কেন্দ্ৰীয় নিবন্ধনিবন্ধ

বিষ্ণুৰাভা— সংগ্ৰামী সত্তাৰ অন্য এক নাম ।। ভবেশ নাথ

যুগে যুগে এই পৃথিৱীত এনে কিছুমান মহান ব্যক্তিৰ জন্ম হৈ আহিছে যিসকলৰ কৰ্ম, চিন্তা আৰু চেতনাই মানুহক এতিয়াও প্ৰভাৱিত কৰে‌। আমাৰ অসম মুলুকতো ঠিক তেনেকুৱা এজন ব্যক্তিৰেই জন্ম হৈছিল আজিৰ পৰা প্ৰায় এশ বছৰ পূৰ্বে বিংশ শতিকাৰ প্ৰথম দশকটোত। আজি যিজন ব্যক্তিৰ বিষয়ে আমি আলোচনা কৰিব বিচাৰিছোঁ সেই একেজন ব্যক্তিৰেই জীৱিত অৱস্থাত চৰকাৰে এটা সময়ত মূৰৰ দাম ঘোষণা কৰিছিল দহ হাজাৰ টকা। অৰ্থাৎ তেওঁক যিয়েই ধৰি দিব পাৰিব, তেওঁক পুৰস্কাৰ হিচাপে আগবঢ়োৱা হ’ব দহ হাজাৰ টকা। জীৱন কালত দেশদ্ৰোহী হিচাপে ঘোষিত হোৱা এইজনেই সেইজন মানুহ যিজনে শুই থকা মাতৃহীনা দুটি সন্তানক শোৱাপাটিতে এৰি কঁকালত ৰছী লগাই যাব লগা হৈছিল জেইললৈ। জীৱনৰ প্ৰায় চাৰিটা বছৰ লোক-চক্ষুৰ পৰা আঁতৰত থাকি কটাবলগীয়া হৈছিল অজ্ঞাতবাসৰ দৰে চুড়ান্ত কষ্টকৰ  এক জীৱন। ইমানৰ পিছতো কিন্তু পিতৃ-প্ৰদত্ত প্ৰায় দুহেজাৰ বিঘা মাটি এইজন ব্যক্তিয়েই দান কৰি থৈ গৈছিল ৰাইজৰ নামত।

আজি কিন্তু এইজন ব্যক্তি সমগ্র অসমতে বন্দিত। মৃত্যুৰ পিছত এইজন ব্যক্তিৰ প্ৰতিমূৰ্তিত ফুলৰ মালা পিন্ধাই অসমৰ ৰাইজে এতিয়া পালন কৰে মৃত্যু দিৱস। অকল এয়াইনে, অসমৰ মানুহে এইজন ব্যক্তিৰ জীৱনজোৰা সামাজিক-সাংস্কৃতিক-বৌদ্ধিক ক্ষেত্ৰখনত আগ বঢ়োৱা অৱদানৰ বাবে ইতিমধ্যেই  মহান এক উপাধিৰে বিভূষিতও কৰি থৈছে মৃত্যুৰ পিছতেই। আপোনালোকে এই মুহূৰ্তত হয়তো অনুমান কৰিব পাৰিছে কোনজন ব্যক্তিৰ কথা আমি আলোচনা কৰিব খুজিছোঁ। হয়, আমি আলোচনা কৰিব খুজিছোঁ শংকৰদেৱ-মাধৱদেৱ, লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা আদি মহান ব্যক্তিসকলৰ পিছতেই অসমৰ সামাজিক-সাংস্কৃতিক জীৱনক বিশেষভাৱে  আলোড়িত কৰা শিল্পী, সাহিত্যিক, বিপ্লৱী, গায়ক, নাট্যকাৰ, খেলুৱৈ বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে। যিজন বিষ্ণুৰাভাই সাহিত্য, সংস্কৃতিক কেৱল মাথো মনোৰঞ্জনৰ আহিলা হিচাপে অভিহিত নকৰি তাৰ সৈতে মানুহৰ শোষণ-নিপীড়নৰ যি সম্পৰ্ক আৰু সেই সম্পৰ্কৰ পটভূমিৰ মূল যে আৰ্থ-সামাজিক ব্যৱস্থাৰ পৰা উদ্ভুত ৰাজনীতি, সেই কথা তেওঁৰ প্ৰতিটো কৰ্ম আৰু চিন্তাৰ মাজেৰে বস্তুনিষ্ঠভাৱে বিশ্লেষণ আগ বঢ়াই থৈ গৈছে।

বিষ্ণু ৰাভা মানুহজন

ঊনবিংশ শতিকাৰ প্ৰথম দশকৰ ঢাকা চহৰ। বংগৰ গৱৰ্ণৰৰ এডিকং চৰ্দাৰ গোপাল চন্দ্ৰ ৰাভা এই চহৰৰে ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰাইফলছৰ আৱাসী এলেকা পিলখানাৰ বাসিন্দা। বৃটিছ চৰকাৰৰ এজন অতি দক্ষ বিষয়া, অৰ্ডাৰ অব্ দ্যা বৃটিছ এম্পায়াৰ সন্মানেৰে সন্মানিত‌। গোপাল ৰাভাৰ পত্নী আছিল গেঠী ৰাভা‌। তেওঁ লোকৰেই পুত্ৰ আছিল আজিৰ আলোচিত এই নিৰ্দিষ্ট ব্যক্তিজন, অৰ্থাৎ বিষ্ণু প্ৰসাদ ৰাভা। তেওঁৰ জন্ম হৈছিল ১৯০৯ চনৰ ৩১ জানুৱাৰী তাৰিখে। বিষ্ণু প্ৰসাদ ৰাভা আছিল গোপাল ৰাভাৰ আৰু গেঠী ৰাভা‌ৰ অষ্টমগৰাকী সন্তান।

ৰাভাদেৱৰ পৰৱৰ্তী সময়ৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ যি বিশাল প্ৰতিভা অসমৰ ৰাইজে দেখিবলৈ পালে, তাৰ বীজ অংকুৰিত হৈছিল তেওঁৰ পৰিয়ালতেই। তেওঁৰ পিতৃ গোপাল ৰাভা নিজে আছিল এগৰাকী সংগীত অনুৰাগী। সংগীতময় এক পৰিৱেশৰ মাজতেই বিষ্ণু ৰাভা ডাঙৰ দীঘল হৈছিল। পাঁচ বছৰ বয়সত বিষ্ণু ৰাভাক আনুষ্ঠানিক শিক্ষাৰ বাবে বিদ্যালয়ত নামভৰ্ত্তি কৰাই দিছিল আৰু তাৰ লগে লগে সংগীত শিক্ষাৰো ব্যৱস্থা কৰি দিয়া হৈছিল। শিক্ষক হিচাপে নিয়োগ কৰা হৈছিল সেই সময়ৰ বংগৰ বিখ্যাত সংগীতজ্ঞসকল—ওস্তাদ মোতী মিঞা, কালাচাঁদ, গহৰজান বিবি আদিক। স্কুলীয়া শিক্ষা বিষ্ণুপ্ৰসাদ ৰাভাৰ ঢাকাতেই আৰম্ভ হৈছিল যদিও পিতৃৰ মৃত্যুৰ পিছত মাতৃ গেঠী ৰাভাৰ সৈতে পৰিয়ালটো তেজপুৰলৈ উভতি আহে। পিতৃ গোপাল ৰাভাই ঢাকাত থকা সময়তে তেজপুৰতো এটি সুবিশাল ঘৰ সজাইছিল। আকস্মিকভাৱে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ পিতৃ গোপাল ৰাভাৰ মৃত্যু হোৱাত তেওঁলোকে ঢাকা এৰি  তেজপুৰৰ এই বিশাল ঘৰটোতে নিগাজিকৈ থাকিবলৈ লয়।

ৰাভাদাৱে ঢাকাত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ সময়ত বাংলা ভাষাতেই শিক্ষা গ্ৰহণ কৰিছিল। তেজপুৰলৈ অহাৰ পিছত তেওঁ তেজপুৰ চৰকাৰী হাইস্কুলত চতুৰ্থ শ্ৰেণীত নামভৰ্ত্তি কৰে। বাংলাভাষাৰ পৰা অসমীয়া ভাষালৈ শিক্ষাৰ মাধ্যম সলনি কৰিব লগা হেতু প্ৰথম বছৰৰ পৰীক্ষাত তেওঁ অকৃতকাৰ্য হয় যদিও পিছৰ বছৰত উত্তীৰ্ণ হয়। পৰৱৰ্তী পঞ্চম, ষষ্ঠ,সপ্তম আৰু অষ্টম শ্ৰেণীৰ পৰীক্ষাসমূহতো তেওঁ সুখ্যাতিৰে উত্তীৰ্ণ হৈ এই বিদ্যালয়ৰ পৰাই ১৯২৬ চনত দৰং জিলাৰ ভিতৰত প্ৰথম হৈ প্ৰথম বিভাগত প্ৰৱেশিকা পৰীক্ষাত কৃতকাৰ্যতা লাভ কৰে। ইয়াত পঢ়ি থকা সময়তেই ৰাভাদেৱে খেলা-ধূলা, গান-বাজনা, ছবি অঁকা, নাটক কৰা  আদি দিশত পাৰদৰ্শিতা দেখুৱাবলৈ আৰম্ভ কৰে। বিদ্যালয়ৰ সভাবোৰত তেওঁ নিজে লিখি সুৰ দি গীত গাইছিল। বাঁহী গগনা, চেতাৰ, খোল তবলা আদি বাদ্যযন্ত্ৰবোৰত তেওঁৰ হাতৰ পৰশে প্ৰাণ পাই উঠিছিল। তেজপুৰৰ আশে-পাশে থকা বিভিন্ন ধ্বংসাৱশেষ, প্ৰাচীন মঠ-মন্দিৰ, কীৰ্তিচিহ্নবোৰত খোদিত বিভিন্ন ভংগীৰ নৃত্যৰত মূৰ্তিবোৰ চাই আকৰ্ষিত হৈ আয়ত্ব কৰিছিল ভাৰতীয় নৃত্যকলাৰ মুদ্ৰাসমূহ।

পৰৱৰ্তী সময়ত ৰাভাদেৱে উচ্চ শিক্ষাৰ বাবে কলিকতালৈ ৰাওনা হয়। কলিকতাৰ ছেণ্টপলছ্ কলেজত আই এছ চি শ্ৰেণীত তেওঁ নামভৰ্ত্তি কৰে। ইয়াত থকা কালছোৱাতো তেওঁ সংগীত, কলা, নাটক, খেল-ধেমালিৰ চৰ্চা অব্যাহত ৰাখে। কলেজৰ ক্ৰিকেট বিভাগৰ সম্পাদক হিচাপে ৰাভা নিৰ্বাচিত হয়। চেণ্টপলছ্ কলেজৰ ফুটবল দলৰো তেওঁ আছিল কেপ্তেইন।

ছেণ্টপলছ্ কলেজৰ পৰাই ৰাভাই প্ৰথম বিভাগত আই এছ চি পৰীক্ষাত উত্তীৰ্ণ হয়। সেইখিনি সময় আছিল ভাৰতীয় স্বাধীনতা আন্দোলনৰ উত্তাল সময়। কলেজ কৰ্তৃপক্ষই ৰাভাদেৱে স্বাধীনতা সংগ্ৰামী সকলক সহায় কৰাৰ অপৰাধত এই কলেজৰ পৰা তেওঁক বহিষ্কাৰ কৰে। ইয়াৰ পিছত তেওঁ ১৯২৮ চনত কলকাতাৰ ৰিপন কলেজত পদাৰ্থ-বিজ্ঞান বিষয়ত অনাৰ্চ লৈ বি.এছ.চি শ্ৰেণীত নামভৰ্ত্তি কৰে। ৰিপন কলেজতো ৰাভাই ফুটবল বিভাগৰ সম্পাদক নিৰ্বাচিত হয়। বি এচ চি দ্বিতীয় বৰ্ষত এই কলেজৰ ছাত্র একতা সভাৰো  তেওঁ সম্পাদক নিৰ্বাচিত হয়। পঢ়া-শুনাৰ লগতে ইয়াতো তেওঁ সংগীত, নৃত্য, খেলা-ধুলাৰ চৰ্চা অব্যাহত ৰাখে। ১৯২৮ চনত ৰিপণ কলেজৰ ছাত্ৰ হৈ থকা সময়তে ৰাভাই ৰাছিয়াৰ বিখ্যাত বেলে নৰ্তকী আনা পাভলোভাৰ নৃত্য দেখি অনুপ্ৰাণিত হৈছিল আৰু তেওঁ দিয়া উপদেশৰ দ্বাৰা প্ৰভাৱিত হৈছিল। ১৯৩০ চনত ৰাভাদেৱে বি.এছ.চি-ৰ বাছনী পৰীক্ষাত কলেজৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছিল যদিও ইয়াৰ কেইদিনমান পিছতেই তেওঁ ৰিপণ কলেজ এৰিবলৈ বাধ্য হৈছিল। কিয়নো ইতিমধ্যে স্বাধীনতা আন্দোলনে সমগ্ৰ কলিকতা জুৰি এক নতুন জোৱাৰ তুলিবলৈ আৰম্ভ কৰিছিল। ৰাভাদেৱো এই আন্দোলনত অংশগ্ৰহণ কৰিছিল। পৰিণতিত বৃটিছৰ শেনচকু নিবদ্ধ হৈছিল ৰাভাৰ ওপৰতো। এদিন হঠাতেই বৃটিছ সেনাই ৰাভাৰ হোষ্টেলত তালাচী চলায়, সেই সময়ত ৰাভা আছিল কলেজৰ সাধাৰণ সম্পাদক। ৰাভাৰ ওপৰত হোৱা নিৰৱচ্ছিন্ন তদন্তত অতিষ্ঠ হৈ ৰাভাদেৱে অৱশেষত ৰিপণ কলেজো ত্যাগ কৰিবলৈ বাধ্য হয়।

ইয়াৰ পিছত তেওঁ নামভৰ্ত্তি কৰে কোচবিহাৰৰ ভিক্টোৰিয়া কলেজত। ভিক্টোৰিয়া কলেজৰ ফুটবল টীমৰ সদস্য হিচাপে তেওঁ সেই সময়ত ভাৰতৰ বিভিন্ন ঠাইত খেলিবলৈ গৈছিল। ইয়াত থকা সময়তেই নিজ হাতে তেওঁ সৰস্বতীৰ প্ৰতিমূৰ্তি তৈয়াৰ কৰি সকলোৰে প্ৰশংসা পাবলৈ সক্ষম হৈছিল। পূজা উপলক্ষে আয়োজিত থিয়েটাৰত মহৰৎ খাঁৰ ভাওঁ লৈ সকলোকে মোহিত কৰিছিল। ইয়াত থকা সময়তেই সংঘটিত হৈছিল এক সাংঘাতিক ঘটনা। সেই সময়ত কোচবিহাৰ শাসন কৰিছিল বৃটিছৰ অধীনত এজন দেশীয় ৰজাই। সেই সময়ৰ নিয়ম অনুসৰি কোনো বৃটিছ বিষয়া পথেৰে পাৰ হৈ গ’লে তেওঁৰ প্ৰতি সন্মান জনাই পথত থকা অন্য ব্যক্তিসকলে মূৰ দোৱাই সন্মান জনাব লাগে। ৰাভাদেৱে নিজ চকুৰে এইবোৰ ঘটনা লক্ষ্য কৰিছিল। ইতিমধ্যে মহাত্মা গান্ধীৰ নেতৃত্বত স্বাধীনতা আন্দোলন ক্ৰমান্বয়ে তীব্ৰৰ পৰা তীব্ৰতৰ হৈ পৰিছিল। ৰাভাদেৱে এই সুযোগতে এই কথাৰ প্ৰতিবাদ স্বৰূপে এদিন ৰাতিপুৱা সমনীয়াৰ সৈতে খোজকাঢ়ি থকা সময়ত তেওঁলোকৰ কাষেৰে পাৰ হৈ যোৱা বৃটিছ বিষয়া জেনেৰেল ৰিজেণ্ট হাচিন্সন আৰু দেৱান নলিনী ৰঞ্জন খাস্তগীৰক ৰাজপথৰ অন্য লোকসকলে মূৰ দোৱাই সেৱা জনালে যদিও তেওঁলোকে নজনালে। ৰাভা আৰু আন লগৰীয়াসকলৰ এই আচৰণত ক্ষুব্ধ হৈ তেওঁলোকক দেশদ্ৰোহী আখ্যা দি আত্মসমৰ্পণ কৰিবলৈ বৃটিছ কৰ্তৃপক্ষই নিৰ্দেশ দিলে। আত্মসমৰ্পণ নকৰি ইয়াৰ বিপৰীতে ৰাভাদেৱে  কোচবিহাৰত থকা বৃটিছ ৰিজেণ্ট হাচিন্সন চাহাব আৰু কোচবিহাৰৰ জমিদাৰৰ দেৱান নলিনীৰঞ্জন খস্তগীৰৰ বঙলালৈ গৈ তাত উত্তোলিত বৃটিছৰ ইউনিয়ন জেকখন নমাই তাৰ ঠাইত কংগ্ৰেছৰ জাতীয় পতাকাখন উত্তোলন কৰি থৈ আহে। ইমানতেই ক্ষান্ত নাথাকি দুয়োগৰাকী বিষয়াৰ দেৱালত এখন বগা কাগজত এটা ক’লা আৰু বগা ৰঙৰ পঠা ছাগলীৰ ছবি আঁকি তাৰ লগত তলৰ কথাখিনি লিখি দেৱালত আঁৰি থৈ আহিল—

“ৰাজ্যে আছে দুইটি পাঠা
একটি কালো একটি সাদা
ৰাজ্যেৰ যদি মংগল চাও
দুইটি পাঠাই বলি দাও”

এই ঘটনাৰ পাছতেই ৰাভা আৰু তেওঁৰ লগৰীয়াসকলক বৃটিছ প্ৰশাসনে ২৪ ঘণ্টাৰ ভিতৰত কোচবিহাৰ এৰিবলৈ নিৰ্দেশ দিলে।

কোচবিহাৰ এৰাৰ পিছত তেওঁ পূৰ্ববংগৰ মাইকেল কলেজত নামভৰ্ত্তি কৰে। এই কলেজত তেওঁ ক্ৰিকেট বিভাগৰ সম্পাদক নিৰ্বাচিত হয়। ইয়াতো তেওঁ এই কলেজৰ ওপৰত উৰি থকা বৃটিছৰ পতাকা নমাই ভাৰতীয় ত্ৰিৰংগা পতাকা উৰুৱাই দিয়াত ৰাভা আৰু তেওঁৰ সংগীসকলৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পাৰোৱানা জাৰি কৰা হয়। ইয়াৰ পিছত তেওঁ মাইকেল কলেজো এৰিবলৈ বাধ্য হয়। আনহাতে ডিগ্ৰীৰ ফাইনেল পৰীক্ষালৈ কিছুদিন থকা অৱস্থাতে ভাতৃ ৰঞ্জিতৰ টান নৰিয়াৰ খবৰ পাই তেওঁ তেজপুৰলৈ আহে। ভায়েকৰ ইতিমধ্যে মৃত্যু হৈছিল, মাক গেঠী ৰাভাও সেই সময়ত ৰোগশয্যাত। কেইদিনমান পিছত মাতৃৰো মৃত্যু হোৱাত বিষ্ণুৰাভাই পুনৰাই আৰু ফাইনেল পৰীক্ষা দিবলৈ নগল। ১৯৩১ চনত বিষ্ণুৰাভাৰ ছাত্র জীৱনৰ অন্ত পৰে। উল্লেখযোগ্য যে কলেজীয়া জীৱনৰ অন্ত পৰাৰ পিছতো তেওঁ কেইদিনমানৰ বাবে কলিকতাত থাকে। সেই সময়ত মাধৱ চন্দ্ৰ বেজবৰুৱা সম্পাদিত ‘বাঁহী’ আলোচনী প্ৰকাশ হৈ আছিল। বাঁহী আলোচনীৰ নতুনকৈ ‘চিত্ৰলেখা’ শিতানটি পৰিচালনা কৰাৰ বাবে দায়িত্ব পায় ৰাভাদেৱে। কলিকতাত থকা সময়তে অন্যান্য সাংস্কৃতিক কামতো ৰাভা জড়িত হৈ পৰে। কলকাতাত থকা সময়তে ৰাভাৰ ককায়েক নন্দলাল ৰাভাই তেওঁৰ দেউতাকৰ বন্ধু কৰ্ণেল ডি স্মিথৰ জৰিয়তে ৰাভাদেৱক ডি এছ পি পদ যাচে আৰু ৰাভাৰ ইণ্টালভিউ লয়। ইণ্টাৰভিউত ৰাভা প্ৰথম হয় যদিও  পৰৱৰ্তী সময়ত বৃটিছৰ গোলাম হৈ থাকিবলগা এই উচ্চ পদস্থ বিষয়াৰ পদত চাকৰি কৰাৰ মানসিকতা ত্যাগ কৰে।

ইয়াৰ পৰৱৰ্তী সময়ৰ বিষ্ণুৰাভাজনৰ জীৱন যাত্ৰা বৈচিত্র্যৰে ভৰপুৰ। অসমৰ ই ঠাইৰ পৰা সিঠাইলৈ তেওঁ কেৱল ঘূৰিছিল, আহৰণ কৰিছিল অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মেটমৰা সাংস্কৃতিক উপাদান। বৰগীতৰ অনুশীলনৰ বাবে তেওঁ যদি কেতিয়াবা কোনোবা সত্ৰত ৰাতি থাকিছিল, চিফুঙত সুৰ সৃষ্টি কৰিবলৈ তেওঁ বাছি লৈছিল বড়ো সমাজৰ কোনোবাখন গাঁও। একেদৰেই জনজাতীয় কোনো সম্প্ৰদায়ৰ নৃত্যৰ মুদ্ৰা শিকিবলৈ কেতিয়াবা যদি তেওঁ কাৰ্বি সমাজত কেতিয়াবা আকৌ ডিমাছা সমাজত মাহৰ পিছত মাহ কটাইছিল। অসমৰ মঠ-মন্দিৰ, ভাস্কৰ্য, শিলালিপি, নদ-নদী, ভৌগোলিক অৱয়ব, সমাজ-সংস্কৃতি, ৰাজনীতি, অৰ্থনীতি—এনে এটা বিষয় নাই য’ত ৰাভাদেৱে নিজৰ প্ৰতিভাৰ চানেকি দি যোৱা নাই। ১৯৩০ চনতেই তেওঁ ‘বৰ অসমৰ পৰিকল্পনা’ শীৰ্ষক প্ৰবন্ধ এটি লিখিছিল, য’ত তেওঁ প্ৰতিফলিত কৰিছিল অসমৰ সাংস্কৃতিক ঐতিহ্য। অকল এয়াই নহয় অসমীয়া কৃষ্টি, চিফুং বাঁহীৰ সুৰ, জনজাতীয় সংস্কৃতিত শিৱ, চিখলা ৰাজ্য, সুৰৰ দেউল, ভ্ৰাম্যমাণ জীৱন, বৰগীত আৰু শ্রীশংকৰদেৱৰ গীত, বড়ো সমাজ ইত্যাদি তেওঁৰ লেখাবোৰত অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ সাহিত্য,সংস্কৃতি, লোকগাথা, সমাজ জীৱনৰ বিভিন্ন দিশ প্ৰতিফলিত হৈছে।

উল্লেখযোগ্য যে বিষ্ণুপ্ৰসাদ ৰাভা আৰু জ্যোতিপ্ৰসাদ আগৰৱালা, অসমৰ সমাজ জীৱনৰ দুজন মহান কাণ্ডাৰীৰ জন্ম একেটা দশকতে। জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুৰাভাতকৈ ছবছৰ ডাঙৰ আছিল। কিন্তু দুয়োজনৰ সংযোগে অসমীয়া সংস্কৃতিৰ বৰপথাৰখনেই সলনি কৰি দিলে।  ১৯৩৩ চনত জ্যোতিপ্ৰসাদ আগৰৱালাই বিষ্ণুৰাভাক ‘জয়মতী’ কথাছবিখনৰ নৃত্য-গীত আৰু প্ৰথম দৃশ্য দুটাৰ চিত্ৰনাট্য প্ৰস্তুত কৰাৰ দায়িত্ব দিয়ে। তেজপুৰৰ বাণ ৰংগমঞ্চত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘কাৰেঙৰ লিগিৰী’ নাটখন প্ৰথমবাৰ মঞ্চস্থ কৰাৰ সময়তো সংগীত পৰিচালনা আৰু সুদৰ্শনৰ চৰিত্ৰত অভিনয় কৰাৰ দায়িত্ব দিয়া হৈছিল বিষ্ণুৰাভাদেৱক। ১৯৩৫ চনত জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ যৌথ নেতৃত্বত তেজপুৰত অসম সাহিত্য সভাৰ লগতে অসম সংগীত সন্মিলন অনুষ্ঠিত হয়। ১৯৩৬ চনত ৰাভা আৰু জ্যোতিপ্ৰসাদৰ উদ্যোগতেই কলিকতাৰ চেনোলা কোম্পানীৰ ষ্টুডিঅ’ত শোণিত কুঁৱৰী, জয়মতী আদি নাটকৰ ৰেকৰ্ডিং কাৰ্য্য সমাপন হয়।  সেই সময়তেই বিষ্ণুৰাভাই বেউলা, বিহুৱতী আদি নাটক নিজে ৰচি পৰিচালনা কৰি সেইবোৰৰ ৰেকৰ্ডিং কৰাইছিল। এইবোৰত সেই সময়ত সহযোগ কৰা শিল্পীসকল আছিল সাধনা বৰুৱা, মমতা মেছ, প্ৰিয়বালা, গিৰিবালা আদি।

সাংস্কৃতিক কৰ্মত ব্যস্ত থাকোতেই কলিকতাতেই ৰাভাদেৱে প্ৰথমবাৰৰ বাবে লগ পায় ডিব্ৰুগড়ৰ গায়িকা প্ৰিয়বালা দত্তক। ১৯৩৬ চনত তেওঁ প্ৰিয়বালাৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলে যদিও এই সংসাৰ বেছিদিন স্থায়ী নহল। বিয়াৰ মাত্ৰ ২৮ দিন পিছতেই সন্নিপাত জ্বৰত আক্ৰান্ত হৈ প্ৰিয়বালা দত্তৰ মৃত্যু হয়। প্ৰথমা পত্নীৰ অকাল বিয়োগত ৰাভা শোকত ম্ৰিয়মান হৈ পৰে। সেই “সময়তেই তেওঁ লিখিলে—

কিবা যেন নাই আজি নাই
আছে হুমুনিয়াহ হতাশ হিয়াৰ
কৰুণ বিননি হায় হায়…..”

প্ৰিয়বালাৰ মৃত্যুৰ পিছত ৰাভাদেৱে তেজপুৰতে থাকিবলৈ লয়। এইখিনি সময়ত তেওঁ সাংস্কৃতিক কৰ্মী হিচাপে অসমৰ গাঁৱে-ভূঞে পৰিভ্ৰমণ কৰে। ইতিমধ্যে ১৯৪০ চনত ‘প্ৰাচীন কামৰূপী নৃত্য সংঘ’ৰ অসম পৰিভ্ৰমণ কাৰ্য্যসূচী লৈ শ্বিলঙত তেওঁ নৃত্য প্ৰদৰ্শন কৰে। অসমৰ সত্ৰীয়া নৃত্য-গীত বিজ্ঞ সমাজৰ ওচৰত চিনাকি কৰাই দিয়াই আছিল ইয়াৰ উদ্দেশ্য। এই নৃত্য চাই অভিভূত হৈ তেতিয়াৰ অসমৰ ডিপিআই জি এ স্মলে ৰাভাদেৱক কৈছিল, “তোমাক মই ভাষাৰে ওলগ আৰু শলাগণি জনাব নোৱাৰোঁ, সেইবোৰ হিয়া উদঙাই দিছোঁ। তুমি আমেৰিকালৈ যোৱা, মই খৰচ দিম। তোমাৰ যি গুণ আছে তাৰে তুমি তাত হাজাৰ হাজাৰ ডলাৰ আৰ্জিব পাৰিবা। তোমাৰ কপালত  সৌভাগ্যই দেখা দিব”। বিষ্ণু ৰাভাদেৱে এই অনুৰোধ প্ৰত্যাখ্যান কৰিছিল। কাৰণ সেই সময়ত তেওঁ ব্যস্ত এদল নতুন গায়ক-বাদক- নৃত্যশিল্পী গঢ় দিয়াত। ৰাভাৰ এই মানসিকতাৰেই সুফল হিচাপে আমি পালোঁ ভূপেন হাজৰিকাদেৱক। পৰৱৰ্তী সময়ত ইন্দ্ৰমালতী, ৰাভাদেৱৰ নিজা পৰিচালিত নাটক আৰু ৰেকৰ্ডসমূহত তেওঁ ভূপেন হাজৰিকাক গোৱাবলৈ আৰম্ভ কৰিছিল। ১৯৪০ চনত তেওঁ বাঁহীবাদক আনন্দ দত্তৰ সৈতে  কাশী বিশ্ববিদ্যালয়লৈ গৈ ওজাপালি, কালীয় দমন, শিৱৰ তাণ্ডৱ নৃত্য আদিকে কৰি প্ৰায় ১০৮ বিধ নৃত্য প্ৰদৰ্শন কৰিছিল। এই নৃত্য দেখি সেই সময়ৰ কাশী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ দ্বাৰা তেওঁ প্ৰশংসিত হৈছিল। ১৯৪১ চনত তেওঁ ৰোহিণী বৰুৱাৰ ‘মনোমতী’ কথাছবিখনৰ নৃত্য পৰিচালনা কৰে। এই কথাছবিৰ জৰিয়তেই তেওঁ গুৱাহাটীৰ শিল্পী, অভিনেত্ৰী নিৰুপমা দেৱীৰ সৈতে পৰিচিত হয় যি গৰাকী নাৰীৰ ৰাভাৰ সাংস্কৃতিক আৰু ৰাজনৈতিক জীৱনত যথেষ্ট প্ৰভাৱ পৰিলক্ষিত হয় পৰৱৰ্তী সময়ত। ‘মনোমতী’ কথাছবিৰ কাম শেষ হোৱাৰ পিছতো কিছুদিন তেওঁ কলিকতাতে একালৰ ঘনিষ্ঠ সহচৰ কমল নাৰায়ণ চৌধুৰীৰ সৈতে থাকিবলৈ লয়। এই সময়খিনিতেই তেওঁ নিজে বহু গীত লিখি সুৰ দি কমল নাৰায়ণ চৌধুৰী, সুদক্ষিণা শৰ্মা আদিৰ জৰিয়তে ৰেকৰ্ডিং কৰাইছিল। বিশ্বৰে ছন্দে ছন্দে, মেদুৰ মেঘৰ মাদল আদি গীত এই সময়তেই ৰেকৰ্ড কৰা হয়। ১৯৪৬ চনত নটসূৰ্য ফণী শৰ্মাৰ সৈতে চিৰাজ কথাছবিত সহ-পৰিচালক আৰু অভিনেতা হিচাপে তেওঁ জড়িত হৈ পৰে।

উল্লেখযোগ্য যে ইয়াৰ পৰৱৰ্তী সময়খিনিত যিজন ৰাভাক আমি সততে বিচাৰি পাওঁ সেইজন ৰাভা হৈছে বিপ্লৱী কমিউনিষ্ট ৰাভা। ছাত্র অৱস্থাৰ ৰাভাদেৱৰ যি বিদ্ৰোহী মন সেয়া যেন এই সময়ছোৱাত শিখৰলৈ গতি কৰিছিল। এইখিনি সময়তেই তেওঁ কেইবাটাও বিদ্ৰোহী গান লিখিছিল। ইতিমধ্যে ৰাভা আকৰ্ষিত হৈছিল কমিউনিষ্ট আদৰ্শৰ প্ৰতি। তেওঁৰ মতে, “জনতাৰ মাজত সিঁচৰতি হৈ থকা সংস্কৃতিৰ মৌ-ৰস গোটায় চুঁচি মাজি পৰিমাৰ্জিত কৰি পুনৰ জনতাক বিলাই দিয়াই হৈছে শিল্পীৰ লক্ষ্য, সেয়ে নিষ্পেষিত-নিপীড়িত-দলিত জনগণৰ মুকুতি সাধন হৈছে শিল্পীৰ জীৱনৰ ব্ৰত’। এই মুকুতিৰ প্ৰকৃত পথৰ সন্ধান হিচাপে সেয়ে তেওঁ বাছি লৈছিল মাৰ্ক্সবাদ-লেনিনবাদ। এই প্ৰসংগত তেওঁ নিজেই কৈ গৈছে, “মোৰ চঞ্চল অস্থিৰ জীৱনলৈ মাৰ্ক্সবাদ-লেনিনবাদে আনি দিলে সাগৰসদৃশ গভীৰতা”। ইতিমধ্যে ১৯৪৫ চনত, তেতিয়া তেওঁ নিৰুপমা দেৱীৰ ঘৰত; ভাৰতীয় বিপ্লৱী কমিউনিষ্ট পাৰ্টিৰ আহ্বানৰ প্ৰতি সহাৰি জনাই এই ৰাজনৈতিক দলটিত যোগদান কৰে। ৰাভাদেৱেও পাৰ্টিৰ নিৰ্দেশ অনুসৰি কৃষক পঞ্চায়ত সংগঠনৰ কামত জড়িত হৈ পৰে। ১৯৪৫ চনত পলাশবাৰীৰ ওচৰৰ বৰঙা গাঁৱত  প্ৰথমবাৰৰ বাবে আধিয়াৰ আন্দোলন সংঘটিত হয়, এই আন্দোলনৰ জৰিয়তেই ৰাভাদেৱো কৃষকসকলক সংগঠিত কৰা কামত নিয়োজিত হৈ পৰে। বেলতলা, ৰাণী, ছয়গাঁও আদি ঠাইত তেওঁ কৃষকসকলক সংগঠিত কৰাৰ কাম আৰম্ভ কৰে।

১৯৪৫  চনত ৰঙিয়া ছাত্র সন্মিলনৰ কৃষ্টি শাখাৰ সভাপতি হিচাপে বিষ্ণুপ্ৰসাদ ৰাভাই অসমীয়া কৃষ্টি সম্পৰ্কে এক গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। পৰৱৰ্তী সময়ত “অসমীয়া কৃষ্টিৰ চমু আভাস” নামেৰে গোপাল দাসদেৱে ইয়াক প্ৰকাশ কৰে। ১৯৪৬ চনত বৃটিছে ভাৰতক ক খ গ—এই তিনিটা গ্ৰুপত বিভক্ত কৰি অসমক পূৰ্ব বংগ আৰু ঢাকাৰ সৈতে সাঙুৰি লোৱাৰ প্ৰস্তাৱ ঘোষণা কৰে। ইয়াৰ বিৰুদ্ধে গোৱালপাৰাত বহা ছাত্র সন্মিলনৰ কাৰ্যনিৰ্বাহকত প্ৰস্তাৱ লোৱা হয় আৰু ৩ জুনত গোৱালপাৰা হাইস্কুলৰ খেলপথাৰত বিষ্ণু ৰাভাৰ সভাপতিত্বত বিশাল ৰাজহুৱা সভা বহি তাত গৃহীত প্ৰস্তাৱক  তেতিয়াৰ লাট বাহাদুৰলৈ প্ৰেৰণ কৰা হয়। ১৯৪৬ চনত নগাঁও জিলাৰ ছাত্র সন্মিলনৰ প্ৰথম বাৰ্ষিক অধিৱেশন ৰহাত বহে। সাংস্কৃতিক সভাৰ সভাপতি আছিল বিষ্ণুৰাভা। ইয়াত তেওঁ যিটো ভাষণ আগ বঢ়াইছিল সেইটোৱে পৰৱৰ্তী সময়ত ‘অসমীয়া কৃষ্টি’ নামেৰে গোপাল দাসে প্ৰকাশ কৰি উলিয়াইছিল।

সভাৰ শেষত ইয়াতেই ৰাভাদেৱে  আবৃত্তি কৰে—
“ফাঁকিবাজ
ধুড়িবাজ
ধনী জমিদাৰ
কাহানিও কেতিয়াও আমাক নিদিয়ে মুক্তি”

১৯৪৬ চনত পলাশবাৰীত পোনপ্ৰথমবাৰৰ বাবে অসম ভিত্তিত কৃষক পঞ্চায়তৰ সন্মিলন বহে। বিষ্ণুৰাভা আছিল ইয়াৰ প্ৰধান উদ্যোক্তা। ১৯৪৭ চনত বিপ্লৱী কমিউনিষ্ট পাৰ্টিৰ সৰ্বভাৰতীয় সন্মিলনত সশস্ত্ৰ বিপ্লৱৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ইয়াৰ পিছতেই চৰকাৰে ইয়াক নিষিদ্ধ ঘোষণা কৰে, যাৰ বাবে পৰৱৰ্তী সময়ত বিষ্ণুপ্ৰসাদ ৰাভায়ো আত্মগোপন কৰিব লগা হয়।

১৯৪৭ চনত ভাৰতে স্বাধীনতা পালে। কিন্তু এই স্বাধীনতাক গ্ৰহণ নকৰিলে ৰাভাদেৱে। ১৯৪৭ চনৰ ১৫ আগষ্টৰ স্বাধীনতা দিৱসত টিহুৰ দীঘেলী অঞ্চলৰ ৰাইজে ক’লা পতাকা উত্তোলন কৰি ধ্বনি দিলে—’য়ে আজাদী ঝুথা হে’। বিষুৰাভাও আছিল সেই কাৰ্যসূচীত। গতিকে স্বাধীনতা মিছা বুলি গ্ৰহণ কৰা ৰাভাদেৱে সেইবাবে সাধাৰণ শ্ৰমজীৱি, কৃষিজীৱি, ভূমিহীন কৃষকসকলৰ মাজত গঢ়ি তুলিলে সংগঠন। গীত,নাট, বক্তব্যৰে তেওঁ সংগ্ৰামৰ অপৰিহাৰ্যতাৰ বিষয়ে ৰাইজক বুজালে। তেওঁ লিখিলে—

‘দুখীয়াৰ কলিজা নিগৰি লৱ।
টুপি টুপি তেজ শুহি শুহি পিৱ।
ৰুকি ৰুকি মঙহ চোবাই খাৱ
কুৰুকি হাড়কেইডালো চোবাৱ
হুঁচিয়াৰ হুঁচিয়াৰ
ধনী মহাজন জমিদাৰ
হুঁচিয়াৰ হুঁচিয়াৰ।
কৃষক, বনুৱাক অনুপ্ৰাণিত কৰি সংগঠিত কৰিবলৈ তেওঁ গালে—

“ব’ল ব’ল ব’ল ব’ল
কৃষক শক্তি দল
অ বনুৱা সমনীয়া
আগবাঢ়ি যাওঁ ব’ল।
১৯৪৮ চনত বঙৰাত কৃষক পঞ্চায়তৰ সন্মিলন বহে। ৰাভা এই সভাৰ সভাপতি‌। ইয়াতেই জমিদাৰ, মহাজনৰ শোষণৰ পৰা মুক্তিৰ উদ্দেশ্য প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ‘নাঙল যাৰ মাটি তাৰ’ ধ্বনিৰে চৌপাশে জোৱাৰ তোলা হ’ল। ৰাভাই লিখিলে—”আমাৰ দেশৰ আমাৰ মাটি
আমাৰ মাটিৰ আমাৰ ধান ঐ
জান গ’লেও মান গ’লেও
ধান নিদিওঁ ধান নিদিওঁ
তেজ দি অৰ্জা ধান
মোৰ জান ঐ”

ইতিমধ্যে ৰাভাৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পাৰোৱানা জাৰি হয়। জীৱিত বা মৃত অৱস্থাত ৰাভাক ধৰাই দিব পাৰিলে দহ হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা কৰে তেতিয়াৰ ক‌ংগ্ৰেছ চৰকাৰে। ১৯৪৮ চনৰ পৰা ৰাভাদেৱে আত্মগোপন কৰিব লগা হয়। ১৯৪৮ চনৰ ১ মেত নলবাৰী চহৰত কৃষক বনুৱা পঞ্চায়তৰ সমাৱেশ অনুষ্ঠিত হয়। লোকে-লোকাৰণ্য। গ্ৰেপ্তাৰী আদেশ লৈ পুলিচ আহিছিল যদিও, ৰাইজৰ ভীৰ দেখি পুলিচেই পলাব লগা হৈছিল। নলবাৰীৰ দীঘেলী গাঁৱতেই ৰাভাদেৱে আত্মগোপনৰ আৰম্ভণি কৰে। এই দীঘেলী গাঁৱতেই ৰাভাই গণবাহিনী গঠন কৰি মিলিটেৰী ট্ৰেইনিং আৰম্ভ কৰিছিল। যদিও ৰাভাদেৱৰ মূৰৰ দাম দহ হাজাৰ টকা ঘোষণা কৰা হৈছিল, আত্মগোপন কালছোৱাত কোনো এজনেই কিন্তু ৰাভাদেৱক পুলিচৰ হাতত ধৰাই দিয়াৰ পৰিকল্পনা কৰা নাছিল। ইয়াতেই বুজা যায় যে ৰাভাদেৱক ৰাইজে কিমান আস্থা আৰু বিশ্বাসেৰে গ্ৰহণ কৰিছিল। বিপ্লৱী কমিউনিষ্ট পাৰ্টিৰ নিৰ্দেশ অনুসৰি ৰাভাদেৱক উত্তৰ কামৰূপ আৰু গোৱালপাৰাক লৈ গঠিত জ’নৰ কমাণ্ডাৰ হিচাপে নিযুক্তি দিয়া হৈছিল। সেই মৰ্মে তেওঁ উত্তৰ কামৰূপৰ বাঘমৰা অঞ্চললৈ গৈ ভূটান পাহাৰৰ ভিতৰত গেৰিলা প্ৰশিক্ষণ দিয়াৰো কাম আৰম্ভ কৰিছিল। ১৯৫০ চনত সমগ্র অসমত মিলিটেৰী অপাৰেচন হয়। এই সময়ছোৱাত ৰাভাদেৱে উত্তৰ গোৱালপাৰাত আত্মগোপন কৰিব লগা হয়।

১৯৪৮ চনৰ পৰা ১৯৫২ চনলৈকে ৰাভাদেৱে আত্মগোপন কৰি থাকিব লগা হয়। এই সময়ছোৱাৰ অভিজ্ঞতা সম্পৰ্কে তেওঁ নিজেই কৈছে, ‘এই অজ্ঞাতবাসৰ জীৱনত বিৰাট পৰ্ব সৃষ্টি কৰি বিৰাট শক্তিৰ সাধনা কৰে। সেই শক্তি গণশক্তি যি শক্তিয়ে বিধাতাকো টলাব পাৰে”। এই অধ্যায়তে তেওঁৰ শিল্পী জীৱনৰ পূৰ্ণতা আহিছে বুলি তেওঁ নিজেই কৈ থৈ গৈছে। তেওঁৰ ‘সোণপাহী’ এই সময়তেই লিখা জনজীৱনৰ এখন জীয়া ছবি। ১৯৫০ চনত আত্মগোপনৰ সময়তেই বেলশৰৰ কমিউনিষ্ট নেতা নবীন চন্দ্ৰ মেধিৰ জীয়ৰী কনকলতাক লগ পায় আৰু বিবাহ পাশত আবদ্ধ হয়। ১৯৫২ চনত  বিষ্ণু ৰাভাক দতমা অঞ্চলৰ ঘিলাগুৰি গাঁৱৰ পৰমানন্দ ব্ৰহ্মৰ ঘৰৰ পৰা আটক কৰা হয়। ১৯৫৩ চনত তেওঁ জেইলৰ পৰা মুক্ত হয়। ১৯৪৮ চনতেই ৰাভাদেৱৰ ধমধমাৰ এখন সভাত মোহিনী বসুমতাৰীৰ সৈতে প্ৰথম সাক্ষাৎ হয়। পৰৱৰ্তী সময়ত তেওঁৰ সৈতেও ৰাভাৰ অন্তৰংগতা গঢ়ি উঠে। কনকলতা মেধিৰ মৃত্যুৰ আগতে ১৯৫৫ চনত তেওঁ মোহিনী বসুমতাৰীক বিয়া কৰায়।

১৯৫৬ চনত বিপ্লৱী কমিউনিষ্ট পাৰ্টি কমিউনিষ্ট পাৰ্টিৰ লগত চামিল হয়। ইতিমধ্যে ৰাভাই ‘ভাৰতীয় গণ নাট্য সংঘ’-ৰ সৈতেও জড়িত হৈ পৰে। হেমাংগ বিশ্বাস, কেশৱ মহন্ত, দিলীপ শৰ্মা, ভূপেন হাজৰিকা আদিক লৈ অসমৰ  সংস্কৃতিৰ বিকাশৰ কামত জড়িত হৈ পৰে। এইখিনি সময়তেই তেওঁ গুৱাহাটীৰ আৰ্য নাট্য মন্দিৰত ‘মুক্তি দেউল’ নৃত্য নাটিকা মঞ্চস্থ কৰিছিল।

১৯৫৭ চনত ৰঙিয়া বিধানসভা সমষ্টিৰ পৰা ট্ৰাইবেল প্ৰাৰ্থী হিচাপে কমিউনিষ্ট পাৰ্টিৰ হৈ তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে। কিন্তু তেওঁ পৰাজয় বৰণ কৰিবলগা হয়। ১৯৬০ চনৰ খোৱাঙত বহা অসম ট্ৰাইবেল সংঘৰ অধিবেশনলৈ তেওঁ কৃষ্টি সভাৰ বিশেষ অতিথি হিচাপে অংশগ্ৰহণ কৰি এক গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। এই ভাষণটি পৰৱৰ্তী সময়ত ‘নায়ক’ আলোচনীত প্ৰকাশ পায়। ১৯৬২ চনত দুটি সন্তানৰ মাতৃ কনকলতা মেধিৰ মৃত্যু হোৱাত মাতৃহীন শিশু দুটিক লৈ তেওঁ তেজপুৰত থাকিবলৈ লয়। ইতিমধ্যে ১৯৬২ চনত চীন-ভাৰতৰ যুদ্ধ আৰম্ভ হয়। বিষ্ণু ৰাভাক কমিউনিষ্ট হোৱা বাবেই সন্দেহ কৰি আটক কৰা হয়। মাতৃহীনা শিশুদুটিক শোৱা পাটিতে এৰি সেই সময়ত বিষ্ণু ৰাভাই জেইললৈ যাব লগা হৈছিল। সেই সময়ৰ কংগ্ৰেছ চৰকাৰে ৰাভাদেৱক ‘দেশদ্ৰোহী’ আখ্যা দি উৰিষ্যাৰ বহৰমপুৰ কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। কিন্তু দুখৰ বিষয় যে সেই সময়ত কঁকালত ৰছী লগাই তেজপুৰৰ ৰাজ আলিয়েদি বিষ্ণু ৰাভাক কাৰাগাৰলৈ চালনা দিবলৈ লৈ যোৱা সময়ত কোনোধৰণৰ বৃহৎ প্ৰতিবাদ অসমত সংগঠিত নহল। জেইলত থকা সময়তে তেওঁ লিখিছিল—

‘তেজৰ বোলেৰে লিখি যাম ইতিহাস……’

জেইলৰ পৰা মুক্তি পোৱাৰ পিছতেই তেওঁ ভূপেন হাজৰিকাৰ ‘এৰাবাটৰ সুৰ’ত ভজলুংকাৰ  অভিনয় কৰিছিল। ১৯৬৬ চনত ‘প্ৰতিধ্বনি’ ছবিত খাছি চিয়েমৰ ভাও লৈছিল। ১৯৬৭ চনত তেজপুৰ বিধানসভাৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে তেওঁ বিধানসভালৈ নিৰ্বাচিত হয়। ১৯৬৮ চনত কোকৰাঝাৰ সংসদীয় সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা আগ বঢ়াই যদিও পৰাজিত হয়। একে বছৰতে তেওঁ কৰ্কট ৰোগতো আক্ৰান্ত হয়। চিকিৎসাৰ বাবে তেওঁ মুম্বাইলৈ গৈ ১৯৬৯ চনত তেজপুৰলৈ উভতি আহে। কিছুদিন সুস্থ অৱস্থাত থাকে যদিও ১৯৬৯ চনৰ ২০ জুন তাৰিখে নিশা প্ৰায় দুই মান বজাত এক মহান সত্বাই এই পৃথিৱীৰ পৰা মেলানি মাগে। তেওঁৰ গীতৰ ভাষাৰেই—

‘এয়ে মোৰ শেষ গান
মোৰ জীৱন নাটৰ শেষ ৰাগিনী
কল্যাণ খৰমান”

এই প্ৰসংগতে বিষ্ণু ৰাভা দেৱে সংস্কৃতি, অসমীয়া সংস্কৃতি, সাম্প্ৰদায়িক সম্প্ৰীতি আৰু জাতিগঠন প্ৰক্ৰিয়া সম্পৰ্কে কেনেধৰণৰ বক্তব্য প্ৰকাশ কৰি গৈছে এবাৰ জুকিয়াই চাওঁ আহক। বিষ্ণু ৰাভাৰ দৰে এক বিশাল সত্ত্বাৰ অধিকাৰী ব্যক্তিৰ সকলো দিশেই এক ক্ষুদ্ৰ পৰিসৰত আলোচনা কৰি শেষ কৰাটো তেনেই অসম্ভৱ। সেয়ে ইয়াত মাত্ৰ গুৰুত্বপূৰ্ণ বুলি ভবা তেনেই দুই-চাৰিটা সামাজিক-সাংস্কৃতিক দিশক প্ৰতিনিধিত্ব কৰা দিশৰ কথাহে উনুকিয়াই দিয়া হৈছে।

সংস্কৃতি সম্পৰ্কত  বিষ্ণু ৰাভা

“কৃষ্টি হৈছে, কৃষ্ ধাতু ‘ক্তি’  প্ৰত্যয়ৰ সংযোগত কৃষ্টি। কৃষি  বিষয়ক মাত্ৰেই কৃষ্টি অৰ্থাৎ কৰ্ষণেই কৃষ্টি। ভূমি কৰ্ষণেই কৃষ্টি নহয়; অদৃশ্য অন্তৰীক্ষৰ শূন্যময় পথাৰ কৰ্ষণো— কৃষ্টি; আৰু হৃদস্থানত বা কেৱল হৃদয়ৰ কুণ্ডলনী চক্ৰত নাইবা মস্তিষ্কৰ মগজুৰ মাজত আলোড়ন তোলা মানসিক কৰ্ষণো কৃষ্টি। সেই কৃষ্টিৰ যেতিয়া সংস্কাৰ হয়, তেতিয়া সেই কৃষ্টি সংস্কৃতি আৰু সংস্কৃতিত যেতিয়া বিদেশীয় মীনাৰ নক্সা উঠে, তেতিয়া সেই সংস্কৃতি হয় কালচাৰ। সেই কালচাৰে শেষত সেই আদিম কৃষ্টিৰ কাল হয়,  চাৰিওফালৰ পৰা কালে চেপি ধৰে আৰু তেতিয়া হয় সেই কৃষ্টিৰ ৰূপান্তৰ”—বিষ্ণু প্ৰসাদ ৰাভা ৰচনাৱলী সম্ভাৰ, ২য় খণ্ড, পৃ: ১০৯১।

“কাব্য, গান, শিল্প, দৰ্শন, ধ্যান-ধাৰণাই নাইবা আচাৰ-অনুষ্ঠান, ভদ্ৰতা-শিষ্টাচাৰ, নীতি-নিয়মকেই সাধাৰণত: মানুহে বুজে কৃষ্টি বা কালচাৰ বুলি। কিন্তু দৰাচলতে বাস্তৱ প্ৰয়োজনত যাৰ জনম, মানুহৰ জীৱন সংগ্ৰামত যি শকতি, জীৱন-যাত্ৰাৰ বাস্তৱ উদ্দেশ্যসিদ্ধিত যি মুকুতি, সেয়েহে আচল কৃষ্টি, প্ৰকৃত সংস্কৃতি, ৰিয়েল কালচাৰ। জীৱন যাত্ৰাৰ ঘাত-প্ৰতিঘাতত যেনেকৈ কৃষ্টিৰ ৰূপান্তৰ হয়, সংস্কৃতিৰ আলম লৈ জীৱন-যাত্ৰাও তেনেকৈ আগুৱাই যায়।গতিকে জীৱন যাত্ৰাৰ লগত কৃষ্টি-সংস্কৃতি ওতঃপ্ৰোতভাৱে জড়িত। যি জাতিৰ কৃষ্টি-সংস্কৃতি প্ৰগতিশীল নহয়, সেই জাতিৰ জীৱন যাত্ৰাও স্থিৰ হয়”।–বি.ৰা.ৰ.স. পৃ: ১০৯১-৯২।

“…..মানুহৰ সৃষ্টিৰ মূল প্ৰেৰণা হ’ল প্ৰকৃতিৰ দাসত্বৰ পৰা মুক্তি। এই যে মানুহৰ সহজ-সাধ্য মুক্তি স্বাধীনতাৰ সাধনা, এই সাধনাই হৈছে মানুহৰ জীৱিকা-প্ৰয়াস আৰু এই মানুহৰ জীৱিকা-প্ৰয়াসেই হৈছে কৃষ্টি-সংস্কৃতি বা কালচাৰৰ মূল তত্ব”।–বি.ৰা.ৰ.স. পৃ: ১০৯২।

অসমীয়া সংস্কৃতি সম্পৰ্কত

অসমৰ বুকুত বৈচিত্ৰ্যৰ মাজত ঐক্যৰ ডোলেৰে গাথি, দুনাই শক্তিশালী জাতি গঢ়ো, শক্তিমান ন-অসম গঢ়ি সমন্বিত শক্তিৰে সুন্দৰতম ন-অসমীয়া সংস্কৃতি ৰচো”। (বি.ৰা.ৰ.স.)

“এই কুৰি শতিকাত সাম্ৰাজ্যবাদীৰ যি ধুমুহা বলিছে, ধনতান্ত্ৰিকতাৰ বিজয় বৈজয়ন্তী ধ্বজা উৰিছে, সেই ধনতান্ত্ৰিকতা আৰু সাম্ৰাজ্যবাদৰ হেঁচাত অসমীয়া গাৱলীয়া দুখীয়া, হজুৱা, বনুৱা বাচি থাকিবনে? যদি অসমীয়াৰ এই দুখীয়া শ্ৰেণী মৰে, তেন্তে অসমীয়া জাতিও মৰিব; লগে লগে লয় পাব অসমীয়া কৃষ্টি, অসমীয়া সংস্কৃতি, অসমীয়া সভ্যতা। এই কৃষ্টি, এই সংস্কৃতি, এই সভ্যতা বচাব ই লাগিব। এই নিষ্পেষিত, নিৰ্যাতিত, নিপীড়িত দুখীয়া অসমীয়াক বচাবলৈ হ’লে বচাব লাগিব বিপ্লৱৰ মাজেদি সেই ধনীসকলৰ বিপক্ষে যুজি, যি ধনীৰ কোনো জাতি নাই, সমাজ নাই, ধৰ্ম নাই; যিটো জাতি বৃটিছ সাম্ৰাজ্যবাদৰ বৰখুটা, য’তে সিহঁতৰ লাভ ত’তেই সিহঁত, সিহঁতে গাৱলীয়া অসমীয়াৰ তেজ শুহিছে, পটাশিলত পিহিছে, পিচত দিছে, বিচাৰ কৰিছে, বক্তৃতা দিছে, ৰাইজৰ ব্যক্তিগত স্বাধীনতা হৰণ কৰিছে”।

অসমীয়া কৃষ্টি শীৰ্ষক ভাষণ

অসমীয়া কৃষ্টি-সংস্কৃতি আৰু সাহিত্য ব্ৰহ্মপুত্ৰৰ দৰে বিশাল আৰু বিৰাট। সৰু সৰু জুৰি, নিজৰা, উপনৈৰ সমন্বিত শকতিৰ দ্বাৰা যেনেকৈ ব্ৰহ্মপুত্ৰই তাৰ বিশালতা আৰু বিৰাটতা লাভ কৰিছে, ঠিক তেনেকৈ অসমৰ বহু জাতি, উপজাতি আৰু জনজাতিৰ কৃষ্টি-সংস্কৃতি আৰু সাহিত্যৰ সমন্বিত শকতিৰ দ্বাৰা অসমীয়া কৃষ্টি-সংস্কৃতি আৰু সাহিত্যয়ো বিশালতা আৰু বিৰাটতা লাভ কৰিছে”।–সতেজপুৰ সাহিত্য সভা অভিভাষণ।

“অসমৰ যি কৃষ্টি-সংস্কৃতি আছে তাক সংস্কৃত কৰিব লাগিব। যি নতুনকৈ আহিছে তাক অসমীয়া ঠাচত ভালকৈ সজাই-পৰাই গঢ়িব লাগিব।তেতিয়াহে আমাৰ অসমীয়া কৃষ্টি, সংস্কৃতি আৰু সভ্যতাই পূৰ্ণ বিকাশ পাব আৰু অসমীয়া জাতি বাচিব”— বি.ৰা.ৰ.স. পৃ: ১২৭৯।

সাম্প্ৰদায়িক সম্প্ৰীতি সম্পৰ্কত

মুক্তি দেউলত—
“হিন্দু-মুছলিম-শিখ-খ্ৰীষ্টান
‎অন্তৰ ভেদি সোত বোৱাম
‎ভেদাভেদৰ প্ৰাচীৰ ভাঙি
‎সাম্যৰ সৰগ ৰচিম
‎নতুন ভাৰত গঢ়িম”

কৃষক নাটকত—
“হিন্দু-মুছলিম-বৌদ্ধ-খ্ৰীষ্টান
হোৱা এক সৱে
হোৱা ভাই এক
পাহৰি বিদ্বেষ জ্বলন্ত অমল
পৰিষ্কাৰ কৰি অন্তৰৰ মল”

ঈদুজ্জোহাৰ গান—
“দূৰ আৰবৰ মৰুৰ বুকুত বয় ভকতি আজান
পুৱতি নিশাৰ সোণালী ঊষাৰ উঠে ম উ সনা গান
মিলনৰ সুৰ বোৱায়, শুনে সৰৱ জাহান
একেটি মালাৰ ডোলতে গথা সবাৰে পৰাণ”।

জাতি-গঠন প্ৰক্ৰিয়া সম্পৰ্কত

“অসমৰ অত্যাচাৰিত আৰু অৱনত জাতিসমূহক আন আন উন্নত জাতিৰ লগত একে আসনতে ঠাই দিবলৈ অসমৰ প্ৰত্যেক ৰাজনীতিজ্ঞ আৰু সমাজৰ নেতাসকলে এতিয়াৰে পৰা চেষ্টা কৰা উচিত। তাকে নকৰিলে অৱনত জাতিসকলৰ বুকুত বিদ্ৰোহৰ অগ্নি জ্বলাই অসমত এটা গৃহ-কন্দলৰ বাহ সাজি দিয়া হ’ব”।

“এটা জাতিৰ লগত আন এটা জাতিৰ সমন্বয় হ’বলৈ হ’লে পৰস্পৰৰ ভিতৰত উভয়ৰ বিষয়ে সম্পূৰ্ণ জ্ঞান থকা উচিত। নিজৰ ধৰ্ম, কৃষ্টি, সমাজ আৰু সংস্কৃতিৰ উপৰি আনৰ ধৰ্ম, কৃষ্টি, সমাজ আৰু সংস্কৃতিৰ বিষয়ে গভীৰ জ্ঞান থকা উচিত। পৰস্পৰৰ ভিতৰত অকৃত্ৰিম আৰু আন্তৰিক শ্ৰদ্ধা ৰাখি কালৰ চকাৰ অগ্ৰগতিৰ তালে তালে প্ৰগতিৰ অসীম বাটেদি অগ্ৰসৰ হোৱা উচিত”।–বি:ৰা:ৰ:স: ২য় খণ্ড, পৃ: ১১৯০।

“বাৰে বাৰে জাতিৰ নামত চুৰি ডকাইতৰ খেল,
বজ্জাতৰ দলে পাতে নানা জালিয়াতি মেল”।

“বড়ো জাতিৰ ল’ৰা-ছোৱালীহতৰ বুদ্ধি নাই, মস্তিষ্ক বেয়া বুলি কিছুমানৰ বিশ্বাস জন্মিছে। কিন্তু সেই বিশ্বাস ভুল। শিক্ষা পদ্ধতিত কেৰোণ থকাৰ কাৰণেহে এনে বেমেজালি ঘটিছে। প্ৰাথমিক শিক্ষাৰ পৰাই বড়ো ভাষাত বড়ো ল’ৰা-ছোৱালীক শিক্ষা দিলে, বড়ো ছাত্র-ছাত্রীৰ বুদ্ধি জ্ঞান যথেষ্টভাৱে খুলিব। আজি স্কুলত পণ্ডিতে পঢ়ায় খা,— কিন্তু বড়ো ল’ৰা-ছোৱালীয়ে বুজিব খা মানে বন্ধাহে, অথচ খা মানে খোৱা। খাম্ –ম ই খাম; কিন্তু বড়ো ল’ৰা-ছোৱালীয়ে বুজিব পোৰাহে”।–বি:ৰা:ৰ:স: পৃ: ১৫০৯।

“ধৰ্ম ব্যৱসায়ীৰ ঠাই নাই তাত
জাতিৰ অহংকাৰ লয় পাব তাত”— বি:ৰা:ৰ:স: পৃ: ৩১৪।

“তই যিয়েই নহ’ৱ, তই কিন্তু আমাৰ মাজৰ এটা অসমীয়া, আমি সকলো অসমীয়া। ….তোৰ পৰিচয় অসমীয়া বুলিহে লুইতৰ পাৰৰ মানুহে জানে। বামুণ, আহোম, কোচ, কলিতা, কায়স্থ, দেউৰী, চুতীয়া, মৰাণ, মটক, ডিমাছা, বড়ো, সোণোৱাল, টোটোলা, হাজং, বৰাহী, মিকিৰ, লালুং, মিৰি, মুছলমান, খ্ৰীষ্টান বুলি নহয়”।

এতিয়া প্ৰশ্ন হ’ল আমি বিষ্ণু ৰাভাদেৱক বৰ্তমান সময়ত কি হিচাপে লৈছোঁ? বিষ্ণুৰাভা দেৱৰ বৰ্তমানৰ পৰিচয় কি? বিষ্ণু ৰাভা বোলা ব্যক্তিজন প্ৰকৃততে কোন আছিল? এই তিনিওটা প্ৰশ্নৰ প্ৰথম দুটাৰ উত্তৰ প্ৰায় সকলোৰে মুখে মুখে পোৱা যায়। সহজাত ধাৰণাৰ প্ৰথম দুটা প্ৰশ্নৰ উত্তৰ প্ৰায় এনেধৰণৰ—এজন শিল্পী, ভাল নাট্যকাৰ, সাহিত্যিক, সুগায়ক, অভিনেতা, গীতিকাৰ, নৃত্য শিল্পী, ভাল লিখক, দুৰ্দান্ত প্ৰেমিক ইত্যাদি ইত্যাদি। মুঠৰ ওপৰত সকলোবোৰ কলাৰ আকৰ তেওঁ। সেয়ে নাম তেওঁৰ কলাৰ গুৰু “কলা গুৰু”। বাকি ৰ’ল শেষৰটো প্ৰশ্নৰ উত্তৰ। শেষৰটো প্ৰশ্নৰ উত্তৰ যাতে সঠিক ৰূপত মানুহৰ মাজত মূৰ্তমান নহয়, বা হ’ব নোৱাৰে তাৰ বাবেই প্ৰথম দুটা প্ৰশ্নৰ উত্তৰৰ মাজতেই ৰাভা দেৱক জীয়াই ৰখাৰ ব্যৱস্থা এটা প্ৰচলন কৰা হৈছে অতি পৰিকল্পিতভাৱে এচাম ৰাভাদেৱৰেই ভণ্ড পূজাৰীৰ দ্বাৰা। অৱশ্যে এয়া অকল ৰাভাদেৱৰ ক্ষেত্ৰতেই যে হৈছে তেনে নহয়, এনেকুৱা পূজাৰীৰ দ্বাৰা আক্ৰান্ত হোৱা বহুতো ৰাভা এই সমাজখনতেই আছে। তৃতীয় প্ৰশ্নটোৰ উত্তৰ যদি আমি পাব লাগে তেতিয়াহলে আমি ৰাভাদেৱৰ “পৰজনমৰ শুভ লগনত” অথবা “টিলা টিলাই ঘুৰি ফুৰে উলাহতে খামটি ছোৱালী” অথবা “বিলতে হালিছে” গালেই নহ’ব, একেলগে গাব জানিব লাগিব ”বল বল বল কৃষক শক্তি দল” অথবা “স্বাধীন চিতিয়া হালোৱা ডেকা বনুৱা” অথবা “ভাঙ ভাঙ ভাঙ লোহাৰ শিকলি ভাঙ” তেতিয়াহে ৰাভাদেৱ নো প্ৰকৃততে কোন আছিল সেয়া বুজিব পৰা যাব। এখন হাতত ষ্টেন গান আৰু আনখনত কলম লৈ স্বাধীন ভাৰতবৰ্ষত কিয় ৰাভাদেৱে আত্মগোপনেৰে অন্য এক স্বাধীনতাৰ বাবে সংগ্ৰাম কৰিছিল? কিয় ৰাভাদেৱক এইখন স্বাধীন ভাৰততে পঘাৰে মেৰিয়াই ৰাজপথত ঘূৰাই লৈ ফুৰা হৈছিল? কিয় ৰাভা দেৱে য়ে আজাদী ঝুথা হে বুলি ৰাজপথত চিঞৰিছিল?  এইবোৰ প্ৰশ্নৰ উত্তৰ  ইতিমধ্যে লেখাটোত উনুকিয়াই অহা  হৈছে। এই উত্তৰবোৰৰ মাজতহে আচলতে প্ৰকৃত ৰাভাজন জীয়াই আছে।  আমাৰ সমস্যাটো তাতেই যে ৰাভাদেৱক মূল্যাংকন কৰা হৈছে কেৱল মাথো তেখেতৰ সাংস্কৃতিক দিশটোৰ জৰিয়তেহে, যাতে ৰাভাদেৱৰ ৰাজনৈতিক দৰ্শনটোক ঢাকি ৰাখিব পাৰি। তেওঁ এঠাইত নিজেই কৈ গৈছে যে (ইতিমধ্যে ওপৰত উল্লেখ কৰা হৈছে) “মাৰ্ক্সবাদ লেনিনবাদে মোৰ অস্থিৰ জীৱনলৈ আনি দিলে সাগৰ সদৃশ গভীৰতা” এই যে মাৰ্ক্সবাদ লেনিনবাদৰ ৰাভা দেৱৰ ৰাজনৈতিক দৰ্শন ইয়াক সমুলঞ্চে ধ্বংস কৰাৰ বাবেই প্ৰথম দুটা প্ৰশ্নৰ উত্তৰৰ মাজতেই ৰাভাদেৱক জীয়াই ৰখাৰ অবিৰত প্ৰয়াস কৰি থকা হৈছে এচামৰ দ্বাৰা। অৰ্থাৎ ৰাভাদেৱ যে এজন কমিউনিষ্ট বিপ্লৱী আছিল, সেই সত্তাটোক ৰাইজে জানিব নালাগে, ৰাইজে জানিব লাগে তেওঁ এজন সংস্কৃতিৰ পূজাৰীহে আছিল। সেয়ে বৰ্তমান সময়ত ৰাভাদেৱৰ প্ৰকৃত ৰাজনৈতিক দৰ্শনটোক জনতাৰ মাজত উলিয়াই আনি প্ৰতিষ্ঠা কৰিব বিচৰাসকলহে প্ৰকৃততে ৰাভাদেৱৰ প্ৰকৃত পূজাৰী। আমি আশা কৰিম ৰাভাদেৱৰ আদৰ্শ আৰু দৰ্শনৰ প্ৰকৃত মূল্যায়নৰ মাজেৰে তেওঁ আমাৰ মাজত জীয়াই থাকক।

সহায়ক গ্ৰন্থপঞ্জী

  • বিষ্ণুপ্ৰসাদ ৰাভা ৰচনা সম্ভাৰ (প্ৰথম আৰু দ্বিতীয় খণ্ড)
  • বিষ্ণুৰাভাৰ জীৱন আৰু দৰ্শন (ইছমাইল হোছেইন)
  • বিষ্ণুপ্ৰসাদ ৰাভাৰ জাতীয়তাবোধ আৰু সমাজবীক্ষা (পৰমানন্দ মজুমদাৰ)

One thought on “বিষ্ণুৰাভা— সংগ্ৰামী সত্তাৰ অন্য এক নাম ।। ভবেশ নাথ

  • অৰুণ কুমাৰ শৰ্মা

    যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত সুগভীৰ লেখাটো পঢ়ি বাৰুকৈয়ে উপকৃত
    হ’লোঁ ৷ লেখকক ধন্যবাদ ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *