অনুবাদকবিতা

বৰ্ণমালা (মূল:মঙ্গলেশ ডবৰাল, অনুবাদ: মুনমুন সৰকাৰ)

যিকোনো এটা ভাষাত অ আখৰটো লিখিব খোজোঁ
অ ৰে অমৰা, অ ৰে অমিতা
কিন্তু দৰাচলতে অ ৰে অনৈতিক আৰু অ ৰে অত্যাচাৰ লিখোঁ
চেষ্টা কৰোঁ সদায় যাতে ক ৰে কলম অথবা কৰুণা লিখোঁ
কিন্তু মই লিখি থওঁ ক ৰে ক্ৰুৰতা আৰু কুটিলতা
এতিয়ালৈকে খ ৰে খৰগোছ লিখিছিলোঁ
কিন্তু সেই খ আখৰটোৱেই এতিয়া খদমদমাই থাকে বিপদৰ ঘণ্টা হৈ।
মই ভাবিবলৈ লৈছিলোঁ ফ আখৰেৰে কেৱল ফুল শব্দটোহে লিখিব পাৰি
বহুত বহুত ফুল
ঘৰৰ বাহিৰত, ঘৰৰ ভিতৰত
মানুহৰ কোমল অন্তৰত
কিন্তু মই দেখিলোঁ গোটেইখিনি ফুলে বাট লৈছে কোনোবা নিৰ্দয়ী, নিষ্ঠুৰ এজনৰ ডিঙিৰ মালা হৈ সুশোভিত হ’বলৈ
কোনোবাই মোৰ হাতত ধৰি পকাই কয় ভ ৰে ভয় বুলি লিখা, সৰ্বত্ৰ বিদ্যমান যি
দ হ’ল দমন আৰু প হ’ল পতনৰ কাৰক
আততায়ীয়ে কাঢ়ি লয় সম্পূৰ্ণ বৰ্ণমালা
ভাষাৰ হিংসাক তেওঁলোকে সামাজিক হিংসাৰ কাৰক বনাই পেলায়
হ আখৰটো হত্যাৰ বাবে সুনিশ্চিত কৰা হৈছে
আমি যিমানেই হ ৰে হাল, হ ৰে হৰিণা নিলিখোঁ লাগিলে
তেওঁলোকে হ ৰে হত্যা লিখে সদায়।

Leave a Reply

Your email address will not be published. Required fields are marked *