অনুবাদগল্প

বিপিন চৌধুৰীৰ স্মৃতিভ্ৰম-(মূল : সত্যজিত ৰায়, অনুবাদ : চিৰঞ্জিত দত্ত)

প্ৰতি সোমবাৰে অফিচৰ পৰা ঘৰলৈ ওভতাৰ পথত কালীচৰণৰ দোকানত এপাক সোমাই কিতাপ কিনি নিয়াটো বিপিন চৌধুৰীৰ পুৰণি অভ্যাস। যেন এক ধৰাবন্ধা নিয়ম। বিশেষকৈ ডিটেক্টিভ, ৰহস্যধৰ্মী কিতাপ আৰু ভৌতিক গল্প৷ এবাৰত অন্তত: পাঁচখন মান কিতাপ নিকিনিলে তেওঁৰ সপ্তাহটোৰ জোখাৰে খোৰাক নহয়গৈ৷ ঘৰত তেওঁ অকলশৰীয়া মানুহ৷ মানুহৰ লগত বেচি মিলা-মিছাও নকৰে। আড্ডাত ৰাপ নাই, বন্ধু-পৰিজনৰ সংখ্যাও সীমিত৷ সন্ধিয়াবেলা নিয়ম-মাফিক যিসকল ব্যক্তি ব্যৱসায়িক কামৰ উদ্দেশ্য লৈ তেওঁৰ ঘৰলৈ আহে, কাম শেষ হ’লেই তেওঁলোক যথা সময়ত গুচি যায়গৈ৷ যিসকল নাযায় বা যাবলৈ নিবিচাৰে, বিপিন বাবুয়ে তেওঁলোকক আঠ বাজি পোন্ধৰ মিনিট গ’লেই কৈ উঠে- “মোৰ ডক্টৰৰ নিৰ্দেশ আছে- চাৰে আঠটাত ৰাতিৰ আহাৰ খাব লাগিব৷ অনুগ্ৰহ কৰি বেয়া নাপাব…..৷” খোৱা-বোৱাৰ শেষত আধাঘন্টা জিৰণি, তাৰ পিছতেই গল্পৰ কিতাপ হাতত লৈ পোনছাতে বিচনাত। এই নিয়ম যে কিমান দিন ধৰি চলি আহিছে বিপিন বাবুৰ নিজৰেই তাৰ হিচাপ নাই।

আজি কালীচৰণৰ দোকানত কিতাপ খুচৰি থাকোতে বিপিন বাবুৰ হঠাৎ খেয়াল হ’ল কোনো এজন ব্যক্তি যেন তেওঁৰ কাষত বেচ কিছুক্ষণ ধৰি থিয় হৈ আছে। তেওঁ মুখ তুলি দেখিলে এগৰাকী হৃষ্ট-পুষ্ট অমায়িক চেহেৰাৰ ভদ্ৰলোক- তেওঁৰ ফালে চাই মিচিকিয়াইছে৷ “মোক চিনি পোৱা নাই বোধহয়?” বিপিন বাবুয়ে কিঞ্চিৎ অপ্ৰস্তুত বোধ কৰিলে। ক’তা, এখেতৰ লগততো পূৰ্ব্বে কোনোদিন কথা-বতৰা হোৱা তেওঁৰ মনত নপৰে! মুখ খনো চিনাকি যেন লগা নাই৷ “দুঃখিত। মই ঠিক ধৰিব পৰা নাই। আপোনাক বাৰু ক’ৰবাত লগ পাইছোঁ‌ নেকি আগতে?” বিপিন বাবুয়ে প্ৰশ্ন কৰিলে। ভদ্ৰলোক গৰাকীয়ে যেন এইবাৰ অলপ অবাক হৈয়েই ক’লে, “নিশ্চয় পাইছোঁ‌৷ একেৰাহে সাতটা দিন নিতৌ অপোনাক মই লগ পাইছিলোঁ৷ মই অপোনাক গাড়ীৰ ব্যৱস্থা কৰি দিছিলোঁ- সেই গাড়ীতে আপুনি হুড্ৰু ফলচ চাবলৈ গৈছিল৷ সেই যে নাইনটিন ফিফটি এইটত- ৰাঁচিত! মোৰ নাম পৰিমল ঘোষ৷” “ৰাঁচি?” বিপিন বাবুয়ে এইবাৰ ভালকৈ বুজিলে যে ভুল তেওঁৰ হোৱা নাই, হৈছে এই ভদ্ৰলোক গৰাকীৰেই৷ কাৰণ বিপিন বাবু কোনোদিন ৰাঁচিলৈ যোৱা নাই৷ যোৱাৰ কথা ভাবিছিল অৱশ্যে বহুবাৰ, কিন্তু শেষ পৰ্যন্ত যোৱাটো হৈ উঠা নাই আজিলৈকে এবাৰো৷ বিপিন বাবুৱে মুখত হাঁহি এটি লৈ সুধিলে, “মই কোন সেয়া আপুনি জানেনে?” ভদ্ৰলোক গৰাকীৰ চকু কপালত উঠিল; জিভা কামুৰি তেওঁ ক’লে, “আপুনি কোন সেয়া নাজানিম? কয় কি? বিপিন চৌধুৰীক কোনে নাজানে?” বিপিন বাবুয়ে এইবাৰ কিতাপৰ ফালে দৃষ্টি ঘূৰাই মৃদুস্বৰত ক’লে, “কিন্তু তথাপিও আপোনাৰ ভুল হৈছে৷ মই ৰাঁচিলৈ কেতিয়াও যোৱা নাই৷ একো নাই বাৰু, কেতিয়াবা হয় তেনেকুৱা৷” ভদ্ৰলোকগৰাকীয়ে এইবাৰ বেচ ডাঙৰকৈয়ে হাঁহি উঠিল৷ “কি কৈছে মিষ্টাৰ চৌধুৰী? নিজৰা চাবলৈ গৈ শিলত উজুটি খাই যে আপোনাৰ আঁঠুৰ ছাল চিগিছিল; ময়েইতো আপোনাৰ কাৰণে দৰৱ আনি দিছিলোঁ! পিছদিনা নেতাৰহাট যোৱাৰ কাৰণে মই গাড়ীৰ বন্দৱস্ত কৰিছিলোঁ- কিন্তু আপুনি ভৰিৰ বিষৰ কাৰণে যাব নোৱাৰিলে৷ মনত পৰিছে নে? ৰ’ব, আপোনাৰ চিনাকি আৰু এগৰাকী ব্যক্তিও গৈছিল সেইবাৰ- দীনেশ মুখাৰ্জী৷ এদিন আপোনালোক দুয়োজনৰ মাজত তৰ্ক লাগিছিল মানুহ চন্দ্ৰলৈ যোৱা বিষয়টো লৈ! আপুনি আছিল এটা বাংলো ভাড়া কৰি- কৈছিল হোটেলৰ খাদ্য আপোনাৰ ভাল নালাগে- তাতকৈ ৰান্ধনিৰ হতুৱাই ৰান্ধি খোৱাই ভাল। দীনেশ মুখাৰ্জী আছিল তেখেতৰ ভনীয়েকৰ ঘৰত৷ এই সকলোবোৰ কি আপুনি পাহৰি গ’ল? আৰু কৈছোঁ- আপোনাৰ এটা কান্ধত ওলোমাই ল’ব পৰা কাপোৰৰ মোনা আছিল- যিটো আপুনি গল্পৰ কিতাপেৰে ভৰাই ৰাখিছিল- আৰু বাহিৰলৈ গ’লে অনবৰত লগত লৈ ফুৰিছিল৷ কি কয়- ঠিকেই কৈছোঁ নে?” বিপিন বাবুয়ে এইবাৰ গম্ভীৰ সংযত কন্ঠেৰে ক’লে, “আপুনি ফিফটি এইটৰ কোন মাহৰ কথা কৈছে মোক কওকচোন?” ভদ্ৰলোকে ক’লে, “মহালয়াৰ ঠিক পিছতেই। আহিন বা কাতি তেনেকুৱাই হ’ব৷’’ বিপিন বাবুয়ে ক’লে, “কেতিয়াও হ’ব নোৱাৰে৷ পূজাৰ সময়ত সেই বছৰ মই কাণপুৰৰ মোৰ এজন বন্ধুৰ ঘৰলৈ গৈছিলোঁ৷ আপুনি ভুল কৰিছে৷ নমস্কাৰ৷” ভদ্ৰলোক নগ’ল৷ অবাক অপলক দৃষ্টিৰে বিপিন বাবুৰ ফালে চাই কৈ যাব ধৰিলে, “কি আশ্চৰ্য! এদিন সন্ধিয়াবেলা আপোনাৰ বাংলোৰ বাৰান্দাত বহি চাহ খালোঁ। আপুনি আপোনাৰ পৰিয়ালৰ কথা উলিয়ালে- ক’লে, আপোনাৰ ল’ৰা-ছোৱালী নাই, আপোনাৰ পত্নীৰ বাৰ-তেৰ বছৰ পুৰ্বে মৃত্যু হৈছে৷ একমাত্ৰ ভাইটো পগলা আছিল, সেয়ে আপুনি ৰাঁচিৰ পগলা ফাটেক চাবলৈ যাব নিবিচাৰিলে৷ ক’লে, ভাইটোৰ কথা মনত পৰি যায়….৷” বিপিন বাবুয়ে যেতিয়া কিতাপৰ দামটো দি দোকানৰ পৰা বাহিৰ ওলায় তেতিয়াও ভদ্ৰলোকে তেওঁৰ ফালে একেথৰে চাইয়েই আছে৷

বাৰট্ৰাম ষ্ট্ৰীটৰ লাইটহাউছ চিনেমাহলৰ সমীপত বিপিন চৌধুৰীৰ ‘বুইক’ গাড়ীখন ৰখোৱা আছিল৷ গাড়ী পাইয়েই তেওঁ ড্ৰাইভাৰক ক’লে, “অলপ গংগাৰ পাৰৰ পিনে ফুৰি আহোঁ সীতাৰাম৷” চলন্ত গাড়ীত বহি মূৰটো অলপ শীতল হোৱাৰ পিছতেই বিপিন বাবুৰ অনুশোচনা হ’ল৷ মিছামিছি সেই ভণ্ড লোক জনক ইমান সময় কিয় দিলে তেওঁ! ৰাঁচিলৈ তেওঁ যোৱা নাই, কেতিয়াও যাব নোৱাৰে। মাত্ৰ ছয় সাত বছৰৰ আগৰ স্মৃতি মানুহে ইমান সহজে পাহৰিব নোৱাৰে, যদিহে মানুহজনৰ কোনো……… বিপিন বাবুৰ মূৰটো আচন্দ্ৰাই কৰা যেন লাগিল৷…..যদিহে মানুহজনৰ কোনো মগজুৰ বিকৃতি নাথাকে….! কিন্তু ই কেনেকৈ সম্ভৱ হ’ব পাৰে? তেওঁতো নিতৌ অফিচৰ কাম ঠিকমতেই কৰি গৈছে৷ ইমান ডাঙৰ অফিচ- ইমান দায়িত্বপূৰ্ণ কাম৷ ক’তো কোনো ধৰণৰ ত্ৰুটি, কিবা খেলিমেলি হৈছে বুলি তেওঁৰতো মনে নধৰে! আজিও এখন জৰুৰী সভাত আধাঘন্টাৰ বক্তৃতা দিছে তেওঁ৷ আশ্চৰ্য! অথচ– অথচ মানুহজনে তেওঁৰ ইমান খবৰ ৰাখিলে কিদৰে? এই যে একেবাৰে নাড়ী-নক্ষত্ৰ জানি বহি আছে! কিতাপৰ মোনা, পত্নী-বিয়োগ, ভাইটোৰ মস্তিষ্কৰ বিকৃতি! ভুল কৰিছে মাথোঁ সেই ৰাঁচিৰ কথাটোত৷ ভুল কিয় হ’ব হে – জানি শুনি মিছা মাতিছে তেওঁ৷ আঠাৱন্ন চনৰ পূজাত তেওঁ ৰাঁচিলৈ যোৱা নাই; গৈছিল কাণপুৰলৈ, তেওঁৰ বন্ধু হৰিদাস বাগচিৰ ঘৰলৈ। তেন্তে হৰিদাসলৈ লিখিলেইতো- ওহোঁ, হৰিদাসলৈ লিখাৰ উপায় নাই৷ বিপিন বাবুৰ হঠাৎ খেয়াল হ’ল হৰিদাস বাগচিৰ আজি ভালেমান মাহেই হ’ল তেওঁ সপত্নীক জাপানলৈ গৈছে নিজৰ ব্যৱসায়ৰ কামত৷ জাপানৰ ঠিকনা বিপিন বাবুয়ে নাজানে৷ গতিকে চিঠি লিখি প্ৰমাণ অনাৰ ৰাস্তা বন্ধ। কিন্তু প্ৰমাণৰ প্ৰয়োজনটোৱেই বা ক’ত! এনেকুৱা যদি হ’লহেঁতেন যে উনৈশ আঠাৱন্ন চনৰ আহিন মাহত ৰাঁচিত সংঘটিত কোনো এটা হত্যাকাণ্ডৰ বাবে আৰক্ষীয়ে তেওঁক দায়ী কৰাৰ চেষ্টা কৰিছে, তেতিয়া তেওঁৰ চিঠিৰ প্ৰয়োজন হ’লহেঁতেন হৰিদাস বাগচিৰ পৰা৷ এতিয়াতো প্ৰমাণৰ কোনো দৰকাৰ নাই৷ তেওঁ নিজে জানে তেওঁ ৰাঁচিলৈ যোৱা নাই৷ বচ কথা তাতেই শেষ। গংগাৰ শীতল বতাহত বিপিন চৌধুৰীৰ মূৰটো কিছু পৰিমাণে ঠাণ্ডা হ’ল যদিও, মনৰ মাজত এটা খু-দুৱনি, এটা অস্বস্তিবোধ যেন থাকি গ’ল৷ হেচটিংচৰ ওচৰলৈ কিছুদুৰ আহি বিপিন বাবুয়ে তেওঁৰ পেন্টৰ কাপোৰ কোঁচাই ওপৰলৈ তুলি দেখিলে যে তেওঁৰ সোঁ-আঁঠুত এটা এক ইন্সি দীঘল কটা দাগ৷ সেইটো কেতিয়াৰ সেয়া বুজাৰ উপাই নাই৷ সৰু-কালত বাৰু কেতিয়াবা উজুটি খাই পৰিছিল নেকি! বহুত চেষ্টা কৰিও সেয়া তেওঁ মনত পেলাব নোৱাৰিলে৷ চড়কডাঙাৰ ওচৰ আহি পোৱাত তেওঁৰ দীনেশ মুখাৰ্জীৰ কথাটো মনত পৰিল৷ মানুহ জনে কৈছিল দীনেশ মুখাৰ্জী আছিল ৰাঁচিত সেই একেই সময়তে৷ তেনেহ’লে দীনেশক সুধিলেইতো হয়! তেওঁ থাকে ওচৰতে- বেণীনন্দন ষ্ট্ৰীট। এতিয়াই যাব নেকি তেওঁৰ ওচৰলৈ? কিন্তু যদি ৰাঁচিলৈ যোৱাৰ কথাটো মিছাই হয়- তেনেহ’লে দীনেশক সেই সম্বন্ধে কিবা সুধিবলৈ গ’লেতো তেওঁ বিপিন বাবুকে বলিয়া বুলি ভাৱিব৷ ওহোঁ – এই ল’ৰামতীয়া কাম তেওঁৰ পক্ষে সম্ভৱ নহয়৷ জানি বুজি নিজকে মুৰ্খ সজাব নোৱাৰে তেওঁ৷ আৰু দীনেশৰ তাচ্চিল্য যে কিমান নিৰ্মম হ’ব পাৰে সেই পূৰ্ব্ব-অভিজ্ঞতা বিপিন বাবুৰ আছে৷….

ঘৰলৈ আহি শীতল কোঠালিত বহি শীতল চৰবত এগিলাছ খাই বিপিন বাবুয়ে তেওঁৰ উদ্বেগটো বহুত পৰিমাণে শাম কটা যেন অনুভৱ কৰিলে। যত সৱ অকৰ্মণ্যৰ জাত! নিজৰ কাম-কাজ নাই, খালী লোকৰ কামত ব্যাঘাট জন্মোৱাটোয়েই সিহঁতৰ কাম! নিশা খোৱা-বোৱাৰ পৰ্ব সমাপন কৰি বিছনাত শুই নতুন কিতাপখন পঢ়িবলৈ লৈ বিপিন বাবুয়ে নিউমাৰ্কেটৰ ভদ্ৰলোক জনৰ কথা একপ্ৰকাৰ পাহৰিয়েই গ’ল৷ পিছদিনা অফিচত কাম কৰি থকাৰ সময়ত বিপিন বাবুয়ে লক্ষ্য কৰিলে যে, যিমানেই সময় গৈছে সিমানেই যেন যোৱাকালিৰ ঘটনাটো তেওঁৰ স্মৃতিত আৰু বেছি স্পষ্ট হৈ আহিছে৷ সেই সুগোল মুখ, সেই অমায়িক চাৱনি, আৰু সেই হাঁহি। তেওঁৰ ইমান ভিতৰৰ খবৰেই যদি মানুহজনে নিৰ্ভুলকৈ জানিব পাৰে, তেন্তে ৰাঁচিৰ কথাটোতনো তেওঁ ইমান ভুল কৰিলে কি কাৰণে? লান্সৰ ঠিক আগে আগে- অৰ্থাৎ এক বাজি পাঁচ মিনিটত- বিপিন বাবুয়ে আৰু ৰ’ব নোৱাৰি টেলিফোনৰ ডিৰেক্টৰিখন মেলি ল’লে৷ দীনেশ মুখাৰ্জীলৈ ফোন কৰিবই লাগিব এটা৷ ফোনেই ভাল৷ অপ্ৰস্তুত হোৱাৰ সম্ভাৱনাটো কম৷ টু-থ্ৰি-ফাইভ-ছিক্স-ৱান-ছিক্স৷ বিপিন বাবুয়ে ডায়েল কৰিলে৷ “হেল্ল’৷” “কোন, দীনেশ? মই বিপিনে কৈছোঁ৷” “কি খবৰ?” “ফিফটি এইটৰ ঘটনা এটা তোমাৰ মনত আছে নে নাই জানিবৰ কাৰণে ফোন কৰিছোঁ৷” “ফিফটি এইট? কি ঘটনা?” “সেই বছৰটোত বাৰু তুমি কলকাতাতেই আছিলা নে? আগতে মোৰ সেইটো জনা দৰকাৰ৷” “ৰ’বা ৰ’বা৷ ফিফটি এইট- আঠাৱন্ন…. মোৰ ডায়েৰি চাওঁ ৰ’বা৷ অলপ ধৰি থাকিবা৷” অলপ সময় নিঃশব্দে পাৰ হ’ল৷ বিপিন বাবুয়ে তেওঁৰ বুকুৰ ভিতৰত এটা দুৰু দুৰু কঁপনি অনুভৱ কৰিলে৷ প্ৰায় এক মিনিট পিছত পুনৰ দীনেশ মুখাৰ্জীৰ কন্ঠস্বৰ শুনা গ’ল৷ ‘ অ’,পাইছোঁ৷ মই বাহিৰলৈ গৈছিলোঁ- দুবাৰ৷” “ক’লৈ?” “এবাৰ গৈছিলোঁ ফেব্ৰুৱাৰীত- ওচৰতেই- কেষ্টনগৰ- মোৰ এজন ভাগিনৰ বিয়ালৈ৷ আৰু এবাৰ- অ’, সেইটোতো তুমি জানাই৷ ৰাঁচি৷ সেই যে তুমিও গৈছিলা৷ বচ। কিন্তু কিয় সুধিলা?” “নহয়। মানে এনেয়ে এটা দৰকাৰ আছিল। ঠিক আছে। থেংক ইউ …৷”

বিপিন বাবুয়ে টেলিফোনটো ৰাখি মূৰত হাত দি বহি পৰিল৷ তেওঁৰ হাত ভৰিবোৰ যেন ক্ৰমাৎ চেঁচা হৈ পৰিছে। লগত অনা টিফিনৰ বাকচত চেণ্ডুইচ আছিল, সেয়া তেওঁৰ আৰু খোৱা নহ’ল৷ খোৱাৰ আৰু ইচ্ছাই নহ’ল। তেওঁৰ ভোক নাইকিয়া হৈ গৈছে৷ লান্সটাইম শেষ হৈ যোৱাৰ পিছত বিপিন বাবুয়ে অনুভৱ কৰিলে, এই অৱস্থাত তেওঁৰ পক্ষে অফিচত বহি কাম কৰাটো আৰু সম্ভৱ নহ’ব৷ তেওঁৰ পঁচিশ বছৰৰ কৰ্মজীৱনত ইয়াৰ আগতে এনেকুৱা কেতিয়াও হোৱা নাছিল৷ নিৰলস কৰ্মী বুলি বিপিন বাবুৰ এটা খ্যাতি আছে৷ কৰ্মচাৰীসকলে তেওঁক বাঘৰ দৰে ভয় কৰে৷ যিমান ডাঙৰ বিপদেই নাহক, যিমান ডাঙৰ সমস্যাই সমুখত নপৰক, বিপিন বাবু কোনোদিন থমকি ৰোৱা নাই৷ মগজু শীতল ৰাখি কাম কৰি সকলো সময়তে সকলো বিপদ তেওঁ হেলাৰঙে পাৰ কৰি আহিছে৷ আজি কিন্তু তেওঁৰ সকলো খেলিমেলি হৈ গ’ল! আঢ়ৈ বজাত ঘৰলৈ উভতি আহি, শোৱনিকোঠাৰ সমস্ত দুৱাৰ খিৰিকী বন্ধ কৰি, বিছনাত পৰি মনটোক যিমানদুৰ পাৰি প্ৰকৃতিস্থ কৰি, কি কৰা উচিত তাকে ভাবিবৰ চেষ্টা কৰিলে বিপিন বাবুয়ে৷ মানুহে মূৰত আঘাত পালে বা অন্য কোনোধৰণৰ এক্সিডেণ্টৰ ফলত কেতিয়াবা পূৰ্বস্মৃতি হেৰুৱাই পেলায়৷ কিন্তু বাকী সকলো কথাই মনত আছে, মাত্ৰ এটা বিশেষ ঘটনা মনত নাই- এনেকুৱা উদাহৰণ তেওঁ আৰু কেতিয়াও পোৱা নাই। ৰাঁচিলৈ যোৱাৰ হেঁপাহ তেওঁৰ বহুত দিনৰ পৰাই আছিল। কিন্তু ৰাঁচিলৈ তেওঁ গ’ল, অথচ যোৱাৰ কথাটোকে পাহৰি পেলালে- ই কেনেকৈ সম্ভৱ! বাহিৰলৈ কেতিয়াবা ক’ৰবালৈ গ’লে বিপিন বাবুয়ে সাধাৰণতে সংগী হিচাপে তেওঁৰ লগুৱাজনক লৈ যায়৷ কিন্তু এতিয়া যিজন লগুৱা তেওঁৰ লগত আছে সি নতুনকৈ আহিছে৷ সাত বছৰ আগতে তেওঁৰ লগুৱা আছিল ৰামস্বৰূপ৷ তেওঁ ৰাঁচিলৈ যোৱাহেঁতেন সিও নিশ্চয় গ’লহেঁতেন, কিন্তু এতিয়া আৰু সি নাই, নথকা তিনি বছৰেই হ’ল৷

সন্ধিয়ালৈকে সময়খিনি ঘৰত অকলশৰেই কটালে বিপিন বাবুয়ে৷ মনে মনে স্থিৰ কৰিলে আজি কোনোবা আহে যদিও তেওঁ কাৰো সৈতে দেখা নকৰে৷ ঠিক সাত বজাত লগুৱাই আহি খবৰ দিলে শেঠ গিৰিধাৰি প্ৰসাদ আহিছে তেওঁক দেখা কৰিবলৈ৷ প্ৰভাৱশালী ব্যক্তি গিৰিধাৰি প্ৰসাদ৷ কিন্তু বিপিন বাবুৰ মানসিক অৱস্থা তেতিয়া এনেকুৱা যে তেওঁ বাধ্য হৈ লগুৱাক কৈ পঠিয়ালে যে, তেওঁৰ পক্ষে তললৈ নমাটো সম্ভৱ নহয়। আজিলৈ যাওকগৈ তেখেত৷ চাৰে সাতটাত আকৌ লগুৱাৰ আগমন৷ বিপিন বাবুৰ দুচকুলৈ অলপ অলপ তন্দ্ৰাৰ ভাৱ আহিছে তেতিয়া, এনে সময়তে লগুৱাৰ মাতত তেওঁ খকামকাকৈ সাৰ পাই উঠিল৷ আকৌ কোন আহিল? লগুৱাই ক’লে, চুনিবাবু! কৈছে যে ভীষণ জৰুৰী দৰকাৰ৷ দৰকাৰনো কি সেয়া বিপিন বাবুৰ জ্ঞাত৷ চুনি তেওঁৰ স্কুলীয়া দিনৰ সহপাঠী৷ সম্প্ৰতি অলপ আৰ্থিক দুৰৱস্থাত পৰিছে, সেয়ে যোৱা বেচ কিছুদিনৰ পৰা তেওঁৰ ওচৰলৈ আহি আছে কিবা এটা চাকৰিৰ আশাত৷ তেওঁৰ বাবে কিবা কৰি দিয়াটো বিপিন বাবুৰ পক্ষে সম্ভৱ নহয়। গতিকে প্ৰতিবাৰেই তেওঁক নঞাৰ্থক উত্তৰেই দি আহিছে বিপিন বাবুয়ে। তথাপি নিজৰ কথাত যেন নাচোৰবান্দা চুনি৷ বিপিন বাবুয়ে অত্যন্ত বিৰক্তভাৱে লগুৱাক কৈ পঠালে যে, কেৱল আজিয়েই নহয়- অন্তত: আৰু বেচ কিছুদিনলৈ তেওঁৰ পক্ষে চুনিৰ সৈতে দেখা কৰাটো সম্ভৱ নহ’ব৷ লগুৱা কোঠালিৰ পৰা ওলাই যোৱা মাত্ৰকে বিপিন বাবুৰ হঠাৎ খেয়াল হ’ল যে চুনিৰ হয়তো আঠাৱন্নৰ ঘটনা কেনেবাকৈ মনত থাকিবও পাৰে৷ তেওঁক এবাৰ সুধি চোৱাতনো আপত্তি কি? বিপিন বাবু খৰখেদাকৈ চিৰিৰে নামি আহি তলৰ বহা কোঠাত হাজিৰ হ’লহি৷ চুনি ইতিমধ্যে যাবলৈ উদ্যত হৈছিল, বিপিন বাবুক নামি অহা দেখি তেওঁ যেন অলপ আশান্বিত হৈয়েই মুখ ঘুৰাই ৰৈ গ’ল৷ বিপিন বাবুয়ে ভণিতা নকৰাকৈ ক’লে, “শুনা চুনি, তোমাৰ ওচৰত এটা প্ৰশ্ন আছে৷ মই জনাত তোমাৰ স্মৃতিশক্তি খুবেই ভাল- তাৰ উপৰি মোৰ ঘৰলৈ তুমি আজি বহুবছৰ ধৰি অহা-যোৱা কৰি আছা৷ ভাৱি চোৱাচোন মনত পৰে নেকি- মই আঠাৱন্ন চনত ৰাঁচিলৈ গৈছিলোঁ নেকি?” চুনিয়ে ক’লে, “আঠাৱন্ন? আঠাৱন্নইতো হ’ব লাগে? নে কি উনষাঠি?” “ৰাঁচিলৈ যোৱা কথাটোকলৈ তোমাৰ কোনো সন্দেহ নাই?” চুনি এইবাৰ ৰীতিমত অবাক হৈ গ’ল৷ “তোমাৰ কি ৰাঁচিলৈ গৈছিলা নে যোৱা নাছিলা সেই লৈয়ো সন্দেহ আছে?” “মই গৈছিলোঁ তাৰমানে? তোমাৰ ঠিক মনত আছেতো?” চুনি চোফাৰ পৰা উঠিছিল, তাতেই আকৌ বহি পৰিল৷ তাৰ পিছত তেওঁ বিপিন চৌধুৰীৰ ফালে অলপপৰ তীক্ষ্ণ দৃষ্টি ৰাখি ক’লে, “বিপিন, তুমি নিচা-তিচাত ধৰিছা নেকি আজিকালি? এইক্ষেত্ৰততো তোমাৰ কোনো বদনাম নাছিল! তুমি কাঢ়া মেজাজৰ মানুহ, পুৰণি বন্ধুবোৰৰ প্ৰতি তোমাৰ অকণো সহানুভূতি নাই- এনেকৈয়েইতো জানিছিলোঁ তোমাক৷ কিন্তু তোমাৰতো মগজুটো পৰিষ্কাৰ আছিল! অন্তত: কিছুদিন আগলৈকে আছিল৷” বিপিন বাবুয়ে কম্পিত স্বৰত ক’লে, “তোমাৰ মনত আছে মোৰ যোৱাৰ কথা?” চুনিয়ে এই প্ৰশ্নৰ উত্তৰ নিদি ওভতাই অন্য এটা প্ৰশ্ন কৰিলে৷ তেওঁ ক’লে- “মোৰ শেষ চাকৰি কি আছিল মনত আছে তোমাৰ?” “নিশ্চয়৷ তুমি হাওৰা ষ্টেচনৰ বুকিং ক্লাৰ্ক আছিলা৷” “তোমাৰ সেইটো মনত আছে, আৰু মই যে তোমাৰ ৰাঁচিলৈ টিকট বুকিং কৰি দিলোঁ সেইটো মনত নাই? তুমি যোৱাৰ দিনাখন তোমাৰ কোঠালৈ গৈয়ো দেখা কৰিলোঁ, ডাইনিং কাৰত কৈ তোমাৰ খোৱাৰ ব্যৱস্থা কৰি দিলোঁ, তোমাৰ কোঠাৰ ফেনখন ঘূৰা নাছিল- সেয়া মানুহ মাতি ভাল কৰাই দিয়ালোঁ- এইবোৰো তুমি পাহৰি গৈছা? তোমাৰ হৈছে কি বিপিন?” বিপিন বাবুয়ে এটা গভীৰ দীৰ্ঘশ্বাস এৰি ধপ কৰে চোফাত বহি পৰিল৷ চুনিয়ে ক’লে, “তোমাৰ কিবা অসুখ-তসুখ হৈছে নেকি? তোমাৰ চেহেৰাটোও মই ভাল দেখা নাই৷” বিপিন বাবুয়ে ক’লে, “তেনেকুৱাই ভাৱ হৈছে। যোৱা কিছুদিন কামৰ হেঁ‌চা অলপ বেছি পৰিছিল৷ চাওঁচোন এজন স্পেচিয়েলিষ্ট-তেচিয়েলিষ্ট ….৷” বিপিন বাবুৰ অৱস্থা দেখিয়েই বোধহয় চুনিয়ে আৰু চাকৰিৰ কথা উল্লেখ নকৰাকৈয়ে লাহে লাহে বহা কোঠাৰ পৰা ওলাই গুচি গ’ল৷

পৰেশ চন্দ্ৰক ‘ইয়ং ডাক্তৰ’ বুলিয়েই ক’ব পাৰি; চল্লিশৰ তলত বয়স, বুদ্ধিদীপ্ত চেহেৰা৷ বিপিন বাবুৰ সমস্যাটোৰ কথা শুনি তেওঁ চিন্তিত হৈ পৰিল৷ বিপিন বাবুয়ে তেওঁক কাতৰভাৱে ক’লে, “চাওক ডক্তৰ চন্দ্ৰ, মোৰ এই বেমাৰ আপুনি যেনেকৈয়ে নহওক ভাল কৰি দিব লাগিব। অফিচ ক্ষতি কৰি থকাৰ ফলত যে মোৰ ব্যৱসায়ত কিমান ক্ষতি হৈছে সেয়া মই বুজাব নোৱাৰিম৷ আজিকালিতো বিভিন্ন ৰকমৰ দৰৱ ওলাইছে। মোৰ এই বেমাৰৰ বাবে কি একোৱেই নাইনে? মই যিমান লাগে টকা দিম৷ যদি বিদেশৰ পৰা অনোৱাৰ প্ৰয়োজন হয় তাৰো ব্যৱস্থা কৰিম। কিন্তু এই ৰোগ আপুনি যিকোনো প্ৰকাৰে ভাল কৰি দিব লাগিব৷” ডাক্তৰে অলপ ভাৱি চিন্তি মূৰ জোকাৰি ক’লে, “কথাটো কি জানে মিষ্টাৰ চৌধুৰী? মোৰ ওচৰত এই ৰোগটো একেবাৰে নতুন; মোৰ অভিজ্ঞতাৰ একেবাৰে বাহিৰৰ৷ তথাপি এটা মাত্ৰ উপায় মই ক’ব পাৰোঁ। ফল ধৰিব নে নাই নাজানো, কিন্তু চেষ্টা কৰি চাব পাৰে৷ ক্ষতিৰ কোনো আশংকা নাই৷” বিপিনবাবু উদগ্ৰীৱ হৈ কিলাকুটিত ভৰ দি উঠি বহিল। ডাক্তৰে ক’লে, “মোৰ যিমানদুৰ ধাৰণা- আৰু মোৰ বিশ্বাস অপোনাৰো এতিয়া একেই ধাৰণা- যে আপুনি ৰাঁচিলৈ সঁচাই গৈছিল, কিন্তু যিকোনো কাৰণতেই হওক, এই যোৱাৰ কথাটো আপুনি সমূলি পাহৰি থাকিল৷ মই চাজেষ্ট কৰোঁ যে আপুনি এবাৰ ৰাঁচিলৈ যাওক৷ তেতিয়াহ’লে হয়তো ঠাইখন দেখি আপোনাৰ আগৰ ট্ৰিপটোৰৰ কথা মনত পৰি যাব পাৰে৷ এয়া অসম্ভৱ নহয়। আজি এই মূহূৰ্তততো ইয়াতকৈ বেছি কিবা কৰাটোও সম্ভৱ নহয়৷ মই আপোনাক এটা টেবলেট লিখি দিওঁ- সেইটো খালে হয়তো টোপনিটো হ’ব৷ টোপনিটোৰ খুব প্ৰয়োজন, নহ’লে আপোনাৰ অশান্তি আৰু তাৰ লগতে অসুখো বাঢ়ি যাব৷ আপুনি এখিলা কাগজ দিয়ক, মই ঔষধটো লিখি দিছোঁ৷” ঔষধৰ কাৰণেই হওক বা ডাক্তৰৰ পৰামৰ্শৰ কাৰণেই হওক, বিপিন বাবুয়ে পিছদিনা অপেক্ষাকৃত সুস্থ অনুভৱ কৰিলে।

প্ৰাত:কালীন আহাৰ গ্ৰহণৰ অন্তত অফিচলৈ এটা টেলিফোন কৰি কিবা অলপ ইন্সট্ৰাকচন দি তেওঁ সেইদিনাই নিশাৰ বাবে ৰাঁচিৰ টিকট কৰিলে৷ পিছদিনা ৰাঁচি ষ্টেচনত নমা মাত্ৰকে তেওঁ বুজিলে যে এই ঠাইলে তেওঁ কস্মিন কালেও অহা নাই৷ ষ্টেচনৰ পৰা বাহিৰ ওলাই গাড়ী এখন লৈ ইফালে সিফালে অলপ ঘূৰি বুজিলে যে ইয়াৰ বাট-পথ, ঘৰ-দুৱাৰ, প্ৰাকৃতিক দৃশ্য, মোৰাবাদি পাহাৰ, হোটেল, বাংলো কোনোটোৰ লগতে তেওঁৰ বিন্দুমাত্ৰ পূৰ্ব-পৰিচয় নাই৷ হুড্ৰু ফলচ তেওঁ চিনি পাব নেকি? জলপ্ৰপাতৰ দৃশ্য দেখিলে জানোচা তেওঁৰ পুৰণি কথা কিবা মনত পৰেই? সেই কথা নিজে বিশ্বাস নকৰিলেও, পিছত আকৌ কলকাতালৈ উভতি গৈ মনত আক্ষেপ নহওক বুলিয়েই তেওঁ এখন গাড়ীৰ ব্যৱস্থা কৰি দুপৰীয়া সময়ত হুড্ৰুৰ ফালে ৰাওনা হ’ল৷ সেইদিনাই আবেলি পাঁচ মান বজাত এটা পিকনিক দলৰ দুজন গুজৰাটী ভদ্ৰলোকে বিপিন বাবুক অজ্ঞান অৱস্থাত এটা শিলৰ দ’মৰ ওচৰত আৱিষ্কাৰ কৰিলে৷ এই দুই ভদ্ৰলোকৰ শুশ্ৰূষাৰ ফলত জ্ঞান ওভতাই পায়েই বিপিন বাবুয়ে প্ৰথম কোৱা কথা কেইটা হ’ল- “মই ৰাঁচিলৈ অহা নাছিলোঁ৷ মোৰ সকলো গ’ল! আৰু কোনো আশা নাই …৷”

পিছদিনা ৰাতিপুৱাই বিপিন চৌধুৰী কলকাতালৈ উভতি আহিল৷ তেওঁ বুজিব পাৰিছিল যে যদিহে তেওঁ এই ৰহস্যৰ উদঘাটন কৰিব নোৱাৰে, তেন্তে তেওঁৰ আৰু সঁচাকৈয়ে কোনো আশা নাই৷ তেওঁৰ কৰ্মক্ষমতা, আত্মবিশ্বাস, তেওঁৰ উৎসাহ, বুদ্ধি-বিবেচনা সকলোবোৰ তেওঁ ক্ৰমে ক্ৰমে হেৰুৱাই পেলাব৷ তেনেহ’লে কি অৱশেষত তেওঁক সেই ৰাঁচিৰ ….? ইয়াৰ পিছত আৰু বিপিন বাবুয়ে ভাবিব নোৱাৰে, ভাবিবলৈ নিবিচাৰে৷….. ঘৰলৈ আহি কোনোমতে গা পা ধুই বিপিন চৌধুৰীয়ে শয্যা ল’লে৷ লগুৱাক পঠিয়ালে ডাক্টৰ চন্দ্ৰক মাতি আনিবলৈ৷ লগুৱাই যোৱাৰ আগতে তেওঁৰ হাতত এখন চিঠি দি ক’লে, কোনে জানো ডাক-বাকচত পেলাই থৈ গৈছে। সেউজীয়া খাম, তাৰ ওপৰত ৰঙা চিয়াঁহীৰ আখৰ – “শ্ৰী বিপিনবিহাৰী চৌধুৰী৷ জৰুৰী, একান্ত ব্যক্তিগত৷” অসুস্থতা স্বত্বেও বিপিন বাবুৰ কিয় জানো ভাৱ হ’ল চিঠিখন পঢ়াটো তেওঁৰ বাবে প্ৰয়োজন৷ খাম খুলি দেখিলে এই চিঠি– “প্ৰিয় বিপিন, হঠাৎ ডাঙৰ মানুহ হোৱাৰ কুফল যে তোমাৰ মাজত এনেভাৱে দেখিবলৈ পাম সেইটো আশা কৰা নাছিলোঁ৷ এজন অসহায় বাল্যবন্ধুৰ কাৰণে কিবা এটা উপায় কৰি দিয়াটো কি সঁচাকৈ তোমাৰ পক্ষে অসম্ভৱ আছিল? মোৰ টকা নাই, গতিকে ক্ষমতাও সামান্য৷ যিটো বস্তু মোৰ আছে সেয়া হ’ল মোৰ কল্পনা শক্তি৷ তাৰেই অলপ খৰচ কৰি তোমাৰ ওপৰত সামান্য প্ৰতিশোধ ল’লোঁ৷ নিউমাৰ্কেটৰ সেই ভদ্ৰলোকজন মোৰ প্ৰতিবেশী; বেচ ভাল অভিনেতা৷ দীনেশ মুখাৰ্জীয়ে তোমাক এনেয়েও দেখিব নোৱাৰে, গতিকে তেওঁক হাত কৰিবলৈ কোনো অসুবিধা নহ’ল৷ আঁঠুৰ দাগটোৰ কথা নিশ্চয় মনত আছে- সেই যে চান্দপাল ঘাটত পিছলি পৰিছিলা- উনৈশ শ ছয়ত্ৰিশ চনত? ….. বাৰু যি কি নহওক, সেইবোৰ এতিয়া সকলো বাদ৷ মোৰ এখন উপন্যাস এজন প্ৰকাশকৰ পছন্দ হৈছে। অন্তত: কেইটামান মাহ কোনোমতে চলি যাব পাৰিম। ইতি – তোমাৰ বন্ধু চুনিলাল৷” ডাক্তৰ চন্দ্ৰ উপস্থিত হোৱা মাত্ৰকে বিপিন বাবুয়ে ক’লে, “ভালেই আছোঁ ডাক্তৰ। ৰাঁচিৰ ষ্টেচনত নমাৰ লগে লগেই সকলো মনত পৰি গ’ল৷” ডাক্তৰে ক’লে, “ভেৰী ষ্ট্ৰেঞ্জ! আপোনাৰ কেচটো এখন ডাক্তৰী জাৰ্নেলত ছপা কৰি দিম বুলি ভবিছোঁ৷’’ বিপিন বাবুয়ে ক’লে, “অপোনাক যি কাৰণে মাতিছিলোঁ- চাওকচোন, মোৰ কঁকালৰ হাড়-তাৰ কিবা ভাগিল নেকি? ৰাঁচিত উজুটি খাই পৰিছিলোঁ৷ টনটনাই আছে৷”

Leave a Reply

Your email address will not be published. Required fields are marked *