বৈভৱী শৈশৱ (উইল চিদ্দিকুৰ ৰহমান)
বৈকুণ্ঠ বৈভৱী মোৰ
টাংগুটি খেলা অতীত শৈশৱ
পতিতালয়ত আবদ্ধ সময় গণিত
বন্ধুসৱৰ হাতে হাতে এতিয়া
হিলৈ খজা বাৰুদ
বাৰুদে নাজানে কোনে টানে ট্রিগাৰ,
ট্রিগাৰত কাৰ নিৰ্লিপ্ত আঙুলিৰ ছাপ
বেলি বিদায় গানত
এনেকৈয়ে নামে এন্ধাৰ;
এন্ধাৰত নেদেখি মুখ, দেখি মুখা
বাৰুদৰ আঘাতত থকা-সৰকা
কুটুমৰ উশাহ।
গণিকালয়ত কৰ্ফাল খাই পৰি থাকে
পোৱা-নোপোৱাৰ হিচাপ
বিব্ৰত উশাহবোৰে বিচাৰি চলাথ কৰে
সন্ধ্যাতৰাৰ গান।