অতিথি সম্পাদকৰ চ'ৰাচতুৰ্থ বছৰচতুৰ্থ বছৰ (চতুৰ্থ সংখ্যা)

চ্ছে গুৱেৱাৰাৰ চমু জীৱনালেখ্য আৰু তেওঁৰ জীৱন-দৰ্শন (আৰহান ইনামূল)

মহান বিপ্লৱী চ্ছে গুৱেৱাৰা

পুঁজিবাদী মহলেই হওক অথবা পুজিবাদক বৰপীৰা পাৰি আদৰণি জনাবলৈ সদা আগ্ৰহী হৈ থকা পুঁজিবাদৰ পৃষ্ঠপোষকসকলেই হওক, যোৱা অৰ্ধ শতিকাজুৰি চেষ্টা চলাই আহিছে সেই কেতিয়াও ম্লান নোহোৱা বৈপ্লৱিক ব্যক্তিত্বৰ ব্যক্তিসকলক জনমানসত ভুল ৰূপত আৰু বিকৃত ৰূপত উপস্থাপন কৰিবলৈ। সেয়া লাগিলে আমাৰ ভাৰতৰ ভগৎ সিঙেই হওক অথবা বিশ্বজুৰি মুক্তিকামী, পুঁজিবাদবিৰোধী আন্দোলনক এক অনন্য মাত্ৰালৈ উত্তৰণ ঘটোৱা জনপ্ৰিয় চ্ছে গুৱেৱাৰাই হওক। আনকি আমাৰ অসম মুলুকৰ এক অনন্য সংগ্ৰামী সত্তা বিষ্ণু ৰাভাকো অসমৰেই এটা মহলে বিকৃত ৰূপত উপস্থাপন আৰু প্ৰচাৰ কৰাৰ ফলস্বৰূপে আজি পৰ্যন্ত আমি তেওঁক কেৱল মাত্ৰ “কলাগুৰু” বুলিহে জানি আহিছো। কাৰণ সেই অৰ্থনৈতিক মুনাফালোভী মহলে সদায়েই ভয় আৰু শংকা প্ৰকাশ কৰি আহিছে যে এই বিপ্লৱী ব্যক্তিসমূহৰ জীৱন আৰু আদৰ্শ সন্দৰ্ভত যদি বিশ্বজুৰি ব্যাপক হাৰত প্ৰকৃত তথ্য আৰু আদৰ্শগত প্ৰচাৰ কাৰ্য সম্পন্ন হয় তেন্তে সাধাৰণ লোকসকল যে পুঁজিবাদৰ আভুৱা ভৰা স্পষ্ট ৰূপত সচকিত আৰু বিৰাগী হৈ পৰিব সেয়া নিশ্চিত। সেই বাবেইতো এক পৰিকল্পিতভাৱে চ্ছে গুৱেৱাৰাৰ ভাবমূৰ্তি এজন ৰকষ্টাৰ বা নিচাগ্ৰস্থ ফেশ্যন আইকন হিচাপে প্ৰচাৰ কৰি থকা হৈছে। সেয়ে এইটো বৰ্তমান সময়ৰ এক বাস্তৱিক দাবী হৈ পৰিছে যে এই যুগপুৰুষজনক আৰু তেওঁৰ জীৱন তথা আদৰ্শ সাধাৰণ লোকৰ আগত, বিশেষকৈ নৱ প্ৰজন্মৰ আগত (যিসকলে চ্ছে’ৰ ছবি সম্বলিত পোছাক পৰিধান কৰে, কিন্তু তেওঁৰ বিষয়ে বিশেষ একো নাজানে) প্ৰকৃত আৰু সত্য ৰূপত উপস্থাপন কৰাটো। সেই উদ্দেশ্যে এয়া সামান্য প্ৰয়াস কৰা হৈছে চ্ছে গুৱেৱাৰাৰ জীৱন আৰু আদৰ্শৰ বিষয়ে কিছু আলোকপাত কৰিবলৈ৷

চ্ছে’ৰ এক চমু জীৱনী

বিখ্যাত টাইম মেগাজিনৰ এটা বিশেষ সংখ্যাত (৮ আগষ্ট, ১৯৬০ চন) (তলত সেই সংখ্যাটোৰ ক’ভাৰৰ ছবি দিয়া হৈছে) “icons Of the century” সন্মানেৰে বিভূষিত কৰা “আৰ্নেষ্ট’ ‘চ্ছে’ গুৱেৱাৰা ডে লা চাৰ্না”, চমুকৈ “চ্ছে গুৱেৱাৰা”ৰ জন্ম হৈছিল আৰ্জেন্টিনা দেশৰ ৰ’জাৰিঅ’ত ১৯২৮ চনৰ ১৪ জুন তাৰিখে। বুয়েনছ্ আয়াৰছ্’ত চিকিৎসাবিজ্ঞান অধ্যয়ন কৰি থকাৰ সময়ছোৱাতেই তেওঁ লেটিন আমেৰিকাৰ মাজেৰে অভিজ্ঞতা আহৰণ কৰিব পৰাকৈ কেইবাবাৰো ভ্ৰমণ কৰিছিল৷ তাৰেই ভিতৰত তেওঁৰ জীৱনত আটাইতকৈ প্ৰভাৱশালী ভ্ৰমণ আছিল ১৯৫২ চনত তেওঁৰ বন্ধু, পেছাত এজন জৈৱ ৰসায়নবিদ আলবাৰ্ট’ গ্ৰানাড’ৰ সৈতে মাত্ৰ এখন এটা চিলিণ্ডাৰৰ ১৯৩৯ মডেলৰ নৰ্টন ৫০০ চি: চি: মটৰ চাইকেলৰে কৰা দক্ষিণ আমেৰিকা ভ্ৰমণ৷ এইখিনিতে এটা আমোদজনক তথ্য উল্লেখ কৰাটো উচিত হ’ব যে তেওঁলোকে ভ্ৰমণ কালত ব্যৱহাৰ কৰা “লা-প’ডেৰ’জা” নামৰ নৰ্টন মটৰ চাইকেলখনৰ কাৰিকৰী অৱস্থা একেবাৰে পুতৌজনক আছিল, আৰু তেনে এখন বাইকেৰে প্ৰায়েই দুৰ্গম আৰু দুৰৱস্থাত থকা লেটিন আমেৰিকাৰ ভিন্ন পথেৰে যাত্ৰা কৰিবলৈ আগ বঢ়াটো প্ৰকৃতাৰ্থতেই এক দুঃসাহসী কাৰ্য আছিল। তেওঁ চিকিৎসাবিজ্ঞানৰ ছাত্ৰ হৈ থাকোতে তেওঁৰ বন্ধু আলবাৰ্ট’ গ্ৰানাড’ৰ মটৰ চাইকেলৰে দক্ষিণ আমেৰিকা ভ্ৰমণ কৰাৰ স্মৃতিকথা হ’ল “দ্য মটৰচাইকেল ডায়েৰী’জ” (স্পেনিছ ৰূপ – ডায়েৰীঅ’জ দ্যে মট’চাইক্লেটা)৷ কিন্তু এইখন কেৱল ভ্ৰমণ কাহিনীমূলক স্মৃতিকথা নহয়, এই বিখ্যাত কিতাপখনৰ যোগেদি আমি জানিব পাৰো কিদৰে চ্ছে’ৰ জীৱন দৰ্শন সলনি হৈছিল যেতিয়া তেওঁৰ ভ্ৰমণকালত দক্ষিণ আমেৰিকাৰ বিভিন্ন অংশত সাধাৰণ লোকসকল, বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বণিক গোষ্ঠীৰ দ্বাৰা পৰিচালিত খনিত কাম কৰা শ্ৰমিকসকল, কমিউনিষ্টসকল, কুষ্ঠৰোগীসকল প্ৰচলিত সমাজ আৰু ৰাজনৈতিক ব্যৱস্থাৰ দ্বাৰা প্ৰচলিত সামাজিক অন্যায় আৰু বঞ্চনাৰ বলি হৈ কিদৰে সাধাৰণ মানৱীয় অধিকাৰ আৰু সুবিধাৰ পৰা বঞ্চিত হৈ নাৰকীয় জীৱন জীয়াই আছিল সেয়া স্বচক্ষে পৰ্যবেক্ষণ কৰি। আনকি তেওঁ প্ৰত্যক্ষদৰ্শী হৈছিল মহান ইনকা সভ্যতাৰ উত্তৰ পুৰুষৰ দুৰৱস্থা দেখি৷ এই স্মৃতিকথাৰ সমাপ্তিখিনি যেন গুৱেৱাৰাৰ বাবে আছিল এক আৰম্ভণি, এক ইতিহাসৰ বাবে যুগান্তকাৰী আৰম্ভণি। কাৰণ এই স্মৃতিকথাৰ শেষত তেওঁ প্ৰকাশ কৰিছে দৰিদ্ৰ আৰু অৱহেলিত শ্ৰেণীৰ বাবে যুঁজি যোৱাৰ ইচ্ছা আৰু সংযুক্ত লেটিন আমেৰিকা গঠনৰ সপোন সঁচা কৰাৰ স্বপ্নৰ কথা।

১৯৫৪ চনত গুৱাটেমেলাত গণতান্ত্ৰিকভাৱে নিৰ্বাচিত জেক’ব’ আৰবেন্জ’ৰ চৰকাৰখন CIAৰ দ্বাৰা পৰিচালিত এক অপাৰেচনৰ যোগেদি ওফৰাই পেলোৱাৰ সময়লৈকে গুৱেৱাৰাই ইতিমধ্যেই সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰিছিল। সেই সময়ত তেওঁ গুৱাটেমেলাতেই বাস কৰিছিল। কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ষড়যন্ত্ৰৰ ফলস্বৰূপে গুৱাটেমেলাত গণতান্ত্ৰিক চৰকাৰখন বৰ্খাস্ত হোৱাৰ পিছতেই তেওঁ মেক্সিকোলৈ পলাই যায় আৰু তাতেই তেওঁ মাৰ্ক্সবাদী চিন্তাধাৰা জীৱনৰ মৌলিক আদৰ্শ হিচাপে গ্ৰহণ কৰে, ইয়াকে ইম্পেৰিয়েলিষ্ট মহলে গুৱেৱাৰা মৌলবাদী চিন্তাৰে উদ্বুদ্ধ হোৱা বুলি আজিও চিঞৰে৷

গুৱাটেমেলা ত্যাগ কৰাৰ আগতেই চ্ছে’ই ইতিমধ্যেই কিছু নিৰ্বাসিত কিউবান বিদ্ৰোহীৰ সংস্পৰ্শলৈ আহিছিল। তাৰ ফলস্বৰূপে ১৯৫৫ চনৰ জুলাই মাহত মেক্সিকো চিটিত তেওঁ ফিডেল কাষ্ট্ৰোক লগ পাইছিল। তাৰ পিছতে অকণো বিলম্ব নকৰি তেওঁ কিউবান বিপ্লৱত জঁপিয়াই পৰিছিল, সেই বিপ্লৱৰ উদ্দেশ্য আছিল সেই সময়ত কিউবাত শাসন চলাই থকা ফুলজেনচিঅ’ বাটিষ্টাৰ একনায়কত্ববাদী চৰকাৰখন ওফৰাই তাৰ জনগণক স্বাধীনতাৰ সোৱাদ দিয়া। সেই বিপ্লৱত গুৱেৱাৰা জড়িত হোৱাৰ পিছৰে পৰা তেওঁ কিউবানসকলৰ মাজত ইমানেই জনপ্ৰিয় হৈ পৰিছিল যে তেওঁলোকেই গুৱেৱাৰাক মৰমতে “চ্ছে” উপনাম দি সম্বোধন কৰিছিল, উল্লেখ্য যে “চ্ছে” আৰ্জেন্টিনা’ৰ এক জনপ্ৰিয় উপনাম (NICK NAME)৷

১৯৫৬ চনৰ ২৫ জুলাই তাৰিখে গুৱেৱাৰাই এজন চিকিৎসক হিচাপে “গ্ৰানমা” নামৰ সৰু নৌকা (YACHT) এখনেৰে কিউবাৰ মায়েষ্ট্ৰা পৰ্বতত শিবিৰ পাতি সামৰিক বিদ্ৰোহ সূচনা কৰা এটা গেৰিলা গোটত যোগ দিয়াৰ উদ্দেশ্যে যাত্ৰা কৰিছিল। যদিও তেওঁ সেই গোটটোত আঘাতপ্ৰাপ্ত গেৰিলা বিদ্ৰোহী আৰু বাটিষ্টা চৰকাৰৰ হৈ অভিযান চলোৱা আটকাধীন সৈন্যৰ চিকিৎসা সেৱা প্ৰদান কৰিছিল তথাপিও মাত্ৰ কেইমাহমানৰ ভিতৰতে চ্ছে সেই গেৰিলা গোটৰ কমাণ্ডাৰ পদলৈ উন্নীত হৈছিল। এইখিনিতে সাধাৰণ পঢ়ুৱৈসমাজে এটা কথা অনুধাৱন কৰিব পাৰিছে যে আজি পৰ্যন্ত ইম্পেৰিয়েলিষ্ট মহলৰ পৃষ্ঠপোষকতা লাভ কৰা লিখক, বুদ্ধিজীৱী আৰু বিভিন্ন মাধ্যমে চ্ছে গুৱেৱাৰাক যিদৰে এজন নিষ্ঠুৰ বিপ্লৱী বুলি প্ৰচাৰ কৰি আহিছে সেয়া যে গোকাট মিছা সেয়া প্ৰমাণিত হয় এইটো নিদৰ্শনৰ পৰা হয় যে তেওঁ গেৰিলা শিবিৰত কেৱল নিজৰ বিদ্ৰোহী গোটৰ সেনাসকলক চিকিৎসা প্ৰদান কৰাৰ লগতে শত্ৰু পক্ষৰ আটকাধীন আঘাতপ্ৰাপ্ত সৈন্যসকলকো সমান গুৰুত্ব প্ৰদান কৰি চিকিৎসা কৰিছিল। চ্ছে প্ৰকৃতাৰ্থতেই এজন মানৱতাবাদী বিপ্লৱী আছিল। আনহাতে, তেওঁৰ নেতা হিচাপে, অৰ্থাৎ নেতৃত্ব দিয়াৰ নিপুণতা যে প্ৰশ্নৰ ঊৰ্ধত সেয়া প্ৰকাশিত হয় যোগদান কৰাৰ মাথোঁ কেইমাহমানৰ ভিতৰতে তেওঁ সেই বিদ্ৰোহী গোটৰ কমাণ্ডাৰ পদ লাভ কৰা ঘটনাই।

১৯৫৮ চনৰ ছেপ্টেম্বৰ মাহত চিয়েৰা মায়েষ্ট্ৰা পৰ্বতৰ পৰা পশ্চিম দিশলৈ চ্ছে গুৱেৱাৰা আৰু কেমিল’ চিয়েনফুয়েগ’জ’য়ে পৃথকে পৃথকে আগ বঢ়াই নিয়া গেৰিলা আক্ৰমণৰ ফলত বাটিষ্টাৰ সেনাবাহিনী যি পৰাজয়ৰ সন্মুখীন হৈ দুৰ্বল হৈ পৰিছিল, সেই গেৰিলা অভিযানত চ্ছে’ই নিজৰ সুনিপুণ নেতৃত্ব দিয়াৰ গুণ বাকী কমৰেডসকলৰ আগত দাঙি ধৰিছিল, কাৰণ সেই অভিযানত চ্ছে’ই একমাত্ৰ নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিছিল৷

১৯৫৮ চনৰ ১ জানুৱাৰী তাৰিখে বাটিষ্টাই দেশ এৰি পলাই যোৱাৰ পিছৰে পৰা চ্ছে’ক কিউবাৰ নতুন বৈপ্লৱিক আদৰ্শগত চৰকাৰখনৰ এজন গুৰুত্বপূৰ্ণ নেতা হিচাপে গণ্য কৰা হৈছিল। প্ৰথমে তেওঁ NATIONAL INSTITUTE OF AGRARIAN REFORM নামৰ চৰকাৰী উদ্যোগ বিভাগৰ অধীনৰ অনুষ্ঠানটোৰ মুখ্য বিষয়া হিচাপে, তাৰ পিছত নেশ্যনেল বেংকৰ সভাপতি হিচাপে দায়িত্ব পালন কৰিছিল। অৱশেষত ১৯৬১ চনৰ ফেব্ৰুৱাৰী মাহত উদ্যোগ খণ্ডৰ মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। ১৯৬৫ চনত “COMMUNIST PARTY OF CUBA” নাম লোৱা বিপ্লৱী সংগঠনটোৰ কেন্দ্ৰীয় নেতা হিচাপেও চ্ছে গুৱেৱাৰাই দায়িত্ব পালন কৰিছিল।

ওপৰত উল্লেখ কৰা চৰকাৰী তথা অন্য ৰাজনৈতিক দায়িত্বসমূহৰ উপৰিও গুৱেৱাৰাই কিউবাৰ বিপ্লৱী চৰকাৰখনক বিশ্বজুৰি প্ৰতিনিধিত্ব কৰিছিল। সেই দায়িত্ব পালন কৰিয়েই তেওঁ ১৯৬৪ চনত ৰাষ্ট্ৰসংঘৰ এছিয়া, আফ্ৰিকা, লেটিন আমেৰিকাৰ বিভিন্ন দেশৰ লগতে বিশ্বৰ সমাজবাদী ব্লকৰ দেশসমূহত আয়োজিত হোৱা বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সন্মিলনত তেওঁ নিজৰ বক্তৃতা প্ৰদান কৰিছিল। ইয়াৰ লগে লগে তেওঁ তৃতীয় বিশ্বৰ দেশসমূহক প্ৰতিনিধিত্ব কৰা এজন নিৰ্ভৰযোগ্য, দৃঢ়বদ্ধ মুখপাত্ৰ-নেতা হিচাপে সন্মান আৰু জনপ্ৰিয়তা অৰ্জন কৰিছিল। বিশেষকৈ উৰুগুৱে’ৰ “পুন্টা দেল এষ্টে’ত” অনুষ্ঠিত হোৱা “ORGANIZATION OF AMERICAN STATES (OAS)”ৰ কনফাৰেঞ্চত দিয়া ভাষণৰ পিছৰে পৰা তেওঁৰ জনপ্ৰিয়তা আকাশলংঘী হৈ পৰিছিল৷ উল্লেখনীয় যে সেই কনফাৰেঞ্চতেই তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি কেনেডিৰ এলায়েন্সক প্ৰগতিশীলতাৰ শত্ৰু বুলি অভিহিত কৰিছিল।

১৯৬৫ চনৰ এপ্ৰিল মাহত গুৱেৱাৰাই কিউবা ত্যাগ কৰি কংগোত সংগ্ৰাম চলাই থকা বিপ্লৱীসকলক সমৰ্থন আৰু সহায় কৰাৰ লগতে গেৰিলা বিদ্ৰোহ আগ বঢ়াই নিয়াৰ উদ্দেশ্যে কংগোলৈ যায়। সেই একে বছৰৰে ডিচেম্বৰ মাহত বলিভিয়াত যুঁজ দিবলৈ এক গেৰিলা শক্তি সাজু কৰাৰ উদ্দেশ্যে তেওঁ গোপনে কিউবালৈ উভতি আহে৷ ১৯৬৬ চনত বলিভিয়ালৈ যোৱাৰ পিছতে সম্পূৰ্ণ উদ্যমেৰে তাৰ একনায়কত্ববাদী চৰকাৰখনৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হয়, এই বৈপ্লৱিক সংগ্ৰামখন ইমানেই প্ৰভাৱশালী আছিল যে ইয়াৰ প্ৰভাৱ সমগ্ৰ লেটিন আমেৰিকাতেই বিয়পি পৰিছিল। অৱশেষত ১৯৬৭ চনৰ ৮ অক্টোবৰ তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বাৰা প্ৰশিক্ষণপ্ৰাপ্ত আৰু পৰিচালিত বলিভিয়ান প্ৰতি-বিদ্ৰোহী সেনাৰ হাতত চ্ছে ধৰা পৰে আৰু তাৰ পিছদিনাই সেই আমেৰিকা যুক্তৰাষ্ট্ৰ পালিত চৰকাৰৰ সেনাই এই মহান বিপ্লৱীজনাক হত্যা কৰাৰ লগতে তেওঁৰ মৃতদেহ পৰ্যন্ত লুকুৱাই দিয়ে।

অৱশেষত ১৯৯৭ চনত চ্ছে গুৱেৱাৰাৰ মৃতদেহৰ অৱশিষ্ট অংশ উদ্ধাৰ হয় আৰু সেয়া কিউবালৈ প্ৰেৰণ কৰা হয়। তেওঁৰ স্মৃতিত কিউবাৰ চান্তা-ক্লাৰাত এটা স্মৃতিসৌধ নিৰ্মাণ কৰা হয়, য’ত তেওঁৰ সেই সফল কিউবান বিদ্ৰোহৰ স্মৃতি বিজড়িত আছিল।

বৈপ্লৱিক মানৱতাবাদ, মাৰ্ক্সবাদ আৰু চ্ছে গুৱেৱাৰাৰ দৰ্শন

চ্ছেৰ সমাজবাদী দৰ্শনৰ আটাইতকৈ আকৰ্ষণীয় বিষয়বস্তু হল বৈপ্লৱিক মানৱতাবাদ৷ তেওঁৰ মতে সেইজন ব্যক্তিহে এজন প্ৰকৃত বিপ্লৱী হ’ব পাৰিব যি সমগ্ৰ মানৱজাতিৰ সমস্যাক নিজৰ সমস্যা বুলি গভীৰভাৱে অনুভৱ কৰিব পাৰে আৰু বিশ্বৰ যিকোনো এটা চুকত কোনো এজন মানুহৰ হত্যা হ’লে সেইটো সমগ্ৰ মানৱজাতিৰ বাবে চিন্তাৰ বিষয় হোৱা উচিত৷

বহু ৰাজনৈতিক সমালোচকে এটা কথা প্ৰায়েই স্বীকাৰ কৰে যে চ্ছেৰ জীৱন যদিও বহু বিচিত্ৰতাৰে ভৰা তথাপিও কিন্তু তেওঁ ওৰে জীৱন অকণো বিচ্যুত নোহোৱাকৈ মাৰ্ক্সবাদী আদৰ্শ অনুসৰণ কৰি গৈছিল৷ প্ৰসঙ্গক্ৰমে উল্লেখ কৰিব পাৰি যে ১৯৬০ চনত যেতিয়া চ্ছেক কিউবাৰ ৰাজনৈতিক আদৰ্শ সন্দৰ্ভত এক প্ৰশ্ন কৰা হৈছিল আৰু তাৰ প্ৰত্যুত্তৰত তেওঁ কৈছিল যে, “আমাৰ ৰাজনৈতিক আদৰ্শ সম্পূৰ্ণৰূপে সমাজবাদী আৰু মাৰ্ক্সে দেখুৱাই দিয়া পথেৰেই আমি আমাৰ বিপ্লৱ আগুৱাই লৈ গৈছো৷ ”

উল্লেখযোগ্য যে মাৰ্ক্সবাদ হ’ল পুঁজিবাদৰ সম্পূৰ্ণ বিপৰীত মেৰুত অৱস্থান কৰা এক ধাৰণা৷ পুঁজিবাদত সম্পত্তি আৰু সম্পদৰ ব্যক্তিগতকৰণত, লাভ বা মুনাফাকেন্দ্ৰিক মুক্ত আৰু প্ৰতিযোগিতামূলক অৰ্থনীতিক সাৰপানী যোগোৱা হয়৷ আনহাতে মাৰ্ক্সবাদে সম্পদ-সম্পত্তিৰ ৰাজহুৱা অধিকাৰ আৰু সম্পদৰ উৎপাদন, বিনিময় তথা বিতৰণৰ ক্ষেত্ৰত ‘’সমূহ’’ৰ (Community) ওপৰত বেছিকৈ গুৰুত্ব আৰোপ কৰে৷ সেয়ে আমি যদি চ্ছে গুৱেৱাৰাৰ ৰাজনৈতিক আদৰ্শক বিশ্লেষণ কৰি চাওঁ তেন্তে দেখিম যে মাৰ্ক্সৰ যি সম্পদ-সম্পত্তিৰ ৰাজহুৱা স্বত্বৰ ধাৰণা তাৰ লগত চ্ছে’ৰ মানৱতাবাদী সমাজবাদ সেয়া একে শাৰীতেই পৰে৷ সাধাৰণ ভাষাত ক’বলৈ গ’লে চ্ছে’ৰ দৃষ্টিত ব্যক্তি-বিশেষ বা একক ব্যক্তিসত্তা বৰ্তি থকাৰ প্ৰয়াসতকৈ “আমি সকলো একেলগে আছো আৰু একেলগে বৰ্তি থাকিম” ধাৰণাটোকহে বেছিকৈ গুৰুত্ব দিয়া উচিত৷

লিজেণ্ডৰ লিগেচি

আগতে উল্লেখ কৰা হৈছেই যে চ্ছেৰ যি ৰাজনৈতিক-সমাজনৈতিক আদৰ্শ সেয়া সমগ্ৰ জীৱনজুৰি একেই দৃঢ়তা আৰু স্পষ্ট দৰ্শনৰ সৈতে একেই ৰাখিছিল৷ তাৰ প্ৰেৰণাতেই তেওঁ কিউবাত কাষ্ট্ৰোৰ যি চৰকাৰ গঠন হৈছিল তাত লাভ কৰা সন্মানীয় পদবী ত্যাগ কৰি তেওঁ আফ্ৰিকা আৰু দক্ষিণ আমেৰিকাত সমাজবাদৰ প্ৰতিষ্ঠা আৰু প্ৰচাৰৰ বাবে নিজৰ সংগ্ৰাম আৰম্ভ কৰিছিল৷ কিন্তু দুখজনকভাৱে তেওঁৰ এই সংগ্ৰামক ৰুধিবলৈকে CIAয়ে ষড়যন্ত্ৰ কৰি তেওঁক হত্যা কৰে৷ কিন্তু চ্ছে’ৰ যি আদৰ্শ সেয়া কোনেও কেতিয়াও হত্যা কৰিব নোৱাৰে৷ 

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *