বিজ্ঞানমনস্কতাৰ সপক্ষে : বীৰুবালা ৰাভালৈ শ্রদ্ধাঞ্জলি ।। ড০ পংকজ বৰা)
ডাইনী হত্যাৰ বিপক্ষে যুঁজ দি সমগ্ৰ সমাজখনলৈ এটা শুভবাৰ্তা প্ৰেৰণ কৰিবলৈ সক্ষম হোৱা বিজ্ঞানমনস্ক মহীয়সী নাৰী পদ্মশ্ৰী বীৰুবালা ৰাভাই আমাৰ মাজৰ পৰা বিদায় মাগিলে। ডাইনী হত্যাৰ বিপক্ষে জীৱন পাত কৰি এই আন্দোলনটো সাধাৰণ মানুহৰ মাজলৈ নিবলৈ সক্ষম হোৱা বীৰুবালা ৰাভাৰ জীৱনৰ কাম-কাজৰ লগতে কি এক আৰ্থ-সামাজিক অৱস্থা আৰু পৰিস্থিতিয়ে এগৰাকী বীৰুৱালা ৰাভাৰ জন্ম দিলে—সেই কথাবোৰ অসমৰ সৰ্বস্তৰৰ মানুহৰ মাজলৈ লৈ যোৱা আৰু সৰ্বস্তৰত আলোচনা হোৱাটো অত্যন্ত দৰকাৰ। পিছে আচৰিতধৰণেৰে বীৰুবালা ৰাভাৰ মৃত্যুত ব্যথিত হোৱা মানুহতকৈ বা উক্ত কথাসমূহৰ বিচাৰ হোৱাতকৈ অন্য কিছুমান তৰল কথা-কাণ্ডৰ প্রতিহে বুজন সংখ্যক মানুহৰ উৎসুকতা বেছি যেন বোধ হ’ল। পোহৰমুখী মানুহজাকৰ বাবে বা সামগ্ৰিকভাৱে সমাজখনৰ বাবে ইয়াতকৈ ডাঙৰ বিড়ম্বনা একো হ’ব নোৱাৰে।
বৰ্তমান সময়ৰ শ্বাসৰুদ্ধকৰ পৰিস্থতিত ঘটনাৰ আৰ্থ-ৰাজনৈতিক ভিত্তি বিশ্লেষণ নকৰি কেৱল অন্ধবিশ্বাসৰ ফলাফল হিচাপেই এই ঘটনাবোৰৰ বিশ্লেষণ সামৰিলে ই অসম্পূৰ্ণ হোৱাটোৱেই স্বাভাৱিক ।। মুক্ত চিন্তা, দশম বছৰ, প্রথম সংখ্যা, জুলাই, ২০২৪ ।।
আধুনিক যুগৰ মূল চাবিকাঠীয়েই হৈছে যুক্তি-আশ্রয়ী চিন্তা-চৰ্চা আৰু বিজ্ঞানমনস্কতা। সেই মৰ্মেই যোৱা দুটা শতিকাত সংঘটিত হোৱা বিজ্ঞানৰ অগ্ৰগতি বিশেষভাৱে মনকৰিবলগীয়া। যোৱা শতিকাতেই মানুহ গৈ চন্দ্ৰ পৃষ্ঠত খোজ দিলে, মংগল গ্ৰহলৈ যান পঠিয়ালে, শেহতীয়াভাৱে আমাৰ ভাৰতবৰ্ষইও চন্দ্ৰলৈ নিজাকৈ অতি কম খৰছত অভিযান চলাই সফল হ’ল, সূৰ্যৰ এল ওৱান কক্ষপথলৈও ভাৰতে যান পঠিয়াই সঠিকভাৱে স্থাপন কৰিলে। কিন্তু একে সময়তে একেখন ভাৰততে বিজ্ঞানক ধোঁৱাচাঙত তুলি আদিম শৈলীৰে জীৱনৰ অৰ্থ বিচৰা মানুহ এদলো বিৰাজমান। অসমৰে কোনোবা এখন ঠাইত ডাঙৰ কাঠফুলা এচটা পূজা কৰি থকাৰ এটা বাতৰি ওলাল। সৌ সিদিনা দুটি বগা ঘোঁৰাক “ডাঙৰীয়া” বুলি আখ্যা দিয়া অন্ধবিশ্বাসী কাণ্ড এটাও সংঘটিত হ’ল।
শেহতীয়াভাৱে ঘটা উক্ত বগা ঘোঁৰাৰ ঘটনাটোক লৈ আমাৰ বহু সংখ্যক মানুহ বিশেষ সক্ৰিয় হৈ পৰা দেখা গৈছে। পিছে এইটো কোনো বিক্ষিপ্ত ঘটনা নহয়। প্ৰকৃততে এনে ঘটনা কিছুমান আমাৰ জ্ঞাতে বা অজ্ঞাতে সকলো ঠাইতে মাজে সময়ে ঘটিয়েই আছে। কিন্তু আচল কথাটো হ’ল ঘটনাবিলাকৰ লগত জড়িত আৰ্থ-ৰাজনীতি আৰু অন্যান্য দিশসমূহৰ বিশ্লেষণৰ পৰিৱৰ্তে আমি বেছিভাগ সময়তে ঘটনাৰ লগত জড়িত মানুহবোৰক ঠাট্টা-মস্কৰা বা গালি-গালাজ পৰাতেই নিজকে সীমাবদ্ধ কৰি ৰাখোঁ। উল্লেখ্য যে ভাৰততেই শাসকেই হওক বা বিৰোধীয়েই হওক—সকলোৱে অন্ধবিশ্বাস-কুসংস্কাৰৰ অটল গহ্বৰত বুৰ গৈ দিনে-ৰাতিয়ে কৈ থকা যুক্তিহীন কথাবিলাক, অন্ধবিশ্বাসী কামবিলাক আমি শুনিয়েই আছোঁ, দেখিয়েই আছোঁ। অৱশ্যে ইয়াৰ বহুবিলাক কথা অশিক্ষিত জনসাধাৰণৰ মনোযোগ মূল বিষয়ৰ পৰা আঁতৰাই ৰাখিবলৈ ব্যৱহাৰ কৰা প্ৰপ’গণ্ডা আৰু গণউন্মাদনা সৃষ্টিৰ আহিলা। বহু ক্ষেত্ৰতেই গণউন্মাদনা সৃষ্টিৰ অন্তৰালত থাকে কিছু আৰ্থ-ৰাজনৈতিক কথা-বতৰা, যিবোৰৰ আওভাও সাধাৰণ মানুহৰ বুজন ক্ষমতাৰ পৰা বহুযোজন আঁতৰত; কিন্তু সেইবোৰ ৰূপায়ণ কৰে এই নিৰপৰাধ মানু্হবোৰেই আৰু ভুক্তভুগীও হয় এই নিৰপৰাধ সাধাৰণ মানুহবোৰেই।
অন্য দিশেৰেও গণউন্মাদনা বৰ্তমান সময়ত এটা ডাঙৰ সমস্যা হৈ থিয় দিছে। এইক্ষেত্ৰত শিক্ষিত-অশিক্ষিতৰ মাজৰ সীমাৰেখা টানিবলৈ কঠিনহৈ পৰিছে। ক’ৰবাত ডাঙৰ কাঠফুলা এছটাক পূজা কৰি থকা মানুহ এজাক, আই লম্ভা বুলি কোনো এগৰাকীক মাজত লৈ নাচি থকা মানুহ এজাক বা মমিন আলিৰ বগা ঘোঁৰাতেই ডাঙৰীয়া আহিছে বুলি ঘোঁৰাক চেলেং-গামোচা-সেন্দুৰ দি বাগৰি থকা মানুহ এজাক আৰু মানুহ এটাকে ডাইনী বুলি কোবাই কোবাই মাৰি পেলোৱা মানুহ এজাক বা দুৰ্ঘটনা এটাৰ পিছত চালকজনক কোবাই কোবাই মাৰি পেলোৱা মানুহজাকৰ মাজত মৌলিক পাৰ্থক্য বিচাৰ কৰাটো বৰ জটিল। নিলোৎপল-অভিজিতৰ মৰ্মন্তুদ হত্যা এইখন অসমতেই হৈছে। পুনৰাই কৈছোঁ যে এইবোৰ কোনো বিক্ষিপ্ত ঘটনা নহয়। এইবোৰ ঘটনা অসমত চলি থকা কিছু ধাৰাবাহিক ঘটনা প্ৰবাহৰ অংশবিশেষ বা চলন্ত ফলাফল বুলিও কব পাৰি। অসমত যোৱা কিছুবছৰ ধৰি ডাইনীহত্যা, পুলিচৰ কেমেৰাৰ সন্মুখত কাৰোবাক অত্যাচাৰ, বেজৰ অত্যাচাৰ, পিচল মানুহৰ আতংক, সোপাধৰা ইত্যাদি নিত্য-নৈমিত্তিক বাতৰিৰ দৰেই। অৱশ্যে এইবোৰ যে যোৱা কেইবছৰমানতহে উদ্ভূত, তেনে নহয়। আজিৰ পৰা পঁচিশ বছৰমান আগতেই এই লেখকে মামা বুলি সম্বোধন কৰা ‘Fair and lovely’-ৰ সংজ্ঞাৰে ‘সুন্দৰ মানুহৰ’ শাৰীত নপৰা এজন প্ৰায় ৩৮ বছৰীয়া যুৱককো “নৰবান্দৰ” বুলি কিছু নৰপিশাচে মৰিয়াই মৰিয়াই মাৰি পেলাইছিল। হত্যাকাৰীবিলাকে পিছত হেনো কৈছিল যে টিভিত দেখুওৱা নৰবান্দৰটোও তেনেকুৱাই আছিল। গণউন্মাদনাৰ পৰিণতি বৰ ভয়ংকৰ। শেহতীয়াভাৱে এনেধৰণৰ গণউন্মাদনা টিভিৰ পৰ্দাত প্ৰায় নিত্য নৈমিত্তিকভাৱে দেখিবলৈ পোৱাৰ দৰে। ন্যায়পালিকাক স্বয়ংক্ৰিয়তাৰে হাতত তুলি লৈ “দাড়ি-চুলি থকা” অচিনাক্ত মানু্হ মাত্ৰেই বিদেশী সজাই মাৰপিট কৰা, কোনো প্ৰেমিক-প্ৰেমিকাক নৈতিকতাৰ পাঠেৰে ৰাজহুৱা স্থানত মাৰপিট কৰা, মদ খোৱা ছোৱালী দেখিলেই ৰেকৰ্ডিং কৰি টিভিত দেখুউৱা বা বন্ধুলৈ ৰেকৰ্ডিং প্ৰেৰণ কৰা আৰু মৰেল পুলিছৰ দায়িত্ব পালন কৰা বা দুৰ্ঘটনা এটাৰ পাছত ড্ৰাইভাৰ-হেন্দিমেনবিলাকক মাৰি পেলোৱা বা চোৰ এটা ধৰা পৰিলেই সাপ মৰাৰ দৰে হত্যা কৰাৰ ঘটনাবিলাক আপোনাৰ চুবুৰিত, মোৰ চুবুৰিত, আপোনাৰ অঞ্চলত, মোৰ অঞ্চলত তেনেই সুলভ। আমাৰ বহু সংখ্যক প্ৰচাৰ-মাধ্যমেই এই নৰবান্দৰ, পিচল মানু্হ, সোপাধাৰা, ষ্টোনমেন, আদিৰ কাহিনী বেছ মনোগ্ৰাহীকেই প্ৰচাৰ কৰে। গণ উন্মাদনাৰ যিকোনো ঘটনাৰ নিৰসনৰ ক্ষেত্ৰত পৌৰ-প্ৰশাসন আৰু পুলিচ-প্ৰশাসন দুয়োটাৰে সক্ৰিয় অংশগ্ৰহণ অতি প্ৰয়োজন যদিও বেছিক্ষেত্ৰত প্ৰশাসনৰ ফালৰ পৰা এখন নিৰাশাৰ ছবিহে দেখা যায়। জনসচেতনতা সৃষ্টিৰ ক্ষেত্ৰত বা ঘটনা এটাক তাৎক্ষণিকভাৱে সমাধানৰ ক্ষেত্ৰত প্ৰশাসনৰ ফালৰ পৰা যিধৰণৰ ক্ষিপ্ৰতা আশা কৰা যায়, বেছিভাগ সময়তে তাক প্ৰত্যক্ষ কৰা নাযায়।
যুক্তিহীনতা আৰু অন্ধবিশ্বাসে আমাক কেনেদৰে মেৰিয়াই ধৰিছে, সেইকথাৰ কোনো বিশ্লেষণৰ প্ৰয়োজন আৰু আজি নাই। যুক্তিহীনতা আৰু অন্ধবিশ্বাসৰ লগতে এনেবোৰ ঘটনাৰ আৰ্থ-ৰাজনৈতিক ভিত্তি এটাও বিচাৰ কৰাৰ প্ৰয়োজন আছে। বৰ্তমান সময়ৰ শ্বাসৰুদ্ধকৰ পৰিস্থতিত ঘটনাৰ আৰ্থ-ৰাজনৈতিক ভিত্তি বিশ্লেষণ নকৰি কেৱল অন্ধবিশ্বাসৰ ফলাফল হিচাপেই এই ঘটনাবোৰৰ বিশ্লেষণ সামৰিলে ই অসম্পূৰ্ণ হোৱাটোৱেই স্বাভাৱিক। এই ক্ষেত্ৰত ইন্দিবৰ দেউৰীয়ে “ডাইনী: অসমৰ জনগোষ্ঠী” (দ্রষ্টব্য: যুক্তি আৰু জনসমাজ, অসম প্ৰকাশন পৰিষদ) শীৰ্ষক প্ৰবন্ধত দেখুৱাই দিয়া কথাখিনি মনত ৰখাটো বৰ জৰুৰী। তেওঁ লিখিছে, “প্ৰধানকৈ অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যস্তস্বাৰ্থ পূৰণ কৰিবলৈ চাওতালসকলৰ দৰেই বড়োসকলৰ মাজতো ডাইনী নিগ্ৰহ ঘটনাৰ বৃদ্ধি ঘটিছে আৰু অন্তৰ্দ্বন্দ্বজৰ্জৰ আৰু সন্ত্ৰাসজৰ্জৰ পৰিৱেশে ইয়াৰ বাবে উপযুক্ত ক্ষেত্ৰ তৈয়াৰ কৰিছে। এনে পৰিৱেশত সাধাৰণতে দেখা যায় ল’ৰাধৰা, ডাইনী আদিৰ গণউন্মদনা সৃষ্টি কৰি ৰাজনৈতিক তথা অৰ্থনৈতিক ন্যস্তস্বাৰ্থ পূৰণৰ উদ্দেশ্যে নিগ্রহ নিধনত উচটনি দিয়া হয়। পশ্চিম বংগত নক্সাল নিধনৰ কালত ল’ৰা ধৰাৰ গণউন্মাদনাৰ সৃষ্টিৰ যোগেদি বহুতো নিৰপৰাধ লোকক হত্যা কৰা হৈছিল। অসমতো আলফা দমনৰ কালত ল’ৰা ধৰাৰ গণ উন্মদনাৰ সৃষ্টি হৈছিল।” গতিকে কোনো অঞ্চলত সোপাধৰাৰ আতংক বাঢ়ি অহা বা কাৰোবাক হত্যা কৰা, ডাইনী সন্দেহত কোনো বৃদ্ধাক হত্যা কৰা আৰু ইয়াৰ পৰৱৰ্তী সময়ত গঢ়ি উঠা প্ৰতিবাদ-প্ৰতিৰোধৰ ভাব-ভাষাসমূহে সামগ্ৰিকভাৱে এই ঘটনা প্ৰৱাহৰ বস্তুনিষ্ঠ বিশ্লেষণৰ প্ৰয়োজন দাবী কৰে। যুক্তিহীন, অবিবেচকী, অন্ধবিশ্বাসী জনসাধাৰণৰ মাজলৈ এই সোপাধৰা, নৰবান্দৰ, পিছল মানু্হ আদিৰ বা-বাতৰিসমূহ মুহূৰ্তৰ ভিতৰতে ক’ৰ পৰা আহে—সেইবোৰৰ বিচাৰে নিশ্চিতভাৱে আমাক কোনো নতুন সত্যৰ সৈতে মুখামু্খি ঘটাব।
অন্ধবিশ্বাস বৰ্তি থকাৰ ক্ষেত্ৰত আৰ্থ-ৰাজনৈতিক ব্যৱস্থাটোৰ বিশ্লেষণ নিশ্চয় জৰুৰী। উদাহৰণস্বৰূপে ভগ্নপ্ৰায় চৰকাৰী স্বাস্থ্য-ব্যৱস্থা এটাত নিজৰ বা পৰিয়ালৰ দীঘলীয়া ৰোগৰ পীড়াৰ অৱসান কৰিব নোৱৰা সৰ্বশ্ৰান্ত-নিঃস্ব ব্যক্তি এজনে ব্যক্তিগত খণ্ডৰ বিৰাটকায় হস্পিতালখনলৈ চাই দীঘল হুমুনিয়াহ কাঢ়ি ঈশ্বৰৰ নাম লৈ ঘৰলৈ ঘূৰি আহি সপোনত দৰবৰ সন্ধান পোৱা “ঈশ্বৰপুৰুষ”-ৰ ওচৰলৈ যোৱাৰ গত্যন্তৰ নাথাকে। উল্লেখ্য যে বৃহৎ পুঁজিৰ বজাৰ নিয়ন্ত্ৰিত বিশ্বায়নৰ তথা ভোগবাদৰ প্ৰভাৱত মানুহৰ মাজত গঢ় লৈ উঠা উদ্বেগ, অনিশ্চয়তা, অৰ্থনৈতিক সংকট বা এইবোৰে সৃষ্টি কৰা হতাশা, নীচাত্মিকাবোধ আদিয়েও মানুহৰ মনত অন্ধবিশ্বাস, কু-সংস্কাৰৰ প্ৰতি আনুগত্য ইত্যাদি গঢ়ি তোলে৷ একেদৰে যিকোনো শোষণ নিৰ্ভৰ আর্থ-ৰাজনৈতিক ব্যৱস্থাতেই সাধাৰণ জনতাৰ যুক্তিহীনতা, অজ্ঞতা-অন্ধবিশ্বাস আদিয়েই হ’ল শোষক-শাসক শ্ৰেণীটোৰ হাতত থকা মৌলিক অস্ত্ৰ। যুক্তিহীন, অজ্ঞ জনসাধাৰণক ৰূপকথাৰ কাহিনী কৈ কেনেদৰে ভুলাব লাগে বা বিভিন্ন সংশয়পূৰ্ণ বা বাতৰিৰে সংকিত কৰি ৰাখি জনসাধাৰণক মৌলিক বিষয় বিলাকৰ পৰা কেনেদৰে আঁতৰাই ৰাখিব লাগে—সেই কথাত এই শ্ৰেণীটো অতি পাৰ্গত। অন্ধবিশ্বাস, গণ-উন্মাদনা আদিৰ ক্ষেত্ৰত কিছু সময়ত এই কথাবিলাকো বিচাৰ কৰাৰ প্ৰয়োজনীয়তা থাকে।
বিজ্ঞান-শিক্ষা আৰু বিজ্ঞানমনস্কতা সমানুপাতিক নহয়৷ বিজ্ঞান-শিক্ষাৰে শিক্ষিত বহু সংখ্যক লোকৰ অন্ধবিশ্বাস, কু-সংস্কাৰ দেখিলে চকু কপালত উঠে। একেদৰে বিজ্ঞানমনস্কতা বা অন্ধবিশ্বাসীৰ ক্ষেত্ৰত গাঁও বা চহৰৰ পাৰ্থক্য নাই৷ গাঁৱৰ আলিমূৰৰ জৰী গছজোপাৰ তলত বুঢ়া ডাঙৰীয়া বিচাৰি ঘূৰ্মুটিয়াই ফুৰা আৰু সপোনত দৰবৰ সন্ধান পোৱা কোনো বিশেষ পুৰুষৰ ঘৰৰ আগফালে দৰৱ বিচাৰি অহা মানুহৰ বিলাসী গাড়ীৰ দীঘলীয়া শাৰীয়ে এই কথা স্পষ্ট কৰে।
বার্ট্রাণ্ড ৰাছেলে “The place of science in a liberal education” শীৰ্ষক ৰচনাত লিখিছে, “The scientific attitude of mind involves a sweeping away of all other desires in the interests of the desire to know—it involves suppression of hopes and fears, loves and hates, and the whole subjective emotional life, until we become subdued to the material, able to see it frankly, without preconceptions, without bias, without any wish except to see it as it is, and without any belief that what it is must be determined by some relation, positive or negative, to what we should like it to be, or to what we can easily imagine it to be…”৷ একেখন ৰচনাতে তেওঁ এই কথাটোও লিখিছে যে বিজ্ঞানমনস্কতা কি সেইটো বুজিবলৈ যেনেদৰে সহজ কিন্তু তাক প্ৰয়োগ কৰিবলৈ যি মানসিক প্ৰস্তুতিৰ প্ৰয়োজন তাক গঢ়ি তোলাটো সিমানেই কঠিন৷
বৰ্তমানৰ আৰ্থ-সামাজিক প্ৰেক্ষাপটত, অন্ধবিশ্বাস আৰু ধৰ্মীয় গোড়ামিৰে ক্লিষ্ট ৰাজনৈতিক সংস্কৃতিৰ প্ৰভুত্বৰ মাজত এখন বিজ্ঞানমনস্ক সমাজ প্ৰতিষ্ঠা কৰাটো একেবাৰে সহজ হৈ থকা নাই৷ কেৱল পাঠ্যপুথিৰ বিজ্ঞান শিক্ষাই যে এখন অন্ধবিশ্বাস, কু-সংস্কাৰ মুক্ত বিজ্ঞানমনস্ক সমাজৰ সৃষ্টি কৰিব নোৱাৰে, সেই কথা ইতিমধ্যেই প্ৰতীয়মান৷ নিজকে “সাংস্কৃতিক জাতীয়তাবাদী” বুলি অভিহিত কৰা পৰম্পৰাবাদীসকলৰ লগতে যোৱা তিনিটামান দশকৰ পৰা উত্তৰ আধুনিকতাবাদীসকলেও যুক্তিবাদৰ প্ৰতি অবিশ্বাসৰ মনোভাব পোষণ কৰা আদি কাৰ্যয়ো নতুন কিছু সমস্যাৰ সৃষ্টি কৰিছে৷
বিভিন্ন বাধাৰ পিছতো কিন্তু এখন বিজ্ঞানমনস্ক যুক্তিবাদী সমাজ প্ৰতিষ্ঠাৰ নিৰন্তৰ সংগ্ৰাম বহু কালৰ আগৰ পৰাই চলি আহিছে আৰু বৰ্তমানো চলি আছে। অন্ধবিশ্বাসে ঘোপমাৰিধৰা সমাজ এখনৰ আন্ধাৰ নাশি পোহৰৰ দিশে আগুৱাই নিয়া প্ৰতিভূ আছিল বীৰুবালা ৰাভা। তেনেহ’লে আহক, আমি সকলোৱে বিজ্ঞানমনস্কতাৰ সপক্ষে থিয় দিওঁ আৰু বীৰুবালা ৰাভাৰ আদৰ্শৰে এখন বিজ্ঞানমনস্ক সমাজ নিৰ্মাণৰ আখৰা কৰোঁ।