কেন্দ্ৰীয় নিবন্ধনিবন্ধ

বিজ্ঞান শিক্ষা আৰু বৈজ্ঞানিক মানসিকতা গঠন-(ৰূপক বৰুৱা)

প্ৰতিজন ব্যক্তিৰ এক সুস্থ দৃষ্টিভংগী থকাৰ প্ৰয়োজন যি জগতখন সঠিকভাৱে পৰ্যৱেক্ষণ কৰাত সহায় কৰে আৰু ব্যক্তিৰ ব্যক্তি, সমাজ আৰু প্ৰকৃতিৰ লগত সম্পৰ্কত সুস্থিৰতা প্ৰদান কৰে। এই দৃষ্টিভংগী নিশ্চয়কৈ হ’ব লাগিব বৈজ্ঞানিক দৃষ্টিভংগী। বৈজ্ঞানিক দৃষ্টিভংগী বৈজ্ঞানিক মানসিকতাৰ নিৰ্যাস। সকলো কথা যুক্তি-বুদ্ধিৰে চালি-জাৰি চোৱা, প্ৰশ্ন কৰা, কোনো পৰিঘটনাৰ কাৰ্য-কৰণৰ প্ৰতি উৎসুকতা, তথ্য তথা জ্ঞান আহৰণত বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰ, বিতৰ্ক তথা সমালোচনাত্মক উপায়ে আসন্ন সত্যৰ ওচৰ চাপিবলৈ কৰা প্ৰয়াসে এজন ব্যক্তিক বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী কৰে আৰু প্ৰদান কৰে বৈজ্ঞানিক দৃষ্টিভংগী। ই ব্যক্তিৰ সচেতন আৰু সক্ৰিয় মনৰ পৰিচায়ক। ই এজন ব্যক্তিৰ মনত সদায় ক্ৰিয়াশীল হৈ থাকিব বুলিও ক’ব নোৱাৰি। দীৰ্ঘদিন অনুশীলনেহে এজন ব্যক্তিৰ মনত ইয়াৰ প্ৰভাৱ স্থায়ী কৰে। “বৈজ্ঞানিক মানসিকতা” শব্দ দুটা প্ৰথমে ভাৰতবৰ্ষৰ প্ৰথম প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহেৰুৱে ব্যৱহাৰ কৰিছিল। ভাৰতৰ দৰে এখন দেশত ইয়াৰ গুৰুত্ব তেওঁ সঠিকভাৱেই উপলব্ধি কৰিছিল। আমাৰ সংবিধানতো বৈজ্ঞানিক মানসিকতাক মৌলিক কৰ্তব্য হিচাপে ধৰা হৈছে।

কেৱল অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ পৰা মুক্তিৰ বাবেই নহয় এখন মুক্ত, উদাৰ, ধৰ্ম-নিৰপেক্ষ গণতান্ত্ৰিক সমাজ গঠনৰ বাবে বৈজ্ঞানিক মানসিকতাৰ অতি প্ৰয়োজন। ই আমাৰ সমাজত গা কৰি উঠা ধৰ্মীয় গোড়ামি, সাম্প্ৰদায়িকতাকে আদি কৰি বিভেদকামী শক্তিবোৰক প্ৰতিহত কৰাত সহায় কৰে। আনকি ই আমাৰ সমস্যাবোৰৰ সু-সামাধানত বিজ্ঞান আৰু বৈজ্ঞানিক পদ্ধতি প্ৰয়োগৰ প্ৰাথমিক চৰ্ত। ইয়াৰ বাবে সমাজৰ প্ৰতিজন মানুহৰ বৈজ্ঞানিক মানসিকতা জীৱনৰ শৈলী হোৱা উচিত। সেয়েহে প্ৰখ্যাত জীৱবিজ্ঞানী পুষ্প এম.ভাৰ্গভ আৰু চন্দনা চক্ৰৱৰ্তীয়ে লিখিছে-“কেৱল বৈজ্ঞানিক মানসিকতা থকা সমাজতহে বিজ্ঞানৰ বিকাশ হ’ব পাৰে। আধুনিকতাৰ বাবে বৈজ্ঞানিক মানসিকতা যি, আধুনিকীকৰণৰ বাবে বিজ্ঞানো সেই একে। বৈজ্ঞানিক মানসিকতাত  যিবোৰ প্ৰমূল্য নিহিত হৈ আছে সেইবোৰ আধুনিকতাৰ ভেটিস্বৰূপ, ঠিক যিদৰে বিজ্ঞান আধুনিকীকৰণৰ ভেটিস্বৰূপ। বৈজ্ঞানিক মানসিকতা নোহোৱাকৈ আধুনিকতাৰ দাবী কৰিলে সি মিথ্যা দাবী হ’ব পাৰে।”

বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ অগ্ৰগতি লগে লগে মানৱ সমাজৰ বস্তুগত দিশত অভূতপূৰ্ব পৰিৱৰ্তন সাধিত হৈছে আৰু ই সামাজিক ক্ষেত্ৰতো পৰিৱৰ্তন কঢ়িয়াই আনিছে। সুখ-সুবিধা বৃদ্ধি, জীৱনৰ মান উন্নত কৰাত ই গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিছে। বৰ্তমানৰ যুগটোক বিজ্ঞানৰ চমকপ্ৰদ আৱিষ্কাৰ আৰু মানৱজাতি বিজ্ঞান- প্ৰযুক্তিবিদ্যাৰ ওপৰত নিৰ্ভৰশীলতাৰ কাৰণে বিজ্ঞানৰ যুগ বুলি কোৱা হয়। কিন্তু ইয়াৰ অনুপাতে বিজ্ঞান চৰ্চাৰ যোগেদি মানুহৰ মানসিকতাৰ বিশেষ পৰিৱৰ্তন হোৱা নাই। বিজ্ঞান চৰ্চা এইটো পৰ্যায়লৈ যোৱাগৈ নাই যি আমাৰ চিন্তাৰ পদ্ধতি, প্ৰমূল্য, ধাৰণা আৰু দৃষ্টিভংগীক সলনি কৰি দিব পাৰে। সৰহসংখ্যক মানুহৰ বিশ্বাসতন্ত্ৰটো কাবু কৰি ৰাখিছে ধৰ্মীয় গোড়ামি, অন্ধবিশ্বাস আৰু কু-সংস্কাৰে। এজন বিজ্ঞানী বা চিকিৎসকতকৈ মন্দিৰৰ পূজাৰী বা জ্যোতিষীৰ কথা বহুসময়ত এইখন সমাজত বেছি গুৰুত্বপূৰ্ণ হৈ পৰে। যুক্তিবাদ আৰু বৈজ্ঞানিক মানসিকতাৰ অভাৱৰ বাবে বৰ্তমান বিজ্ঞানৰ (অপবিজ্ঞান আৰু ছদ্ম-বিজ্ঞান) নামতো কিছুমান অন্ধ-বিশ্বাস সমাজত চলি আছে। সমাজৰ প্ৰতিজন লোক বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হ’লেহে সমাজ এখন এনেধৰণৰ বিকৃতিৰ পৰা মুক্তি পাব।

কিন্তু এই বৈজ্ঞানিক মানসসিকতা স্বতঃস্ফূৰ্তভাৱে গঢ় লোৱা বস্তু নহয়। ইয়াক গঢ় দিব লাগিব। এই বিজ্ঞান মানসিকতা গঢ় দিয়াৰ ক্ষেত্ৰত পৰিয়াল, বিদ্যালয়, বিভিন্ন ধৰণৰ মাধ্যম, সমাজ তথা বিভিন্ন অনুষ্ঠানৰ গুৰুত্বপূৰ্ণ ভুমিকা আছে। ইয়াৰ ভিতৰত বিদ্যালয় পৰ্যায়ৰ বিজ্ঞান শিক্ষা অতি গুৰুত্বপূৰ্ণ। বিভিন্ন সময়ৰ শিক্ষা আয়োগবোৰেও ইয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে।

বিদ্যালয় পৰ্যায়ত বিজ্ঞান শিক্ষা আৰু বৈজ্ঞানিক মানসিকতাৰ গঠন 

ৰসায়ন বিজ্ঞানৰ পৰ্যাবৃত্ত তালিকাৰ কাৰণে বিখ্যাত, ৰাছিয়াৰ বিজ্ঞানী ডিমিট্ৰি আইভানোভিচ মেণ্ডলিভে তেওঁৰ মাকৰ কথা স্মৰণ কৰি কৈছিল- মোৰ মাই জানিছিল যে বিজ্ঞানৰ সহায়ত বল প্ৰয়োগ নকৰাকৈ মৰম অথচ দৃঢ়তাৰে অন্ধবিশ্বাস, অসত্য, ভ্ৰান্তি দূৰ কৰিব পাৰি। মেণ্ডলিভৰ এইষাৰ কথাৰপৰা বিজ্ঞান শিক্ষাৰ গুৰুত্ব উপলব্ধি কৰিব পাৰি। কিন্তু সেয়া আৰম্ভ হ’ব লাগিব শিশুকালতেই। ভুলে শুদ্ধই শিশুকালতেই আমাৰ চৌপাশৰ ভৌতিক আৰু জৈৱিক  বস্তুবোৰ, বিভিন্ন  প্ৰাকৃতিক ঘটনা বা পৰিঘটনাবোৰৰ বিষয়ে শিশুৱে জ্ঞান লাভ কৰে আৰু ধাৰণা গঢ় লৈ উঠে। এইক্ষেত্ৰত শুদ্ধ আৰু সঠিক জ্ঞান আৰু ধাৰণাবোৰ গঢ়ি উঠাত বিজ্ঞান শিক্ষাই সহায় কৰে। কিন্তু আমাৰ প্ৰাথমিক বিদ্যালয় পৰ্যায়ত বিজ্ঞান শিক্ষা যেনে ধৰণে চলি আছে ই এইক্ষেত্ৰত বিশেষ সহায় কৰিব বুলি মনে নধৰে। আমাৰ বিদ্যালয়বোৰত কেৱল পৰীক্ষাৰ লক্ষ্যৰে বিজ্ঞান শিক্ষা দিয়া হয়। এইটো “পৰীক্ষাত আহিব ভালকৈ মুখস্থ কৰা এইটো পৰীক্ষাত নাহে নাচালেও হ’ব”— এনে দৃষ্টিভংগী বিজ্ঞান শিক্ষা প্ৰদানৰ ক্ষেত্ৰত প্ৰধান ত্ৰুটী। ইয়াৰ লগতে Rote learning (পুনৰাবৃত্তি কৰি কৰি মুখস্থ কৰা) পদ্ধতি এটা আওপুৰণি পদ্ধতি। বিশেষজ্ঞসকলৰ মতে এইদৰে দিয়া বিজ্ঞান শিক্ষাই শিশুৰ ধাৰণা (Concept) গঠনত  বিশেষ সহায় নকৰে আৰু লগতে শিশুৰ চিন্তাশক্তি, উদ্ভাৱনী শক্তি আৰু কল্পনা শক্তি নাশ কৰে।

আকৌ বিজ্ঞানৰ বেছিখিনি কথা শিক্ষকসকলে এনেভাৱে শিকাই য’ত ছাত্ৰসকলৰ পক্ষে কথাবোৰ মুখস্থ কৰাৰ বাদে কোনো গত্যন্তৰ নাথাকে। বিজ্ঞানৰ কথাবোৰ হাতে-কামে কৰি শিকাৰ ওপৰত গুৰুত্ব দিয়া নহয়। ইয়াৰ ফলতেই বিজ্ঞান শিক্ষাৰ যি মূল লক্ষ্য -“আমাৰ চৌপাশৰ ৰহস্যবোৰ বোধগম্য কৰি তোলা”- তাত সফলতা লাভ কৰা নাযায়। এনে হোৱাৰ ফলত এনে ধাৰণাৰ সৃষ্টি হয় যে আমাৰ চৌদিশৰ পৃথিৱীৰ বা প্ৰকৃতিৰ কথাবোৰ বুজাৰ বিষয়ত বিজ্ঞানৰ কোনো ভূমিকাই নাই। বিদ্যালয় পৰ্যায়ত বিজ্ঞান শিক্ষাই আমাৰ সৰহখিনি মানুহক বিজ্ঞান বিষয়টোক অতি জটিল আৰু ডাক্তৰ, ইঞ্জিনিয়াৰ হ’বলৈ পঢ়া বিষয়হে— এনে ধাৰণাৰ সৃষ্টি কৰে। প্ৰাথমিক স্কুল পৰ্যায়ৰ বিজ্ঞান শিক্ষাৰ বাবে ইউনেস্কোৰ আৰ্হি পুথিত লেখক ৱেইন হাৰ্লেনে দুজন শিক্ষকৰ উদাহৰণ দাঙি ধৰিছে। এজন শিক্ষকৰ মতে, শিকা মানে কেৱল মুখস্থ কৰা। এইজন শিক্ষকে ল’ৰা-ছোৱালীবিলাকক এনে কিছুমান অভিজ্ঞতা লাভৰ সুবিধা কৰি দিবলৈ চাব যিবিলাকৰপৰা তেওঁলোকে কিছুমান সঠিক তথ্য-পাতিৰ সন্ধান পাব আৰু শিক্ষকজনে তেওঁলোকক সেইবোৰ কেনেকৈ মনত ৰাখিব পাৰি সেইকথা জানিবলৈ উৎসাহিত কৰিব। এইক্ষেত্ৰত শিক্ষকৰ ভূমিকা ল’ৰা ছোৱালীহঁতক মনোযোগী হ’বলৈ, মুখস্থ কৰিবলৈ উৎসাহিত কৰা আৰু সঠিক তথ্য পাতি যোগান ধৰা। মুখস্থ কৰা কথাবোৰ সুধিলে সঠিকভাৱে মনত পেলাই ক’ব বা লিখিব পৰা ল’ৰা-ছোৱালীহঁতক উপযুক্তভাৱে পুৰস্কৃত কৰা। ছাত্ৰ-ছাত্ৰীহঁতৰ ভূমিকা হ’ব মনোযোগ দিয়া, মুখস্থ কৰা আৰু মুখস্থ মতা বা লিখা।এইক্ষেত্ৰত কৃতকাৰ্য হোৱাটো নিৰ্ভৰ কৰিব মুখস্থ মাতিব আৰু লিখিব পৰাৰ ওপৰত। তেওঁ আন এজন শিক্ষকৰ উদাহৰণ দাঙি ধৰিছে।এইক্ষেত্ৰত শিক্ষকজনৰ মতে শিকা মানে হ’ল ভাবিবলৈ বা চিন্তা কৰিবলৈ শিকা য’ত মুখস্থ এটা গৌণ কৌশল। এইক্ষেত্ৰত ৱেইন হাৰ্লেনে কৈছে— ছাত্ৰ-ছাত্ৰীক যিধৰণৰ অভিজ্ঞতা লাভ কৰোৱা হ’ব সেইখিনিৰে তেওঁলোকে নিজৰ ইন্দ্ৰিয়ানুভূতিৰে বিভিন্ন কথাবোৰৰ সাৰ্থকতাৰ প্ৰমাণ বিচাৰিব, তেওঁলোকৰ ভাৱাদৰ্শবোৰৰ গভীৰতা বা ভিত্তি কিমান জুখি চাব, সেইদৰে আনৰ ভাৱাদৰ্শবোৰ গমি চাব— তাৰ কাৰণে আলোচনা কৰিব, বিভিন্ন তথ্য-পাতিৰ উৎসবোৰ কামত লগাব। এনেধৰণে সংগঠিত কৰা পৰিবেশটোৱে ছাত্ৰসকলক সংশ্লিষ্ট বয়-বস্তু তথা মাল-মছলাবোৰৰ লগত আৰু আন লগৰীয়া ছাত্ৰ-ছাত্ৰীৰ লগতো ক্ৰিয়া প্ৰতিক্ৰিয়া কৰিবলে সুবিধা দিব। এইক্ষেত্ৰত শিক্ষকৰ ভূমিকা হ’ব, ল’ৰা ছোৱালীহঁতক তেওঁলোকৰ ধাৰণা আৰু কল্পনাখিনি প্ৰকাশ কৰিবলৈ তাৰ সাৰ্থকতা জুখি চাবলৈ, আৰু প্ৰমাণ পাতিবোৰৰ কথা গভীৰভাৱে চিন্তা কৰি চাবলৈ আৰু তেওঁলোকে নিজৰ অনুসন্ধান যিটো ধৰণে কৰে সেইটো সঠিক হয় নে নহয় সেই বিষয়ে নিজকে প্ৰশ্ন কৰি চাবলৈ ঠিকমতে সহায় কৰাটো, এই ক্ষেত্ৰত যিবোৰ বয়-বস্তু আৰু মাল-মছলা ব্যৱহৃত হয় সেইবোৰৰ একোটা মূখ্য ভূমিকা থাকে প্ৰয়োজনীয় প্ৰমাণ-পাতি যোগান ধৰাত আৰু চৌদিশৰ জগতখনৰ বিষয়ে ল’ৰা ছোৱালীহঁতৰ মনত অনুসন্ধিৎসা জগোৱাত। এইক্ষেত্ৰত ল’ৰাছোৱালীহঁতৰ কৃতকাৰ্যতা বা বিফলতা নিৰূপণৰ যি মাপকাঠি ব্যৱহাৰ কৰা হয় তাৰ ভিতৰত তেওঁলোকৰ স্বকীয় কাৰ্যবিধি প্ৰয়োগৰ কুশলতা তেওঁলোকে বঢ়াব পাৰিছেনে নাই, বিভিন্ন ধাৰণা বা কল্পনাৰ স্বৰূপ উপলব্ধিৰ ক্ষমতা তেওঁলোকৰ ইতিমধ্যে কিমানখিনি বাঢ়িছে— এইবোৰ কথাৰ লগতে বৈজ্ঞানিক দৃষ্টিভঙ্গী বিকশাই তোলাৰ কথাটোলৈয়ো মন কৰিব লাগিব।” ৱেইন হাৰ্লেনে উল্লেখ কৰা এই দুজন শিক্ষকৰ ভিতৰত প্ৰথমজন শিক্ষক বিভিন্ন সীমাবদ্ধতাৰ কাৰণে আমাৰ ইয়াত সুলভ। আমাৰ বিজ্ঞানৰ পাঠ্য-পুথিত থকা ক্ৰিয়াকলাপবোৰ প্ৰায়ে কৰাই নহয়। তাৰ ফলত “বিজ্ঞান” জনপ্ৰিয় হৈ উঠা নাই আৰু বৈজ্ঞানিক মানসিকতা লাভ কৰাৰ পৰা ছাত্ৰছাত্ৰীসকল বহু আঁতৰত থাকি যায়। বিদ্যালয় পৰ্যায়ৰ প্ৰথমটো উদাহৰণৰ বিজ্ঞান শিক্ষাই বিজ্ঞানক জ্ঞান আহৰণৰ সঠিক পদ্ধতি বুলি ছাত্ৰ-ছাত্ৰীসকলক প্ৰত্যয় নিয়াব নোৱাৰে। বিজ্ঞানৰ কথাবোৰতকৈ ধৰ্ম, অলৌকিক, ৰহস্যময়, ভূত-প্ৰেতৰ কথাবতৰাবোৰৰ প্ৰতি আমাৰ ল’ৰাছোৱালীবিলাকৰ আকৰ্ষণ বেছি।এনেধৰণৰ শিক্ষাই আমাৰ প্ৰশ্ন সোধা (কিয়, কেনেকৈ) প্ৰক্ৰিয়াটো গঢ়ি উঠাত সহায় নকৰে। অথচ বিজ্ঞান পদ্ধতিৰে আহৰণ কৰা সকলো জ্ঞানেই প্ৰশ্ন সোধা প্ৰক্ৰিয়াটোৰ ফল। সেইবাবে বিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে— প্ৰশ্ন সোধাৰ প্ৰক্ৰিয়া কুশলতা। তাৰ লগে লগে ল’ৰা-ছোৱালীহঁতক বিজ্ঞানৰ কথাবোৰ হাত-কামে কৰি চোৱাত গুৰুত্ব নিদিয়াৰ ফলত বিজ্ঞানৰ বহুবোৰ কথা আমাৰ ল’ৰা-ছোৱালীহঁতৰ উপলব্ধি বা সৰ্বোকৃষ্টভাৱে বুজি পোৱাৰ পৰা বহুত আঁতৰত থাকি যায়।

আমাৰ চৌপাশৰ পৰিৱেশৰ প্ৰতি ইতিমধ্যে গঢ় লৈ উঠা ধাৰণাবোৰ কিমান শুদ্ধ তাক বিজ্ঞান শিক্ষাই বুজি উঠাত সহায় কৰে— যদি বিজ্ঞানৰ কথাবোৰ হাতেকামে শিকা হয়, শুদ্ধ ধাৰণাবোৰ বিকশাই তোলাত আৰু ভুল ধাৰণাবোৰ বৰ্জন কৰাত সহায় কৰে। কিন্তু মুখস্থৰ ওপৰত নিৰ্ভৰশীল বিজ্ঞান শিক্ষাই এইক্ষেত্ৰত আমাক মুঠেই সহায় নকৰে। প্ৰত্যেক ঘটনা, পৰিঘটনাৰ আঁৰত কাৰণ থাকে। এই কাৰ্য-কৰণ বিধিটোও বোধগম্য হোৱাত হাতে-কামে শিকা বিজ্ঞানৰ কথাবোৰে সহায় কৰে। সময়ৰ তাগিদাত, সমাজৰ উন্নতিৰ স্বাৰ্থত বৈজ্ঞানিক মানসিকতা আমাৰ আচৰণৰ অংশ হোৱাটো বিচাৰোঁ। কিন্তু বৰ্তমান আমাৰ বিদ্যালয়বোৰত বিজ্ঞান শিক্ষাৰ যি পয়াঁ লগা আৰু ত্ৰুটীপূৰ্ণ অৱস্থা সি আমাক এইক্ষেত্ৰত বিশেষ সহায় কৰিব বুলি আশা কৰিব নোৱাৰি। প্ৰখ্যাত জীৱ-বিজ্ঞানী পুষ্প এম. ভাৰ্গৱে তেওঁৰ “বৈজ্ঞানিক মনোবৃত্তি” নামৰ প্ৰৱন্ধত লিখিছিল— “বিজ্ঞান শিক্ষা স্কুলত বাধ্যতামূলক কৰাটো আৰু শিকাওঁতে ইয়াৰ নীতি আৰু পদ্ধতিৰ ওপৰত জোৰ দিয়াটো অতি গুৰুত্বপূৰ্ণ। বিজ্ঞানৰ শিক্ষাদানে দৈনন্দিন জীৱন, বিশেষকৈ ভাৰতীয় গাঁৱত, বিজ্ঞানৰ ভূমিকা কি হ’ব লাগে তাৰ ওপৰতো গুৰুত্ব দিব লাগে। ইয়াৰ বাবে বৰ্তমানৰ পাঠ্যক্ৰম আৰু পাঠ্যপুথিৰ সংস্কাৰ কৰিব লাগিব, উপযুক্ত পাঠ্যপুথি ৰচনা কৰাই তাৰ সঘন সংস্কাৰৰ ব্যৱস্থা ৰাখিব লাগিব, শিক্ষকক বিজ্ঞানৰ শিক্ষাদানৰ প্ৰশিক্ষণ দিব লাগিব। প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাৰ ৰাষ্ট্ৰীয়কৰণ কৰাৰ বাহিৰে মই অন্য উপায় দেখা নাই। এই শতিকাৰ শেষত আমাৰ জনসাধাৰণৰ বাবে বৈজ্ঞানিক মানসিকতা জীৱন ধাৰণৰ এক প্ৰক্ৰিয়া হৈ পৰিব লাগিলে ইয়াৰ বাহিৰে আৰু অন্য পন্থা নাই। কেন্দ্ৰীয় নিয়ন্ত্ৰণ নথকা বাবে শিক্ষা, বিশেষকৈ বিজ্ঞান শিক্ষা, এতিয়া সুবিধা থকা কিছমান লোকৰহে দখলৰ বস্তু হৈ পৰিছে———  আৰু তাৰ এটা প্ৰধান উদ্দেশ্য হৈ পৰিছে বৈজ্ঞানিক মানসিকতা জাগ্ৰত কৰা নহয়, আনক শোষণ কৰাহে।”

One thought on “বিজ্ঞান শিক্ষা আৰু বৈজ্ঞানিক মানসিকতা গঠন-(ৰূপক বৰুৱা)

  • Debananda Borah (Dadu)

    সুন্দৰ লেখা। ধন্যবাদ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *