নিবন্ধবিশ্বাস-অবিশ্বাস

বিজ্ঞানমস্কতাই ছটিওৱা ‘যুক্তিৰ শান্তি পানী’ত ধৰ্মান্ধৰ বেজাৰ-(ভাৰ্গৱ বৰঠাকুৰ)

প্ৰবন্ধ-নিবন্ধ, মেলে-মিটিঙে সততে ব্যৱহাৰ কৰা এটা শব্দ হৈছে- বিজ্ঞান মানসিকতা বা বিজ্ঞানমস্কতা। বিজ্ঞজনেও আমাক বিজ্ঞানমনস্কতাৰ অধিকাৰী হ’বলৈ পৰামৰ্শ দিয়া দেখা যায়। আমাৰ দেশৰ সংবিধানতো অনুচ্ছেদ ৫১(ক) অনুসৰি বিজ্ঞানমনস্কতা (Scientific temper)-ৰ বিকাশৰ কথা কোৱা হৈছে। জ্যোতিষী, তান্ত্ৰিক, বাবা আদিৰ ৰংচঙীয়া বিজ্ঞাপন দিয়া সংবাদমাধ্যমেও আকৌ সন্ধিয়ালৈ বিজ্ঞানমনস্কতাৰ ওপৰত টক শ্ব’ পাতে, মানুহক বিজ্ঞানমনস্ক হ’বলৈ পৰামৰ্শ দিয়া দেখা যায়। বিশ্বশান্তিৰ বাবে ম’হ, ছাগলী বলি দিয়া জনপ্ৰতিনিধিৰ মুখতো আজিকালি বিজ্ঞানমনস্কতাৰ কথা! কোনোবা ৰেইকি হীলাৰ অথবা বাস্তুশাস্ত্ৰবিদ, তাবিজ-গ্ৰহৰত্নৰ বেপাৰীৰ মুখতো আখৈ ফূটাদি ‘বিজ্ঞানমনস্কতা’ৰ কথা! মুঠতে চাৰিওফালেই বিজ্ঞানমনস্কতাৰ কথা! পাছে বিজ্ঞানমনস্কতানো আচলতে কি? খাই নে পিন্ধে? মজাকৈ খাই বৈ, হাই-ফাই ডিগ্ৰী এটা লৈ সমাজত প্ৰতিপত্তিশীল দেখুৱাব পৰাকৈ এটা চাকৰী, এগালমান ধন হ’লেই চোন জীৱনটো আৰামত চলি যায়, মিছাতেনো বিজ্ঞানমনস্কতাৰ প্ৰয়োজন কি? বিজ্ঞানমনস্কতাইনো আমাক কেনেদৰে লাভাম্বিত কৰিব?

‘বিজ্ঞানমনস্কতা’ মানে কি?
বিজ্ঞানমনস্কতা তিনি-চাৰিঘন্টীয়া পৰীক্ষাৰ অন্তত পোৱা কোনো ডিগ্ৰী নহয়। ‘বিজ্ঞানমনস্কতা’ শব্দটোৰ তাৎপৰ্য হ’ল — আমাৰ চিন্তাধাৰা, বিচাৰ-বুদ্ধিত বিজ্ঞানৰ দৃষ্টিভংগীৰ প্ৰয়োগ। অৰ্থাৎ ‘বিজ্ঞানে’ কি দৰে কাম কৰে, বিজ্ঞানৰ পৰ্যবেক্ষণ-পদ্ধতিৰ বিষয়ে থকা সম্যক দৃষ্টিভংগী। বিজ্ঞানৰ প্ৰধান তিনিটা বৈশিষ্ট্য হ’ল–
পৰীক্ষা-নিৰীক্ষাৰ দ্বাৰা তথ্যৰ আহৰণ কৰা। তাৰ পাছত পৰ্যবেক্ষণৰ তথ্যসমূহৰ সাধাৰণীকৰণ আৰু সিদ্ধান্ত গ্ৰহণ। পৰ্যবেক্ষণৰ সিদ্ধান্তবিলাক বৈজ্ঞানিক সত্য হিচাপে কিমানদূৰ প্ৰতিষ্ঠিত তাৰ নিৰ্ণয় কৰা হয় বিভিন্ন পৰীক্ষাৰদ্বাৰা। পৰীক্ষাৰদ্বাৰা প্ৰমাণ হয়নে নহয় বিজ্ঞানৰ বাবে সেয়াহে ডাঙৰ কথা। পৰীক্ষাৰদ্বাৰা প্ৰমাণিত নহ’লে প্ৰখ্যাত বিজ্ঞানীৰ তত্বও বৰ্জন কৰা হয়। য’ত কোনো আৱেগ-অনুভূতি আৰু পৰম্পাগত চিন্তাৰ স্থান নাই। বিজ্ঞানৰ এই প্ৰণালীবদ্ধ নিয়মৰ পৰাই বিজ্ঞান মানসিকতা বা বিজ্ঞানমনস্কতাৰ উদ্ভৱ হয়। উল্লেখযোগ্য যে বিজ্ঞানৰ এই নিয়মসমূহ বিশ্বজনীন। ই কোনো বিজ্ঞানীৰ একচেতীয়া সম্পতি নহয়, পৃথিৱীৰ সকলো ঠাইতে বিজ্ঞানৰ তত্বসমূহৰ পৰীক্ষা কৰি চাব পাৰে। গতিকে যিকোনো এটা বিষয় ধৰ্ম, পৰম্পৰাৰ লগত জড়িত হ’লেও বিজ্ঞানমনস্ককতাৰ বাবে নিজৰ বিচাৰ-বিবেচনাত ‘ কি’,’ কিয়’ আৰু ‘কেনেকৈ’ এই তিনিটা প্ৰশ্নৰ অৱতাৰণা হোৱাটো খুব‌ প্ৰয়োজন। অৰ্থাৎ বিজ্ঞানৰ যুক্তি, তথ্য-প্ৰমাণ অবিহনে কোনো‌ ঘটনা-পৰিঘটনাক সত্যৰূপে মানি নোলোৱা মানসিকতাই হৈছে ‘বিজ্ঞান মানসিকতা’।

বিজ্ঞানমনস্কতাই কিদৰে লাভাম্বিত কৰে?
বিজ্ঞান মানসিকতাৰ পৰা লাভ বুলি ক’বলৈ গ’লে ইয়াত টকা-পইচা, সা-সম্পত্তিৰ কথা কোৱা হোৱা নাই। বিজ্ঞানমনস্কতাই মানুহক বৈজ্ঞানিক যুক্তিৰে চালি-জাৰি চাব পৰাকৈ কিদৰে চিন্তাৰ বিকাশ ঘটাই তাকহে বুজাবলৈ চেষ্টা কৰা হৈছে। বিজ্ঞানমনস্কৰ বাবে বিজ্ঞানৰ উচ্চ ডিগ্ৰীধাৰী অথবা বিজ্ঞানী হোৱাৰ প্ৰয়োজন নাই। গাঁৱৰ হোজা ব্যক্তি এজনো বিজ্ঞান মানসিকতাৰ অধিকাৰী হ’ব পাৰে। বিজ্ঞান মানসিকতাই মানুহৰ আত্মপ্ৰত্যয় বঢ়াই জীৱন সংগ্ৰামত আগবাঢ়িবলৈ নিৰ্ভীকতা প্ৰদান কৰে। সাম্প্ৰদায়িক চিন্তা, জাত-পাত, উচ্চ-নীচ আদিৰ‌ দৰে এলান্ধুকলীয়া সমাজিক বৈষম্যমূলক চিন্তাৰ পৰা মানুহৰ মনবোৰ মুক্ত কৰে। উদাৰ আৰু প্ৰগতিশীল চিন্তাধাৰাক অঙ্কুৰিত কৰে।
আদৰ্শৱান বিজ্ঞানমনস্কসকলে মানসিক দুৰ্বলতাৰ সমাধান পাবলৈ আই থান, বাবা, জ্যোতিষী, তান্ত্ৰিক আদিৰ ওচৰত শৰণাপন্ন হোৱাতকৈ মনোৰোগ বিশেষজ্ঞৰ লগত আলোচনা কৰাটোহে যুক্তিসংগত বুলি ভাবে। যিহেতু বিজ্ঞানমনস্কসকলে বৈজ্ঞানিক প্ৰমাণ অবিহনে কোনো ধৰণৰ অলৌকিক শক্তি, তথ্য, ঘটনা-পৰিঘটনাক মানি নলয়। বিজ্ঞানমনস্কসকলে ভাগ্য নহয়, নিজৰ কৰ্মতহে বিশ্বাসী। যাৰ বাবে বিজ্ঞানমনস্কসকলে গ্ৰহ-নক্ষত্ৰৰ অৱস্থান চাই নিজৰ ভাগ্য নিৰ্ণয় কৰিবলগীয়া নহয়। আৰু জ্যোতিষী, বাবাজী-মাতাজী আদি “ভাগ্য ব্যৱসায়ী”ৰ নামত কষ্টোপাৰ্জিত ধন অবাবত খৰচো কৰিবলগীয়া নহয়।
বিজ্ঞানমস্কতাই আমাক প্ৰশ্ন কৰিব শিকাই। বিজ্ঞানমনস্কতাই সাক্ষ্য-প্ৰমাণৰ ওপৰত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰে, জনপ্ৰিয়/আধিপত্যশীল বিষয়, মতাদৰ্শ, শাস্ত্ৰীয় বচন, ব্যক্তিসমূহৰ অভিমতক বিজ্ঞানমনস্কতাই প্ৰশ্ন কৰে আৰু বিশ্লেষণ কৰি চায় তাৰ যৌক্তিকতাক। বিজ্ঞানমনস্ক ব্যক্তিসকল সাম্প্ৰদায়িক ৰাজনীতিৰ কূট-কৌশলত কেতিয়াও লীন নাযায়। বিজ্ঞানমনস্কতাই উচ্চ-নীচ, বৰ্ণ-বৈষম্য, জাতি-ভেদ আদিৰ দৰে মধ্যযুগীয় পশ্চাদগামী চিন্তা-চৰ্চাৰ বিৰুদ্ধে তথা শাসক আৰু শোষকৰ কূট-কৌশলক চিনাক্ত কৰি সকলোৰে সম-অধিকাৰ আৰু সম-মৰ্যদাৰ হকে যৌক্তিক বিশ্লেষণ দাঙি ধৰে। বিজ্ঞানমনস্কতাৰ বিশ্লেষণাত্মক শক্তিয়ে দেশৰ আৰ্থ-সামাজিক দিশটোৰ প্ৰতিও নিজৰ চেতনাক জাগ্ৰত কৰাত সহায় কৰে। উল্লেখযোগ্য যে বিজ্ঞানমনস্কতাই ধৰ্মতকৈ মানৱতাবাদকহে গুৰুত্ব দিয়ে।
বিজ্ঞানমনস্কতা যিহেতু মুলসুঁতিৰ বিপ্ৰতীপ ধাৰা, সমাজৰ বিজ্ঞানবিৰোধী পশ্চাৎগামী শক্তিটোৰ বাবে ই সদায় শত্ৰু স্বৰূপ। বিজ্ঞানমনস্কতাই যিহেতু মানুহক যুক্তিবাদী তথা মুক্তচিন্তাৰ অধিকাৰী কৰে যাৰ বাবে সমাজত প্ৰচলিত অন্ধবিশ্বাস-কুসংস্কাৰৰ বিৰুদ্ধে জনমত গঠন কৰিবলৈ যাওঁতে ‘বিজ্ঞানমনস্কসকল’ বহুতো অপবাদ, অপপ্ৰচাৰৰ সম্মুখীন হ’বলগীয়া হয়। বিজ্ঞানমনস্ক এজনক ধৰ্মান্ধসকলে ‘ আল্ট্ৰা মৰ্ডান’, ‘পৰম্পৰাবিৰোধী’.. ঈত্যাদি বিভিন্ন ‘টেগ’ লগোৱা সততে দেখা যায়। তদুপৰি বিজ্ঞানমনস্কসকলক সমাজৰ একাংশ সুবিধাবাদী তথা গোড়া পৰম্পৰাবাদীয়ে অহংকাৰী, অসংস্কাৰী, উচ্ছৃংখল বুলি বিভিন্ন ঠাট্টা-মস্কৰা কৰা দেখা যায়। ইতিহাস সাক্ষী আছে সোঁতৰ বিপৰীতে যোৱা সকলক সমাজৰ একাংশই সদায় ঠাট্টা-বিদ্ৰূপ কৰি যুক্তিবাদী আন্দোলনটোক কলিতেই মোহাৰি পেলোৱাৰ চেষ্টা কৰি আহিছে। বিজ্ঞানমনস্ক যুক্তিবাদীসকলক সমাজে সহজভাৱে আদৰি ল’ব পৰা পৰিৱেশ এটা আমাৰ দেশত আজিও তৈয়াৰ হোৱা নাই। বিগত সময়চোৱাত যুক্তিবাদী বিজ্ঞানমনস্কসকলক মষিমূৰ কৰিবলৈ শাসক পক্ষইয়ো বিভিন্ন কূট-কৌশল ৰচনা কৰা দেখা গৈছে। তথাপিও দেশৰ প্ৰগতিৰ স্বাৰ্থত, মানৱতাবাদৰ স্বাৰ্থত এই যুঁজ অব্যহত আছে আৰু ভৱিষ্যতেও অব্যাহত থাকিব,যেতিয়ালৈকে বিজ্ঞানমস্কতাই ছটিওৱা ‘যুক্তিৰ শান্তি পানী’ত ধৰ্মান্ধৰ অন্ধতাৰ জুই নুনুমাই।

Leave a Reply

Your email address will not be published. Required fields are marked *