বিজ্ঞান আৰু কলা (ৰূপক বৰুৱা)
পুঁজিবাদী ব্যৱস্থাটোতে আধুনিক বিজ্ঞানৰ বিকাশ সাধন হৈছে আৰু এই পুঁজিবাদী ব্যৱস্থাটোৱে ইয়াক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰি আহিছে। বিজ্ঞানৰ বলত বলীয়ান হৈ পুঁজিবাদী দেশবোৰে পৃথিৱীজুৰি মানুহৰ ওপৰত শোষণ-দমন চলালে, প্ৰকৃতি ওপৰতো চলিল নিৰ্মম লুণ্ঠন। বদনামী হ’ল বিজ্ঞান। বিজ্ঞানৰ প্ৰতি মানুহৰ বিদ্বেষ সৃষ্টি হ’ল। পুঁজিবাদী ব্যৱস্থাটোৰ বাবে বিজ্ঞান এক ধ্বংসকাৰী উপাদান হিচাপে সাধাৰণ মানুহৰ মনত ধৰা দিলে। আকৌ বিজ্ঞানৰ জগতখনক বহুতে যান্ত্ৰিক, নীৰস জগত বুলি ভাবে। আনহাতে কলা-সাহিত্যৰ জগতখন তেওঁলোকৰ মনত মানৱীয় ভাব অনুভুতি, কল্পনা আৰু বাস্তৱৰ সংমিশ্ৰনেৰে সিক্ত, সৌন্দৰ্য-চৰ্চাৰে ৰসাল জগত। সেয়েহে বহু সময়ত বিজ্ঞান আৰু কলাক এটাৰ আনটোৰ বিপৰীত হিচাপে ভবা হয়। কবি কীটছে বিজ্ঞানী নিউটনক ৰামধেনুৰ সৌন্দৰ্য আৰু কবিত্বক প্ৰিজমেৰে দেখা পোহৰলৈ অৱনমিত কৰিলে বুলি গৰিহণা দিছিল। কীট্ছে আনকি নিউটনক উপলুঙা কৰি কবিতাও লিখিছিল। বিখ্যাত কবি আৰু উপন্যাসিক ডি. এইচ. লৰেন্সে বিজ্ঞানকলৈ বিষোদ্গাৰ কৰিছিল। তেওঁ বিজ্ঞানক মিছালি বুলি গৰিহণা দিছে। প্ৰকৃতি কবি ৱৰ্ডছ্ৱৰ্থও বিজ্ঞান বিদ্বেষী আছিল। তেওঁলোকৰ দৃষ্টিত বিজ্ঞান মানুহৰ সৃজনীশক্তিৃ, প্ৰকৃতি আৰু কলা-সংস্কৃতি ধ্বংসকাৰী এক উপাদান হিচাপে ধৰা দিছিল।
মানৱ মনৰ মহত্তম কল্পনা, অনুভুতি আৰু বুদ্ধি মনীষাৰে সৃষ্ট কলা আৰু বিজ্ঞান ক্ষেত্ৰৰ এই অনৈক্যৰ কথা চি. পি. স্নই তেওঁৰ বিখ্যাত ৰচনা The Two Culture-ত উল্লেখ কৰি দুখ প্ৰকাশ কৰিছে। বহুতৰ মতে বিজ্ঞানে কলাৰ মূল উপাদান কল্পনা আৰু সৌন্দৰ্যবোধক নাকচ কৰি কলাকে নাকচ কৰে। তেওঁলোকৰ মতে বিজ্ঞানীসকল যেন কল্পনা শক্তি আৰু সৌন্দৰ্যবোধ ৰহিত। বিখ্যাত পদাৰ্থ বিজ্ঞানী, নোবেল বঁটা বিজয়ী ৰিচাৰ্ড ফেইনমেনৰ কথা এইক্ষেত্ৰ উল্লেখযোগ্য। ৰিচৰ্ড ফেইনমেনৰ এজন বন্ধু আছিল। তেওঁ আছিল এজন চিত্ৰশিল্পী। এদিন তেওঁ ফেইনমেনক এপাহ ফুল দেখুৱাই ফুলপাহ সুন্দৰ বুলি মত প্ৰকাশ কৰিলে। ফেইনমেনে তেওঁৰ বন্ধুৰ মতক সমৰ্থন কৰিলে। কিন্তু ইয়াতে তেওঁৰ বন্ধু আচৰিত হ’ল। তেওঁৰ প্ৰশ্ন হ’ল বিজ্ঞানৰ দৰে নীৰস বিষয় এটা চৰ্চা কৰা ব্যক্তি এজনে ফুল পাহৰ সৌন্দৰ্যত কেনেদৰে মুগ্ধ হ’ব পাৰে! ফেইনমেনে লিখিছে,“I have a friend who’s an artist and has sometimes taken a view which I do not agree with very well. He’ll hold up a flower and say ‘look how beautiful it is! and I’ll agree Then he says ‘I as an artist can see how beautiful this is but you a scientist take this all apart and it becomes dull thing and I think that he is kind of nutty. First of all the beauty that he sees is available to other people to me too I believe although I may not be quite refined aesthetically as he is but I can appreciate the beauty of a flower. At the same time I see much more about the flower than he sees’। বাস্তৱিকতে কলা আৰু বিজ্ঞান দুখন পৃথক ক্ষেত্ৰ কিন্তু ইহঁত এটা আনটোৰ বিৰোধী নহয়, বৰঞ্চ কলা আৰু বিজ্ঞান দুয়োটাই পৰস্পৰৰ সহায়ক। মানুহৰ সৃজনীশক্তি চেপি-খুন্দি নিঃশেষ কৰা পুঁজিবাদী ব্যৱস্থাটোৰ মাজতে বিজ্ঞানে মানুহৰ চেতনা আলোড়িত কৰি, ধৰ্মীয় গোড়ামি, অন্ধ-বিশ্বাসৰ পৰা মুক্ত কৰিছে আৰু ইয়াৰ প্ৰভাব সাহিত্য, চিত্ৰকলা আদিতো পৰিছে। বিজ্ঞানৰ তত্ত্ব আৰু প্ৰযুক্তিৰ ফলশ্ৰুতিত পোৱা গ্ৰাম’ফোন, ৰেডিঅ’, কেমেৰা, চিনেমা আদিয়ে কলাক সমৃদ্ধ কৰিছে আৰু কলা জগতত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাইছে। বৰ্তমান কলা জগতত কম্পিউটাৰৰ বহুল ব্যৱহাৰ হয়। তাতোতকৈ উল্লেখযোগ্য কথাটো হ’ল প্ৰকৃতি বা বাস্তৱৰ আচল সত্য-সৌন্দৰ্যক উদঙাই দি বিজ্ঞানে প্ৰতিৰূপ আৰু চিত্ৰিত বা বৰ্ণিত হোৱা প্ৰতিৰূপিত বস্তুটোৰ মাজৰ ঐক্য সৃষ্টি কৰিছে যাক নান্দনিক-চেতনবোধেও দাবী কৰে। সেই দৃষ্টিৰে বিজ্ঞান বেছি কলা সুলভ। বিখ্যাত পৰিসংখ্যাবিদ Karl Pearson-এ The Grammar of Science গ্ৰন্থত লিখিছে,”Our aesthetic judgement demands harmony between the representation and the represented, and in this sense science is often more artistic than modern art“। আনহাতে কলাই পোনপটীয়কৈ বিজ্ঞানক প্ৰভাৱিত নকৰিলেও কলাৰ মুখ্য উপাদান কল্পনা বহু বিজ্ঞানীৰ যুগান্তকাৰী উদ্ভাৱনসমূহৰ মূল বস্তু। বিখ্যাত পদাৰ্থ বিজ্ঞানী আইনষ্টাইনৰ আপেক্ষিকতাবাদ তত্ত্বত তেওঁৰ কল্পনা আৰু অন্তৰ্দৃষ্টিসম্পন্ন সৃজন ক্ষমতাই শীৰ্ষবিন্দু পাইছিলগৈ। সেইহে তেওঁ কৈছে,”The greatest scientist are artist as well“। আইনষ্টাইনৰ যেনেদৰে বিজ্ঞান প্ৰিয় আছিল তেনেদৰে প্ৰিয় আছিল শিল্প, সাহিত্য আৰু সংগীত। তেওঁৰ প্ৰিয় কবি আছিল গে’টে আৰু শ্বিলাৰ। মহান সাহিত্য গৰ্কি, ডষ্টয়েভ্স্কি, টল্ষ্টয় তেওঁৰ প্ৰিয় আছিল। তেওঁ আনকি কবিতাও লেখিছিল। ডেকা কালত স্পিন’জা পঢ়ি উল্লাসিত হৈ তেওঁ লেখিছিল, “How much do I love that noble man / More than I could tell with words’ / than though he will remain alone / With a holy hale of him own” (উৎস, আইনষ্টাইন আৰু পদাৰ্থ জগত, শিৱনাথ বৰ্মন)। আকৌ পূৰ্ণ মানৱ লিওনাৰড’ দ্যা ভিন্সিৰ সত্তাত আমি দেখিছোঁ বিজ্ঞান আৰু কলাৰ সমাহাৰ। তেওঁৰ মহৎ চিত্ৰকৰ্মবোৰত তেওঁৰ বৈজ্ঞানিক অনুসন্ধানে সহায় কৰিছিল। ভিন্সিয়ে অতি সূক্ষ্মভাৱে প্ৰকৃতি জগত পৰ্যাবেক্ষণ কৰিছিল। জীৱ-তত্ত্ব আৰু দেহতত্ত্ব অধ্যয়নে তেওঁক সুন্দৰভাবে মানৱ প্ৰতিকৃতি অংকিত কৰাত সহায় কৰিছিল। চিত্ৰকলাত বাস্তৱবাদ (Realism), ইংগিতবাদ (Impressionism), কিউবিজম্ (Cubism), ফ’বিজম্ (Phobism), অধিবাস্তৱবাদ (Surrealism) আদি আন্দোলনবোৰত বিজ্ঞানৰ প্ৰভাব আছিল। ৰিয়েলিজমে বস্তুগত ৰূপত বিশ্বাস কৰিছিল আৰু ভাববাদ বিৰোধিতা কৰিছিল। ইয়াৰ মূলতে আছিল ভৌতিক জগতখনৰ বৈজ্ঞানিক বিশ্লেষণ আৰু বৈজ্ঞানিক আৱিষ্কাৰ। সাহিত্য জগতখনতো বাস্তৱবাদৰ প্ৰভাব অনস্বীকাৰ্য। আকৌ বিজ্ঞানৰ বিকাশৰ বাবেই ইংগিতবাদী শিল্পীসকলে চিত্ৰকলাত ধৰ্মীয় বা আখ্যানমূলক কাহিনীৰ বিষয় বিসৰ্জন দিবলৈ প্ৰেৰণা লাভ কৰিছিল। ইংগিতবাদৰ বিকাশত জীৱতত্ত্ব আৰু মনোবৈজ্ঞানিক বিশ্লেষণেও সহায় কৰিছিল। আনহাতে কিউবজমক পাবলো পিকাচো আৰু ব্ৰাকৰ দৰে শিল্পীয়ে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছিল। ইয়াত জ্যামিতিক আকৃতিৰ সু-প্ৰয়োগে চিত্ৰবোৰ অংকন কৰা হয়। পদাৰ্থৰ জ্যামিতিক নিৰ্মাণ আৰু পদাৰ্থই থিয় দিয়া শূন্য স্থানৰ প্ৰভেদ উদ্ভাসিত কৰাটোৱেই আছিল কিউবিষ্ট শিল্পৰীতিৰ উদ্দেশ্য। বৈজ্ঞানিক বিশ্লেষণৰ আধাৰত অধিবাস্তৱবাদীসকলে (Surrealist) চিত্ৰ নিৰ্মাণ কৰিছিল। এজন বিখ্যাত অধিবাস্তৱবাদী চিত্ৰশিল্পী হ’ল ছালভাদৰ দালি। তেওঁৰ পাৰ্চিছটেণ্স অব মেম‘ৰি এখন বিখ্যাত অধিবাস্তৱবাদী পেইণ্টিং যাৰ ওপৰত আইনষ্টাইনৰ আপেক্ষিকতাবাদ তত্ত্বৰ প্ৰভাব পৰিছে বুলি কলা সমালোচকসকলে মন্তব্য কৰিছে (এই তত্ত্বই সময়ক পৰম নহয় বুলি দেখুৱায়)। কীটছ, এডগাৰ এলেন পো, ওৱৰ্ডছওৱথ আদি ৰোমাণ্টিক কবিসকলে বিজ্ঞানক লৈ বিষোদ্গাৰ কৰাৰ বিপৰীতে আলেকজেণ্ডাৰ পোপ, ৰবীন্দ্ৰনাথ ঠাকুৰ আদি কবিসকলৰ হৃদয়-মন বৈজ্ঞানিক তত্ত্ব আৰু আৱিষ্কাবোৰে উদ্বেলিত কৰিছিল। ইংৰাজ কবি আলেকজেণ্ডাৰ পোপে নিউটনক লৈ লিখিছিল, “Nature and nature’s laws lay hid in night; God said ‘Let Newton be’ and all was light”। বিশ্বকবি ৰবীন্দ্ৰনা ঠাকুৰে আইষ্টাইনৰ আপেক্ষিকতাবাদ তত্ত্বক লৈ লিখিছে, “সৃষ্টিৱ আৱন্তে আকাঁ হ’ল অসীম আকাশে / কালৰ সীমানা / আলোৱ বেড়া দিয়ে”। প্ৰখ্যাত ইংৰাজীৰ ভাষাৰ কবি জয়ন্ত মহাপাত্ৰৰ মতে বিজ্ঞান আৰু কবিতাৰ মাজত কোনো বিৰোধ নাই। তেওঁৰ মতে, “There is no contradictions between poetry and science. Both deal with chaos in the universe and uncertainty of life, while science is the poetry of intellect, poetry is the science of human emotion (The wire-ৰ পৰা সংগ্ৰহ কৰা)। আমেৰিকান পদাৰ্থ-বিজ্ঞানী ৰিচাৰ্ড ফেইনমেনে পৃথিৱীত জীৱ সৃষ্টি লৈ মিলাৰ-ইউৰীয়ে কৰা পৰীক্ষাত (Miller-Urey Experiment) উৎফুল্লিত হৈ An atom in universe নামৰ এটা সুন্দৰ কবিতা লিখিছিল। কবিতাটো হ’ল-
Feynman says,
I stand at the seashore, alone, and start to think.
There are the rushing waves
mountains of molecules
each stupidly minding its own business
trillions apart
yet forming white surf in unison.
Ages on ages,
before any eyes could see
year after year,
thunderously pounding the shore as now.
For whom? For what?
On a dead planet
with no life to entertain.
Never at rest
tortured by energy
wasted prodigiously by the sun
poured into space.
A mite makes the sea roar.
Deep in the sea
all molecules repeat
the patterns of one another
till complex new ones are formed.
They make others like themselves
and a new dance starts.
Growing in size and complexity
living things
masses of atoms
DNA, protein
dancing a pattern ever more intricate.
Out of the cradle
onto dry land
here it is
standing:
atoms with consciousness;
matter with curiosity.
Stands at the sea,
wonders at wondering: I
a universe of atoms
an atom in the universe.
ইয়াত বিজ্ঞান আৰু কলাৰ দুয়োটাৰ ঐক্যময় ৰূপেহে মানৱ জীৱনক সমৃদ্ধ কৰিব পাৰে। কবি সুলভ মননশীলতা আৰু শিল্পী-সুলভ সৌন্দৰ্যবোধৰ ল’গত বিজ্ঞানবোধ, যুক্তিবাদ বিজ্ঞানমনস্কতা সংযোগে মানৱ মনক গভীৰভাৱে আনন্দৰে উদ্বেলিত কৰি সমৃদ্ধ কৰে। সেয়েহে ব্যক্তিৰ মনন কলা আৰু বিজ্ঞান দুয়োটাৰে সমৃদ্ধ হোৱা উচিত।
আধুনিক যুগটোক বিজ্ঞানৰ যুগ বুলি কোৱা হয়। বৰ্তমান মানৱ মনে জীৱন আৰু জগত সমন্ধীয় সকলো সমস্যা আৰু প্ৰশ্নৰ উত্তৰ বিজ্ঞানত বিচাৰে। এই বিজ্ঞানৰ বাবেই আধুনিক জীৱন-যাত্ৰা সম্ভৱ হৈছে। বিজ্ঞানৰ তত্ত্বৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠা প্ৰযুক্তিবিদ্যাই মানুহৰ জীৱন-যাপন সহজ কৰি তুলিছে। আনহাতে এই বিজ্ঞানেই মানৱ মনত প্ৰোথিত কৰিছে বিজ্ঞানমনস্ক যুক্তিবাদ আৰু মানৱ মননে লাভ কৰিছে অন্যন্যা মাত্ৰা। কিন্তু এই বিজ্ঞানমনস্ক যুক্তিবাদে কলাক নাকচ নকৰে, বৰঞ্চ বহু দিশৰ পৰা সমৃদ্ধহে কৰে। Karl Pearson-এ তেওঁৰ Grammar of Science গ্ৰন্থত লিখিছে, “There is more real beauty in what Science has to tell us of the Chemistry of a distant star, or in the life—history of a protozoon than in any cosmogony produce by the creative imagination of the pre-Scientific age. By ‘More real beauty’ we are to understand that the aesthetic judgement will find more satisfaction, more permanent delight, in the former than in the later. It is this continual gratification of the aesthetic judgement in which is one of the chief delights of the pursuit of pure Science”। কলাক সূক্ষ্মভাৱে বুজি পোৱা আৰু বিশ্লেষণ কৰাত বিজ্ঞানে সহায় কৰি আহিছে।প্ৰ কৃতিৰ ৰহস্য উন্মোচন কৰি বিজ্ঞানে কবি শিল্পীসকলক বিশ্ব চৰাচৰৰ বিষয়ে বাস্তৱসন্মত অন্তৰ্দৃষ্টি প্ৰদান কৰিছে। কলাক বুজিবলৈ বিজ্ঞানৰ যেনেদৰে প্ৰয়োজন তেনেদৰে বিজ্ঞানক যান্ত্ৰিকতাৰ পৰা মুক্ত কৰিবলৈ কলাৰ প্ৰয়োজন।
সহায় লোৱা গ্ৰন্থ / আলোচনী
(১) The Gummar of Science, Karl Pearson
(২) The pleasure of finding things out, Richard .P. Feynman
(৩) আইনষ্টাইন আৰু পদাৰ্থ জগত, শিৱনাথ বৰ্মন
(৪) মানৱতাৰ সন্ধানত, হীৰেন গোহাঁই
(৪) শিল্পভাষা, প্ৰদীপ নাথ