বিজ্ঞান-প্ৰযুক্তি

বিজ্ঞানৰ ইতিহাসত নাৰী (চতুর্থ  / শেষ অংশ)  (পূৰবী দেৱী)

(প্ৰথম অংশটি পঢ়িবলৈ ইয়াত,  দ্বিতীয় অংশটি  পঢ়িবলৈ ইয়াত আৰু তৃতীয় অংশটি পঢ়িবলৈ ইয়াত টিপা মাৰক)

ওঠৰ শতিকাৰ আৰম্ভণিৰে পৰা নাৰীয়ে লাহে-ধীৰে বিজ্ঞানৰ জগতখনলৈ প্ৰৱেশ কৰিবলৈ সুবিধা পায়। আমি আজিকালি বিজ্ঞানী বোলা লোকক সেই সময়ত বোলা হৈছিল প্ৰাকৃতিক দাৰ্শনিক। এনে দাৰ্শনিকৰ মেল-মিটিঙত মাজে-সময়ে নাৰীয়েও যোগ দিছিল।

১৬৮৬ চনত Le Bovier de Fontenelle লিখিত “Conversations on the Plurality of Worlds” প্ৰকাশ হৈছিল। ১৭৩৭ চনত প্ৰকাশ হৈছিল Algarotti লিখিত “Newtonianism for Ladies”। তথাপিও বিশ্ববিদ্যালয়ৰ ডিগ্ৰী লাভ কৰাৰ অধিকাৰ নাৰীৰ নাছিল।

১৬৭৮ চনত পাদোৱা বিশ্ববিদ্যালয়ে ভেনিচৰ সম্ভ্ৰান্ত মহিলা এলেনা কৰনাৰো পিচকোপিয়াক ডিগ্ৰী প্ৰদান কৰা সভাত প্ৰায় কুৰি হাজাৰ মানুহ গোট খাইছিল। ইয়াৰ পাচত বিশ্ববিদ্যালয়ে আন নাৰীক ডিগ্ৰী দিয়া নাছিল। সেয়েহে ১৭৩২ চনত বলনিয়া বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰী লাভ কৰা দ্বিতীয় গৰাকী নাৰী ল’ৰা বাচি হ’ল বিজ্ঞান ইতিহাসৰ এক উল্লেখযোগ্য নাম। ল’ৰাৰ আগতেও কোনো কোনো নাৰীয়ে যেনে Margaret Cavendish, Maria Sybilla, Emilie du Chatelet আদিয়ে নিজে কৰা নিৰীক্ষণ আৰু পৰীক্ষাৰ কাম প্ৰকাশ কৰিছিল। কিন্তু বিশ্ববিদ্যালয়ত শিক্ষা দান দিয়া আৰু বিদ্যায়তনিক মহলত প্ৰৱেশ কৰি নিজৰ কাম প্ৰকাশ কৰা প্ৰথম মহিলা হ’ল ল’ৰা বাচি। বিশ্ববিদ্যালয়ত তেখেতে নিউটনৰ প্ৰাকৃতিক দৰ্শন (আমি বুলিম নিউটনৰ বলবিদ্যা) আৰু আলোক-বিজ্ঞানৰ বিষয়ে পাঠ দান কৰিছিল।

১৭৬৮ চনত জন্ম গ্ৰহণ কৰা চীন দেশীয় নাৰী Wang Zhenyi আন এগৰাকী বিশিষ্ট নাৰী। এখন কাঁচ, এটা চাকি আৰু এটা গ্লোব লৈ সূৰ্য আৰু চন্দ্ৰ গ্ৰহণৰ কাৰণ তেখেতে সুন্দৰকৈ ব্যাখ্যা কৰিছিল। দুৰ্ভাগ্যবশতঃ মাথো উনত্ৰিশ বছৰ বয়সত তেওঁৰ মৃত্যু হয়। কিন্তু অংক আৰু জ্যোতিৰ্বিদ্যাৰ বিষয়ে লিখা তেখেতৰ লিখনিয়ে পিচৰ চামৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছিল।

এইদৰে ওঠৰ শতিকাৰ বহু নাৰীয়ে বিজ্ঞানৰ জগতলৈ বৰঙণি যোগাবলৈ ধৰে। এইখিনিতে মেৰী ৱলষ্টনক্ৰ্যাফটৰ নাম উনুকিয়াব লাগিব। কাৰণ ১৭৯২ চনত মেৰীয়ে লিখা “Vindication of the Rights of Woman” নামৰ পুথিখনি প্ৰকাশ হয়। এই পুথিয়ে সমাজত জোকাৰণি তুলিছিল।

বিজ্ঞানৰ জগতত ঊনৈশ শতিকা হ’ল শিল্প-বিপ্লবৰ যুগ আৰু এই যুগতেই আধুনিক বিজ্ঞানে প্ৰথম জয়ধ্বজা উৰাবলৈ ধৰে। ষ্টীম ইঞ্জিন, বিদুতকে আদি কৰি বিজ্ঞানৰ অভিনৱ আৱিষ্কাৰসমূহৰ এই যুগতেই সূত্ৰপাত হয়।

কেৱল ইউৰোপতে নহয়, আমেৰিকা, ৰাছিয়া আৰু এনেকি উপনিৱেশসমূহতো স্ত্ৰীশিক্ষাৰ আৰম্ভ আৰু প্ৰসাৰ ঘটিবলৈ ধৰে। সেয়েহে বহু নাৰীৰ অৱদান সৰ্ম্পকে কিতাপ-পত্ৰ পঢ়িবলৈ পোৱা যায়। আমি মাথো কেইগৰাকীমান বিশিষ্ট নাৰীৰ সম্বন্ধেহে আলোচনা কৰিম।

শিল্প-বিপ্লৱ আৰম্ভ হোৱাৰ পাচৰে পৰা গণনা পদ্ধতি খৰতকীয়া কৰাৰ প্ৰয়োজনে দেখা দিছিল আৰু প্ৰয়োজনৰ খাতিৰতে চাৰ্লছ বেবেজে এটা গণক যন্ত্ৰ সাজিছিল। এই মেচিনৰ সহায়ত বহু গণনা ক্ষন্তেকতে কৰিব পৰা গৈছিল আৰু ই কম্পিউটাৰৰ পূৰ্বাভাষ দিছিল। আচৰিত যেন লাগিলেও সচাঁ যে মেচিনটোৱে কম্পিউটাৰ হিচাপে কাম কৰিব পাৰিব বুলি অনুভৱ কৰিছিল এগৰাকী নাৰীয়ে। তেখেতৰ নাম আছিল আডা লাভলেছ। লৰ্ড বাইৰণৰ দুহিতা আডাৰ মাতৃ আনাবেলা আছিল অংকশাস্ত্ৰত নিপুণ। প্ৰথমে আডায়ে তেখেতৰ ওচৰতে অংকশাস্ত্ৰৰ পাঠ পঢ়িছিল। পিচলৈ আডাৰ বেবেজৰ লগত পৰিচয় ঘটে আৰু বেবেজৰ লগত তেওঁ কাম কৰিবলৈ ধৰে। ক’বলৈ গ’লে আডায়ে প্ৰথমে এটা “কম্পিউটাৰ প্ৰগেম“ লিখে। বেবেজ বৰ বেচিদূৰ আগুৱাব নোৱাৰিলে। সেয়েহে আদাৰ কামো তল পৰিল। ১৮৪৩ চনত ফাৰাডেলৈ লিখা এখন চিঠিত বেবেজে লিখিছে, “[T]hat Enchantress who has thrown her magical spell around the most abstract of Sciences and has grasped it with a force which few masculine intellects (in our country at least) could have exterted over it”।

আডাৰ কাম কাজ এতিয়াহে পোহৰলৈ আহিছে। ২০০৯ চনত বিজ্ঞান, যান্ত্ৰিক কৌশল, অভিযান্ত্ৰিক কৌশল আৰু অংকশাস্ত্ৰত নাৰীৰ কৃতিত্ব উদযাপন কৰিবলৈ লণ্ডনৰ চাউথবেংকত “International Ada Lovelace Day” পালন কৰা হয়।

একৈশ শতিকাত পোহৰলৈ অহা ঊনৈশ শতিকাৰ আমেৰিকাৰ এগৰাকী অখ্যাত নাৰী-বিজ্ঞানী ইউনিচ ফুট পৰিৱেশ প্ৰদূষণৰ বিষয়ে গৱেষণা কৰা প্ৰথম বিজ্ঞানী ৰূপে বৰ্তমান স্বীকৃত।

১৮৯৮ চনত মেৰী কুৰীৰ ৰেডিয়াম আৱিষ্কাৰ বিজ্ঞান-জগতৰ বিস্ময়কৰ ঘটনা। এই আৱিষ্কাৰে পদাৰ্থ, ৰসায়ন আৰু চিকিৎসা-বিজ্ঞানৰ জগত তল ওপৰ কৰে। বিশ্ববিখ্যাত এইগৰাকী নাৰীৰ কাহিনী লিখিবই নেলাগে। কিন্তু মাথো বিজ্ঞানী বাবেই নহয়, তেখেতৰ জ্ঞান-পিপাসা, সাহস, ধৈৰ্য আৰু কৰ্ম শক্তিয়ে বিশ্বৰ বহু নাৰীক জীৱন যুদ্ধত যুঁজ দিবলৈ সহায় কৰাৰ বাবে তেখেত নাৰী সমাজৰ নমস্য।

১৮৬৯ চনত কেম্বব্ৰিজ বিশ্ববিদ্যালয়ৰ কমিটীয়ে নাৰীক উচ্চ শিক্ষাৰ পৰীক্ষাত (আমাৰ যুগত হ’ব মেট্ৰিক পৰীক্ষা) বহিবলৈ অনুমতি দিয়ে। ফলস্বৰূপে প্ৰথম মহিলা কলেজ গিৰটন ১৮৬৯ চনত স্থাপিত হয়। ১৮৮০ চনত কেম্বব্ৰিজ বিশ্ববিদ্যালয়ে অনাৰ্চ পৰীক্ষাত বহিবলৈ নাৰীক অনুমতি প্ৰদান কৰে আৰু ১৮৮৪ চনত নাৰীক প্ৰাকৃতিক বিজ্ঞানৰ শিক্ষা দিবলৈ কেম্বব্ৰিজ বিশ্ববিদ্যালয়ত The Balfour Laboratory for Women স্থাপিত হয়। এই গৱেষণাগাৰ আছিল নাৰী-শিক্ষা আৰু গৱেষণাৰ এক প্ৰধান কেন্দ্ৰ। সমাজৰ বাধা-নিষেধ, ব্যংগ-বিদ্ৰুপ আওকাণ কৰি বহু নাৰীয়ে ইয়াত শিক্ষা গ্ৰহণ কৰাৰ উপৰিও শিক্ষকতা আৰু গৱেষণা কৰে। এইচাম মহিলা আছিল ব্ৰিটেনত নাৰীৰ বাবে উচ্চ শিক্ষাৰ পথ প্ৰৰ্দশক। এগৰাকী বিশিষ্ট নাৰী জেইন মাৰচেটৰ নাম উল্লেখ নকৰিলে এই লিখনি সম্পূৰ্ণ নহ’ব। তেখেতৰ বিষয়ে ইভা  আৰ্মষ্টংয়ে লিখিছে, “Marcet led Faraday to dedicate himself to a science in which his name became immortal”। কাৰণ কিতাপৰ দোকানত কাম কৰোতে মাৰচেট লিখিত “Conversations on Chemistry” খন বান্ধিবলৈ ধৰোতে ফাৰাডে ৰসায়ন বিজ্ঞানৰ প্ৰতি আকৃষ্ট হয়।

ফাৰাডেক আকৃষ্ট কৰকেই বা নকৰক, এই কিতাপখনৰ নাম বিজ্ঞানৰ ইতিহাসত সোনালী আখৰেৰে লিখি থোৱা উচিত। কাৰণ হাজাৰ-হাজাৰ ছাত্ৰ-ছাত্ৰীক কিতাপখনে ৰসায়নৰ অ-আ-ক-খ পঢ়িবলৈ শিকাইছিল। কিতাপখন আছিল স্কুলীয়া পাঠ্যপুথি আৰু ই তেইশ বাৰ ছপা হৈছিল। ইংলেণ্ডতকৈ আমেৰিকাতহে কিতাপখন অধিক সমাদৃত হৈছিল।

ৰাছিয়াৰ ইতিহাস পঢ়িলে দেখা যায় যে ১৮৬০-১৮৭০ চন ৰাছিয়ান বিজ্ঞানৰ সোনালী যুগ।

১৮৫৫ চনত ৰক্ষণশীল সম্ৰাট প্ৰথম নিকোলাছৰ মৃত্যুৰ পিচত দ্বিতীয় আলেকজেণ্ডাৰ পাটত বহে আৰু ১৮৬১ চনত ভূ-দাসসকলে মুক্তি লাভ কৰে। প্ৰকৃতপক্ষে এই যুগতেই ৰাছিয়ান বিপ্লৱৰ বীজ ৰোপিত হৈছিল। নেতিবাদী দৰ্শনৰ প্ৰভাৱ ডেকা চামৰ ওপৰত পৰিবলৈ ধৰে আৰু তেওঁলোকে দৃঢ়স্বৰে ঘোষণা কৰে যে বিজ্ঞানেহে ৰাছিয়ালৈ প্ৰগতি আনিব পাৰিব। সমাজ ৰূপান্তৰিত হোৱাৰ এই যুগত নাৰী সজাগ হবলৈ ধৰে। বহু নাৰীয়ে, বিশেষকৈ সম্ভ্ৰান্ত বংশৰ নাৰীয়ে বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। ১৮৬৫-১৮৯০ চনৰ ভিতৰত প্ৰায় সাতশ মহিলাই শিক্ষা গ্ৰহণ কৰিবলৈ বিদেশলৈ যায়। অংকশাস্ত্ৰ, ৰসায়ন, প্ৰাণীবিদ্যা বিষয়ত ডক্টৰেট লাভ কৰা নাৰীসকল আছিল ৰাছিয়ান নাৰী।

সকলোৰে নাম উল্লেখ কৰা সম্ভৱ নহয় যদিও Sophia Kovalevskaia বিজ্ঞান ইতিহাসৰ উল্লেখযোগ্য ব্যক্তি। কাৰণ অংকশাস্ত্ৰত তেখেতৰ অৱদান বহুমূলীয়া। গৱেষণাগাৰযুক্ত বিশ্ববিদ্যালয়ত উচ্চ পদবী লাভ কৰা তেওঁ হ’ল বিশ্বৰ দ্বিতীয় মহিলা। এখন প্ৰধান বৈজ্ঞানিক পত্ৰিকাৰ (Acta Mathematica) সম্পাদকমণ্ডলীত কাম কৰা তেখেত বিশ্বৰ প্ৰথম মহিলা। Russian Imperial Academy of Sciences নামৰ একাডেমীত সভ্য লাভ কৰা তেওঁ প্ৰথম মহিলা।

কুৰি শতিকা আণবিক আৰু মহাকাশ বিজ্ঞানৰ যুগ। কুৰি শতিকাত আক্ষৰিক অৰ্থত বিজ্ঞানৰ লগতে ৰাজনৈতিক পৃথিৱী তল-ওপৰ কৰা তত্ত্ব হ’ল আইনষ্টাইনৰ আপেক্ষিকতাবাদ। ১৯১৩ চনত আইনষ্টাইনে The General Theory of Relativity প্ৰকাশ কৰে। আমি এই গুৰুত্বপূৰ্ণ কামৰ লগত এগৰাকী নাৰীৰ নাম সাঙুৰিব পাৰোঁ। তেখেতৰ নাম Emmy Noether। অসাধাৰণ সৃজনীক্ষমতাৰ এমিয়ে পদাৰ্থ-বিজ্ঞানৰ ক্ষেত্ৰত প্ৰকাশ কৰা কামৰ যোগেৰে আইনষ্টাইনৰ লগত চিনাকি হয় আৰু ১৯১৫ চনত আইনষ্টাইনে তেওঁক Gottingen University-লৈ মাতি আনে। তেখেতে আইনষ্টাইনক বহুধৰণে সহায় কৰিছিল আৰু আইনষ্টাইনৰ আজীৱন বন্ধু আছিল। Noether Theory বৰ্তমান উচ্চ অংকশাস্ত্ৰৰ এক গুৰুত্বপূৰ্ণ তত্ত্ব।

তেখেতৰ মৃত্যুৰ পাচত আইনষ্টাইনে The New York Times নামৰ বাতৰি কাকতলৈ লিখিছিল, “Fraulein Noether was the most significant mathematical genius thus far produced since the higher education of women began”।

আইনষ্টাইনে এমিক স্বীকৃতি দি থৈ গৈছে যদিও তেখেতৰ প্ৰথমা পত্নী Minena Maric কেতিয়াও স্বীকৃতি নিদিলে। তেখেতো আছিল এজন ভাল অংকশাস্ত্ৰবিদ আৰু পদাৰ্থবিদ আৰু বহু কামত আইনষ্টাইনক সহায় কৰিছিল।

কুৰি শতিকাৰ আন এচাম অস্বীকৃত নাৰীকৰ্মী হ’ল দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত Bletchley Park নামৰ কেন্দ্ৰত কাম কৰা নাৰীকৰ্মীসকল।এই কেন্দ্ৰত প্ৰথম কম্পিউটাৰ সজা হয়। প্ৰায় কুৰি হাজাৰ মানুহে ইয়াত কাম কৰিছিল যদিও ১৯৭০ চন পৰ্যন্ত ইয়াৰ কাম-কাজ গোপনে ৰখা হয়। এতিয়াহে বহু তথ্য পোহৰলৈ আহিছে।

কুৰি শতিকাৰ আন এগৰাকী অস্বীকৃত নাৰী-বিজ্ঞানীৰ নাম এতিয়া প্ৰায় সকলোৱে জানে। এখেত ৰোজালিন্দ ফ্ৰেংকলিন।

১৯৫৩ চনত ৱাটচন আৰু ক্ৰিকে DNA অনুটোৰ গঠন প্ৰকাশ কৰি ন’বেল বঁটা লাভ কৰে। ৰোজালিন্দ ফ্ৰেংকলিনে সংগ্ৰহ কৰা তথ্য তেওঁলোকৰ হাতত নপৰাহেতেন তেওঁলোকে কেতিয়াও এই কাম সম্পন্ন কৰিব নোৱাৰিলেহেতেন। কিন্তু এই নাৰীগৰাকীৰ নাম তেখেতসকলে এবাৰো উচ্চাৰণ নকৰিলে।

সেইদৰে বৰ্তমান আণৱিক বোমাৰ মাতৃ ৰূপে জনাজাত লিজা মাইৎনাৰে অট’ হানৰ লগত একেলগে কাম কৰা সত্ত্বেও ন’বেল বঁটা লাভ কৰিলে অকলে হানে।

সি যি নহওঁক, কুৰি শতিকাত নাৰীয়ে বিজ্ঞানৰ প্ৰায় প্ৰতিটো শাখাতে অৰিহণা যোগাবলৈ ধৰিলে। বিজ্ঞান শিক্ষা মাথো লাভ কৰায়েই নহয়, স্কুল, কলেজ, বিশ্ববিদ্যালয়ত কাম কৰি সেই জ্ঞান বিতৰণো কৰিবলৈ ধৰিলে। অৱশেষত এই যুগৰ ৰাছিয়ান নাৰী তেৰেচকোভা পুৰুষৰ সমানে-সমানে মহাকাশলৈ উৰা মাৰিলে। ৰেশ্যেল কাৰচান বিজ্ঞানী আৰু সাহিত্যিক হিচাপে বিশ্ববিখ্যাত।

বিজ্ঞানৰ প্ৰতিটো যুগতে সমাজৰ সকলো বাধা সত্ত্বেও নাৰীয়ে যি পাৰে, যেতিয়াই পাৰে, যেনেকৈয়ে পাৰে জ্ঞানৰ ধাৰক আৰু বাহক হৈ আহিছে। সংখ্যাত এওঁলোক সৰহ নহয় আৰু পুৰুষশাসিত সমাজত সৰহ হোৱা সম্ভৱো নহয়। কিন্তু নাৰী কেতিয়াও থমকি ৰোৱা নাই।

একৈশ শতিকাত নাৰীয়ে পাৰ ভাঙিবলৈ আৰম্ভ কৰিছে। ই মাথো আৰম্ভণিহে মাথোন।

এতিয়া আমি এটা চীন দেশীয় সাধুৰে আমাৰ লিখনিৰ মোখনি মাৰিব খুজিছোঁ।

এজন সৰু ল’ৰাই এটা গুহাৰ ভিতৰত এজাক মানুহ দেখি মাকক সুধিলে,

“মা, ইহঁত এতিয়াও সভ্য হোৱা নাই কিয়”?

“বোপাই সিহঁতে জুইৰ আৱিষ্কাৰ কৰা নাই। যা জ্বলি থকা বন্তি এগঁছ সিহঁতক দি থৈ আহগৈ। সিহঁত সভ্য হ’ব”।

কথা মতে কাম হ’ল।

কিছুদিনৰ পাছত চাবলৈ গৈ ল’ৰাজনে দেখিলে যে বন্তিগছি নুমাই থাকিল। সি আহি মাকক কওঁতে মাকে সুধিলে,

“বোপাই বন্তিগঁছি কাক দিছিলি মুনিহক নে তিৰোতাক”?

“মুনিহক”।

“যা এইবাৰ তিৰোতাক দি থৈ আহ”।

কথামতে কাম।

কিছুদিনৰ পিচৰ ঘটনা। “মা, বন্তিগছি এতিয়াও জ্বলি আছে”।

“ভয় নাই বোপাই, সিহঁত এইবাৰ সভ্য হ‘ব”।

এই বন্তিগছি নাৰীৰ হাতত পৰিছেহে মাথোন। গুহাৰ পৰা ওলাবলৈ মানৱ-সমাজৰ এতিয়াও বহুদিন বাকী।

সহায় লোৱা গ্ৰন্থৰ তালিকা

1) J. D. Bernal, Science in History

2) Peter Medawar, Pluoto’s Republic

3) Debiprasad Chattopadhyaya, Indian Philosophy

4) Debiprasad Chattopadhyaya, Lokayata

5) Vilas Boas, Xingu The Indians, Their Myths

6) Swami Prabhavananda and Frederick Manchester, The Upanishads

7) D.D.Kosambi, An Introduction to the study of Indian History

8) সুধাংশু পাত্ৰ, প্ৰাচীন ভাৰতীয় বিজ্ঞানী

9) Diarmaid MacCulloch,  A History of Christianity

10) Bede, A History of English Church and People

11 )Barry Mazur, Imagining Numbers

12) John. A. Zahm, Women in Science

13) Edited by Sally Gregory Kohlstedt,  History of Women in Sciences

14) Steven Hooper, Fiji

15) P. G. Maxwell Stuart, Witchcraft, A History

16) Lois Martin, The History of Witchcraft

17) Margaret Walters, Feminism, A Very Short Introduction

18) Marlene Legates, In their Time; A History of Feminism in Western History

19) Rachel Ignotofsky, Women in Science

20) Eve Curie, Madame Curie

21) James Essinger, A Female Genius

22) Simon Singh, The Code Book

23) Anthony Horowitz, Myths and Legends

24) R.de Manlde la Claviere, The Women in Renaissance

25) Eva V. Armstrong, Jane Marcet and her Conversations on Chemistry, Jof Chemical Education, 1938,15:53-57

Leave a Reply

Your email address will not be published. Required fields are marked *