বিজ্ঞানৰ ইতিহাসত নাৰী (প্ৰথম অংশ) (পূৰবী দেৱী)
লিখনিৰ আৰম্ভণিতে সম্ভৱতঃ বিজ্ঞানৰ এটা সংজ্ঞাৰ প্ৰয়োজন। বিজ্ঞান বুলিলে আমি কি বুজো? এই প্ৰশ্নৰ উত্তৰ দিয়া সহজ নহয়। কাৰণ বিজ্ঞানৰ সংজ্ঞা সম্বন্ধে নানা মুনিৰ নানা মত।
আইনষ্টাইনে কৈছিল—‘পূৰ্ণাংগ আৰু বিদ্যমান ৰূপত বিজ্ঞান মানুহৰ বাবে সকলোতকৈ বিষয়গত (Objective) কিবা এটা বস্তু। কিন্তু সৃষ্টিমূলক কাৰ্যৰ বাবে বা শেষ অভীষ্ট সিদ্ধিৰ উদেশ্যে যেতিয়া বিজ্ঞানৰ কথা কোৱা হয় তেতিয়া ই মানৱসমাজৰ আন আন বিভাগবোৰৰ দৰে ইমানেই মনস্তাত্বিকভাৱে চৰ্তাধীন আৰু বিষয়ীগত হৈ পৰে যে ‘বিজ্ঞানৰ অৰ্থ আৰু উদেশ্য কি?’—এই প্ৰশ্নৰ উত্তৰ বিভিন্ন সময়ত বিভিন্ন ব্যক্তিৰ পৰা বিভিন্ন ধৰণে পোৱা যায়’।
ঠিক সেইদৰে পিটাৰ মেডোৱাৰে ক’ব খোজে যে বিভিন্ন ব্যক্তিয়ে বিজ্ঞানৰ সংজ্ঞা বিভিন্নধৰণে দিব পাৰে। তেখেতৰ মতে—
‘According to the first conception, science is above all else an imaginative and exploratory activity………..But the alternative conception runs something like this : science is above all else a critical and analytical activity’.
জে.ডি. বাৰ্ণালেও বিজ্ঞানৰ বিভিন্ন দিশ লক্ষ্য কৰি বিভিন্ন সংজ্ঞা দিব পৰা যায় বুলি মত প্ৰকাশ কৰিছে। কিন্তু তেখেতৰ মতে গুৰুৰ পৰা শিষ্যলৈ, পিতৃ-মাতৃৰ পৰা সন্তানলৈ পৰম্পৰাগতভাৱে জ্ঞান বাগৰি যোৱাটোৱেই হ’ল বিজ্ঞানৰ বিভিন্ন দিশৰ মাজৰ প্ৰাধান দিশ আৰু এই ধাৰণা ইমানেই প্ৰাচীন যে সেই যুগত বিজ্ঞান আৰু ঐতিহ্যগত লোকবিদ্যাৰ মাজত কোনো পাৰ্থক্য নাছিল।
এই লিখনিত আমি বিজ্ঞানৰ এইটো সংজ্ঞাকে ব্যৱহাৰ কৰিম। আমাৰ বোধেৰে বিজ্ঞান হ’ল যুগ-যুগ ধৰি হাজাৰ-হাজাৰ মানুহে কৰা নিৰীক্ষণ, পৰীক্ষা, যুক্তিমূলক চিন্তা আৰু বৌদ্ধিক প্ৰচেষ্টাৰ সহায়ত যোগাৰ কৰা জ্ঞান আৰু এই জ্ঞান আমাৰ মাজলৈ পৰম্পৰাগত ভাবে বৈ আহিছে।
বিজ্ঞানৰ এই সংজ্ঞা মনত ৰাখিলে ক’ব পাৰি যে বিজ্ঞানৰ ইতিহাস কেইজনমান বিখ্যাত বিজ্ঞানীৰ আৱিষ্কাৰৰ কাহিনী নহয়। বিজ্ঞান-জগতৰ বিশিষ্ট বিজ্ঞানীৰ আৱিষ্কাৰক সেইবুলি আমি হেয় জ্ঞান কৰিব খোজা নাই। কিন্তু আমি মনত ৰখা উচিত যে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ইতিহাস হ’ল দৈনন্দিন জীৱনত সাধাৰণ মানুহে কৰা সংগ্ৰাম আৰু সমাজ জীৱনৰ চাহিদা পূৰাবলৈ মানুহে কৰা নিৰীক্ষণ, পৰীক্ষা আৰু বৌদ্ধিক প্ৰচেষ্টাৰ ইতিহাস। এই দৃষ্টিকোণৰ পৰা চাবলৈ গ’লে দেখা যায় যে বিজ্ঞানৰ ইতিহাসত নাৰীৰ স্থান আৰু অৱদান সামান্য নহয়।
ভলটেয়াৰে মন্তব্য কৰিছিল—‘There have been very learned women as there have been women warriors, but there have never been women inventors’
ঠিক সেইদৰে প্ৰধনেও কৈছিল—‘Women have invented nothing, not even their distaff’.
ইতিহাসৰ পাত ফঁহিয়ালে দেখা যাব যে সম্ভৱতঃ বিজ্ঞানৰ ইতিহাসে এই মত স্বীকাৰ নকৰিব।
অনুমানৰ ভিত্তিতে ইতিহাসবিদসকলে ক’ব খোজে যে ইতিহাসৰ কাহিলি পুৱাত নাৰী আৰু পুৰুষৰ কৰ্মজীৱনৰ মাজত কোনো পাৰ্থক্য নাছিল। জীৱন ধাৰণৰ বাবে যিকোনো খাব পৰা বস্তুকে তেওঁলোকে সংগ্ৰহ কৰিছিল। পশ্চিম আমেৰিকাৰ চিংগুসকলৰ ওপৰত অধ্যয়ন চলাওতে বোৱা ভ্ৰাতৃদ্বয়ে লক্ষ্য কৰিছিল যে সভ্যতাৰ প্ৰায় আদিম স্তৰতে বাস কৰা এই লোকসকলে কিছু পৰিমানে খেতি-বাতি কৰিলেও খাদ্যৰ বাবে প্ৰধানকৈ খাদ্য সংগ্ৰহৰ ওপৰত নিৰ্ভৰ কৰে আৰু গছৰ ফল-মূল প্ৰধানকৈ সংগ্ৰহ কৰে নাৰীসকলে। বৰ্তমান আমি খাদ্য সংগ্ৰহৰ গুৰুত্ব সম্বন্ধে বৰ বিশেষ চিন্তা নকৰোঁ। কিন্তু অলপ দকৈ ভাবি চালে দেখা যায় যে ই বৰ সহজ কাম নহয়। ইয়াৰ বাবে যথেষ্ট পৰীক্ষা আৰু পৰ্যবেক্ষণৰ আৱশ্যক। প্ৰকৃততে ইয়েই উদ্ভিদবিদ্যাৰ আৰম্ভণি। সেই দৃষ্টিকোণৰ পৰা বিচাৰ কৰিলে ক’ব পাৰি যে প্ৰথম উদ্ভিদ-বিদ্যাৰ পাতনি মেলিছিল নাৰীসকলে। প্ৰায় আঠ হেজাৰ বছৰৰ আগতে খাদ্য উৎপাদনৰ ক্ষেত্ৰত এক বিজ্ঞান-বিপ্লৱে দেখা দিয়ে আৰু এই বিপ্লৱে মানুহৰ সমগ্ৰ বস্তুগত আৰু সামাজিক জীৱনৰ ধৰণ-কৰণ সলনি কৰি পেলায়।এই বিপ্লৱ আছিল কৃষি বিপ্লৱ।
প্ৰাচীন ইজিপ্তৰ দেৱী আইচিচ হ’ল মাতৃ দেৱী বা প্ৰকৃতি দেৱী। নীল নদীৰ বাৰ্ষিক বানপানী আৰু কৃষিৰ অধিষ্ঠাত্ৰী দেৱী ৰূপে আইচিচক পূজা কৰা হৈছিল। ‘ইতিহাসৰ পিতা’ ৰূপে জনাজাত হেৰো’ডেটাচে লিখি থৈ গৈছে—’The women of Cyrene worshiped her’।
উল্লেখনীয় যে চাৰটনে প্ৰথমে ১৯১৩ চনত History of Science Society-এ প্ৰকাশ কৰা আলোচনীখনৰ নাম দিছিল ‘আইচিচ ’।তেখেতে কৈছিল—“She says of herself “I am everything which existed, which is now and will ever be, no mortal has ever disclosed my robe”। অৰ্থাৎ প্ৰকৃতিৰ সমগ্ৰ ৰহস্য লুকাই আছে আইচিচে পৰিধান কৰা পোছাকৰ আৰঁত।
প্ৰাচীন গ্ৰীচৰ কৃষি দেৱী হ’ল পালাচ এথিনি।ভাৰ্জিলে লিখি থৈ গৈছে—“Inventor, Pallas, of the fatt’ning oil,Thou founder of the plough and ploughman’s toil”। একেদৰে জাৰ্মানিৰ প্ৰকৃতি দেৱী আছিল ইষ্টৰ। ইয়াৰ পৰায়েই খৃষ্টিয়ানসকলৰ ইষ্টাৰ শব্দটো আহিছে। তদুপৰি আমাৰ ধৰ্ম বিশ্বাস আৰু উৎসৱ-পাৰ্বনৰ মাজত জীয়াই থকা আচাৰ-অনুষ্ঠানে ইয়াৰ সাক্ষী বহন কৰে। দেৱীপ্ৰসাদ চট্টোপাধ্যায়দেৱ ৰচিত ‘লোকায়ত’ৰ ‘গৌৰী’ নামৰ অধ্যায়টোৰ ওপৰত আমি অলপ বহলাই আলোচনা কৰিম।
ভাৰতীয় তন্ত্ৰ আৰু সাংখ্য দৰ্শন অনুসৰি ‘প্ৰকৃতিহে’ বিশ্ব-ব্ৰক্ষ্মাণ্ডৰ মূল উৎস, ‘পুৰুষ’ নহয়। দেৱীপ্ৰসাদদেৱে ক’ব খোজে যে এনে এটা তত্ত্বৰ মূল বিচাৰিবলৈ হ’লে আমি এনে এটা যুগলৈ উভতি যাব লাগিব যিটো যুগত নাৰীৰ সামাজিক স্থান আছিল পুৰুষৰ ওপৰত। আমি তেখেতৰ দুষাৰি মান বাক্যৰ উদ্ধৃতি দিছো—“We are going to argue that because agriculture is the discovery of women and which remains their exclusive preoccupation in its early stages, it created conditions for the economic – and, therefore, also of social supremacy of the female. It is here we find a material basis of the ideological emphasis on prakritti (prakritti pradhanya).
পশ্চিম বংগত পালন কৰা “গণেশ চতুৰ্থী ব্ৰত“ নামৰ পূজালৈ তেখেতে পাঠকৰ দৃষ্টি আৰ্কষণ কৰিব খুজিছে। এই পূজা কেইবাদিনো ধৰি চলে। প্ৰথম দিনাখন গণেশ দেৱতাক পূজা কৰিলেও দ্বিতীয় দিনাখনৰ পৰা পূজা কৰা হ‘য় “গৌৰী”-ক। অৱশ্যে এই গৌৰী আমাৰ হৰ-গৌৰী নহয়। প্ৰকৃততে পূজা কৰা হয় নিৰ্দিষ্ট উদ্ভিদৰ এটা থোপাক আৰু এগৰাকী কুমাৰী ছোৱালীক। কুমাৰীগৰাকীক ঘৰে ঘৰে ফুৰাবলৈ নিয়া হয় আৰু সোধা হয়—“গৌৰী তুমি কি দেখিছা“? উত্তৰ “মই দেখিছো প্ৰাচুৰ্য আৰু সমৃদ্ধি”। ভাল শস্য চপোৱাৰ আশাতেই যে এই পূজা কৰা হয় নক’লেও হ’ব। কিন্তু উল্লেখনীয় এয়ে যে পূজাত পুৰুষে কোনো অংশ গ্ৰহণ নকৰে। পূজা কৰে মাথো বিবাহিতা নাৰী আৰু কুমাৰী ছোৱালীয়ে।
দেৱীপ্ৰসাদদেৱে আমাৰ দূৰ্গা পূজাৰ ওপৰত কৰা বিশ্লেষণো আমাৰ লিখনিৰ বাবে অতি গুৰুত্বৰ্পূণ। তেখেতে কৈছে যে দশভূজা দূৰ্গা মূৰ্ত্তিক কেতিয়াৰ পৰা পূজা কৰিবলৈ ধৰা হ’ল ইতিহাসবিদসকলেহে ক’ব পাৰিব। কিন্তু সম্ভৱতঃ দুই শতিকাৰ আগতে নহয়। কিন্তু সি যি নহওক, দূৰ্গা পূজাত প্ৰকৃততে পূজা কৰা হয় ষষ্ঠীৰ দিনাখন প্ৰতিষ্ঠা কৰা পুৰ্নঘটক। পুৰ্নঘট হ’ল পানীপূৰ্ণ এক মাটিৰ কলহ। প্ৰথমে বৰ্গাকৃতি এটুকুৰা মাটিৰ ওপৰত পাঁচবিধ শস্য ছটিয়াই দিয়া হয় আৰু ইয়াৰ ওপৰত অষ্টদল পদ্মৰ আল্পনা অঁকা হয়। এইখন বেদীৰ ওপৰত ঘট স্থাপন কৰা হয়। ডিঙিত এডাল ৰঙা ৰছী বান্ধি দিয়া ঘটৰ মুখত দিয়া এখন কাঁহীত ধান আৰু তামোলৰ লগতে এটা নাৰিকল স্থাপন কৰা হয়। ঘটৰ ওপৰত দিয়া হয় এটা সেন্দুৰৰ ফোঁট আৰু পশ্চিম বংগত অঁকা হয় সৰু কেছুৱা সদৃশ পুতলি।
দেৱীপ্ৰসাদদেৱে সুন্দৰকৈ বিশ্লেষণ কৰি দেখুৱাইছে যে অষ্টদল পদ্ম হ’ল যোনিৰ প্ৰতীক আৰু পুৰ্নঘট হ’ল গৰ্ভৱতী নাৰীৰ প্ৰতীক। গৰ্ভৱতী নাৰীৰ সান্নিধ্যলৈ অহা ফল-মূলেও পৰিমাণ বৃদ্ধি কৰিব আৰু পৃথিৱী শস্য-শ্যামলা হ’ব বুলি কৰা বিশ্বাসৰ বাবেই দূৰ্গা পূজা কৰা হয়। এই বিশ্বাস হ’ল অতি প্ৰাচীন। সেই যুগত মানুহে ইন্দ্ৰজালৰ সহায়ত প্ৰকৃতিক বশ কৰিব পাৰি বুলি বিশ্বাস কৰিছিল। সেয়েহে কৃষিভিত্তিক সমাজত উৰ্বৰতামূলক উৎসৱ আৰু আচাৰ-অনুষ্ঠান পালন কৰা হৈছিল। সেই প্ৰাচীন বিশ্বাসৰ ৰেশ আজিও আমি আমাৰ দূৰ্গা পূজাৰ মাজত দেখিবলৈ পাও।
পৃথিৱীৰ প্ৰায় প্ৰতিখন প্ৰাচীন কৃষিভিত্তিক সমাজত উৰ্বৰতামূলক আচাৰ অনুষ্ঠান নাৰীকেন্দ্ৰিক কিয়?
ইতিহাসবিদসকলে মত প্ৰকাশ কৰে যে কৃষিভিত্তিক সমাজ আছিল মাতৃ-প্ৰধান সমাজ। কাৰণ নাৰীয়ে মাথো কৃষি আৱিষ্কাৰেই কৰা নাছিল, বহুদিন ধৰি খেতি-বাতি কৰিছিল নাৰীয়ে। নৃতত্ববিদসকলে এই মত সৰ্মথন কৰে।
প্ৰস্তৰ যুগৰ সমাজ আছিল গোষ্ঠী সমাজ। প্ৰয়োজনৰ খাতিৰতে সমাজ আছিল সৰু আৰু সমাজৰ ধাৰাবাহিকতা ৰক্ষা কৰিছিল তিৰোতাসকলে। পৰিয়ালৰ মুখিয়াল আছিল মাতৃ, পিতৃ নহয়। আনহাতে মুনিহসকলে আন গোষ্ঠীৰ তিৰোতাৰ লগত সহবাস কৰি সেই গোষ্ঠীৰ লগত চামিল হৈছিল।সআমি বৰ বেচি দূৰলৈ যাব নেলাগে। আমাৰ খাচি সমাজ ইয়াৰ এক সুন্দৰ উদাহৰণ। আজি প্ৰায় ছল্লিছ বছৰৰ আগতে বিশ্ববিদ্যালয়ৰ ছাত্ৰী কালত আমাৰ খাচিয়া বন্ধুসকলৰ মুখত তেতিয়াও তেওঁলোকৰ বিবাহ প্ৰথা এনে ধৰণৰ আছিল বুলি শুনিছিলোঁ। এনেবোৰ উদাহৰণৰ পৰা কৃষি-কাৰ্য নাৰীৰ আৱিষ্কাৰ আছিল বুলি গম ধৰিব পাৰি।
বিজ্ঞান জগতলৈ প্ৰস্তৰ যুগে আগবঢ়োৱা আন দুটা গুৰুত্বপূৰ্ণ অৱদান হ’ল বয়ন আৰু মৃৎশিল্প। এই দুয়ো শিল্প প্ৰথমে নাৰীয়ে আৱিষ্কাৰ কৰিছিল বুলি ইতিহাসবিদে কয়। অৱশ্যে এই ক্ষেত্ৰতো অতিকথা আৰু নৃতত্ত্বৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়।
প্ৰাচীন গ্ৰীচত এথিনিক জ্ঞান আৰু বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী ৰূপে পূজা কৰা হৈছিল। এথিনি আছিল বয়ন আৰু মৃৎশিল্পৰ দেৱী। তদুপৰি তেখেতেই প্ৰথমে ঘোঁৰা পোহ মনাইছিল আৰু ৰথৰ চকা সাজিছিল বুলি মানুহে বিশ্বাস কৰিছিল। গ্ৰীচৰ “মকৰাৰ জন্ম কাহিনী” হ’ল দেৱী এথিনি আৰু মানৱী আৰখনিৰ (Arachne) মাজত হোৱা বয়ন প্ৰতিযোগিতাৰ কাহিনী। প্ৰতিযোগিতাত আৰখনি জয়ী হোৱাত খঙত অগ্নিশৰ্মা হৈ দেৱীয়ে অভিশাপ দিয়ে “তই সূতা কটা আৰু কাপোৰ বোৱাৰ পৰা এখন্তকো আজৰি নেপাবি”। লগে লগে আৰখনি মকৰালৈ ৰূপান্তৰিত হয় আৰু সেয়েহে মকৰাই অহৰহ সূতা কাটে।
নৃতত্ববিদসকলে ফিজি দ্বীপৰ জনজাতিৰ বিষয়ে অধ্যয়ন চলাওতে দেখিবলৈ পাইছিল যে তেওঁলোকে “মালবেৰী” গছৰ আঁহ উলিয়াই পাচি-খৰাহী আদি সজাৰ উপৰিও সুন্দৰ কাপোৰ বয়। এই কাম কৰে তিৰোতাসকলে আৰু ইয়াৰ বাবে তেওঁলোক বিখ্যাত। বৰ্তমান এই হস্ত-শিল্প কমি আহিছে যদিও এই কাপোৰৰ চাহিদা এতিয়াও অত্যন্ত বেচি। কেৱল সেয়ে নহয়, তেওঁলোকে বোৱা কাপোৰৰ ওপৰত চাব-লগীয়া নক্সা কাটে আৰু নানান উদ্ভিদজাত সামগ্ৰীৰ পৰা ৰঙীন সূতা প্ৰস্তত কৰে। আমাৰ অসমৰ মহিলা আৰু জন-জাতীয় মহিলাই কঁকালত মেৰিয়াই লোৱা তাঁতত বোৱা কাপোৰৰ তুলনা পাবলৈ টান।
বয়নৰ লগত জ্যামিতি আৰু অংক শাস্ত্ৰৰ সম্বন্ধ আছে। নক্সাবোৰ সাধাৰণতে জ্যামিতিক আকাৰৰ আৰু ইয়াৰ বাবে যথেষ্ট হিচাপ-নিকাচ কৰিব-লগীয়া হয়। এই দৃষ্টিকোণৰ পৰা চাবলৈ গ’লে দেখা যাব যে আজিৰ যুগৰ অংক আৰু জ্যামিতি শাস্ত্ৰ প্ৰত্নপ্ৰস্তৰ যুগৰ নাৰীৰ ওচৰত বহুখিনি ঋণী।
ড০ দামোদৰ কোশাম্বীৰ মতে সম্ভৱত মাটিৰ পাত্ৰও প্ৰথমে নাৰীসকলে সাজিছিল। তেখেতে কৈছে যে ভাৰতৰ পুনাত পুৰুষসকলে চকাত পাত্ৰ সাজে। কিন্তু ফলকৰ ওপৰত হাতেৰে তিৰোতাইহে পাত্ৰ সাজে। পুৰুষে এই কাম কেতিয়াও নকৰে। তিৰোতাৰ কাম বুলি ইয়াক হেয় জ্ঞান কৰা হয়।
দেখাত সাধাৰণ যেন লাগিলেও মাটিৰ পাত্ৰ সাজোতে যথেষ্ট পৰীক্ষা-নিৰীক্ষা কৰিবলগীয়া হয়। তদুপৰি পাত্ৰ জুইত পুৰি টান কৰিবলৈ হ’লে নিয়ন্ত্ৰিত তাপৰ প্ৰয়োজন। ক’বলৈ গ’লে ৰন্ধন আৰু মৃৎশিল্পই হ’ল ৰসায়ন বিজ্ঞানৰ আৰম্ভণি। সেয়েহে প্ৰস্তৰ যুগৰ নাৰীৰ ৰসায়ন বিজ্ঞানলৈকো বৰঙণি আছে।
নাঙলৰ আৱিষ্কাৰৰ লগে লগে লাহে-ধীৰে কৃষি-কাৰ্য পুৰুষৰ প্ৰধান কাম হৈ পৰে। সাংস্কৃতিক জগতত ইয়াৰ প্ৰভাৱ আছিল বিস্ফোৰণজনক। সম্পত্তিৰ উদ্ভৱ হ’ল বহল হাৰত কৰা কৃষি-কাৰ্যৰ ফল। সমাজত শ্ৰেণীবিভাজনৰ সূত্ৰপাত হয় আৰু লাহে-লাহে দাস প্ৰথাই খোপনি পুতিবলৈ ধৰে। নগৰ সভ্যতাৰ আৰম্ভ হয় আৰু ক্ৰমান্বয়ে সমাজত নাৰীৰ স্থান নিম্নগামী হ’বলৈ ধৰে আৰু মাতৃপ্ৰধান সমাজ পিতৃপ্ৰধান সমাজলৈ ৰূপান্তৰিত হয়।
নগৰ অভ্যুথানৰ প্ৰায় সমসাময়িক এটা ঘটনা হ’ল ধাতুৰ আৱিষ্কাৰ। যুগ পৰিবৰ্তনকাৰী এটা ধাতু হ’ল লোহা। নাঙলৰ ফাল লোহাৰে সাজিবলৈ ধৰাৰ লগে লগে সমাজ শীঘ্ৰে ৰূপান্তৰিত হয়। বিজ্ঞানৰ ওপৰত ইয়াৰ প্ৰভাৱ আছিল অসীম। শস্য উৎপাদনৰ হাৰ বৃদ্ধিৰ বাবেই বেহা বেপাৰৰো হাৰ বৃদ্ধি হবলৈ ধৰে আৰু লগে লগে বৰ্ণমালাৰ প্ৰচলন হয় আৰু গণন শাস্ত্ৰ আৰু জ্যোতিৰ্বিদ্যাৰ চৰ্চা বাঢ়িবলৈ ধৰে। ক’বলৈ গ’লে আজিৰ যুগৰ বিজ্ঞানৰ ভেটি এই সময়তেই প্ৰতিষ্ঠা হয়।
এই সময়ৰ পৰা জ্ঞান চৰ্চা পুৰুষৰ একচেটিয়া অধিকাৰ যেন হৈ পৰে। সকলো সামাজিক কামত পুৰুষেহে অংশ গ্ৰহণ কৰিবলৈ ধৰে আৰু ঘৰ-সংসাৰৰ মাজত নাৰী আৱদ্ধ হৈ পৰে।
কিন্তু ইতিহাসৰ পাত খুচৰিলে দেখা যায় যে এনে সময়তো কোনো কোনো নাৰীয়ে জ্ঞানচৰ্চা কৰিবলৈ সুবিধা পাইছিল আৰু জ্ঞানচৰ্চা কৰিছিল। প্ৰথমে এই ক্ষেত্ৰত আমি প্ৰাচীন যুগৰ ভাৰতীয় নাৰী গাৰ্গী আৰু মৈত্ৰেয়ীৰ বিষয়ে কিছু বহলাই আলোচনা কৰিম।
(আগলৈ)