বীৰুবালা ৰাভা : ডাইনী হত্যা আৰু অন্ধবিশ্বাসৰ বিপক্ষে থিয় দিয়া যুঁজাৰু নাৰীগৰাকী ।। পুষ্পাঞ্জলি শিৱমশৰ্মা
গোৱালপাৰা জিলাৰ এক পিছপৰা অঞ্চল ঠাকুৰভিলা গাঁৱৰ এগৰাকী নিৰ্ভীক সাহসী নাৰীৰ নাম বীৰুবালা ৰাভা—যিগৰাকী মহিলাই ডাইনী হত্যাৰ দৰে ভয়ংকৰ অন্ধবিশ্বাস-কুসংস্কাৰক মষিমূৰ কৰাৰ বাবে অতি সাহসী আৰু গুৰুত্বৰ্পূণ পদেক্ষপ গ্ৰহণ কৰি সমাজত এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিছিল। এয়া আছিল সমগ্ৰ ৰাজ্য তথা উঠি অহা নৱপ্ৰজন্মৰ বাবে এক যুগান্তকাৰী আদৰ্শ। য’তেই অন্ধবিশ্বাস, ডাইনী সমস্যাই গা কৰি উঠিছিল, তাতেই বীৰুবালা ৰাভা উপস্থিত হৈ জনসধাৰাণক পৰিত্ৰাণৰ পথ দেখুৱাব সক্ষম হৈছিল।
দেওধানীয়ে ধৰ্মেশ্বৰৰ “মংগল ঠিকনা’’ চালে। তাৰ পিছত ক’লে যে তাৰ গাত হেনো পৰীয়ে থিতাপি লৈছে। সেই পৰীগৰাকী গৰ্ভৱতী আৰু দুদিনমান পিছতে সন্তান প্ৰসৱ কৰিব। সন্তান প্ৰসৱ কৰাৰ পিছতে ধৰ্মেশ্বৰ মৰি যাব ।। মুক্ত চিন্তা, দশম বছৰ, প্রথম সংখ্যা, জুলাই, ২০২৪ ।।
এই যাত্ৰা সহজ নাছিল তেওঁৰ বাবে।
বীৰুবালা ৰাভাৰ ডাঙৰ পুত্ৰ ধৰ্মেশ্বৰৰ দেহত স্নায়ুজনিত ৰোগ ধৰা পৰিছিল আৰু লাহে লাহে তাৰ শাৰীৰিক অৱস্থা দিনকদিনে শোচনীয় হৈ পৰিছিল। ধৰ্মেশ্বৰৰ বয়স প্ৰায় দহ বছৰ হৈছিল তেতিয়া। বিভিন্নধৰণৰ শাৰীৰিক বিসংগতি আৰু অসুবিধা তথা তাৰ পৰা উদ্ভৱ হোৱা সমস্যাই মাক বীৰুবালাক চিন্তিত কৰি তুলিছিল। হঠাৎ মূৰ্চিতও হৈ যায় ল’ৰাটো।
তেওঁলোকৰ পৰিয়ালটো এনেকুৱা এখন ভিতৰুৱা গাঁৱত বাস কৰিছিল, য’ত ডাক্তৰ হস্পিটেলৰ সুবিধা অকণো সুলভ নাছিল। চকুৰ আগত পুত্ৰৰ এনে অৱস্থা চাই থকাটোও টান আছিল মাকৰ বাবে। বহুতো যত্ন আৰু কষ্টৰ মাজেৰে কিবাকৈ মাকে তাক গুৱাহাটী মেডিকেল হস্পিটেললৈ লৈ গৈছিল। তাত ল’ৰাটোৰ স্নায়ুজনিত ৰোগ ধৰা পৰিছিল যদিও চিকিৎসা ভালদৰে কৰিব পৰা নগ’ল। অৰ্থনৈতিক দীনতাই ধৰ্মেশ্বৰৰ সুচিকিৎসাৰ পথত হেঙাৰ হৈ থিয় দিছিল। মাকৰ হেজাৰ চেষ্টা আৰু ইচ্ছা থকা সত্ত্বেও মনপুত চিকিৎসা ব্যৱস্থা কৰিবলৈ তেওঁলোক সক্ষম নহ’ল।
উপায়ন্তৰ হৈ গাঁৱলৈ ঘূৰি আহিছিল পৰিয়ালটো।
কি কৰিব নকৰিব উৱাদিহ হেৰুৱাই গাঁৱৰে মানুহৰ পৰামৰ্শ আৰু দিহা অনুসৰি সেই অঞ্চলৰ বিশ্বাস অনুসৰি “দেওধানী আৰু স্থানীয় বেজৰ’’ শৰণাপন্ন হৈছিল। মনত দোমোজা আৰু খোকোজা থকা সত্ত্বেও মাকৰ মনে নামানে যেতিয়া দেওধানীকে শেষ সম্বল বুলি বীৰুবালা গৈছিল বেজৰ ওচৰলৈ।
দেওধানীয়ে ধৰ্মেশ্বৰৰ “মংগল ঠিকনা’’ চালে। তাৰ পিছত ক’লে যে তাৰ গাত হেনো পৰীয়ে থিতাপি লৈছে। সেই পৰীগৰাকী গৰ্ভৱতী আৰু দুদিনমান পিছতে সন্তান প্ৰসৱ কৰিব। সন্তান প্ৰসৱ কৰাৰ পিছতে ধৰ্মেশ্বৰ মৰি যাব!
মাকৰ চিন্তাত দিন-ৰাতি নাযায় নুপুৱায় হ’ল। অৱশেষত সেই দুদিন পাৰ হ’ল কিন্তু ধৰ্মেশ্বৰ জীয়াই থাকিল।
লাহে লাহে মাকৰ অনুভৱ হ’ল এই কথাবোৰ অযুক্তিপূৰ্ণ। অন্ধবিশ্বাসৰ বাদে এয়া একো নহয়। তেওঁ মনটো ডাঠ কৰিলে আৰু ধৰ্মেশ্বৰৰ সুচিকিৎসাৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাই গ’ল। পিছে আৰ্থিক দুৰ্বলতাৰ বাবে যিমানখিনি কৰিব লাগে তেওঁলোকে কৰিব নোৱাৰিলে। লাহে লাহে ধৰ্মেশ্বৰৰ স্বাস্থ্য আৰু বেয়ালৈ ঢাল খালে। তাৰ মানসিক অৱস্থাৰো অৱনতি হ’বলৈ ধৰিলে আৰু আচাৰ-ব্যৱহাৰৰো দ্ৰুত অৱনতি হ’বলৈ ধৰিলে। গাঁৱৰ মানুহো তাৰ আচৰণত অতিষ্ঠ হৈ পৰিছিল। ৰাইজে তাক হাতে-ভৰিয়ে বান্ধি কোঠাত আবদ্ধ পৰ্যন্ত কৰি থব লগা পৰ্যায় পাইছিল। উপায়হীন হৈ প্ৰশাসনৰ সহযোগত ঘৰৰ মানুহে ল’ৰাটোক উচ্চ চিকিৎসাৰ বাবে শ্বিলঙলৈ পঠাই দিলে।
এই দুখ বিড়ম্বনাবোৰ মাৰ নৌ যাওতেই ধৰ্মেশ্বৰৰ দেউতাকো এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হ’ল। তেনে ঘটনাচক্রৰ মাজতে গাঁৱৰে এগৰাকী লোকে এই কথাটো বিয়পাই দিলে, “ঘৰৰে বান, ঘৰৰে শান, ঘৰতে ডাইনী, ঘৰতে ভূতুনী”। তেনেকৈ কোৱাৰ আঁৰৰ মূলভাব এয়াই আছিল যে ঘৰৰ গৃহিনী অৰ্থাৎ ধৰ্মেশ্বৰৰ মাক বীৰুবালা’ এগৰাকী ডাইনী! কিয়নো ডাইনী’ সম্পৰ্কীয় প্ৰচলিত লোকবিশ্বাস এনেকুৱা যে ডাইনীয়ে নিজ সন্তান আৰু গিৰিয়েককো ৰেহাই নিদিয়ে, অৰ্থাৎ মাৰি পেলায়! অৰ্থাৎ, নিজ পুত্ৰক পাগল আৰু স্বামীক বেমাৰী কৰিলে বীৰুবালাই। গাঁৱৰ ৰাইজেও এনে মন্তব্যত সহমত প্ৰকাশ কৰি নিয়ম অনুসৰি ৰাইজৰ মেল বহুৱালে। সেই মেলত ৰাইজে বীৰুবালা ৰাভাক ডাইনী বুলি প্ৰতিপন্ন কৰে আৰু যথেষ্ট অপমানসূচক বাক্যৰে থকাসৰকা কৰে। বীৰুবালা ৰাভা আৰু তেখেতৰ স্বামীয়ে তাত যুক্তিপূৰ্ণ প্ৰতিবাদ কৰে যদিও ৰাইজ সহমত হোৱা নাছিল আৰু বহু বাক–বিতণ্ডাৰ পিছত তেওঁলোকক এঘৰীয়া কৰা হৈছিল। বহুদিন ৰাতি এন্ধাৰৰ সুযোগ লৈ একাংশ আত্মীয়ই ব্যক্তিগত শত্ৰুতাৰ বাবে দোভাগ ৰাতি বীৰুবালাক আক্ৰমণ কৰিবও চেষ্টা চলাইছিল। আনকি মৃত্যুৰ ভাবুকি পৰ্যন্ত পাইছিল।
কিন্তু কোনোপধ্যেই তেওঁ ভাঙি যোৱা নাছিল। বীৰুবালা ৰাভা নামৰ এই সাহসী মহিলাগৰাকীয়েই আছিল সেই সময়খিনিত ডাইনী অন্ধবিশ্বাসৰ বিৰুদ্ধে মাত মতা এক অন্যতম শক্তিশালী নাৰী কণ্ঠস্বৰ।
১৯৫৪ চনত বীৰুবালা ৰাভাৰ জন্ম হৈছিল। অশেষ কষ্ট আৰু সংঘৰ্ষত ডাঙৰ হোৱা ৰাভাই মাত্ৰ পঞ্চম শ্ৰেণীলৈকে পঢ়িবলৈ সক্ষম হৈছিল। তেওঁৰ বিবাহ ঠাকুৰভিলা গাৱঁৰে এজন কৃষকৰ লগত হৈছিল।
তেওঁৰে ভাষ্য মতে, “এদিন মোক ৰাইজে ডাইনী সাজিছিল আৰু মোক এঘৰীয়া কৰিছিল’’। শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট পিছপৰা সেই ভিতৰুৱা গাঁওখনত অন্ধবিশ্বাসী মানুহৰ অভাৱ নাছিল। তাৰে মাজৰে এচামে দুষ্টলোকৰ প্ৰৰোচনাত পৰি তেওঁক ডাইনী’ আখ্যা দিয়াই নহয় বৰঞ্চ শাৰীৰিকভাৱে আক্ৰমণ কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছিল। তেওঁৰ ভাষ্য অনুসৰি গাঁৱৰ ওজা এজনে এটি পিতলৰ বাতিত কিবা মন্ত্ৰ ফুঁকাই এৰি দিছিল আৰু যিগৰাকী ডাইনী হয় তাৰ ওচৰলৈ বাতিটো নিজে নিজে বাগৰি গৈছিল।
বীৰুবালাৰ কাষলৈয়ো সেই মন্ত্ৰপূত বাটিতো হেনো বাগৰি আহিছিল। এনেকৈ তেওঁ ডাইনী হোৱাটো গাঁৱৰ মাজত “প্ৰমাণিত” হৈছিল আৰু তেওঁক আক্ৰমণ কৰিবলৈ একাংশ ৰাইজ উদ্যত হৈছিল। সেই আক্ৰমণৰপৰা কিবাকৈ হাত সাৰি আহিব পাৰিছিল যদিও তেওঁ তাতে ক্ষান্ত নহ’ল। এতিয়া দুগুণ উৎসাহ আৰু উদ্যমৰে আৰম্ভ কৰিলে এক যুদ্ধ এক যাত্ৰা। যি যুদ্ধ আছিল অন্ধবিশ্বাস আৰু অজ্ঞানতাৰ বিৰুদ্ধে, “ডাইনী অন্ধবিশ্বাস”-ৰ বিৰুদ্ধে; ডাইনী প্ৰথাৰ বলি হোৱা পীড়িত, নিমাখিতজনৰ ৰক্ষাৰ স্বাৰ্থত ঘোষণা কৰা এক বিৰামহীন যুঁজ আছিল সেয়া।
তেওঁৰ জীৱনত তেনেকুৱা যুঁজৰ ঘটনাৰ অজস্ৰ উদাহৰণ আছে। তেনে এটা ঘটনা ঘটিছিল ১৯৯৯ চনত। গোৱালপাৰাৰ লক্ষ্মীপুৰৰ দদান মন্দিৰৰ প্ৰাংগনত পতা এখন ৰাহুৱা সভাত ঠাকুৰভিলা অঞ্চলৰ কেইগৰাকীমান মহিলা যুৱতীক ডাইনী সজাই অভিযুক্ত কৰা হৈছিল। কিন্তু সেই সভাত বীৰুবালা ৰাভাই অতি দৃঢ় কণ্ঠৰে সেই দুৰ্ভগীয়া মহিলাৰ পক্ষে থিয় হৈ কৈছিল “তেওঁলোক ডাইনী কেতিয়াও হ’ব নোৱাৰে, এয়া অন্ধবিশ্বাস”। বীৰুবালা ৰাভাই যুক্তি প্ৰদান কৰিছিল যে তেওঁৰ পুত্ৰ ধৰ্মেশ্বৰকো দেওধনীয়ে দুদিনতে মাৰিব বুলি কৈছিল, কিন্তু সি জীয়াই কেনেকৈ জীয়াই থাকিল?— “বেজ, দেওধানী চব ভণ্ড”।
তেওঁ হাৰ মনাবিধৰ মহিলা নাছিল। লাহে লাহে ইখনৰ পিছত সিখন গাঁৱলৈ গৈ, কেতিয়াবা বহু দুৰ বাট অকলেও বাটকুৰি বাই খোজ কাঢ়ি ডাইনী-বিশ্বাস যে অযুক্তিকৰ—এই ধাৰণাৰ বহুল প্ৰচাৰ তথা সজাগতাত লাগি গৈছিল। প্ৰায় ৩৫-গৰাকীমান পীড়িত লোকৰ জীৱন ৰক্ষাৰ বাবে অদম্য সাহসেৰে আগভাগ লোৱা, ডাইনী-বিশ্বাস বিৰোধী অভিযানৰ বাবে ২০০৫ চনত “প্ৰজেক্ট থাউজেণ্ড উইমেন’’-ৰ মনোনয়নত শান্তিৰ ন’বেল বঁটাৰ বাবে তেওঁৰ নামটি বিবেচনা কৰা হৈছিল। অসমতো তেখেতে সন্মান লাভ কৰিছিল। উদাহৰণ হিচাপে এইখিনি উল্লেখ কৰিব পাৰি—, ২০১০ চনত ৰিলায়েন্স ইনডাষ্ট্ৰী এল. টি. ডি’ৰ পৰা “ৰিয়েল হিৰ” খিতাপ, টাই আহোম যুৱ পৰিষদৰ পৰা “বীৰাংগনা মূলা গাভৰু” বঁটা, “জয়মতী” বঁটা, “সমাজ প্ৰাণ সেৱা” বঁটা, আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পি. এইচ, ডি. আদি।
তেওঁৰ অদম্য সাহস, সততা আৰু দৃঢ়তা দেখি বহুতো উঠি অহা যুৱক, যুৱতী, পুৰুষ, মহিলা সকলো অনুপ্ৰাণিত হৈছিল, অন্ধবিশ্বাস, কুসংস্কাৰৰ বিৰুদ্ধে চলা এই যাত্ৰাত অংশীদাৰ হ’বলৈ। যাৰ বাবে এনেকুৱা সহযোগিতাৰে ২০১২ চনত আনুষ্ঠানিকভাৱে “মিছন বীৰুবালা’’ৰ জন্ম হয়। প্রকৃততে অসম মহিলা সমিতিৰ সহযোগত ২০১১ চনত ডাইনী হত্যাৰ বিৰুদ্ধে তেওঁ গোৱালপাৰা জিলাত “মিছন বীৰুবালা” আৰম্ভ কৰিছিল আৰু ২০১৩ চনৰ ৩০ অক্টোবৰত এই মিছনক ৰাজ্যিক অভিযান আখ্যা দিয়া হ’য়। তেওঁৰ আৰ্দশৰে পৰিপুষ্ট মিছন বীৰুবালাৰ বৰ্তমান সদস্যৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে আৰু ইতিমধ্যে ইয়াৰ প্ৰায় ১০০ সদস্যই অসমৰ মুঠ ১৪-খন জিলাত অন্ধবিশ্বাস আৰু ডাইনী সন্দৰ্ভত সজাগতা সভা, কৰ্মশালা আদি অনুষ্ঠিত কৰি আহিছে। “মিছন বীৰুবালাই’’ ডিব্ৰুগড় বিশ্ববিদ্যালয়কে ধৰি দুধনৈ মহাবিদ্যালয়, চাবুৱা ডি ডি আৰ কলেজ, ডিব্ৰু মহাবিদ্যালয়, ফিল’বাৰী কনিষ্ঠ মহাবিদ্যালয় আৰু ছেৰফাংগুৰি মিছন বীৰুবালাৰ কোষ (Working Cell) গঠন কৰিছে। ইয়াৰ মূল উদ্দ্যেশ্য হৈছে অন্ধবিশ্বাসৰ বিৰুদ্ধে সামাজিক সচেতনতা বৃদ্ধি কৰা আৰু নৱ প্ৰজন্মক উৎসাহিত কৰা। মিছন বীৰুবালাই প্ৰধানকৈ পিছপৰা আৰু ভিতৰুৱা গাঁৱৰ সচেতন শিক্ষিত ব্যক্তি তথা প্ৰশাসনৰ সহযোগত অসমৰ বিভিন্ন ঠাইলৈ গৈ জনসজাগতামূলক সভা পাতি অন্ধবিশ্বাস দূৰ কৰাৰ বাবে চেষ্টা চলাই আহিছে।
২০২১ চনত পদ্মশ্ৰী বঁটাৰেও বিভূষিতা হয় বীৰুবালা ৰাভা। পদ্মশ্ৰী বঁটাৰে বিভূষিত হোৱাৰ পিছত তেওঁ কৈছিল, “মই তেওঁলোকক কৈছোঁ, বঁটা লাভ কৰাটো ভাল কথা, কিন্তু তাতকৈ ভাল কথাটো হ’ল মানুহে আন মানুহক সহায় কৰাটো, আমি সাহসী আৰু নিৰ্ভীক হোৱা উচিত”।
নিঃসন্দেহে তেওঁৰ দেহাৱসানত এটা যুগৰ অৱসান ঘটিল। কিন্তু সামাজিক অন্ধবিশ্বাস আৰু অন্যায়ৰ বিৰুদ্ধে যুঁজিবলৈ বীৰুবালা ৰাভাই সাহস আৰু সমৰ্পণৰ যি এক আদৰ্শ প্ৰস্তুত কৰি থৈ গ’ল, সেয়াই ভৱিষ্যত প্ৰজন্মক বিকাশৰ দিশত আগ বাঢ়িবলৈ অনুপ্ৰাণিত কৰি থাকিব চিৰকাল। ভিতৰুৱা অখ্যাত গাঁৱৰ জনজাতীয় এই মহিলাগৰাকীৰ নাম আজি বিশ্বৰ বহুতৰেই চিনাকি। শান্তিৰ নবেল বঁটাৰ বাবে মনোনীত প্ৰথমগৰাকী অসমীয়া মহিলা হৈছে বীৰুবালা ৰাভা। বীৰুবালা ৰাভা এনে এগৰাকী নাৰী যাৰ প্ৰতিবাদী কণ্ঠই পীড়িতসকলৰ পক্ষত থিয় দি ইতিহাসত নিজৰ নামো চিৰস্থায়ীভাৱে লিপিবদ্ধ কৰিলে। সমাজৰ বাবে বীৰুবালা এনে এক আভা যাৰ পোহৰত অন্ধবিশ্বাসৰ বলি হোৱা নিষ্পেষিতসকল পুনঃউদ্ভাসিত হৈ উঠি সাহসেৰে এক অগ্ৰগামী যাত্ৰালৈ বাট বুলিব সক্ষম হৈছে। নৱপ্ৰজন্মৰ বাবে তেওঁৰ কৰ্ম আৰু চিন্তা সদায় অনুকৰণীয় হৈ থাকিব।