যাণী বন্দোপাধ্যায়, ধৰ্ম ও নাৰী, ৪র্থ, পৃষ্ঠা ১৪৪)। এই কথাৰ আঁত ধৰি ড০ সন্ধ্যা দেৱীয়ে লিখিছে : সত্যনিষ্ঠ যুধিষ্ঠিৰে বা কোনো শাস্ত্ৰকাৰে এটা প্রশ্ন কিন্তু কোনোদিনেই নকৰিলে। প্রশ্নটো হ’ল—নাৰীৰ স্বভাৱ যদি ব্যভিচাৰৰ দোষত দুষ্ট, তেন্তে সেই ব্যভিচাৰৰ বাবে জানো ব্যভিচাৰী পুৰুষৰ প্রয়োজন নাই?

সততাৰে সৈতে এনে এটা সাহসী প্রশ্ন কৰিব পৰা মানুহগৰাকী নিশ্চিতভাৱে বিজ্ঞানমনস্ক চিন্তা-চৰ্চাৰে পৰিচালিত যুক্তিবাদী মানুহ হ’বই লাগিব। নাৰী : বন্ধন আৰু মুক্তি গ্ৰন্থখন পঢ়ি উঠি উচ্ছ্বাসেৰে কৈছোঁ—গ্ৰন্থখনে চিন্তাশীল পাঠকৰ মনৰ দিগন্ত প্ৰসাৰিত কৰিব আৰু বিষয়টো সন্দৰ্ভত এক নতুন দৃষ্টিকোণেৰে চিন্তা-চৰ্চা কৰিবলৈ প্রেৰণা দিব। এখন নিঃসন্দেহে সংৰক্ষণযোগ্য গ্রন্থ।

নাৰী : বন্ধন আৰু মুক্তিত মুঠ আঠটা প্রবন্ধ সন্নিবিষ্ট হৈছে। আটাইকেইটা প্রবন্ধই মূল্যৱান। প্রবন্ধকেইটা লিখোতে লেখিকাই যে যথেষ্ট কষ্ট স্বীকাৰ কৰিবলগা হৈছে, এই কথা সংকলনটোৰ প্ৰতিটো পৃষ্ঠাই সোঁৱৰাই থাকে। ইয়াত সন্নিৱিষ্ট প্রবন্ধসমূহৰ শিৰোনাম এনেধৰণৰ—
(১) আমেৰিকাৰ নাৰীমুক্তি আন্দোলন
(২) মেৰি ৱলষ্টনক্র্যাফট : নাৰীমুক্তিৰ নিঃসংগ অগ্রদূত
(৩) জন ষ্টুৱার্ট মিলৰ নাৰী চিন্তা
(৪) ফৰাচী বিপ্লৱ আৰু নাৰীমুক্তি
(৫) নাৰী আৰু মৌলবাদ
(৬) সতী প্ৰসংগ
(৭) আধুনিক যুগত অসমীয়া নাৰী আৰু
(৮) নাৰীৰ ভোটাধিকাৰ আন্দোলন।

ইয়াৰ প্ৰথম, দ্বিতীয়, তৃতীয়, চতুর্থ, ষষ্ঠ আৰু একেবাৰে শেষৰ প্ৰবন্ধটোত মূলতঃ নাৰীৰ বন্ধন আৰু ইয়াৰপৰা মুক্তি লাভৰ বাবে কৰা সংগ্রাম, কষ্ট আৰু ত্যাগৰ ইতিহাস সন্নিবিষ্ট হৈছে। আমেৰিকাৰ দাস প্রথাই জগাই তোলা নাৰীৰ ভোটাধিকাৰৰ দাবীত হোৱা সুদীর্ঘ সংগ্ৰামৰ ইতিবাচক পৰিণতিৰ পিছতো প্ৰকৃতাৰ্থত নাৰীৰ সংগ্রাম শেষ হৈছিল জানো? স্বাধীনতা, সম্পত্তি আৰু নিৰাপত্তাৰ দাবীৰে উত্তাল ফৰাচী নাৰীয়ে আঁজুৰি অনা নাৰীৰ পৈতৃক সম্পত্তিৰ অধিকাৰ, বিবাহ-বিচ্ছেদ আইনৰ সফলতাইও জানো ফৰাচী নাৰীৰ প্ৰাপ্য সন্মানৰ কথা কয়? আমেৰিকাত ফ্রয়েডীয় তত্ত্বৰ আমদানিৰে পুৰুষপ্রধান সামাজিক শোষণ বাহাল ৰখাৰ চেষ্টা, Now (National Organisation of Women)ৰ নিচিনা সুবৃহৎ নাৰী সংগঠনৰ কার্যক্রমণিকাই অনা সামাজিক পৰিবৰ্তনৰ ইতিহাস, ভোটাধিকাৰৰ প্ৰশ্নটোৰ আঁত ধৰি উন্মোচিত ৰথী-মহাৰথীসকলৰ মানসিকতা কেইবাগৰাকীও ফৰাচী নেত্রীৰ আত্মবলিদানৰ কাহিনীকে ধৰি অলেখ দিশ সামৰি লোৱা হৈছে প্ৰবন্ধকেইটাত। আচলতে নিজকে শ্রেষ্ঠ বুলি দাবী কৰা আমেৰিকাই হওক, বিপ্লৱী জাতি বুলি গৌৰৱান্বিত ফৰাচীয়েই হওক অথবা ৰক্ষণশীল বুলি পৰিচিত ভাৰতেই হওক, বিশ্বত নাৰীৰ স্ব-প্রতিষ্ঠাৰ যুঁজত প্ৰতিপক্ষ সদায় পুৰুষশাসিত সমাজব্যৱস্থা‌। নাৰী আন্দোলনৰ ইতিহাস মধ্যবিত্তীয় পুৰুষ শ্ৰেণীয়ে বৈষয়িক স্বাৰ্থ পূৰণৰ বাবে কৰা প্ৰৱঞ্চনাৰ ইতিহাস‌। প্ৰচুৰ তথ্যসমৃদ্ধ প্ৰবন্ধকেইটা নাৰীমুক্তি তথা নাৰী স্বাধীনতাৰ বিষয়ে চিন্তা-চৰ্চা কৰা লেখক-পাঠক, গৱেষকসকলে সন্মুখীন হোৱা প্ৰসংগ পুথিৰ অভাৱ বহু পৰিমাণে দূৰ কৰাৰ লগতে বিষয়টোৰ যথার্থতা উপলব্ধি কৰাত নিশ্চিতভাৱে সহায় কৰিব বুলি আমাৰ ধাৰণা। এই ক্ষেত্ৰত সোঁতৰ বিপৰীতে কলম চলাই, হাতে-কামে মুক্তি সংগ্ৰামত জঁপিয়াই পৰা ব্যক্তিসকলৰ চিন্তা-চেতনা তথা ব্যক্তিত্বৰ প্ৰসংগও বিশদভাৱে আলোচিত হৈছে গ্ৰন্থখনত। একেখিনি কথা ক’ব পাৰি গ্ৰন্থখনত সন্নিবিষ্ট ‘আধুনিক যুগৰ অসমীয়া নাৰী’ শীর্ষক প্রবন্ধটোৰ ক্ষেত্ৰটো। প্রাক-ব্রিটিছ অসমত সামাজিক সংস্কাৰ তথা স্থান সম্পৰ্কত তেতিয়াৰ বিদ্বৎ সমাজৰ দৃষ্টিভঙ্গীকে উল্লিখিত প্ৰসংগ ইয়াতো সামৰি লোৱা হৈছে। পার্থক্য মাথোঁ এয়ে যে এই প্রবন্ধটোৰ পটভূমি অসম, আধুনিক মননৰ পৰিচয় দিয়া মনীষীকেইজন অসমীয়া। আৰু এটা কথা ক’বই লাগিব যে এই প্রবন্ধটোত সন্নিবিষ্ট কৰা চাহ বনুৱা সম্প্রদায়ত জন্মগ্রহণ কৰি সাম্রাজ্যবাদী শাসনৰ বিৰুদ্ধে বিদ্রোহ কৰি শ্বহীদ হোৱা উত্তৰ-পূব ভাৰতৰ প্ৰথমগৰাকী মহিলা মালতী বা নতুন প্রজন্মৰ বাবে অজানা এনে বহু স্মৰণীয় ব্যক্তিত্বৰ প্ৰসংগই আমাক উপকৃত কৰিব।
সংকলনটোৰ অনন্য মাত্রা প্রদান কৰা প্রবন্ধটো হ’ল “নাৰী আৰু মৌলবাদ”। প্ৰবন্ধৰ আৰম্ভণিতে আমি যিকেইটা সততে অৱতাৰণা হোৱা প্রশ্নৰ প্ৰসংগ উত্থাপন কৰিছিলোঁ, এই প্রশ্নসমূহৰ উত্তৰ সুন্দৰভাৱে ইয়াত আলোচিত হৈছে। মৌলবাদৰ শক্তি, ইয়াৰ নীতি-চাতুর্য সকলোবোৰ আমাৰ তেনেই পৰিচিত ঘটনা, বক্তব্য বা দৃষ্টান্তৰে ব্যাখ্যা কৰা হৈছে।

হিন্দু মৌলবাদীৰ ঐতিহ্য পুনৰুত্থানৰ অন্তর্গত হোৱা বাবে সতীদাহ প্রথা প্ৰসংগৰ বিশেষ গুৰুত্ব আছে। সেয়েহে লেখিকাই কোৱা ‘সাম্প্রতিক কালত দেখা দিয়া পুনৰুত্থানবাদ বা revivalism-ৰ স্বৰূপ জানিবলৈ সতীদাহ সম্পর্কে এক বস্তুনিষ্ঠ বিশ্লেষণ আৰু মূল্যায়নৰ প্রয়োজন” বোলা যুক্তি নিঃচর্তে গ্রহণীয় আৰু লেখাটোত সেয়া সুন্দৰভাৱে প্ৰতিফলিত হৈছে।

আলোচ্য গ্ৰন্থখনত প্ৰসংগক্ৰমে সন্নিবিষ্ট হৈছে কেইবাখনো গুৰুত্বপূর্ণ কিতাপৰ আলোচনা, যিকেইখনে নাৰী অধিকাৰৰ আন্দোলনক এক অন্য মাত্রা দিছিল। যথা, আমেৰিকাৰ নাৰীমুক্তি আন্দোলন সম্পৰ্কীয় প্রবন্ধটোত আলোচিত গ্ৰন্থকেইখনে সেই সময়তে খলকনি তুলিছিল। লেখিকাৰ ভাষাত—‘ফৰাচী মহিলা বুদ্ধিজীৱী ছিমন দি বুভোৱাৰ “দ্য ছেকেণ্ড ছেক্স” নামৰ গ্ৰন্থখনে মধ্যশ্রেণীৰ নাৰী সমাজত এক আলোড়নৰ সৃষ্টি কৰে। ইপিনে নৃতাত্ত্বিক গৱেষণাৰ ফলত নাৰীৰ মানসিকতা গঠনৰ নেপথ্যত যে সামাজিক পৰিবেশ আৰু সংস্কৃতিৰ গুৰুত্বপূর্ণ প্ৰভাৱ অনস্বীকার্য সেই কথা লাহে লাহে প্রমাণিত হ’বলৈ ধৰে। এই প্রসঙ্গত বিশ্ববিখ্যাত নৃতাত্ত্বিক মার্গাৰেট মিডৰ “ছেক্স এণ্ড টেম্পৰামেন্ট ইন দি প্রিমিটিভ ছ’চাইটি” নামৰ কিতাপখন উল্লেখযোগ্য। অৱশ্যে আমেৰিকাৰ নাৰী জাগৰণৰ ক্ষেত্ৰত ১৯৬৩ চনত প্রকাশিত বেটি ফ্লাইডমেনৰ “দ্য ফেমিনিন মিছটিক”ৰ ঐতিহাসিক গুৰুত্ব আটাইতকৈ বেছি। এই কিতাপখনে আমেৰিকাৰ নাৰী সমাজৰ সুপ্ত চেতনালৈ এক নতুন জোৱাৰ আনিলে মাতৃত্বৰ দাসত্ব আৰু পাৰিবাৰিক বন্ধনৰপৰা নিজকে মুক্ত কৰি আত্মপ্রতিষ্ঠাৰ বাবে আহ্বান জনাই – “the only way for a woman, as for a man, to find herself, to know herself as a person, is by creative work of her own.”

আন এখন তেনে উল্লেখযোগ্য গ্রন্থ হ’ল মেৰি ৱ’লষ্টনক্রাফটৰ “এ ভিণ্ডিকেচন অব দি ৰাইটছ অৱ ৱমেন”। পুৰুষৰ আধিপত্য আৰু প্রতিপত্তিক প্রায় অকলেই প্রত্যাহ্বান জনোৱা ৱ’লষ্টনক্রাফটে অৱশ্যে পশ্চিমৰ আন বহুতো সচেতন মহিলাৰ দৰে পুৰুষতান্ত্রিক সমাজত বৈষম্যমূলক নীতি-নিয়মৰ বিৰুদ্ধে কোনো প্রতিবাদ বা বিদ্রোহ সংগঠিত কৰা নাছিল। তেওঁ নৰম পন্থাৰ বাবে সমালোচিত হ’লেও সেই ১৭৯২ চনতে পৰম্পৰা ভাঙি নাৰী-পুৰুষৰ সম্পৰ্কক লৈ কৰা আলোচনাই সমগ্র পাশ্চাত্যকে যে কঁপাই গৈছিল; সেয়া কম কথা নহয়।

আনহাতে, নাৰী সমস্যাক লৈ ১৮৬১ চনতে লিখি উলিওৱা (অৱশ্যে আঠ বছৰৰ পিছতহে প্রকাশ হৈ ওলায়) জন ষ্টুৱার্ট মিলৰ ‘অন দ্য ছাবজেকশ্বন অব ৱমেন’ নামৰ কিতাপখনে মুক্তি আন্দোলনক আন এক গতি দিলে। উদাৰনৈতিক ভাবাদর্শৰ প্রবক্তা মিলৰ কিতাপখনত আছে সমসাময়িক সমাজত নাৰীৰ অৱস্থান সম্পর্কে এক বিশ্লেষণাত্মক বিৱৰণ। ড° সন্ধ্যা দেৱীৰ ভাষাত— ‘পৰিয়ালৰ বাহিৰে-ভিতৰে নাৰীৰ ওপৰত চলা নানা প্ৰকাৰৰ অন্যায় আৰু নির্যাতনৰ বিৰুদ্ধে মিলৰ ৰচনাত উচ্চাৰিত হৈছে তীব্ৰ ভৰ্ৎসনা। কোৱা বাহুল্য, এই ভৰ্ৎসনাৰ প্রয়োজন আজিও শেষ হোৱা নাই— কেৱল ইংলেণ্ডতেই নহয়, আমাৰ দৰে দেশতো ইয়াৰ প্রয়োজন আছে। সেইবাবে মিলৰ যুগান্তকাৰী গ্রন্থ অন দ্য ছাবজেকশ্বন অব ৱমেনৰ যুক্তি তথা বক্তব্যৰ বিষয়ে আলোচনাৰ প্রয়োজন আৰু প্ৰাসংগিকতাক কোনোমতেই নুই কৰিব নোৱাৰি।”
নাৰী : বন্ধন আৰু মুক্তিত আলোচনা কৰা মূলতঃ এই গ্ৰন্থকেইখনৰ আলোচনাই অনুসন্ধিৎসু পাঠকক যথেষ্ট উপকৃত কৰিব। ইয়াৰ লগে লগে এই অনুভৱো হৈছে, আমি বাৰু এই ক্ষেত্ৰত একেবাৰে দুখীয়া নহয় নে? অসমত পৰম্পৰা-বিৰোধী লিখকৰতো অভাৱ নাই‌। কিন্তু এজন ষ্টুৱাৰ্ট মিল ক’ত?
ওপৰে ওপৰে চালে সম্প্ৰতি অসমত নাৰীবাদী আন্দোলনে এক ব্যাপকতা লাভ কৰিছে যেন লাগে‌। প্ৰতিটো নাৰী সংগঠনৰে সুকীয়া সুকীয়া নাৰী সংগঠন আছে‌। স্থানীয় সমস্যা, দাবী-দাবাক লৈ গঠন হোৱা স্বতন্তৰীয়া সংগঠনো আছে‌। হয়তো সেইবাবেই ধৰ্ষণ বা নাৰী-নিৰ্যাতনৰ প্ৰতিবাদী কাৰ্যসূচীও নাৰীসকললৈ ঠেলি গৰিষ্ঠসংখ্যক পুৰুষ তথা দল-সংগঠনেই আন সাংগঠনিক কামত ব্যস্ত হৈ পৰে‌।

অসমত নাৰী সংগঠন আছে; কিন্তু আজিও ধাৰাবাহিকতা বর্তি থকা ঐতিহাসিক নাৰীসত্তাৰ সংগঠিত শক্তি ক’ত? আমি ভৱিষ্যতে কোনোবা ছিমন ডি বুভোৱা বা অসমীয়া জন ষ্টুৱার্ট মিল পামনে বিচাৰি, যাৰ গ্ৰন্থই নাৰীমুক্তিৰ প্ৰকৃত পথ দেখুৱাব?

নাৰীমুক্তি বিষয়ক ড° দেৱীৰ এই গ্ৰন্থখন এইবাবেই উজলি উঠিছে যে ইয়াত প্ৰতিটো সৰু-বৰ কেৰোণ নির্মোহ আৰু সাহসেৰে উত্থাপন কৰা হৈছে। প্রবন্ধবোৰ ভাষাৰ কাৰচাজিৰে ভৰা ভাষণ নহয়, অতিৰিক্ত শব্দৰ পয়োভৰ ইয়াত নাই। বিপৰীতে প্ৰতিটো বক্তব্য তথ্যভিত্তিক, গৱেষণালব্ধ। দুই এটা খুঁটি-নাটি হয়তো কিতাপখনত থাকি গৈছেই, তথাপি সাহসেৰে কথা ক’ব পৰাৰ বাট এটা মুকলি কৰাৰ বাবে লেখিকা ধন্যবাদৰ পাত্ৰ| শেষত নক’লে নহ’ব যে অসম প্রকাশন পৰিষদৰ নিচিনা চৰকাৰী অনুষ্ঠানে প্রকাশ কৰা গ্ৰন্থখনৰ প্রচ্ছদ আৰু ছপা-বন্ধা আৰু উন্নত হোৱাৰ থল আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *