শিল্প-কলা-সংস্কৃতি

বৰনদী ভটিয়ায়ঃ মাজুলীৰ এক উদযাপন (খামমুন ফুকন)

মাজুলীক কেন্দ্ৰ কৰি বা মাজুলীৰ পটভূমিত অসমীয়া বোলছবি জগতত এতিয়ালৈকে কেবাখনো চিনেমাৰ সংযোজন হৈছে। আটাইকেইখন ছবিতে প্ৰত্যেক্ষ কথনেৰে নহলেও মাজুলীৰ সাংস্কৃতিক পৰিক্ৰমা, ৰাজনৈতিক পৰিপেক্ষা নতুবা ধাৰ্মিক দৰ্শনাদিৰ কথা স্পষ্টকৈ প্ৰকাশ কৰিছে। এই ছবিসমূহৰ যোগেদি মাজুলীৰ লগত জড়িত অসমৰ জনসাধাৰণৰ বা সমস্যাকেন্দ্ৰিক সহানুভূতিৰ প্ৰতি অতি সংবেদনশীল লোকৰ ভাবাদৰ্শক প্ৰতিষ্ঠা কৰিবলৈ যত্ন কৰা হৈছে। এই মাজুলী কেন্দ্ৰিক বোলছবি শৈলীৰ লগত যোৱা তিনি মে’ত মুক্তি পোৱা অন্য এখন ছবিও শাৰীভূক্ত হৈছে। অনুপম কৌশিক বৰাৰ কাহিনী আৰু পৰিচালনাৰ বস্তুনিষ্ঠ উপস্থাপনেৰে বৰনদী ভটিয়ায় নামৰ ছবিখনে মাজুলীৰ পটভূমিত উজ্জীৱিত হোৱা কেইজনমান উচ্চ শিক্ষিত তথা সংস্থাপনহীনতাৰে পৰাভূত যুৱকৰ মানসিক জগতখনৰ প্ৰতিফলন দেখুৱাইছে। সেই যুৱক কেইজনৰ দৃষ্টিৰে মাজুলীৰ আহুকলীয়া কথাবোৰৰ লগতে মাজুলীৰ উজ্জ্বল ভৱিষ্যতৰো ইংগিত বহন কৰিছে। অভিনয়ৰ নিপুণতা আৰু কাৰিকৰী পটুত্বই ছবি খনৰ সফলতাৰ কথা স্বীকাৰ কৰিছে। এইবোৰৰ ওপৰিও ছবিখনৰ কিছুমান উল্লেখযোগ্য নান্দনিকতা আমাৰ দৃষ্টিগোচৰ হৈছে। সেইসমূহৰ ভিতৰত এটি মন কৰিবলগীয়া দিশ হৈছে ইয়াৰ ব্যংগধৰ্মিতা। খুব সৰল কাহিনী স্ৰোত কিছুমানৰ ব্যংগাত্মক উপস্থাপনে ছবিখনক উপভোগ্যে কৰি তোলাৰ লগতে একঘেয়ামী কথনশৈলীৰ বিৰক্তিৰ পৰাও দৰ্শকক আঁতৰাই ৰাখিবলৈ সক্ষম হৈছে। উদাহৰণস্বৰূপে কুপিদা এখনৰ ঘাপত নিহত হোৱা ছাগলীজনীৰ অতিৰঞ্জিত বিশ্লেষণ। কিন্তু ইয়াকে কৰিবলৈ গৈ ছবিখনৰ উদ্দেশ্যধৰ্মিতাৰ বিষয়ত হানি হোৱা নিচিনা লগা নাই। অৰ্থাত বক্ৰোক্তিবোৰৰ সূক্ষ্ম আৰু অনুভূতিসূচক বুজনে কাহিনী স্ৰোতক তৰলীকৃত কৰা নাই যেন আমাৰ অনুভৱ। লগতে প্ৰতিটো কাহিনী বা চৰিত্ৰৰে কিছু পৰিমাণে ৰূপকধৰ্মিতা থকাটো এই শৈলীৰ ধৰ্ম। কিন্তু তাৰমাজতে কিছুমান বৈশিষ্ট্যই বা চৰিত্ৰ মুখৰ ভাষাই এই ৰূপকধৰ্মিতা সহজে চিনাকী কৰি দিয়ে। বৰনদী ভটিয়ায় ছবিখনত মৌকণ চৰিত্ৰ এটা স্বকীয় ৰূপকৰ উপলব্ধি হ’ব পাৰে। মৌকণ কেৱল মাজুলীৰ এগৰাকী শিক্ষিতা তথা অস্তিত্বানুসন্ধানী যুৱতী হৈ নাথাকি চৰিত্ৰটিয়ে মাজুলীৰ ৰূপকতালৈ গতি কৰিছে। যিহেতু মৌকণ সকলোৰে প্ৰিয় আৰু ভৰপুৰ যৌৱনা। তাইক লৈ কেন্দ্ৰীভূত হাজাৰটা কাহিনী, আশা, আকাংক্ষা, অভিলাস সৃষ্টি হৈছে। সেয়ে কাহিনীৰ সংলাপত কেইবাবাৰো উচ্চাৰিত হৈছে যে মৌকণে বিচাৰিলে সকলোকে মাজুলীলৈ উভতাই আনিব পাৰি। সেই ক্ষমতা কেৱল মাজুলীৰ, মাজুলীৰ নান্দনিকতা, মোহ, জীৱনৰ প্ৰতি সৰলতা। অন্যহাতে যুৱককেইজন হৈছে মাজুলীৰ মোহ এৰিব নোৱাৰা, মাজুলীৰ স্বাৰ্থত যিকোনো কৰিবলৈ কেৰেপ নকৰা কেইটামান সত্তা। ৰূপকাত্মকভাবে প্ৰতিজন যুৱকেই অস্তিত্বৰ সন্ধানত বৰ্তি থকা মাজুলীৰ প্ৰকৃতাৰ্থত সম্পদ। তেওঁলোকৰ ওপৰতেই সকলো ভৰষা। তেওঁলোকৰ উদ্যম আৰু বাহুবলেৰে মাজুলীৰ অস্তিত্বৰ বাবে কৰিব নোৱাৰা কাম একো থাকিব নোৱাৰে বুলি পৰোক্ষভাৱে ক’ব খুজিছে।

অন্যহাতে ‘হাঁচি মৰা’ আৰু ৰেডিঅ’ৰ যোগেদি বাতিৰ সম্প্ৰচাৰ কৰাটোও একপ্ৰকাৰৰ উপলুঙা। ‘হাঁচি মৰা’ প্ৰতীকটো একপ্ৰকাৰে অন্ধবিশ্বাস আৰু কাহিনীৰ সৰলতাহে। দেশৰ ৰাজনৈতিক, বৈদেশিক বাতৰিসমূহৰ লগত মাজুলীৰ ‘হাঁচি মৰা’ বা ছোৱালী পলুৱাবলৈ যোৱা কথাবোৰে ঠাই পোৱাটো অবিশ্বাস্য। কিন্তু সেই কথাই কাহিনীৰ বাস্তৱিকতাৰ পৰা ওলাই নগৈ বৰং ৰূপকধৰ্মিতাৰ লক্ষণ প্ৰকাশ কৰিছে। যি ক্ষেত্ৰত মাজুলী হৈ পৰে কেৱল এটা নদী দ্বীপ আৰু সাময়িক ভ্ৰমণৰ লক্ষ্যস্থান। কেৱল ছবি এখনৰ দৃশ্যগ্ৰহণৰ কাৰণে মাজুলী নহয়।

কাহিনীৰ সৰলতা কিন্তু সৰলৰৈখিকতাৰ পৰিপন্থী। ছবিখনৰ কাহিনী বুলিবলৈ আচলতে কাহিনী একো নাই। কাৰণ কাহিনীৰ সনাতনীয়া জখলাৰে আৰম্ভণি বিন্দু, বিকাশ, পূৰ্ণতা তথা শেষ হোৱাৰ উপস্থাপন দেখা পোৱা নাযায় । অৱশ্যে কাহিনীৰ সৰলতা বোলোঁতে বাস্তৱিকতাৰ গ্ৰাম্য সমাজ এখনৰ কথাকে ক’বলৈ বিচৰা হৈছে। য’ত যান্ত্ৰিকতাৰ খাম খেয়ালি নাই। য’ত গাওঁ এখনৰ উপস্থাপন এতিয়াও আশী বা নব্বৈ দশকৰ দৰেই দেখা পোৱা গৈছে। পিছে কোনো কোনো ক্ষেত্ৰত সৰলতাৰ বিপক্ষে তীক্ষ্ণ চাব পৰাও উপস্থাপিত হৈছে, যেনে মঞ্চত বিৰহী গীত গোৱা, কোনো চৰিত্ৰৰ সমাজৰ বিৰুদ্ধে যাবলৈ চেষ্টা কৰা। কিন্তু সৰলৰৈখিকতাৰ বিপৰীতে গৈ ছবিখনৰ কাহিনীভাগে খণ্ডিত কাহিনী আগবঢ়াইছে। অৱশ্যে এই উপস্থাপনৰ অন্তৰালত স্ৰোত প্ৰৱাহৰ বিশেষ পৰিৱৰ্তন নহ’লেও সৰলৰৈখিকতাৰ নিৰ্গঠন কৰিবলৈ চেষ্টা কৰিছে যেন আমাৰ অনুভৱ হয়। কিন্তু সেই হ’লেও কাহিনীৰ সৰলৰৈখিকতাৰ বিপৰীতে কোনো বিশেষ লাভ হৈছে যেন নালাগিল। যেনেকৈ সীমান্ত চৰিত্ৰটিৰ নিজা কিছু উপলব্ধি দেখুৱাবলৈ যাওঁতে কাহিনীৰ শিৰোনামটিৰ বাহিৰে বিশেষ একো সলনি হোৱা নাই। কিন্তু এই কথা ক’বই লাগিব অসমীয়া চিনেমাত এনে সম্পৰীক্ষাৰ প্ৰয়োজন নিশ্চয় আছে আৰু বৰনদী ভটিয়াই ছবিয়ে এই শৈলীৰ এক উদাহৰণ হৈ ৰ’ব।

প্ৰশ্ন হয়, বৰনদী ভটিয়ায় ছবিখনে আচলতে কি দেখুৱালে বা কি দেখুয়াব খুজিছিল। অতযুগৰ মাজুলীৰ বুকুত সাঁচি ৰখা ক্ষোভ, শোষণ, অৱহেলা, দৰিদ্ৰতা, বানপানী, নিৰক্ষৰতা নে আন কিবা। বৰনদী ভটিয়ায় ছবিখনৰ নামাংকন কৰাৰ অন্তৰালত আছে নেকি অন্য এক ভাবাদৰ্শ লুকাই? বৰনদী ভটিয়ায়ৰ গীতে, যেনে চপৰা চপৰে গীতটোৱে প্ৰকৃতাৰ্থত ছবিখনৰ কাহিনীভাগক সমৰ্থন কৰিছেনে? এই প্ৰশ্নবোৰৰ পোনপটীয়া উত্তৰ দিবলৈ কঠিন যদিও ছবিখনৰ সামগ্ৰিক বোধে আটাইবিলাক প্ৰশ্নৰ উত্তৰ অন্য ধৰণেও দিব পাৰে। যেনে ছবিখনত দৰিদ্ৰতা, সমাগত বানৰ কথা, নিৰক্ষৰতাৰ কথা ক’লেও ছবিখনৰ মূল উদ্দেশ্যে জীৱন উদযাপন কৰা। ছবিখনৰ প্ৰতিটো চৰিত্ৰৰ জীৱনৰ প্ৰতি থকা ভালপোৱা, মোহ, ভৱিষ্যত চোৱাৰ আকাংক্ষাই কিন্তু মাজুলীক উদযাপন কৰাৰ কথাহে কৈছে । তেওঁলোকৰ মাজত ভালপোৱা আছে, ক্ষোভ আছে, অহংকাৰ আছে, বিচ্ছেদ আছে, ত্যাগ আছে আৰু তাৰ মাজতো অনিশ্চয়তা আছে । এইবোৰে আচলতে এটা জীৱন (সামগ্ৰিক অৰ্থত) যাপন কৰাৰ কথাহে কয় । ডাক্টৰ এজনে মাজুলীলৈ বদলি হৈ অহাৰ কথা কওঁতে মুখত বিৰক্তি ফুটি উঠিছে। কিন্তু মাজুলী তেনেকৈ জীয়াই আছে। ডাক্টৰ জনৰ মাজুলীলৈ হোৱা বদলিয়ে কিবা পৰিৱৰ্তন আনিব পাৰিলেনে। তীৰ্যক হাঁহিৰে উপলুঙা কৰিলেও ‘লুইত’ৰ দৰে চৰিত্ৰবোৰে জীৱনক ভালপাবলৈ জানে। চৰিত্ৰসমূহ সুসংগঠিত ৰূপত ফুটাই তোলাৰ ক্ষেত্ৰত ছবিখন সফল হৈছে। সম্পূৰ্ণ আশাবাদী আদৰ্শৰে বৰনদী ভটিয়ায় এখন মাজুলী কেন্দ্ৰিক অসমীয়া ছবি হলেও ইয়াৰ বিশ্বজনীনতা নুই কৰিব নোৱাৰি। মাজুলী বুলিয়েই নহয় প্ৰতিখন সমাজতে এনে চৰিত্ৰ বিৰাজমান। প্ৰত্যেকৰে মাজতে এনে অবোধ্যতা, শূন্যতা আমি বিচাৰি পাওঁ। গতিকে মাজুলীৰ কেন্দ্ৰিকতাৰ কাঠামোৰ পৰা বৰনদী ভটিয়ায়ে বহুক্ষেত্ৰত আগবাঢ়ি গৈছে বুলি আমাৰ ধাৰণা। জীৱন স্ৰোতেই প্ৰকৃতাৰ্থত বৰনদী।

Leave a Reply

Your email address will not be published. Required fields are marked *