নিবন্ধবিজ্ঞান-প্ৰযুক্তি

ডায়েবেটিছ ৰোগৰ হাতপুথি (তৃতীয় অংশ) (ডা: কুঞ্জন শইকীয়া)

(প্ৰথম অংশটি পঢ়িবলৈ ইয়াতে টিপক, দ্বিতীয় অংশটোৰ বাবে ইয়াতে টিপক)

ডায়েবেটিছৰ জটিলতাসমূহ

ডায়েবেটিছ ৰোগৰ যি ভয়াবহ জটিলতাসমূহ থাকে সেই সকলোবোৰ উৎপত্তি হয় তেজত গ্লুকজৰ পৰিমাণ বেছি হৈ থকা বাবে। অধিক পৰিমাণে থকা এই গ্লুকজে শৰীৰৰ ৰাসায়নিক বিক্রিয়াসমূহৰ বিজুতি ঘটায়। এই জটিল ৰাসায়নিক সমীকৰণসমূহৰ কেৱল থূলমূল নামকেইটা হ’ল এনেধৰণৰ—

(1) POLYOL PATHWAY REFLUX
(2) HEXOSAMINE PATHWAY ACTIVITY
(3) PROTEIN KINASE C ACTIVATION
(4) AGE (ADVANCED GLYCATED END PRODUCT)
(5) অক্সিডেটিভ ষ্ট্ৰেছ (OXIDATIVE STRESS)

এই বিক্রিয়াসমূহৰ ফলত তেজ চলাচল কৰা বিভিন্ন ৰক্তপ্ৰৱাহৰ নলীবোৰৰ ভিতৰত থকা কোষসমূহ, যাক ENDOTHELIAL CELL বুলি কোৱা হয়, তাৰ গঠন আৰু আভ্যন্তৰীণ পৰিৱেশৰ ব্যাপক সালসলনি ঘটে। বহুদিন ধৰি উচ্চ মাত্ৰাৰ গ্লুকজৰ সান্নিধ্যত থাকি এই কোষসমূহৰ স্থায়ী পৰিৱৰ্তন ঘটে আৰু ইয়েই বিভিন্ন জটিলতাবোৰৰ মূল ভেটী। Microvascular আৰু Macrovascular এই দুই ভাগত ডায়েবেটিছৰ জটিলতাসমূহ বিভক্ত হয়। তলত সেইসমূহৰ উল্লেখৰ সৈতে লক্ষণসমূহৰো থূলমূল বৰ্ণনা কৰা হৈছে।

MICROVASCULAR

(১) RETINOPATHY : ৰোগ যিমানেই পুৰণা হ’ব আৰু গ্লুকজৰ মাত্রা যিমানেই বেছি থাকিব সিমানেই চকুৰ বিভিন্ন জটিলতাই দেখা দিব। চকুৰ লেনছত হোৱা কেটেৰেক্ট (Cataract) আৰু গ্লুকমা (Glaucoma) অসুখ ডায়েবেটিছ ৰোগীৰ সাধাৰণ লোকতকৈ বেছিকৈ হয়। চকুৰ দৃষ্টিশক্তি কমি যোৱা আৰু গ্লুকমা হ’লে চকুৰ বিষ, পোহৰৰ ফালে চাব নোৱাৰা, চকুৰ আগত ক’লা-বগা ভাঁহি থকা বস্তু দেখা যেন লগা, চকু ৰঙা পৰা আদি লক্ষণ হয়। চকুৰ ভিতৰৰ ৰেটিনাখন গ্লুকজৰ প্ৰতি অতি সংবেদনশীল হয় আৰু ইয়াত বিভিন্ন ধৰণৰ সালসলনি ঘটে। ৰেটিনাৰ তেজ চলাচল কৰা নলীবোৰৰ গঠন সলনি হৈ NPDR (NON PROLIFERATIVE DIABETIC RETINOPATHY), PDR (PROLIFERATIVE DIABETIC RETINOPATHY), NEOVASCULARIZATION (নতুন তেজৰ নলীকা সৃষ্টি হোৱা) আদি হয়। সময়মতে চকুৰ অভিজ্ঞ চিকিৎসকৰ দ্বাৰা এনে জটিলতাৰ চিকিৎসা নকৰিলে সম্পূৰ্ণ অন্ধ হৈ যোৱাৰো সম্ভাৱনা থাকে। চকুৰ নাৰ্ভ বা স্নায়ুসমূহো কেতিয়াবা বিকল হৈ পৰি 3rd NERVE PALSY, OPTIC NEURITIS আদিৰ দৰে ৰোগৰ সৃষ্টি কৰে। আগতীয়াকৈ ধৰা পৰিলে সোনকালে ব্যৱস্থা গ্ৰহণ কৰিব পাৰি আৰু বহু বিপদৰ পৰা হাত সাৰি থাকিব পাৰি। ডায়েবেটিছৰ ৰোগীসকলে প্ৰথম ৰোগ ধৰা পৰাৰ সময়ত আৰু তাৰ পাছত বছৰত এবাৰ চকুৰ পৰীক্ষা কৰাব লাগে। কিবা বিজুতি যদি দেখা পোৱা যায় তেন্তে চকুৰ চিকিৎসকৰ পৰামৰ্শ মতে আগবাঢ়িব লাগে।

(২) NEPHROPATHY : ৰোগীৰ বাবে সবাতোকৈ ভয়াবহ আৰু জীৱনৰ সংশয়ৰ সৃষ্টি কৰা ডায়েবেটিছৰ অন্যতম জটিলতা হ’ল বৃক্ক বা কিড্‌নী বিকল হোৱাটো। এই বৃক্কৰ ওপৰত ডায়েবেটিছৰ প্ৰভাৱ এদিনতে নহয়, লাহে লাহেহে হয়। TYPE 1 ডায়েবেটিছ থকাসকলৰ ৫-ৰ পৰা ১০ বছৰৰ ভিতৰত এই প্ৰভাৱ দেখা পোৱা যায়। কিন্তু TYPE 2—যি সৰহভাগ মানুহৰে থাকে—তেওঁলোকৰ ক্ষেত্ৰত কেতিয়াবা ৰোগ প্ৰথম ধৰা পৰাৰ সময়তো থাকিব পাৰে। বৃক্কৰ অভ্যন্তৰীণ গঠনবোৰ লাহে লাহে কেইবাটাও স্তৰ বা Stage-ৰ মাজেৰে সলনি হৈ যায় আৰু শেষত বিকলতাই দেখা দিয়ে। বৃক্ক সম্পূৰ্ণ বিকল হৈ পৰিলে শেষত DIALYSISৰ ওপৰত নিৰ্ভৰশীল হ’ব লগা হয়। কিন্তু মনত ৰাখিবলগীয়া কথা যে গ্লুকজৰ নিয়ন্ত্ৰণৰ জৰিয়তে আৰু উচ্চ ৰক্তচাপক নিয়ন্ত্ৰণ কৰি ৰাখি এই বিপদৰ পৰা ৰোগীসকলে দূৰত থাকিব পাৰে। এই ৰোগৰ ডায়েগনছিছৰ বাবে দুটা পৰীক্ষা কৰা হয়— পেচাবত Albumine to Creatinine Ratio (ACR) আৰু এটা বিশেষ সূত্ৰৰে নিৰ্ধাৰণ কৰা eGFR আৰু Creatinine। এই পৰীক্ষাসমূহ চিকিৎসকৰ পৰামৰ্শমতে নিয়মীয়াকৈ কৰি থাকিবলৈ কেতিয়াও হেলা কৰিব নেলাগে। প্ৰথম অৱস্থাত বৃক্কৰ অসুখ প্ৰায় নীৰৱে থাকে। লাহে লাহে বেছি বিকল হৈ পৰিলে ভৰি-হাত ফুলা, পেচাব কমকৈ হোৱা, ভোক নলগা বা বমি বমি লগা, উচ্চ ৰক্তচাপৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰা, সঘনাই ছুগাৰ কমি যোৱা বা ইনচুলিনৰ পৰিমাণ আগৰ তুলনাত একেবাৰে কমকৈ প্ৰয়োজন হোৱা আদি লক্ষণবোৰে দেখা দিয়ে। ডায়েবেটিছৰ নিয়ন্ত্ৰণ আৰু চিকিৎসকৰ নিয়মীয়া পৰামৰ্শ গ্ৰহণেৰে সেয়ে ৰোগীসকলে সাৱধানতা অৱলম্বন কৰাটো অতি দৰকাৰী।

(৩) NEUROPATHY : চকু আৰু কিড্‌নীৰ অসুখৰ দৰেই স্নায়ু বা নাৰ্ভৰো বিকলতা হয়। TYPE 1 ডায়েবেটিছৰ এয়া ডায়েগনছিছৰ ৫ বছৰৰ পাছত আৰু TYPE 2-ৰ প্ৰথম ধৰা পৰা সময়তো হ’ব পাৰে। বাঢ়ি থকা গ্লুকজে দেহৰ স্নায়ুবোৰৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায় আৰু অকামিলা কৰি তোলে। ডায়েবেটিছৰ ফলত বাঢ়ি থকা ছুগাৰে সাধাৰণতে সকলোতকৈ দীঘল আৰু দূৰৰ স্নায়ুবোৰৰ প্রথম ক্ষতি কৰে। সেয়ে লক্ষণসমূহ সাধাৰণতে ভৰিৰ তলুৱাৰ পৰা প্ৰথম আৰম্ভ হয়। ভৰি জিনজিনাই থকা, অত্যাধিক চেঁচা বা গৰম অনুভৱ হোৱা, বেজীয়ে বিন্ধাৰ দৰে লগা আদি লক্ষণে দেখা দিয়ে। বহু ৰোগীয়ে কম্বলৰ পৰা ৰাতি ঠাণ্ডা দিনতো ভৰি দুখন উলিয়াই ৰখা বা অত্যধিক গৰম অনুভৱ হোৱাত বা অত্যাধিক জ্বলা-পোৰাৰ পৰা উপশম পাবলৈ বৰফ লগোৱাৰো উদাহৰণ দেখা যায়। ইয়াৰ বাহিৰেও বহু স্নায়ু মানুহৰ দেহৰ ভাৰসাম্য ৰক্ষা কৰাৰ লগতো জড়িত। এই স্নায়ুসমূহ বিকল হ’লে খোজ কাঢ়োতে ধলংপলং হোৱা, বাৰে বাৰে পৰি যোৱা, মূৰ ঘূৰোৱা আদি লক্ষণে দেখা দিয়ে। আনহাতে স্নায়ুতন্ত্ৰৰ বহুতো স্নায়ু আকৌ দেহৰ অভ্যন্তৰৰ হৃদযন্ত্ৰ, ক্ষুদ্ৰান্ত আৰু বৃহদান্ত্ৰ আৰু প্ৰস্ৰাৱ-পায়খানাৰ নিয়ন্ত্ৰণৰ লগত জড়িত। ডায়েবেটিছ ৰোগীয়ে এয়া বিকল হ’লে সঘনাই পেট ফুলি থকা, পায়খানা বহুদিন ঢিলা হৈ আকৌ কঠিন হোৱা, হজম নোহোৱা, পেচাব আৰু পায়খানা গম নোপোৱাকৈ হোৱা, শাৰীৰিক সম্পৰ্কত অসুবিধা হোৱা আদি হয়। স্নায়ুতন্ত্ৰৰ এই বিকলতাক Autonomic Neuropathy বুলি কোৱা হয়। প্রথম ভাগৰ ভৰিৰ বিভিন্ন জ্বলা-পোৰা কৰা, ভাৰসাম্য নোহোৱা আদি হ’ল Peripheral Neuropathy। বহুতো ৰোগীয়ে আহাৰ খোৱাৰ পাছত খুউব ঘামে আৰু প্ৰায়ে আহাৰ খাওঁতে কাপোৰেৰে ঘাম মচি থাকিব লগা হয়। এয়া সেই AUTONOMIC NEUROPATHY-ৰ ফলতে হয়। এইধৰণৰ স্নায়ুৰ চিকিৎসাৰ বাবে বহু ক্ষেত্ৰত NEUROLOSIST বা যিসকল স্নায়ু ৰোগৰ বিশেষজ্ঞ তেওঁলোকৰ সহায় ল’ব লগা হয়। আন সকলো জটিলতাৰ দৰে স্নায়ুৰোগৰ তীব্রতা নিৰ্ভৰ কৰে শৰ্কৰাৰ পৰিমাণৰ ওপৰত। চিকিৎসকৰ লগত নিয়মীয়া সংস্পৰ্শ ৰাখি গ্লুকজৰ মাত্ৰা নিয়ন্ত্ৰণ ৰাখি স্নায়ুৰোগৰ পৰা বহু পৰিমাণে উপশম পাব পাৰি।

স্নায়ুবিলাক অকামিলা হোৱাৰ বাবে এটা ডাঙৰ বিপদ হ’ল স্পৰ্শৰ লগতে বিষ, তাপ আদিৰ অনুভৱ কৰিব পৰা ক্ষমতা কমি যোৱা বা একেবাৰে হেৰাই যোৱা। গতিকে তেনে ৰোগীয়ে ভৰিত কাঁইট এডাল সোমালে বা টান শিলগুটিত ভৰি পৰিলেও গম নেপাব পাৰে। অনুভৱ শক্তি কমি যোৱাৰ ফলত কেতিয়াবা ভৰিৰ চেণ্ডেলো সুলকি পৰে আৰু গম পোৱা নেযায়। জুইৰ ওচৰত বেছি ওচৰ চাপি বহা বা গৰম পকাত বেছি দেৰি থিয় হৈ থকাও অনুচিত কাৰণ তেনে কৰিলে জুইৰ বা গৰম পকাৰ উত্তাপে ভৰি পুৰিব পাৰে। এইধৰণে ডায়েবেটিছ ৰোগীৰ ভৰিত ক’ব নোৱাৰাকৈ ঘা হয় আৰু সেই ঘা ততালিকে ডাঙৰ হৈ নুশুকায় আৰু চিকিৎসা আৰম্ভ কৰাৰ পাছতো কেতিয়াবা সম্পূর্ণ নিৰাময় লাভ কৰিবলৈ মাহ পর্যন্ত লাগি যায়। এনেদৰে হোৱা ঘা যি ভৰিত হয় তাক Diabetes foot ulcer বুলি কোৱা হয়। সকলো ৰোগীয়ে যেন এই কথা মনত ৰাখে আৰু নিজৰ ভৰিৰ যত্ন লয়। যিকোনো ফোঁহা বা ঘা কেতিয়াও ৰোগীয়ে নিজৰ ঘৰত কাঁইটেৰে বা হাতেৰে হেঁচা মাৰি ফুটোৱা চেষ্টা কৰিব নেলাগে। তেনে কৰিলে পৰিণাম ভয়াবহ হ’ব পাৰে। AUTONOMIC NEUROPATHY-ৰ বাবে ডায়েবেটিছ ৰোগীসকলৰ ভৰিৰ ছাল লগতে গাৰ অন্য অংশৰ ছালো প্ৰায় শুকান হৈ থাকে। গতিকে ছালৰ যত্ন ভালদৰে ল’ব লাগে। এইদৰে শুকান হৈ থকাৰ বাবে ভৰিৰ ছালৰ গঠন এনে হয় যে তাত ক্ষুদ্র ক্ষুদ্র ফাট মেলে আৰু সেই বিন্ধাৰে অনুজীৱসমূহ প্ৰৱেশ কৰি ঘাৰ সৃষ্টি কৰে। এইবোৰ কাৰণৰ বাবে ভৰিৰ যতন লোৱাটো বৰ দৰকাৰী। সকলো ডায়েবেটিছৰ ৰোগীয়ে তলত লিখাধৰণে ভৰিৰ যতন ল’ব লাগে—

(ক) ভৰি দুখন পানীৰে ধুই সদায় চাফাকৈ ৰাখিব। ভৰি ধোৱা পানী কেতিয়াও খুউব গৰম হ’ব নেলাগে। কেতিয়াও গৰম পানীত ভৰি জুবুৰিয়াই নেৰাখিব। পানীৰ উষ্ণতা মৃদু কুহুমীয়া হ’ব লাগে। কেতিয়াও ভৰিৰে উষ্ণতাৰ জোখ নল’ব, কাৰণ অনুভৱ শক্তি কম থকাৰ বাবে সঠিক জোখ পোৱা নেযাব। কিলাকুটিৰে উষ্ণতাৰ উমান ল’ব পাৰে বা পৰিয়ালৰ আন সদস্যই চাই দিব পাৰে। ভৰি ধোওঁতে ব্যৱহাৰ কৰা চাবোন বৰ বেছি কাঢ়া হ’ব নেলাগে আৰু ভৰি ধোৱাৰ পাছত কাপোৰেৰে টুকি শুকুৱাব লাগে। কেতিয়াও ভৰি শুকোৱাত কাপোৰেৰে ঘঁহি দিব নেলাগে। আঙুলিৰ মাজৰ ফাঁকবোৰত কাপোৰেৰে সেয়ে টুকিব লাগে, ঘঁহি দিলে ঘা লাগিব পাৰে। শুকুৱাৰ পাছত ময়চাৰাইজিং ক্রীম বা পেট্রলিয়াম জেলী লগাব লাগে। কিন্তু আঙুলিৰ মাজত এই ক্ৰীম বা জেলীসমূহ কেতিয়াও লগাব নেলাগে, নহ’লে তাত ভেঁকুৰ জাতীয় অনুজীৱই সুবিধা পাই বাঁহ ল’ব।

(খ) নখ কাটোতে সাৱধান হ’ব লাগে। নখৰ চুকবোৰ কাটিবলৈ চেষ্টা কৰিব নেলাগে। প্রয়োজন হ’লে এই বিষয়ত অভিজ্ঞ লোকৰ (Podiatrist) সহায় ল’ব লাগে। কেতিয়াও নখৰ চাৰিওফালে থকা সৰু ছালৰ টুকুৰা যাক মাখিছাল বুলি কোৱা হয় (Cuticle) তাক টানি এৰুৱাই নিদিব। ই দেখাত একেবাৰে সৰু। কিন্তু তাতে সৰু ঘাৰ সৃষ্টি হৈ পাছত নুশুকোৱা ঘা হ’ব পাৰে। সদায় গা ধুই উঠাৰ পাছত নখবোৰ কাটিব লাগে, কাৰণ তেতিয়া নখবোৰ কোমল হৈ থাকে আৰু কাটিবলৈ সহজ হয়।

(গ) খালী ভৰিৰে কেতিয়াও ডায়েবেটিছ ৰোগীয়ে খোজ কাঢ়িব নেলাগে। ঘৰৰ ভিতৰত কোমল আৰু ভালকৈ খাপ খোৱা চেণ্ডেল পিন্ধি থাকিব লাগে। বাহিৰলৈ খোজ কাঢ়িবলৈ গ’লে খাপ খোৱা জোতা আৰু কটনৰ মোজা ব্যৱহাৰ কৰিব লাগে। প্রাতঃভ্রমণ বা সান্ধ্যভ্রমণ চেণ্ডেল পিন্ধি কৰিব নেলাগে। মোজা সদায় সলাব লাগে। আজিকালি বজাৰত ডায়েবেটিছ ৰোগীৰ বাবে তৈয়াৰ কৰা বিশেষ মোজা পোৱা যায়, সেইবোৰ ব্যৱহাৰ কৰিলে উপকাৰ পোৱা যায়।

(ঘ) ডায়েবেটিছ ৰোগীয়ে কেতিয়াও গৰম পানীৰ বেগ (HOT WATER BAG) ভৰিত লৈ শুব নালাগে। ৰাতিৰ ভিতৰতে এই HOT WATER BAG-এ ভৰিৰ ছাল গম নোপোৱাকৈ তাপিত কৰি ভীমাকাৰ কৰি তুলিব পাৰে।

(ঙ) ঘৰৰ মজিয়াত বা আন ঠাইত লেপেটা কাঢ়ি ভৰি দুখন ভাঁজ লগাই বেছি দেৰিলৈকে ডায়েবেটিছৰ ৰোগীয়ে বহি থাকিব নেলাগে। এনে অৱস্থাত বেছি সময় বহিলে ভৰিত হেঁচা পৰি ঘাৰ সৃষ্টি কৰিব পাৰে।

(চ) ৰোগীয়ে নিতৌ নিজৰ ভৰি দুখন ভালকৈ পৰীক্ষা কৰিব লাগে। আইনা লৈ ভৰিৰ তলুৱা দুখন আৰু নেদেখা ঠাইবোৰ চাব লাগে। ছালত ফাট মেলা, ক’ৰবাত সৰু ফোঁহা উঠা, ছালৰ ৰং ৰঙা বা ক’লা হোৱা বা অন্যধৰণে বৰণ সলোৱা, ছালত ঢৌ ফুটা আদি দেখা পালে অলপো পলম নকৰাকৈ চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। ভৰি দুখন পৰীক্ষা কৰোঁতে পোহৰ থকা ঠাইত কৰিব লাগে।

উপৰিউক্ত আলোচনাত দেখুৱাৰ দৰে ৰোগীসকলে নিজৰ ভৰিৰ যতন লোৱা উচিত। এই কথা বাৰে বাৰে দোহৰা হৈছে। ভালদৰে যত্ন নল’লে বা চিকিৎসকৰ পৰামৰ্শক আওকাণ কৰিলে ভৰিত হোৱা ঘা বা DIABETIC FOOT ULCER-ৰ বাবে ভৰি কাটিব লগা হোৱা যাক AMPUTATION বুলি কোৱা হয় সেয়া ঘটাও পূর্ণ সম্ভাৱনা থাকে।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *