ক -(মূল- ফেইজ আহমেদ ফেইজ; অনুবাদ: সীমান্ত কোঁৱৰ)
অনুবাদকৰ টোকা: ১৯১১ চনত অবিভক্ত ভাৰতৰ শিয়ালকোটত(বৰ্তমানৰ পাকিস্হানত) জন্ম ফেইজ আহমেদ ফেইজক কেৱল এখন দেশৰ মাজত সীমাবদ্ধ কৰি ৰখা অসম্ভৱ।প্ৰেম আৰু প্ৰতিবাদক বিষয়বস্তু কৰি উৰ্দুত লিখা তেখেতৰ ছন্দোময় ’লজম’ আৰু কবিতাই দীৰ্ঘদিন ধৰি বিশ্বৰ অজস্ৰ পঢ়ুৱৈক মোহিত আৰু প্ৰেৰিত কৰি আহিছে। সময় আৰু সীমাৰ প্ৰান্তীয় ধাৰণাক আওকাণ কৰি তেখেতৰ লেখাই এতিয়াও যিদৰে বিৰহী প্ৰেমিক-প্ৰেমিকাক শান্তনা দিয়ে, একেদৰে অহংকাৰী, স্বৈৰতান্ত্ৰিক শাসকৰ বিৰূদ্ধে আঙুলি টোঁৱাই বিদ্ৰোহ কৰিবলৈয়ো শক্তি দিয়ে। তেখেতৰ কবিতাই এতিয়াও কয় চিৰ জ্যোতিস্মান সেই কথা’ প্ৰেমৰ দুখৰ বাহিৰেও এই পৃথিৱীত যে আৰু অনেক দুখ’ বা ’ আমিও চাই ল’ম’ ৰ দৰে বজ্ৰবাণী।ফেইজৰ কবিতা অনুবাদ কৰিবলৈ অসুবিধা, কাৰণ এটা এটা উৰ্দু শব্দৰ আঁৰত তেখেতে একোখনকৈ বিশাল জগত লুকুৱাই থৈ গৈছে যাৰ অসমীয়া প্ৰতিশব্দ বিচাৰি পোৱা প্ৰায় অসম্ভৱ। ইংৰাজীৰ পৰা কৰোঁতেও মনত এটা অসন্তুষ্টি ৰৈ যায় যেন কবিয়ে প্ৰকৃততে ক’ব খোজাখিনিক অন্যায় কৰা হৈছে।মই মাত্ৰ যিমান পাৰোঁ ওচৰ চাপিবলৈ চেষ্টা কৰিছো, মূল ভাৱৰ লগতে ছন্দৰো।কাৰণ ছন্দ নোহোৱাকে এই কবিতাবোৰ আচল সোৱাদৰ পৰা বহু নিলগত।
ক
——-
(মূল উৰ্দু কবিতা “বৌল“)
ক, অধৰ এতিয়াও স্বাধীন তোৰ,
ক, ললাট এতিয়াও নিজৰে তোৰ।
ৰাজহাড় এতিয়াও সবল তোৰ,
ক, জীৱন এতিয়াও জীৱিত তোৰ।
চা, কমাৰশালৰ সৌ তপ্ত লোহা
যেন হেংদাং হোৱাৰ আগৰ এটুকুৰা জলন্ত লাভা
বহু শতিকাৰ মামৰে বন্ধ তলা
খুলিছে আজি চিঙি শিকলিৰ মালা
ক, এতিয়াও বহু পল হাতত তোৰ
এতিয়া সময় নহয় মৌন হোৱাৰ
ক, কাৰণ সত্য এতিয়াও বহমান
ক, যি মন যায়, এতিয়া সময় কোৱাৰ।