পিপ'ল্‌ছ ফটোগ্ৰাফি

শিলসাঁকোৰ উচ্ছেদ-(ড০ সন্দিপন তালুকদাৰ)

গুৱাহাটীৰ মাজভাগৰ শিলসাঁকো অঞ্চলৰ উচ্ছেদত হয়তো হেজাৰৰ ওপৰত মানুহ গৃহহাৰা হৈ পৰিছে। এই বছৰৰ ফেব্ৰুৱাৰী, মাৰ্চ মাহত বিশাল স্তৰত হোৱা উচ্ছেদ আৰু শেহতীয়াভাৱে ছেপ্তেম্বৰ মাহৰ ১/২ তাৰিখে হোৱা উচ্ছেদত সৰ্বস্বান্ত হোৱা মানুহবোৰ আৰু তেওঁলোকৰ অন্ধকাৰ ভৱিষ্যতৰ কাহিনীবোৰে হয়তো সংবেদনশীল সকলোকে জোকাৰি যাব।

উচ্ছেদৰ সপক্ষে চৰকাৰে কয় যে গুৱাহাটীৰ বানপানী সমস্যাৰ সমাধানৰ পথ হিচাপে এই পদক্ষেপ লোৱা হৈছে। আৰু তাৰ দোহাই দি গুৱাহাটী জলাশয় সংৰক্ষণ আইন ২০০৮ আইন বলবৎ কৰাৰ কথা কয়।

কিন্তু ভুক্তভোগী ৰাইজে কি কয়? ২০০৮ চনৰ আগত থিতাপি লোৱা মানুহৰ ঘৰো ভঙা হৈছে। তাৰোপৰি আগজাননী নিদিয়াকে ঘৰ ভঙাৰ কথা কৈছে, পুনৰসংস্হাপনৰ ব্যৱস্হা নকৰাকৈয়ে উচ্ছেদ কৰাৰ কথা কৈছে।

পিছে শিলসাঁকোৰ পৰা লোৱা ফটোবোৰে বা কি কয়?

ছবিয়ে কৈ যোৱা শিলসাঁকোৰ কাহিনী

যোৱাটো নিশা ইয়াতেই শান্তিৰে শুইছিল কোনোবা
ধ্বংসস্তুপত কোনোবা এদিন বিচাৰি পাব কাৰোবাৰ বিননিৰ ইতিহাস!
ভগা ঘৰৰ ঠিকনা
ঘৰ ভাঙিলে, বয়বস্তু সকলো শেষ, তথাপি মৰমৰ টাবটো মৰমতেই ৰাখিছে

এই বাটেৰেই কত বসন্ত গচকি কতবাৰ অহাযোৱা, এতিয়া চাগে ইতিহাস!
যশোলা ব্ৰক্ষ্মই চৰকাৰী বিষয়াৰ গাড়ী চলাইছিল দিন ৰাতি এক কৰি৷ . চৰকাৰী কলমেই কাঢ়ি নিলে এপদ এপদকে সজা ঘৰ
“ত্ৰিশ বছৰ আগতে ইয়াতেই খেতি কৰিছিলো, থাকিছিলো, যৌৱন পাৰ কৰিছিলো৷ক’ত যাম কি কৰিম? ”উন্মুক্ত আকাশেই এতিয়া আমাক গিলি পেলাওক
নিৰ্বাক নিস্পন্দ কৰ্তব্য পিয়াসী? অইন উপায় আছে জানো?

শিলসাঁকোত বেলি মাৰ গ’ল

আৰু দিনটোৰ ধ্বংসযজ্ঞ সমাপ্ত কৰি প্ৰথমে পাৰ হৈ যোৱাৰ প্ৰতিযোগিতাত ব্যস্ত বুলড’জাৰ
নতুন সাহসৰ দুটা শব্দ—৯০ বছৰীয়া আইতা৷দূৰৈত সুৰক্ষিত নিজা ঘৰ, তথাপি যন্ত্ৰণা-কাতৰ জনৰ ওচৰত
Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *