অনুবাদগল্প

বনৰীয়া ফল – (মূল: ৰাস্কিন বণ্ড, অনুবাদ: কলচুম বিবি)

স্কুললৈ বহু দূৰ খোজকাঢ়ি যাব লাগে। পাহাৰৰ তললৈ, ৰডোডেনড্ৰন গছৰ মাজেৰে, এখন উদং বাদামী ৰঙৰ পাহাৰেৰে আৱৰা নিজৰা এটি পাৰ হৈ আৰু তাৰপিছত সৰু ঠেক বজাৰখনৰ মাজেৰে কমলা, মধুৰিআম, কল আৰু আপেলৰ থূপ খাই ওখ হৈ থকা ফলৰ শাৰী শাৰী ষ্টলবোৰ পাৰ হ’ব লাগে।
ল’ৰাজনৰ স্থিৰ দৃষ্টি মাজে সময়ে সেই সোণালী কমলাৰ স্তুপবোৰৰ ওপৰেৰে লাহে ধীৰে পাৰ হৈ গৈছিল— ভৈয়ামত হোৱা কমলাবোৰে এতিয়া পাহাৰত শীতকালৰ সূৰ্যৰ শেঁতা কিৰণক প্ৰত্যাহ্বান জনাইছে। গ্ৰীষ্মকালীন তৰবুজৰ উগ্ৰ গোন্ধত তাৰ নাকটো জিকাৰ খাই উঠিছিল; কেতিয়াবা পীচ ফলৰ কোমল বাকলিত এক লহমাৰ বাবে তললৈকে আঙুলি বুলাই গৈছিল। কিন্তু তাৰ বাবে এইবোৰ নিষিদ্ধ ফল আছিল। ল’ৰাজনৰ টকা নাছিল।
সি ৰাতিপুৱা সাত বজাত ঘৰৰ পৰা ওলাই যাওঁতে এবাৰ আৰু স্কুলৰ পৰা ঘৰলৈ উভতি আহি, আবেলি সাত বজাত এবাৰ আহাৰ গ্ৰহণ কৰিছিল।
এনেকুৱা সময়ো আছিল— বিশেষকৈ স্কুলত থকা সময়ত তাৰ শিক্ষকে এটাৰ পাছত এটাকৈ সাধুতা, সাহস, কৰ্তব্য আৰু আত্মত্যাগ আদি বিষয়ৰ ওপৰত বক্তৃতা দি থাকোঁতে তাৰ বৰ ভোক লাগিছিল; অৱশ্যে স্কুললৈ অহাৰ পথত বা ঘৰলৈ উভতি যোৱাৰ পথত, সদায়ে কিছুমান বনৰীয়া ফল পোৱাৰ সম্ভাৱনা আছিল।
ল’ৰাজনৰ নাম বিজয় আৰু সি মুচৌৰীৰ ওচৰৰ গাঁওখনৰ আছিল। তাৰ মাক-দেউতাকে পাহাৰৰ ঢালত ঠেক খাজ কাটি খেতি কৰিছিল। তেওঁলোকে আলু, পিঁয়াজ, বাৰ্লি, মাকৈ আদিৰ খেতি কৰি কোনোমতে জীৱন নিৰ্বাহ কৰিছিল। যেতিয়া সেউজীয়া শাক-পাচলি পোৱাটো দুষ্প্ৰাপ্য হৈ পৰিছিল, তেওঁলোকে চোৰাত গছৰ ওপৰৰ ভাগটো সিজাইছিল আৰু পালেং শাকৰ অনুৰূপ এবিধ আঞ্জা প্ৰস্তুত কৰিছিল।
বিজয়ৰ মাক-দেউতাকে তাক স্কুললৈ পঠোৱাৰ গুৰুত্ব উপলব্ধি কৰিছিল। সিহঁতৰ বাবে কিতাপৰ তুলনাত এয়া বেছি খৰচী নাছিল। কিন্তু চহৰলৈ প্ৰায় চাৰি মাইল আৰু বহু দূৰ খোজ কাঢ়িব লগা হোৱা বাবে ল’ৰাজনৰ ভোক লাগিছিল।
অৱশ্যে প্ৰায় সকলো সময়তে বনৰীয়া ফল পোৱা গৈছিল। কাঁইটীয়া বিলবেৰীৰ বেঙুনীয়া জামু মে’ আৰু জুন মাহত পকিছিল। বনৰীয়া গৰুখিছ ছাঁযুক্ত ঠাইত ডাঠ সেউজীয়া মৌছুমী ঘাঁহৰ ওপৰত পৰা তেজৰ দাগৰ দৰে হৈছিল। টেঙা চেৰীফল আৰু টান মেডলাৰ ফলবোৰ সৰু। বিজয়ৰ চোকা দাঁত আৰু সন্ধানী জিভাখনে যেতিয়াই সেইবোৰত এটা উগ্ৰ সোৱাদ অথবা মিঠা অনুভৱ কৰিছিল তেতিয়াই মুখৰ পৰা উলিয়াই দিছিল। আৰু মাৰ্চত আছিল ৰডোডেনড্ৰন ফুলবোৰ।
তাৰ মাকে সেইবোৰৰ পৰা মিঠা আচাৰ প্ৰস্তুত কৰিছিল। কিন্তু বিজয়ে সেইবোৰ যিদৰে আছিল সেইদৰে ভাল পাইছিল। সি পাহিবোৰ তাৰ জিভাত লৈ যেতিয়ালৈকে মিঠা ৰসটো তাৰ ডিঙিত নপৰিছিল তেতিয়ালৈকে চোবাইছিল। কিন্তু নৱেম্বৰত কোনোধৰণৰ বনৰীয়া ফল লগা নাছিল। কেৱল ওক গছত এক’ৰ্নছ লাগিছিল, আৰু সেইবোৰ তিতা আছিল, কেৱল বান্দৰৰ কাৰণে উপযোগী আছিল।
সি ভয়ভীত নোহোৱাকৈ দৃঢ়তাৰে বজাৰৰ মাজেৰে খোজ কাঢ়িছিল। তাক স্বাস্থ্যবান দেখা গৈছিল, যেতিয়ালৈকে আপুনি তাৰ কাষলৈ নাহে আৰু তাৰ ছালত থকা দাগবোৰ আৰু দুচকুৰ নিস্তেজতা নেদেখে।
সি ফলৰ বিপণীসমূহ পাৰ হৈ যাওঁতে, কোনে সেই ফলবোৰ খাইছিল আৰু সেইবোৰ বেয়া হ’লে কি কৰা হয় তাকে চাই চাই গৈছিল; সি মিঠাইৰ দোকান পাৰ হৈ গৈছিল, য’ত বনাই থকা গৰম জেলেপী ভাঁজ কৰা কমলাৰত্ন কাচৰ বাকচৰ ভিতৰত নিৰাপদে ৰখাৰ দৰে ৰখা হৈছিল আৰু য’ত এজন শকত তেলেতীয়া মানুহে চুৰি এখন ওপৰলৈ তুলি পীতাভ বাদামী ৰঙেৰে সমৃদ্ধ ডাঠ হালোৱাৰ টুকুৰাটোৰ ওপৰত গভীৰভাৱে মগ্ন হৈ আছিল।
বিজয়ৰ মুখত পানী আহিল; তাৰ পেটত সামান্য এটা বিষ। কিন্তু তাৰ দুচকুৱে সি অনুভৱ কৰা তীব্ৰ যন্ত্ৰনাৰ একোৱেই প্ৰকাশ নকৰিলে।
আৰু এতিয়া এখন বিস্কুটৰ দোকানত। আইনাৰ বৈয়ামবোৰ চকলেট, পেপাৰমিণ্ট, টফি— নাম নজনা বিভিন্ন মিঠা বস্তুৰে ভৰি আছিল, ইংৰাজী মিঠা বস্তুবোৰ ৰঙীন কাগজৰ টুকুৰাৰে মেৰিয়াই থোৱা আছিল।
এজন ল’ৰাই অলপ আগতে এটোপোলা মিঠা বস্তু কিনিছিল। সি তাৰে এটা মুখত দিলে। সি এজন ভালকৈ সাজ-পোছাক পৰিধান কৰা ল’ৰা; তাৰ পকেটত মুদ্ৰাবোৰ ঝনঝনাই আছিল। মিঠা বস্তুটো সি ইখন গালৰ পৰা সিখনলৈ অনা-নিয়া কৰি, অলপ জোৰেৰে কামোৰ দিলে আৰু বিজয়ে চোবোৱাৰ শব্দটো শুনি ওপৰলৈ চাইছিল। ল’ৰাজনে বিজয়লৈ চাই হাঁহি আঁতৰি গৈছিল।
সিহঁত অলপ আগলৈ গৈ বাটৰ কাষত পুনৰ লগ হৈছিল। ল’ৰাজনে আকৌ হাঁহিছিল, আনকি এনেকৈ চাইছিল সি যেন বিজয়ক তাৰে এটা মিঠা বস্তু দিব; কিন্তু এইবাৰ বিজয়ে লাজেৰে দৃষ্টি আঁতৰাই আনিলে। সি মিঠা বস্তুবোৰ লক্ষ্য কৰা বুলি বা সি তাৰে এটাৰ বাবে ভোক অনুভৱ কৰিছিল বুলি দেখুৱাব বিচৰা নাছিল।
কিন্তু সি ল’ৰাজনক লগ পায়ে থাকিল। লোভনীয়, বৰ সুন্দৰ সুস্বাদু সেউজীয়া আঠাযুক্ত মিঠা বস্তুটো তাৰ মুখত লৰচৰ কৰি, তাৰ ভিজা ওঁঠৰ মাজত লৈ অনবৰতে কিবা নহয় কিবা প্ৰকাৰে কোনোবা এটা চুকত পুনৰ দেখা দিছিল।
তাৰ টোপোলাটোত থকা মিঠা বস্তুবোৰ শেষ হ’ব ধৰিছিল।
অনিচ্ছাকৃতভাৱে বিজয়ে সিদ্ধান্ত ল’লে যে সি ল’ৰাজনক অতিক্ৰম কৰিব, মিঠা বস্তুবোৰৰ কথা পাহৰিব আৰু ঘৰলৈ যাবলৈ খৰখেদা কৰিব। এনে নকৰিলে সি তাৰ মোনাটো লৈ দৌৰিবলৈ প্ৰলুব্ধ হ’ব। তেতিয়াই সি দেখিছিল যে ল’ৰাজনে তালৈ আকৌ এবাৰ চাইছে আৰু হাঁহি বেঞ্চ এখনত টোপোলাটো থৈছে— গুচি যোৱাৰ আগতে লাজ লাজকৈ আৰু সেই টোপোলাটো ল’বলৈ যেন মাতিছে তেনে ভাব দেখুৱাই হাঁহিছিল।
টোপোলাটো খালী আছিল নেকি? বিজয়ে বাঢ়ি অহা উৎকণ্ঠাৰে চাইছিল। এয়া হ’ব নোৱাৰে, বা যদিহে হ’লহেঁতেন বতাহে তৎক্ষণাত উৰুৱাই লৈ গ’লহেঁতেন। নিশ্চয়কৈ তাৰ ভিতৰত এতিয়াও কেইটামান মিঠা বস্তু আছে। ল’ৰাজন অদৃশ্য হৈ গৈছিল। সি চাহ খাবলৈ গুচি গৈছিল আৰু বিজয়ে এতিয়া বাকী থকা মিঠা বস্তুকেইটা ল’ব পাৰিব। বিজয়ে টোপোলাটো হাতত লৈ তাৰ চাৰ্টৰ পকেটত ভৰাই দিলে। তাৰপিছত সি খৰধৰকৈ ঘৰমুৱা হ’ল। বহুত পলম হৈছিল আৰু আন্ধাৰ হোৱাৰ আগেয়ে সি ঘৰলৈ উভতিব বিচাৰিছিল।
সি নগৰৰ পৰা ওলোৱাৰ লগে লগে টোপোলাটো খুলিলে আৰু মিঠা বস্তুবোৰ উলিয়াই আনিলে। সিহঁতৰ ৰঙীন আৱৰণ তাৰ হাতৰ তলুৱাত মুকুতাৰ দৰে তিৰবিৰাই আছিল।
সাৱধানে সি এটাৰ আৱৰণ খুলিলে। তাত মিঠা বস্তু নাছিল, এটা মাত্ৰ ঘূৰণীয়া মিহি শিল আছিল। বিজয়ে আটাইবোৰ আৱৰণ খুলি কেৱল শিল পাইছিল। বিজয়ৰ দুচকুত বজাৰৰ সেই হাঁহিমুখীয়া ল’ৰাজনৰ মুখখন ভাঁহি উঠিছিল, যিজন ল’ৰাই মনোমোহাকৈ হাঁহিছিল কিন্তু মিঠা বস্তুৰ ঠাইত শিল বিনিময় কৰিছিল। খঙত ওলাই অহা চকুপানী হেঁচি ৰাখি বিজয়ে শিলগুটিকেইটা পাহাৰৰ নামনিলৈ দলিয়াই দিছিল। তাৰপাছত পিঠিত কিতাপৰ বেগটো লৈ ঘৰলৈ দীঘলীয়া খোজ ধৰিছিল।
মাটিত বৰফৰ গুৰি গুৰি টুকুৰাবোৰ পৰিবলৈ ধৰিছিল। ঘাঁহবোৰ লেতেৰা বাদামী ৰঙৰ আছিল, জোপোহাবোৰ নাঙঠ আছিল।নৱেম্বৰত বনৰীয়া ফল পোৱা নাযায়।

Leave a Reply

Your email address will not be published. Required fields are marked *