কেন্দ্ৰীয় নিবন্ধ

বুদ্ধত্ব আৰু জ্ঞানৰ অনিঃশেষণীয়তা (দীপক গোস্বামী)

(১)

খাৰাংখাচ প্ৰশ্ন এটাৰে আলোচনা আৰম্ভ কৰিছোঁ—সুদূৰ অতীতত বা সুদূৰ ভৱিষ্যতত যিকোনো মানুহৰ পক্ষে এনে এটা অৱস্থাত উপনীত হোৱা সম্ভৱপৰ হৈছিলনে বা হ’বনে য’ত তেওঁ সকলো জ্ঞানৰে অধিকাৰী হৈছিল বা হ’ব? ইয়াত জ্ঞান মানে সম্পূৰ্ণ জ্ঞানৰ কথা কোৱা হৈছে। কোনোধৰণৰ খণ্ডিত জ্ঞানৰ কথা কোৱা হোৱা নাই (উপনিষদত যিদৰে পৰাবিদ্যা আৰু অপৰাবিদ্যাৰ কথা কোৱা হৈছে)। তাৰ মানে, সুক্ষ্মাতিসুক্ষ্ম মৌলিক কণাৰ পৰা গ্ৰহ, নক্ষত্ৰ, গেলেক্সিসমূহলৈকে, ইয়াৰ ভূত-বৰ্তমান, ভৱিষ্যৎ, সকলোধৰণৰ শক্তি, মানুহকে ধৰি সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডত ব্যাপ্ত সকলো প্ৰাণী, বিজ্ঞান, সকলো ভাষা, বুদ্ধি আৰু মনোজগতৰ সৃষ্টি সাহিত্য-শিল্পকলা-ক্ৰীড়া আদি সকলো এনে জ্ঞানত অন্তৰ্ভুক্ত হ’ব লাগিব। ইয়াৰ উপৰি, উপনিষদ-কথিত পৰাবিদ্যাৰ জগতখনো (যদিহে এনে ধৰণৰ এখন জগত আছে) এনে জ্ঞানে সামৰিব লাগিব; কিয়নো পৰাবিদ্যাৰ প্ৰবক্তাসকলে তথাকথিত অনিত্য (অস্থায়ী), অসৎ (যি আচলতে নাই কিন্তু থকা যেন লাগে) দৃশ্যমান জগততকৈ বেলেগ আত্মা-পৰমাত্মা আদিৰ ৰূপত শাশ্বত আৰু পৰমানন্দময় জ্ঞানৰ কথা কয়।

দ্বিতীয়তে, এজন ব্যক্তিবিশেষৰ বাবে সম্ভৱপৰ নহলেও, সামূহিকভাৱেও বাৰু এনে জ্ঞানৰ অধিকাৰী হোৱাটো সম্ভৱপৰনে? তাৰমানে, বিশ্বৰ সমূহ জনসংখ্যাৰ মাজত সমগ্ৰ জ্ঞান বিস্তাৰিত হৈ থাকিব পৰাৰ এটা পৰিস্থিতিও বাৰু সৃষ্টি হ’ব পাৰেনে? এইটো কিছু দূৰলৈকে সম্ভৱপৰ; কিয়নো বৰ্তমান সময়ত উপলভ্য সকলো জ্ঞান এনেদৰেই সঞ্চিত হৈ আছে। কিন্তু প্ৰাচীন জ্ঞানৰ ক্ষেত্ৰত কি হ’ব (যাৰ মাজত বিলুপ্ত প্ৰাচীন ভাষা, সংস্কৃতি, বিজ্ঞান আদিও সোমাই আছে)? তদুপৰি ভৱিষ্যতৰ মাত্ৰাটোতো সম্পূৰ্ণ সুকীয়া যিটো কোনোপধ্যেই সম্ভৱপৰ হোৱাৰ আশা দেখা নাই। অৱশ্যে পূৰ্ণ নিৰ্ণেয়বাদ (determinism) সম্ভৱ হৈ উঠিলে, বৰ্তমানৰ ওপৰত ভিত্তি কৰি ভৱিষ্যতবাণী কৰাটো সম্ভৱপৰ হ’ব পাৰে; কিন্তু সম্প্ৰতি পূৰ্ণ নিৰ্ণেয়বাদৰ ভিত্তি থৰকবৰক।  ইয়াক এলগ’ৰিথমিক জ্ঞান বুলিও ক’ব পাৰি; অৰ্থাৎ আপুনি সকলো জ্ঞান মস্তিষ্কত কঢ়িয়াই লৈ ফুৰাৰ দৰকাৰ নাই। যিদৰে, যিকোনো দুটা সংখ্যাৰ যোগফল বা পূৰণফল আপুনি লাগ বুলিলেই উলিয়াই ল’ব পাৰে, সেইদৰেই এলগ’ৰিথম (algorithm) বা পদ্ধতিটো জানিলে জ্ঞান উলিয়াই ল’ব পাৰি। কিন্তু, দুৰ্ভাগ্যবশতঃ, আমাৰ সামূহিকভাৱে উপলব্ধ জ্ঞানৰ অতি ক্ষুদ্ৰাতিক্ষুদ্ৰ অংশ এটাহে এনে ধৰণৰ এলগ’ৰিথম-আধাৰিত জ্ঞান বুলি ক’ব পৰা যায়।

মোৰ এজন অগ্ৰজ ইংৰাজী সাহিত্যৰ অধ্যাপক বন্ধুৱে পদাৰ্থবিদসকলৰ সপোনৰ তত্ত্ব “সৰ্ববস্তুৰ তত্ত্ব”-ৰ (Theory of Everything) বিষয়ে শুনি অতি উৎসাহিত হৈ ধৰি লৈছিল যে ইয়াৰ যোগেদি বিশ্ব-ব্ৰহ্মাণ্ডৰ সকলো কথা ব্যাখ্যা কৰিব পৰা যাব—লাগিলে সেয়া এটা ভাইৰাচৰ উৎপত্তিৰ কাৰণেই হওক বা বিশ্ব-ব্ৰহ্মাণ্ডৰ বিৱৰ্তনৰ ব্যাখ্যাই হওক। তেখেতক কোৱা হ’ল যে কালিলৈ এনে এটা তত্ত্ব এটা আৱিষ্কাৰ হ’লেও, তাৰ পৰিসৰ আচলতে অতি সৰু হ’ব আৰু ই প্ৰকৃতিত দেখা পোৱা মৌলিক বল চাৰিটা (মহাকৰ্ষণ, বিদ্যুৎ-চুম্বকীয়, নিউক্লীয় সবল আৰু নিউক্লীয় দুৰ্বল) একীকৃত কৰিবৰ বাবেহে ব্যৱহৃত হ’ব; এই কথাটো শুনি, তেওঁ অতি হতাশ হৈছিল আৰু সৰ্ববস্তুৰ তত্ত্বটো এটা ডাংকোপ মৰা নাম বুলিহে কৈছিল!

(২)

উপনিষদীয় পৰম্পৰাত এনে দাবী য’তে ত’তে সুলভ যে ধ্যানাদি সাধন বা ভগৱৎ কৃপাৰ যোগেদি এনে জ্ঞান আহৰণ কৰা সম্ভৱ যাৰ পিচত আৰু একো জানিবলৈ বাকী নাথাকে। এনে দাবী কৰাসকলে সম্ভৱতঃ উপনিষদ-কথিত অপৰাবিদ্যাৰ (অৰ্থাৎ বিশ্ব-ব্ৰহ্মাণ্ড বা প্ৰকৃতি-সম্বন্ধীয় জ্ঞান) ক্ষেত্ৰখন বহিষ্কাৰ কৰি থয়। তাৰমানে, আমি উল্লেখ কৰা সকলো জ্ঞানৰ উদাহৰণ ইয়াৰ পৰা বাহিৰত থাকিব। এই তথাকথিত পৰম জ্ঞানত কেবল আত্মা, পৰমাত্মা, সগুণ ভগৱান, নিৰ্গুণ ব্ৰহ্ম আদিহে অন্তৰ্ভুক্ত হ’ব। এনেকৈ ধৰি ল’লে আৰু তথাকথিত পৰাবিদ্যাৰ জগতখনৰ বিষয়ে মূৰ নঘমালে, যুক্তিবাদীসকলেও এনে সৰ্বজ্ঞানীৰ অস্তিত্ব মানি লোৱাত অসুবিধা নাপায়। কাৰণ, এনে পৰমজ্ঞানী এজন পৰাবিদ্যা বা আধ্যাত্মিক জ্ঞানৰ জগতখনতহে সৰ্বজ্ঞ, সচৰাচৰ (বা অপৰাবিদ্যাৰ ) জগতখনত তেওঁৰ জ্ঞান সীমিতই হ’ব।

কিন্তু সমস্যা আৰম্ভ হয় তেতিয়াই যেতিয়া কোনোৱে এনে পৰমজ্ঞানীসকল সচৰাচৰ জগতৰ বিষয়েও সৰ্বজ্ঞ বুলি দাবী কৰিবলৈ যায়। এনে দাবী অৱশ্যে সৰ্বজ্ঞানীসকলৰ অনুগামীসকলেই কৰে, সৰ্বজ্ঞানীসকলে নহয়। উদাহৰণ স্বৰূপে বুদ্ধৰ কথালৈ আঙুলিয়াব পাৰি। বুদ্ধ আছিল অতি বিনয়ী; তেওঁলোকে কেতিয়াও নিজৰ জ্ঞানৰ বিষয়ে গৰ্ব কৰা নাছিল; আনকি, মানৱ-আচৰণৰ বাহিৰৰ আধ্যাত্মিক কথাবোৰত বুদ্ধই মৌনব্ৰতহে অৱলম্বন কৰিছিল।

শংকৰাচাৰ্যৰ বিষয়ে কোৱা হয় যে তেখেত আছিল সৰ্বশাস্ত্ৰবিশাৰদ  (তাৰমানে, তেতিয়ালৈকে মূলতঃ ভাৰতত সংস্কৃত ভাষাত উপলব্ধ শাস্ত্ৰসমূহক ধৰি); তদুপৰি তেওঁ আছিল ধ্যান, যোগবিদ্যা আদিতো পাৰ্গত। তেওঁৰ সম্পৰ্কত প্ৰচলিত আখ্যানমতে, নিজৰ দেহ ত্যাগ কৰি আনৰ মৃত শৰীৰত প্ৰৱেশ কৰাৰ ক্ষমতাও বোলে তেওঁৰ আছিল। তেখেতৰ জীৱনকালৰ এটা আমোদজনক ঘটনা হ’ল সেই সময়ৰ বিদগ্ধ কৰ্মকাণ্ডী পণ্ডিত মদন মিশ্ৰক বিখ্যাত তৰ্কযুদ্ধত পৰাস্ত কৰাৰ পিচত মিশ্ৰৰ বিদূষী পত্নী উভয়া ভাৰতীয়ে তেওঁক বিতৰ্কলৈ প্ৰত্যাহ্বান জনোৱাটো। কথিত আখ্যানমতে, কেইবাদিনো ধৰি চলা বিতৰ্কৰ অন্তত, উভয়া ভাৰতীয়ে শংকৰাচাৰ্যক যৌনজীৱনৰ ওপৰত প্ৰশ্ন সুধিবলৈ ধৰিলে; বাল ব্ৰহ্মচাৰী শংকৰৰ এই সম্পৰ্কত কোনো জ্ঞান নাছিল। শংকৰাচাৰ্যই তেতিয়া কিছু সময় বিচাৰিলে যাতে তেওঁ এই সম্পৰ্কীয় জ্ঞান আহৰণ কৰি পুনৰ বিতৰ্ক চলাই যাব পাৰে। ইয়াৰ বাবে, প্ৰচলিত আখ্যানমতে (যিটোৰ বিশ্বাসযোগ্যতাৰ কথা কোৱাটো বাহুল্য হ’ব), তেওঁ এজন সদ্যমৃত ৰজাৰ দেহত যোগৰ বলেৰে প্ৰৱেশ কৰি, ৰজাজনক জীয়াই তুলি তেওঁৰ ৰাজকাৰেঙত পত্নীসকলৰ লগত কিছুদিন থাকি যৌনজীৱনৰ জ্ঞান লাভ কৰিলে আৰু তাৰ পিচত পুনৰ তেওঁ উভয়া ভাৰতীৰ লগত তৰ্কযুদ্ধত প্ৰবৃত্ত হৈ বিজয়ী হ’ল। ইয়াতে প্ৰশ্ন উঠাটো স্বাভাৱিক যে যৌনজীৱনৰ বিষয়ে জ্ঞান লাভ কৰাৰ বাবেও শংকৰাচাৰ্যই ধ্যানত নবহিলে কিয়, যদি ধ্যানৰ যোগেদিয়েই সকলো প্ৰকাৰৰ জ্ঞান লাভ কৰিব পাৰি! যৌনজীৱনৰ সলনি শংকৰক সেই সময়ত প্ৰচলিত ধাতুবিদ্যা বা চিকিৎসাশাস্ত্ৰৰ বিষয়ে প্ৰশ্ন কৰা হ’লেও—ধৰি লোৱা হৈছে যে তেওঁৰ এই বিষয়বোৰৰ সম্বন্ধেও জ্ঞান নাছিল—এনে উপায়েৰেই তেওঁ জ্ঞান আহৰণ কৰাৰ প্ৰয়োজন হ’লহেঁতেন!

অৰ্থাৎ বেদান্ত দৰ্শনৰ প্ৰমুখ প্ৰবক্তাজনৰ কামকাজৰ পৰাও প্ৰমাণিত হ’ল যে এই বিশ্ব-ব্ৰহ্মাণ্ডৰ বিষয়ে যিকোনো জ্ঞান আহৰণ কৰাৰ বাবে বৈজ্ঞানিক পদ্ধতিৰ কোনো বিকল্প নাই। যিকোনো জ্ঞানকেই পৰ্যবেক্ষণৰ কষটি শিলত পৰীক্ষা কৰিহে গ্ৰহণ কৰিব পৰা যায়। অৱশ্যে ইয়াত মানুহৰ বিশ্লেষণাত্মক আৰু সংশ্লেষণাত্মক বৌদ্ধিক ক্ষমতাসমূহো দৰকাৰ হয়—পৰ্যবেক্ষণৰ পৰা লব্ধ তথ্যপাতিৰ পৰা বৈজ্ঞানিক তত্ত্ব গঢ় দিবলৈ। পৰ্যবেক্ষণৰ পৰা আহৰণ কৰা তথ্যসমূহক সুসমন্বিত ৰূপত সজাই অদৰকাৰী সবিশেষ বাদ দি প্ৰয়োজনীয় সাধাৰণীকৰণ আৰু সংশ্লেষণৰ যোগেদি বিজ্ঞানৰ নতুন নতুন তত্ত্ব বিকশিত হয়। এই কামত বিজ্ঞানীসকল দীৰ্ঘদিনৰ বাবে অনবৰত লাগি থাকিবলগীয়া হয়; এনে প্ৰচেষ্টা একপ্ৰকাৰ ধ্যানমগ্নতাৰ পৰ্যায়ৰ। কিন্তু এনে ধ্যানমগ্নতা হ’ল বস্তুনিষ্ঠ জ্ঞানৰ ওপৰত।

(৩)

আজিকালি হিন্দুত্ববাদী শিবিৰৰ ফালৰ পৰা, অতীজৰ, মানে, প্ৰাক-ইচলামিক, প্ৰাক-বৃটিছ যুগৰ জ্ঞান-গৰিমাৰ গুণানুকীৰ্তন প্ৰায়ে শুনা যায়। ই একো দোষণীয় কথা হ’ব নোৱাৰে; অৱশ্যে, ভাৰতৰ সংমিশ্ৰিত (composite) জ্ঞান-গৰিমা মানে অকল এটা খণ্ডিত যুগত সীমাবদ্ধ হৈ থাকিব নোৱাৰে। সি যি কি নহওক, ভাৰত প্ৰাচীন জ্ঞান-গৰিমাৰে সমৃদ্ধ এখন দেশ আৰু নতুন ৰাষ্ট্ৰ হিচাপে বিশ্বৰ দৰবাৰত আত্মসন্মান সহকাৰে থিয় হবলৈ এই গৌৰবোজ্জ্বল অতীতৰ জ্ঞান থকা প্ৰয়োজন। গণিত, জ্যোতিৰ্বিজ্ঞান, চিকিৎসাশাস্ত্ৰ, সাহিত্য, ব্যাকৰণ, নাট্যশাস্ত্ৰ, সংগীত আদিৰ ক্ষেত্ৰত আমাৰ দেশে অতীজৰে পৰাই মানৱ সভ্যতালৈ উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে। দৰাচলতে, বেদৰ যুগৰ পৰাই বহু শতাব্দী ধৰি ভাৰতীয় মানুহৰ এটা সুস্থ জীৱনবোধ আছিল আৰু তাৰ ফলতেই জীৱনৰ বিভিন্ন দিশত এনেধৰণৰ সমৃদ্ধ অৱদান আগবঢ়াব পাৰিছিল। বিভিন্ন কাৰণত এনে এক জীৱনমুখী দৃষ্টিভংগী পিচলৈ পুনৰ্জন্ম-পৰলোক তথা মোক্ষ-আধাৰিত এটা জীৱন-বিমুখী দৃষ্টিভংগীলৈ ৰূপান্তৰিত হ’ল, বৰ্ণাশ্ৰম-আধাৰিত জাতপাতৰ ব্যৱস্থা অধিক কটকটীয়া হ’ল আৰু শাৰীৰিক শ্ৰমক অৱজ্ঞাসূচক দৃষ্টিৰে চোৱাৰ নিয়ম হ’ল। ইয়াৰ ফলত, দেশখনৰ সকলো প্ৰগতি ৰুদ্ধ হৈ পৰিল ।

কথা হ’ল, তথ্য-আধাৰিত গৌৰৱ-গাঁথা ঠিকেই আছে; কিন্তু এতিয়া তাক অতিৰঞ্জিত কৰাৰ এক প্ৰৱণতা গা কৰি উঠা দেখা গৈছে। গণেশৰ হাতীৰ মূৰটোৰ উল্লেখ কৰি অতীতত প্লাষ্টিক চাৰ্জাৰীৰ প্ৰচলনৰ কথা, ৰাৱণৰ পুষ্পক ৰথৰ গাত ভৰ দি অতীতত উৰাজাহাজৰ ব্যৱহাৰৰ কথা আদি দেশৰ প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি হিন্দুত্ববাদী শিবিৰৰ বহুতৰ মুখতেই শুনা যায়। এইবিলাকৰ খণ্ডনো অৱশ্যে যোগ্যজনে কৰিছে। ডাৰউইনৰ জৈৱ-বিৱৰ্তনবাদৰ বিৰুদ্ধে বিষোদগাৰো দেশৰ কেবিনেট মন্ত্ৰীকে ধৰি এই শিবিৰৰ অন্য বহুতেই কৰিছে। গোবৰ, গো-মূত্ৰ আদিৰ যতে-ততে ব্যৱহাৰ কৰিবলৈ আহ্বান কৰা প্ৰচাৰৰ ক্ষেত্ৰতো এই শিবিৰ অতি সক্ৰিয়। আধুনিক পদাৰ্থবিজ্ঞানৰ কিছুমান তত্ত্বৰ ক্ষেত্ৰতো এই শিবিৰৰ দাবী হ’ল যে এই তত্ত্বসমূহে বেদ-উপনিষদ আদিত বৰ্ণিত তত্ত্বৰেই পৰিপুষ্টি কৰিছে। অন্য এটা অলপ কমকৈ উল্লেখ কৰা উদাহৰণৰ কথা ইয়াত আলোচনা কৰিব খোজা হৈছে। হিন্দুৰ বিবাহ-পদ্ধতিত প্ৰচলিত এক নিয়মমতে, দৰা-কইনাই সপ্তৰ্ষি মণ্ডলস্থিত বশিষ্ঠ আৰু অৰুন্ধতী নক্ষত্ৰযুগলক এবাৰ দৰ্শন কৰিব লাগে । আধুনিক জ্যোতিৰ্বিজ্ঞানৰ মতে, বশিষ্ঠ আৰু অৰুন্ধতী এনে এক নক্ষত্ৰযুগল যাৰ দুয়োটা নক্ষত্ৰই পৰস্পৰৰ চাৰিওফালে ঘূৰি থাকে; কিন্তু বেছিভাগ নক্ষত্ৰযুগলৰ ক্ষেত্ৰতে, এটা নক্ষত্ৰ মোটামুটি স্থিৰ হৈ থাকে আৰু আনটোৱেহে প্ৰদক্ষিণ কৰি থাকে। গতিকে, বশিষ্ঠ আৰু অৰুন্ধতী নক্ষত্ৰযুগলক দৰা-কইনাই দৰ্শন কৰিব লগা নিয়মটোৰ যোগেদি হিন্দু বিবাহ-পদ্ধতিত পতি-পত্নীৰ সমান অধিকাৰৰ কথা বৰ্ণিত হৈছে বুলি বহুতে ক’বলৈ প্ৰয়াস কৰে; ইয়াৰ লগতে, প্ৰাচীন কালত ভাৰতীয়সকলৰ জ্ঞান অতি উচ্চস্তৰৰ আছিল বুলিও এইসকল প্ৰবক্তাই ক’বলৈ প্ৰয়াস কৰে। কাৰণ প্ৰায় তিৰাশী আলোকবৰ্ষ (এক আলোকবৰ্ষ = পোহৰে এবছৰত অতিক্ৰম কৰিব পৰা দূৰত্ব) দূৰত থকা এই নক্ষত্ৰ দুটাক এক যুগ্ম-নক্ষত্ৰ বুলি চিনাক্ত কৰা আৰু দুয়োটাই পৰস্পৰৰ চাৰিওফালে প্ৰদক্ষিণ কৰা বুলি জ্ঞান আহৰণ কৰাটো বৰ সহজ কথা নহয়। আৰু এনে জ্ঞান অতীজত কেনেকৈ আহৰণ কৰিলে বুলি যদি সোধা হয়, তেতিয়া এই প্ৰবক্তাসকলৰ পৰা কোনো সদুত্তৰ পোৱা নাযায়। এই লেখকে যিমান দূৰ জানে, প্ৰাচীন ভাৰতীয় কোনো শাস্ত্ৰতে বশিষ্ঠ-অৰুন্ধতী যে এযোৰা যুগল-নক্ষত্ৰ আৰু ইহঁত পৰস্পৰৰ চাৰিওফালে প্ৰদক্ষিণৰত—এনে ধৰণৰ দাবী ক’তো পোৱা নাযায়। দৰাচলতে আধুনিক জ্যোতিৰ্বিজ্ঞানৰ এই আৱিষ্কাৰৰ গাতে ভেজা দি আগৰ পৰা চলি অহা এই প্ৰথাক এক মহীয়ান ৰূপত প্ৰকাশ কৰাৰ এটা প্ৰচেষ্টা বুলিহে হয়তো ইয়াক ক’ব পৰা যায়। উত্তৰ আকাশত সহজেই দৃশ্যমান সপ্তৰ্ষিমণ্ডলস্থিত এই দুই নক্ষত্ৰক ওচৰা-ওচৰিকৈ  সদায় দেখা যায় আৰু ইয়াৰ ওপৰতেই ভিত্তি কৰিয়েই হয়তো এই প্ৰথাটোৰ প্ৰচলন হৈছিল।

এনে অমূলক দাবীবিলাকৰ বিৰুদ্ধে সতৰ্ক হৈ থকাৰ দৰকাৰ এই কাৰণেই যে জ্ঞান-আহৰণৰ বাবে বৈজ্ঞানিক পদ্ধতিক নাকচ কৰি অন্য বিকল্প পদ্ধতিও (যেনে, ধ্যান আদি) সম্ভৱপৰ বুলি এটা শিবিৰে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰি আছে; ই এক বিপথগামী প্ৰচেষ্টা।

(৪)

শেষত, বিভিন্ন মহলৰ পৰা ত্ৰিকালদৰ্শী সৰ্বজ্ঞতাৰ (বা বুদ্ধত্বৰ) যি দাবী কৰা হয়, সেয়া সম্ভৱপৰ বুলি মানি লবলৈ কোনো ভিত্তি আমি এতিয়ালৈকে দেখা পোৱা নাই। তদুপৰি এনে দাবী মানি ল’লে জ্ঞান সীমিত বা শেষণীয় (exhaustible) বুলিও মানি ল’ব লাগিব। কিন্তু এতিয়ালৈকে হোৱা সকলো ক্ৰমবিকাশেই দেখুৱায় যে জ্ঞান দৰাচলতে অনন্ত আৰু অনিঃশেষণীয়; এই কথা ভাবিবই নোৱাৰি যে ভৱিষ্যতে এনে এটা দিন আহিব যেতিয়া ব্যক্তিগতভাৱে বা সমূহীয়াভাৱে সকলো জ্ঞানৰ অধিকাৰী হোৱাটো সম্ভৱপৰ হৈ উঠিব। মানুহতকৈ হাজাৰগুণে উন্নত সভ্যতাও যদি বিশ্ব-ব্ৰহ্মাণ্ডৰ কৰবাত আছে, তেওঁলোকৰো জ্ঞান-অন্বেষণৰ অবিৰত যাত্ৰা নিশ্চয় চলি আছে আৰু চলি থাকিব। চৰৈৱেতি, চৰৈৱেতি (ঐতৰেয় ব্ৰাহ্মণত উল্লিখিত এই শ্লোকাংশৰ অৰ্থ হ’ল: গৈ থাকা, গৈ থাকা )।

Leave a Reply

Your email address will not be published. Required fields are marked *