সম্পাদকৰ টোকা :: বীৰ আৰু বীৰ-বন্দনা (কৌশিক দাস)
(১)
এটা ব্যক্তিগত অভিজ্ঞতাৰ বৰ্ণনাৰে আলোচনা আৰম্ভ কৰিছোঁ। তাৰ সৈতে কিছু অব্যক্তিগত কথাৰে এই পূৰ্বাভাস অলপ দীঘল হ’লেও সি আমাক মূল আলোচনালৈ আগ বাঢ়িবলৈ সহায় কৰিব।
যোৱা শতিকাৰ ষষ্ঠ দশকৰ শেষৰ পৰা সপ্তম দশকৰ প্ৰথম কেইটিমান বছৰলৈ ভাৰতৰ—বিশেষকৈ পশ্চিম বংগ আৰু দুখনমান ৰাজ্যৰ—পৰিস্থিতি আছিল অতিশয় উত্তাল। নক্সালবাৰী আলোড়নৰ প্ৰচণ্ড ধুমুহাই তৎকালীন সমাজ-জীৱনৰ মৰ্মমূল পৰ্যন্ত কঁপাই তুলিছিল। সেই জংগম পৰিৱেশে অগণন পৰিৱৰ্তনকামী মানুহৰ মনলৈ আনিছিল নতুন এখন শোষণহীন সমাজ গঢ়াৰ স্বপ্ন; বহুতো মানুহৰ কৰ্মকাণ্ডৰ নিয়ন্ত্ৰক হৈ পৰিছিল তদানীন্তন গৰ্জনমুখৰ পৰিস্থিতিয়ে জন্ম দিয়া অভূতপূৰ্ব উদ্দীপনা আৰু উন্মাদনা। ঘোষণা কৰা হৈছিল, ক্ষেত্ৰবিশেষে বিশ্বাসো কৰা হৈছিল—সপ্তম দশকটো হ’ব মুক্তিৰ দশক। সেই প্ৰচণ্ড নক্সালবাৰী জাগৰণৰ এগৰাকী প্ৰধান কাণ্ডাৰী আছিল চাৰু মজুমদাৰ (১৯১৯-১৯৭২)। অকুতোভয়, আপোচহীন এইগৰাকী বিপ্লৱীৰ মৃত্যু হৈছিল পুলিচে কাৰায়ত্ত কৰাৰ পাছৰ এক অতি ৰহস্যজনক পৰিস্থিতিৰ মাজত—চৰকাৰী বিবৃতিত যদিও কোৱা হৈছিল হাৰ্ট এটেক—বহুতেই কিন্তু চাৰু মজুমদাৰক পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল বুলিহে সন্দেহ কৰে। সেই মৃত্যুৱে তেওঁৰ অনুগামীসকলৰ চকুত মানুহজনক অধিক মহীয়ান, অধিক উজ্জ্বল কৰি পেলালে। বহু বছৰৰ পাছত, এইগৰাকী নিৰ্ভীক আৰু তীক্ষ্ণধী সংগ্ৰামীক ঘনিষ্ঠভাৱে লগ পোৱা কেইজনমান মানুহৰ সাক্ষাৎকাৰৰ ভিত্তিত বাংলা ভাষাত এখনি চমৎকাৰ গ্ৰন্থ প্ৰস্তুত কৰা হয়—“অন্তৰংগ চাৰু মজুমদাৰ”, প্ৰথম প্ৰকাশ ১৯৮৯ চনত, সংকলকৰ নাম অমিত ৰায়, প্ৰকাশক হৈছে ৰেডিকেল ইম্প্ৰেশন। যিসকলৰ সাক্ষাৎকাৰ লোৱা হৈছিল, তেওঁলোক আছিল পাৰ্টিৰ বিভিন্ন স্তৰৰ নেতা-কৰ্মীৰ পৰা আৰম্ভ কৰি একেবাৰে সৰ্বসাধাৰণ লোক। বিপ্লৱীগৰাকীৰ প্ৰতি মনত সুগভীৰ শ্ৰদ্ধা পোষণ কৰা সংকলকগৰাকীয়ে আশা কৰিছে যে পুথিখনৰ জৰিয়তে কৰা চাৰু মজুমদাৰৰ জীৱনৰ বিভিন্ন দিশৰ নিৰ্মোহ উন্মোচনে তেওঁৰ “দুৰ্দমনীয় স্পিৰিট আৰু প্ৰাসংগিকতা”-ক ভালদৰে অনুধাৱন কৰিবলৈ সহায় কৰিব। গ্ৰন্থখনৰ প্ৰসাৰ যথেষ্ট, ২০১৩ চনলৈ চাৰিটাকৈ সংস্কৰণ ওলাইছে কিতাপখনৰ।
এই কিতাপখনত পঢ়িবলৈ পোৱা কথা এটিৰ বাবেই ঘটিছিল আমি ক’বলৈ ওলোৱা ঘটনাটো।
কিতাপখনে আমাক বাতৰি দিছে, চাৰু মজুমদাৰে মদ খাই বৰ ভাল পাইছিল—,“চাৰুদাই মদ খোৱা কথাটোক বিশেষ গুৰুত্ত্ব দিয়া নাছিল। কিন্তু মদ খাবলৈ বৰ ভাল পাইছিল। বন্ধু-বান্ধৱৰ কোনোবাই আমন্ত্ৰণ জনালেই গুচি গৈছিল, স্কচ পালে নেৰিছিল! কোনোবাই আড্ডা মাৰিবলৈ মাতিলে খোলা-খুলিকৈ কৈছিল ড্ৰিংক্সৰ ব্যৱস্থা থাকিলেই যাম…….। চাৰুদাই মদ খোৱা কামটোক বৰকৈ ডিফেণ্ড কৰিছিল, কৈছিল, ‘মদ খাই অলপ আনন্দ হ’ব, বেচিকৈ বক্বক্ কৰিম, প্ৰগলভ হ’ম—সেই কাৰণেইতো মদ খোৱা’…… (অন্তৰংগ চাৰু মজুমদাৰ, ২০১৩, পৃ. ২৫)।” মদ খোৱাটো ভাল নে বেয়া, সেই প্ৰসংগটো এই ক’বলৈ ওলোৱা ঘটনাটোত নাহে। সেই সময়ত সুৰা আৰু সুৰাপানৰ ক্ষেত্ৰত পাৰ্টিৰ ভিতৰতেই নহয়, বাহিৰৰ—মূলতঃ মধ্যবিত্তীয় সমাজখনতো—একধৰণৰ প্ৰমূল্যভিত্তিক নিষেধাজ্ঞা বৰ শক্তিশালী ৰূপত বিদ্যমান হৈ আছিল। “….এবাৰ কমিউনিষ্ট পাৰ্টিয়ে চাৰ্জশ্বিট পৰ্যন্ত দিছিল চাৰুদাক, মদ খোৱাৰ বাবে” (পূৰ্বোক্ত গ্ৰন্থ, পৃ. ২৫)। এগৰাকীয়ে স্মৃতিচাৰণত লেখিছে যে চাৰু মজুমদাৰে “প্ৰচণ্ড মদ খাইছিল। ৰিক্সাৰ পৰা ৰাস্তাত বাগৰি গৈছিল, তেনেকুৱাও হৈছে” (পূৰ্বোক্ত গ্ৰন্থ, পৃ. ৩৩)। গতিকে, সেই তেতিয়াৰ সময়তেই চাৰু মজুমদাৰৰ প্ৰথাবিৰোধী সুৰাসক্তিৰ কথাটোৱে আমাক চিন্তাৰ খোৰাক দিলে, কথাটো আগতে জনাও নাছিলোঁ। এদিন ঘৰুৱা আড্ডা এটাত কমিউনিষ্ট পাৰ্টি এটাৰ দুগৰাকী নিঃস্বাৰ্থ, সৎ আৰু আজীৱন সদস্য-কৰ্মীৰ আগত কথাটো ব্যক্ত কৰিলোঁ অধিক আলোচনাৰ আশাৰে। তেওঁলোক মোৰ অগ্ৰজ আৰু পৰিশীলিত নম্ৰ স্বভাৱৰ অন্তৰংগ বন্ধু। কথাটোৰ ফল হ’ল ভয়ানক। “চাৰু মজুমদাৰে মদ খাইছিল”– এই কথাটো শুনাৰ লগে লগে বন্ধু দুগৰাকী খঙত অগ্নিশৰ্মা হৈ পৰিল মোৰ ওপৰত! সীমাহীন ক্ৰোধেৰে তেওঁলোকে জনালে যে এইবোৰ কথা চক্ৰান্ত, চাৰু মজুমদাৰে কেতিয়াও মদ খাব নোৱাৰে। তেওঁলোকৰ কথাৰ অগ্নিস্ফুলিংগ দেখি মই সাময়িকভাৱে তাপ মাৰিলোঁ, কিয়নো ধৰ্মগুৰুৰ জীৱনৰ ভুল-ভ্ৰান্তিৰ কথা উনুকিয়াই দিলে বহুতো ধৰ্মবিশ্বাসীয়ে যিধৰণৰ জিঘাংসাপূৰ্ণ ব্যৱহাৰ কৰে, ঠিক তাৰেই যেন ছাঁ দেখিবলৈ পাইছিলোঁ তেওঁলোকৰ ক্ৰোধান্বিত চাৰিটা চকুত।
তথ্যৰ উৎসৰ বিষয়ে কোনো প্ৰশ্ন নকৰি তেওঁলোকে কিয় বাৰু সাধাৰণ ধৰ্মবিশ্বাসীৰ দৰে অযুক্তিকৰ আচৰণ কৰিছিল? তেওঁলোকৰ নীতিগত মূল্যবোধে সুৰাপানক গৰ্হিত কথা বুলি ভাবে—সেইটো নিশ্চয় তেওঁলোকৰ ক্ৰোধৰ বহিৰ্প্ৰকাশৰ এটা কাৰণ। সুৰাপানৰ প্ৰসংগত প্ৰমূল্যগত দিশৰ শুদ্ধতা-অশুদ্ধতা-ঔচিত্যৰ কথাটো যদিও এটা আলোচনাযোগ্য চিত্তাকৰ্ষক বিষয়, সেইটো কিন্তু এই নিবন্ধত তেনেই অপ্ৰাসংগিক। কথাটো হ’ল, বন্ধু দুগৰাকীৰ মানসত যোৱাটো শতিকাৰ ষাঠি-সত্তৰ দশকৰ বিপ্লৱীগৰাকী হ’ল এজন ঐতিহাসিক বীৰ, এজন যুগন্ধৰ মহানায়ক; বীৰ বীৰেই, তেনে বীৰে কোনো “বেয়া কাম” কৰিবই নোৱাৰে, কেতিয়াও নোৱাৰে! সংগত কাৰণতেই প্ৰশ্ন উঠিব, চাৰু মজুমদাৰক কেতিয়াও নেদেখা, পৰৱৰ্তী যুগৰ কিছুমান কমৰেডৰ মনতহে তেওঁৰ প্ৰতি তেনে “বীৰ”-ৰ ধাৰণাটো সোমাই আছেনে? বিপ্লৱীগৰাকী জীয়াই থকাৰ সময়ত তেনে ধাৰণা তেওঁৰ কোনো অনুগামীৰ মনত বাৰু নাছিল নেকি? প্ৰশ্নটোৰ উত্তৰ পাবলৈ চাৰু মজুমদাৰৰ সময়লৈকে উভতি যোৱা যাওক।
এবাৰ কিছু দুৰ্গম স্থান এটিত চাৰু মজুমদাৰ আৰু পাৰ্টিৰ কেইগৰাকীমান সদস্য আলোচনাৰ বাবে মিলিত হৈছিল। তেনেই সৰু আৰু সাধাৰণ আলোচনা-সভা। উভতি অহাৰ পৰত এগৰাকী সদস্যই তেওঁক কান্ধত উঠাই আনিবলগীয়া হৈছিল, কিয়নো ক্ষীণকায় চাৰু মজুমদাৰৰ স্বাস্থ্য তেতিয়া আছিল অতিশয় দুৰ্বল। বাটতে সদস্যজনে এখন্তেক জিৰাবলৈ যেতিয়া চাৰু মজুমদাৰক কান্ধৰ পৰা নমাই দিলে, তেতিয়া মজুমদাৰ অলপ আঁতৰৰ গছ এজোপাৰ ছাঁত থিয় দিলেগৈ অকলে। এগৰাকী সদস্যই বাকীকেইজনক সকীয়াই দিলে মজুমদাৰক আমনি নকৰিবলৈ, কিয়নো—সদস্যজনে ভাবিছিল—তেওঁলোকৰ নেতাগৰাকীয়ে অদৃশ্য কোনো অনাতাঁৰ যন্ত্ৰৰে (Invisible wireless device) আলোচনাটি যে সফলভাৱে হৈ গ’ল, সেইটো কথা চীনদেশৰ পাৰ্টিক জনাই আছে (Sujatha Gidla, Ants Among Elephants: An Untouchable Family and the Making of Modern India, 2017, p.263)! ১৯৬৭ চনত বহু কষ্টৰ মাজেৰে চীনত উপস্থিত হোৱা কেইৰাকীমান নক্সালপন্থী নেতাক মাও জে ডঙে সাক্ষাৎ দি কৈছিল—“ভাৰতৰ মানুহে নিজৰ যুঁজ নিজেই কৰিব লাগিব দেশৰ মুক্তিৰ কাৰণে” (অন্তৰংগ চাৰু মজুমদাৰ, পৃ. ৩২)। অৰ্থাৎ, চীনৰ চেয়াৰমেনে ভাৰতত হস্তক্ষেপ কৰা নহ’ব বুলি জনাই দিছিল। তাৰ পাছতো, পাৰ্টিৰ বহুতো সদস্যৰ মনবোৰ চাৰু মজুমদাৰৰ সংক্ৰান্তত সেইধৰণৰ অতিকথা, কল্পনা আৰু বীৰগাঁথাই আচ্ছন্ন কৰি আছিল—তেওঁলোকৰ বহুতেই বিশ্বাস কৰিছিল যে স্বয়ং মাও জে ডঙৰ প্ৰত্যক্ষ সহযোগ আৰু পৰিকল্পনাত তেওঁ কাম কৰি আছে (Sujatha Gidla, পূৰ্বোক্ত গ্ৰন্থ, p. 264)।
এই দীৰ্ঘ পূৰ্বাভাসৰ পৰা নিশ্চয় স্পষ্ট হৈছে যে বহুতো মানুহৰ মনত কোনো কোনো ব্যক্তি সকলো প্ৰশ্নৰ ঊৰ্ধত এজন অবিসম্বাদী বীৰ হিচাপে বন্দিত হৈ উঠে। তেনে বীৰ-ধাৰণাৰ প্ৰভাৱ মানুহৰ মনত কিম্বা সামাজিক কৰ্মকাণ্ডসমূহত অতি গভীৰ। বীৰসকলৰ সৈতে মানুহৰ মন ইমান একাত্ম হৈ পৰে যে বীৰৰ দুৰাৱস্থা কিম্বা মৃত্যুত মানুহে আত্মহত্যা পৰ্যন্ত কৰিব পাৰে। এই সংক্ৰান্তত আমি এটা অতি তাৎপৰ্যপূৰ্ণ তথ্য জানিবলৈ পাওঁ এগৰাকী গৱেষকৰ অনুসন্ধানৰ পৰা। ভাৰতত ২০০১-ৰ পৰা ২০১৪ চনৰ ভিতৰত—সেইধৰণৰ আত্মহত্যাৰ ঘটনা ঘটিছিল প্ৰতি বছৰে গড় হিচাপত ১৭১-টা। এই সংখ্যাটো নিশ্চয় উলাই কৰিব পৰা নহয়। তেনে আত্মহত্যাৰ নেপথ্যৰ এটি গুৰুত্ত্বপূৰ্ণ মনস্তাত্ত্বিক দিশলৈ গৱেষকগৰাকীয়ে আঙুলিয়াই দিছে। ছিন্ন-বিচ্ছিন্ন কোনো সম্পৰ্কৰ মাজত যেতিয়া এজন ব্যক্তিয়ে জীৱন কটায়, তেতিয়া তেনে ব্যক্তিৰ মনত কোনো বিখ্যাত মানুহক বীৰ বুলি ধাৰণা কৰা প্ৰৱণতা এটাই গঢ় লৈ উঠে। যেতিয়া তেনে বীৰৰ মৃত্যু ঘটে বা দুৰাৱস্থাত পৰে, তেতিয়া ব্যক্তিগৰাকীয়ে আত্মহত্যাৰ পথ বাছি লয় (দ্ৰষ্টব্য: A. Mohandoss, Ideological cause and hero worship related suicides: Indian perspective and changing trends during 2001–2014: An exploratory study, Indian Journal of Psychological Medicine, 2016, 38 : 553-559)। উপৰিউক্ত বীৰ-বন্দনাৰ পূৰ্বাভাসী আলোচনাত চাৰু মজুমদাৰৰ কথাটো এটি উদাহৰণহে মাত্ৰ; ইতিহাসৰ বিভিন্ন যুগত কিম্বা সাম্প্ৰতিক সময়ত মানুহৰ মনত বিভিন্ন ক্ষেত্ৰৰ বিভিন্নজন বীৰৰ উপস্থিতিৰ সম্ভেদ সহজেই পোৱা যায়। তেনে বীৰক বহুতো মানুহে নিঃচৰ্তভাৱে বন্দনা কৰি যায়। এই নিবন্ধৰ পৰৱৰ্তী অংশ কেন্দ্ৰীভূত হ’ব তেনে বীৰ-বন্দনাৰ কিছুমান স্বল্পালোচিত দিশত।
(২)
বীৰ-বন্দনাৰ সামাজিক-মনস্তাত্ত্বিক-ৰাজনৈতিক তাৎপৰ্য কি? এই কেন্দ্ৰীয় প্ৰশ্নটোৰ উত্তৰৰ সন্ধান কৰাৰ আগতে আমি স্পষ্ট হৈ লোৱা ভাল, এই আলোচনাত “বীৰ” বুলিলো কাক আখ্যায়িত কৰা হৈছে?
প্ৰথমতেই আভিধানিক অৰ্থৰ দিশটোলৈ লক্ষ্য কৰা যাওক। “আধুনিক অসমীয়া শব্দকোষ”-ত “বীৰ”-ৰ বহুকেইটা আভিধানিক ইংৰাজী প্ৰতিশব্দ আছে—valiant, strong, skilled in warfare, a skilled warrior ইত্যাদি (দ্ৰষ্টব্য: সুমন্ত চলিহা, আধুনিক অসমীয়া শব্দকোষ, ১৯৯১)। আমি এই নিবন্ধত যি সামাজিক দৃষ্টিকোণৰ পৰা বীৰ আৰু বীৰ-বন্দনাৰ আলোচনা কৰিবলৈ যত্ন কৰিম, তাত সেই শব্দবোৰে—সাহসী, শক্তিশালী, সুনিপুণ যুঁজাৰু আদিয়ে—খণ্ডিত আৰু আংশিক অৰ্থহে বহন কৰিব। অভিধানখনত পোনে পোনে “বীৰ” শব্দটোৰ প্ৰতিশব্দ Hero বুলি উল্লেখ কৰা হোৱা নাই, মাত্ৰ “বীৰপ্ৰসৱিনী” শব্দটোৰ ক্ষেত্ৰতহে অৰ্থ দিয়া হৈছে এনেকৈ—giving birth to a hero or heroes। ইংৰাজী “Hero” শব্দটোৰ অৰ্থ ব্যাপক, আৰু সি আমাৰ বৰ্তমানৰ আলোচনাৰ “বীৰ”-ৰ সৈতে সংগতিপূৰ্ণ। গতিকে এই আলোচনাত “বীৰ” শব্দটোক ইংৰাজী “Hero”-ৰ প্ৰতিশব্দ হিচাপে ব্যৱহাৰ কৰা হৈছে। কোৱা বাহুল্য, চিনেমা-নাটকৰ প্ৰসংগত বহুপ্ৰচলিত “Hero”-ৰ ধাৰণাতকৈ এই আলোচনাৰ হীৰ’ৰ অৰ্থ অনেক ব্যাপক আৰু সম্প্ৰসাৰিত; চিনেমাৰ হীৰ’ ৰূপালী পৰ্দাৰ কাহিনীৰ মাজতহে বীৰ, তেনে অভিনেতা-অভিনেত্ৰীৰ সকলোকেইজন চিনেমাৰ বাহিৰৰ জনমানসত “বীৰ” নহয়, বাস্তৱত তেওঁলোকক কোনেও “বীৰ” বুলি বন্দনা নকৰে। অৱশ্যে, কোনো কোনো অভিনেতা-অভিনেত্ৰী বহুজনৰ মনত চিনেমাৰ বাহিৰৰ জগতখনতো “বীৰ” হ’ব পাৰে। চিনেমা আদিৰ বীৰ আৰু মনৰ ভিতৰৰ “বীৰ”-ৰ মাজৰ পাৰ্থক্যটোত আমি স্পষ্ট হোৱা ভাল। তেনেদৰেই বীৰ বুলিলেই ঝন্ঝন্কৈ তৰোৱাল ঘূৰাই থকা, ধনুৰ পৰা জোঙা কাঁড় টোৱাই থকা মানুহৰ যেনেকুৱা ছবি এখন বহুতেৰে মনলৈ আহে, আলোচ্য প্ৰসংগৰ বীৰ তেনেকুৱা নহয়, এই “বীৰ”-ৰ অৰ্থ কিছু বহল। গতিকে এইখিনিতে প্ৰশ্ন উঠিব, তেনে সম্প্ৰসাৰিত দিশত হীৰ’ শব্দটোৱেনো কেনেকুৱা তাৎপৰ্য বহন কৰে?
Hero শব্দটোৰ মূল হৈছে এটা গ্ৰীক্ শব্দ—heros—যাৰ অৰ্থ হৈছে ত্ৰাতা, ৰক্ষা কৰোঁতা—protector or defender (দ্ৰষ্টব্য: E. L. Kinsella, T. D. Ritchie and E. R. Igou, Attributes and Applications of Heroes: A Brief History of Lay and Academic Perspectives, University of Limerick Institutional Repository, 2018, p. 20)। ইয়াতো একে কথাই ভুমুকি মাৰিছেহি—আমি উল্লেখ কৰিছিলোঁ অলপ আগতে যে ব্যুৎপত্তিগত তেনে অৰ্থ (ত্ৰাতা, ৰক্ষা কৰোঁতা আদি) বীৰ আৰু বীৰ-বন্দনাৰ সামাজিক তাৎপৰ্য সাঙুৰি ল’বলৈ প্ৰশস্ত নহয়। অৰ্থগত পৰিসীমা কিছুদূৰলৈ অতিক্ৰম কৰাৰ প্ৰচেষ্টাৰে বীৰক কেতিয়াবা এইধৰণেও সংজ্ঞায়িত কৰা দেখা যায়, “A hero may be defined as a person who possesses powers superior to those of ordinary men and who displays them courageously, at the risk of his own life but to the advantage and benefit of others”[The Encyclopedia of Religion, M. Eliade (Ed.), 1987, Vol 6, p. 302]। এইটো সংজ্ঞাৰ পৰা আমি দেখিবলৈ পাইছোঁ যে বীৰ একোজন সৰ্বসাধাৰণ মানুহতকৈ বেলেগধৰণৰ; তেওঁলোক সাহসী—নিজৰ জীৱনৰ বাজী ৰাখিব পাৰে, জীৱনৰ ৰিস্ক ল’ব পাৰে বীৰসকলে। মনকৰিবলগীয়া কথা, বীৰে তেনে ৰিস্ক লয় দহৰ মংগলৰ বাবে। বীৰৰ সাহসী কাৰ্য, ৰিস্ক লোৱা মনোভাব, মংগলময় পৰোপকাৰী স্বৰূপ—এইধৰণৰ চাৰিত্ৰিক উপাদানৰ সকলো কথা শব্দটোৰ ব্যুৎপত্তিগত মূলটোত কিন্তু স্পষ্ট নহয়।
গতিকে দেখা গৈছে যে বীৰ আৰু বীৰ-বন্দনাৰ আলোচনাত কিছুমান ভাষাগত সীমাবদ্ধতাই ভূমুকি মাৰে। উদাহৰণ স্বৰূপে, কোনো কোনো বিদ্বানে courage আৰু brave-ক বীৰৰ দুটি পৃথক গুণ আৰু চাৰিত্ৰিক বৈশিষ্ট্য হিচাপে চিহ্নিত কৰিছে। অসমীয়াত সেইকেইটিৰ মাজত সূক্ষ্ম পাৰ্থক্য স্পষ্ট কৰিবলৈ ভাষাগত দিশৰ পৰা আহুকাল আছে। আৰু এটা কথা; বীৰ-বন্দনাৰ আলোচনাত বীৰ, নায়ক, নেতা, আদৰ্শব্যক্তি আদি যদিও “বীৰ”-ৰ সঠিক সমাৰ্থক নহয়, বিদ্বানসকলে দেখুৱাইছে যে বীৰত্বৰ বিষয়ে আলোচনাত সেইবোৰ শব্দৰ (heroes, leaders, role models আদি) অৰ্থৰ প্ৰায়েই উপৰিপাতন কিম্বা সমাৰোপন ঘটে, সিহঁতৰ মাজত পাৰ্থক্যৰ সীমাৰেখাডাল সাধাৰণতেই ধূসৰ হৈ পৰে (দ্ৰষ্টব্য: Z. E. Franco, S. T. Allison, E. L. Kinsella, A. Kohen, M. Langdon, and P. G. Zimbardo, Heroism Research: A Review of Theories, Methods, Challenges, and Trends, Journal of Humanistic Psychology, 2016, 58 : 4)। তেনে বিবিধ এৰাব-নোৱাৰা আহুকাল থাকিলেও, আলোচনাৰ এই অংশত অতি প্ৰাসংগিক এই প্ৰশ্নটো আহি পৰে—বীৰৰ চাৰিত্ৰিক উপাদানৰ ৰেহৰূপবোৰ কেনেকুৱা? এই সংক্ৰান্তত আমি সমীক্ষাভিত্তিক এটা চিত্তাকৰ্ষক গৱেষণাৰ ফলাফললৈ লক্ষ্য কৰিব পাৰোঁ।
উত্তৰ এমেৰিকা, ইউৰোপ, এচিয়া, অষ্ট্ৰেলিয়া আৰু আফ্ৰিকা মহাদেশৰ বিভিন্ন বয়সৰ নাৰী-পুৰুষক সাঙুৰি উক্ত অধ্যয়নটি সম্পন্ন কৰা হৈছিল। উল্লেখযোগ্য যে অংশগ্ৰহণকাৰীসকল আছিল সৰ্বসাধাৰণ লোক, অনুসন্ধানটোৰ বাবে তেওঁলোকক নিৰ্বাচন কৰা হৈছিল যাদৃচ্ছিকভাৱে। অধ্যয়নলব্ধ তথ্যৰ পৰা বীৰৰ ভালেকেইটি কেন্দ্ৰীয় আৰু আনুষংগিক গুণ বা চৰিত্ৰ লিপিবদ্ধ কৰিব পৰা গ’ল। দেখা গ’ল যে অকুতোভয় মানসিকতা, নৈতিক সততা, প্ৰত্যয়দীপ্ত দৃঢ়তা, সাহসী মন, আত্মত্যাগ, ৰক্ষাকাৰী চৰিত্ৰ, সততা, স্বার্থহীনতা, দৃঢ়প্রতিজ্ঞ মানসিকতা, উদ্ধাৰকৰোঁতা, উদ্দীপক আৰু সহায়কৰোঁতা—এই বাৰটা কেন্দ্ৰীয় গুণাৱলী একোগৰাকী বীৰৰ মাজত মূৰ্ত্ত কিম্বা আৰোপিত হয়। তাৰ লগতে দেখা গ’ল যে অন্য তেৰটা আনুষংগিক গুণো বীৰৰ মাজত দেখা যায়। সেইকেইটা হ’ল, সদা-সক্ৰিয়তা, বিনীত স্বভাৱ, শক্তিবান, ৰিস্ক লওতা, ভীতিহীন, পৰিচৰ্যক, ক্ষমতাশালী, কৰুণাময়, দক্ষ নেতৃত্ব, ব্যতিক্ৰমী, বুদ্ধিমান, প্ৰতিভাবান আৰু সহৃদয়। কৈ অহা হৈছে যে উপৰিউক্ত গুণাৱলী সংজ্ঞায়িত কৰা হৈছিল সৰ্বসাধাৰণ মানুহৰ ধ্যান-ধাৰণাৰ ওপৰত ভিত্তি কৰি। লক্ষ্যনীয়, সৰ্বসাধাৰণৰ তেনে ধাৰণা যে বৈদ্যায়তনিক কিম্বা আভিধানিক অৰ্থৰ সৈতে মিলি পৰে, সেইটো কথা গৱেষকৰ দলটিয়ে উনুকিয়াই দিছে। আমি পৰিভাষাগত সমস্যাৰ কথাটি আগতে উনুকিয়াই আহিছিলোঁ। গৱেষণাপত্ৰখনিত উল্লেখ কৰা বীৰৰ মূল চৰিত্ৰাৱলীৰ অসমীয়া পৰিভাষাকেইটি নিশ্চয় সঠিক হোৱা নাই; অৱশ্যে এই আসোঁৱাহটোৱে আমাৰ আলোচ্য প্ৰসংগটো সাংঘাতিকধৰণে বিপৰ্যস্ত নকৰে বুলিয়েই ধাৰণা কৰিছোঁ [হ’লেও, মূল শব্দকেইটিৰ বাবে দ্ৰষ্টব্য: E. L. Kinsella, T. D. Ritchie and E. R. Igou, Zeroing in on heroes: a prototype analysis of hero feature, Journal of Personality and Social Psychology, 2015, 108 (1), pp. 114-127।]।
উপৰিউক্ত আলোচনাৰ পৰা বীৰৰ অৰ্থ অলপ হ’লেও নিশ্চয় স্পষ্ট হৈছে। এতিয়া বীৰ-বন্দনানো কি, সেইটো প্ৰশ্নলৈ চকু দিয়া যাওঁক। ড০ হীৰেন গোহাঁই সম্পাদিত আৰু সিদ্ধাৰ্থ বৰুৱা সংকলিত The New Millennium Pronouncing Anglo-Assamese Dictionary-ত (2003) “বীৰ-পূজা”-ক ইংৰাজী Hero-worship-ৰ প্ৰতিশব্দ হিচাপে ব্যৱহাৰ কৰা হৈছে। এই হীৰ’-ৱৰ্শ্বিপনো কি? অভিধানখনত আমি শব্দটিৰ অৰ্থটো পাওঁ এনেদৰে—“exaggerated admiration for someone” (পূৰ্বোক্ত অভিধান, p. 373)। ইণ্টাৰনেট যোগে সহজতে পোৱা অন-লাইন অভিধান Collins English Dictionary-ত Hero-worship শব্দটোৰ অৰ্থ তেনেই চমুকৈ দিয়া আছে এইধৰণে, “Hero-worship is a very great admiration of someone and a belief that they are special or perfect” । আমি চমুকৈ ক’ব পাৰোঁ, বীৰ-পূজা কিম্বা বীৰ-বন্দনা হৈছে কোনো বিখ্যাত চৰিত্ৰৰ প্ৰতি থকা অতল শ্ৰদ্ধাজনিত আৰু মুগ্ধতাসম্ভূত দ্বিধা-প্ৰশ্নহীন বিশ্বাসে জন্ম দিয়া এক ধাৰণা—যি ধাৰণাই তেনে চৰিত্ৰটোক এগৰাকী অসাধাৰণ, অতি-বিশিষ্ট, ব্যতিক্ৰমী আৰু অপ্ৰমাদী ব্যক্তি বুলি বিশ্বাসীৰ মনত আৰোপিত কৰে।
(৩)
মানৱ-ইতিহাসত বীৰ-বন্দনাৰ ইতিহাস বহু দীঘলীয়া। ৰামায়ণ, মহাভাৰত, ইলিয়াড আদিৰ দৰে যুগজয়ী প্ৰাচীন মহাকাব্য-পুৰাণৰ কথা-কাহিনীত অজস্ৰ বীৰ আৰু বীৰ-বন্দনাৰ কথা পঢ়িবলৈ পোৱা যায়। ৰাম, ইন্দ্ৰজিৎ, অৰ্জুন, ভীষ্ম, কৰ্ণ, একিলেছ, হেক্টৰ, হেৰাক্লেছ আদি কাল্পনিক বীৰৰ বীৰত্বব্যঞ্জক সুপ্ৰাচীন গাঁথা যুগ যুগ ধৰি মানুহে একেই আগ্ৰহেৰে শুনি আহিছে। সাধাৰণতেই প্ৰাচীন যুগৰ কল্পকথাৰ তেনে বীৰসকলৰ জন্ম আৰু জীৱনৰ সৈতে কোনো কাল্পনিক ঐশী ঘটনাক সম্পৰ্কিত কৰি পেলোৱা হৈছিল; তেনে বীৰসকলক প্ৰায়েই দেৱতা-ঈশ্বৰজাত বুলি কোৱা হৈছিল, নতুবা বিশ্বাস কৰা হৈছিল তেওঁলোকে জীৱনত কোনো দৈৱী হস্তক্ষেপ লাভ কৰা বুলি। বেবিলনৰ বীৰ গিলগামেছৰ মাতৃ ৰূপে কল্পনা কৰা হৈছিল দেৱী নিনছুনক। মহাভাৰতৰ মহাবীৰ কৰ্ণ আছিল সূৰ্যপুত্ৰ। গ্ৰীক পুৰাণৰ হেৰাক্লেছ (ৰোমানৰ হাৰ্কিউলিছ) আছিল দেৱৰাজ জিউছৰ সন্তান। তেনে উদাহৰণ বিভিন্ন দেশৰ প্ৰাচীন পুৰাণসমূহত অসংখ্য। মানুহৰ মনত তেনে কাল্পনিক বীৰসকলৰ স্থান আছিল মৃত্যুহীন দেৱতা আৰু নশ্বৰ মানৱৰ মধ্যৱৰ্তী সীমাত [দ্ৰষ্টব্য: The Encyclopedia of Religion, M. Eliade (Ed.), 1987, Vol 6, p. 302]। সময় বাগৰাৰ লগে লগে—সমাজখনৰ আৰ্থ-সামাজিক অগ্ৰগতিৰ সৈতে সংগতি ৰাখি—বীৰৰ ধাৰণাটোৰ নিৰীশ্বৰকৰণ অৱধাৰিত হৈ পৰিছিল। ক্ৰমাৎ দৈৱী কিম্বা ঐশী মহিমাৰ আৱৰ্তৰ পৰা ওলাই আহিলেও মানৱ-সমাজৰ পৰা, মানুহৰ মনস্তত্ত্বৰ পৰা বীৰৰ ধাৰণাটোৰ অৱলুপ্তি নঘটিল। ঐশী উৎসসম্ভূত বীৰসকলৰ স্থান ললে কোনো ঐতিহাসিক ব্যক্তিয়ে, বীৰৰ প্ৰতি ক্ষেত্ৰবিশেষে কৰা পূৰ্বৰ ধৰ্মীয় উপাসনাই ক্ৰমে ছেকুলাৰ বীৰ-বন্দনাৰ ৰূপ ল’লে। কিন্তু বীৰৰ প্ৰতি থকা সেই সুগভীৰ শ্ৰদ্ধা আৰু অভিভূত মুগ্ধতাৰে পৰিপূৰ্ণ, দ্বিধা-প্ৰশ্নহীন বিশ্বাসৰ ক্ষেত্ৰত বিশেষ পৰিৱৰ্তন সংঘটিত নহ’ল। যুগনায়ক আখ্যা পোৱা কোনো কোনো বাস্তৱৰ ঐতিহাসিক বীৰৰ বাসগৃহ, সমাধি কিম্বা সংৰক্ষিত মৃতদেহ হৈ পৰিল বহুতৰে বাবে তীৰ্থস্থান সদৃশ, ধৰ্মীয় পূজা-পাতল যদিও তাত অনুপস্থিত, সেইসমূহত শ্ৰদ্ধা-ভক্তিত অৱনত অগণন অনুগামীৰ শিৰ সুস্পষ্টভাৱে আজিও বিদ্যমান। এটা উৎসই জানিবলৈ দিছে যে বছৰে প্ৰতি লেনিনৰ সংৰক্ষিত দেহটো দৰ্শন কৰিবলৈ যোৱা মানুহ সংখ্যা প্ৰায় আঢ়ৈ মিলিয়ন (ইণ্টাৰনেটত তথ্যটো পাবলৈ ইয়াতে টিপক)। অনুমান কৰিব পাৰি, তাৰ মাজৰ বহুজনৰ মনত লেনিন বীৰ হিচাপে বন্দিত।
বীৰ-বন্দনাৰ তেনে ভক্তিমাৰ্গীয় ৰূপটোৰ প্ৰসংগত আমি কাৰ্লাইলৰ কথালৈ মনত পেলাব পাৰোঁ। বিশ্ববিশ্ৰুত পণ্ডিত টমাছ কাৰ্লাইল আছিল বীৰ-বন্দনাৰ এগৰাকী কৰিৎকৰ্মা উদ্গাতা। জানিবলৈ পোৱা মতে বীৰ-বন্দনা (Hero-Worship) শব্দ-যুগলটি পোন-প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছিল তেখেতেই (দ্ৰষ্টব্য: Z. E. Franco, S. T. Allison, E. L. Kinsella, A. Kohen, M. Langdon, and P. G. Zimbardo, Heroism Research: A Review of Theories, Methods, Challenges, and Trends, Journal of Humanistic Psychology, 2016, 58 : 4)। ইতিহাসৰ বহুতো বিখ্যাত চৰিত্ৰক কাৰ্লাইলে নিজে বীৰ-বন্দনাৰে মহিমামণ্ডিততো কৰিছিলেই, লগতে তেওঁ ঘোষণা কৰিছিল যে বীৰৰ উপাসনা কৰাটো মানৱ-জাতিৰ বাবে এটা বৰ জৰুৰী কৰ্ত্তব্য বুলি পৰিগণিত হোৱা উচিত। কাৰ্লাইলৰ এখনি বিখ্যাত গ্ৰন্থ হৈছে “On Heroes, Hero-Worship, and the Heroic in History, —এইখন হৈছে পণ্ডিতগৰাকীৰ কেইটিমান বক্তৃতাৰ সাৰ-সংকলন (গ্ৰন্থখনৰ এটি ইণ্টাৰনেট সংস্কৰণ পঢ়িবলৈ ইয়াতে টিপক)। গ্ৰন্থখনত কাৰ্লাইলে বিভিন্ন ক্ষেত্ৰৰ বহুকেইজন “বীৰ”-ৰ, যেনে ধৰ্মসংস্কাৰ আন্দোলনৰ কাণ্ডাৰী মাৰ্টিন লুথাৰ, মহাকবি ডাণ্টে আৰু শ্বেক্সপীয়াৰ, ইছলামধৰ্ম প্ৰৱৰ্তক হজৰত মহম্মদ, বিপ্লৱী ফৰাচী চিন্তানায়ক জ্যা জ্যাক ৰুছোঁ, সমৰবিদ আৰু মহাযোদ্ধা অলিভাৰ ক্ৰমৱেল আৰু নেপোলিয়ন বোনাপাৰ্ট আদিক ইতিহাসৰ একো একোজন বীৰপুৰুষ বুলি আখ্যায়িত কৰিছে। কাৰ্লাইলৰ মতে, তেনে বীৰসকল হ’ল মানৱ-ইতিহাসৰ স্ৰষ্টা আৰু আত্মা, মানৱ-সভ্যতাৰ ঘাই শিপা হৈছে তেওঁলোক—এই শিপাৰ ওপৰতে সকলো থিয় হৈ আছে, মূল শিপাই আহৰণ কৰা সাৰ-পানীৰ সহায়তেই সভ্যতাৰ পৰিপুষ্টি আৰু বিকাশ ঘটে। সেইবাবেই, ইতিহাসৰ তেনে বিখ্যাত ব্যক্তিসকলক অপৰিসীম শ্ৰদ্ধা-ভক্তিজনিত বীৰ-বন্দনাৰে বিভূষিত কৰাটো মানৱ-জাতিৰ কৰ্ত্তব্য হোৱা উচিত। কাৰ্লাইলে আনকি কৈছিল যে বিশ্বৰ ইতিহাস আচলতে হৈছে বীৰসকলৰ জীৱনীহে (বিস্তাৰিত আলোচনাৰ বাবে দ্ৰষ্টব্য: S. T. Allison and J. D. Green, Nostalgia and Heroism: Theoretical Convergence of Memory, Motivation, and Function, Frontiers in Psychology, 11: 577862)।
কাৰ্লাইলৰ বিশাল পাণ্ডিত্যৰ কথা মনত ৰাখিও আমি কিন্তু উপৰিউক্ত মতক প্ৰমাদহীন বুলি ভাবিলে ডাঙৰ ভুল হ’ব। কোনো এজন ব্যক্তি সম্পূৰ্ণ নিজৰ ইচ্ছা বা মৰ্জিত এককভাৱে কোনো ঐতিহাসিক ভূমিকাত অৱতীৰ্ণ হৈ বীৰ হৈ পৰিব নোৱাৰে। কোনো ব্যক্তিক ঐতিহাসিক ঘটনাক্ৰমৰ একক উদ্গাতা আৰু নিয়ন্ত্ৰক বুলি প্ৰক্ষেপ কৰাটো ভুল, তেনে ধাৰণাই সামাজিক দ্বান্দ্বিকতাৰ বস্তুগত ভিত্তিটোকেই অস্বীকাৰ কৰে। কোনো সন্দেহ নাই, বীৰ বুলি বন্দিত হোৱা সৰহভাগ ব্যক্তি হৈছে বিৰল-ব্যতিক্ৰমী প্ৰতিভাৰ অধিকাৰী একো একোজন যুগন্ধৰ মহানায়ক। হ’লেও, তেনে প্ৰভাৱশালী যুগকাণ্ডাৰীসকল প্ৰকৃততে হৈছে বিৰাট পৰিসৰৰ দ্বন্দ্বমুখৰ আৰ্থ-সামাজিক-ৰাজনৈতিক ঘটনাক্ৰমৰ সন্তানহে মাত্ৰ। লগতে আমি মনত ৰাখিব লাগিব, তেনে ঘটনাবোৰৰো ঐতিহাসিক ক্ৰম আছে, ইতিহাসৰ পাতত পঢ়িবলৈ পোৱা ঘটনাবোৰৰ আঁৰতো থাকে বিবিধ আৰ্থ-সামাজিক-ৰাজনৈতিক কাৰকৰ টনা-আঁজোৰা। গতিকে, কাৰ্লাইলে কোৱাৰ দৰে বীৰ একোজনে নিজস্বভাৱে যুগ এটাৰ জন্ম নিদিয়ে, বৰঞ্চ বীৰ হৈছে যুগ একোটাৰ সন্তানহে। অৱশ্যে তেনে ব্যক্তিয়ে যে সমাজৰ ওপৰত, ইতিহাসৰ গতিৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়, সেই কথাটোক অস্বীকাৰ কৰাৰ কথাই নাহে। এইটো মাত্ৰ ইতিহাসৰ কথাতেই প্ৰযোজ্য নহয়, মানৱীয় তৎপৰতাৰ অন্যান্য দিশতো—যেনে বিজ্ঞান, ক্ৰীড়া, সংগীত আদিৰ ক্ষেত্ৰতো ব্যক্তিবিশেষৰ পাৰদৰ্শিতাক অস্বীকাৰ কৰাটো অসম্ভৱ। সমস্যাৰ উদ্ভৱ হয়, যেতিয়া কোনো ব্যক্তিবিশেষক ইতিহাসৰ একক আৰু অদ্বিতীয় কাণ্ডাৰী বুলি প্ৰক্ষেপ কৰি বীৰ-বন্দনাৰে বিভূষিত কৰা হয়। এই মাৰ্গৰ চিন্তা ইতিহাসৰ বস্তুবাদী আৰু বৈজ্ঞানিক বিশ্লেষণৰ পৰিপন্থী। উদাহৰণ স্বৰূপে আমি ক্ৰমৱেলৰ জীৱনলৈ লক্ষ্য কৰিব পাৰোঁ। কাৰ্লাইলৰ দৰে অন্য বহুতেই বীৰ বুলি আখ্যা দিয়া ক্ৰমৱেলৰ সময়ত প্ৰকৃততে কি ঘটিছিল? ক্ৰমৱেলৰ সময়ত সামন্তপ্ৰথাভিত্তিক একীভূত ৰাজতন্ত্ৰৰ আৰ্থ-সামাজিক গাঁথনিটো উৱলি যোৱাৰ উপক্ৰম হৈছিল, সমাজত নতুন উৎপাদন সম্পৰ্কৰ জোঁট-বিন্যাসৰ উকমুকণিয়ে দেখা দিছিল তেতিয়া। সেইটো কোনো ব্যক্তিবিশেষৰ ইচ্ছা-অনিচ্ছাৰ ওপৰত নিৰ্ভৰ কৰি সংঘটিত হোৱা ঘটনা নাছিল, সি আছিল ব্যাপক পৰিসৰৰ অৰ্থনৈতিক দ্বন্দ্বই কঢ়িয়াই অনা অৱধাৰিত সামাজিক পৰিণতি। তেনে ঐতিহাসিক ঘটনাক্ৰমৰ অবিহনে ক্ৰমৱেলৰ বীৰত্ব সম্ভৱেই নাছিল। সামাজিক দ্বন্দ্ব-সংঘাতৰ সত্যটোক অস্বীকাৰ কৰি কোনো বীৰৰ কান্ধত ইতিহাস পৰিচালনাৰ দায়িত্ব অৰ্পণ কৰিলে বস্তুনিষ্ঠ ইতিহাস চৰ্চা অসম্ভৱ হৈ পৰে। প্ৰশ্ন উঠিব, তেনেহ’লে বাৰু ইতিহাসৰ বিশ্লেষণত আমি ব্যক্তিৰ ভূমিকাক সম্পূৰ্ণ অগ্ৰাহ্য কৰিব লাগিব নেকি? এইটো হৈছে কথাটোৰ বিপৰীত ফালৰ চূড়ান্ত বিন্দু। ঐতিহাসিক ঘটনাক্ৰমে ব্যক্তিক যুগনায়কলৈ উন্নিত কৰে, তেনে দিকপাল ব্যক্তিয়ে আকৌ উভতি যুগটোৰ ওপৰতেই সুগভীৰ প্ৰভাৱ পেলায়। তাৰে কোনো এটাক অস্বীকাৰ কৰিলে আমি ইতিহাসৰ খণ্ডিত কিম্বা ভ্ৰান্ত চিত্ৰ এখনহে লাভ কৰিম। এইখিনিতে অসমৰে দুগৰাকী প্ৰভাৱশালী সুলেখকৰ উদাহৰণ আলোচনালৈ আনিব পাৰি। সুন্দৰ ব্যতিক্ৰমী ৰচনাশৈলীৰ বাবে স্বমহিমাৰে অসমীয়া সাহিত্যত নিজৰ স্থান যুগমীয়া কৰা বেণুধৰ শৰ্মাই মণিৰাম দেৱানৰ সন্দৰ্ভত বিশুদ্ধ বীৰ-বন্দনাৰ আশ্ৰয় লৈ সাংঘাতিক একদেশদৰ্শীতাৰ পৰিচয় দিছিল। সত্যেন বৰকটকীৰ “নাঁপলেয় ব’নাপাৰ্ট” হৈছে প্ৰচুৰ তথ্যসম্বলিত এখন অতিশয় জ্ঞানবৰ্ধক সুখপাঠ্য গ্ৰন্থ, এনে অভিনৱ ৰচনাশৈলীৰ গ্ৰন্থ অসমীয়াত নায়েই বুলিব পাৰি। এই গ্ৰন্থখন নেপোলিয়নৰ বীৰ-বন্দনাৰে ভাৰাক্ৰান্ত হৈ পক্ষপাতদুষ্ট হৈ পৰিছে। অতিশয় পৰিশ্ৰমী বস্তুনিষ্ঠ গৱেষক আৰু মননশীল লেখক প্ৰসেনজিৎ চৌধুৰীদেৱে “বীৰ-বন্দনা আৰু ‘বৌদ্ধিক ব্যাধি’” শীৰ্ষক এটি সুলিখিত প্ৰবন্ধত বহুতো তথ্য-পাতিৰে সেই মাৰ্গৰ ইতিহাস-চৰ্চাৰ আঁসোৱাহ অতি স্পষ্টভাৱে ফঁহিয়াই দেখুৱাইছে (দ্ৰষ্টব্য: প্ৰসেনজিৎ চৌধুৰী, সমাজ সংস্কৃতি ইতিহাস, ২০০৭, পৃ. ৯৬-১১৮)। বীৰ-বন্দনাৰ তেনে নেতিবাচক দিশৰ প্ৰতি আমি সচেতন হোৱা প্ৰয়োজন। এই কথাটো মাত্ৰ ইতিহাসৰ বিচাৰ-বিশ্লেষণৰ বেলিকাহে দৰকাৰী, সেইটো নহয়। মানুহৰ কৰ্মকাণ্ডৰ অন্যান্য দিশতো ই সমান গুৰুত্ত্বপূৰ্ণ।
(৪)
আলোচনাৰ উপৰিউক্ত দফাটোৰ পৰা আমি দেখিছোঁ যে ঐতিহাসিক ঘটনাক্ৰমৰ পৰিণতিত ব্যক্তি একোজন যুগনায়ক হয়গৈ, আৰু বহুত মানুহে তেনে ব্যক্তিক বন্দনা কৰে বীৰ হিচাপে। এইখিনিতে এটা প্ৰাসংগিক প্ৰশ্ন উত্থাপিত হ’ব। বীৰ বুলি আখ্যায়িত হৈ পৰা ব্যক্তিক মানুহে শ্ৰদ্ধা-ভক্তিৰে বন্দনা কৰে কিয়?
ব্যক্তি একোজন বীৰ হিচাপে পৰিগণিত হোৱাৰ আঁৰত যেনেকৈ পূৰ্বে আলোচিত কাৰকসমূহ বিদ্যমান, তেনেকৈয়ে বীৰ এজনক মানুহে বন্দনা কৰাৰ নেপথ্যতো সক্ৰিয় হৈ থাকে নানান সামাজিক, ৰাজনৈতিক আৰু মনস্তাত্ত্বিক কাৰণ। কোনো সন্দেহ নাই, বীৰ-বন্দনাই মানুহৰ কিছুমান মনস্তাত্ত্বিক প্ৰয়োজন পূৰণ কৰে। নিজৰ সামাজিক স্থিতি, মানসিক অৱস্থা, মতাদৰ্শগত অৱস্থান আদিৰ সৈতে সংগতিপূৰ্ণ, আপোনা আপোন যেন লগা কোনো বীৰৰ বন্দনাই মানুহক গভীৰ মানসিক স্বস্তি প্ৰদান কৰে। কঠোৰ বাস্তৱৰ বিভিন্ন ঘাত-প্ৰতিঘাতৰ ঘূৰ্ণাৱৰ্তৰ মাজত বিপৰ্যস্ত হৈ পৰা মানুহে বীৰ-বন্দনাৰ মাজত এক উমাল মানসিক আশ্ৰয়ৰ সন্ধান পায়। অন্যহাতেদি সক্ৰিয়, সতেজ আৰু উদ্যমী লোকৰ বাবে বীৰ-বন্দনা হৈ পৰে মনস্তাত্ত্বিক উদ্দীপনাৰ তেজাল উৎস। অৱশ্যে বীৰ-বন্দনাৰ নেপথ্যৰ কাৰণ মাত্ৰ মানুহৰ মনস্তত্ত্ব বুলি ধৰিলে আমাৰ বিচাৰ-বিশ্লেষণ খণ্ডিত হৈ পৰিব। বীৰৰ ধাৰণা আৰু বীৰ-বন্দনাৰ স্বৰূপটো বহুমাত্ৰিক; তাত বিভিন্ন দিশৰ সমাৰোহ ঘটে। সামাজিক, মনস্তাত্ত্বিক, সাংস্কৃতিক, ভাবাদৰ্শগত আৰু ৰাজনৈতিক দিশ হৈছে বীৰ আৰু বীৰ-বন্দনাৰ একো একোটা অংগাংগী উপাদান (দ্ৰষ্টব্য: Y. Zhang and S. Zhang, Research of “heroism” as a social phenomenon from the perspective of cultural anthropology, International Journal of Frontiers in Sociology, 2021, 3: 49-52)। বহুতো গৱেষকে মত পোষণ কৰে যে তেনেই সৰুতে ল’ৰা-ছোৱালীয়ে পিতৃ-মাতৃ বা পৰিয়ালৰ লোকক নিজৰ মনত বীৰৰ দৰে এক বিশেষ স্থান দিয়ে (দ্ৰষ্টব্য: K. J. Anderson and D Cavallaro, Parents or Pop Culture? Children’s Heroes and Role Models, Childhood Education, 2002, 78:3, 161-168); তেওঁলোকৰ মাজত শিশুৱে লাভ কৰে নিৰাপত্তাৰ আশ্বাস, লগতে বিচাৰি পায় অভিভূত হৈ অনুকৰণ কৰিব পৰা বিবিধ উপাদান। বয়স বঢ়াৰ লগে লগে শিশুৰ মানসিক বৰ্ধনো হৈ থাকে—লাগে লাহে জীৱনলৈ কৈশোৰ আৰু যৌৱনকালৰ আগমণ ঘটে; লগে লগে নতুন নতুন আগ্ৰহ, ৰুচিবোধ আদিও তেওঁলোকৰ মনত গঢ় লৈ উঠে। তেনে পৰিৱৰ্তনৰ সৈতে সংগতি ৰাখি তেওঁলোকৰ মনলৈ বিবিধ আৰু বিচিত্ৰ ক্ষেত্ৰৰ বীৰৰ ধাৰণাৰো আগমণ ঘটে। শিক্ষক-শিক্ষয়িত্ৰী, গায়ক, অভিনেতা, খেলুৱৈ, যুঁজাৰু মানুহ, সাহসী অভিযাত্ৰী, বিজ্ঞানী, সাহিত্যিক আদি তেওঁলোকৰ মনত বীৰ হিচাপে প্ৰতিভাত হ’ব পাৰে। আনকি গল্প-চিনেমা-কমিকৰ কিছুমান কাল্পনিক চৰিত্ৰ, যেনে ৰবীনহুড, ফেণ্টম, টাৰ্জান, বেটমেন আদিয়েও তেওঁলোকৰ মনত বীৰ হিচাপে ঠাই লোৱাটো সম্ভৱ। মন কৰিবলগীয়া কথা, উঠি অহা ল’ৰা-ছোৱালীয়ে কোঠাৰ দেৱালত তেনে বীৰৰ প’ষ্টাৰ, ফটো আদি লগাই থোৱা সততেই পৰিলক্ষিত হয়। কিশোৰ-কিশোৰী কিম্বা যুৱক-যুবতীৰ মানসিক পৰিৱৰ্তনৰ ধাৰাটো জীৱনৰ পৰৱৰ্তী কালতো অব্যাহত থাকে। ক্ৰমাৎ তেওঁলোকৰ মনত গঢ় লৈ উঠে এটা ভাবাদৰ্শগত জীৱনবীক্ষা। নিজৰ ভাবাদৰ্শৰ সৈতে অবিৰোধী আৰু সংগতিপূৰ্ণ কোনো বীৰৰ সৈতে একাত্ম হৈ তেওঁলোকে বিচাৰি পায় মানসিক স্বস্তি আৰু নিৰাপত্তা। মানুহৰ মাজৰ ভাবাদৰ্শৰ ভিন্নতাৰ বাবে আমি সেয়েহে হৰেক ৰকমৰ বীৰৰ সন্ধান পাওঁ। নিজৰ মতাদৰ্শৰ সৈতে বিৰোধী আৰু অসংগতিপূৰ্ণ কোনো চৰিত্ৰ কেতিয়াও এজন ব্যক্তিৰ মনত বীৰ হিচাপে পৰিগণিত নহয়। উদাহৰণ স্বৰূপে, হিংসা-হত্যাৰ বিৰোধী মতাদৰ্শৰ সৎ মানুহে নাথুৰামক বীৰ বুলি বিবেচনাই নকৰিব। মতাদৰ্শৰ ভিন্নতাৰ বাবেই কাৰোবাৰ মনত হয়তো কোনো নিৰীশ্বৰবাদী বিপ্লৱী নেতা হৈ পৰে অবিসংবাদী বীৰ, অন্যৰ বাবে হয়তো তাৰ স্থানত থাকে কোনো মতান্ধ ধৰ্মগুৰু! বীৰৰ ধাৰণাটো তেনেদৰেই ক্ৰমাৎ মানুহৰ বিশ্বাসতন্ত্ৰ আৰু মতাদৰ্শৰ সৈতে সম্পৃক্ত হৈ পৰে। হিটলাৰক যিদৰে একাংশ মানুহে বীৰৰ স্থান দিছিল, তেনেদৰেই অন্য একাংশ মানুহে হিটলাৰক শেষ কৰি দিয়াৰ বাবে স্তালিনক বন্দনা কৰে মহাবীৰ হিচাপে। সেয়েহে শেষ বিচাৰত বীৰ-বন্দনাত প্ৰকৃততে মূৰ্ত্ত হয় মানুহৰ বিশ্বাসতন্ত্ৰ আৰু ভাবাদৰ্শগত অৱস্থান।
উপৰিউক্ত আলোচনাৰ পৰা নিশ্চয় স্পষ্ট হৈছে যে মানুহৰ মনৰ বীৰ বিভিন্ন আৰু বহুধাবিভক্ত ক্ষেত্ৰৰ, যেনে ক্ৰীড়া, সাহিত্য, বিজ্ঞান, যুদ্ধ, ধৰ্ম, ৰাজনীতি আদিৰ হোৱাটো সম্ভৱ। সময়প্ৰবাহৰ পৰিপ্ৰেক্ষিতত আমি আকৌ বীৰসকলক দুটা ভাগত বিভক্ত কৰিব পাৰোঁ। প্ৰথম, কোনো এক নিৰ্দিষ্ট সময়পৰ্বৰ সমসাময়িক কালৰ কোনো ব্যক্তি। দ্বিতীয় ভাগত পৰিব কোনো সময়পৰ্ব সাপেক্ষে অতীতৰ কোনো ঐতিহাসিক চৰিত্ৰ। এইটো শ্ৰেণীবিভাজনত বীৰৰ শুভাশুভ চৰিত্ৰটো অপ্ৰাসংগিক। কেইটিমান উদাহৰণে কথাটো পৰিষ্কাৰ কৰিব। প্ৰথমভাগৰ বীৰৰ উদাহৰণ হিচাপে আমি আলেকজেণ্ডাৰ, নেপোলিয়ন, লেনিন, স্তালিন, মাও জে ডং, হো চি মিন, ফিডেল কাষ্ট্ৰো, চে গুৱেভাৰা, মোহনদাস গান্ধী, ডিয়াগ’ মাৰাডোনা, এডল্ফ হিটলাৰ, বেনিটো মুচোলিনি, চাদ্দাম হুচেইন আদিলৈ আঙুলিয়াব পাৰোঁ। এইসকল ঐতিহাসিক ব্যক্তিৰ বাস্তৱ অস্তিত্ব আছিল আৰু তেওঁলোক নিজৰ সময়তেই বহুতো মানুহৰ মনত বীৰ বুলি পৰিগণিত হৈছিল। এইটো ভাগৰ কিছুমানক যে পৰৱৰ্তী যুগৰ মানুহে বীৰৰ আসনৰ পৰা অপসাৰিত কৰিছিল, সেইটো কথাও স্মৰ্তব্য। দ্বিতীয় ভাগৰ উদাহৰণ, জিওৰ্ডানো ব্ৰুনো, জুলিয়াছ ফুচিক, ৰাণা প্ৰতাপ, এন ফ্ৰাংক, ভিক্টৰ জাৰা আদি। নিজৰ জীৱনকালত এইসকল লোক ব্যাপক সংখ্যক মানুহৰ মানসত বীৰ ৰূপে প্ৰতিষ্ঠিত হোৱা নাছিল, পৰৱৰ্তী যুগে মৃত্যু পাছত তেওঁলোকক বহুৱাইছিল বীৰৰ আসনত। সময়-সাপেক্ষে বীৰৰ মৰ্যদালৈ আৰোহণ কিম্বা সেই স্থানৰ পৰা অপসাৰণৰ চিত্তাকৰ্ষক কথাটোও আমি সমাজ-বাস্তৱৰ দ্বন্দ্বৰ আলোকতহে বিচাৰ কৰি চাব লাগিব। ওপৰত উনুকিয়াই অহা দুটিমান চৰিত্ৰৰ আলম লৈ কথাটো বুজিবলৈ চেষ্টা কৰিব পাৰোঁ। বিশ্বব্ৰহ্মাণ্ডৰ সন্দৰ্ভত প্ৰচলিত অবৈজ্ঞানিক ধ্যান-ধাৰণাক অমিত সাহসেৰে বিৰোধিতা কৰিছিল জিওৰ্ডানো ব্ৰুনোৱে। সেইটো যুগত সৰহভাগ মানুহৰ মন আচ্ছন্ন কৰি আছিল ধৰ্মীয় চিন্তাই, সমাজত প্ৰাতিষ্ঠানিক ধৰ্মৰ কঠোৰ শাসন চলি আছিল। জীৱনকালত জিওৰ্ডানো ব্ৰুনো বীৰ হিচাপে পৰিগণিত হোৱা নাছিল, সময়তকৈ আগ বঢ়া তেওঁৰ চিন্তাই সৰহ সংখ্যক মানুহৰ মনত সৃষ্টি কৰিব পৰা নাছিল কোনো আলোড়নৰ। প্ৰচলিত মতৰ বিৰোধিতা কৰাৰ বাবে জীয়াই জীয়াই পুৰি হত্যা কৰা হৈছিল জিওৰ্ডানো ব্ৰুনোক। পৰৱৰ্তী কালত ক্ৰমাৎ বৈজ্ঞানিক চিন্তা-চৰ্চাৰ গুৰুত্ত্ব আৰু প্ৰসাৰ বাঢ়ি আহিছিল। এইটো প্ৰত্যক্ষভাৱে সমাজৰ বস্তুগত বিকাশৰ সৈতে সম্পৰ্কিত কথা আছিল। পৰৱৰ্তী যুগৰ মানুহে তেতিয়াহে অনুধাৱন কৰিবলৈ সক্ষম হৈছিল জিওৰ্ডানো ব্ৰুনো নামৰ অকুতোভয় যুগনায়কজনৰ চিন্তাৰ তাৎপৰ্য। এসময়ত অপৰাধী-পাপী বুলি হত্যা কৰা ব্ৰুনোক পৰৱৰ্তী যুগৰ বহুতো মানুহে বীৰৰ আসনত বহুৱালে। কথাটো দেখ্দে্খকৈ সামাজিক দ্বন্দ্ব-সংঘাতৰ সৈতে সম্পৰ্কিত হৈ আছে। ইয়াত কাৰোবাৰ হৃদয়ৰ পৰিৱৰ্তন বাবে, অনুতাপত দগ্ধ হৈ পূৰ্বৰ মনোভাব সলনি কৰাৰ দৰে কোনো কথা নাই। ৰাণা প্ৰতাপ আছিল তেতিয়াৰ এই উপমহাদেশৰ এচুকৰ এজন প্ৰান্তীয় ৰজা। তেওঁ লিপ্ত হোৱা যুঁজবোৰৰ আঁৰৰ মূল কাৰণ আছিল পক্ষ-বিপক্ষৰ নিজ নিজ স্বাৰ্থকেন্দ্ৰিক সংঘাত। তাত বৃহৎ পৰিসৰৰ, সমগ্ৰ ভাৰতবৰ্ষৰ পটভূমিত কোনো বিশেষ দেশপ্ৰেমৰ কথা নাছিল—কিয়নো প্ৰতিপক্ষ আকবৰো আছিল এগৰাকী ভাৰতীয় মানুহ। কিন্তু পৰৱৰ্তী সময়ত ৰাণা প্ৰতাপক প্ৰক্ষেপ কৰা হ’ল দেশপ্ৰেমত উদ্বুদ্ধ এজন মহান ভাৰতীয় বীৰ হিচাপে। এই সন্দৰ্ভত আমি অন্যন্য কিছু আলোচনা কৰাৰ চেষ্টা কৰিছিলোঁ (দ্ৰষ্টব্য: কৌশিক দাস, ঐতিহ্য, অতিকথা আৰু সাম্প্ৰদায়িকতা, ধৰ্ম বিজ্ঞান যুক্তিবাদ গ্ৰন্থত, ২০০৮, পৃ. ১৩০)। কেন্দ্ৰীভূত মোগল শাসনৰ বিপক্ষে যুদ্ধ কৰাই যদি কথাটোৰ কাৰণ হ’লহেতেন, তেনেহ’লে মোগল হুমায়ুনক পহু খেদা দিয়া শ্বেৰ ছাহো এগৰাকী ভাৰতীয় বীৰ বুলি পৰিগণিত হোৱা উচিত আছিল। কিন্তু তেনে নহ’ল। মোহনদাস গান্ধীক হত্যা কৰা নাথুৰাম হেজাৰ হেজাৰ ভাৰতীয়ৰ মনত পৰিচিত এটা অপৰাধী বুলি। এই নাথুৰামক একাংশ লোকে বীৰ হিচাপে প্ৰক্ষেপ কৰিবলৈ চেষ্টা চলাই আছে, বন্দনা কৰিবলৈ মূৰ্ত্তি-মন্দিৰো নিৰ্মাণ কৰা হৈছে। বিভিন্ন সামাজিক কাৰণৰ লগতে চতুৰ প্ৰচাৰৰ বলত নৰাধম হিটলাৰ জীৱিত কালত অগণন জাৰ্মান লোকৰ মনত এজন বীৰ হিচাপে বন্দিত ব্যক্তি হৈ পৰিছিল। পৰৱৰ্তী যুগৰ জাৰ্মানসকলেই হিটলাৰৰ কথা শুনিলে লজ্জিত হোৱা হ’ল। অনুমান হয়, ধূৰ্ত্ত প্ৰচাৰৰ জৰিয়তে ভাৱমূৰ্ত্তি নিৰ্মাণ কৰি বীৰ হ’বলৈ হাবিয়াস কৰা সাম্প্ৰতিক বিশ্বৰো কেইটামান দগাবাজ ৰাজনৈতিক নেতাৰ বাবেও একেই পৰিণতিয়ে অপেক্ষা কৰি আছে। আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰামত লিপ্ত কোনো উদীয়মান জনগোষ্ঠীয়ে বিস্মৃতিৰ গৰ্ভত হেৰাই যোৱা স্বগোষ্ঠীৰ কোনোবা অতীতৰ ব্যক্তিক বীৰৰ আসনত অধিষ্ঠিত কৰা পৰিলক্ষিত হয়। স্পষ্টতঃ জনগোষ্ঠী এটাৰ তেনে অগ্ৰগতিৰ সংগ্ৰাম এটা আৰ্থ-সামাজিক বিষয়। উপৰিউক্ত সকলো ঘটনাক আমি সময়সাপেক্ষে গতিশীল আৰু দ্বন্দ্বমুখৰ সামাজিক-ৰাজনৈতিক ঘটনাৱলীৰ পৰা পৃথক কৰি বিচাৰ কৰিব নোৱাৰোঁ। তেনে দ্বন্দ্ব-সংঘাতৰ বাবেই কেতিয়াবা কোনো শ্ৰেণীয়ে ইতিহাস অতিৰঞ্জিত কিম্বা বিকৃত কৰি হ’লেও কোনোবা ব্যক্তিৰ ওপৰত বীৰত্ব আৰোপ কৰিবলৈ চেষ্টা চলাই যায়; তাৰ সমান্তৰালভাৱে বিপক্ষৰ বীৰৰ ভাৱমূৰ্ত্তি বিনষ্ট কৰাত তৎপৰতা দেখুৱাও পৰিলক্ষিত হয়।
আপাতঃদৃষ্টিত আৰ্থ-ৰাজনৈতিক দিশৰ সৈতে সম্পৰ্কহীন বুলি ধাৰণা কৰা ক্ষেত্ৰসমূহো উপৰিউক্ত আৱৰ্তৰ পৰা মুক্ত নহয়। ক্ৰীড়াৰ জগতখনলৈকে চোৱা যাওঁক। কোনো দক্ষ খেলুৱৈ এগৰাকীক মাত্ৰাধিক প্ৰচাৰৰ জৰিয়তে বীৰৰ স্থানলৈ উন্নিত কৰাৰ আঁৰত ব্যৱসায়ীক গোষ্ঠীৰ সুচতুৰ হিচাপ-নিকাচো থাকিব পাৰে। এবাৰ ক্ৰিকেটৰ বিশ্বকাপৰ সময়ত এগৰাকী খেলুৱৈৰ পিতৃ-বিয়োগ হৈছিল। তেনে পাৰিবাৰিক দুৰ্যোগৰ ভিতৰতেই মাত্ৰ দুদিনমানৰ বাবে ঘৰলৈ আহি খেলপথাৰলৈ উভতি গৈছিল তেওঁ। উক্ত কাৰ্যৰ বাবে খেলুৱৈগৰাকীক মহান দেশপ্ৰেমিক আখ্যা দি বীৰ হিচাপে বন্দনা কৰা হৈছিল। পাছলৈ গম পোৱা গৈছিল যে বিজ্ঞাপনৰ বাবে খেলুৱৈগৰাকীক চুক্তি কৰোৱা বহুজাতিক কোম্পানীটোৱে তেওঁৰ ওপৰত প্ৰচণ্ড হেঁচা দিছিল খেল অব্যাহত ৰাখিবলৈ। গতিকে সেইটো মাত্ৰ খেল পথাৰৰ ভিতৰৰ কথা নাছিল। প্ৰসংগত অন্য এটা দিশলৈ মন কৰা যাওঁক। ধৰা হ’ল, এগৰাকী সুদক্ষ খেলুৱৈৰ সুনিপুণ ক্ৰীড়াশৈলীয়ে বহুতকে আপ্লুত কৰি আহিছে। এই খেলুৱৈগৰাকীয়ে যদি ৰাজনৈতিকভাৱে কোনো শত্ৰুদেশৰ বিপক্ষে সাংঘাতিক খেল প্ৰদৰ্শন কৰি চমকপ্ৰদ জয় আনি দিয়ে, তেনেহ’লে বহুতৰে পৰাই তেওঁ লাভ কৰে দেশপ্ৰেমেৰে ভৰা উচ্ছসিত বীৰ-বন্দনা। এইক্ষেত্ৰতো বিষয়টো আৰু নিৰ্ভেজাল ক্ৰীড়াৰ কথা হৈ নাথাকিল। কথাটো বিপৰীত ফালৰ পৰাও একেই। বহুতো অনুৰাগীৰ মনত বীৰ হিচাপে বন্দিত ডিয়াগো মাৰাডোনাই ১৯৮৬ চনৰ বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে দিয়া এটি গোল প্ৰকৃততে হাতেৰে দিয়া—হেণ্ডবল—আছিল। তাৰ বাবে ইংৰাজ ফুটবল-অনুৰাগীসকল ব্যথিত হোৱাটো স্বাভাবিক আছিল। কিন্তু মাৰাডোনাৰ প্ৰতি বহুতো ইংৰাজৰ খং-বিদ্বেষৰ চোক আছিল অতি বেছি—তেওঁলোকৰ বাবে মাৰাডোনা কোনো বীৰ নহয়, খলনায়কহে। ইংৰাজৰ তেনে উগ্ৰ মাৰাডোনা বিদ্বেষৰ নেপথ্যত ১৯৮২ চনৰ—সেইখন বিশ্বকাপৰ চাৰি বছৰ আগতে—ফক্লেণ্ড নামৰ দ্বীপ এটাৰ অধিকাৰকলৈ ইংলেণ্ড আৰু আৰ্জেণ্টিনাৰ মাজৰ যুদ্ধ এটা ঘাই কাৰণ বুলি ধাৰণা হয়। দেখ্দেখ্কৈ এইটো এটা ক্ৰীড়া-বহিৰ্ভূত ৰাজনৈতিক কাৰণ।
(৫)
বীৰ-বন্দনাৰ প্ৰসংগত এইখিনিতে আমি অন্য এটি গুৰুত্ত্বপূৰ্ণ দিশলৈ লক্ষ্য কৰিব পাৰোঁ। মানৱ-ইতিহাসৰ এটা পৰ্বৰ পাছত সমাজখন শ্ৰেণীৰ ভিক্তিত বিভক্ত হৈ পৰিছিল। বিভাজিত শ্ৰেণীসমূহৰ শ্ৰেণী-স্বাৰ্থ আৰু শ্ৰেণী-অৱস্থানৰ সৈতে সংগতি ৰাখিহে বীৰসকলৰ বন্দনা কিম্বা বীৰ-গাঁথাবোৰ প্ৰাণৱন্ত হৈ পৰিছিল। উদাহৰণ স্বৰূপে প্ৰাচীন ৰোমান সাম্ৰাজ্যৰ মহাবিদ্ৰোহী স্পাৰ্টাকাছ যদিও দাসসকলৰ—নিষ্পেষিত, শোষিত শ্ৰেণীটোৰ—মনত বীৰ আছিল, দাস-মালিকৰ বাবে তেওঁ আছিল এজন সমাজদ্ৰোহী অপৰাধী। এইটো কথা প্ৰত্যেকটো ঐতিহাসিক যুগতেই প্ৰযোজ্য। বৰ্তমান সময়ত লেনিন, চে, কাষ্ট্ৰ’ আদি যিদৰে একাংশ কমিউনিষ্টৰ মানসত বীৰ, পুঁজিপতি শ্ৰেণীৰ দৃষ্টিত কথাটো জানোঁ একেই হ’ব? লগতে আৰু এটা কথা আমি অতিশয় গুৰুত্ত্বসহকাৰে আলোচনা কৰা উচিত। মানৱ-সমাজখন শ্ৰেণীৰ ভিত্তিত বিভক্ত হোৱাৰ আগে-পিছে আৰু এটা বৰ ডাঙৰ নেতিবাচক ঐতিহাসিক ঘটনা মানুহৰ সমাজখনত ঘটি গৈছিল। সেইটো আছিল লিংগৰ ভিত্তিত সংঘটিত হোৱা মানুহৰ মাজৰ সুস্পষ্ট বিভাজন। আমাৰ বোধেৰে এই কথাটোৱে ক্ষেত্ৰবিশেষে শ্ৰেণীভিত্তিক বিভাজনতকৈও বহুগুণে জটিল ৰূপ লৈছিল। কিয়নো,—উদাহৰণ স্বৰূপে—দাস-মালিকৰ শোষক শ্ৰেণীটোৰ মাজতেই, একেই শ্ৰেণীৰ অৱদমিত নাৰীসকলো আছিল। তেনেদৰে আধুনিক যুগতো প্ৰলেটেৰিয়েট শ্ৰেণীটোৰ নাৰীসকল জানোঁ নিজৰ শ্ৰেণীটোৰ পুৰুষৰ দ্বাৰা অৱদমিত হোৱা নাই বুলি ক’ব পাৰি? গতিকে নাৰীসকলৰ ওপৰত শ্ৰেণীগত লুণ্ঠনৰ লগে লগে চলি থাকে লিংগভিত্তিক নিষ্পেষণ—যিটোৰ পৰা পুৰুষসকল সাধাৰণভাৱে মুক্ত। সমাজত পুৰুষতান্ত্ৰিক অৱদমনে নাৰীক ইতিহাসৰ ৰংগমঞ্চৰ অন্ধকাৰ চুকলৈ নিক্ষেপ কৰিছিল, ফ্লাড লাইটৰ পোহৰেৰে উদ্ভাসিত হৈ উঠিছিল অকল পুৰুষৰহে বীৰত্বব্যঞ্জক মুখমণ্ডল। স্বাভাবিকতেই তেনে সমাজ-বাস্তৱতা মূৰ্ত্ত কিম্বা প্ৰতিফলিত হৈছিল বীৰৰ জন্ম-সৃষ্টিৰ ক্ষেত্ৰতো। এইটো কথা সঁচা যে আলেকজেণ্ড্ৰিয়াৰ হাইপেচিয়া, ক্ৰিমিয়াৰ যুদ্ধৰ ফ্লোৰেন্স নাইটিংগেল, জাৰ্মানিৰ ৰোজা লুক্সেমবাৰ্গ, ভাৰতৰ লক্ষ্মীবাই, অসমৰ মূলা গাভৰু আদিৰ দৰে বহুতো অগ্ৰগামিনী নাৰীক আমি যুগে যুগে দেশে দেশে দেখিবলৈ পাওঁ—, এইকেইগৰাকী তাৰ কেইটিমান উদাহৰণহে মাত্ৰ। লগতে কিন্তু এইটো কথাও সঁচা যে যদিও যুগে যুগে কিছুমান মহীয়সী নাৰী বীৰাংগণা হিচাপে ইতিহাসত বিভিন্ন ক্ষেত্ৰত স্বমহিমাৰে জ্যোতিষ্মান হৈ আছে, তাৰ সংখ্যা পুৰুষ-বীৰৰ তুলনাত তেনেই তাকৰ। এইটোৰ কাৰণ নাৰীৰ কোনো স্বভাবজাত দুৰ্বলতা বুলি ভাবিলে ডাঙৰ ভুল হ’ব। প্ৰকট লৈংগিক বৈষম্যৰ বাস্তৱ পৰিস্থিতিটোক কেন্দ্ৰত ৰাখিহে সমগ্ৰ ঘটনাটো আমি বিচাৰ কৰি চাব লাগিব। আমাৰ বোধেৰে গোটেই পৰিঘটনাটোৰ দুটা দিশ আছে। প্ৰথম দিশটো সহজেই বুজিব পাৰি। পুৰুষতান্ত্ৰিক অৱদমনে নাৰীক ৰাখি থৈছিল অন্দৰমহলত, ব্যাপক সামাজিক কৰ্মকাণ্ডত ভাগ লোৱাৰ পৰা নাৰীসকল হৈছিল বঞ্চিত। অৱধাৰিতভাৱে “বীৰৰ কাম” কৰিবলৈ কোনো অৱকাশ নাছিল নাৰীসকলৰ। যিকেইগৰাকী নাৰীয়ে অন্তৰীণ অৱস্থাৰ পৰা বাহিৰৰ পৃথিৱীখনলৈ ওলাই আহি স্মৰণীয় কাম কৰিছিল, তেওঁলোক বিৰল ব্যতিক্ৰম বুলিহে আখ্যায়িত হৈ আহিছে। দ্বিতীয় কাৰণটো যদিও প্ৰায়েই চকুত নপৰে, সি কিন্তু চোৰাং স্ৰোতহৈ সমাজৰ অলিয়ে-গলিয়ে অহৰহ প্ৰবহমান হৈ থাকে। কথাটো এনেধৰণৰ; কোনো নাৰীৰ মাজত বীৰ বুলি প্ৰতিষ্ঠিত হ’বলৈ প্ৰয়োজন হোৱা সকলো গুণাৱলী প্ৰকট আৰু প্ৰকাশ হোৱাৰ পাছতো প্ৰৱল ক্ষমতাশালী পুৰুষতান্ত্ৰিক ব্যৱস্থাটোৱে তেওঁক বীৰ বুলি প্ৰক্ষেপ কৰাৰ পৰা বিৰত থাকে, তেনে স্বীকৃতি কেতিয়াও প্ৰদান নকৰে। সহজেই ধৰিব পাৰি, তেনে একেই গুণ বা চৰিত্ৰ কোনো পুৰুষৰ মাজত থকা হ’লে তেওঁ বীৰ ৰূপে পৰিগণিত হোৱাত কোনো আহুকালেই নাছিল। ডেনমাৰ্কৰ এগৰাকী বিদ্বান গৱেষকে খুব সঠিকভাৱে লেখিছে, “Yet women are still less likely than men to be recognised as heroes in public discourse, even if they demonstrate courage and self-sacrifice to the same degree as men” (দ্ৰষ্টব্য: K. Frisk, What Makes a Hero? Theorising the Social Structuring of Heroism, Sociology, 2019, 53: 87–103)। এইখিনিতেই আমি এটি অতি চমৎকাৰ প্ৰাসংগিক উদাহৰণলৈ চকু দিব পাৰোঁ। টমাছ কাৰ্লাইলে যে মাত্ৰ বীৰ-বন্দনাই কৰা নাছিল, বীৰ-বন্দনাৰো অকুণ্ঠ বন্দনা কৰিছিল, সেইটো কথা উল্লেখ কৰি আহিছোঁ। কাৰ্লাইলে কোৱা কথা এটিক (“The history of the world is but the biography of great men”) মুখ্য কৰি দুগৰাকী গৱেষকে বৰ তাৎপৰ্যপূৰ্ণ কথা এটালৈ দৃষ্টি আকৰ্ষণ কৰিছে এইদৰে, “………Carlyle and many other early leadership scholars refer to great ‘men’, never ‘persons’….” (দ্ৰষ্টব্য: S. T. Allison and J. D. Green, পূৰ্বোক্ত সূত্ৰ)। কথাটো নিশ্চয় অতিশয় গুৰুতৰ। ই বীৰ আৰু বীৰ-বন্দনাৰ ক্ষেত্ৰত লৈংগিক বৈষম্য তথা পুৰুষতান্ত্ৰিক অৱদমনৰ কথা উন্মোচন কৰিছে অতি স্পষ্টকৈ। এইখিনিতে প্ৰসংগক্ৰমে কথা এটা উনুকিয়াই যাওঁ। বীৰৰ বিভিন্ন চৰিত্ৰাৱলীৰ মাজৰ এটা গুৰুত্ত্বপূৰ্ণ গুণ যে ৰিস্ক (Risk) লোৱা—সেইটো কথা পণ্ডিতসকলৰ লেখাত ভৰ দি ওপৰত আলোচনা কৰা হৈছিল। বৰ্তমান সময়ত মানুহৰ মানসিক আৰু সমাজ-জীৱনৰ নানান আলোচনা-বিলোচনাত বিৱৰ্তনীয় মনস্তত্ত্বই বহুতো অনাৱিষ্কৃত দিশ উন্মোচন কৰিছে। এনি কেম্পবেল হ’ল ইংলেণ্ডৰ এগৰাকী প্ৰভাৱশালী বিৱৰ্তনীয় মনস্তাত্ত্বিক। বিজ্ঞানীগৰাকীয়ে মানৱ-চৰিত্ৰৰ উগ্ৰতা আৰু হিংস্ৰতা কিদৰে লিংগভেদে বেলেগ হয়—তাৰ বিচাৰ-বিশ্লেষণ আগ বঢ়াইছে বিৱৰ্তনীয় মনস্তত্ত্বৰ পোহৰত। তেওঁৰ মতে, মানুহৰ বিৱৰ্তনৰ দীৰ্ঘ বাটত পুৰুষে ৰিস্ক লোৱাৰ প্ৰৱণতা এটা আহৰণ কৰিছে; বিপৰীতপক্ষে নাৰীয়ে আহৰণ কৰিছে ৰিস্ক এৰাই চলাৰ প্ৰৱণতা। এই কথাটো—বিজ্ঞানীগৰাকীৰ মতে—মানৱ-জাতিৰ প্ৰজনন, তৎজনিত বংশবৃদ্ধি আৰু প্ৰকৃতিত বৰ্তি থকাৰ সৈতে সম্পৰ্কিত, “Females’ tendency to place a high value on protecting their own lives enhanced their reproductive success in the environment of evolutionary adaptation because infant survival depended more upon maternal than on paternal care and defence” (A Campbell, Staying alive: Evolution, culture, and women’s intrasexual aggression, Behavioral and Brain Sciences, 1999, 22: 203–252)। কোৱা বাহুল্য, বিৱৰ্তনীয় মনোবিজ্ঞানৰ অন্যান্য বহুতো সিদ্ধান্ত-অনুসিদ্ধান্তৰ দৰেই উপৰিউক্ত বিশ্লেষণটিও তৰ্কাতীত নহয়। বহুতো কৃতবিদ্য বিদ্বানে (দ্ৰষ্টব্য: S. W. Becker and A. H. Eagly, The Heroism of Women and Men, American Psychologist, 2004, 59: 163–178) বীৰ-বন্দনাৰ আলোচনা-বিলোচনাত বিৱৰ্তনীয় মনোবিজ্ঞানভিত্তিক বিশ্লেষণৰ গুৰুত্ত্ব স্বীকাৰ কৰাৰ পাছতো এই দিশত অধিক পুঙ্খানুপুঙ্খ অনুসন্ধানৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰিছে। এই কথাটো আমি সতৰ্কতাৰে মনত ৰখা যুগুত।
(৬)
বীৰ-বন্দনা বাৰু সদায় ক্ষতিকাৰক নে? এইটো কথা সঁচা যে কোনো ব্যক্তিৰ ইতিবাচক কীৰ্তিক অগ্ৰাহ্য-অস্বীকাৰ কৰাৰ প্ৰশ্ন নুঠে। কোনো প্ৰগতিশীল আলোড়ন, আন্দোলন, বিদ্ৰোহ-বিপ্লৱত বীৰৰ ধাৰণা আৰু বীৰ-বন্দনাই ইন্ধনৰ যোগান ধৰিব পাৰে, মানুহক উদ্দীপিত কৰিব পাৰে। তেনে উদ্দীপনা প্ৰগতিশীলতাৰ সহায়ক হোৱাৰো সম্ভৱনা থাকে।
কিন্তু নিঃচৰ্ত বীৰ-বন্দনা মুক্ত চিন্তাৰ বাটৰ গতিৰোধক, সি কোনো যুক্তিবুদ্ধিৰ পৰিচায়ক নহয়। প্ৰশ্নহীন আৱেগৰে ভৰা একদেশদৰ্শী বীৰ-বন্দনাই নিৰ্মোহ-নৈব্যক্তিক ইতিহাস আৰু সমাজ অধ্যয়ন বিপৰ্যস্ত কৰি পেলায়। তেনে সমালোচনাত্মক দৃষ্টিৰহিত বিচাৰে আমাক খণ্ডিত কিম্বা ভ্ৰান্ত চিত্ৰহে প্ৰদান কৰিবলৈ সক্ষম। স্বাৰ্থপ্ৰণোদিত হৈ কোনো ব্যক্তিৰ ওপৰত বীৰৰ ভাবমূৰ্ত্তি আৰোপ কৰোঁতে সাধাৰণতেই ইতিহাসৰ বিকৃতি ঘটোৱা হয়, লগতে কৰা হয় ঐতিহাসিক তথ্যৰ অৱদমন, প্ৰায়েই এইবোৰ দুষ্কাৰ্যৰ সংগী হয় ঘটনাবলীৰ অতিৰঞ্জন। এই সন্দৰ্ভত প্ৰসেনজিৎ চৌধুৰীদেৱে বহলাই আলোচনা কৰিছে (দ্ৰষ্টব্য: প্ৰসেনজিৎ চৌধুৰী, ২০০৭,পূৰ্বোক্ত গ্ৰন্থ, পৃ. ৯৬-১১৮)। বীৰ-বন্দনাৰ সৈতে সাঙোৰ খাই থকা তেনেবোৰ কাৰ্য নিঃসন্দেহে বৰ ক্ষতিকাৰক।
প্ৰশ্ন উঠিব, একো একোজন যুগনায়কক প্ৰশ্নহীন বীৰ-বন্দনাৰে বিভূষিত নকৰিও, যথোচিত সন্মান-শ্ৰদ্ধাৰে কেনেদৰে ইতিহাস-আলোচনাত ঠাই দিব লাগিব? এগৰাকী মাৰ্ক্সবাদী তাত্ত্বিক প্লেখানভে এঠাইত উনুকিয়াইছিল যে এগৰাকী ব্যক্তি তেওঁৰ ব্যক্তিগত গুণাৱলীৰ বাবে মহানায়ক হ’ব নোৱাৰে; তেওঁৰ মাজত থকা গুণৰ বাবে তৎকালীন সময়ৰ সমাজৰ প্ৰয়োজন পূৰণ কৰিবলৈ সমৰ্থ হোৱাৰ বাবেহে তেওঁ যুগনায়ক (দ্ৰষ্টব্য: U. Brockling, Heroism and Modernity, 2020, p. 132)। এই মত কাৰ্লাইলৰ আৱেগসিক্ত ধাৰণাৰ একেবাৰেই বিপৰীত, ইয়াত ব্যক্তি এগৰাকীৰ সামাজিক ভূমিকাক স্বীকাৰ কৰিও প্ৰশ্নহীন অন্ধ-আনুগত্যক কোনো প্ৰশ্ৰয় দিয়া হোৱা নাই। এই ক্ষেত্ৰত আমি বস্তুনিষ্ঠ ইতিহাস আৰু সমাজচৰ্চাৰ মূল নীতি এটি মনত ৰখা উচিত। ব্যক্তি এগৰাকীৰ একান্ত ব্যক্তিগত আৰু সামাজিকভাৱে তাৎপৰ্যহীন বিষয়ক তেনে আলোচনাত কেন্দ্ৰীয় স্থান দিয়াটো অযুগুত। ব্যক্তি এগৰাকীৰ ব্যক্তিগত কথা—য’ত কোনো সামাজিক দিশ মূৰ্ত্ত হৈ থাকে—তাক অৱশ্যেই গুৰুত্ত্বসহকাৰে আলোচনালৈ আনিব লাগিব। তেনে ক্ষেত্ৰত ব্যক্তিগৰাকীৰ দক্ষতা, অৱদান আৰু কৃতিত্বৰ প্ৰতি যথোচিত সন্মান প্ৰদৰ্শনো কৰিব লাগিব। ইতিহাসত ব্যক্তিবিশেষৰ অৱদানৰ নিৰাৱেগ বিচাৰ-বিশ্লেষণৰ ক্ষেত্ৰত আলোচকৰ বিজ্ঞানসন্মত অৱস্থান কেনেকুৱা হ’ব লাগে, সেইটো সঠিকভাৱে নিৰ্ধাৰণ কৰিছিল মাৰ্ক্সবাদে। কিন্তু লক্ষ্যনীয় কথা, বিভিন্ন সমাজবাদী দেশত, আৰু নানান কমিউনিষ্ট পাৰ্টিৰ ভিতৰত উক্ত দিশটো—খোদ মাৰ্ক্সবাদী নেতৃত্বৰ ঐতিহাসিক ভূমিকাৰ বিচাৰ-বিশ্লেষণত—মানি চলা দেখা নগ’ল। নানান নেতাৰ প্ৰতি প্ৰশ্নহীন বীৰ-বন্দনা দেশে দেশে দেখা গ’ল। তাৰ বাবে নেতাসকল নিজে কিমান দায়ী, সেইটো নিশ্চয় এটা অনুসন্ধেয় বিষয়, কিন্তু চকুত পৰা কথাটো হৈছে তেনে বিচ্যুতিৰ বিৰুদ্ধে কোনো সচেতন প্ৰচেষ্টা কৰা নহ’ল। লেনিনক ঈশ্বৰ আৰু স্তালিনক তেওঁৰ পয়গম্বৰ বুলি তেওঁলোকৰ চৰ্তহীন বীৰ-বন্দনাত লিপ্ত হ’লে সেইটোক জানোঁ মাৰ্ক্সবাদী কাৰ্য বোলা যাব? সাম্প্ৰতিক সময়ত ইণ্টাৰনটেৰ সহায়ত স্তালিন আদিৰ বক্তৃতানুষ্ঠানৰ ভিডিও সহজতে চাব পৰা হৈছে। সেইসমূহত দৰ্শক-শ্ৰোতাৰ ভাব-ভংগীৰ পৰা তেওঁলোকৰ বহুতেই যে একান্ত বীৰ-বন্দনাত নিমগ্ন হৈ আছিল, সেইটো বুজাত অকণো অসুবিধা নহয় (তেনে এটা ভিডিও চাবলৈ ইয়াতে টিপক)। এই ক্ষেত্ৰত এটা আলোচনাযোগ্য কথা উনুকিয়াব পাৰি। আলোচনাৰ আৰম্ভণিতে নক্সাল আলোড়নৰ কথা উল্লেখ কৰা হৈছিল। নক্সালসকলৰ এটা অংশই প্ৰতিষ্ঠিত আৰু সন্মানীয় মনীষী কিছুমানৰ মূৰ্ত্তি ভাঙি বীৰ-বন্দনাৰ ধাৰণাটোত প্ৰচণ্ড আঘাত হানিবলৈ প্ৰয়াস কৰিছিল। ১৯৭০ চনত পশ্চিমবংগত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ মূৰ্ত্তিৰ মূৰটো বিচূৰ্ণ কৰি দিছিল একাংশ নক্সালপন্থীয়ে। একাংশ বুলিছোঁ, কিয়নো মূৰ্ত্তিৰ ভঙাৰ ক্ষেত্ৰত নক্সালপন্থীসকলৰ মাজত বিৰোধ-বিবাদ আছিল যথেষ্ট (দ্ৰষ্টব্য: নকশালবাড়ি ও গণআন্দোলন, ৰণবীৰ সমাদ্দাৰেৰ সংগে কথোপকথন, প্ৰাক্ শাৰদীয় অনুষ্টুপ গণআন্দোলন বিশেষ সংখ্যা, ২০১৭, পৃ. ৪৫৯)। মূৰ্ত্তি ধ্বংস কৰাৰ মাজেৰে বীৰ-বন্দনাক মাধমাৰ সোধাবলৈ প্ৰয়াস কৰা লোকসকলৰ বহুতেই যে নিজৰ নেতা চাৰু মজুমদাৰৰ প্ৰতি চৰ্তহীন বীৰ-বন্দনাত নিমগ্ন হৈছিল, সেইটো এটা বৰ ডাঙৰ কথা। তেনে বীৰ-বন্দনা জানোঁ গুৰুতৰ বিচ্যুতিৰ সাক্ষৰ নহয়? সৌৰেন বসু আছিল নক্সাল আলোড়নৰ এগৰাকী অন্যতম কাণ্ডাৰী। চাৰু মজুমদাৰৰ প্ৰসংগত বহু দিনৰ পাছত তেওঁ কিঞ্চিৎ কৰুণ আত্ম-উপলব্ধিৰে কৈছিল, “জীৱনক জীৱনতকৈও ডাঙৰকৈ চোৱাৰ সপোনত মচগুল মানুহজন মোৰ বাবে আছিল হেমলিনৰ সেই বাঁহীবাদক। তেওঁৰ সুৰৰ টানত আমি যেন অন্ধৰ নিচিনাকৈ পিছে পিছে ল’ৰি গৈ ক’ৰবাত হেৰাই গ’লোঁ (অন্তৰংগ চাৰু মজুমদাৰ, পৃ. ৩২)। এই আত্ম-উপলব্ধিয়ে নিশ্চয় আমাক বীৰ-বন্দনাৰ ক্ষতিকাৰক দিশটোৰ প্ৰতি সচেতন হ’বলৈ সঁকীয়াই দিব।
সম্পাদকৰ টোকাৰ, ” বীৰ আৰু বীৰ-বন্দনা” লেখাটো পঢ়ি আপ্লুত হলো। উক্ত বিষয়ক বহু কথা বিভিন্ন দৃষ্টিকোণেৰে শৃংখলিত ৰূপত জানিব পাৰিলো।
আমাৰ যি সমাজ ব্যৱস্থা তাত “বীৰ-বন্দনা” অতি সুলভ আৰু এই ব্যৱস্থা সাপেক্ষে ই অতি গুৰুত্বপূৰ্ণ ‘বন্দনা’ । সেইবাবে ইয়াৰ বিপৰীত মেৰুত অৱস্থান কৰা প্ৰগতিশীল , বিজ্ঞানসন্মত আলোচনা কক্ষত এই বিষয়টোৰ আলোচনা অতি প্ৰাসংগিক তথা গুৰুত্বপূৰ্ণ।
লেখাটো পঢ়ি মনলৈ অহা দুটিমান ধাৰণা এই সুযোগতে ব্যক্ত কৰাৰ লোভ সামৰিব নোৱাৰিলোঁ।
১. যি উদ্দেশ্য আগত ৰাখি বীৰৰ “বীৰ-বন্দনা” বিষয়টো আলোচনা কৰা হৈছে, তাৰ কাষে কাষে থকা অথচ বহু বেলেগ মূল্যবোধৰ কিন্তু সমাজত অস্পষ্টভাৱে প্রচলিত ধাৰণা ‘নেতা’ আৰু ‘নেতৃত্ব’ সম্পৰ্কত একেলগে আলোচনা আগবঢ়োৱা হলে লেখনিটোৱে আৰু এক গুৰুত্বপূৰ্ণ মাত্ৰা আহৰণ কৰিব পাৰিলেহেঁতেন বুলি মোৰ ধাৰণা। সমাজৰ উত্তৰণৰ স্বাৰ্থত ‘নেতা’ নে ‘বীৰ’ৰ প্ৰয়োজন? ইত্যাদি বিষয়বোৰ আজি যেন আধুনিক সমাজ গঢ়াৰ প্ৰয়োজনত এৰাব নোৱাৰা বিষয়।
২. শ্ৰেণী বিভক্ত এখন সমাজৰ পৰা , সামাজিক-অৰ্থনৈতিক-ৰাজনৈতিক জটিল দ্বন্দৰ ঐতিহাসিক ঘটনাক্ৰমৰ পৰিণতিত এজন বীৰৰ জন্ম হয়। কিন্তু একে ঐতিহাসিক ঘটনাক্ৰমৰ মাজেদিও সকলো ‘বীৰ’ হব নোৱাৰে। কিয় ??? যাৰ বাবে বাকী সাধাৰণ মানুহৰ বাবে “বীৰ-বন্দনা” এক স্বভাৱিক পৰিণতি হৈ পৰে। এনে ক্ষেত্ৰত আমি “বীৰ-বন্দনা”ৰ বহু বস্তুনিষ্ঠ বাখ্যা আগবঢ়োৱাৰ পাছতো ‘বীৰ’ৰ প্ৰতি থকা সাধাৰণ মানুহৰ দুৰ্বলতা আঁতৰাব পাৰিমনে ? একে সময়তে “বীৰ-বন্দনা”ৰ সুফল সমূহৰ প্ৰভাৱ আছেই।
পুনৰ কওঁ, হিন্দুত্ববাদী ৰাজ চলি থকা সময়ত এনে বিষয়ৰ লেখাই জনগণৰ সুস্থ ৰাজনৈতিক বিকাশত গুৰুত্বপূৰ্ণ অৰিহণা যোগাব।