অতিথি সম্পাদকৰ চ'ৰাপঞ্চম বছৰপঞ্চম বছৰ (দ্বিতীয় সংখ্যা)

বৈজ্ঞানিক মানসিকতা-(হামজা চৌধুৰী)

(১)

বৈজ্ঞানিক মানসিকতা বুলিলে আমাৰ মনলৈ বাৰু কি ভাব আহে? বৈজ্ঞানিক মানসিকতা কেৱল বিজ্ঞানী সকলৰহে থাকে নেকি? নে আমাৰ দৰে সাধাৰণ মানুহৰো বৈজ্ঞানিক মানসিকতা থাকিব পাৰে? এনে বহু প্ৰশ্নই সততে মনলৈ আহি থাকে। সেয়েহে কথাষাৰ অলপ জুকিয়াই চাবৰ মন গ’ল।

সহজভাৱে ক’বলৈ গ’লে, যি মানসিকতা বিজ্ঞানৰ আধাৰত প্ৰতিষ্ঠিত সিয়েই বৈজ্ঞানিক মানসিকতা। বিজ্ঞান মানে হ’ল যিটো সঁচা, সৰ্ব্বশেষ (latest), যিটো up to date, যি বাৰে বাৰে প্ৰমাণিত, যি যুক্তিপূৰ্ণ, যি আৱেগ-অনুভূতিৰ উৰ্ধত গৱেষণা আৰু অভিজ্ঞতাৰ দ্বাৰা প্ৰমাণিত আৰু পক্ষপাত মুক্ত। আমি বহুতে আকৌ বিজ্ঞান মানে কেৱল নতুন কিবা আৱিষ্কাৰ বা উদ্ভাৱন কৰাটোহে বুজোঁ। বহুতে আকৌ বিজ্ঞান মানে আধুনিকতা বা modernization কে বুজোঁ। সেয়েহে, বহুতকে কোৱা শুনো-“থোৱা হে তোমাৰ বিজ্ঞান, বিজ্ঞানে কিডাল কৰিছে? সবতে হাইব্ৰীড উলিয়াই পৃথিৱীখনকে ধ্বংস কৰিব বিচাৰিছে।” আচলতে, যিকোনো আবিষ্কাৰ আদি বৈজ্ঞানিক কৰ্মকাণ্ডৰ এটি অংশহে মাথোন। যিকোনো কথা বা কৰ্মকাণ্ড যদি পদ্ধতিগতভাৱে (systematically), যুক্তিনিষ্ঠভাৱে গৱেষণাগাৰতে হওক বা অভিজ্ঞতাৰেই হওক অধ্যয়ন কৰা হয়, সিয়েই এক প্ৰকাৰ বিজ্ঞান। তাৰ বাবে বিজ্ঞানৰ ডিগ্ৰী বা বিজ্ঞানী হ’বই লাগিব এনে কোনো কথা নহয়।

বিজ্ঞানৰ কেইটামান বৈশিষ্ট্য হ’ল এনে ধৰণৰ:

(ক) প্ৰশ্ন কৰা (Asking Question): প্ৰশ্ন কৰাটো বিজ্ঞানৰ এটা মূল চৰ্ত। বিনা প্ৰশ্নই কোনো কথাকে বা কোনো কাণ্ডকেই বিজ্ঞানে মানি নলয়। প্ৰতিটো কৰ্ম, প্ৰতিটো ফলৰে ওপৰত প্ৰশ্ন আৰু প্ৰশ্ন। সাধাৰণভাৱে উদাহৰণ ল’লে- (১) পানীত সৰু বেজী এডালো ডুবি যায় অথচ বিশাল জাহাজো নুডুবে, কিয়? (২) পানী উতলাই থাকিলে ভাপ হৈ হৈ শেষ হৈ যায়, ক’লৈ যায়? (৩) একেলগে দুজন লোকে একে বাটেৰে খোজ কাঢ়ি আছিলে, তাৰে এজনহে দুৰ্ঘটনাত পতিত হ’ল, আনজন নহ’ল, কিয়? ইত্যাদি ইত্যাদি। প্ৰশ্নৰ উপৰি প্ৰশ্ন কৰাটোৱেই বিজ্ঞানৰ প্ৰথম বৈশিষ্ট্য। কেৱল প্ৰশ্ন আৰু প্ৰশ্ন- মোক জন্ম দিছে মোৰ মা-দেউতাই, মোৰ মা-দেউতাক কোনে জন্ম দিছে? মোৰ ককা-আজোককা…. মোৰ পূৰ্ব পুৰুষ আৰু শেষৰ ফালে আমি ক’ৰ পৰা আহিলো? মানুহৰ সৃষ্টি কেনেকৈ হ’ল? সবৰে যদি সৃষ্টিকৰ্তা থাকে তেন্তে সৃষ্টিকৰ্তাৰ সৃষ্টি কোনে কৰিছে??? প্ৰশ্ন আৰু উত্তৰ বিচাৰি থকা এই পদ্ধতিটো জটিল আৰু দীঘলীয়া যদিও এয়াই বৈজ্ঞানিক মানসিকতাৰ আৰম্ভণি বুলিব পাৰি।

কিবা এটা অদৃষ্ট বস্তু আছে বুলি ধৰি লৈ মনে মনে কোনো প্ৰশ্ন নকৰাকৈ মানি লোৱাটো বৈজ্ঞানিক মানসিকতাৰ লক্ষণ নহয়। বৰং অদৃষ্ট বস্তুটো থাকিবও পাৰে বা নাথাকিবও পাৰে বুলি ধৰি লৈ আগবাঢ়িলেহে বৈজ্ঞানিক মানসিকতাৰ পৰিচয় হ’ব। বিভিন্ন চিন্তা-চৰ্চা, তথ্য-পাতি, পৰীক্ষা-নিৰীক্ষা, প্ৰমাণ, অভিজ্ঞতা আদিৰ পৰা পোৱা ফলাফলৰ পৰাহে কিবা আছে নে নাই সেই সিদ্ধান্তত উপনীত হ’ব পাৰি। আৰু সেই সিদ্ধান্তটোও সৰ্বশেষ সিদ্ধান্ত নহ’বও পাৰে। কিছুদিন পিছত সেই সিদ্ধান্তটোও পৰিৱৰ্তন হ’ব পাৰে যদি পুনৰ নতুন নতুন তথ্য-প্ৰমাণ, অভিজ্ঞতা আহি পৰে। উদাহৰণস্বৰূপে, মানুহৰ জনবসতি একে বাৰেই কম থকা সময়ত কম বয়সতে বিয়াত বহিবলৈ কোৱা কথাষাৰ সেই সময়ত হয়তো বৈজ্ঞানিক মানসিকতাৰে পৰিচায়ক আছিল। কিন্তু সেইবুলি যুগে যুগে আৰু বৰ্ধিত জনসংখ্যাৰ সময়তো কম বয়সতে বিয়াত বহিবলৈ কোৱাটো কোনো বৈজ্ঞানিক মানসিকতাৰ পৰিচায়ক হ’ব নোৱাৰে। সহজ কথাত ক’বলৈ গ’লে, যিজনেই প্ৰতিটো কথা, কৰ্মকাণ্ডৰ ওপৰত প্ৰশ্ন কৰে আৰু তাৰ উত্তৰ বিচাৰে সেইজনেই বৈজ্ঞানিক মানসিকতাৰ প্ৰাথমিক চৰ্ত পূৰণ কৰে। সেইজন এজন কৃষকো হ’ব পাৰে, ৰিক্সা চালকো হ’ব পাৰে। আনহাতে যিজনে এই চৰ্ত পূৰণ নকৰে সেইজনৰে বৈজ্ঞানিক মানসিকতা নাই বুলি ক’ব পাৰি, তেওঁ হয়তো ডিগ্ৰীধাৰী কোনো শিক্ষিত লোকো হ’ব পাৰে বা ডিগ্ৰীধাৰী কোনো বিজ্ঞানীও হ’ব পাৰে।

(২)

(খ) পক্ষপাত মুক্ত ( Bias free): বিজ্ঞান আৰু বৈজ্ঞানিক মানসিকতাৰ অন্যতম চৰ্ত হ’ল নিৰপেক্ষতা (impartiality)। আমি সাধাৰণ মানুহবোৰ সাধাৰণতে আৱেগ আৰু অনুভূতিক বেছিকৈ গুৰুত্ব দিওঁ। আমি নিজে যি কওঁ বা আমি নিজে যি কৰোঁ সেইটোয়েই শুদ্ধ আৰু ভাল। এনে মনোভাববোৰ আমাৰ ঘৰুৱা জীৱনৰ পৰিৱেশ, বন্ধু-বান্ধৱ আৰু আত্মীয়-স্বজনৰ মানসিকতাই লাহে লাহে গঢ়ি তোলে। আসোঁৱাহপূৰ্ণ আমাৰ শিক্ষা ব্যৱস্থাইও এনে মনোভাব গঢ়ি উঠাত সাৰ-পানী যোগায়। যাৰ ফলত, জন্মগতভাৱে আমি যদিও পক্ষপাতমূলক দৃষ্টিভংগী লৈ জন্ম নলওঁ, লাহে লাহে আমি আমাৰ “মুক্ত মন” সংকুচিত কৰি পেলাওঁ। আমি ক’ব নোৱৰাকৈয়ে সেয়েহে বহু সময়ত partial বা bias হৈ পৰো। উদাহৰণস্বৰূপে, ৰাস্তাত দুজন ল’ৰাই কিবা কাৰণত কাজিয়াত লিপ্ত হৈ মৰামৰি পৰ্যায় পালে। সেই সময়তে ধৰক মই সেই ঠাইত উপস্থিত হ’লো আৰু মোকেই ল’ৰা দুজনে বিচাৰ কৰাৰ দায়িত্ব দিলে। মই কি কৰিম? কোনো কথা জনাৰ আগতেই মই চিনি পোৱা বা মোৰ বন্ধুৰ ল’ৰাজনৰ ফাল লৈ ল’ম আৰু পাকে-প্ৰকাৰে তেওঁক উদ্ধাৰ কৰাত লাগি যাম। এনে কৰিলেই মই বৈজ্ঞানিক মানসিকতা বিসৰ্জন দিয়া হ’ব। কাৰণ মই আগতেই পক্ষ লৈ পক্ষপাতিত্বক আঁকোৱালি ল’লো, bias হৈ গ’লো, partial হৈ পৰিলোঁ।

ক’ৰবাত দুই দলৰ মাজত দাংগা হাংগামা হ’লে আমি যেতিয়া তাৰ বিচাৰ কৰোঁ, তেতিয়া কোনটো দল আমাৰ ফালৰ, আমাৰ জাতৰ, আমাৰ গোত্ৰৰ, আমাৰ ধৰ্মৰ বুলি আমি ক’ব নোৱৰাকৈয়ে পক্ষ লৈ পেলাওঁ। আৰু তেতিয়া আচল দোষীতকৈ বিধৰ্মীকহে বেছি শত্ৰু ভাবোঁ। আৰু আমি অবৈজ্ঞানিক মানসিকতাৰ চিকাৰ হৈ পৰোঁ।

আপুনি লগ পোৱা প্ৰায় প্ৰতিজন মানুহকে যেতিয়া আপুনি সুধিব, “কোনটো ধৰ্ম পৃথিৱীত আটাইতকৈ শ্ৰেষ্ঠ?” তেতিয়া উত্তৰটো কি হ’ব আপুনি নিজেই কৈ দিব পাৰিব। তাৰ বাবে আপুনি মাথোঁ মানুহজন কোন ধৰ্মাৱলম্বী জনা থাকিলেই হ’ল। ইয়াৰ কাৰণটোও আপুনি জানে। প্ৰায় প্ৰতিজন মানুহেই নিজা ধৰ্মটোকে পৃথিৱীৰ শ্ৰেষ্ঠ বুলি ভাবে। এইদৰে ভবা কাৰ্য্যটো বাৰু পক্ষপাতমুক্ত (biasfree) নে? আমি বাৰু বৈজ্ঞানিক মানসিকতাৰ পৰিচয় দিওঁ নে?

ধৰ্মৰ প্ৰাসংগিকতা আছে নে নাই সেই লৈ এতিয়া মূৰ নঘমালেও এটা কথা নিৰপেক্ষভাৱে কওকচোন, সকলো ধৰ্মৰ পৰা আঁতৰি নহাকৈ আৰু পৃথিৱীৰ বিভিন্ন ধৰ্ম অধ্যয়ন নকৰাকৈ কেনেকৈ প্ৰায় প্ৰতিজনে বিজ্ঞৰ দৰে ডাঠি কয়, “অমুক ধৰ্মই পৃথিৱীৰ শ্ৰেষ্ঠ ধৰ্ম”? এয়া দেখদেখকৈ পক্ষপাতিত্ব নহয় নে?

এতেকে, যি জনেই কোনো কথা বা কাম বা কোনো সিদ্ধান্ত লওঁতে পক্ষপাতমুক্ত ( bias free) নহয় বা মুকলি মনৰ (open minded) অধিকাৰী হ’ব নোৱাৰে আৰু সেয়ে নিৰপেক্ষ সিদ্ধান্তও ল’ব নোৱাৰে, সেই জনৰেই বৈজ্ঞানিক মানসিকতা নাই বুলি ক’ব পাৰি। সেইজন কোনো বিদগ্ধ পণ্ডিতো হ’ব পাৰে বা পৃথিৱী বিখ্যাত কোনো নেতাও হ’ব পাৰে।

(৩)

(গ) কাৰ্য-কাৰণ (Cause & Effects) বিশ্লেষণ: বিজ্ঞান আৰু বৈজ্ঞানিক মানসিকতাৰ আন এটি খুব গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল প্ৰতিটো কাৰ্যৰে আচল কাৰণ (cause & effects relationship) বিশ্লেষণ কৰি উলিওৱা। আমি সৰুৰে পৰাই যেনেদৰে জানি আহিছিলোঁ যে “প্ৰতিটো ক্ৰিয়াৰে এটা বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে” ঠিক তেনেদৰে “প্ৰতিটো কাৰ্যৰে এটা বা ততোধিক কাৰণ থাকে”। এই “কাৰণবোৰ” (causes) বিশ্লেষণ কৰি উলিয়াওঁতেই আমাৰ লাগে লেঠা। কিয়নো এই কাৰণবোৰ যদি শুদ্ধভাৱে উলিয়াব (identify) নোৱাৰোঁ, তেন্তে তাৰ সমাধানো (solution/remedy) শুদ্ধভাৱে কৰিব নোৱাৰিম। উদাহৰণস্বৰূপে, দপদপাই ঘৰ জ্বলি আছে। কিয়? জুই লাগিছে। ইয়াত ঘৰ জ্বলাটো যদি “কাৰ্য” হয় তেন্তে এই কাৰ্যৰ “কাৰণ” হ’ব জুই। আকৌ জুই কেনেকৈ লাগিল? বৈদ্যুতিক short circuit হৈ। এইবাৰ জুই “কাৰ্য” ৰ “কাৰণ” হ’ল short circuit। ইয়াৰ সমাধান হিচাপে short circuit যাতে ভৱিষ্যতে আৰু নহয় তাৰ ব্যবস্থা কৰিব লাগিব। এতিয়া কোনোবাই যদি এই একে কাৰ্যৰ কাৰণ এইদৰে কয়, “তোমাৰ ঘৰত অমুকাই জুই লগাই দিছে বা অমুক গাঁৱৰ অমুক সম্প্ৰদায়ৰ মানুহ কেইজনমানে জুই লগাই দিয়া মই নিজে প্ৰত্যক্ষ কৰিছো”, তেন্তে তাৰ সমাধান কি হ’ব পাৰে আপুনিয়েই কল্পনা কৰকচোন। আৰু বাস্তৱ জীৱনত, কিছু স্বাৰ্থান্ধ আৰু উদ্দেশ্য প্ৰণোদিত লোকৰ বাবে এই আচল “কাৰণ” উলিওৱাত আমি বহু সময়ত ব্যৰ্থ হওঁ। নকল কাৰণৰ (diverted causes) সমাধান কৰিবলৈ আমাৰ এইখন সমাজতে আমি কি কি যে নকৰোঁ।

ধৰক, এজন মানুহৰ কেন্সাৰ ৰোগ ধৰা পৰিল। কেন্সাৰ কিয় হয়? ক’ৰ পৰা আহে? এতিয়া যদি মই কওঁ যে মানুহজনৰ পূৰ্বপুৰুষৰ দোষৰ ফল হিচাপেহে তেওঁ কেন্সাৰ ৰোগত আক্ৰান্ত হৈছে, তেন্তে এয়া বাৰু শুদ্ধ কাৰ্য-কাৰণ বিশ্লেষণ (cause & effects analysis) হ’ব নে? কাৰণ যদি পূৰ্বপুৰুষৰ দোষ হয়, তেন্তে তাৰ সমাধান হ’ব সম্পূৰ্ণ বেলেগ। তেতিয়া কোনো ডাক্তৰী চিকিৎসাই পূৰ্বপুৰুষৰ দোষ খণ্ডন কৰিব নোৱাৰে। আপুনিয়েই কওকচোন বাৰু, এয়া বৈজ্ঞানিক মানসিকতাৰ পৰিচয় হ’ব নে?

অসমত প্ৰতি বছৰে বহুবাৰ কৈ ভয়ংকৰ বানপানী হৈ থাকে। বানপানী কিয় হয়? আপুনি নিশ্চয় ক’ব বৰষুণ বেছি হয় বাবে। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহেৰে বৈ অহা বৰ্ধিত পানীখিনি নৈসমূহৰ পাৰসমূহে বাধা দি ৰাখিব নোৱাৰে। তেন্তে কি কৰিব লাগিব? আপুনি নিশ্চয় ক’ব নৈসমূহৰ পাৰবোৰ বাৰিষা অহাৰ আগতেই মজবুত কৈ বান্ধিব লাগে। কিন্তু, কোনোবাই যদি কয় যে বানপানীৰ সমাধান হিচাপে আমি ব্ৰহ্মপুত্ৰ নৈখনকে সন্তুষ্ট কৰিব লাগে, অলপ সেৱা আগবঢ়াব লাগে, ইত্যাদি ইত্যাদি, তেন্তে তাত বাৰু বৈজ্ঞানিক মানসিকতা থাকিব নে? এনে কৰিলে সঁচাকৈ বানপানীৰ কবলৰ পৰা আমি মুক্তি পাম নে?

(৪)

(ঘ) পৰীক্ষা-নিৰীক্ষা (Experiment) আৰু পৰ্যবেক্ষণ (Observation): বিজ্ঞান আৰু বৈজ্ঞানিক মানসিকতাৰ আন এটি গুৰুত্বপূৰ্ণ বৈশিষ্ট্য বা চৰ্ত হ’ল পৰীক্ষা-নিৰীক্ষা কৰি পোৱা পৰ্যবেক্ষণৰ ফলাফলৰ আধাৰত সিদ্ধান্ত লোৱা। শব্দবোৰ শুনিবলৈ যদিও টান আৰু জটিল, কিবা বিজ্ঞান বা বৈজ্ঞানিকসকলে ব্যৱহাৰ কৰে যেন লাগে দৰাচলতে তেনে নহয়। দৈনন্দিন জীৱনত আমিও নিজে ক’ব নোৱৰাকৈয়ে এইবোৰ কৰিয়েই থাকোঁ।

যুগ যুগ ধৰি আমাৰ আইতা-আজোআইতা, ককা-আজোককাহঁতে নিজৰ দৈনন্দিন জীৱনৰ অভিজ্ঞতাৰ পৰা আৰু তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ পৰা কিছু অভিজ্ঞতাৰ কথাই ধৰা যাওক। অলপ-অচৰপ কটা-ছিঙা হ’লে নাৰ্জী ফুলৰ পাত লগাবলৈ দিয়া। পেট ফুলিলে (গেছ হ’লে) চূণ-পানী খাবলৈ দিয়া। ডিঙিত কাঁইট লাগিলে গোটা কল বা শুকান ভাতৰ লাৰু খাবলৈ দিয়া। কাণ ফুটা কৰাৰ আগতে বেজীৰ আগডোখৰ জ্বলাই ল’বলৈ দিয়া। সাপে খুটিলে দংশন কৰা অংশৰ নিৰ্ধাৰিত দূৰত্বৰ ওপৰত বান্ধিবলৈ দিয়া। জ্বৰ উঠিলে কঁপালত পটি দিয়া। পেট চলিলে কাছকল খাবলৈ কোৱা। জুইয়ে পুৰিলে আলু পিহি লগাবলৈ দিয়া। চুলি সৰিলে পিয়াঁজ ঘহি দিয়া। এনে অগণন উদাহৰণ আছে যিবোৰ আমাৰ পূৰ্বপুৰুষসকলে নিজৰ দৈনন্দিন জীৱনত দীৰ্ঘদিন ধৰি বংশানুক্ৰমে পৰীক্ষা-নিৰীক্ষা কৰি আহিছে। কটা-ছিঙা হ’লেই একে দিনাই কোনেও নাজানিছিল যে নাৰ্জী ফুলৰ পাত লগালে উপশম হয়। কটা-ছিঙা হ’লে উপশম পাবলৈ পৃথিৱীৰ বিভিন্ন প্ৰান্তত বিভিন্নজনে হয়তো বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰিছিল। কোনোবাই হয়তো সন্মুখতে পোৱা আমগছৰ পাত বা বাকলি, কোনোবাই চূণ-খাৰ, কোনোবাই ফুটছাই-এঙাৰ আকৌ কোনোবাই হয়তো জুইত সেকিছিল। এই গোটেই কাৰবাৰটো হ’ল এক ধৰণৰ পৰীক্ষা-নিৰীক্ষা (experiment) আৰু কটা ঠাইত চুণ লগালে কি হয় বা কেনেকুৱা লাগে এইটো জানি লোৱাটো হ’ল এক ধৰণৰ পৰ্যবেক্ষণ (observation)। সময় বাগৰাৰ লগে লগে, আমাৰ পূৰ্বপুৰুষসকলে এজনে আনজনৰ দৈনন্দিন জীৱনৰ পৰীক্ষা-নিৰীক্ষাৰ পৰ্যবেক্ষণবোৰ পিছৰ বংশধৰ সকলক কৈ গৈছিল। এই ধৰণৰ কাৰ্যবোৰ একপ্ৰকাৰ বৈজ্ঞানিক মানসিকতাসম্পন্নই আছিল।

এইখিনিত এটা খুব গুৰুত্বপূৰ্ণ প্ৰাসংগিক কথা জানিলোঁ যে মানুহ আনকি যিকোনো জীৱ-জন্তু আচলতে দৈনন্দিন জীৱনত নিজৰ প্ৰয়োজনৰ তাগিদাতেই বৈজ্ঞানিক মানসিকতাৰেই পৰিচালিত হ’ব বিচাৰে। আপুনি হয়তো এতিয়া প্ৰশ্ন কৰিব, “জীৱ-জন্তুও বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী?” হয়, যিকোনো প্ৰাণীয়েই দৈনন্দিন জীৱনত নিজৰ প্ৰয়োজনৰ তাগিদাতেই বৈজ্ঞানিক মানসিকতাৰেই পৰিচালিত হ’ব বিচাৰে। বৈজ্ঞানিক মানসিকতা জীৱ-জন্তুৰ জন্মস্বত্ব বুলি ক’ব পাৰি। গৰু-ছাগলীয়ে ৰাস্তা বাট পাৰ হোৱা আমি সবেই দেখি আহিছোঁ। ৰাস্তাৰ এটা ফালে বোকা-পানী আৰু এটা ফালে শুকান। আপুনিয়ে কওকচোন ছাগলীজনী কোন ফালেদি পাৰ হ’ব? গৰু এজনী নিজ ঘৰলৈ যাওঁতে যদি বাটত বিল বা নৈ এখন পায় তেন্তে গৰুজনীয়ে সাধাৰণতে নিজে নিজে বিল সাঁতুৰি বাট চমুৱাব (short cut) নে অলপ দূৰ হ’লেও বিলৰ পাৰে পাৰে গৈ থাকিব? গৰু-ছাগলী বা যিকোনো জীৱ-জন্তুৱেই দৈনন্দিন জীৱনত মুখামুখি হোৱা অভিজ্ঞতাৰ পৰা কৰা পৰীক্ষা-নিৰীক্ষা আৰু পৰ্যবেক্ষণৰ আধাৰতে সিদ্ধান্তবোৰ লয়। এই ক্ষেত্ৰত, জীৱ-জন্তুৰ পূৰ্বপুৰুষেও বহু সময়ত সহায় কৰে।

এতিয়া নিশ্চয় আপোনাৰ মনত প্ৰশ্ন জাগিছে, “মানুহকে আদি কৰি যিকোনো প্ৰাণীয়েই যদি বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হয় তেন্তে, আমাৰ চাৰিওফালে ইমান অবৈজ্ঞানিক চিন্তা-চৰ্চা, কৰ্মকাণ্ড কেনেকৈ অনবৰত ঘটি থাকে?” এই প্ৰশ্নটিয়েই হ’ল এই লেখাৰ মূল কথা। এই প্ৰশ্নটিৰ উত্তৰ আমি এই লেখাৰ পৰিশেষত নিশ্চয়কৈ আলোচনা কৰিম। কিন্তু এতিয়া, পৰীক্ষা-নিৰীক্ষা আৰু পৰ্যবেক্ষণলৈ আকৌ ঘূৰি আহোঁ।

ধৰি লওক, এজন বিজ্ঞানীয়ে গবেষণাগাৰত পৰীক্ষা-নিৰীক্ষা কৰি আছে। চুম্বকডাল কিবা কাৰণত উত্তৰ-দক্ষিণমুৱা হৈ থকা নাই। তেওঁৰ কি অৱস্থা হ’ব ভাবি চাওক। তেওঁৰ চাটিফুটিৰ অন্ত নোহোৱা হৈ যাব। কিয় উত্তৰ-দক্ষিণমুৱা হৈ থকা নাই- এই লৈ হেজাৰটা পৰীক্ষা-নিৰীক্ষা আৰম্ভ কৰি দিব। কিমান যে পৰ্যবেক্ষণেই নকৰিব।

আকৌ ধৰক, সেই একেজন বিজ্ঞানীয়ে বাটেৰে গৈ আছে। সেই একেই কাৰবাৰ, বাটত চুম্বক পৰি আছে পূব-পশ্চিমমুৱা হৈ। এইবাৰ তেওঁ উদাসীন, কোন মুৱা হৈ আছে খবৰেই নাই।

গবেষণাগাৰত তন্ন তন্নকৈ পৰীক্ষা-নিৰীক্ষা কৰি পৰ্যবেক্ষণ কৰা বিজ্ঞানীজন আছিল বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী। আৰু সেই একেজন বিজ্ঞানীয়েই বাটত উদাসীন হৈ সেই সময়ত হৈ পৰিল অবৈজ্ঞানিক মানসিকতাৰ অধিকাৰী। বাস্তৱ জীৱনত, আমাৰ সমাজত সেয়ে বহু ডিগ্ৰীধাৰী শিক্ষিত আৰু আনকি ডিগ্ৰীধাৰী বিজ্ঞানীও অবৈজ্ঞানিক মানসিকতাৰ পৰিচয় দিয়ে। আনহাতে, এজন সাধাৰণ কৃষকেও যদি নিজ অভিজ্ঞতাৰে দীৰ্ঘদিন ধৰি, ধৰক, ২৫ বছৰ ধৰি লেখি লেখি বৰষুণ কেতিয়া কেতিয়া হয় পৰ্যবেক্ষণ কৰি থাকে আৰু কয়, “সাধাৰণতে ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহত অলপ হ’লেও বৰষুণ দিয়ে”, তেন্তে, ইও এক প্ৰকাৰ বৈজ্ঞানিক মন্তব্য হ’ব পাৰে আৰু কৃষকজনক বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী বুলি ক’ব পাৰি।

(৫)

(ঙ) ধৰি লৈ (Hypothesis) সিদ্ধান্তত (Conclusion) উপনীত হোৱা: যিকোনো এটা কথা বা কাৰ্যকে ধৰি লৈ শুদ্ধ বা অশুদ্ধ প্ৰমাণিত কৰা প্ৰক্ৰিয়াটো হ’ল বিজ্ঞান আৰু বৈজ্ঞানিক মানসিকতাৰ আন এটি গুৰুত্বপূৰ্ণ বৈশিষ্ট্য বা চৰ্ত। মন কৰিবলগীয়া কথাটো হ’ল, ধৰি লোৱা কথাষাৰ শুদ্ধই হ’ব লাগিব এনে কোনো কথা নাই, অশুদ্ধও হ’ব পাৰে।

এটা সহজ উদাহৰণ লোৱা যাওক, আপোনাক এটি এটকীয়া মুদ্ৰা দিয়া হ’ল। ধৰক আপুনি তিনিবাৰ toss কৰিলে আৰু তিনি বাৰেই head পালে। আপুনি তেতিয়া কি সিদ্ধান্ত (conclusion) ল’ব? মুদ্ৰা toss কৰিলে head পোৱাৰ সম্ভাৱনা (probability)১০০% । এতিয়া আপুনিৱে কওকচোন এই সিদ্ধান্তটো শুদ্ধ হ’বনে? এই সিদ্ধান্তটো বৈজ্ঞানিক মানসিকতাৰে লোৱা হʼলনে? Statistics বা theory of probability ভালদৰে নুবুজিলেও আপুনি যদি মুদ্ৰাটো বহুত বেছি বাৰ (ধৰক, ১০০ বাৰ বা তাতোধিক বাৰ) toss কৰে তেন্তে, head বা tail পোৱাৰ সম্ভাৱনা আপুনি পাব ৫০% । কাৰণটো অতি সহজ, দুটাই ইয়াৰ সম্ভাৱনা, এটা হ’ল head আৰু আনটো হ’ল tail , দুইটাৰে সম্ভাৱনা ৫০:৫০।

এতিয়া আপুনি ধৰাত যিকোনো সম্ভাৱনাই ধৰি ল’ব পাৰে, কিন্তু সেইবুলি সি শুদ্ধ নহ’বও পাৰে। বিভিন্ন ঠাইত বিভিন্নজনে একে ধৰণৰ ধৰি লোৱা কাৰ্য কৰি যি ফলাফল পায় তাৰ আধাৰত লোৱা সিদ্ধান্তই চূড়ান্ত হ’ব। আৰু তাকে মানি লোৱা মানসিকতাই বৈজ্ঞানিক মানসিকতা।

মুদ্ৰাৰ সলনি যদি আপুনি লুডু খেলৰ গুটি (dice)টো লয় (য’ত ১ ৰ পৰা ৬ টা সংখ্যা লিখা থাকে) আৰু বহু বাৰ toss কৰি থাকে তেন্তে যিকোনো এটা সংখ্যা, ধৰক ৩ পোৱাৰ সম্ভাৱনা কিমান হ’ব? এইবাৰ আপুনি টপৰাই উত্তৰ দিব ছয় ভাগৰ এক শতাংশ, মানে ১/৬% বা ১৬.৬৭% (৬ ৰে ১ ক হৰণ কৰি)। আপুনি পিছে ধৰোঁতে এই সম্ভাৱনা শূন্যৰ পৰা যিকোনো অংকৰে ধৰি ল’ব পাৰে। কিন্তু, বহু বাৰ আৰু বহু দিন dice টো toss কৰি থাকিলে যিকোনো এটা সংখ্যা পোৱাৰ সম্ভাৱনা ১৬.৬৭% য়েই পোৱা যাব।

এতিয়া মই যদি dice ৰ জুৱা খেলত এই সম্ভাবনা ৭০% বা ১০০% ধৰি লৈ জুৱা খেলি খেলি ভিক্ষাৰী হৈ যাওঁ আৰু ক’বলৈ আৰম্ভ কৰোঁ যে মোৰ কপালেই বেয়া (বা জুৱাৰী মহাজনৰ কপালত ভাল) তেন্তে, সেয়া বাৰু বৈজ্ঞানিক মানসিকতাৰ পৰিচয় হ’ব নে?

কপাল বেয়া, ভাগ্যতে নাই আদি কথাবোৰ আওপ্ৰকাৰে এই সম্ভাৱনা (probability), permutation-combination আৰু তাৰ চৌদিশৰ পৰিৱেশৰ (আৰ্থিক, সামাজিক আৰু ৰাজনৈতিক) ওপৰত নিৰ্ভৰ কৰে। বজাৰলৈ মানুহজন ওলাই গ’ল, ঘৰলৈ আৰু ঘূৰি নাহিল। কি হ’ল? বোমা ফুটি… কোনোবাই গুলিয়ালে… দুৰ্ঘটনা….!!! এইবোৰ মানুহজনৰ চৌদিশৰ সামাজিক, ৰাজনৈতিক কাৰকে সৃষ্টি কৰা সম্ভাৱনা। যিখন দেশ বা ৰাজ্যত জধে-মধে আৰু যাকে-তাকে driving license দিয়া হয় সেই খন দেশ বা ৰাজ্যত দুৰ্ঘটনাজনিত মৃত্যুৰ সম্ভাৱনাও বাঢ়ি যায়। আৰু আমাৰ দৰে সাধাৰণ প্ৰজাই “ভাগ্য বেয়া”, “কপালৰ লিখন” বুলি কৈয়ে সান্ত্বনা লোৱাৰ চেষ্টা কৰোঁ। আৰু নিজেই ক’ব নোৱৰাকৈয়ে অবৈজ্ঞানিক মানসিকতাৰ চিকাৰ হৈ পৰোঁ।

(৬)

(চ) পৰীক্ষণীয় (Testability) আৰু কাকতালীয় পৰিঘটনা (Coincidence) বাতিলকৰণ: বিজ্ঞানৰ যিকোনো কথা বা সিদ্ধান্ত পৰীক্ষণীয় হ’ব লাগিব যি সিদ্ধান্তই কাকতালীয় পৰিঘটনাক উলাই কৰে। তেনে সিদ্ধান্তই দৰাচলতে বৈজ্ঞানিক মানসিকতাক আগুৱাই লৈ যায়।

“নগাঁৱৰ ছোৱালী বিয়া নাপাতিবি, বহুত দন্দুৰী।”

“ল’ৰাক গোৱালপাৰাত পঢ়িবলৈ নপঠাবি, গোৱালপৰীয়া ছোৱালীবিলাকে প্ৰেমৰ জালত পেলাই ৰাখিয়েই থ’ব।”

“বঙালী মানুহবিলাক বৰ অহংকাৰী।”

“চোৰ ডকাইতৰ বেছিভাগেই মুছলমান সম্প্ৰদায়ৰ।”

“অসমত ৫০ লাখ বিদেশী আছে।”

“সবৰে মুখে মুখে, এইবাৰ নিৰ্বাচনত ‘ক’ দল জিকিবই।”

সাধাৰণতে, ওপৰত উল্লেখ কৰা এনে ধৰণৰ অসংখ্য মন্তব্য কৰা পৰিলক্ষিত হয়। কিছুমানেতো এনে মন্তব্য একেবাৰে দাবী কৰিয়েই ক’ব খোজে। আপুনিয়েই কওকচোন বাৰু, এনে মন্তব্য বৈজ্ঞানিক মানসিকতাৰে কৰে নে? নিজৰ জীৱনত এজনী-দুজনী নগাঁৱৰ ছোৱালীক লগ পাই বা কাৰোবাৰ পৰা শুনিয়েই দন্দুৰী আখ্যা দিয়াটো কিমান যুক্তিপূৰ্ণ? এনে মন্তব্য বা সিদ্ধান্ত বৈজ্ঞানিক হ’বলৈ কি কৰাৰ প্ৰয়োজন?

ধৰি লোৱা হ’ল (hypothesis)- “চোৰ ডকাইতৰ বেছিভাগেই মুছলমান সম্প্ৰদায়ৰ।” এই মন্তব্য বা সিদ্ধান্তটো বৈজ্ঞানিক মানসিকতাৰ হ’বলৈ হ’লে ই পৰীক্ষণীয় হ’ব লাগিব। ইয়াৰ বাবে প্ৰথমতে ইয়াৰ পৰিধি বা সীমা নিৰ্ধাৰণ কৰিব লাগিব, যেনে অসম বা ভাৰতবৰ্ষ। তাৰ পিছত, প্ৰতি বছৰে হোৱা চুৰি ডকাইতিৰ তথ্য সংগ্ৰহ কমেও কেইবা বছৰৰো কৰিব লাগিব। তেনেদৰে পোৱা কেইবা বছৰৰো সমূহ চোৰ ডকাইতৰ পৰা মুঠ মুছলমান সম্প্ৰদায়ৰ চোৰ ডকাইতৰ সংখ্যাৰ পৰাহে ক’ব পৰা যাব আমি ধৰি লোৱা মন্তব্য বা সিদ্ধান্তটো শুদ্ধ নে অশুদ্ধ। মন কৰিবলগীয়া কথাটো হ’ল, অসমৰ চোৰ ডকাইতৰ তথ্যৰ ভিত্তিত কৰা মন্তব্য বা সিদ্ধান্ত আকৌ গুজৰাট ৰাজ্যৰ বাবে বা গোটেই ভাৰত দেশৰ বাবে নাখাটিবও পাৰে। এতেকে, এনেধৰণৰ মন্তব্যবোৰৰ বেছিভাগেই যিহেতু কোনো Testability Criteria পূৰণ নকৰাকৈয়ে কৰা হয়, গতিকে, বৈজ্ঞানিক মানসিকতাও অনুপস্থিত থাকে। এনে ধৰণৰ অবৈজ্ঞানিক মন্তব্য বা সিদ্ধান্ত যিহেতু কেৱল ব্যক্তিতে সীমাবদ্ধ নাথাকে গতিকে সমাজ জীৱনত ইয়াৰ প্ৰভাৱো সুদূৰপ্ৰসাৰী হয়।

তলৰ উদাহৰণবোৰ মন কৰক,

“সোঁহাতৰ তলুৱা খজুয়ালে ধন পোৱাৰ সম্ভাৱনা থাকে।”

“কাৰোবাৰ নাম বেছিকৈ লৈ থাকিলে তেওঁৰ ডিঙিত ভাত লাগি ধৰে বা চৰচৰণি খায়।”

“ঘৰৰ পৰা কামলৈ ওলাওঁতে পিছফালৰ পৰা মাতিলে অমংগল হয়।”

এনে বহু মন্তব্য সঘনাই শুনিবলৈ পোৱা যায়। এদিন বা দুদিন সোঁহাতৰ তলুৱা খজুৱালে আৰু ধনো পোৱা যাব পাৰে। সেইবুলি তাকেই Generalized কৰি কৰা সিদ্ধান্ত বা মন্তব্যই কিন্তু বৈজ্ঞানিক মানসিকতাৰে লোৱা মন্তব্য হ’ব নোৱাৰে। সোঁহাতৰ তলুৱা খজুৱালেই যদি আপুনি লিখি ৰাখে আৰু লগতে ধন পালে নে নাই সেইটোও লিখে তেতিয়াহে বুজা যাব সোঁহাতৰ তলুৱা খজুৱালেই কেইদিন আপুনি সঁচাকৈ ধন পালে। এনেদৰে, বহুলোকৰ লিখি লিখি কৰা হিচাপৰ পৰাহে এই মন্তব্যৰ সত্যতা প্ৰমাণিত হ’ব। এদিন বা দুদিন সোঁহাতৰ তলুৱা খজুৱাওতে ধন পোৱাটো নিতান্তই এটা কাকতালীয় পৰিঘটনাহে মাথোন। দৰকাৰী কথাটো হ’ল, বৈজ্ঞানিক মানসিকতা সৃষ্টিৰ বাবে এই কাকতালীয় পৰিঘটনা উলাই (avoid) কৰিব পাৰিব লাগিব।

(৭)

(ছ) ইন্দ্ৰিয়ৰ দ্বাৰা বাস্তৱতাক মানি লোৱা (Following Objectivity by applying Variability through sense organs): বিজ্ঞান আৰু বৈজ্ঞানিক মানসিকতাৰ আন এটি উল্লেখযোগ্য বৈশিষ্ট্য বা চৰ্ত হ’ল আমাৰ ইন্দ্ৰিয় বা ইন্দ্ৰিয়সমূহৰ দ্বাৰা উপলব্ধ বাস্তৱক স্বীকাৰ কৰি লোৱা। অৰ্থাৎ যিটো সঁচা তাক মানি লোৱা। বৈজ্ঞানিক মানসিকতা হ’ল একধৰণৰ ক্ষমতা বা গুণ যাৰ সহায়ত আমি আশা কৰা মতে নহ’লেও বা নঘটিলেও সঁচাটোক সঁচা আৰু মিছাটোক মিছা বুলি আঁকোৱালি ল’ব পাৰোঁ।

এটা সময়ত চন্দ্ৰক পৱিত্ৰ স্থান বুলি বহুতে গণ্য কৰিছিল আৰু চন্দ্ৰক লৈ বহুতো মনে সজা বিশ্বাস আছিল। কিন্তু সেই চন্দ্ৰৰ বুকুত মানুহে খোজকাঢ়ি ঘূৰি আহিল। গতিকে, আমাৰ বিশ্বাস যিয়েই নাথাকক কিয় চন্দ্ৰলৈ মানুহ যোৱাটো বাস্তৱ আৰু তাক মানি লোৱাটোৱেই বৈজ্ঞানিক মানসিকতা। আজিৰ দিনতো যদি কোনোবাই পৃথিৱীৰ পৰা চন্দ্ৰত দেখা পোৱা দাগ সদৃশক কোনোবা পয়গম্বৰ বা ধৰ্মগুৰুৱেহে আঙুলিৰ ইংগিতেৰেহে কৰিছিল বুলি ভাবে তেন্তে তাত বাৰু বৈজ্ঞানিক মানসিকতা থাকিব নে?

“মই আশীৰ্বাদ কৰিছোঁ, তুমি এইবাৰ প্ৰথম বিভাগত উত্তীৰ্ণ হ’বাই।” এনেদৰে যিজনক আশীৰ্বাদ কৰা হৈছে সেইজনে যদি নিজে অধ্যয়ন নকৰি আশীৰ্বাদৰ জোৰতে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ আশা পালি থাকে তেন্তে সেয়া বাস্তৱ হ’বনে?

আমাৰ আশা, আকাংক্ষা, শুভেচ্ছা, বিশ্বাস, ভৰসা আদিক প্ৰাধান্য দি বাস্তৱতাক আওকাণ কৰা কাৰ্যই বৈজ্ঞানিক মানসিকতাৰ সৃষ্টি নকৰে। এনে মত বা এনে সিদ্ধান্তই বৰং দৈনন্দিন জীৱনত আমাক সঁচা বাস্তৱৰ পৰা কাল্পনিক বা অলৌকিক জগতলৈ নিয়াত সহায় কৰে। ইয়াৰ ফল ব্যক্তি আৰু সমাজে ভোগে।

সেয়েহে হয়তো আমি যিমানেই “Wishing You Happy New Year-2019” নজনাওঁ কিয় যেতিয়ালৈকে দেশ এখনত সুস্পষ্ট নিয়োগ নীতিৰে মানুহক কামত নিয়োজিত নকৰে আৰু সু পৰিকল্পিত আৰ্থ-সামাজিক নীতি নাথাকে, ২০১৯ বছৰটো কেৱল শুভেচ্ছাৰেই happy হৈ নপৰে। Computer বা machinery বোৰত একান্ত বিশ্বাস কৰি ধূপধূনা জ্বলাই ফোট লগালেও যেনেকৈ আসোঁৱাহ হোৱা সময়ত হ’বই, ঠিক তেনেকৈ অবৈজ্ঞানিক মানসিকতাৰে পৰিচালিত হৈ বাস্তৱ ভিত্তি নাৰাখিলে ব্যক্তি আৰু সমাজো নানা আহুকালৰ সন্মুখীন হ’বই।

“মোৰ মনে কৈছে, তেওঁ আজি আহিবই।”

“মোৰ ষষ্ঠ ইন্দিয়ই অনুমান কৰিছে, তেওঁৰ আজি দুৰ্ঘটনাত পতিত হৈ মৃত্যু হ’ব।”

এনে ধৰণৰ কথা বহু সময়ত শুনা যায়। আমাৰ পাঁচটা ইন্দ্ৰিয় যেনে, চকু, কাণ, নাক, জিভা আৰু ছালৰ উপৰিও কোনো কোনোৱে ষষ্ঠ ইন্দিয়ৰ কথাও কৈ থাকে। মন কৰিবলগীয়া কথাটো হ’ল, আমাৰ পঞ্চ ইন্দ্ৰিয়ৰ দ্বাৰা বাস্তৱতাক উপলব্ধি কৰাটোহে। ষষ্ঠ ইন্দিয়ৰ কোনো বৈজ্ঞানিক ভিত্তি নাই, ই কেৱল কিছুমান মানুহৰ মনে গঢ়া উপলব্ধিহে। বহুতেতো আৰু এখোপ আগুৱাই গৈ ষষ্ঠ ইন্দ্ৰিয়ক কেন্দ্ৰ কৰি Telepathy Science য়েই উলিয়াই দিছে। আমি ইতিমধ্যে আলোচনা কৰি আহিছোঁ যে যিবোৰ মন্তব্য বা সিদ্ধান্ত পৰীক্ষণীয় নহয়, সেইবোৰৰ কোনো বাস্তৱ ভিত্তি নাই। সেয়ে, এই ষষ্ঠ ইন্দ্ৰিয়‌ বা telepathy ৰ গাত যিমানেই বিজ্ঞানৰ চোলা পিন্ধাই নিদিয়ক কিয়, ই বিজ্ঞানতো নহয়েই, বৰং বিজ্ঞানক কলংক সানিব খোজা এটা ‘মাৰাত্মক অপবিজ্ঞান’।

আমাৰ চকুৰে চাই, কাণেৰে শুনি,নাকেৰে ঘ্ৰাণ লৈ ছালেৰে স্পৰ্শ কৰি আৰু জিভাৰে স্বাদ লৈ যি বাস্তৱতা উপলব্ধ হয় সেই বাস্তৱতাক মানি লোৱা বা স্বীকাৰ কৰিব পৰা গুণটোৱেই বৈজ্ঞানিক মানসিকতা গঢ়ি তোলে।

(৮)

(জ) নিৰ্ভুল আৰু সঠিক নিৰূপণ (Accuracy & Precision): কোনো কথা বা কাণ্ডক নিৰ্ভুলভাৱে মূল্যাংকন কৰি সঠিককৈ নিৰূপণ কৰাটো বিজ্ঞান আৰু বৈজ্ঞানিক মানসিকতাৰ আন এটি গুৰুত্বপূৰ্ণ বৈশিষ্ট্য বা চৰ্ত।

“মানুহজনৰ গাত অলপ জ্বৰ পোৱা গৈছে।”

সাধাৰণতে এনে ধৰণৰ মন্তব্য বা ভাষ্যক বৈজ্ঞানিক ভাষ্য বুলিব পাৰি নে? চিকিৎসা বিজ্ঞানত এনে ‘অলপ জ্বৰে’ কিবা অৰ্থ বহন কৰে নে? “তেওঁৰ তীৰকঁপে জ্বৰ উঠিছে।” প্ৰায়ে আমি শুনি থাকোঁ। এতিয়া ‘অলপ জ্বৰ’ বা ‘তীৰকঁপে জ্বৰ’ মানে কিমান জ্বৰ? ইয়াক নিৰ্ভুলভাৱে জুখি মাখি উলিওৱাটোয়েই “Accuracy”।

“মানুহ জনৰ গাত ৮৯.৬’ F জ্বৰ পোৱা গৈছে।”

এনে ধৰণৰ মন্তব্য বা ভাষ্য আগৰ ভাষ্যতকৈ অধিক অৰ্থ বহন কৰে কাৰণ ই বহু পৰিমাণে নিৰ্ভুল। এতিয়া এই মানুহজনৰে জ্বৰ জুখি যদি ১০০.৯’F পোৱা যায় আৰু আমি সেই একেজন মানুহকে হাতেৰে চুই যদি কওঁ যে ‘অলপ জ্বৰ’ আৰু কোনো চিকিৎসাৰে ব্যৱস্থা নকৰোঁ তেন্তে, এয়াই হয়তো অবৈজ্ঞানিক মানসিকতাৰ কাম হ’ব। মনে গঢ়া যিকোনো অনুমানৰ আধাৰত কৰা মন্তব্য বা সিদ্ধান্ত বা ভাষ্য সেয়ে বৈজ্ঞানিক মানসিকতাৰ নহ’বও পাৰে।

“মদ খালে শৰীৰৰ বিশেষ একো ক্ষতি নহয়, কাৰণ যিকোনো দৰবত alcohol মানে মদ থাকেই।” বুলি যদি কোনোবাই মন্তব্য আগবঢ়ায় তেন্তে এয়া বাৰু বৈজ্ঞানিক মানসিকতাৰে কৰা মন্তব্য হ’ব নে? যদি নহয় কিয়? এইটো সেই ‘অলপ জ্বৰ’ ৰ দৰে কথা। মদত alcohol ৰ পৰিমাণ হয়তো ৮০% বা ৯০% আৰু যিকোনো দৰবতে হয়তো alcohol থাকে ১০% বা ১৫% ৰ তলত। কেৱল alcohol থাকে বাবেই দৰব আৰু মদক একে কৰা কাৰবাৰটো যেনেকৈ অবৈজ্ঞানিক; তেনেকৈ জনসাধাৰণৰ শ্ৰম আৰু ধনেৰে গঢ়ি উঠা বৃহৎ বৃহৎ ৰাজহুৱা উদ্যোগ, অনুষ্ঠান-প্ৰতিষ্ঠানক কোনোবা নেতাই বিক্ৰী কৰা আৰু ওৰেটো জীৱন বিনা বেতনে শিক্ষকতা কৰি কৰি সৰ্বস্ব হেৰুৱাই শেষত নিজা ভেটিটোও বিক্ৰী কৰাক একে কৰাটোও অবৈজ্ঞানিক।

এতিয়া অন্য এটা উদাহৰণলৈ মন কৰক, “বেছিভাগ মানুহে যোৱা নিৰ্বাচনত ‘ফুল দলক’ পছন্দ কৰিছে।” এয়া কিমান সঠিক ভাষ্য বা মন্তব্য? এই ‘বেছিভাগ’ মানে কিমান? লেঠাবোৰ তাতেই। আমি সাধাৰণ মানুহতো দূৰৈৰে কথা, বহু শিক্ষিত, গুণী-জ্ঞানী মানুহো এই imprecise বা সঠিককৈ নিৰূপণ নকৰা কথা-কাণ্ডত নজনাকৈয়ে অবৈজ্ঞানিক মানসিকতাৰ চিকাৰ হৈ পৰে। মাত্ৰ ৩০% বা ৪০% য়ে দেশ এখনৰ বেছিভাগ জনসাধাৰণক নিশ্চয় নুবুজায়। যদি পৰিসংখ্যাৰ পৰা এনে তথ্য পোৱা যায়, “এই বাৰ ২০১৯ ত ‘ভ’ দেশত হোৱা সাধাৰণ নিৰ্বাচনত ‘ফুল দলে’ ৮৫% ভোট পাইছে।” তেন্তে ইয়াক সঠিক (precise) বুলি ক’ব পাৰি। এনে তথ্যই বৈজ্ঞানিক মানসিকতাৰে সিদ্ধান্ত লোৱাত সহায় কৰে। আনহাতে, সঠিকভাৱে নিৰূপণ নকৰি আমি যদি কওঁ, “বেছি ভাগ মানুহে যোৱা নিৰ্বাচনত ‘ফুল দলক’ পছন্দ কৰিছে।” তেন্তে এখোপ আগবাঢ়ি আমি এনেকৈয়ো ক’ব পাৰোঁ, “সেয়েহে ‘ফুল দলে’ই হ’ল দেশৰ সমূহ জনসাধাৰণৰ প্ৰতিনিধি আৰু সেই দলে যি ইচ্ছা তাকেই কৰিব পাৰে।” এনে কৰিলে দেশ এখনৰ বাবে মংগল হ’ব নে অমংগল হ’ব আপুনিয়েই কওক। নিৰ্ভুল মুল্যাংকন আৰু সঠিক নিৰূপণ নহ’লে ইযে বৈজ্ঞানিক মানসিকতাৰ পৰা আঁতৰি যাব সেয়া নিশ্চিত।

(৯)

(ঝ) বিশ্বাসযোগ্যতা (Reliability): বিজ্ঞান আৰু বৈজ্ঞানিক মানসিকতাৰ আন এটি গুৰুত্বপূৰ্ণ বৈশিষ্ট্য বা চৰ্ত হ’ল কোনো এটা কথা বা ভাষ্যৰ বিশ্বাসযোগ্যতা বা কোনো এটা যন্ত্ৰ বা কোনো এজন ব্যক্তিক ভৰসা কৰিব পৰাটো। কোনো এটা পৰীক্ষা-নিৰীক্ষা (test/experiment) বাৰে বাৰে কৰিলেও তাৰ ফলাফল যদি একেই ওলায়, তেন্তে, তাক বিশ্বাসযোগ্য বা ভৰসাযুক্ত বুলি কোৱা হয়।

ধৰক, আপুনি দাবী কৰি ক’লে, “৩ ভাগ হাইড্ৰ’জেন আৰু ১ ভাগ অক্সিজেন লগ লগালে পানী উৎপন্ন হয়।” এতিয়া এই দাবী অনুযায়ী পৃথিৱীৰ যিকোনো ঠাইতে তিনি ভাগ হাইড্ৰ’জেন আৰু এভাগ অক্সিজেন লগ লগালে পানী পাব লাগিব। তেতিয়াহে এই দাবীৰ গ্ৰহণযোগ্যতা থাকিব অৰ্থাৎ এই দাবীক বিশ্বাসযোগ্য (reliable) দাবী বুলি ক’ব পৰা যাব। কিন্তু ৰসায়ন বিজ্ঞানৰ ন্যুনতম জ্ঞান থকা যিকোনো মানুহেই জানে যে পৃথিৱীৰ বিভিন্ন প্ৰান্তত প্ৰতিবাৰেই “২ ভাগ হাইড্ৰ’জেন আৰু এভাগ অক্সিজেন” লগ লগাইহে পানী পোৱা যায়। অৰ্থাৎ

২ হাইড্ৰ’জেন + ১ অক্সিজেন = পানী

আৰু সেয়েহে আপোনাৰ “৩ হাইড্ৰজেন + ১ অক্সিজেন = পানী” ৰ দাবী একেবাৰেই বিশ্বাসযোগ্য নহয় আৰু সেই বাবেই এই দাবী অবৈজ্ঞানিক।

এতিয়া যদি মই দাবী কৰোঁ, ” ঘটীৰ ‘সাধাৰণ পানীখিনি’ক মই ফু মাৰি ‘অসাধাৰণ পানী’ বনাই দিব পাৰোঁ। এই পানী খালে সব বেমাৰ ভাল হয়।” তেন্তে মোৰ দাবীটোক বিশ্বাসযোগ্য দাবী বুলি আপুনি মানিবনে? যদি নামানে তেন্তে কিয় নামানে? এই দাবীক বৈজ্ঞানিক মানসিকতাৰ দাবী বুলিব নে? আপুনি নিশ্চয় মই প্ৰশ্ন কৰাৰ আগতেই মিচিকিয়া হাঁহি মাৰি ভাবিছে, “তোমাৰ ‘অসাধাৰণ পানী’ৰ গুণ প্ৰমাণ কৰিবলৈ দহ-বিছজন মান ৰোগীক খুৱাই চালেইচোন যথেষ্ট।” তাৰ পিছতো যদি মই মোৰ দাবীতে আঁকোৰগোজ হৈ থাকোঁ? বিশ্বাসযোগ্য বুলি কৈ থাকোঁ? এইবাৰ চাগে আপোনাৰ খঙেই উঠিছে, “আৰে, ঠিক আছে, এসপ্তাহৰ বাবে এখন নাৰ্চিংহোমৰ কোনো ৰোগীকে ডাক্তৰী কোনো চিকিৎসা বা ঔষধ আদি বন্ধ কৰি তোমাৰ ‘অসাধাৰণ পানী’য়ে খুৱাই থকা যাওক।” ৰোগী ভাল হৈ গ’লেহে এই দাবীৰ বিশ্বাসযোগ্যতা বুজা যাব। বিশ্বাসযোগ্যতা দাবীৰ বাবে কেৱল এখন চিকিৎসালয় নহয় পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন চিকিৎসালয়ত এনে কৰিও ফল পাব লাগিব। তেতিয়াহে এই দাবীক reliable বুলিব পৰা যাব। এতিয়া আপুনিয়েই কওকচোন সমাজত এতিয়াও ‘পানী জৰা’, ‘পানী পৰা’, ‘অমুকজল’, ‘তমুকজল’ খাই অসুখ-বিসুখ ভাল হয় বুলি কৰা দাবী বৈজ্ঞানিক মানসিকতাৰ নে? এনে দাবী বিশ্বাসযোগ্য নে?

বৈজ্ঞানিক মানসিকতা সৃষ্টিৰ বাবে বিশ্বাসযোগ্যতাৰ যেনেদৰে প্ৰয়োজন, ঠিক তেনেকৈ কোনো এটা যন্ত্ৰ-পাতি, কোনো এজন ব্যক্তি ভৰসাযুক্তও হ’ব লাগিব। জ্বৰ জোখা থাৰ্মমিটাৰডালেই যদি আসোঁৱাহপূৰ্ণ (defective) হয়, তেন্তে এইডালেৰে জুখি পোৱা জ্বৰো সঠিক নহ’ব আৰু ইয়াৰ ভিত্তিতে কৰা চিকিৎসাও সৰ্বনশীয়া হ’ব পাৰে। গতিকে, এনে যন্ত্ৰ ভৰসাযুক্ত নহয়।

বৈজ্ঞানিক মানসিকতাৰ বাবে ব্যৱহাৰ কৰা যন্ত্ৰ-পাতি যেনেকৈ ভৰসাযুক্ত হোৱা প্ৰয়োজন তেনেকৈ আমি সন্মুখীন হোৱা ব্যক্তি বা ব্যক্তিসকলো ভৰসাযুক্ত হোৱা প্ৰয়োজন। কেৱল নিজ স্বাৰ্থ পূৰণতে ব্যস্ত থাকি সম্পত্তিৰ পাহাৰ গঢ়ি তোলা কোনো লোকে যদি কয়, “মোৰ নো কি আছে, মইতো জনতাৰ সেৱক; দেশৰ হিতৰ বাবেই দল সলাই হ’লেও দৰিদ্ৰ জনগণৰ লগত থাকিব বিচাৰোঁ।” তেন্তে সেইজন দেশভক্ত কিমান ভৰসাযুক্ত আপুনিয়েই বিচাৰ কৰক।

দেখাত যিমানেই চকচকীয়া নহওক কিয় আমি ব্যবহাৰ কৰা যন্ত্ৰ-পাতিবোৰ যদি আসোঁৱাহপূৰ্ণ হয় তাক আমি যেনেকৈ ভৰসাত ল’ব নোৱাৰোঁ, ঠিক তেনেকৈ কথাৰ ফুলজাৰি যিমানেই নামাৰক কিয়, সমাজক উন্নত কৰাৰ বাস্তৱ পৰিকল্পনা নথকা মিছলীয়া ব্যক্তি বা নেতাকো ভৰসাত ল’ব নোৱাৰোঁ। সমাজৰ বেছিভাগ মানুহে যিমান সোনকালে কোনো কথা বা দাবীৰ বিশ্বাসযোগ্যতা চালি-জাৰি চাব পাৰিব, সিমান সোনকালেই অবৈজ্ঞানিক কাম-কাজবোৰো কমি আহিবলৈ বাধ্য হ’ব। তেতিয়া আমি সমাজৰ কোনো ব্যক্তি বা নেতানো কিমান ভৰসাযুক্ত জানিবলৈ উৎসুক হ’ম। সমাজ খনো বৈজ্ঞানিক মানসিকতাৰ দিশত এখোজ আগুৱাই যাব।

(১০)

বৈজ্ঞানিক মানসিকতা যিহেতু বিজ্ঞানৰ আধাৰতে গঢ়ি উঠে সেয়ে আমি বিজ্ঞানৰ মূল মূল বৈশিষ্ট্য বা চৰ্তবোৰ থূলমূলকৈ বুজাৰ চেষ্টা কৰিলোঁ। বৈজ্ঞানিক মানসিকতা হ’ল এক দৃষ্টিভংগী, যি দৃষ্টিভংগীত থাকে এটি মুকলি মন, য’ত থাকে বাস্তৱতা: আমাৰ চাৰিওফালৰ বাস্তৱ পৃথিৱীখন ব্যক্তি আৰু সমাজৰ বাবে সুন্দৰতমভাৱে সজাই তোলাৰ এক ইচ্ছা, এক মানসিকতা।
বৈজ্ঞানিক মানসিকতাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ’ল এটা ‘মুকলি মনৰ (open minded) অধিকাৰী’ হ’ব পৰাটো, যি আৱেগ-অনুভূতিতকৈ যুক্তিক বেছি প্ৰাধান্য দিব পাৰে।
জন্মতে আমি কোনেও নিৰ্দিষ্ট কোনো বিশেষ মানসিকতা লৈ জন্ম নলওঁ। জন্ম লভাৰে পৰা, দিন যোৱাৰ লগে লগে আমি আটায়ে আমাৰ বাস্তৱ পৰিৱেশ-পৰিস্থিতিৰ মুখামুখি হওঁ। জীয়াই থকাৰ তাগিদাতে সকলো মানুহ আনকি যিকোনো জীৱ-জন্তুও দৈনন্দিন জীৱনত নানা ঘাত-প্ৰতিঘাত, প্ৰাকৃতিক দুৰ্যোগ আদিক মোকাবিলা কৰি থাকিবলগীয়া হয়। দৈনন্দিন জীৱনত প্ৰতিনিয়ত সন্মুখীন হোৱা এনে সংগ্ৰামেই আমাক লাহে লাহে অভিজ্ঞ কৰি তোলে। সুস্থভাৱে বা আৰামেৰে জীয়াই থাকিবৰ বাবে জীৱকুলে এই অভিজ্ঞতাবোৰকে কামত লগায়।

বিজ্ঞানৰ বৈশিষ্ট্যসমূহ আলোচনা কৰোঁতে আমি মন কৰিছোঁ যে কেৱল মানুহেই নহয় বৰং অইন প্ৰাণীবিলাকেও জীয়াই থকাৰ তাগিদাতে দৈনন্দিন জীৱনত বাস্তৱসন্মত সিদ্ধান্ত লয়। এই বাস্তৱসন্মত সিদ্ধান্তই হ’ল বৈজ্ঞানিক মানসিকতাৰ মূল। হাবি-জংঘলত জুই লাগিলে তাত থকা জন্তু-জানোৱাৰবিলাকেও জীৱন ৰক্ষাৰ্থে আঁতৰি নিৰাপদ ঠাইলৈ যোৱাৰ চেষ্টা কৰে। জীৱ-জন্তুৱেও আত্মৰক্ষাৰ কৌশল, চিকাৰ কৰি খাই জীয়াই থকাৰ কৌশল আদি নিজৰ উত্তৰ পুৰুষক শিকায়। প্ৰাকৃতিকভাৱে হোৱা বৰষুণ, ধুমুহা, ৰ’দ, শিলাবৃষ্টি আদিৰ পৰা নিজকে ৰক্ষা কৰিবলৈ কেৱল জীৱ-জন্তুৱেই নহয়, মানুহেও বাস্তৱসন্মত সিদ্ধান্তই লৈছিল। আমাৰ পূৰ্বপুৰুষসকলে ক্ৰমবিকাশৰ আদি কালত কিমান কিযে নাখাইছিল কেৱল জীয়াই থাকিবৰ বাবেই। ক্ৰমবিকাশৰ এই দীৰ্ঘ সময়ছোৱাত বহুত আদিম মানৱেই হয়তো বিষাক্ত বা অজীৰ্ণ গছ-লতা, ফল-গুটি খাই নানা বেমাৰ আজাৰত ভুগিছিল আৰু বহুতেই হয়তো মৃত্যু মুখতো পৰিছিল। কিমান আদিম মানৱেই হয়তো বিষাক্ত সাপৰ লগত খেলিছিল। সময় বাগৰাৰ লগে লগে নিজৰ আৰু পূৰ্বপুৰুষৰ অভিজ্ঞতাবোৰ সংগ্ৰহ কৰি কৰি জীৱন যুঁজত আগবাঢ়িবলৈ যিবোৰ সিদ্ধান্ত লৈছিল দৰাচলতে সেই সিদ্ধান্তবোৰৰ বেছিভাগেই বাস্তৱসন্মত আছিল। বৈজ্ঞানিক মানসিকতা সেয়েহে যিকোনো প্ৰাণীকেই আদি কৰি মানুহৰ স্বভাৱজাত বা প্ৰকৃতিগত আচৰণ। তেন্তে প্ৰশ্ন হ’ল মানুহ এই স্বভাৱজাত আচৰণৰ পৰা উদ্ভৱ হোৱা বৈজ্ঞানিক মানসিকতাৰ পৰা আঁতৰি অবৈজ্ঞানিক মানসিকতাৰ চিকাৰ কেনেকৈ হৈ পৰিল?

আপোনাক এটা প্ৰশ্ন সোধোঁ, “বিজুলী-ঢেৰেকনিৰে যেতিয়া মেঘে গৰজে তেতিয়া আপোনাৰ কেনে লাগে?” ভয় লাগে নে? আপুনি কল্পনা কৰকচোন, আজিৰ এই একবিংশ শতিকাতো প্ৰকৃতিৰ এনে তাণ্ডৱত যদি আমি ‘ভয়’ খাওঁ তেন্তে, আমাৰ আদিম মানুহবিলাকৰ কি অবস্থা হৈছিল! প্ৰলয়ঙ্কাৰী বানপানী, বতাহ-বৰষুণ, ধুমুহা, অতিপাত গৰম বা ঠাণ্ডা, ভূমিকম্পকে আদি কৰি প্ৰাকৃতিক দুৰ্যোগবোৰে নিশ্চয়কৈ তেতিয়া আজিৰ দিনতকৈ বেছি মানুহৰ ক্ষতি কৰিছিল। যিসকল বাচি গৈছিল, নিজৰ চকুৰ সন্মুখতে বহুতো আপোনক হেৰুৱাইছিল। সেয়েহে, যেতিয়াই ধৰালৈ ৰাতিৰ এন্ধাৰ নামি আহিছিল, যেতিয়াই প্ৰকৃতিৰ এনে তাণ্ডৱৰ আগজাননী পাইছিল বা মুখামুখি হৈছিল তেতিয়াই ‘ভয়’ খাইছিল। মন কৰিবলগীয়া কথাটো হ’ল এই ‘ভয়’ৰ পৰাই অবৈজ্ঞানিক মানসিকতাৰ বীজ লাহে লাহে অংকুৰিত হোৱাৰ সুযোগ আহিল। জীয়াই থকাৰ তাগিদাতে মানুহে যেনেকৈ বাস্তৱ সিদ্ধান্ত লৈছিল, ঠিক তেনেকৈ প্ৰকৃতিৰ এনে তাণ্ডৱৰ পৰা উৎপন্ন হোৱা ভয়ৰ বাবেই কোনো অদৃষ্ট শক্তিৰ প্ৰতি বিশ্বাসৰ মানসিকতাও শিপাইছিল। এই তাণ্ডৱ বা দুৰ্যোগবোৰ কিয় হয়, কোনে কৰে আদি চিন্তাবোৰ দৰাচলতে একধৰণৰ বৈজ্ঞানিক মানসিকতাই আছিল। এইবোৰৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি ধৰণৰ চিন্তাবোৰো বৈজ্ঞানিক মানসিকতাৰেই পৰিচায়ক। কিন্তু, এই প্ৰকৃতিৰ তাণ্ডৱ বা দুৰ্যোগবোৰক সন্তুষ্ট কৰি ইয়াৰ পৰা পৰিত্ৰাণ পাব খোজা চিন্তাৰ পৰাই অবৈজ্ঞানিক মানসিকতাৰ আৰম্ভণি বুলিব পাৰি। প্ৰকৃতিৰ এনে তাণ্ডৱৰ বা দুৰ্যোগৰ সন্মুখত মানুহ আছিল একেবাৰে অসহায়। ‘ভয়’ যদি অবৈজ্ঞানিক মানসিকতাৰ এক নং কাৰক বুলি ধৰোঁ তেন্তে, মানুহৰ ‘অসহায় অৱস্থা’ ইয়াৰ দ্বিতীয় কাৰক হ’ব। ৰ’দ, বতাহ বৰষুণ, ধুমুহা আদিৰ সময়ত কোনো গছৰ তলত বা গুহাত আশ্ৰয় লৈ প্ৰাণ ৰক্ষা কৰাৰ চিন্তা যেনেকৈ বৈজ্ঞানিক মানসিকতাৰে লোৱা বাস্তৱ সিদ্ধান্ত আছিল, ঠিক তেনেকৈ ৰ’দ, বতাহ-বৰষুণ, ধুমুহা আদিৰ কাৰণ বা উৎস বিচৰাটোও বৈজ্ঞানিক মানসিকতাই আছিল। কিন্তু ৰ’দৰ উৎস সূৰ্যক বিচাৰি উলিয়াই ৰ’দৰ পৰা পৰিত্ৰাণ পাবলৈ যেতিয়া সূৰ্যক সন্তুষ্ট কৰিবলৈ ‘সূৰ্য সেৱা’ পিছলৈ ‘সূৰ্য পূজা’ কৰিবলৈ লৈছিল তেতিয়াৰে পৰা অবৈজ্ঞানিক মানসিকতাৰ চিকাৰ হৈ অবাস্তৱ সিদ্ধান্ত ল’বলৈ আৰম্ভ কৰিছিল। এইখিনিতে মন কৰিবলগীয়া অতিকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, আপেক্ষিকভাৱে কম উন্নত আদিম মানুহৰ মগজুৰে চিন্তা কৰি এনে প্ৰাকৃতিক দুৰ্যোগবোৰৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় হিচাপে সূৰ্য, গছ, বতাহ-বৰষুণ, ধুমুহা আদিক সন্তুষ্ট কৰিবলৈ যিবোৰ কাম কৰিছিল আজিৰ একবিংশ শতিকাৰ উন্নত মগজুৰ মানুহেও যদি তাকেই কৰি থাকে, তেন্তে, সেয়া হ’ব সম্পূৰ্ণ অবাস্তৱ। সেয়ে এতিয়াও এনেবোৰ কাৰ্য কৰি সমস্যাৰ সমাধান কৰিব খোজা আমাৰ এই মানসিকতা কেতিয়াও বৈজ্ঞানিক মানসিকতা হ’ব নোৱাৰে। এনে অবৈজ্ঞানিক মানসিকতাই সদায়ে ব্যক্তি আৰু সমাজৰ ক্ষতি কৰিয়েই থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *