অতিথি সম্পাদকৰ চ'ৰাতৃতীয় বছৰতৃতীয় বছৰ (দ্বিতীয় সংখ্যা)

বিশাল কৃষক সমাৱেশে প্ৰেৰণাদায়ক বাৰ্তা কঢ়িয়াই আনিছে (জুনু বৰা)

নতুন দিল্লীত যোৱা ২০ আৰু ২১ নৱেম্বৰ তাৰিখে সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ কৃষক ৰাইজ সমবেত হৈছিল আৰু তেওঁলোকে দুদিনীয়া প্ৰতিবাদ কাৰ্যসূচীৰ মাজেৰে জ্বলন্ত দাবীসমূহ তুলি ধৰিছিল। চলিত দশকটোৰ ভিতৰতে এই প্ৰতিবাদী সমাৱেশ আছিল সৰ্ববৃহৎ আৰু বহুবোৰ দিশৰপৰা তাৎপৰ্যপূৰ্ণ। বহু প্ৰতিবাদকাৰীয়ে আত্মহত্যাকাৰী ঋণগ্ৰস্ত কৃষক আৰু পুলিচৰ গুলীত প্ৰাণাহুতি দিয়া প্ৰতিবাদী কৃষকৰ নৰকংকালৰ মালা পিন্ধি প্ৰতিবাদ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল। এই ঘটনাৰ মাজেৰে বঞ্চিত-অৱহেলিত, নিঃস্ব কৃষকসকলৰ মাজত যুগ যুগ ধৰি পুঞ্জীভূত হৈ থকা খং-ক্ষোভৰ প্ৰকাশ ঘটিছিল; তেওঁলোকে কেৱল খং-ক্ৰোধ প্ৰকাশ কৰিয়েই যে ক্ষান্ত নাথাকে তাকো বুজাই দিছিল তেওঁলোকে ঘোষণা কৰা ভৱিষ্যতৰ প্ৰতিবাদী কাৰ্যসূচীৰ মাজেৰে।

ভাৰতবৰ্ষৰ কৃষি সংকট আৰু কৃষক আত্মহত্যাকে ধৰি এশ-এবুৰি সমস্যা আৰু চৰকাৰৰ কৃষকবিৰোধী নীতিৰ পৰিপ্ৰেক্ষিতত দেশৰ বহুসংখ্যক কৃষক সংগঠন ঐক্যবদ্ধ হৈ সৰ্বভাৰতীয় স্তৰত এক যৌথ মঞ্চ গঠন কৰিছিল আৰু মধ্যপ্ৰদেশত প্ৰতিবাদী কৃষকৰ ওপৰত পুলিচৰ গুলীচালনা ঘটনাৰ পিছতেই। সমিতিৰ নাম দিছিল সদৌ ভাৰত কৃষক সংগ্ৰাম সমন্বয়ৰক্ষী সমিতি All India Kisan Sangharsha Coordination Committee)। সমন্বয়ৰক্ষী সমিতিয়ে ‘কৃষক মুক্তি সংসদ’ নামেৰে এক প্ৰতিবাদ কাৰ্যসূচীৰ আহ্বান জনাইছিল। এই কাৰ্যসূচীয়ে স্পষ্ট কৰি দিলে যে এয়া কৃষকৰ নিজস্ব সংসদ, য’ত কৃষকৰ সমস্যাসমূহৰ ওপৰত বিতংভাৱে আলোচনা হ’ব আৰু সমাধানৰ পথ উলিয়াই অনা হ’ব। প্ৰতিবাদী কৃষকসকলৰ এই কাৰ্যই একে সময়তে ইয়াকো স্পষ্ট কৰি দিলে যে ভাৰতীয় সংসদত কৃষকৰ সমস্যাসমূহক যুগ যুগ ধৰি আওকাণ কৰি অহা হৈছে আৰু সেয়ে তেওঁলোকে নিজাববীয়াকৈ ‘কৃষক মুক্তি সংসদ’ অনুষ্ঠিত কৰি সমস্যাসমূহৰ ওপৰত আলোচনা কৰিবলৈ বাধ্য হৈছে।

 এই কৃষক মুক্তি সংসদ হঠাৎ অনুষ্ঠিত কৰা হোৱা নাছিল। প্ৰক্ৰিয়াটো কেইবা মাহৰ আগৰপৰাই আৰম্ভ হৈছিল আৰু সেই প্ৰক্ৰিয়াত সমন্বয়ৰক্ষী সমিতিয়ে ভাৰতৰ চাৰিখন ঠাইৰপৰা কৃষক মুক্তি যাত্ৰা কৰি মুঠ ১০,০০০ কিলোমিটাৰ পথ অতিক্ৰম কৰিছিল। যাত্ৰাৰ সময়ছোৱাত কৃষক আৰু অন্যান্য অংশৰ ৰাইজৰ মাজত বহু ঠাইত সভা-সমিতি অনুষ্ঠিত কৰা হৈছিল, কৃষকৰ অৱস্থা আৰু কৃষকৰ দাবীসমূহৰ ওপৰত মতামত লোৱা হৈছিল আৰু দাবীসমূহ দাঙি ধৰা হৈছিল। এই কামৰ মাজেৰে ভাৰতৰ গ্ৰামাঞ্চল আৰু চহৰাঞ্চলৰ মাজত থকা প্ৰভেদ আঁতৰাই ৰাইজৰ মাজত ঐক্য আৰু সংহতি গঢ়ি তোলাৰ প্ৰয়াস চলোৱা হৈছিল।

এই প্ৰক্ৰিয়াত যোৱা ১২ নৱেম্বৰত পাঁচটা কৃষক সংগঠনৰ যৌথ আহ্বানত গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত যৌথ কৃষক সমাৱেশ অনুষ্ঠিত হৈছিল আৰু সমাৱেশে কৃষকক মাটিৰ পট্টা প্ৰদান কৰা, কৃষিঋণ মাফ কৰা, উৎপাদিত ফচলৰ ন্যায্য মূল্য প্ৰদান কৰা, অমানৱীয় উচ্ছেদ বন্ধ কৰা, বান-গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান, অসমৰ মাটি নাগালেণ্ডক এৰি দিয়াৰ ষড়যন্ত্ৰ বন্ধ কৰা, কৃষক নেতা অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়াৰ দাবী তুলি ধৰে। উৎসাহজনক এই সমাৱেশে অসমৰ কৃষক জনসাধাৰণলৈ প্ৰেৰণাদায়ক বাৰ্তা প্ৰেৰণ কৰিছিল।

ভাৰতবৰ্ষৰ স্বাধীনোত্তৰ কালত কৃষিক্ষেত্ৰখন সদায় অৱহেলিত হৈ আহিছে। চৰকাৰে ‘সেউজ বিপ্লৱ’ৰ শ্ল’গানেৰে হাতত লোৱা আঁচনিসমূহে কৃষিক্ষেত্ৰৰ মৌলিক সমস্যাসমূহক অথবা ব্যাপক কৃষক ৰাইজৰ জ্বলন্ত সমস্যাবোৰক স্পৰ্শ কৰিব পৰা নাছিল আৰু অঞ্চল বিশেষৰ এমুঠিমান কৃষকৰ মাজতে সীমাবদ্ধ আছিল। কুৰি শতিকা পাৰ হৈ একবিংশ শতিকাৰ বছৰবোৰত কৃষকৰ সংকট পূৰ্বতকৈও বৃদ্ধি পায় আৰু অসহায়, নিৰুপায় কৃষকসকলে আত্মহত্যাৰ পথ ল’বলগা বাধ্যবাধক পৰিস্থিতিৰ সৃষ্টি হয়। কৃষকৰ সংগ্ৰাম বা জোৰদাৰ প্ৰতিবাদ গঢ়ি উঠিলে ভাৰতীয় শাসকসকলে কৃষি আৰু কৃষকৰ সংকট তথা সসম্যাক লৈ কেতিয়াবা কেতিয়াবা তদন্ত আয়োগ গঠন কৰি দিছে যদিও তদন্ত আয়োগৰ পৰামৰ্শাৱলী ৰূপায়ণ কৰাৰ সদিচ্ছা কোনোদিনেই প্ৰদৰ্শন কৰা নাই।

এইখিনিতে উল্লেখ কৰা যুগুত হ’ব যে দেশৰ বিশিষ্ট কৃষিবিজ্ঞানী অধ্যাপক এম এছ স্বামীনাথনক অধ্যক্ষ হিচাপে লৈ ২০০৪ চনৰ নৱেম্বৰ মাহত এখন ৰাষ্ট্ৰীয় আয়োগ গঠন কৰি দিয়া হৈছিল আৰু সেই আয়োগে দেশৰ কৃষিক্ষেত্ৰখনৰ ওপৰত বিস্তৃত অধ্যয়ন চলাই ২০০৬ চনত প্ৰতিবেদন দাখিল কৰিছিল, য’ত কৃষিৰ সমস্যাসমূহ দাঙি ধৰাৰ লগতে বহু পৰামৰ্শ আগ বঢ়োৱা হৈছিল। সেই আয়োগে কৃষি সংকটৰ বাবে ভাৰতত ভূমি সংস্কাৰৰ অসম্পূৰ্ণ এজেণ্ডা, পানী যোগানৰ সুব্যৱস্থাৰ নাটনি অথবা পানীযোগান ব্যৱস্থাৰ অভাৱ, প্ৰাযুক্তিক ব্যৰ্থতা, সময় মতে আৰু পৰ্যাপ্ত পৰিমাণৰ প্ৰাতিষ্ঠানিক ঋণ নোপোৱা,  ন্যূনতম লাভজনক মূল্যৰ বজাৰৰ অভাৱ, প্ৰতিকূল বতৰ আদি কাৰকসমূহক জগৰীয়া কৰিছিল। ভালদৰে মন কৰক, একেবোৰ কাৰকেই আজিও আমাৰ দেশৰ কৃষি সংকটৰ বাবে জগৰীয়া নহয় নে?

আয়োগে চিলিং উদ্বৃত্ত আৰু পৰি থকা মাটি বিতৰণ কৰা, মূল কৃষিভূমি আৰু বনাঞ্চলৰ ভূমি কৃষিবহিৰ্ভূত কামত লগোৱাৰ বাবে ক’ৰ্পৰেটক দিয়া বন্ধ কৰা, গ্ৰেজিং অধিকাৰ আৰু বনাঞ্চলৰ ভূমিত জনজাতীয় লোকৰ অধিকাৰ নিশ্চিত কৰাৰ পৰামৰ্শ আগ বঢ়ায়। লগতে পৰম্পৰাগত কৃষিৰ উন্নতি সাধন, যি মাটিৰ গুণাগুণ উন্নত কৰাকে ধৰি জৈৱ-বৈচিত্ৰ্যৰ বিকাশ ঘটাব। আয়োগে লগতে ‘ৰাষ্ট্ৰীয় ভূমি ব্যৱহাৰ উপদেষ্টা সেৱা’ গঠনৰ পৰামৰ্শ আগ বঢ়াইছিল, যাৰ বতৰৰ লগত খাপ খুৱাই স্থানীয় ভিত্তিত সময় অনুসৰি ভূমি ব্যৱহাৰৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা থাকিব। আজিৰ পৰিস্থিতিত থিয় হৈ ক’ব পাৰি যে সুদীৰ্ঘ ১২ বছৰ পূৰ্বেই স্বামীনাথন আয়োগে বহু গুৰুত্বপূ পৰামৰ্শ আগ বঢ়াইছিল, কিন্তু কোনোখন চৰকাৰেই সেই আয়োগৰ প্ৰতিবেদনৰ ওপৰত কোনো গুৰুত্ব আৰোপ নকৰিলে। বহু লোকে আজিও ভাবে যে পৰ্যায়ক্ৰমে আয়োগৰ পৰামৰ্শাৱলী ৰূপায়ণ কৰাহেঁতেন, দেশৰ কৃষি ক্ষেত্ৰখন এনেদৰে দুৰ্যোগত নিমজ্জিত নিশ্চয় নহ’লহেঁতেন।

দিল্লীত হোৱা কৃষকৰ বিশাল সমাৱেশে বিগত লোকসভা নিৰ্বাচনৰ সময়ত মোদী চৰকাৰে ঋণগ্ৰস্ত কৃষকৰ ঋণ মাফ কৰাৰ যি প্ৰতিশ্ৰুতি দিছিল, তাক পূৰণ নকৰাৰ বাবে কেন্দ্ৰৰ মোদী চৰকাৰক দায়ী কৰে। কৃষকৰ এই গণ সংসদত ঋণগ্ৰস্ত কৃষকৰ ঋণ মাফ কৰা আৰু খেতিৰ মুঠ খৰছৰ ৫০ শতাংশ লাভেৰে কৃষি শস্যৰ উচিত মূল্য (এম এছ পি) নিৰ্ধাৰণ কৰা – এই দুটা প্ৰধান দাবীত দুখন বিধেয়ক উত্থাপন কৰা হয় আৰু তাৰ ওপৰত আলোচনা তথা বিতৰ্ক চলোৱা হয়।

প্ৰথম দিনাৰ অধিবেশনত কৃষিজীৱী মহিলাসকলে ভাষণ প্ৰদান কৰি দৃঢ়তাৰে কৈছিল যে কৃষি শস্যৰ ন্যূনতম লাভজনক দাম অস্বীকাৰ কৰাৰ অৰ্থ হ’ল লুণ্ঠনক প্ৰশ্ৰয় দিয়া। সমাবেশত আত্মহত্যা কৰা কৃষকৰ পত্নীসকলেও ভাষণ দিয়ে। কৃষি ঋণৰ বোজাই স্বামীক কেনেদৰে আত্মহত্যাৰ পথ ল’বলৈ বাধ্য কৰালে তাৰ হৃদয়বিদাৰক বিবৰণেৰে তেওঁলোকৰ ভাষণ আছিল সিক্ত।

কৃষক নেতাসকলৰ ভাষণত বহু কথা কোৱা হয়। এজন নেতাৰ ভাষণত কোৱা হয় যে চৰকাৰে দৰিদ্ৰ লোকসকলক কৃষকৰ বিৰুদ্ধে থিয় কৰোৱাৰ ষড়যন্ত্ৰ চলাইছে। চৰকাৰে দাবী কৰিছে যে কৃষি শস্যৰ ন্যূনতম লাভজনক দাবীয়ে কৃষিজাত শস্যৰ মূল্যবৃদ্ধি ঘটাব আৰু দৰিদ্ৰ লোকৰ ওপৰত আৰ্থিক বোজা বঢ়াই তুলিব। নেতাজনে স্পষ্ট কৰি কয় যে এয়া ভুল কথা আৰু তাৰ মাজেৰে কৃষক আৰু দৰিদ্ৰ ৰাইজৰ মাজত বিৰোধ বঢ়াব বিচৰা হৈছে। চৰকাৰৰ দায়িত্ব সোঁৱৰাই দি সমাবেশত কোৱা হয় – কৃষি সামগ্ৰীৰ উৎপাদন খৰছ কমোৱাৰ দায়িত্ব চৰকাৰৰ, চৰকাৰে তাৰ ব্যৱস্থা ল’ব লাগিব। চৰকাৰে ন্যূনতম লাভজনক দামত খাদ্যশস্য ক্ৰয় কৰিব লাগিব আৰু ৰাজহুৱা বিতৰণ ব্যৱস্থা সবল কৰি দৰিদ্ৰ লোকসকলক খাদ্যশস্য যোগান ধৰিব লাগিব। সেই দায়িত্ব চৰকাৰে পালন নকৰাৰ ফলত দৰিদ্ৰ লোকৰ ক্ষুধা-অনাহাৰত মৃত্যু হৈছে, আধাৰ কাৰ্ড নথকাৰ অজুহাতত বহু লোকক ৰেচনৰপৰা বঞ্চিত কৰা হৈছে। তেওঁ ইয়াকো কয়, যি সময়ত বিজেপি নেতা অমিত শ্বাহৰ পুত্ৰৰ সা-সম্পত্তি ভাবিব নোৱৰা হাৰত বৃদ্ধি পাইছে, ক’ৰ্পৰেট খণ্ডৰ ঋণ মাফ কৰা হৈছে, সেই সময়ত চৰকাৰে কৃষি ঋণ মাফ কৰিবলৈ অপাৰগতা প্ৰকাশ কৰাটো অতি গৰিহণাযোগ্য। সমাৱেশত অসমৰ প্ৰতিবাদী কৃষক নেতা অখিল গগৈক চৰকাৰে গ্ৰেপ্তাৰ কৰি জে’লত বন্দী কৰি থোৱা বিষয়টোৱেও যথেষ্ট গুৰুত্ব লাভ কৰে। আটায়ে এই কাৰ্যক গৰিহণা দিয়ে আৰু কৃষক নেতাজনক শীঘ্ৰে বিনাচৰ্তে মুক্তি দিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়। সৰ্বশেষত বিধেয়ক দুখন সম্পৰ্কে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে এক দেশজোৰা অভিযান ঘোষণাৰে কৃষক মুক্তি সংসদৰ দুদিনীয়া অধিবেশনৰ সামৰণি পৰে। আজি যি সময়ত কৃষকৰ সমস্যাবোৰৰ স্থায়ী সমাধান সামগ্ৰিকভাৱে দেশৰ উন্নয়ন আৰু সুস্থিৰতাৰ বাবেই বাবেই জৰুৰী হৈ পৰিছে, তেনে সময়ত কৃষকৰ এই বিশাল সমাৱেশে গৌৰৱোজ্জ্বল কৃষক সংগ্ৰামৰ ৰক্তিম ঐতিহ্যক সোঁৱৰাই দিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *