ব্যক্তিকেন্দ্ৰিকতা বনাম সমষ্টিগত ঐক্য ।। ভবেশ নাথ
দেশ, জাতি, ভাষা, ধৰ্ম আধুনিক মানৱ-সভ্যতাৰ সৈতে জড়িত যিবোৰ বিমূৰ্ত ধাৰণাক কেন্দ্ৰ কৰি আজি আমি জীয়াই আছোঁ, এই সকলোবোৰৰ পৰিভাষা বা ধাৰণা কোনো প্ৰকাৰেই এককেন্দ্ৰিক নহয়। প্ৰতিটো শব্দই মানুহৰ সমষ্টিগত চেতনা বা চিন্তাকহে প্ৰতিনিধিত্ব কৰে ।। মুক্ত চিন্তা, দশম বছৰ, দ্বিতীয় সংখ্যা, চেপ্টেম্বৰ, ২০২৪ ।।
পৃথিৱীত মানুহৰ উদ্ভৱৰ পৰা আৰম্ভ কৰি আজিৰ এই পৰ্যায়লৈ সামগ্ৰিকভাৱে মানুহৰ বিকাশৰ ইতিহাসটো যদি আমি অধ্যয়ন কৰোঁ, তেন্তে দেখিম যে মানুহৰ এই বিকাশৰ প্ৰক্ৰিয়াটো কেতিয়াও এককেন্দ্ৰিকভাৱে সম্ভৱপৰ হৈ উঠা নাছিল। আজিৰ পৰা প্ৰায় হাজাৰ হাজাৰ বছৰ পূৰ্বে যেতিয়া মানুহে এই পৃথিৱীত নিজকে জীয়াই ৰখাৰ স্বাৰ্থত সংগ্ৰাম কৰিবলগা হৈছিল, সেই সংগ্ৰামৰ পটভূমি মানুহে নিৰ্মাণ কৰি লৈছিল সমষ্টিগত ঐক্যৰ জৰিয়তেহে। উদাহৰণস্বৰূপে আদিম মানুহৰ চিকাৰী জীৱনৰ কথাটোৱে আমি আলোচনালৈ আনিব পাৰোঁ। অকলে এজন মানুহে চিকাৰ কৰি সেই সময়ত পৃথিৱীখনত নিজক জীয়াই ৰখাটো মানুহ এজনৰ বাবে একেবাৰেই অসম্ভৱ কথা আছিল। কাৰণ অকলে চিকাৰ কৰাৰ সক্ষমতা সেই সময়ত মানুহে আয়ত্ব কৰাটো তেওঁলোকৰ চিন্তাৰ বাহিৰত আছিল। সেইবাবেই আদিম মানুহে চিকাৰ কৰাৰ প্ৰক্ৰিয়াটো সাৰ্থক কৰি তুলিবলৈ সমষ্টিগত বা দলগতভাৱে থাকিবলৈ লৈছিল। এই যে সমষ্টিগতভাৱে আদিম মানুহে এটা দলত জীৱন নিৰ্বাহ কৰিবলৈ আৰম্ভ কৰিছিল, চিকাৰ কৰাৰ স্বাৰ্থত নিজক জীয়াই ৰাখিবলৈ; সেয়াই আছিল মানুহে সমাজ পাতি বাস কৰাৰ প্ৰাৰম্ভিক প্ৰক্ৰিয়া। পৰৱৰ্তী সময়ত কৃষি কাৰ্য কৰিবলৈ যেতিয়া মানুহে আৰম্ভ কৰিলে, স্থায়ীভাৱে সমাজ পাতি বাস কৰাৰ প্ৰক্ৰিয়াটোৱে এক নতুন ৰূপ পালে। অৰ্থাৎ আদিম মানৱ সমাজখনৰ উত্তোৰণৰ প্ৰক্ৰিয়াটো এককেন্দ্ৰিক এক প্ৰক্ৰিয়া নাছিল। সমষ্টিগত প্ৰক্ৰিয়াৰ সামগ্ৰিক বিকাশৰ জৰিয়তেহে প্ৰতিজন মানুহ সেই সময়ত নিজকে এই পৃথিৱীত জীয়াই ৰাখিবলৈ সক্ষম হৈছিল। আজিও যদি আমি নিজকে বিশ্লেষণ কৰি চাওঁ, তেতিয়াহ’লে বুজিম যে মানুহ হিচাপে এই সমাজখনত এককেন্দ্ৰিকভাৱে জীয়াই থাকিব পৰাটো কোনোধৰণেই সম্ভৱপৰ নহয়। দেশ, জাতি, ভাষা, ধৰ্ম আধুনিক মানৱ-সভ্যতাৰ সৈতে জড়িত যিবোৰ বিমূৰ্ত ধাৰণাক কেন্দ্ৰ কৰি আজি আমি জীয়াই আছোঁ, এই সকলোবোৰৰ পৰিভাষা বা ধাৰণা কোনো প্ৰকাৰেই এককেন্দ্ৰিক নহয়। প্ৰতিটো শব্দই মানুহৰ সমষ্টিগত চেতনা বা চিন্তাকহে প্ৰতিনিধিত্ব কৰে।
কিন্তু মানুহৰ বিকাশৰ প্ৰক্ৰিয়াটোক আজিৰ প্ৰচলিত ব্যৱস্থাই অৰ্থাৎ প্ৰত্যক্ষভাৱে ক’বলৈ গ’লে পুঁজিবাদে বেলেগধৰণে প্ৰতিফলিত কৰিব বিচাৰে। পুঁজিবাদে কয়, “ব্যক্তিসত্বাৰ বিকাশৰ মাজেৰে সামাজিক উত্তৰণৰ পটভূমি নিৰ্মিত কৰা”। ইয়াৰ বিপৰীতে, “সামাজিক উত্তৰণৰ পটভূমি নিৰ্মাণৰ মাজেৰে ব্যক্তিসত্তাৰ বিকাশ কৰা”। কোনে কয়? সমাজবাদে।
এই দুয়োটা কথাৰেই আলোচনা কৰোঁ আহক একেবাৰেই সংক্ষিপ্ত ৰূপত।
উদাহৰণস্বৰূপে আপুনি জন্ম যে পালে— ইয়াত কেৱল এজন ব্যক্তিৰ ভূমিকা আছে নে দুজন ব্যক্তিৰ? আপুনি অকলে এজন ‘মানুহ’-ৰ জন্ম দিব পাৰে নে আপোনাৰ লগত আন এজন ব্যক্তিৰ সহযোগিতাৰ কথা আহি পৰে? আপুনি এজন ‘মানুহ’-ৰ জন্ম দিয়া প্ৰক্ৰিয়াটোত আপুনি কেৱল এজন ব্যক্তিৰ অৰ্থাৎ আপোনাৰ নিজস্ব ব্যক্তিসত্বাৰ ভূমিকাকেই স্বীকাৰ কৰিব নোৱাৰে। কাৰণ এজন ‘মানুহ’ জন্ম দিয়া প্ৰক্ৰিয়াটোত আপুনি পুৰুষ বা মহিলা যিয়েই নহওক আপোনাক অন্য এজন সহযোগীৰ প্ৰয়োজন হ’বই। অৰ্থাৎ এজন নহয় দুজন ব্যক্তিৰ সহযোগিতাতহে আপুনি এজন নতুন ‘মানুহ’ জন্ম দিব পাৰিব। অৰ্থাৎ ব্যক্তি হিচাপে আপুনি আপোনাৰ ব্যক্তিসত্বাৰ (অৰ্থাৎ আপুনি নতুন ‘মানুহ’ এজন জন্ম দিয়াৰ দক্ষতাটোক যদি এককেন্দ্ৰিক বুলি ভাবি নিজেই নিজৰ বিকাশৰ প্ৰশ্নটোক মহিমামণ্ডিত কৰিব যায়) তেনেহ’লে সেয়া অসম্ভৱ। নতুন মানুহ এজন জন্ম দিয়াৰ প্ৰক্ৰিয়াটোত আপুনি আন এজন মানুহৰ সহযোগী হ’বই লাগিব। অৰ্থাৎ দুজন মানুহৰ সহযোগিতাতহে এজন নতুন মানুহৰ সৃষ্টি সম্ভৱ। এই যে দুজন মানুহৰ ধাৰণ সেই প্ৰক্ৰিয়াটোত আহি গ’ল, সেয়াই হৈছে সামাজিক উত্তৰণৰ জৰিয়তে (এজন মানুহ + আন এজন মানুহ) ব্যক্তিসত্তাৰ বিকাশ। এজন নতুন মানুহৰ সৃষ্টিৰ ক্ষেত্ৰত দুজন মানুহৰ পৃথক ব্যক্তিসত্বাৰ বিকাশ হ’লেহে সেয়া সম্ভৱ হৈ উঠে। একেবাৰেই সাধাৰণ ভাষাত আপোনাৰ জন্ম এককেন্দ্ৰিকভাৱে সম্ভৱপৰ নহয়, এয়া সম্ভৱপৰ হয় দুজন মানুহ অৰ্থাৎ সমষ্টিগত ঐক্যবদ্ধ প্ৰয়াসৰ ফলস্বৰূপেহে (যিটো কথাক আমি ওপৰত আলোচনা কৰা আদিম মানুহৰ চিকাৰ প্ৰক্ৰিয়া সম্ভৱপৰ কৰি তুলিবলৈ মানুহে কৰা সমষ্টিগত বা ঐক্যবদ্ধ প্ৰয়াসৰ সৈতে তুলনা কৰিব পাৰোঁ)। আপোনাৰ জন্মই যেতিয়া সমষ্টিগত ঐক্যৰ প্ৰতিফলন, আপুনি কেনেকৈ এককেন্দ্ৰিক অৰ্থাৎ ব্যক্তিকেন্দ্ৰিক চেতনাৰে নিজৰ বিকাশৰ প্ৰশ্নৰ কথা ভাবিব পাৰে? আন এক উদাহৰণ— আপুনি যে জন্ম পালে, তাৰ চৌপাশৰ পৰিৱেশে নিশ্চয় আপোনাক প্ৰভাৱিত কৰে। এইটো মই কোৱা কথা নহয়— Realistic theory, Naturalism theory, Pragmatism theory আদি শিক্ষাৰ যিবোৰ তত্ত্ব আৰু দৰ্শন আছে, সেই সকলোবোৰ তত্ত্ব বা দৰ্শনত এই কথা কোৱা হয় যে শিশুৰ বিকাশৰ ক্ষেত্ৰত তাৰ চাৰিওফালৰ পৰিৱেশৰ প্ৰভাৱ আছে। এই সমষ্টিগত প্ৰভাৱৰ প্ৰতিফলন শিশুটোৰ ওপৰত পৰে আৰু তাৰ মাজেৰেই শাৰীৰিক, আৱেগিক, মানসিক আদি সকলোবোৰৰ বিকাশ হয় শিশুটোৰ। এতিয়া আপুনি নিজকেই প্ৰশ্ন কৰকচোন! আজি আপুনি এজন পৰিপক্ব মানুহ হিচাপে গঢ়ি উঠাৰ ক্ষেত্ৰত আপোনাক সহায় কৰা উপাদানবোৰ সমষ্টিগত নে ব্যক্তিকেন্দ্ৰিক? আপুনি আপোনাৰ পৰিয়ালটোৰ কথাকেই ভাবক। পৰিয়াল নিশ্চয় এজন ব্যক্তিৰ আলমত গঢ় লৈ নুঠে। মা-দেউতা, ককা-আইতা, ভাই-ভনী আদি বিভিন্নজন ব্যক্তিৰ সমষ্টিগত প্ৰতিফলন হৈছে পৰিয়াল। এই পৰিয়ালৰ সামগ্ৰিক প্ৰভাৱৰ মাজেৰেই আজি ব্যক্তি হিচাপে আপুনি পৰিপক্ব এজন মানুহ। অৰ্থাৎ জন্ম পালে আপুনি সমষ্টিগত ঐক্যৰ বিনিময়ত, বিকশিত হ’ল সমষ্টিগত পৰিয়ালৰ বিনিময়ত; আকৌ ভুল-শুদ্ধ, ভাল-বেয়া; আপোনাৰ আৱেগিক বিকাশ, সিদ্ধান্ত গ্ৰহণৰ মানসিকতা এইবোৰ গঢ় দিলে আপোনাৰ ওচৰৰ সমষ্টিগতভাৱে গঢ় লোৱা সমাজখনে। তেতিয়াহ’লে আপুনি কোন দিনা বাৰু এককেন্দ্ৰিক চেতনাৰে বিকশিত হোৱা মানুহ আছিল? যদি নাছিলেই তেনেহ’লে সমষ্টিগত চেতনাৰে নিজক বিকশাই তোলা প্ৰশ্নটোক এৰি আপুনি ব্যক্তিকেন্দ্ৰিক চেতনাৰে নিজক বিকশাই তোলাৰ প্ৰশ্নটোক কেনেকৈ অগ্ৰাধিকাৰ দিয়ে! কিন্তু এতিয়াৰ সমাজখনে বিশেষকৈ পুঁজিবাদে আপোনাৰ ওচৰত এখন এনেকুৱা পৃথিৱী তৈয়াৰ কৰি দিছে যে বহুক্ষেত্ৰত আপুনি ভাবে যে ব্যক্তিসত্তাৰ বিকাশেই আচল আৰু শুদ্ধ কথা। কিন্তু আপুনি গভীৰভাৱে ভাবিলে দেখিব যে এই পৃথিৱীত, এই মহাবিশ্বত আপুনি ক্ষুদ্ৰৰো ক্ষুদ্র এক বিন্দু মাথো। আজি মানৱ-সভ্যতাই এইখিনি পৰ্যায়লৈ অহাৰ মূল কৃতিত্ব কিন্তু সমষ্টিগত চেতনাৰ উত্তৰণৰ বাবে ব্যক্তিয়ে কৰা নি:স্বাৰ্থ সেৱা।
ওপৰত তেনেই সংক্ষিপ্ত ৰূপত আদিম মানৱ-সমাজখনৰ পৰাই যে সামাজিক উত্তৰণৰ মাজেৰেহে মানুহৰ বিকাশ সম্ভৱ হৈ উঠিছিল, সেয়া আলোচনা কৰা হৈছে। আজি বিজ্ঞানৰ তত্ত্ববোৰ—আৰ্কিমিডিছ, আইনষ্টাইন, হকিং, ৰামানুজন, ফাইনমেন, এডিছন যাৰ নেতৃত্বতেই গঢ় লৈ নুঠক কিয়, তেওঁলোকে এইবোৰ নিজৰ বিকাশৰ বাবে কৰা নাছিল। এডিছনে নিজৰ ৰুমটোক পোহৰাবলৈ বাল্বৰ আৱিষ্কাৰ কৰা নাছিল, বাল্বৰ আৱিষ্কাৰ হৈছিল যাতে পৃথিৱীৰ মানৱ-সমাজে পোহৰত থাকিব পাৰে। নিউটনে মাধ্যাকৰ্ষণ শক্তি নিজৰ বিকাশৰ বাবে আৱিষ্কাৰ কৰা নাছিল, সামগ্ৰিকভাৱে মানৱ-সমাজৰ উত্তৰণৰ প্ৰশ্ন ইয়াত জড়িত হৈ আছে। সেইকাৰণে আমি কওঁ যে সামাজিক উত্তৰণ অবিহনে ব্যক্তিসত্তাৰ বিকাশ মূল্যহীন। আদিম মানৱ-সমাজখনৰ পৰা আজিৰ আধুনিক মানৱ-সমাজলৈ মানৱ-সভ্যতাৰ বিকাশৰ যি প্ৰক্ৰিয়া এয়া কোনো দিনেই ব্যক্তিকেন্দ্ৰিক চেতনাৰে উজ্জীৱিত নাছিল। যদি মানুহে সমষ্টিগত চেতনাৰে আগ নাবাঢ়িলহেতেন হয়তো আজিৰ এই আধুনিক মানৱ-সভ্যতাৰ ছবিখন আমি নাপালোঁহেতেন। বিষয়টো যথেষ্ট গভীৰ আৰু দীঘলীয়া। আশা কৰোঁ সুধী সমাজে ইয়াৰ ওপৰত অধিক চিন্তা-চৰ্চাৰ বাট মুকলি কৰিব।