বিহংগম দৃষ্টিৰে বিশৃংখলতা (ৰাহুল শ্যাম)
শাওণৰ প্ৰথমজাক বৰষুণত যেতিয়া পথাৰ পানীৰে চিপচিপীয়া হয়, খেতিয়কৰ মনবোৰত সোণাৰুফুলীয়া সপোনে বাহ পাতে। সোণগুটি চপাই ভঁৰাল ওপচাই পেলোৱাৰ এই হেঁপাহত যেন স্পন্দিত হয় জীৱনৰ গান। পথাৰখন তেওঁলোকৰ আৱেগ, যাৰ উৰ্বৰা বুকুত প্ৰাণ পাই উঠে সোণালী শইচৰ বীজ, জীয়াই থকাৰ সম্বল। ৰাতি ডাউক চৰাই আৰু চাকৈ-চকোৱাৰ মায়াসনা মাতে মনটো উৰুৱাই নিয়ে শৈশৱৰ সোণসেৰুৱা স্মৃতিলৈ, লগতে দি যায় বুকুত যেন এক কামোৰ, দেওলগা বৰষুণজাক যদি আহি যোৱাৰ নাম নোলোৱা হয়, এইবাৰো যদি বানে খেতিডৰা ধুই নিয়ে! দুখীয়াৰ জানো দুখৰ কেতিয়াবা অন্ত পৰে! বতৰৰ কোনো ভৰসা নাই, ৰেডিঅ’টোত বতৰৰ বাতৰি দিয়ে যদিও সিওচোন শেষত গৈ ফোটোকাৰ ফেনহে হয়গৈ। চৰকাৰী আঁচনিবোৰো অসাৰ, আতুৰসকলৰ পঁজা সেইবোৰে ঢুকি নাপায়, দুখবোৰ কুলাই পাচিয়ে নধৰা হয়। অসহায় মনটোৱেও যেন মানি লয়, বিধিৰ যি বিধান! তাৰ মাজতো আশাক লৈয়ে যে জীৱন যুঁজত আগঢ়বাঢ়ি যাব লাগিব, কিজানি কাইলৈ হঠাতে জীৱনে অমৃত নিগৰায়? জীৱন যাত্ৰাৰ উত্থান-পতনৰ বিশৃংখলতাই ইয়াক অনন্য ৰূপ প্ৰদান কৰে। কিছুমান সৰু সৰু ঘটনাই আমাৰ জীৱনত এনে প্ৰভাৱ পেলায় যে পাছত সেয়া আমাৰ বাবে অবিশ্বাস্য যেন লাগে। জীৱন নদীৰ দুটি পাৰত পৰি ৰৈ যোৱা স্মৃতিৰ পলশে অলেখ আৱেগ সিঁচি থৈ যায়। সৰু সৰু ঘটনাৰ কিমান যে অলেখ বিশৃংখল স্মৃতি! ইতিহাসৰ পাত লুটিয়াই চালে আমি এনে বহুতো কাহিনী দেখিবলৈ পাম, য’ত নেকি কিছুমান সৰু ঘটনাই সমগ্ৰ বিশ্বৰে দৃশ্যপট সলনি কৰি দিছিল। কেইটামান উদাহৰণলৈ লক্ষ্য কৰোঁ আহক। ইয়াৰে প্ৰথমটো অৱশ্যে নিতান্তই স্বাভাৱিক ঘটনা যদিও ৰোমাঞ্চকৰ।
(১)
২০১১ চনৰ বিশ্বকাপ ক্ৰিকেটৰ চূড়ান্ত প্ৰতিযোগিতাখনত মুখামুখি হৈছিল ভাৰত আৰু শ্ৰীলংকা। পিছে খেলখন আৰম্ভ হোৱাৰ পূৰ্বেই “টছ”-ৰ সময়ত হোৱা এটা সৰু বিবাদৰ বাবে বিশ্বকাপৰ ফাইনেলখনে ৰোমাঞ্চকৰ গতি লাভ কৰে। ভাৰতীয় দলৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে মুদ্ৰাটো ওপৰলৈ দলিয়ায় আৰু শ্ৰীলংকা দলৰ অধিনায়ক কুমাৰা ছাংগাকাৰাৰ পৰা উত্তৰ আহে—“হে’ড”। কিন্তু ভাৰতীয় পৰিৱেশত বিশ্বকাপৰ ফাইনেল মানে উত্তেজনা আৰু ৰোমাঞ্চৰ চৰম পৰ্যায় দৰ্শকৰ বাবে। জনসমুদ্ৰৰ আৱেগপূৰ্ণ উত্তাল কোলাহলৰ বাবে মেচ ৰেফাৰী জেফ ক্ৰ’ৱে ছাংগাকাৰাৰ মাতটো শুনা নাপালে, ধোনীও বিভ্ৰান্তিত পৰিল। সেয়ে পুনৰ এবাৰ টছৰ সিদ্ধান্ত লোৱা হ’ল। দ্বিতীয়বাৰো ছাংগাকাৰাই ‘হে’ড’ বুলি কৈ টছত জয়লাভ কৰি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ পাছৰখিনি ইতিহাস। সকলো ক্ৰিকেটপ্ৰেমীয়েই জানে ক্ৰিকেটত টছৰ ভূমিকা কিমান গুৰুত্বপূৰ্ণ। পিট্ছৰ ধৰণ (বলিং নে বেটিঙৰ বাবে উপযোগী), খেলৰ সময় (দিন নে দিবা-নৈশ), বতৰ (আৰ্দ্ৰতা, বৰষুণ, বতাহৰ দিশ, নিয়ৰ) ইত্যাদি কাৰকৰ বাবে প্ৰথমে বলিং কৰিব নে বেটিং কৰিব সেয়া সিদ্ধান্ত ল’বলৈ পালে খেলখনৰ ফলাফলত নিশ্চয়কৈ প্ৰভাৱ পৰে। অৱশ্যে “T-20” খেলত কম অভাৰ থকা বাবে তাত টছে ইমান এটা প্ৰভাৱ নেপেলায়। গতিকে টছত জিকিলে সিদ্ধান্ত লোৱাত অসুবিধা নহয় আৰু হাৰিলেও কেপ্টেইনে বৰ এটা আক্ষেপ নকৰে। কেতিয়াবা আকৌ টছত হাৰিলে সেয়া গোৰ মাৰি গংগাত পেলোৱাৰ দৰেহে হয়। এইখিনিতে এটা সাধাৰণ প্ৰশ্ন হ’ল, যদি সেইদিনা টছৰ ফলাফল বিপৰীত হ’লহেঁতেন, তেন্তে খেলখনৰ ফলাফলো ওলোটা হ’লহেঁতেন নেকি? হওক বা নহওক—, ডাঠি একো ক’ব নোৱাৰি। কিন্তু এটা কথা ডাঠি ক’ব পাৰি যে, ধোনীয়ে সেইদিনা মুদ্ৰাটো ওপৰলৈ নিক্ষেপ কৰাৰ সময়ত যদি আঙুলিৰে মুদ্ৰাটোৰ ওপৰত প্ৰয়োগ কৰা ঊৰ্ধমুখী বল, মুদ্ৰাটোৰ ঘূৰ্ণন-গতি আৰু কৌণিক ভৰবেগৰ সামান্য পৰিবৰ্তন ঘটিলহেঁতেন, তেতিয়া “Head”ৰ সলনি “Tail” পৰাৰ সম্ভাৱনা থাকিলহেঁতেন।
(২)
১৯১৪ চনৰ ২৮ জুন, এষ্ট্ৰ’-হাঙ্গেৰিয়ান সাম্ৰাজ্যৰ উত্তৰাধিকাৰী ফ্ৰাঞ্জ ফাৰ্ডিনাণ্ড আৰু তেওঁৰ পত্নী ছ’ফি বছনিয়াৰ ৰাজধানী ছাৰাজেভলৈ ফুৰিবলৈ গৈছিল। ইপিনে, সেই ৰাজকীয় আগমনৰ বাবে আগৰেপৰাই খাপ পিটি ৰৈ থকা ৬জন ছাৰ্বিয়ান আততায়ী আক্ৰমণৰ বাবে সাজু হয়, যাৰ উদ্দেশ্য আছিল অষ্ট্ৰিয়াই বছনিয়া দখল কৰাৰ প্ৰতিশোধ লোৱা। বছনিয়া এসময়ত ছাৰ্বিয়ান সাম্ৰাজ্যৰ অংশ আছিল। হঠাতে এজন আততায়ীয়ে যুৱৰাজৰ ফালে এটা হেন্ড গ্ৰেনেড মাৰি পঠিয়ালে। গ্ৰেনেড কিন্তু লক্ষ্যভ্ৰষ্ট হ’ল, হাঙ্গেৰিয়ান যুৱৰাজ আৰু তেওঁৰ পত্নী ৰক্ষা পৰে, বাকী লগত যোৱা কিছু যাত্ৰীহে আঘাতপ্ৰাপ্ত হয়। ইতিমধ্যে যুৱৰাজে অষ্ট্ৰিয়ান প্ৰশাসনৰ নিৰাপত্তা ব্যৱস্থাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে আৰু আঘাতপ্ৰাপ্তসকলৰ খবৰ ল’বলৈ চিকিৎসালয়লৈ যোৱাৰ সিদ্ধান্ত লয়। ঘটনাক্ৰমে, গাৰোৱানজনে বাটত এটা ভুল পথ লয় আৰু মূল পথৰ বিপৰীতফালে গৈ এখন “কেফে”-ৰ সন্মুখত আহি ৰয়গৈ, য’ত সেই ছজন আততায়ীৰে এজনে সুৰাপান কৰি আছিল। এনে এটা আকস্মিক সুযোগত আচৰিত হৈ সি তৎক্ষণাৎ দুই জাঁই গুলী চলালে। প্ৰথমটো গুলী যুৱৰাজৰ ডিঙি ভেদি পাৰ হৈ গ’ল আৰু দ্বিতীয়টো তেওঁৰ পত্নীৰ পেটত। দুয়োৰে ঘটনাস্থলীতে মৃত্যু হয়। এয়া আছিল যেন অশান্ত সমুদ্ৰৰ কাল ধুমুহাত অহা প্ৰথমটো লহৰ। অভিশপ্ত এই ঘটনাৰ পাছৰ পৰা ইতিহাসৰ কিছুমান শিহৰণকাৰী ঘটনা ঘটিবলৈ ধৰে। সেই বছৰৰে ৫ জুলাইত জাৰ্মানিয়ে ক্ৰোধান্বিত অষ্ট্ৰিয়াক এনে জটিল সময়ত বিশ্বাসী সহযোগৰ আশ্বাস দিয়ে। ২৩ জুলাইত অষ্ট্ৰিয়াই ছাৰ্বিয়ালৈ কিছুমান কঠোৰ দাবী আৰু চৰ্ত প্ৰেৰণ কৰে। এইক্ষেত্ৰত অষ্ট্ৰিয়া আত্মবিশ্বাসী আছিল যে এনে কঠিন বোজাসদৃশ দাবী ছাৰ্বিয়াই কেতিয়াও মানি নলয় আৰু ই হ’ব যুদ্ধ ঘোষণাৰ বাবে এক সহজ অজুহাত। পিছে ছাৰ্বিয়াই প্ৰায় সকলোবোৰ চৰ্ত মানি ল’বলৈ সন্মত হৈছিল। আনকি জাৰ্মান একাধিপতিয়েও সেয়া যুদ্ধ ঘোষণাৰ নৈতিকতাৰ পৰিপন্থী বুলি অভিহিত কৰিছিল। তথাপিও, ২৮ জুলাইত অষ্ট্ৰিয়াই এখন প্ৰতিশোধপৰায়ণ সাম্ৰাজ্যৰ দৰে ছাৰ্বিয়াৰ বিপক্ষে যুদ্ধ ঘোষণা কৰে। মিত্ৰৰাষ্ট্ৰ হিচাপে ৰাছিয়াই ছাৰ্বিয়াৰ সহযোগ কৰে। আনফালে জাৰ্মানিয়ে ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে আৰু সমসাময়িকভাৱে বেলজিয়ামৰ মাজেৰে ফ্ৰান্সলৈয়ো আক্ৰমণৰ বাবে সৈন্য আগ বঢ়াই নিয়ে, যদিওবা ফ্ৰান্সে তেতিয়ালৈ জাৰ্মানিৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা নাছিল। ইপিনে বেলজিয়ামৰ নিৰপেক্ষতাক সমৰ্থন কৰি গ্ৰেট ব্ৰিটেইনে জাৰ্মানিৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। ইউৰোপিয়ান শাসকসকলে তেতিয়াৰ অত্যাধুনিক সমকালীন অস্ত্ৰসমূহে তেওঁলোকৰ জনসাধাৰণৰ কি দশা কৰিব তাৰ প্ৰতি নিশ্চয়কৈ জ্ঞাত আছিল যদিও তেওঁলোক নিজৰ নিজৰ শক্তি প্ৰদৰ্শনৰ আসুৰিক আত্মপ্ৰত্যয়তহে নিমগ্ন আছিল, যিয়ে ইউৰোপক মৃত্যু উপত্যকাত পৰিণত কৰিছিল। ফ্ৰান্স আৰু জাৰ্মানিৰ ক্ষিপ্ৰতাৰে যুদ্ধ জয়ৰ যি পৰিকল্পনা আছিল, সেয়া কেইসপ্তাহমানৰ ভিতৰতে নিঃশেষ হৈছিল। তাৰ বিপৰীতে লক্ষাধিক সৈন্যই ইংলিছ চেনেলৰ পৰা ছুইছ সীমান্তলৈ বিস্তৃত হৈ থকা যুদ্ধৰ বাংকাৰ আৰু খাদবোৰ প্ৰতিৰোধেৰে অহৰ্নিশে যুঁজি থাকিল। যুদ্ধৰ শেষলৈকে কোনেও সঠিককৈ বুজিব পৰা নাছিল কি ৰাজনৈতিক অভিসন্ধিৰ বাবে এই ধ্বংসযজ্ঞৰ পাতনি মেলিবলগীয়া হ’ল। ২৮ জুনৰ সেই এজন অজ্ঞাত গাৰোৱানৰ অজানিতে ভুল পথেৰে যোৱাৰ এটা সৰু সিদ্ধান্তই প্ৰায় ১০ লক্ষাধিক লোকৰ প্ৰাণ কাঢ়িলে। বহু ইউৰোপিয়ান সাম্ৰাজ্য ধ্বংস হ’ল, ৰুছ বিপ্লৱ আৰু সাম্যবাদৰ উত্থান ঘটিল। এনে বহুতো ঘটনাবহুল ইতিহাসৰ সাক্ষী হৈ সেই ভুল সিদ্ধান্তটো।
এই মহাযুদ্ধৰ সময়তে, ১৯১৮ চনৰ ২৮ ছেপ্টেম্বৰত এজন ব্ৰিটিছ সৈন্য হেনৰি টেনডি-এ (Henry Tandey) এজন আহত জাৰ্মান সৈন্যৰ মুখামুখি হৈছিল। কিন্তু অজ্ঞাত কাৰণত হেনৰিয়ে সৈন্যজনক হত্যা নকৰিলে। সেই সৈন্যজনেই আছিল কুখ্যাত এডলফ্ হিটলাৰ, যিজনে জাৰ্মানিৰ পৰাজয়ৰ প্ৰতিশোধ লোৱাৰ শপত লৈছিল। সেইদিনা হেনৰিয়ে সৈন্যজনক হত্যা কৰা হ’লে বিশ্বত হয়তো দ্বিতীয় বিশ্বযুদ্ধই নহ’লহেঁতেন, য’ত প্ৰাণহানি হৈছিল সৈন্যবাহিনীৰ লগতে অজস্ৰজন নিৰীহৰ। প্ৰসংগত আৰু এটা আচৰিত সংযোগৰ কথা উল্লেখ কৰোঁ। ১৯ বছৰীয়া গেভৰিল’ প্ৰিঞ্চিপ (Gavrilo Princip) যি আৰ্কড্যুক ফাৰ্ডিনাণ্ড আৰু তেওঁৰ পত্নীক গুলিয়াই হত্যা কৰিছিল, তেওঁৰ Therisienstad কাৰাগাৰত মৃত্যু হৈছিল ১৯১৮ চনত; এই কাৰাগাৰখন পাছলৈ— দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত— নিৰ্যাতন শিবিৰত পৰিণত কৰা হৈছিল।
পৰৱৰ্তী দিনবোৰত ইতিহাসত নতুন নতুন ঘটনা সন্নিবিষ্ট হ’বলৈ ধৰিলে। ইৰাকত চুন্নী বিদ্ৰোহীৰ হঠাৎ উদ্ভৱ হ’ল, কাৰণ প্ৰথম বিশ্বযুদ্ধই মধ্যপ্ৰাচ্যৰ মেপ পুনৰ অংকন কৰি পেলাইছিল। ইয়াৰ ফলত লক্ষাধিক ছিয়া আৰু চুন্নী মুছলমানৰ ইৰাক সীমান্তৰ ভিতৰলৈ আগমন ঘটিছিল। তেওঁলোকৰ ‘প্ৰফেট’ মোহম্মদৰ যোগ্য উত্তৰাধিকাৰীৰ বাবে উদ্ভৱ হোৱা শতিকাজোৰা প্ৰাচীন শত্ৰুতাই আকৌ প্ৰাণ পাই উঠিছিল। অৱশ্যেই, ইতিহাস কোনো নিয়ন্ত্ৰিত পৰীক্ষা নহয়। আমি কেতিয়াও ডাঠি ক’ব নোৱাৰিম সেই গাৰোৱানজনে সেইদিনা ভুল পথেৰে নোযোৱা হ’লে যে অষ্ট্ৰিয়ান আৰ্কড্যুক ফাৰ্ডিনাণ্ডৰ হত্যা নহ’লহেঁতেন, অষ্ট্ৰিয়াই ছাৰ্বিয়াৰ বিৰুদ্ধে যুদ্ধ ঘোষণা নকৰিলেহেঁতেন ইত্যাদি ইত্যাদি। কিন্তু এয়াও কল্পনা কৰাটো কঠিন যে ইয়াতকৈ দুৰ্বিষহ, ভয়াৱহ অতীতৰ ছবি আমি কি পালোহেঁতেন! ইতিহাসৰ পাতত লিপিবদ্ধ এনে বহুতো ঘটনাৱলী পোৱা যাব, যাৰ আৰম্ভ হৈছিল এক সৰু ঘটনাৰ পৰা কিন্তু শেষ হৈছিল হৈছিল মানৱ-সভ্যতাৰ ভিত্তিমূল কঁপাই যোৱা দীৰ্ঘম্যাদী ঘটনাৰাজিৰে।
অকল ইতিহাসেই নহয়, বৰ্তমানতো দৈনন্দিন জীৱনত আমাৰ জ্ঞাতে-অজ্ঞাতে এনে বহুতো ঘটনা ঘটিয়েই আছে যাৰ আৰম্ভণিৰ পৰা শেষৰ সংযোগী পৰিক্ৰমা আচৰিতভাৱে নাটকীয়, এক জটিল বিন্যাস। এটা সৰল উদাহৰণ লোৱা যাওক। সৰল দোলক (Simple Pendulum) এটাৰ দোলন গতি সুষম। অৰ্থাৎ দোলকটো এক নিৰ্দিষ্ট সময়ৰ ব্যৱধানত একে পথেৰে একে গতিৰে অহা-যোৱা কৰি থাকে। কিন্তু এটা দ্বি-দোলক (Double Pendulum) যাৰ দুডাল দোলন দণ্ড থাকে, অৰ্থাৎ দুটা স্থানত ইয়াৰ দোলন হয়, এইক্ষেত্ৰত কিন্তু ইয়াৰ দোলন গতি সুষম নহয়। এনে এটা দ্বি-দোলকৰ প্ৰথমটো দোলন গতিৰ সামান্য পৰিৱৰ্তনে ইয়াৰ সম্পূৰ্ণ গতিপথৰ এক বৃহৎ পৰিবৰ্তন আনে। দ্বি-দোলকক বিশৃংখলীয় সমাধানৰ সৈতে গতিশীল প্ৰণালী (Dynamic Solution)ৰ আটাইতকৈ সৰল এক উদাহৰণ বুলিব পাৰি। এনেধৰণৰ যি প্ৰণালী, য‘ত প্ৰাৰম্ভিক অৱস্থাৰ সূক্ষ্মাতিসূক্ষ্ম পৰিৱৰ্তনে পাছৰ ফলাফলত বৃহৎ পাৰ্থক্যৰ সৃষ্টি কৰে, তাক কোৱা হয় ‘বিশৃংখল পৰিস্থিতি’ (Chaotic situation)।
বিশৃংখল তত্ত্বৰ (Chaos theory) সহায়ত এনে গতিশীল প্ৰণালীৰ বিশৃংখলতাৰ অধ্যয়ন কৰা হয়। এই সূত্ৰৰ জনক MIT-ৰ বতৰ-বিজ্ঞানৰ অধ্যাপক এডৱাৰ্ড লৰেঞ্জ (Edward Lorenz)। সূত্ৰটোৰ মূল উদ্দেশ্য হ’ল বিশৃংখল প্ৰণালী এটাত নিহিত হৈ থকা শৃংখলা অৰ্থাৎ এক নিৰ্দিষ্ট বিন্যাস নিৰ্ণয় কৰা। এই সূত্ৰ মতে, বিশৃংখলতা বা বিশৃংখল প্ৰণালী এটা ইয়াৰ প্ৰাৰম্ভিক অৱস্থাৰ প্ৰতি অতি স্পৰ্শকাতৰ। ইহঁতৰ যাদৃচ্ছিকতাৰ অভ্যন্তৰত কিছুমান সুপ্ত বিন্যাস, অন্তঃসংযোগী কুণ্ডলী যেন জ্যামিতিক অৱয়ব পোৱা যায়। “The Butterfly Effect” হৈছে বিশৃংখল তত্ত্বৰ এনে এক সুপ্ত নীতি যি কেনেদৰে এটা ক্ষুদ্ৰ পৰিৱৰ্তনে পাছৰ অৱস্থাৰ এক বৃহৎ পৰিবৰ্তন আনে তাৰ ব্যাখ্যা কৰে। এই আচৰণৰ এটা ৰূপক হিচাপে আগ বঢ়াব পাৰি এই বিবৃতিটো : ‘চীনৰ কোনোবা এখন প্ৰদেশত এটা পখিলাই পাখি লৰালে তাৰ প্ৰতিক্ৰিয়া হিচাপে টেক্সাছৰ কোনোবা এঠাইত হাৰিকেন আহিব পাৰে’। কি ঠিক, সমগ্ৰ বিশ্বজুৰি সংহাৰী ৰূপ ধাৰণ কৰা ক’ৰ’না মহামাৰীও এই বাটাৰফ্লাই ইফেক্টৰেই ফল!
যি কি নহওক, প্ৰাৰম্ভিক অৱস্থাৰ ক্ষুদ্ৰতম পাৰ্থক্যই, উদাহৰণস্বৰূপে সাংখ্যিক জোখ-মাখ প্ৰক্ৰিয়াত দশমিকৰ পাছৰ সংখ্যাবোৰৰ স্থানৰ সামান্য বিচ্যুতি ঘটিলেই গতিশীল প্ৰণালীৰ এক বৃহৎ অপসাৰী ফলাফল পোৱা যায়। ই আমাক দীৰ্ঘম্যাদী পূৰ্বানুমান কৰাত বাধা প্ৰদান কৰে, যদিও এই সকলোবোৰ প্ৰণালীয়েই নিৰ্ণয়কাৰী, অৰ্থাৎ সিহঁতৰ ভৱিষ্যতৰ আচৰণে এক নিৰ্দিষ্ট বিৱৰ্তন মানি চলে। এক কথাত, এই প্ৰণালী বা ঘটনাৰাজিবোৰৰ নিৰ্ণয়কাৰী আচৰণে ইহঁতক সঠিক পূৰ্বানুমানশীল সজাই নেপেলায়। এই আচৰণক লৰেঞ্জে নাম দিছিল ‘নিৰ্ণয়নশীল বিশৃংখলতা’ (Deterministic chaos)। তেওঁ কৈছিল,”When the present determines the future, but the approximate present doesn’t approximately determine the future.” কেৱল নিখুঁত বৰ্তমানৰ তথ্যইহে ভৱিষ্যতৰ নিখুঁত তথ্য প্ৰদান কৰে। যোৱা শতিকাৰ ষষ্ঠ দশকৰ প্ৰথমাৱস্থাত এডৱাৰ্ড লৰেঞ্জে কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণৰ বাবে সঠিক বতৰৰ আগজাননীৰ যি সমস্যা হয়, তাৰ সমাধানৰ বাবে বিশৃংখল তত্ত্বৰ ব্যৱহাৰৰ অধ্যয়নত ব্যস্ত আছিল। বতৰৰ আগজাননীৰ বাবে কিছুমান কাৰক, যেনে উষ্ণতা, বায়ুৰ চাপ, বতাহৰ বেগ ইত্যাদিৰ জোখ-মাখৰ সহায় লোৱা হয়। এই তথ্যসমূহ কিছুমান বিশেষ কম্পিউটাৰ ছফ্টৱেৰত বিশ্লেষণ কৰি লৰেঞ্জে এক লৈখিক বিন্যাস (graphic pattern) মুদ্ৰণ কৰে। ইয়াৰ পাছত একেখিনি জোখ-মাখেই দশমিকৰ কেইবাটাও পাছৰ ঘৰৰ অংকৰ সামান্য সালসলনি কৰি তেওঁ আকৌ এক লৈখিক বিন্যাস মুদ্ৰণ কৰে। আচৰিতভাৱে দুয়োটা বিন্যাসেই চৰম বিসদৃশ ৰূপত পোৱা গ’ল। অৰ্থাৎ পৰিলক্ষিত হ’ল বতৰৰ পূৰ্বানুমানৰ সাংঘাতিক পৰিৱৰ্তন। তেওঁ নিশ্চিত হ’ল যে এই সৰল নিৰ্ণয়কাৰী সমীকৰণটোক এটা ক্ষুদ্ৰ প্ৰাৰম্ভিক অংকৰ সালসলনিয়ে এক বৃহৎ বিসংগতি প্ৰদান কৰিছে। লৰেঞ্জে অকল বিশৃংখলতাৰ আৱিষ্কাৰ কৰাই নহয়, ইয়াৰ কাৰ্যকাৰী ব্যাখ্যাও আগ বঢ়াইছিল। যেতিয়া তেওঁ সময় অনুপাতে বতৰৰ কাৰকবোৰৰ সাংখ্যিক মাপবোৰ গ্ৰাফত স্থাপন কৰিছিল, তেতিয়া দেখিছিল যে তাৰ পৰা পোৱা বিন্যাসত দশমিকৰ বহু পাছৰ ঘৰৰ সংখ্যাৰ সামান্য সালসলনিৰ বাবে দুটা ওচৰা-উচৰি বিন্দু আঁতৰি গৈছে। এনে সালসলনিৰ একেটা প্ৰক্ৰিয়া বাৰম্বাৰ কৰাৰ ফলত এই ব্যৱধানটো বাঢ়ি গৈ গৈ তাৰ গাণিতীয় ফলাফলটো শেষত বহুগুণে বিস্তৃত ব্যৱধানৰ দুটা বিন্দু পোৱা গ’ল। এই বিন্দুদুটাই সম্পূৰ্ণ পৃথক পৃথক অঞ্চলত ডাৱৰ গঠনৰ তথ্য প্ৰকাশ কৰিলে। আকৌ, কোনোবা এক মাপত হঠাৎ বিন্দু দুটা ক্ৰমশঃ চাপ খাই অহা পৰিলক্ষিত হয়। অৰ্থাৎ পূৰ্বৰ বহু আঁতৰৰ অঞ্চলৰ বিপৰীতে এইবাৰ কাষৰ দুটা অঞ্চলত ডাৱৰ গঠনৰ তথ্য পোৱা গ’ল। গতিকে দেখা যায় যে লৰেঞ্জ সূত্ৰৰ গতিবিজ্ঞানে দুটা বিপৰীতমুখী উদ্দেশ্য উপস্থাপন কৰে—গতিপথৰ বিকৰ্ষণ আৰু আকৰ্ষণ। এনে এটা জটিল প্ৰণালীক “Strange attractor” বা “Lorenz attractor” বোলা হয়। ইয়াৰ পাছতো আন কিছুমান আচৰিত আকৰ্ষক (attractor) আৱিষ্কাৰ কৰা হৈছিল যেনে, ফ্ৰেঞ্চ গণিতজ্ঞ মাইকেল হেননে ১৯৭৬ চনত “Henon attractor” আৱিষ্কাৰ কৰিছিল। এনেধৰণৰ আকৰ্ষকৰ এক বিশেষধৰণৰ সাদৃশ্য থাকে যাক কোৱা হয় কুণ্ডলী (Fractals)। যদি আমি এই বিশেষ ‘আকৰ্ষক’ৰ ৰেখাচিত্ৰ তৈয়াৰ কৰি ইয়াৰ যিকোনো এটা অংশ বা এলেকা আঁতৰাই পেলাওঁ, তেন্তে সেই সৰু অঞ্চলটো গোটেই ৰেখাচিত্ৰখনৰ বাবে একেই দেখা যাব। একেদৰে যিকোনো এক ক্ষুদ্ৰ এলেকাৰ সম্প্ৰসাৰণ ঘটালেও সেই অংশৰ একে বিন্যাসেই পোৱা যাব। গাণিতিক ভাষাত, ই ভগ্নাংশীয় পৰিসৰ সূচায়, সেয়ে ইয়াক ‘Fractal’ বোলা হয়।
বিশৃংখল আচৰণ বিভিন্ন প্ৰাকৃতিক তন্ত্ৰ বা প্ৰণালীত সন্নিবিষ্ট হৈ থাকে যেনে, তৰল প্ৰৱাহ, হৃদস্পন্দনৰ অনিয়মীয়তা, বতৰ আৰু জলবায়ু ইত্যাদি। স্বতঃস্ফূৰ্তভাৱে ই আন কিছুমান কৃত্ৰিম উপাদানৰ সৈতেও জড়িত হৈ থাকে যেনে, ষ্টক্ বজাৰৰ উত্থান-পতন, পথৰ যানজট ইত্যাদি। এনেধৰণৰ আচৰণ কিছুমান বিশৃংখল গাণিতিক আৰ্হি যেনে ‘Recurrence plots’ আৰু ‘Poincare maps’-ৰ সহায়ত ব্যাখ্যা কৰিব পাৰি। বিশৃংখল তত্ত্বৰ প্ৰয়োগ বিভিন্ন বিভাগ যেনে, বতৰ-বিজ্ঞান, নৃতত্ত্ব-বিজ্ঞান, সমাজ-বিজ্ঞান, পদাৰ্থ-বিজ্ঞান, পৰিৱেশ-বিজ্ঞান, পৰিকলন-বিজ্ঞান, পৰিসংখ্যা-বিজ্ঞান, অভিযান্ত্ৰিকী, অৰ্থনীতি, জীৱবিজ্ঞান, পৰিস্থিতিতন্ত্ৰ, মহামাৰী নিয়ন্ত্ৰক ব্যৱস্থা, দুৰ্যোগ ব্যৱস্থাপনা, দৰ্শনশাস্ত্ৰ ইত্যাদি বহুল ক্ষেত্ৰত কৰা হয়।
এলবাৰ্ট আইনষ্টাইনৰ এষাৰ বিখ্যাত উক্তি আছিল, “God does not play dice with the universe.” কথাষাৰ তেওঁ কোৱান্টাম পদাৰ্থবিজ্ঞানৰ আশ্চৰ্যজনক জগতখনৰ কথা সূচাবলৈ কৈছিল। আমাৰ সকলোৰে জ্ঞাত যে কোৱাণ্টাম সূত্ৰই যাদৃশ্যকতাক সূচায়। অৰ্থাৎ কোৱান্টাম জগতখন পৰিচালিত হয় পাৰমাণৱিক কণিকাবোৰৰ বিশৃংখল আচৰণৰ দ্বাৰা। আইনষ্টাইনে কোৱাণ্টাম জগতৰ এনে বিস্ময়ক লৈ সমস্যাত পৰিছিল আৰু ইয়াক মানি ল’বলৈ টান পাইছিল। যি কি নহওক, আমাৰ গোটেই মহাবিশ্বখনেই বিশৃংখলতাৰে ভৰা, “The universe tends to randomness.” এক অকল্পনীয় বেগেৰে সকলো দিশতে মহাবিশ্বখনৰ সম্প্ৰসাৰণ ঘটি আছে বিশৃংখলিতভাৱে। মহাবিশ্বৰ এনে বহু বিশৃংখলতা আমাৰ জ্ঞাত আৰু তাতোকৈও অলেখ বিশৃংখলতা আমাৰ অজ্ঞাত, অকল্পনীয়। ব্ৰহ্মাণ্ডৰ উদ্ভৱৰ আদিক্ষণ ‘বিগ্ বেং’ আছিল আটাইতকৈ শৃংখল পৰম বিন্দু; এই বিস্ফোৰণৰ পাছৰপৰাই মহাবিশ্বখনে বিশৃংখলতাৰ দিশে অনন্তকাললৈ ধাৱমান হৈ আছে। যেন বিশৃংখলতা মহাবিশ্বৰ জন্মস্বত্ব অধিকাৰ!
১৮১৪ চনত ফৰাচী গণিতজ্ঞ ‘Pierre Laplace’-এ ধাৰণা কৰিছিল যে নিউটনীয় বলবিজ্ঞানে মহাবিশ্বখনৰ ভৱিষ্যতৰ সম্পূৰ্ণ পূৰ্বানুমানৰ দৃঢ় নিৰ্ণায়কৰ এক বাৰ্তা বহন কৰে। ই মহাবিশ্বখনৰ যিকোনো সময়ত ইয়াৰ অৱস্থাৰ সম্পূৰ্ণ তথ্য প্ৰদান কৰিব পাৰিব। অৱশ্যে ইয়াৰ বাবে ভৱিষ্যত নিৰ্ণয়কাৰীজনে কিবা উপায়েৰে বিশ্বব্ৰহ্মাণ্ডখনৰ পৰিধিৰ বাহিৰলৈ যাব লাগিব আৰু সমগ্ৰ মহাবিশ্বৰ পৰমাণুবোৰৰ লগতে সেইবোৰৰ সমসাময়িক গতিৰ মাথো এটা ক্ষণৰ সম্পূৰ্ণ তথ্য গ্ৰহণ কৰিব লাগিব। দাৰ্শনিক আলোচনাত এনে কাল্পনিক লোকজনক (বা প্ৰাণীটোক) ‘লাপ্লাছৰ দানৱ’ (Laplace’s Demon) বোলা হয়। লাপ্লাছে কৈছিল যে আমাৰ বৰ্তমানৰ মহাবিশ্বখন ইয়াৰ অতীতৰ ঘটনাৱলীৰ পৰিণাম আৰু ভৱিষ্যতৰ ঘটনাৱলীৰ নিবন্ধন। লাপ্লাছৰ দানৱৰ ধাৰণামতে, ই হ’ল এক সৰ্বজ্ঞানী সত্তা, যি এটা নিৰ্দিষ্ট মুহূৰ্তত ব্ৰহ্মাণ্ডৰ সকলোবোৰ ক্ৰিয়াশীল বল আৰু উপাদানৰ সঠিক অৱস্থানৰ বিষয়ে জ্ঞাত। যদি এই দানৱটোৰ এই সকলোবোৰ তথ্যৰ ফলাফল বিশ্লেষণ কৰাৰ ক্ষমতাৰো অধিকাৰী হয়, তেন্তে ই এটা একক সূত্ৰ (পৰম সূত্ৰ) লাভ কৰিব, যাৰ সহায়ত ই মহাবিশ্বৰ ক্ষুদ্ৰতম কণিকাৰপৰা আৰম্ভ কৰি বৃহত্তম অৱয়ববোৰৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ যিকোনো পৰিণতিৰ বিষয়ে জ্ঞাত হ’ব। অৰ্থাৎ ইয়াৰ জ্ঞানৰ পৰিসৰ হ’বগৈ অপৰিসীম। আইনষ্টাইন আৰু ষ্টিফেন হকিঙে উল্লেখ কৰা ‘Theory of everything’ৰ লগত এই পৰম সূত্ৰৰ যথেষ্ট মিল আছে। এওঁলোকে সাধাৰণ আপেক্ষিকতাবাদৰ সূত্ৰ (General relatively) আৰু কোৱান্টাম বলবিজ্ঞানৰ সূত্ৰক সংযোগ কৰি, ‘Theory of everything’-ৰ সূত্ৰটো উলিয়াবলৈ চেষ্টা কৰিছিল যদিও সফল হোৱা নাছিল। এইক্ষেত্ৰত কিজানি বিশৃংখলতাৰ সূত্ৰৰো ভূমিকাৰ কথা বিবেচনা কৰাৰ থল আছে।