বিষ্ণু প্ৰসাদ ৰাভা আৰু সমাজবাদী আন্দোলন: এক চমু অৱলোকন – (ৰূপক বৰুৱা)
মুক্ত আকাশে উৰে
দীপ্ত ৰঙা নিচান
ৰক্তেৰে ৰঞ্জিত
সূৰুয উদীয়মান
শুন্ মুকুতিৰ সূৰুযৰ আহ্বান,
হালোৱা হজুৱা হেৰো মজুৰ-কিষাণ
মুক্তিমান-মুক্তিমান-মুক্তিমান।
–বিষ্ণুপ্ৰসাদ ৰাভা।
নেতাজী সুভাষ চন্দ্ৰ বসুয়ে স্বাধীনতাৰ কথা ক’বলৈ যাওঁতে কৈছে “During all these years we have meant and explained by freedom, political freedom alone; but henceforth we have to declare that we do not want to liberate people merely from political bondage. We want to liberate them from all forms of bondage. The struggle for Independence has as its aim the removal of the triple bondage of political, economic and social oppression. চহিদ ভগৎ সিঙেও স্বাধীনতা মানে কেৱল ইংৰাজৰ শাসনৰ পৰা মুক্তি কথা কোৱা নাছিল।দেশীয় পুঁজিপতি, মহাজন আৰু জমিদাৰৰ পৰা মুক্তিৰ কথা কৈছিল ।জেলৰ পৰা লিখা এখন চিঠিত তেওঁ লিখিছিল-“The peasants have to liberate themselves not only from foreign yoke but also from the yoke of land-lords and capitalist” ১৯৩১ চনৰ ৩ মাৰ্চত তেওঁ শেষ বাৰ্তা আছিল এনেধৰণৰ- The struggle in India would continue so long as a handful of exploiters go on exploiting the labour of common people for their own ends . Its matters little whether these exploiters are purely British capitalist,or British and Indian alliance,or even purely Indians. (উৎস-Indian Struggle for Independence by Bipan Chand, Mridula Mukherjee , Aditya Mukherjee, Sucheta Mahajan, K.n Panikar)
বিষ্ণু প্ৰসাদ ৰাভাইও কেৱল ৰাজনৈতিক স্বাধীনতাকে স্বাধীনতা বুলি ভবা নাছিল ।তেওঁৰ মতে অৰ্থনৈতিক দাসত্ব আৰু সামাজিক অৱদমনৰ পৰা কৃষক শ্ৰমিককে আদি কৰি নিম্নবৰ্গসকলৰ মুক্তিহে প্ৰকৃত স্বাধীনতা।ধনতন্ত্ৰবাদত এই স্বাধীনতা সম্ভৱ নহয়। ইয়াৰ বাবে লাগিব এখন সমাজবাদী সমাজ।ৰাভা আছিল হাড়ে-হিমজুৱে সাম্যবাদী চেতনাৰ অধিকাৰী। উত্তৰাধিকাৰী হিচাপে পোৱা বিশাল ভূ-সম্পত্তি তেওঁ দৰিদ্ৰ কৃষকৰ মাজত ভগাই দিছিল। পুলিচৰ চাকৰি বাবে নিৰ্বাচিত হৈও নিজ মানুহকনো কেনেদৰে লাঠিৰে কোবাম বুলি চাকৰিকে নকৰিলে। তেওঁৰ মননত জীপাল হৈ আছিল দলিত, কৃষক আৰু শ্ৰমিক শ্ৰেণীৰ মুক্তি । গণিতজ্ঞ,সাহিত্যিক বুদ্ধিজীৱী ড° দিলীপ কুমাৰ দত্তই তেওঁৰ ‘বিষ্ণু প্ৰসাদৰ প্ৰসাদ’ গ্ৰন্থত লিখিছে -“অসমৰ এক বুজন সংখ্যক লোকৰ মাজত তেওঁ সাম্যবাদৰ যি আদৰ্শ প্ৰতিষ্ঠা কৰি থৈ গ’ল সি সচাকৈয়ে বিস্ময়কৰ ।দুখীয়া নিচলাৰ কাৰণে তেওঁ নিজৰ সকলোখিনি বিলাই দি নিজেই দৰিদ্ৰতাক সাৱটিব লগা হয়।”
মহান বিজ্ঞানী আইনষ্টাইনে তেওঁৰ ‘Why Socialism’ নামৰ ছুটি প্ৰৱন্ধটোত পুঁজিবাদৰ বিভিন্ন বিকাৰবোৰ উল্লেখ কৰি এই ব্যৱস্থাত হোৱা তথাকথিত উন্নয়নক লুণ্ঠন বা লুটপাট বুলি উল্লেখ কৰিছে।বিজ্ঞান প্ৰযুক্তিৰে শিল্পবিপ্লৱৰ ফলত ইউৰোপৰ দেশবোৰে যি পুঁজিবাদৰ বিকাশ ঘটালে সেইয়া আছিল শ্ৰমিক সকলৰ ওপৰত অত্যাধিক শোষণ। তাৰ লগে লগে ইংলেণ্ড , ফ্ৰাণ্স , জাৰ্মানি আদি দেশবোৰে বিশ্বৰ বিভিন্ন দেশত উপনিৱেশ পাতি সেই দেশবোৰত প্ৰাকৃতিক সম্পদকে ধৰি বিভিন্ন ধৰণৰ লুণ্ঠণ চলাই নিজ দেশ সমৃদ্ধিশালী কৰিলে ।আফ্ৰিকাৰ দেশবোৰত এই লুণ্ঠনে চৰম সীমা পাইছিলগৈ। ৰাভা আছিল এই লুণ্ঠণ আৰু শোষণৰ ওপৰত বৰ্তি থকা পুঁজিবাদী ব্যৱস্থাৰ বিৰোধী। তেওঁ ইয়াকে সহাজ ভাষাত লিখিছে এনেদৰে “ধনতন্ত্ৰবাদ – আইনৰ সহায় লৈ হাজাৰজনৰ ল’ৰা-ছোৱালীৰ মুখৰ ভাত কাঢ়ি আনি এজনৰ ল’ৰা-ছোৱালীৰ মুখৰ ভাত ভৰোৱা, হাজাৰজনৰ ল’ৰা-ছোৱালীৰ গাৰ কাপোৰ-কানি খহাই এজনৰ ল’ৰা-ছোৱালীক পিন্ধোৱা, হাজাৰজনৰ ঘৰ-বাৰী ভাঙি আনি এজনৰ ঘৰ-বাৰী সজোৱা, হাজাৰজনৰ আলিৰ সীমা ঠেলি নিজৰ সম্পত্তি বঢ়োৱা, হাজাৰজননক ফাঁকি দি (ঠগাই) নিজৰ ধন বেছি কৰা, বেছি ধনেৰে কাৰখানা পাতি কম দৰমহাতে কুলি-কুলিয়নীক খটোৱা, কাৰখানাত বনোৱা বস্তু বেছি দামত বিক্ৰী কৰি বহু লাভ পোৱা — এইবোৰ কৰা কায়দা-কৌশলৰ নীতিক ধনতন্ত্ৰবাদ বোলে। ধনীৰ হাততে চৰকাৰ, পুলিচ, মিলিটাৰী, আইন-আদালত, বজাৰ, কল-কাৰখানা আৰু সমাজ থাকে।” ৰাভাই পুঁজিবাদত যে সাধাৰণ মানুহৰ সুখ নাথাকে তাক সঠিককৈ বুজিছিল। লাভৰ কাৰণে পুঁজিপতিয়ে যিকোনো পৰ্যায়লৈ যাব পাৰে। সাধাৰণ মানুহৰ দুখ-কষ্টক তেওঁলোকে গুৰুত্ব নিদিয়ে। লাভ কম হোৱাৰ ভয়ত তেওঁলোকে শ্ৰমিকক কামৰ পৰা খেদিবলৈ কুণ্ঠাবোধ নকৰে। লাভৰ বাবেই তেওঁলোকে ন ন প্ৰযুক্তিৰ সন্ধানত থাকে যাতে কম শ্ৰমিক লগাব পাৰি। আনহাতে কাম হেৰুওৱাৰ ভয়ত শ্ৰমিক সদায় উৎকণ্ঠিত হৈ থাকে। সমাজ বৈষম্যৰ চিকাৰ হয়।সমাজত ধনী-দুখীয়ে বিভাজনে সমাজলৈ অশান্তি আনে। ৰাভাৰ মতে সমাজবাদেহে সাধাৰণ খাটি খোৱা মানুহলৈ প্ৰকৃত সুখ কঢ়িয়াই আনিব। তেওঁ লিখিছে- সমাজ বুলি ক’লে খেতিয়ক আৰু বনুৱাৰ সমাজকহে আচল সমাজ বুলিব পাৰি। যিজনে হাল বাই খেতি কৰে তাক খেতিয়ক বোলে। এই খেতিয়ক আৰু বনুৱাই সমাজক বচাই ৰাখিছে। আচলতে সিহঁতেই সমাজৰ ৰাজহাড়।বনুৱাই কুলি হৈ তেল, নিমখ, সূতা, কাপোৰ, ৰে’ল, মটৰ, উৰাজাহাজ অস্ত্ৰ সকলো ৰাইজক যোগাৰ কৰি দিয়ে।——–সিহঁতেই সমাজক জীয়াই ৰাখিছে। অথচ সিহঁতেই, খেতিয়ক বনুৱাই আজি ধনীৰ কায়দাত খাবলৈ নাপায়।
সিহঁতৰ হাতলৈ চৰকাৰ, কাৰখানা, বিজ্ঞান নাহিলে খেতিয়ক বনুৱাৰ সুখ-শান্তি হ’ব নোৱাৰে । গতিকে যেতিয়ালৈকে দুখীয়া জাতিয়ে সমাজৰ হাতত চৰকাৰ, কাৰখানা, আৰু বিজ্ঞান নানে , তেতিয়ালৈকে সমাজৰ দুখ নুগুচে। কাৰণ খেতিয়ক-বনুৱা, দুখীয়া ৰাইজকলৈহে আজিৰ সমাজ। ৰাইজৰ হাতৰ মুঠিত চৰকাৰ , কল-কাৰখানা আৰু বিজ্ঞান আহিলেহে সমাজতন্ত্ৰবাদ হ’ব।”
১৯৪৫ চনত বিষ্ণু ৰাভাদেৱে বিপ্লৱী কমিউনিষ্ট পাৰ্টীত (RCPI)-ত যোগদান কৰে। ৰাভাদেৱৰ ভাৰতৰ কমিউনিষ্ট পাৰ্টীত যোগদান তথা মাৰ্ক্সবাদৰ দীক্ষা অসম তথা ভাৰতৰ সমাজবাদী আন্দোলনৰ এক গৌৰৱোজ্বল অধ্যায় ।বিষ্ণু ৰাভাই ভাৰতীয় কমিউনিষ্ট দলত যোগদান কৰাৰ বিষয়ত প্ৰখ্যাত কমিউনিষ্ট নেতা মোহন লাল মুখাৰ্জীয়ে লিখিছে এনেদৰে-” সাম্যবাদৰ প্ৰতি মনে প্ৰাণে অনুগত্য প্ৰকাশ কৰি তেওঁ এদিন ক’লে যে যৌৱনৰ প্ৰাৰম্ভণিতে তেওঁ সাম্যবাদৰ বৈজ্ঞানিক বিশ্লেষণৰ প্ৰতি আকৃষ্ট হৈছিল যদিও ললিত কলাৰ আকৰ্ষণত ৰাজনীতিৰ পৰা আঁতৰি আছিল। পিচত অধ্যয়ন আৰু আমাৰ সাহচৰ্যৰ মাজেদি উপলব্ধি কৰিছিল যে সাম্যবাদী আদৰ্শ ফলৱতী কৰাৰ কাম কেৱল ৰাজনীতিয়েই নহয়, ই এটা সামগ্ৰিক মানৱ সেৱাৰ বৈজ্ঞানিক প্ৰক্ৰিয়া। বৰ্তমান সমাজৰ অত্যাচাৰ অনাচাৰ নিপীড়ন শোষণৰ প্ৰণালীৱদ্ধ সমাজ ব্যৱস্থাৰ পৰা দলিত মানৱ শ্ৰেণীক মুক্ত কৰাৰ সৰ্বগ্ৰাসী অভিযান। “(মোহন লাল মুখাৰ্জী, কমৰেড বিষ্ণু ৰাভাৰ জীৱনৰ ৰূপৰেখা, অগ্ৰদূত, ১২মাৰ্চ,১৯৮৬ চন, পৃষ্ঠাঃ৭-৮) ।ৰাভাদেৱে শিল্পী-সাহিত্যিক শ্ৰীহেমাঙ্গ বিশ্বাসৰ আগতো আলোচনা প্ৰসঙ্গত কৈছিল-“মাৰ্ক্সবাদ ,লেনিনবাদে মোৰ চঞ্চল অস্থিৰ শিল্পী জীৱনলৈ আনি দিছে সাগৰ সঙ্গমৰ পূৰ্ণতা আৰু গভীৰতা।”
ৰাভাদেৱে শোষিত -বঞ্চিত সাধাৰণ খাটি খোৱা জনতাক মনে-প্ৰাণে ভাল পাইছিল আৰু জনতাৰ মুক্তিৰ বাবে তেওঁ সাম্যবাদী আন্দোলনত মনে-প্ৰাণে লাগিছিল। তিলক দাসে তেওঁৰ ‘বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি’ গ্ৰন্থখনত লিখিছে- “তেতিয়া দেশত শ্ৰমিক সংগঠন, কৃষক সংগঠন আদি আৰম্ভ হৈছে। ঠায়ে ঠায়ে এইসকলৰ সমাবেশো পাতি কোনো কোনো নেতাই ৰাইজৰ চকুত চমক্ লগাইছে।কিন্তু ৰাভাৰ প্ৰাণটো অছিল সদায় এই নিপীড়িত সকলৰ লগত অকৃত্ৰিমভাবে -বক্তৃতা দি শ্ৰোতাসকলক চমক লগোৱা নহয়।তেওঁলোকৰ কুলাই-পাচিয়ে নধৰা দুখৰ বোজাবোৰত মেটমৰা ভাৰ নাইকিয়া কৰি সংস্কৃতিৰ সন্তান হিচাপে তেওঁলোকক প্ৰতিষ্ঠা কৰিবলৈহে শিল্পীজনাই বাঞ্ছা কৰিছিল।” তেওঁ অসমৰ গাঁৱে গাঁৱে নিপীড়িত কৃষক, হালোৱা, বনুৱাকে আদি কৰি সাধাৰণ লোকসকলৰ মাজত সাংগঠনিক কাম কৰিবলৈ দেহেকেহে খাটে আৰু তেওঁলোকৰ মনত এখন নতুন সমাজৰ স্বপ্ন জগাই তোলে। তাৰ লগে লগে গভীৰভাবে অধ্যয়ন কৰে মাৰ্ক্স -এঞ্জেলছ আৰু আন সাম্যবাদী পণ্ডিতৰ লেখাসমূহ আৰু অলপ দিনতে মাৰ্ক্সবাদত সুপণ্ডিত হৈ পৰে।’সমাজতন্ত্ৰবাদ হ’লে কি লাভ হ’ব?’ ‘সমাজ কাক কয়? সমাজ কিয়?’ ‘ছোচিয়েলিষ্ট-সমাজ আৰু কমিউনিষ্ট সমাজৰ পাৰ্থক্য (সমাজবাদী-সমাজ আৰু সাম্যবাদী সমাজৰ পাৰ্থক্য), ডাইলেটিক, ৰাজনীতি, বিপ্লৱ’ আদি কৰি বিভিন্ন ৰাজনৈতিক লেখাবোৰত তেওঁৰ জ্ঞানৰ গভীৰতা লক্ষ্য কৰা যায়।
কমিউনিষ্ট পাৰ্টীয়ে কৃষক সভা গঠন কৰি কৃষক আন্দোলনক সংগঠিত কৰিছিল। ১৯৪৬ চনত কাছাৰ জিলাত আধিয়াৰ সকলে নিজৰ প্ৰাপ্যৰ দাবীত তেভেগা আন্দোলন আৰম্ভ কৰে। ১৯৪৯চনলৈ এই আন্দোলন চলে। এই আন্দোলনৰ সময়ছোৱাত কৃষক তথা আধিয়াৰ সকলৰ ওপৰত কংগ্ৰেছ শাসিত চৰকাৰখনে পৈশাচিক আত্যাচাৰ চলাইছিল। ১৯৪৭চনত১৫আগষ্টত ভাৰতবৰ্ষ স্বাধীন হ’ল। কিন্তু এই স্বাধীনতাই দলিত, শোষিত, কৃষক, বনুৱাৰ দৰে শ্ৰমজীৱী লোকসকলৰ জীৱনলৈ কোনো পৰিৱৰ্তন নানিলে।অৱসান নঘটিল শোষণ-বঞ্চনাৰ। বিষ্ণু ৰাভাকে আদি কৰি অনেক জনৰ মোহমুক্তি ঘটিল, টিহুৰ দীঘেলীত ক’লা পতাকা উৰুৱাই সমস্বৰে চিঞৰি উঠিল,’ইয়ে আজাদী ঝুথা হ্যায়।’ ‘(এই স্বাধীনতা মিছা)’ ৰাভাদেৱে সমগ্ৰ অসম জুৰি শ্ৰমজীৱী , কৃষক -বনুৱা আৰু ভুমিহীন সকলৰ মাজত বিপ্লৱৰ বাণী প্ৰচাৰ কৰি, তেওঁলোকক সংগঠিত কৰিবলৈ ঘুৰিলে।নৃত্য, গীত, নাটক, বক্তৃতাৰে জনসাধাৰণৰ বিপ্লৱৰ আৱশ্যকতা কথা বুজাই তেওঁলোকক সংগঠিত কৰি নিজৰ অধিকাৰৰ সমন্ধে চেতনা জগাই তুলিলে। বিশেষকৈ নামনি অসমৰ ভুমিহীন, ভুমিহেৰুৱা আনকি ক্ৰীতদাস পৰ্যায়লৈ অৱনমিত হোৱা লোকসকলক মহাজনী শোষণৰ বিৰুদ্ধে যুঁজিবলৈ সংগঠিত কৰিলে।
শোষক জমিদাৰ শ্ৰেণীক সাৱধান বাণী শুনালে এনেদৰে-
‘দুখীয়াৰ কলিজা নিগৰি লৱ।
টুপি টুপি তেজ শুহি শুহি পিৱ।
ৰুকি ৰুকি মঙহ চোবাই খাৱ
কুৰুকি হাড় কেইডালো চোবাৱ
হুঁচিয়াৰ হুঁচিয়াৰ
ধনী মহাজন জমিদাৰ।!
হুঁচিয়াৰ হুঁচিয়াৰ——-।”
১৯৪৬ চনত নগাঁও জিলাৰ ছাত্ৰ সন্মিলনৰ প্ৰথম বাৰ্ষিক অধিবেশন ৰহাত বহে ।ইয়াৰ সাংস্কৃতিক সভাৰ সভাপতি হয় বিষ্ণু প্ৰসাদ ৰাভা। ইয়াতে তেওঁ অসমীয়া কৃষ্টি সংস্কৃতিৰ ওপৰত এটা বহূমূলীয়া ভাষণ আগবঢ়ায়। ভাষণৰ শেষত কবিতাৰে ধনী জমিদাৰ সকলক সাবধান বাণী শুনাই এনেদৰে
“ফাঁকিবাজ
ধুড়িবাজ
ধনী জমিদাৰ
কাহানিও কেতিয়াও আমাক নিদিয়ে মুক্তি
নিতে নিতে তিলে হেৰুৱাওঁ শক্তি
অসহ্য নৰক হয় এই কাৰাগাৰ
সৌৱা সৌৱা আজি গণদেৱতাৰ কপালত জ্বলে
কোপানল বহ্নি
জনতাৰ হৃদয়ত জ্বলে চিতা অগ্নি
ভস্মীভূত হয় অভিশাপ
অন্তৰৰ শতাব্দী তাপ
ভাং ভাং বুলি গায় সবে উপবাসী
কাৰাবাসী
ভাঙনত গান
এৰে বীৰদৰ্পে অগ্নিবান——।।”
১৯৪৮ চনত নগা পাহাৰৰ মোককচাঙত অনুষ্ঠিত হোৱা নগা ছাত্ৰ সন্মিলনতো ৰাভাই গালে-
‘জাগিব লাগিব তই কছাৰী মিকিৰ
খাছী ৰাভা গাৰো মিৰি কুকী নগাবীৰ
খামটি মিচিমি আৱৰ লালুং লুচাই
চিংফৌ চিংটেং মনিপুৰী টাই তিপৰা ডিমাছা অকা দফলা ককাই
চুতীয়া দেউৰী টোটোলা কোঁচ হাজং কছাৰী
জাগিব লাগিব তই জাগ
লচোন আগভাগ——-”
এই ছাত্ৰ সন্মিলনতে তেওঁ ক’লে, “বৃটেইনৰ মোহিনী মন্ত্ৰত মুগ্ধ হৈ অসমীয়া ৰাইজে ধনতন্ত্ৰবাদী সৰ্পৰ কৰাল গ্ৰাসত পৰি টুপি টুপি তেজদান দিব লগা হৈছে।কিন্তু ইংৰাজৰ ইউনিয়ন জেক ভীষন ৰূপ তাৰ ।নগা আহে তাক মাৰিবলৈ, সি গিলি থয়, আবৰ আহে গিলি থয়, মিচিমি, খামটি , অকা-দফলা, চিংফৌ , গাৰো-কছাৰী, খাছীয়া, কুকী, টিপৰা, মিৰি, মিকিৰ, লালুং, লুচাই সকলো আহে, সকলোকে এই সৰ্পই গিলি থয়।” ১৯৪৮চনৰ জানুৱাৰী মাহত বঙৰাত বহা কৃষক পঞ্চায়তৰ সন্মিলনত ৰাভাদেউৱে সভাপতি আসনৰ পৰা গালে-
“আমাৰ দেশৰ আমাৰ মাটি
আমাৰ মাটিৰ আমাৰ ধান ঐ
জান গ’লেও মান গ’লেও
ধান নিদিওঁ ধান নিদিওঁ
তেজ দি অৰ্জা ধান
মোৰ জান ঐ——।”
এনেদৰে বিভিন্ন অঞ্চলত দিন-ৰাতি ছেদ-ভেদ নোহোৱাকৈ সংগঠনৰ কামত ঘুৰি ইয়াক শক্তিশালী ৰূপ দিয়াত গুৰুত্বপূৰ্ণ ভুমিকা লয়।
স্বাধীনতাৰ পিছতে গুৱাহাটীৰ বেলতলাত কৃষক আন্দোলন আৰম্ভ হয়। প্ৰথমে বিপ্লৱী কমিউনিষ্ট পাৰ্টী আৰু ট্ৰাইবেল লীগে বেলতলা মৌজাত কৃষক আন্দোলন আৰম্ভ কৰে। ট্ৰাইবেল লীগৰ নেতা দেবেন খাখলাৰীয়ে আধিয়াৰ সকলৰ ওপৰত মাটিৰ মালিকৰ শোষণৰ বিৰূদ্ধে ভুমিহীন কৃষক সকলৰ আন্দোলন গঢ়ি তোলে। কমিউনিষ্ট সকলৰ নেতৃত্বত এই কৃষক আন্দোলন গুৱাহাটীৰ দঁতিকাষৰীয়া গাঁও তথা অঞ্চলবোৰলৈ বিয়পি পৰিল। কৃষক আন্দোলন দমন কৰিবলৈ চৰকাৰে বেলতলা মৌজা উপদ্ৰপ অঞ্চল ঘোষণা কৰে। ৰাইজৰ ওপৰত সামুহিক জৰিমনা আৰোপ কৰা হৈছিল।আন্দোলনটোত জড়িত কৃষকৰ সম্পত্তি ক্ৰোক কৰা হৈছিল। কাছাৰ জিলাত তেভেগা আন্দোলন আৰু বেলতলাৰ আধিয়াৰ আন্দোলন চলি থকা সময়তে অসম চৰকাৰে আধিয়াৰ সংৰক্ষণ আৰু নিয়ন্ত্ৰণ আইন বিধান সভাত গৃহীত কৰে। তাৰোপৰি সৰ্বভাৰতীয় পৰ্যায়ত চলা জমিদাৰী প্ৰথা বিলোপ আন্দোলন বাওঁপন্থী সকলৰ নেতৃত্বত অসমতো চলিছিল। এই আন্দোলনৰ ফলতেই ১৯৫১ চনত দেশৰ অন্যান্য ৰাজ্যৰ লগতে অসমতো জমিদাৰী অধিগ্ৰহণ আইন গ্ৰহণ কৰা হয়।১৯৫২ আৰু ১৯৬৪চনত এই সম্পৰ্কীয় আৰু দুখন আইন প্ৰনয়ণ কৰা হৈছিল যদিও আইনকেইখনত থকা সুৰুঙাৰ কাৰণেই ইয়াৰ পৰা বিশেষ সুফল পোৱা নগ’ল। পৰৱৰ্তী পৰ্যায়ত যি চিলিং আইন আনিছিল ইয়াৰ কাৰ্যকৰীকৰণত বাওঁপন্থী সকলে বিশেষ ভুমিকা গ্ৰহণ কৰিছিল। কমিউনিষ্ট পাৰ্টীৰ নেতৃত্বত কৃষক সভাই অসমৰ বিভিন্ন ঠাইত থকা পতিত মাটি আৰু চাহ বাগিচাৰ উদ্বৃত্ত মাটি দখল কৰিবলৈ বৃহৎ সংখ্যক কৃষকক সমবেত কৰি আন্দোলন কৰিছিল। ১৯৫০ চনৰ পৰা ১৯৬২ চনলৈ এই বাৰ বছৰত কমিউনিষ্ট পাৰ্টীয়ে অসমত ভাল ধৰণে খোপনি পুতিবলৈ সক্ষম হৈছিল। বহু মেধাবী ছাত্ৰ এই সময়ছোৱাত বাওঁপন্থী ছাত্ৰ-সংগঠনত যোগ দিছিল। আধিয়াৰ আন্দোলন আৰু চিলিং আইন কাৰ্যকৰী কৰাৰ সময়ত আন্দোলনকাৰী সকল জমিদাৰ সকলৰ পৃষ্ঠপোষকতাত পুলিচৰ পাশৱিক অত্যাচাৰৰ মুখামুখি হ’ব লগা হৈছিল। কংগ্ৰেছী মাটিৰ মালিক আৰু চাহবাগনৰ মালিক সকল বাওঁপন্থী আন্দোলনক লৈ অসন্তুষ্ট হৈ পৰিছিল। তেওঁলোক বাওঁপন্থী সকলৰ বিৰূদ্ধে বিভিন্ন প্ৰকাৰৰ ষড়যন্ত্ৰত লিপ্ত হৈছিল। গোপীনাথ বৰদলৈকে ধৰি কংগ্ৰেছৰ নেতৃবৃন্দৰ কমিউনিষ্টসকলৰ প্ৰতি ভাল ভাব নাছিল । তেওঁলোকে যিকোনো উপায়ে কমিউনিষ্ট আন্দোলন দমন কৰিব বিচাৰিছিল। ১৯৪৯ চনত ডিব্ৰুগড়ৰ নালীয়াপুলত হোৱা পুলিচৰ অত্যাচাৰৰ বিষয়ে লিখা বিবৃতিত জ্যোতি প্ৰসাদে চৰকাৰৰ কমিউনিষ্ট দমন নীতিক তীব্ৰভাবে সমালোচনা কৰিছিল।
খোৱাঙত হোৱা বিপ্লৱী কমিউনিষ্ট পাৰ্টীৰ গুৰুত্বপূৰ্ণ বৈঠকত আগশাৰীৰ নেতাৰ উপস্থিতিত অসমক দুটা জ’নত ভাগ কৰি লৈ অসমক মুক্ত এলেকা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ’ল। ৰাভা উত্তৰ কামৰূপ আৰু গোৱালপাৰাক লৈ গঠিত জ’নৰ কমাণ্ডাৰ নিযুক্ত হয়। ছত্ৰসিং টেৰণ পূব অসমৰ কামাণ্ডাৰ হয়। গাৰো পাহাৰৰ পৰা নগা পাহাৰলৈ কমিউনিষ্ট সকলৰ ২০০ কেম্প আছিল আৰু এইবোৰত গৰিলা যুদ্ধৰ প্ৰশিক্ষনৰ ব্যৱস্থা কৰা হৈছিল।
১৯৫০ চনত সমগ্ৰ উজনি অসম আৰু পৰৱৰ্তী পৰ্যায়ত কামৰূপ আৰু গোৱালপাৰা জিলাত মিলিটেৰী অপাৰেচন চলোৱা হয়। সেই সময়ত ৰাভা উত্তৰ গোৱালপাৰাত আত্মগোপন কৰি আছিল। আন্দোলনে সকলোতে গুৰুতৰ ৰূপ ধাৰণ কৰাত ১৯৫১ চনত গৃহমন্ত্ৰী বল্লভ ভাই পেটেলে অসমক অশান্ত অঞ্চল ঘোষণা কৰে।পাঞ্জাৱ ৰেজিমেণ্ট আৰু কুমায়ন ৰেজিমেণ্টৰ দ্বাৰা মিলিটেৰী অপাৰেচন চলোৱা হয়। জনজাতি অধ্যুষিত গাঁৱে গাঁৱে চলিল মিলিটেৰী অত্যাচাৰ ।
১৯৪৮ চনৰ পৰা ১৯৫২ চনলৈ ৰাভাই আত্মগোপন কৰি থাকে।এই কালছোৱাক তেওঁ নিজেই অজ্ঞাতবাস বুলিছিল। হেমাঙ্গ বিশ্বাসে বিষ্ণু ৰাভাৰ জীৱনৰ এই কালছোৱাৰ বিষয়ে লিখিছে এনেদৰে-“ৰাভাৰ জীৱনৰ আটাইতকৈ তাৎপৰ্যপূৰ্ণ আৰু তেওঁৰ ব্যক্তিত্বক গঢ় দিয়া সময় চোৱা হ’ল ১৯৪৮—১৯৫১চন।অজ্ঞাতবাসত সেই ব্যক্তিত্বই গঢ় লৈছিল।ৰাভাই সেইসময়ত মোনাত ৰিভলভাৰ আৰু মাৰ্ক্সৰ কিতাপ লৈ গাঁৱে গাঁৱে কৃষি বিপ্লৱৰ কথা কৈ ফুৰিছিল।সেই সময়ত তেওঁ হৈছিল ‘লিজেণ্ড’, হৈছিল অসমীয়া কাব্য সাহিত্যৰ বিষয় ‘ বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি।”
১৯৫২ চনৰ ১৬জুন তাৰিখে দতমা অঞ্চলৰ ঘিলাগুৰি গাঁৱৰ পৰমানন্দ ব্ৰহ্মৰ ঘৰত বিষ্ণু প্ৰসাদ ৰাভাদেউক পুলিচে গ্ৰেপ্তাৰ কৰে। ৰাভাদেউ জেলত থকা কালছোৱাতে পাৰ্টী দুৰ্বল হৈ পৰে। জেলৰ পৰা মুক্ত হৈ আহি পাৰ্টী দুৰ্বল হৈ পৰা খবৰ পাই তেওঁ মৰ্মাহত হৈছিল।
১৯৫৬ চনত বিপ্লৱী কমিউনিষ্ট পাৰ্টীয়ে কমিউনিষ্ট পাৰ্টীৰ লগত চামিল হয়।ৰাভাই তেতিয়া পাৰ্টীক ঐক্যবদ্ধ কৰাত লাগিছিল। হেমাংগ বিশ্বাস, কেশৱ মহন্ত, দিলীপ শৰ্মা , ভূপেন হাজৰিকা আদিৰ ল’গত ৰাভা দেৱে ‘গণ নাট্য সংঘ’-ৰ জৰিয়তে এক সাংস্কৃতিক আন্দোলনৰ সূচনা কৰিছিল।
বিষ্ণু ৰাভা আছিল বিশাল প্ৰতিভাৰ গৰাকী। কিন্তু তেওঁৰ নাছিল ব্যক্তিগত কোনো উচ্চ অভিলাস। মধ্যবিত্তৰ ঘৰত জন্ম লৈও তেওঁ অতিক্ৰম কৰিছিল মধ্যবিত্ত শ্ৰেণীৰ সকলো দোষ- দুৰ্বলতা। প্ৰতিপত্তিশীল এটা পৰিয়ালত জন্ম লৈও সেই সকলোবোৰক ত্যাগ কৰি তেওঁ দাৰিদ্ৰক সাৱটি লৈছিল। নিস্পেষিত অৱহেলিত শ্ৰেণীৰ প্ৰতি থকা দৰদৰ কাৰণেই তেওঁ মাৰ্ক্মবাদক গ্ৰহন কৰিছিল । ই আছিল তেওঁৰ বাবে নিস্পেষিত অৱহেলিত সকলৰ মুক্তিৰ দৰ্শন। বিপ্লৱী কমিউনিষ্ট পাৰ্টীত যোগ দি বিপ্লৱৰ প্ৰয়োজনত হাতত তুলি লৈছিল অস্ত্ৰ।শিল্প-সংস্কৃতিক কৃষক, শ্ৰমিককে ধৰি হতভগা নিস্পেষিত মানুহৰ মুক্তিৰ আহিলা আৰু তেওঁলোকৰ কণ্ঠত পৰিণত কৰিছিল। বিপ্লৱ আনিবলৈ ৰাভাহঁত সফল নহ’ল। কিন্তু অসমৰ সমাজ জীৱনত বাওঁপন্থী আন্দোলনৰ প্ৰভাৱ কোনোও অস্বীকাৰ কৰিব নোৱাৰে আৰু এই প্ৰভাৱৰ মূল ব্যক্তিজনেই যেন সৈনিক শিল্পী বিষ্ণু ৰাভা।
তথ্যৰ উৎস-
(১)বিষ্ণু প্ৰসাদ ৰাভা ৰচনাৱলী
(২) হেমাঙ্গ বিশ্বাস ৰচনাৱলী।
(৩)বিষ্ণু প্ৰসাদৰ প্ৰসাদ-ড°দিলীপ কুমাৰ দত্ত
(৪)বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি -তিলক দাস
(৫) জ্যোতি প্ৰসাদ ৰচনাৱলী (
৬)Indian Struggle For Independence by Bipan Chandra and Four others)