বহুমুখী প্রতিভাৰ পণ্ডিতজন (ড° ৰজনী কান্ত দাস)
পদার্থ বিজ্ঞানৰ অধ্যাপক ড° শিৱনাথ বৰ্মন অসমৰ বিদ্বৎ সমাজত আগশাৰীৰ আসনত অধিষ্ঠিত হৈছে তেওঁৰ বহুমুখী প্রতিভাৰ গুণত। বৌদ্ধিক জগতত তেওঁৰ প্ৰতিভাৰ বিচ্ছুৰণ ঘটিছে বিশাল পৰিসৰত। বৈচিত্র্যপূর্ণ সেই পৰিসৰত প্ৰকাশ পাইছে সাহিত্য, সংস্কৃতি, ভাষা, সমাজতত্ত্ব, ধর্ম, দর্শন, ইতিহাস, বিজ্ঞান আদিত তেওঁৰ যুক্তিবাদী অগাধ পাণ্ডিত্য। পাণ্ডিত্যৰ চিনাকিত তেওঁ একাধাৰে অধ্যাপক, গৱেষক, লেখক, সম্পাদক, অভিধান প্রণেতা, অনুবাদক। জ্ঞানতপস্বী হৈও তেওঁ আছিল প্ৰখৰ সমাজ-সচেতন লোক আৰু সেই বাবে ৰাজনৈতিক আৰু সামাজিক সংকটৰ সময়ত তেওঁ নিৰ্লিপ্ত হৈ থকা নাছিল।
তেওঁৰ ৰচিত আৰু অনূদিত গ্রন্থসম্ভাৰক নিম্নলিখিত ধৰণে ভাগ কৰিব পাৰি।
বিজ্ঞান আৰু জনপ্ৰিয় বিজ্ঞানবিষয়ক, জীৱনীমূলক, গৱেষণামূলক, সম্পাদনামূলক, অনুবাদমূলক।
বিবিধ বিষয়ৰ এই গ্ৰন্থসমূহৰ উপৰি তেওঁৰ সম্পাদনাত প্ৰকাশ পাইছিল বিজ্ঞান জেউতি, বিদ্যার্থী, ছাত্ৰ সাৰথি আদি আলোচনী। অধুনালুপ্ত বাতৰিকাকত “দৈনিক জনসাধাৰণ”-ৰো সম্পাদক হিচাপে তেওঁ কেইবছৰমান কাৰ্যনিৰ্বাহ কৰিছিল।
বিজ্ঞান, ধর্ম, সমাজ, দর্শন সম্পর্কীয় তেওঁৰ প্ৰথমৰ লেখাবিলাক পঢ়াৰ সুযোগ পোৱাৰ পাছত গতানুগতিকতাক অতিক্ৰম কৰি অনুসন্ধিৎসাই কেনেদৰে গভীৰতালৈ গতি কৰি বিষয় একোটাত নতুনত্বৰ প্ৰকাশ ঘটাব পাৰে, সেই কথা ভাবি বিস্মিত হৈছিলোঁ আৰু শিৱনাথ বৰ্মন নামৰ লেখকজনক জনাৰ বাবে কৌতূহলী হৈ পৰিছিলোঁ। প্ৰথমবাৰৰ বাবে জানিব পাৰিছিলোঁ মেজিক বা যাদুবিদ্যাৰ অৰ্থ আৰু তাৎপর্য। জানিব পাৰিছিলোঁ বিজ্ঞান আৰু ধৰ্মই কিদৰে যাদুবিদ্যাৰ দুটা শাখাত বিভক্ত হৈ বিপৰীত মেৰুলৈ গতি কৰিছে। সমাজ-বিজ্ঞানৰ বৈজ্ঞানিক ধাৰণাটোৰ ভিত্তি চিনি পালোঁ আৰু শিৱনাথ বৰ্মনৰ নামত লেখা কেতিয়া ওলায়, তাৰ অপেক্ষাত তাহানি স্কুলীয়া কালতে প্ৰেমনাৰায়ণ দত্তই ৰচনা কৰা “পা ফু” ছিৰিজৰ কিতাপ গো-গ্রাসে গিলাৰ আগ্ৰহী মনটো আকৌ এবাৰ দুৰ্বাৰ হৈ পৰিল আন একধৰণে ৷ হেঁপাহ বাঢ়ি থাকিল মানুহজনক ওচৰৰ পৰা দেখাৰ, তেওঁৰ লগত দুষাৰমান কথা পতাৰ।
সুযোগটো আহিল আশী দশকৰ আৰম্ভণিত। কর্মসূত্রে দেৰগাঁৱত আছিলোঁ। কলেজৰ সহকর্মী অধ্যাপক কেইজনমান আৰু বাহিৰৰ কেইজনমান উদ্যোগী লোকৰ সহযোগত নতুন সাহিত্য পৰিষদৰ এটা শাখা খুলিলোঁ। দুবছৰমান পাছত সম্পাদকৰ দায়িত্ব লৈ শাখাটোৰ পৰা “সতীর্থ” নাম দি এখন ষাণ্মাসিক আলোচনী উলিয়ালোঁ। এবাৰ গুৱাহাটীলৈ যাওঁতে তেওঁক বিচাৰি উপস্থিত হ’লোঁ আর্য বিদ্যাপীঠ কলেজত। উদ্দেশ্য, তেওঁক দেখা কৰা আৰু আলোচনীখনৰ কাৰণে এটা লেখা বিচৰা ।
আর্য বিদ্যাপীঠ কলেজৰ অধ্যাপক শিৱনাথ বৰ্মনে ছাত্ৰাৱাসৰ অধীক্ষক হিচাপে সেই সময়ত সপৰিয়ালে বাস কৰিছিল কলেজখনৰ দ্বিতীয় মহলাৰ কেইটামান কোঠা আছুতীয়াকৈ লৈ। পৰিচয় পৰ্বৰ অন্তত তেওঁ মোক বহিবলৈ দি নিজেও আন এখন চকীত বহিল। ঘৰুৱা পৰিৱেশত তেওঁৰ পিন্ধনত আছিল এটা বগা পাইজামা আৰু হাৱাইন ছাৰ্ট এটা। আমি কথা পতা বুলি ক’লে ঠিক নহয়, প্রশ্ন আৰু উত্তৰ বুলি ক’লেহে ভালকৈ মিল খায়। মোৰ মনত জমা হৈ আছিল বহুত প্রশ্ন। প্রশ্ন কৰি গৈছোঁ মই আৰু তেওঁ চুটি চুটিকৈ উত্তৰ দি থাকোঁতে বোধকৰোঁ অৱসাদ আহিল। এপাকত ভিতৰলৈ উঠি গৈ হাতত চিগাৰেটৰ পেকেট এটা লৈ আহিল আৰু পেকেটটো খুলি চিগাৰেট এটা লৈ মোক সুধিলে— “চিগাৰেট খায় নেকি”? মই নাখাওঁ বুলি কোৱাত তেওঁ বিনয়েৰে ক’লে—“বেয়া নাপাবদেই, মই চিগাৰেট এটা হুঁপোঁ”।
চাকৰি কালৰ শেষৰ বাৰ বছৰত মোৰ কর্মস্থল সলনি হোৱাত গুৱাহাটীৰ বাসিন্দা হ’লোঁ। সভা-সমিতিত বর্মনক লগ পোৱা হ’লোঁ। শুৱালকুছি আৰু গুৱাহাটীৰ মই চাকৰি কৰা কলেজ দুখনৰ বিশেষ কেইটামান অনুষ্ঠানলৈ তেওঁক আমন্ত্ৰণ কৰিলোঁ। ক্রমান্বয়ে মই তেওঁৰ ওচৰ চাপি আহিলোঁ। ময়ো যে মাজে-সময়ে দুটা-এটা লিখি আছোঁ, তাৰ খবৰ তেওঁ ৰাখিছিল। সেই সূত্ৰে মই তেওঁক পাতনি এখন লিখি দিবলৈ অনুৰোধ কৰিলোঁ মোৰ প্ৰথমখন প্ৰবন্ধ সংকলন “যুগনায়ক আইনষ্টাইন”-ৰ বাবে। তেওঁ মোৰ অনুৰোধ ৰক্ষা কৰি চমুকৈ যিটো পাতনি লিখি দিলে, তাত এষাৰ কথা আছিল—ই এখন সোণসেৰীয়া পুথি। তেওঁ কৰা মূল্যায়নত মই অভিভূত হ’লোঁ আৰু মনলৈ প্ৰত্যয় আহিল যে মোৰ হাতৰ কলমটোত মুঠি দৃঢ় কৰিব পাৰিম ৷
তেওঁ অৱসৰ লোৱাৰ কেইবছৰমান পাছত গুণমুগ্ধ একাংশ লোকে গুৱাহাটীত সম্বর্ধনা সভাৰ আয়োজন কৰিছিল। সেই উপলক্ষে এখন অভিনন্দন গ্রন্থ প্রকাশ কৰি উলিওৱা হৈছিল। গ্ৰন্থখনৰ সম্পাদক পৰমানন্দ মজুমদাৰক তেওঁ কৈছিল যাতে আন কেইজনমান নির্বাচিত লেখকৰ লগতে মোৰ লেখা এটাও সন্নিবিষ্ট কৰে। সেইমতে উত্তৰ-আধুনিকতাবাদৰ বিজ্ঞানবৈৰিতাৰ বিষয়ে মোৰ প্ৰবন্ধ এটাই গ্ৰন্থখনত ঠাই পাইছিল। মই মনে মনে গর্বিত নোহোৱাকৈ থকা নাছিলোঁ এই ভাবি যে শিৱনাথ বৰ্মনৰ সুদৃষ্টিৰ পৰা মোৰ লেখা বাদ পৰি যোৱা নাই।
মোৰ প্রিয় লেখকসকলৰ তালিকাখন প্ৰথম অৱস্থাত দীঘলেই আছিল। কিন্তু আদর্শবাদৰ প্ৰশ্নটোৰ গুৰুত্ব যেতিয়াৰ পৰা বাঢ়ি আহিবলৈ ধৰিলে, তেতিয়াৰ পৰা তালিকাখনো চুটি হ’বলৈ ধৰিলে। অৱশেষত তালিকাখনত মুষ্টিমেয় কেইজনমান লেখকহে ৰ’লগৈ। এটা আদৰ্শৰ সাৰকথা “কলা কলাৰ বাবে” আৰু আনটো “কলা জীৱনৰ বাবে”। মোৰ বিশ্বাস স্থাপন দ্বিতীয়টো আদৰ্শত। মোৰ বিবেচনাত বৰ্মনৰ লেখা আৰু কথাই “কলা জীৱনৰ বাবে” আদৰ্শৰ অনুসৰণ কৰে। সেয়েহে মোৰ প্ৰিয় লেখকসকলৰ তালিকাত তেওঁক ৰাখিবলৈ পাই মই সন্তোষ লাভ কৰোঁ।
তালিকাত মানুহজনৰ নামটো থাকি গ’ল। কিন্তু ১৫ ডিচেম্বৰৰ দিনটোত তেওঁ আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে হেৰাই থাকিল। তেওঁৰ বিয়োগত মানুহৰ জীৱনৰ চিৰসত্যটো আকৌ এবাৰ উপলব্ধি কৰি মনটোৱে হাহাকাৰ কৰি উঠিল।
তেওঁৰ অবৰ্তমানত হয়তো আন একধৰণৰ সন্তুষ্টিয়ে মনটো ভৰাই তুলিব পাৰে, যদিহে জানিবলৈ পাওঁ যে বিজ্ঞ কোনো কোনোজনৰ কলমে তেওঁৰ অমূল্য সৃষ্টিৰাজিৰ যথাযথ মূল্যায়ন কৰিছে।